অকণিৰ বুৰঞ্জী মেলত ভগদত্ত চৰ্চা: পৰেশ বৈশ্য ফাউণ্ডেচনৰ ব্যতিক্ৰমী প্ৰয়াস

শুৱালকুছি, ২০ মে: “হাতীৰে যুদ্ধ কৰাত ভগদত্তৰ সমকক্ষ বীৰ ভাৰস্তত নাছিল। মহাভাৰতৰ যুদ্ধৰ সময়ত এই কথা ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত অকপটে স্বীকাৰ কৰিছিল। প্ৰাগজ্যোতিষেশ্বৰ ভগদত্ত আছিল বিশ্বৰ অপ্ৰতিদ্বন্দ্বী হস্তীযোদ্ধা।”– আজি পৰেশ বৈশ্য ফাউণ্ডেচনৰ পোহৰ বিদ্যালয়ৰ উদ্যোগত শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ” অকণিৰ বুৰঞ্জী মেল” খন উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই এইদৰে কয়।
‘প্ৰাগজ্যোতিষৰ ৰজা ভগদত্ত ‘ শীৰ্ষক বিষয় লৈ অনুষ্ঠিত কৰা এই বুৰঞ্জী মেলত তেওঁ আৰু কয় যে ভগদত্তৰ সুপ্ৰতীক নামৰ হাতীটোৰ আগত বিশ্বৰ কোনো বীৰেই তিষ্ঠি থাকিব পৰা নাছিল। মহাভাৰতৰ যুদ্ধত নিজৰ কন্যা ভানুমতীক দুৰ্যোধনলৈ বিয়া দিয়াৰ সূত্ৰে কৌৰৱৰ পক্ষ লোৱা ভগদত্তক যুদ্ধৰ তেৰ দিনৰ দিনাহে শ্ৰীকৃষ্ণৰ আশীষধন্য হৈ অৰ্জুনে বধ কৰিবলৈ সক্ষম হৈছিল।
ভগদত্তৰ এই বীৰগাথাঁ অসমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ অন্যতম চানেকি।
বুৰঞ্জী মেলত আলোচক হিচাপে ভাগ লোৱা শিক্ষাৰ্থীসকলে প্ৰাগজ্যোতিষৰ ৰজা ভগদত্তই জীয়েক ভানুমতীৰ সয়ম্বৰত গুৱাহাটীত দীঘলী পুখুৰী নিৰ্মাণ কৰা, মহাভাৰতৰ যুদ্ধত ভীম, যুধিষ্ঠিৰ, ঘটোৎকচ, মৎস্যপতি বিৰাট আদিক কিদৰে বীৰত্বৰে পৰাভূত কৰিছিল সেই বিষয়ে আলোকপাত কৰে।
ভগদত্ত এসময়ত যে অৰ্জুনৰ পিতৃৰ মিত্ৰ আছিল আৰু ইন্দ্ৰৰ সখা আছিল তাকো উল্লেখ কৰে।
ছাত্ৰী উদ্দীপ্তা ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত এই অকণিৰ বুৰঞ্জী মেলত অংশগ্ৰহণ কৰা পঞ্চম শ্ৰেণীৰ আন শিক্ষাৰ্থী সকল হ’ল ক্ৰমে উদ্দীপ্তা ৰাজবংশী, অংকিতা কলিতা, অনিন্দিতা মেধি,দিয়া দাস, উমামণি ৰাভা আৰু মানসী দাস ।

বুৰঞ্জী মেলৰ পিছত বিদ্যালয়খনৰ কেইগৰাকীমান শিক্ষাৰ্থীয়ে একে বিষয়ৰ নামৰ এখনি চুটি নাট প্ৰদৰ্শন কৰি সকলোকে অভিভূত কৰে।
আৰম্ভণিতে শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালী বৈশ্যই পৰেশ বৈশ্য ফাউণ্ডেচনৰ এনে ব্যতিক্ৰমী প্ৰয়াসে ছাত্ৰ – ছাত্ৰীৰ মাজত ইতিহাস চেতনা জাগ্ৰত কৰাত বিশেষ সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে।
এই অনুষ্ঠানতেই শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ক পৰেশ বৈশ্য ফাউণ্ডেচনৰ পোহৰ বিদ্যালয় হিচাপে স্বীকৃতিৰ প্ৰমাণ- পত্ৰ প্ৰদান কৰা হয়।

অনুষ্ঠানত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত দাস প্ৰমুখ্যে ভালে সংখ্যক অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকি ছাত্ৰীসকলৰ এই মনোজ্ঞ অনুষ্ঠান উপভোগ কৰে।
উল্লেখযোগ্য যে অসমৰ এশখন বিদ্যালয়ত অসম বুৰঞ্জীৰ বিভিন্ন বিষয় লৈ পৰেশ বৈশ্য ফাউণ্ডেচনে এই কাৰ্যসূচী ৰূপায়ণৰ এক আঁচনি গ্ৰহণ কৰিছে। ন্যাসৰ এই প্ৰয়াস সৰ্বত্ৰ প্ৰশংসিত হৈছে।
20-05-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)