• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অকাল মৃত্যু আৰু সংগ্ৰাম

by Anjan Sarma
December 10, 2022
in Special Report
Reading Time: 4 mins read
0
অকাল মৃত্যু আৰু সংগ্ৰাম
Share on FacebookShare on TwitterShare on LinkedIn

অকাল মৃত্যু আৰু সংগ্ৰাম

অঞ্জন শৰ্মা

Anjan Sarma
অঞ্জন শৰ্মা

অকাল মৃত্যু আৰু সংগ্ৰাম!

[১৯৮৩ চনৰ জুলাই মাহত ‍‘মহাবাহু’ত প্ৰকাশ পোৱা প্ৰৱন্ধটো নতুন-পুৰুষলৈ বুলি পুনৰ আগবঢ়ালো—অসম আন্দোলনৰ সামান্য এচেৰেঙা পোহৰেৰে আলোকিত হওক বুলিয়েই।]

গুৱাহাটীৰ জজ খেলপথাৰত সদৌ অসম ভিত্তিত কেন্দ্ৰীয় গণসমাৱেশ, এদল এদলকৈ মানুহ আহিছে, সমৱেত হৈছে জজ খেলপথাৰত, তিলমানো নাই ঠাই, ইতিমধ্যে আৰম্ভ হৈ গৈছে বক্তৃতা, নিৰৱে মানুহে শুনিছে, শুনি গৈছে, দেখা কথা শুনি গৈছে—অসমলৈ হাজাৰে হাজাৰে বিদেশী আহিছে, অবৈধভাৱে আহিছে, বাংলাদেশৰপৰা আহিছে, নেপালৰপৰা আহিছে, নাম ভৰাইছে ভোটাৰ তালিকাত, বে-দখল কৰিছে মাটি, লভিছে নাগৰিকত্ব; শুনি গৈছে মানুহে—অসমত অবৈধ বিদেশী থাকিব নোৱাৰে, অবৈধ বিদেশীয়ে ভোট দিব নোৱাৰে, আনকি ভাৰতীয় সংবিধানেও কৈছে ভোট দিব নোৱাৰে অবৈধ বিদেশীয়ে, থাকিবও নোৱাৰে, অবৈধ বিদেশী অসমৰপৰা যাবলৈ বাধ্য, যাবই লাগিব, শুনি গৈছে মানুহে, শুনি গৈছে—অসমত থকা অবৈধ বিদেশীক চৰকাৰে চিনাক্তকৰণ কৰিব লাগে, ভোটাৰ তালিকাৰপৰা অবৈধ বিদেশীৰ নাম খাৰিজ কৰিব লাগে, অসমৰপৰা অবৈধ বিদেশীক অবিলম্বে বহিষ্কাৰ কৰিব লাগে, কাণ পাতি শুনি গৈছে জজ খেলপথাৰৰ মানুহে, বুজিছে, ভালদৰেই বুজিছে, সমর্থন জনাইছে, দিছে চাপৰিয়ে চাপৰিয়ে হাতচাপৰি, পিছদিনা বাতৰি-কাকতত ওলাইছে ডাঙৰ ডাঙৰ হৰফেৰে গণ-সমাৱেশৰ বাতৰি; আন্দোলন, গণ-আন্দোলন, হাজাৰ-বিজাৰ মানুহ আহিছে, লাখে লাখে মানুহ আহিছে বিভিন্ন ঠাইৰপৰা, নগৰৰ গলিবোৰৰপৰা, গাঁৱৰ চুবাবোৰৰপৰা, সত্যাগ্ৰহ, গণ-সত্যাগ্ৰহ, বিৰ দি বাট পাবলৈ নাই, কি অভূতপূৰ্ব ঐতিহাসিক গণ-সত্যাগ্ৰহ, কি বিৰাট বিৰাট মিছিল, শ্ল’গান দিছে হৰদম্—অসমৰপৰা বিদেশী নাগৰিক বহিষ্কাৰ কৰক, ভোটাৰ তালিকাৰপৰা অবৈধ বিদেশীৰ নাম বাদ দিয়ক, অবৈধ বিদেশীৰ নামেৰে ঠাহ খাই থকা ভোটাৰ তালিকাৰে অসমত নিৰ্বাচন অনুষ্ঠিত কৰাটো বন্ধ কৰক; ভাৰত চৰকাৰো দৃঢ়, ব্ৰহ্মদৃঢ়, নিৰ্বাচন হ’বই, হ’বই নিৰ্বাচন; সংগ্ৰামী জনতাও দৃঢ়, নিৰ্বাচন নহ’ব, হ’ব নোৱাৰিব; আন্দোলন, পিকেটিং, নিৰ্বাচনী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলত বাধাদান, অকাল মৃত্যু, খৰ্গেশ্বৰ তালুকদাৰৰ অকাল মৃত্যু, আন্দোলন, মৃত্যুসংকল্প দিৱস, অসহযোগ আন্দোলন, খৰ্গেশ্বৰৰ আদ্যশ্ৰাদ্ধ, অসহযোগ, ৮৫ ঘণ্টীয়া অসম বন্ধ, মাত্ৰ দুটা সমষ্টিতহে নিৰ্বাচন হ’ল, লোকসভাৰ নিৰ্বাচন, বাকীবোৰত নহ’ল, আন্দোলন, আন্দোলন, গণ-আন্দোলন, তৈলক্ষেত্ৰ অৱৰোধ, উত্তৰ কামৰূপৰ নলবাৰী মহকুমাত অসভ্য ভাৰতীয় সৈন্যৰ নাৰীধৰ্ষণ, নাৰী নিৰ্যাতন, প্ৰতিবাদ দিৱস, হঠাৎ বতৰা আহিছে হিলদল ভাঙি—ঝাঁক ঝাঁক গুলীবৰ্ষণ তেলনগৰী দুলীয়াজানত, মৃত্যু, মৃত্যু, অকাল মৃত্যু, আঘাত, গুলীৰ আঘাত, উফৰি গৈছে দ্ৰোণকান্ত দাসৰ যৌনাংগ…চিকিৎসালয়ৰ ভিতৰ সোমাই গাৰ নোম শিয়ৰি উঠিছে, ইমান নিৰ্মম, ইমান বৰ্বৰ, মূৰত গুলী, হাতত গুলী, আঁঠুত গুলী, তপিনাত গুলী, সকলোতে গুলী, মাথোঁ গুলী, গুলী, তেজ, যন্ত্ৰণাত মানুহে কেঁকাইছে, বাতৰি-কাকতত ওলাইছে ‍‘তেজৰ নগৰী’ দুলীয়াজানৰ নিৰ্মম বতৰা, ওলাইছে উত্তৰ কামৰূপৰ নাৰীধৰ্ষণৰ বতৰা, ৮ বছৰীয়া ভণ্টি ৰীণা হাজৰিকাই কৈছে—তাইক মিলিটাৰীয়ে কি অত্যাচাৰ কৰিছে, কৈছে ৮৫ বছৰীয়া আইতা দৈব্য ডেকাই, কৈছে বহু নাৰীয়ে—কিদৰে মিলিটাৰীয়ে হৰিলে তেওঁলোকৰ সুৰক্ষিত সতীত্ব; আন্দোলন, উত্তৰ কামৰূপ-দুলীয়াজানৰ নিৰ্যাতিতসকলৰ সহানুভূতিত ক’লা দিৱস, পতাকা দিৱস, গণতন্ত্ৰ দিৱস বৰ্জন, সুকীয়াকৈ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী পালন, গণ-অনশন, আদ্যশ্ৰাদ্ধ পালন, আন্দোলন সফল হ’বই লাগিব, চাৰিওপিনে যেন মাথোঁ ‍‘পোহৰ’, ভুটুংকৈ তেনেতে আহিছে খবৰ—হ’ব আলোচনা, ‍‘পোহৰ’ৰ মাজতে উজ্জ্বল আশা—দিল্লী আলোচনা; আন্দোলন, অনিৰ্দিষ্ট কাললৈ গণ-সত্যাগ্ৰহ, অসমত অশান্ত অঞ্চল ঘোষণা, ইন্দিৰা গান্ধীৰ অসম ভ্ৰমণ, ইন্দিৰা গান্ধীৰ লগত পুনৰ আলোচনা ব্যৰ্থ, আলোচনা বাৰম্বাৰ ব্যৰ্থ, গুৱাহাটীত সান্ধ্য আইন, আন্দোলন, চৰকাৰৰ সান্ধ্য আইন, হঠাৎ, হঠাৎ উত্তাল সমুদ্ৰৰ দৰে মৰিয়া হৈ ওলাই আহিছে আইন অমান্যকাৰী লক্ষ লক্ষ জনতাৰ বিৰাট বিৰাট স্বতঃস্ফূৰ্ত ঢৌ, উটি গৈছে ৰজাঘৰৰ সান্ধ্য আইন, আন্দোলন, আন্দোলনৰ বিভিন্ন কাৰ্যসূচী, চিন্তাৰ আঁত হেৰাই যায়, তাৰ পিছত কি হৈছিল, কোনটো আগত, কোনটো পিছত, সকলোবোৰ মনত নাথাকে মানুহৰ, মানুহ-মানুহ, মানুহ অত্যাধুনিক কম্পিউটাৰ নহয়; আন্দোলনৰ বিভিন্ন কাৰ্যসূচী, পিকেটিং, ৰণশিঙা দিৱস—ঢোল, খোল, মৃদংগ, পেঁপা, চাইকেলৰ বেল, ঘণ্টা, শংখ, বিস্কুটৰ টিং, ম’হৰ শিঙা, হুইছেল, মটৰৰ হৰ্ন, হাৰমনিয়াম, গীটাৰ আদিৰ কাণ কঁপোৱা খিচিমিচি বিৰাট কোৰ্হাল, সেয়াই ৰণশিঙা দিৱস—ৰজনজনাই গৈছে সমগ্ৰ অসম, মানুহ উদ্বেল—ৰণ হ’ব, ৰণ হ’ব, ৰণশিঙা বজাবলৈ ছাত্ৰ সন্থা আৰু গণ-সংগ্ৰাম পৰিষদে এনেয়ে নকয়, ৰণ হ’বই; অসহযোগ, চাইকেলেৰে শোভাযাত্ৰা, শান্তি-সম্প্ৰীতি দিৱস, ক’লাবেজ পৰিধান, ৰণ হ’ব, ৰণ হ’ব, হাতত জোঁৰ লৈ শোভাযাত্ৰা—সৰ্বত্ৰ জুইশিখাৰ জলমল পোহৰ, হাতবোৰ উঠিছে-নামিছে, উঠিছে-নামিছে, শ্ল’গানেৰে মুখৰিত হৈছে বতাহ—এই জুই জ্বলিছে, জ্বলিবই, এই জুই জ্বলিছে, জ্বলিবই, অসম বন্ধ, অসহযোগ, সৰ্বাত্মক অসহযোগ, অনশন, স্বেচ্ছাসেৱক বাহিনী গঠন—ৰাতিপুৱা ৰাতিপুৱা স্বেচ্ছাসেৱকৰ কি দৌৰ, কি কুচকাৱাজ, কি নিয়মানুৱৰ্তিতা (!!), কৰ্মচাৰী নিৰ্যাতন, কৰ্মচাৰী নিৰ্যাতনবিৰোধী দিৱস, তাম্ৰপত্ৰ প্ৰত্যৰ্পণ, দিনে-নিশাই আকাশবাণী কেন্দ্ৰত পিকেটিং, সমন্বয় সপ্তাহ, ছাত্ৰ সংহতি দিৱস, ষড়যন্ত্ৰবিৰোধী সপ্তাহ, ৰাষ্ট্ৰপতিৰ শাসন ৬ মাহলৈ বৃদ্ধি, কৰ্মচাৰীৰ ঐক্য-সংহতি সপ্তাহ, আত্মৰক্ষা দিৱস, অসম বন্ধ, স্কুল-কলেজ বন্ধ, দোৰেন্দ্ৰ সিঙৰ আৱিৰ্ভাৱ, দোৰেন্দ্ৰ সিঙৰ লগত আলোচনা, মাক’ৱানাৰ আৱিৰ্ভাৱ, মাক’ৱানাৰ লগতো মকমকনি, আলোচনা, পুনৰ দিল্লী আলোচনা, দিল্লী আলোচনা ব্যৰ্থ, পুনৰ দিল্লী আলোচনা, পুনৰ দিল্লী আলোচনা ব্যৰ্থ, অসম বন্ধ, দিছপুৰ চলো, আদ্যশ্ৰাদ্ধ, কটনৰ ছাত্ৰাৱাসত চি-আৰ-পিৰ নিৰ্মম অত্যাচাৰ, পাঁচশৰো অধিক গ্ৰেপ্তাৰ, যোৰহাট-ডিগবৈত পুলিচৰ সন্ত্ৰাস, নাহৰকটীয়াত, শিৱসাগৰত, নলবাৰীত, বহুতত; আলোচনা, দিল্লী আলোচনা, আহিছে, গৈছে, আহিছে, গৈছে, মানুহে ভাবিছে—কিবা হ’ব ,কিবা এটা হ’ব, একো নহ’ল, একো এটা নহ’ল, তথাপি চলিছে দিল্লী আলোচনা, মানুহ ৰৈ আছে, বাতৰি-কাকতে সম্ভাৱনা দেখিছে ‍‘দিল্লী আলোচনা সফল হ’ব, দিল্লী আলোচনা সফল হ’ব, একো হোৱা নাই, আহ-যাহ, আহ-যাহ, আহ-যাহ, মাছ বজাৰৰ দৰ-দাম, ’৫১ নে ৭১, ’৫১ নে ৭১, আন্দোলন, অসম বন্ধ, প্ৰতিবাদ দিৱস, গুলীচালনা, মৃত্যু, ‍‘সংখ্যালঘু’ৰ আক্ৰমণত মৃত্যু, অকাল মৃত্যু, দিল্লী আলোচনা, আন্দোলন যেন সেমেকিছে, দুৰ্গাপূজা, ফাকুৱা, শিৱৰাত্ৰি, ঝুলনযাত্ৰা, বিশ্বকৰ্মা পূজা, লক্ষ্মী পূজা, সৰস্বতী পূজা, খেল, ফুটবল খেল, ক্ৰিকেট খেল, জুৱাখেল (…ৰিণিকি ৰিণিকি মনত পৰে দুলীয়াজান), তীৰখেল (…খৰ্গেশ্বৰৰ শ্ৰাদ্ধ কেতিয়াবাই গ’ল), ৰঙালী বিহু—মঞ্চত পপছং, কিছু গায়কক সামাজিকভাৱে বহিষ্কাৰ, ডিস্কো ডেঞ্চ, বিট্ কনটেষ্ট্, ৰঙালী বিহুত দৌৰ প্ৰতিযোগিতা, ঊষা উত্থুপ সন্ধিয়া, এপল’ চাৰ্কাছ, ঊষা উত্থুপ সন্ধিয়াত গাড়ীৰ শাৰী (…উত্তৰ কামৰূপৰ নাৰীধৰ্ষণ বহুদিন হ’ল); আলোচনা, তাঁত-বাটি কাঢ়া, দিল্লী আলোচনা, বিবৃতি, সামাজিকভাৱে বহিষ্কাৰ, দিছপুৰত কিনা-বেচা খেল, দাসপ্ৰথা এতিয়া নাই, এতিয়া এম-এল-এৰ যুগ, এতিয়া এম-পিৰ যুগ, এম-এল-এ কিনা-বেচা খেল, এম-পি কিনা-বেচা খেল, ইন্দিৰা কংগ্ৰেছত জাম্বুবান জাঁপ মৰা খেল, ভঙা-পতা খেল, ভাগ ভাগ কৰা খেল, তেল গৈ আছে, চাহপাত গৈ আছে, প্লাইউড গৈ আছে, উস্ উস্ উস্, তীব্ৰ প্ৰতিবাদ কৰা হৈছে, গৰিহণা দিয়া হৈছে, বিদেশী আহি আছে, দিল্লী আলোচনা, আন্দোলন, পথ বন্ধ, মৃত্যু, মৃত্যু, চৰকাৰ জঁপিয়াই পৰিছে, ইন্দিৰা কংগ্ৰেছ জঁপিয়াই পৰিছে, ভঙা-পতাৰ খেল, অসমীয়া এক নহয়, আহোম-বামুণ, আহোম-কলিতা, বামুণ-কলিতা, আহোম-কছাৰী, ৰাভা-কলিতা, উচ্চবৰ্ণ-নিম্নবৰ্ণ, জনজাতি-অজনজাতি, আৰ্য-অনাৰ্য, মিচিং-কাৰ্বি, কাৰ্বি-বড়ো, চাহ-শ্ৰমিক অসমীয়া, ভাগ-ভাগ, ভাগ-ভাগ, উজনি অসম-নামনি অসম, উদয়াচল, জিলা লাগে, মহকুমা লাগে; আন্দোলন, সত্যাগ্ৰহ, আপেল বিলাইছে মাৰোৱাৰীয়ে, বাহ্ বাহ্ বাহ্, মাৰোৱাৰীবোৰ বৰ ভাল, বৰ ভাল, স্কুল খুলিছে, কলেজ খুলিছে, নতুনকৈ ল’ৰা সোমাইছে, ৰেগিং, ছিনিয়ৰ-জুনিয়ৰ, ছিনিয়ৰৰ সাহ বেছি, জানে বেছি, ৰেগিং কৰিছে, ছাত্ৰাবাসলৈ এনেতে চি-আৰ-পিৰ প্ৰৱেশ, ছিনিয়ৰৰ তৰানৰা ছিঙা লৰ, জুনিয়ৰ পিছে পিছে লৰিবই, নহ’লে অত্যাচাৰ, হয়তো গুলী, গুলী মানেই মৃত্যু, মৃত্যু, মৃত্যু হৈ আছে অহৰহ, দীৰ্ঘৰপৰা দীৰ্ঘতৰ হৈ আছে ছহিদৰ তালিকা, পি-ডি এক্ট, এন-এছ-এ, জে’ল, জে’লত পি-ডি এক্টত গ্ৰেপ্তাৰ হৈ মানুহ সোমাইছে, বিভিন্ন আইন ওলাইছে, মানুহ সোমাইছে, ক্ৰিমিন্যাল এক্টত গ্ৰেপ্তাৰ হৈ মানুহ সোমাইছে, এন-এছ-এ ওলাইছে, মানুহ সোমাইছে, একেই মানুহ, একেই আন্দোলনকাৰী, একেই উদ্দেশ্য, একেই লক্ষ্য, ভাগ ভাগ, ভাগ ভাগ, ভাগ ভাগ, ভাগ ভাগ, এন-এছ-এত গ্ৰেপ্তাৰ হোৱাবোৰে (পি-ডিবোৰেও) পাইছে কাপোৰ, মাখন, মাছ, কণী, জোতা, মাংস, ট্ৰাংক, ছিলাইছে কিছুৱে জেইলত কোট-পেণ্ট, ক্ৰিমিন্যেলবোৰ ক্ৰিমিন্যেল, ক্ৰিমিন্যেলবোৰে পোৱা নাই, ভাগ ভাগ, ভাগ ভাগ, এন-এছ-এত এৰেষ্ট হোৱা কিছুৱে মাখন খাইছে লেপালেপে, ক্ৰিমিন্যেলবোৰেও খাইছে—চৰ, ঠাপ্পৰ, গোৰ, কোব, ঘোচা, খোঁচ—অপৰ্যাপ্ত; আন্দোলন, অসমৰপৰা অবৈধ বিদেশীৰ বহিষ্কাৰ হ’ব লাগে, নিৰ্বাচন হ’ব নোৱাৰে, মন্ত্ৰীসভা ভাঙি আছে, গোলাপ বৰবৰা, যোগেন হাজৰিকা, আনোৱাৰ টাইমুৰ, কেশৱ গগৈ, মন্ত্ৰীসভা ভাঙিছে, বিধানসভা ভাঙিছে, ৰাষ্ট্ৰপতিৰ শাসন, ৰাষ্ট্ৰপতিৰ শাসন, বাতৰি-কাকতৰ কণ্ঠৰোধ, অশান্ত অঞ্চল আইন, পাইকাৰী জৰিমনা, দিন গৈ আছে, দিনবোৰ গৈ আছে, ভাৰতীয় সংবিধানৰ আয়ুস টুটি আহিছে, সৰহকাল ৰাষ্ট্ৰপতিৰ শাসন চলি থাকিব নোৱাৰে, ১৯৮৩ চনৰ ১৮ মাৰ্চৰ পূৰ্বে অসমত নিৰ্বাচন হ’বই লাগিব, চৰকাৰ গঠন হ’বই লাগিব, নহ’লে জৰুৰী অৱস্থা, নহ’লে অসম ভাৰতীয় সংবিধানৰ হাতৰ মুঠিৰপৰা গুচি যাব, আলোচনা, দিল্লী আলোচনা, একো হোৱা নাই, একো এডাল হোৱা নাই, আন্দোলন, অসম বন্ধ, অফিচলৈ যোৱা নাই অসমক ভালপোৱা ‍‘অসমপ্ৰেমী’ ইঞ্জিনিয়াৰ, বিষয়া, মণ্ডল, কামলৈ যোৱা নাই ঠিকাদাৰ, অন্ধকাৰ দিৱসত লাইট জ্বলোৱা নাই ডাক্তৰে, মাৰোৱাৰীৰ দোকানবোৰো বন্ধ, দিন গৈছে, একেজন ইঞ্জিনিয়াৰেই টকা খাই আছে দুমদাম্, একেজন ঠিকাদাৰেই বনোৱা মথাউৰি ভাঙি উটি গৈছে গাঁৱৰ পিছত গাঁও, উটিছে পানীত মানুহৰ মৃতদেহ, ভোঁহফুলা ছাগলী, গৰু, আকাশত উৰিছে শগুন, মণ্ডলে ঠিক কৰি আছে বিদেশীৰ পট্টা, ডাক্তৰৰ বেজিৰ খোঁচ, ভিজিট, মৰি গৈছে বেমাৰী, তেজ, ৰেঞ্জাৰ, বনাঞ্চল হৈ আছে শূন্যাঞ্চল, ৰেঞ্জাৰেও পালিছে সৰ্বাত্মক অসহযোগ, আন্দোলন, জনতা সান্ধ্য আইন, আলোচনা, বহু কাৰ্যসূচী, বহু ঘটনা, সাহিত্য সভা, বিখ্যাত হৈছে ৰাংছিনা নগৰ, ভূপেন হাজৰিকা, সাহিত্য সভাত হাজাৰে হাজাৰে মানুহ, প্ৰতিনিধি সভাত প্ৰতিনিধিৰ বান্দৰ জাঁপ, আন্দোলন; বোমা বিস্ফোৰণ, গুলীচালনা, মৃত্যু, মৃত্যু, মৃত্যু, অকাল মৃত্যু, চৰকাৰে হত্যা কৰি গৈছে অবিৰাম, এৰিছে গুলীৰ পিছত গুলী, মৃত্যু, মৃত্যু, চৰকাৰে চেপি-খুন্দি গৈছে অহৰহ, অত্যাচাৰ, অত্যাচাৰ, অত্যাচাৰ, চৰকাৰ, অত্যাচাৰী চৰকাৰ, হত্যাকাৰী চৰকাৰ, আলোচনা চলিছে দিল্লীত চৰকাৰৰ লগত, আন্দোলন, বহু কথা, বহু পৰ্যায়, বহু দিন, একাদিক্ৰমে মনত নাথাকে মানুহৰ, ওলট-পালট হৈ যায়, চাই গৈছে মানুহে, কৰি গৈছে মানুহে, বৰ্জন কৰা এম-এল-এক ঘেৰাও, চৰম পত্ৰ দিয়া চৰকাৰৰ ওপৰত আশা, সকলো কথা মনত নৰয়, …., ভূপেন হাজৰিকা, ভূপেন হাজৰিকাৰ গান—‍‘আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান’, জোৱাৰ আহিছে, ভাটা পৰিছে, হু হুকৈ ওলাই আহে এটা এটা নতুন আৱেগিক দৃশ্যপট—চৰিত্ৰ য’ত হাজাৰটা, এনেহেন অভিনয়—অসম যেন দুদিনতে সলনি হৈ যাব, স্বাৱলম্বী, স্বাৱলম্বী, স্বাৱলম্বী, গুৱাহাটীৰ পাণবজাৰত অসমীয়া গাভৰুৱে বিহাৰী মুচিক প্ৰত্যাহ্বান জনাই চিকচাক জোতা পালিচ কৰিছে—কি সুন্দৰ দৃশ্য, জোতাই জোতা, জোতাই জোতা, চিকচিক চিকচিক, ৫০ পইচাৰ ঠাইত পাইছে গাভৰুৱে দহটাকৈ টকা, হয়তো বেছি, ইপিনে জাগিছে লাচিতৰ দল—ঠেলাত এপোৱা আলু, তিনিটা কবি, এপাচি বেঙেনা—স্বাৱলম্বী হোৱাত সহায় কৰক, বাহ্, কি অপূৰ্ব অভূতপূৰ্ব দৃশ্য, এয়াহে ডেকা অসম; অইনপিনে জাগিছে আকৌ হিন্দুৰ দল—অসমত ইমানগাল মুছলমান (গৰীয়া, গৰুখোৱা), বহুত হ’ল, আৰু নোৱাৰি, হিন্দু সন্মিলন, বিশ্ব হিন্দু সন্মিলন, গণ সমাৱেশ হোৱা জজখেল পথাৰত বিশ্বৰ হিন্দু সন্মিলন, বাজপেয়ী, বাজপেয়ী, বি-জে-পি, আৰ-এছ-এছ, বালাচাহেব, ৰেকৰ্ড ঘূৰিছে সোঁ সোঁকৈ, মাইকৰপৰা ভাহি আহিছে সেই বিখ্যাত গান—‍‘ৰাম্ভা হ’ হ’ হ’, চাম্ভা হ’ হ’ হ’…’; বাজপেয়ী অসমত, দৌৰিছে হিন্দুৰ দল; অইনপিনে চিঞৰিছে চি. পি. এম, চি-পি-আই, চি-পি-এম-এল আদিয়ে—‍‘অসম আন্দোলন উগ্ৰ জাতীয়তাবাদী, অসম আন্দোলন, প্ৰতিক্ৰিয়াশীল,…’, কৈছে—চি-আই-এৰ হাত আছে, বিদেশী কিয় যাব লাগে, ভোটাৰ তালিকাৰপৰা বিদেশীৰ নাম কিয় বাদ দিব লাগে (চি-পি-আই, চি-পি-এম, চি-পি-এম-এল, আৰ-চি-পি-আই, এছ-ইউ-চি আদিয়ে ভোট বিপ্লৱ কৰিব লাগে সংসদৰ মজিয়াত, লেনিন—মাওহঁতেও ভোট বিচাৰি ঘূৰি ফুৰিছিল!!); ছাত্ৰ সন্থা, গণ সংগ্ৰাম, কাৰ্যনিৰ্বাহকত নতুন নতুন কাৰ্যসূচী, বিবৃতি; দিন গৈ আছে—, আন্দোলন, গুলীবৰ্ষণ, মৃত্যু, ছহিদ, শোকসভা, সাহায্য, ছহিদস্তম্ভ; দিন গৈ আছে, সকলোৱে কিবা নহয় কিবা এটা কৰি আছে, সৰ্বভাৰতীয় ৰাজনৈতিক দল জঁপিয়াই পৰিছে, চিঞৰিছে অসম আন্দোলনৰ বিৰুদ্ধে, কিন্তু আন্দোলনৰ প্ৰভাৱ সৰ্বত্ৰ, বিৰাট ব্যাপক গণ-আন্দোলন, কণ কণ মইনাহঁতেও ধ্বনি দিছে—‍‘খেদ ঐ খেদ, বিদেশীক খেদ’, নব্বৈ বছৰীয়া বৃদ্ধায়ো মাৰ খাইছে; উচ্ছেদ, বাংলাদেশী—নেপালী নহয়, থলুৱা উচ্ছেদ, থলুৱা উচ্ছেদ চলিছে, সৰ্বত্ৰ সন্ত্ৰাস, চি-আৰ-পি, চি-আৰ-পি, চি-আৰ-পি, মুখ মেলিলেই লাঠীৰ কোব, ৰাস্তাত থিয় দি থাকিলেও লাঠীৰ কোব, আহিছে এটা নতুন হাৱা—এছিয়ান গেমছ, এছিয়ান গেমছ—হ’ব নতুন দিল্লীত, আপ্পু, মৰম লগা হাতী পোৱালি, চলিছে দিল্লীত আলোচনা, এইপিনেও চলিছে আলোচনা—‍‘আবে, তই এচিয়াড চাবলৈ যাবিনে নাই বে’, ‍উত্তৰ ভাহি আহিছে—‍‘আন্দোলনে বৰবাদ্ কৰিলে বে’, ঘৰতে টি-ভি চাম’, টি-ভি, টি-ভি, টি-ভি, টি-ভিৰ হাৱা আহিছে, এচিয়াডৰ হাৱা আহিছে, চলি আছে গ্ৰ্যাণ্ড চাৰ্কাছ, উৰিছে জাগুৱাৰ, চলি আছে দিল্লী আলোচনা, চাই আছে মানুহে, থিয়েটাৰ—কহিনুৰ, আৱাহন, ষ্টাৰ, অনিৰ্বাণ, আৰাধনা, সুৰদেৱী, নটৰাজ, পূবেৰুণ; সৰ্বত্ৰ সন্ত্ৰাস, চি-আৰ-পি আহিছে, মাকে পুতেকক কৈছে—‍‘বাহিৰলৈ নাযাবি বোপাই, ইঞ্জিনিয়াৰ দুৱৰাৰ পুতেকহঁত নাযায়, তই কিয় যাৱ,….‍’ পুতেকেও উত্তৰ দিছে—‍‘যামেই মই, দুৱৰাৰ পুতেক—দুৱৰাৰ পুতেক, মই মই,…’, ক’ৰবাত বাপেকে কৈছে পুতেকক—‍‘পঢ়, ডিগ্ৰী ল, পঢ়া ঠিক কৰিহে আন্দোলন কৰ, তেতিয়াহে মানুহ—’, পুতেকে কৈছে—‍‘খৰ্গেশ্বৰ তেন্তে কি, খৰ্গেশ্বৰৰ ডিগ্ৰী নাই বাবে মানুহ নহয় নে—’; চলিছে দিল্লীত আলোচনা, মানুহে চাহ খাই আছে, মৃদু গুঞ্জন ধ্বনি—‍‘এইবাৰ আলোচনাত, অমুকক কিয় নিয়া নাই, তমুকক কিয় নিছে’, উত্তৰ দিছে আলোচনাকাৰীয়ে, মানুহে শুনিছে, মানুহে শুনা নাই মাথোঁ দিল্লীত চলি থাকে কি আলোচনা—তাৰ বিশদ বিৱৰণী; ইন্দিৰা কংগ্ৰেছৰ দালাল নামিছে, নামি পৰিছে বি-জে-পি, চি-পি-এম, চি-পি-আই, চি-পি-এম-এল, আৰ-চি-পি-আই, এছ-ইউ-চি-আই, জনতা, লোকদল; ভাবিছে মানুহে কি হ’ব, কি হ’ব, চি-আৰ-পি, সন্ত্ৰাস, মানৰ দিন আকৌ আহিছে, কেছৰ উপৰি কেছ, অত্যাচাৰ, অনাচাৰ, অধাচাৰ, দিনবোৰ গৈ আছে, চৰকাৰে পটাত পিহাদি পিহিছে মানুহক, আন্দোলনকাৰীক, সত্যাগ্ৰহত আপেল বিলোৱা মাৰোৱাৰীৰ গোলাত বস্তুৰ দাম বাঢ়িছে ঘোঁৰাৰ কদমত ছুটি মেলাদি হু হু কৰে, তেল গৈ আছে, চাহপাত গৈ আছে, মৰাপাট গৈ আছে, কাঠ গৈ আছে, প্লাইউড গৈ আছে, বৈ আছে ব্ৰহ্মপুত্ৰ; ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে পাহৰা নাই—অসমৰপৰা অবৈধ বিদেশীক বহিষ্কাৰ কৰক, মানুহে পাহৰা নাই—নিৰ্বাচন হ’ব নোৱাৰে, মানুহে ভালদৰেই বুজিছে—দিল্লী আলোচনা ল’ৰা-ধেমালি, ভেকো-ভাওনা, সময় অপচয়, দিন গৈ আছে, হৈ আছে অকাল মৃত্যু, ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ কমি আহিছে, প্ৰশ্ন, কৌতূহলী চকুত প্ৰশ্ন, মুখত প্ৰশ্ন, বাতৰি-কাকত মেলিলেও প্ৰশ্ন—নিৰ্বাচন হ’ব নেকি, নিৰ্বাচন হ’ব নেকি, হ’ব জানো, হ’লে কি হ’ব, নিৰ্বাচনটো হ’ব নোৱাৰিব, অবৈধ বিদেশীৰে ভোটাৰ তালিকা ভৰি আছে—কেনেকৈ হ’ব, সংবিধান সংশোধন হ’ব নেকি, জৰুৰী অৱস্থা, জৰুৰী অৱস্থাই বাৰু হ’ব নেকি, নিৰ্বাচন কেনেকৈ পাতিব, ইন্দিৰা গান্ধীয়ে প্ৰথমলানি আলোচনাতেই নকৈছিল নে যে অবৈধ বিদেশী ভোটাৰৰ নাম থকা ভোটাৰ তালিকাৰে নিৰ্বাচন হ’ব নোৱাৰিব, ভোটাৰ তালিকাখনো দেখোন সংশোধন হোৱা নাই, কি হ’ব, কি হ’ব, কি হ’ব, প্ৰশ্ন, প্ৰশ্ন, প্ৰশ্ন, দিন গৈ আছে, দিন গৈ আছে, দিন গৈ আছে, সময়টো ৰৈ নাথাকে, কি হ’ব, নিৰ্বাচন প্ৰতিৰোধ নে বৰ্জন নে অংশগ্ৰহণ, নে অইন কিবা, দিন গৈ আছে এনেদৰে—ৰবি, সোম, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰবি, সোম, মংগল, বুধ,…, চলি আছে দিল্লী আলোচনা, ৰবি, সোম, মঙ্গল, বুধ,…; নিৰ্বাচন হ’ব, নতুন দিল্লীয়ে ঘোষণা কৰিলে—নিৰ্বাচন হ’ব, অসমত নিৰ্বাচন হ’ব, হ’ব ১৪-১৭-২০ ফেব্ৰুৱাৰি (১৯৮৩ চন) তাৰিখে, হ’বই লাগিব, যিকোনো প্ৰকাৰে হ’বই লাগিব, নহ’লে সাংবিধানিক সংকট (সংবিধানেইতো কৈছে অবৈধ বিদেশীয়ে ভোট দিব নোৱাৰিব, অবৈধ বিদেশীয়ে ভোট দিয়াটো সাংবিধানিক অসংকট নেকি, নে…), মানুহ উচাপ খাই উঠিল, আন্দোলনৰ কিছু নেতা গ্ৰেপ্তাৰ হ’ল, মানুহে ভাবিলে—ই কেনে ধৰণৰ প্ৰতাৰণা, ই কেনে ধৰণৰ দিল্লী আলোচনা, ইন্দিৰা গান্ধীৰ এয়া কেনে কৰ্ম, প্ৰতিৰোধ হ’ব, প্ৰতিৰোধ কৰা হ’ব, নিৰ্বাচন হ’ব নোৱাৰিব, মানুহ মৰিয়া হৈ পৰিল, দৃঢ়, কঠোৰ আন্দোলন অবিচলিত, আন্দোলন, আন্দোলনৰ কাৰ্যসূচী—সৰ্বাত্মক অসহযোগ, নিৰ্বাচন হ’ব নোৱাৰিব, কৰ্মচাৰীয়ে কৰিলে অসহযোগ, নতুন দিল্লীয়ে ক’লে—নিৰ্বাচন হ’ব, হ’বই লাগিব, যিকোনো প্ৰকাৰে হ’বই লাগিব; উৎফুল্লিত শৰৎ সিংহ, হেমেন দাস, ফণী বৰা, ড০ হীৰেন গোহাঁই, হোমেন বৰগোহাঞি, উদয়াদিত্য ভৰালী আদিকে ধৰি বহুজন…, উৎফুল্লিত ইন্দিৰা কংগ্ৰেছে কঁকাল ঘূৰাই নাচিবলৈ ধৰিলে; মানুহ লৌহদৃঢ়, ছাত্ৰ সন্থা—গণসংগ্ৰামৰ বিবৃতি স্পষ্ট—নিৰ্বাচন হ’ব নোৱাৰিব; সুবিধা নহ’ব দেখি ইতিমধ্যে নেগুৰ কোঁচালে বি-জে-পি, লোকদল, জনতা, অসম জনতা, এ-আই-চি-পি আদিয়ে; ক’ৰবাৰপৰা আৱিৰ্ভাৱ হ’ল এটা সংগঠন—আই-পি-এফ, লগালে মাত—নিৰ্বাচন পাতিলে ফল বেয়া হ’ব পাৰে; নতুন দিল্লী আঁকোৰ-গোজ, দিল্লী আলোচনা কৰা শতজনৰ হত্যাকাৰী ভাৰত চৰকাৰে আৰম্ভ কৰি দিলে গ্ৰেপ্তাৰ, চেঞ্চৰ, অত্যাচাৰ, অত্যাচাৰ, অবিৰাম অত্যাচাৰ, জধে-মধে গুলীবৰ্ষণ, অসম হৈ পৰিল যেন এখন যুদ্ধক্ষেত্ৰ, নিৰ্বাচনৰ দিন চমু চাপিল, আৰম্ভ হ’ল থলুৱা প্ৰতিৰোধ, আঞ্চলিক ছাত্ৰ সন্থাৰ কান্ধত বিৰাট দায়িত্ব, যিমান পাৰে কৰিলে—অনস্বীকাৰ্য, জৰ্জৰিত হ’ল অত্যাচাৰত, মানুহ আগবাঢ়ি আহিল, আহিল বিভিন্ন ঠাইৰপৰা হাজাৰ হাজাৰ চি-আৰ-পি, বি-এছ-এফ, ৰাজস্থান পুলিচ, মহাৰাষ্ট্ৰ পুলিচ, অসভ্য ভাৰতীয় সৈন্য, আহিল বিহাৰৰপৰা কৰ্মচাৰী, দিন-ৰাতি সন্ত্ৰাস, আন্দোলনৰ কিছু নেতা জে’লত, কিছু মানুহে ভাবিছে—জেইলৰ ভিতৰত নিৰ্বাচনটোৰ বিৰোধিতা কৰি তেওঁলোকে আমৰণ অনশন কৰিছে নেকি বাৰু; নিৰ্বাচন, নিৰ্বাচন হ’ব নোৱাৰিব, নিৰ্বাচনী বিষয়া আহিব নোৱাৰিব, দলং জ্বলিল, প’লিং বুথ (ভোট গ্ৰহণ কেন্দ্ৰ) জ্বলিল, হ’ল বহু বোমা বিস্ফোৰণ, অবিৰাম অত্যাচাৰ, বুঢ়া-ল’ৰা সকলোকে অবিৰাম আঘাত, গ্ৰেপ্তাৰ, অহৰহ গুলীৰ হিড়িক, কাণ তালফলা প্ৰচণ্ড আৱাজ গুৰুম্ গুৰুম্, মৃত্যু, অকাল মৃত্যু, ৰেডিঅ’ৰ ছুইচ টিপিলেও মৃত্যুৰ বতৰা, সকলোপিনে অকাল মৃত্যু, অকাল মৃত্যু, ৰঙা হৈ গ’ল সমগ্ৰ অসম, ছাত্ৰৰ মৃতদেহ গেলি গ’ল তিতাবৰত, তিনিজনক জুইত দলিয়াই দিয়া হ’ল ছিপাঝাৰত, চাবুৱাত মৃত্যু, ডিগবৈত মৃত্যু, মৰাণত মৃত্যু, নগাঁৱত মৃত্যু, শিৱসাগৰত মৃত্যু, নলবাৰীত মৃত্যু, মঙলদৈত মৃত্যু, তেজপুৰত মৃত্যু—লখিমপুৰত মৃত্যু, কেন্দুগুৰিত মৃত্যু, গোৱালপাৰাত মৃত্যু, কাৰবি আংলঙত মৃত্যু, সকলোপিনে মৃত্যু—অকাল মৃত্যুৰ বতৰা, লেখ-জোখ নাই, কিমান গণিব ঝাঁক ঝাঁক গুলী, তপত গুলী, কিমান বিদীৰ্ণ হৈ গ’ল দেহ, অভাৱনীয় অত্যাচাৰ, নতুন দিল্লীৰ চৰিত্ৰ কেনে, দিল্লী আলোচনা কৰা ভাৰত চৰকাৰৰ চৰিত্ৰ কেনে, এছিয়ান গেমছ পতা ভাৰত চৰকাৰৰ চৰিত্ৰ কেনে, অসমৰ ছাত্ৰ-ছাত্ৰী মোৰ সন্তানৰ দৰে বোলা ইন্দিৰা গান্ধীৰ চৰিত্ৰ কেনে; নিৰ্বাচনী সভাত গণি খানৰ ভাষণ, ইন্দিৰা গান্ধীৰ ভাষণ; বি-জে-পিও নামি পৰিছে নিৰ্বাচন বিৰোধিতাত (সমগ্ৰ ভাৰতবৰ্ষত বি-জে-পিয়ে প্ৰচাৰ পাবলৈ হ’লে সবল যুক্তিযুক্ত ন্যায্য অসম আন্দোলনক সমৰ্থন জনোৱাৰ বাহিৰে বিকল্প একো নাই বুলি বাজপেয়ীয়ে জানে), বাজপেয়ী দৌৰিছে ইপিনৰপৰা সিপিনলৈ, বাজপেয়ী হৈ পৰিছে বাজপেয়ীদা, হিন্দুৰ ধ্বজাধাৰী মহান আত্মা; চি-পি-এমৰ উচটনি, আৰম্ভ হৈছে দলীয় সংঘৰ্ষ, গহপুৰত, নেলীত শ শ জনৰ মৃত্যু হৈছে, বিয়পিছে দলীয় সংঘৰ্ষ, মানুহ মৰি আছে, প্ৰতিদিনে অজস্ৰ মৃত্যু, অকাল মৃত্যু, গাঁওবোৰ আক্ৰান্ত, নিৰ্বাচন হৈ গ’ল, এক প্ৰচণ্ড প্ৰহসন, চৰকাৰো গঠন হ’ল, সংবিধানত বিশ্বাসী চৰকাৰৰ বিশ্বাসৰ নমুনা, গান্ধীবাদী ভাৰত চৰকাৰৰ গান্ধীবাদৰ নমুনা, অহিংসাৰ নমুনা, গণতন্ত্ৰৰ নমুনা, গুলী, হাত-ভৰি বান্ধি গোলাঘাটৰ ৰজাবাৰীত গুলীয়াই সাতজনক হত্যা কৰা হ’ল, মৃত্যু, আঘাত, কেউপিনে মাতৃৰ বুকুভঙা কৰুণ বিননিৰ অহৰহ প্ৰতিধ্বনি, অকাল মৃত্যু, অতুল সম্ভাৱনাপূৰ্ণ বহু জীৱনৰ অকাল মৃত্যু, তেজ, তেজৰ চেকুৰা, বুলেট, উফৰি যোৱা মাংসপিণ্ড, লাওখোলাৰ টুকুৰা, চিতাজুই, চিতাজুইৰ ধোঁৱা, যুদ্ধহে চলিছে, মৃত্যু কিমানৰ হ’ল লেখ-জোখ নাই, হিচাপ ওলোৱা নাই, এই পৰ্যন্ত হিচাপ ওলোৱা নাই, ভাৰতবৰ্ষৰ কোনো ঠাইৰপৰাই সমৰ্থন নাহিল অসমৰ সংগ্ৰামীলৈ (যি আহিল—সেয়া অসৎ উদ্দেশ্যপ্ৰণোদিত), অবৈধ বিদেশীয়ে ভোট দিবলৈ পালে, ৰাইফলৰ বেৰেলত তেজ, ট্ৰিগাৰত তেজ, হেমাৰত তেজ, বুটজোতাত তেজ, হেণ্ডকাফত তেজ, লক্আপত তেজ; ‍‘জনপ্ৰিয় চৰকাৰ’ গঠন হ’ল, হিতেশ্বৰ শইকীয়া ‍‘মুখ্যমন্ত্ৰী’ হ’ল, এতিয়া চি-আৰ-পিৰ জেপত ‍‘জনপ্ৰিয়’ চৰকাৰৰ জয়জয়কাৰ; মৃত্যু, সংঘৰ্ষ চলি আছে, চলিছে পুনৰ নাৰীধৰ্ষণ, যন্ত্ৰণা, নিপীড়ন, শোষণ, নতুন দিল্লীয়ে অসমক কি বুলি ভাবে, ভাৰতবৰ্ষই, সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰে… কি বুলি ভাবে অসমৰ মানুহক; দিল্লী আলোচনাৰ উদ্দেশ্য কি, হিতেশ্বৰ শইকীয়া দৰাচলতে ক’ৰ ‍‘মুখ্যমন্ত্ৰী’ —অসমৰ নে বাংলাদেশৰ, ‍‘জনপ্ৰিয়’ চৰকাৰখন কাৰ, ভাবিছে মানুহে কি হ’ব, কি হ’ব, এতিয়া এক বিৰাট ব্যাপক অনিশ্চয়তা, অগ্নিময় পৰিৱেশ, পি-এল-পি আৰু জাতীয়তাবাদী ক’ত, এতিয়া প্ৰতিটো খোজতেই যেন বিপদ, এয়া সপোন নে বাস্তৱ, দুঃস্বপ্ন নেকি, আমি হাৰি গ’লো নেকি, আমি হাৰি গ’লো নেকি ভাৰত চৰকাৰৰ লগত, অবৈধ বিদেশীৰ লগত, অবৈধ বিদেশীৰ হৈ ওকালতি কৰাসকলৰ লগত; সৰু হৈ গ’লো নেকি আমি ভাৰতবৰ্ষৰ মানুহৰ চকুত, বিশ্বৰ চকুত, সংগ্ৰামৰ অন্ত পৰিল নেকি, ইয়াৰ পিছত কি, ইয়াৰ পিছত কি, নতুন দিল্লীৰ ভৰিত আমি লেতু-সেতু হৈ পৰিম নেকি, হত্যাকাৰী—অত্যাচাৰী ভাৰত চৰকাৰৰ বন্দনা কৰিম নেকি, ভাৰতবৰ্ষ আমাৰ দেশ বুলি ক’ম নেকি, শুই দিম নেকি; মৃত্যু, মৃত্যু, মৃত্যু, অকাল মৃত্যু; আমাৰ উদ্দেশ্য—লক্ষ্য ধ্বংস হ’ল নেকি, বিদেশী নাযাব নেকি, নতুন দিল্লীক কাবৌ-কাকূতি কৰাতকৈ আমি আমাৰ অস্তিত্ব নিৰ্ধাৰণ নিজে কৰিব নোৱাৰিম নেকি, শত শতজনৰ মৃত্যু হ’ল—ইমান বেছি হেৰুৱালো—হাজাৰজন এতিয়া আহিবনে ওলাই, শত শতজনৰ অকাল মৃত্যুৰ লগত আমাৰ ভৱিষ্যৎ সংগ্ৰামৰ সম্পৰ্ক কেনে ধৰণৰ হ’ব, বৰ্তমানৰ সৈতে ব্যাখ্যা, অতীতৰ লগত; আমি জয়ী হ’ম নে, নতুন দিল্লীৰ অত্যাচাৰৰ বলি চিৰদিন হৈ থাকিম নে, কি হ’ব, আমি ভাৰতীয় হৈ থাকিম নে, সংবিধানখনক পূজা কৰি থাকিম নে, আইন-আদালত মানি চলিম নে, ত্ৰিৰংগ পতাকাক সন্মান জনাই থাকিম নে, আমি জয়ী নহ’ম নে, কি হ’ব, ভাবিছে মানুহে; আকৌ মৃত্যুৰ বতৰা, ইমান বেছি বলিদান, ইমান বেছি আত্মত্যাগ, মানুহ ওলাবনে আকৌ, সন্ত্ৰাস, সন্ত্ৰাস, সন্ত্ৰাস, বাৰুদ, গুলী, তেজ, মৃত্যু; আমি পিছুৱাই যাম নে, আমাৰ সংগ্ৰাম সফল নহ’ব নে, ইমান মৃত্যু, ইমান অত্যাচাৰ, ইমান প্ৰহসন, সফল নহ’বনে আমাৰ সংগ্ৰাম—বহু প্ৰশ্ন, প্ৰশ্ন—ভাৰত চৰকাৰে উন্নত অস্ত্ৰ-শস্ত্ৰৰে নিৰস্ত্ৰ শত শতজনক গুলীয়াই হত্যা (মুক্তহত্যা) কৰি নিৰ্বাচন অনুষ্ঠিত কৰি ‍‘জনপ্ৰিয়’ চৰকাৰ গঠন কৰিলে বুলিয়েই আমাৰ সংগ্ৰাম অন্ত পৰিবনে, ১৯৮৩ চনৰ ১৪-১৭-২০ ফেব্ৰুৱাৰি তাৰিখকেইটাই অসমৰ সংগ্ৰামী মানুহৰ বাবে সংগ্ৰামৰ শেষ তাৰিখ আছিল নে, বীভৎস হত্যালীলাই, নাৰকীয় অত্যাচাৰে, হিচাপবিহীন অকাল মৃত্যুৱে ৰোধ কৰিব পাৰিবনে আমাৰ সংগ্ৰাম (কেনে ধৰণৰ সংগ্ৰাম হ’ব ভৱিষ্যতে), আমি সফল নহ’ম নে, আমি সফল নহ’ম নে, সফল নহ’ম নে আমি;…, অজস্ৰ ঘটনা, অজস্ৰ প্ৰশ্ন;…, কাণত বাজি থাকে এতিয়া এই প্ৰশ্নটোও, শত শতজনৰ অকাল মৃত্যুৰ লগত আমাৰ সংগ্ৰামৰ সম্বন্ধ কেনে, অকাল মৃত্যুৱে ৰুধিব পাৰিব নেকি আমাৰ সংগ্ৰাম, পাৰিব নেকি, পাৰিব নেকি ৰুধিব আমাৰ সংগ্ৰামক?

অকাল মৃত্যু আৰু সংগ্ৰাম

কেঁচুৱা ৰূপত মানুহৰ ব্যক্তিগত জীৱনে পাতনি মেলে আৰু বৃদ্ধ ৰূপত মানুহৰ ব্যক্তি-জীৱনৰ সমাপ্তি ঘটে। ব্যক্তি-জীৱনৰ স্বাভাৱিক চিৰপৰিণতিৰ নামেই হ’ল মৃত্যু। জন্মৰ পিছত, ব্যক্তি-জীৱনত মৃত্যু স্বাভাৱিক, মৃত্যুয়েই আনে ব্যক্তি জীৱনলৈ পৰিপূৰ্ণতা। আৰু মানৱ জীৱনলৈ কোনো ব্যক্তিৰ, বা দেশ আৰু দেশৰ সভ্যতা-সংস্কৃতিলৈ কোনো ব্যক্তিৰ অৱদান কিমান, তেওঁৰ ব্যক্তিগত জীৱনে মানৱ জীৱনলৈ, দেশলৈ, দেশৰ অহৰহ সংগ্ৰামস্থলীলৈ অৰিহণা যোগালেই বা কিমান, সেই অৱদান বা অৰিহণা—মৃত্যুয়েই কৰে নিৰ্ধাৰণ। লগতে পিছে এই কথাও ঠিক যে কাৰোবাৰ ব্যক্তিগত জীৱনে মানৱ জীৱনলৈ বা দেশলৈ বা দেশৰ অহৰহ সংগ্ৰামস্থলীলৈ অৱদান কিম্বা অৰিহণা যোগাওকেই বা নোযোগাওকেই, মৃত্যু আহিবই, মৃত্যু নিৰ্মম, মৃত্যু অনিবাৰ্য, মৃত্যুই আজি পৰ্যন্ত হাৰ মনা নাই মানুহৰ ওচৰত, মানুহৰ বুদ্ধিমত্তা বা বিজ্ঞানৰ ওচৰত। মৃত্যু, যি মৃত্যু ব্যক্তি-জীৱনৰ বাবে অতি স্বাভাৱিক—সেই অতিকে স্বাভাৱিক মৃত্যু আমাৰ এই নিবন্ধৰ আলোচ্য বিষয়বস্তু নহয়, আমাৰ আলোচ্য বিষয়বস্তু হৈছে অকাল মৃত্যু আৰু আমাৰ সংগ্ৰাম।

মৃত্যু নহয়, অকাল মৃত্যু !

অকাল মৃত্যুৰ নিৰ্মম তাণ্ডৱলীলাই প্ৰায় প্ৰতিদিনে দুদিনে এই বিশ্বৰ কিমান অচিনাকি (আমাৰ অচিনাকি) পৰিয়ালত সৃষ্টি কৰে শোকৰ উত্তুংগ পাহাৰ, প্ৰায় প্ৰতিদিনে অতুল সম্ভাৱনা নিহিত হৈ থকা কিমান অমূল্য জীৱন কৰি পেলায় স্পন্দনহীন, আৰু প্ৰায় প্ৰতিদিনে কিমান সংসাৰৰপৰা কিমানক আঁজুৰি নি কিমানক প্ৰিয়হাৰা, পুত্ৰহাৰা, মাতৃহাৰা অথবা পিতৃহাৰা আদি কৰিবলৈ সক্ষম হয়—সেই সকলোবোৰৰ হিচাপ জানো আমি পাওঁ? আমি নাপাওঁ। তথাপি, মানুহৰ মুখে মুখে বাগৰি আহি আমাৰ কাণত পৰাৰ ফলত, অকাল মৃত্যুৰ যি বতৰা আমি পাওঁ, যি গাৰ নোম শিয়ৰা বিৱৰণ আমি পাওঁ, সেই নিৰ্মম বতৰা আৰু সেই বিৱৰণে বা নিদাৰুণ সেই সম্বাদে আমাৰ হৃদয়জগতত যি পৰিমাণৰ আলোড়ন তোলে, আমাৰ মনৰ গভীৰত যি পৰিমাণৰ আঘাত কৰে, আমাৰ মুখমণ্ডললৈ যি পৰিমাণৰ কৰুণতা আনি দিয়ে—সঁচা অৰ্থত সেই পৰিমাণবোৰে আমাৰ ওপৰত স্থায়ীভাৱে বৰ্তিব নোৱাৰে, মাথোঁ ক্ষণিকৰ বাবেহে সেই পৰিমাণবোৰে আমাৰ ওপৰত ক্ৰিয়া কৰে; অৰ্থাৎ এই বিশাল বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা অহা বিভিন্ন ধৰণৰ অকাল মৃত্যুৰ বতৰা শুনাৰ বা দেখাৰ ক্ষন্তেক পিছতেই আমি সেই অকাল মৃত্যুৰ বতৰা শুনাৰ বা দেখাৰ আগৰ অৱস্থালৈ উভতি আহো, মই ‍‘মই’ হৈ পৰো, আপুনি ‍‘আপুনি’ হৈ পৰে, তেওঁ ‍‘তেওঁ’ হৈ পৰে; মুঠতে সামগ্ৰিকভাৱে আমি পুনৰ ‍‘আমি’ হৈ পৰো—আমি পুনৰ ‍‘আমি’ হৈ পৰো সমস্যা জৰ্জৰিত আমাৰ মাতৃভূমি এইখন অসম দেশত, আমাৰ বৰ্তমানত, বৰ্তমানৰ কৰ্মক্ষেত্ৰত। আমি অকাল মৃত্যুৰ নিৰ্মম বিৱৰণী পাহৰি যাওঁ; যেনেঃ ক’ত হাতীৰ গচকত কাৰ পেটৰ নাড়ী ভুঁড়ি কেনেদৰে বাজ হৈ মৃত্যু হ’ল বা ক’ত ভূঁইকঁপটো কেতিয়া আৰম্ভ হৈ কেনেদৰে মানুহবোৰৰ মৃত্যু হ’ল অথবা বিষাক্ত ফেঁটীসাপৰ দংশনত কাৰ শৰীৰ নীলা-ক’লা হৈ মৃত্যু হ’ল, ইত্যাদি; আমি সেইবোৰ দুদিনতে সমূলি পাহৰি যাওঁ, আমাৰ যদি খুব বেছি মনত থাকে কিবা, সেয়া হ’ল পৰিসংখ্যা, এটা বা কেইটামান নিৰ্জীৱ সংখ্যা।

পুনৰ উল্লেখিছো, মৃত্যু নহয়, অকাল মৃত্যু। আমাৰ বিষয়বস্তু বীভৎস নিৰ্মম অকাল মৃত্যু। এনে অকাল মৃত্যুৰ বিৱৰণী বা নিৰ্মমতাক আমি কোনোপধ্যেই হাতীৰ গচকত পেটু ওলাই বা ভূঁইকঁপৰ ফলত মাটিৰ তলত পোত খাই অথবা বিষাক্ত সাপৰ দংশনত দেহ ক’লা-নীলা হৈঅকাল মৃত্যুবৰণ কৰাসকলৰ স’তে ৰিজাব নোৱাৰো, বিচ্ছিন্ন ঘটনা বুলি অতীতৰ গৰ্ভত নিক্ষেপিবও নোৱাৰো।

অকাল মৃত্যু আৰু সংগ্ৰাম
কেনেনো সেই অকাল মৃত্যু?

সেই অকাল মৃত্যু অতি নিৰ্মম, সেই অকাল মৃত্যুৰ বিৱৰণী অতি দীৰ্ঘ, আৰু সেই নিৰ্মমতা, সেই নিদাৰুণ বার্তাবাহী বিৱৰণী, এই ক্ষুদ্ৰ লেখাত বৰ্ণাই আমি শেষ কৰিব নোৱাৰিম আৰু এই পৰ্যন্ত সমস্তখিনি, সমস্ত নিৰ্মম অকাল মৃত্যুৰ হিয়াবিদৰা কাহিনী—নহয় আমাৰো জ্ঞাত। তথাপি, যিবোৰ মুখ আমি শেষবাৰৰ বাবে দেখিলো, যিবোৰ বাতৰি আমি শ্বাসৰুদ্ধ হৈ পঢ়িলো, যিবোৰ ছবি আমি চকু মেলি চালো, যিবোৰ ঘটনা আমি শুনিলো আমাৰ কাণ পাতি পাতি, সেই মুখবোৰৰ আটাইবোৰ মুখ আমি নিচিনো যদিও (মৃত্যুৰ পূৰ্বে লগ পোৱা নাই যদিও বা কথা-বতৰা পাতি পোৱা নাই যদিও), সেইবোৰ ঘটনাস্থলীত দৈহিকভাৱে আমি উপস্থিত নাই যদিও, সেই সমস্ত মুখবোৰে, সেই সমস্ত ঘটনাৰাজিয়ে এই পৰ্যন্ত আমাৰ প্ৰায় প্ৰত্যেকৰে হৃদয়জগত ব্যাপকভাৱে আলোড়িত কৰি আছে, আমাৰ মনৰ গভীৰত মচিব নোৱৰাকৈ গভীৰ সাঁচ পেলাইছে, এক অব্যক্ত অনুভূতিয়ে সৰ্বক্ষণ আমাৰ ওপৰত ক্ৰিয়া কৰি আছে, আৰু ইয়াৰ লগে লগে উখল-মাখল লগাই দিছে আমাৰ তেজ—ধমনীয়ে ধমনীয়ে প্ৰৱাহিত হৈ থকা উত্তপ্ত তেজ; আৰু আজি আমি মুক্তকণ্ঠে এই কথা সাহসেৰে কৈ থ’ব পৰা হৈছো যে আমি যিবোৰ মুখ শেষবাৰৰ বাবে দেখিলো (আৰু যিবোৰ নেদেখিলো), আমি যিবোৰ ৰক্তাক্ত দেহ শেষবাৰৰ বাবে দেখিলো, যি বুকু ফুটা বিননি আমি কাণ পাতি পাতি শুনিলো, সেই মুখবোৰে, সেই দেহবোৰে, সেই বুকু ফুটা কৰুণ বিননিয়ে, সেইবোৰেই অসমৰ জনসাধাৰণক দৃঢ়ৰপৰা দৃঢ়তৰ কৰি তুলিব আৰু আপোচহীন সংগ্ৰামৰ পথাৰলৈ অসমৰ জনসাধাৰণক ঠেলি ঠেলি নি হাতে হাতে তুলি দিব চিকমিক শাণিত অস্ত্ৰ। বৰ্তমানৰ সংগ্ৰাম হৈ পৰিব দীৰ্ঘস্থায়ী সশস্ত্ৰ মুক্তিযুদ্ধ।

বজ্ৰ পৰি থিতাতে মৃত্যুক অকালতে বৰণ কৰি লোৱা মানুহজনৰ লগত খাবলৈ নাপাই পেটৰ ভোকত তিলতিল যন্ত্ৰণা ভুগি অকালতে মৃত্যুক সাবটি লোৱাৰ মানুহজনৰ যি অৰ্থত এক বিৰাট ব্যৱধান আছে, সেই একেদৰেই বিষাক্ত সাপৰ দংশনত মৃত্যুক অকালতে সাবটি লোৱা মানুহজনৰ লগত ছিপাঝাৰত চি-আৰ-পিয়ে জুইত দলিয়াই দিয়াৰ ফলত গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসালয়ত অকালতে মৃত্যুক সাবটি লোৱা প্ৰহ্লাদ শৰ্মা, চিত্ত বৰুৱা আৰু তপন বৰুৱাৰো এক বিৰাট ব্যৱধান আছে। ভূঁইকঁপৰ ফলত ঘৰ-দুৱাৰ ভাঙি মাটিৰ চেপা খাই অকাল মৃত্যুবৰণ কৰা শ শ মানুহক আমি সোনকালেই পাহৰি যাওঁ সঁচা, কিন্তু এইখন অসমত এই বছৰৰ ১৪,১৭,২০ ফেব্ৰুৱাৰিত অনুষ্ঠিত হোৱা বলপূৰ্বক অবৈধ নিৰ্বাচনক কেন্দ্ৰ কৰি অকাল মৃত্যুক সাবটি ইতিমধ্যে যিসকলে আমাৰ মাজৰপৰা আঁতৰি গ’ল সৃষ্টি কৰি শোকৰ বিশাল সাগৰ আৰু সাহসৰ উত্তুংগ পাহাৰ—সেইসকলক আমি পাহৰিব পাৰিম নে? আমি কাহানিবা ভাবিব পাৰিম নে যে অসমত ভাৰত চৰকাৰে সংঘটিত কৰা ব্যাপক নাৰকীয় হত্যালীলা আৰু বীভৎস অত্যাচাৰক এক ভয়াৱহ দুঃস্বপ্ন বুলি? নোৱাৰো, আমি পাহৰিব নোৱাৰো, আমি ভাবিব নোৱাৰো। আমি এইবাবেই পাহৰিব বা ভাবিব নোৱাৰো, যিহেতু আমি জানো কাৰবাবে তেওঁলোকৰ সেই মহান আত্মবলিদান, কিয়ইবা সেই যুগজয়ী সৰ্বোচ্চ ত্যাগ। সেইবাবেই এই অসম দেশত আন্দোলনত জড়িত হৈ অকালতে যিসকলে মৃত্যুবৰণ কৰিলে, তেওঁলোকৰ লগত বজ্ৰ পৰি, সাপে খুঁটি, হাতীৰ গচক খাই মৃত্যুক অকালতে সাবটি লোৱাসকলৰ এক বিৰাট ব্যৱধান আছে বুলি পূৰ্বেই উল্লেখিছো।

assam movement3

আৰু সেইবাবেই, অঁ, সেইবাবেই, জয়ী হৈছে বুলি যদি অসমত হাজাৰে হাজাৰে সশস্ত্ৰ বাহিনীৰ মানুহ নমাই ৰক্তবন্যা সৃষ্টি কৰা হত্যাকাৰী ভাৰত চৰকাৰ উৎফুল্লিত হৈ আছে, তেন্তে ভাৰত চৰকাৰে কোদো বৰলৰ বাহত তবলা বজাইছে। অসমৰ জনমতৰ বিপৰীতে গৈ বিহাৰৰপৰা কৰ্মচাৰী আনি, বিমানেৰে চি-আৰ-পি আনি, অসমৰ মানুহক গুৰুলা-গুৰুলকৈ কোবাই, নিৰ্মমভাৱে হত্যা কৰি, বলপূৰ্বক নিৰ্বাচন পাতি অসমত এখন জনপ্ৰিয় চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বুলিয়েই গপতে বুকু ফিন্দাই যদি ভাৰত চৰকাৰে এইদৰে ভাবি আছে যে অসমৰ মানুহে সংগ্ৰামৰ পথৰপৰা আঁতৰি গৈ ভয়তে ভাৰত চৰকাৰৰ জয়গান গাবলৈ আৰম্ভ কৰিব তেন্তে প্ৰতিক্ৰিয়াশীল ভাৰত চৰকাৰে সংগ্ৰামৰ ইতিহাসৰ দুৰ্জেয় অধ্যায়বোৰ পাহৰি গৈছে। দিল্লী আলোচনাৰ নামত ভেকো-ভাওনা পাতি থকা আৰু এতিয়াও পাতিবলৈ ইচ্ছা কৰি থকা অসমৰ চৰম শত্ৰু ভাৰত ৰাষ্ট্ৰই নিউটনৰ সেই বিশ্ববিয়পা সূত্ৰটো (‍‘‍‘সকলো ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে’’ — সেই সূত্ৰটো)ও পাহৰি গৈছে বুলি আমি ক’ম, যদিহে ভাৰত চৰকাৰে এই কথা ভাবিছে যে শ শজনক অকালতে অসমৰপৰা চিৰদিনৰ বাবে বিদায় দি অসমৰ মানুহৰ সাহসক কবৰ দিবলৈ ভাৰত চৰকাৰ সক্ষম হ’ল! থ্ৰি-নট্-থ্ৰি, ৰাইফল, এছ-এল-আৰ, ষ্টেনগান, কাৰবাইন, লাইট মেচিনগান, গ্ৰেনাইড্, টেংক, মাইন, জাগুৱাৰ, মিৰেজ, মেচিনগান, এল-এম-জি, গ্ৰেনাইড্ লাঞ্চাৰ, টি-এন-টি, ডিনামাইট, হেলিকপ্টাৰ, বহু হাজাৰ ভাৰতীয় সেনা, বহু হাজাৰ বি-এছ-এফ, চি-আৰ-পি আদিৰ ওপৰত নিৰ্ভৰ কৰিয়েই যদি ভাৰত চৰকাৰে ভাবিছে যে অসমত সংগ্ৰামৰ পতন ঘটোৱাটো ভাৰত চৰকাৰৰ বাবে একো ডাঙৰ কথা নহয়, তেন্তে ভাৰত চৰকাৰে শূন্যত বিচৰণ কৰি আছে।

assam movement book

মানুহ, তেজ-মঙহৰ মানুহ, মানুহ মৰে; মানুহ দৈহিকভাৱে মৰণশীল। অসমত সংগ্ৰামী যিসকলে ইতিমধ্যে অকালতে মৃত্যুবৰণ কৰিলে তেওঁলোক দৈহিকভাৱে আমাৰ সন্মুখৰপৰা চিৰদিনৰপৰা আঁতৰি গ’ল সঁচা, কিন্তু তেওঁলোকৰ সেই দৈহিক চিৰপ্ৰস্থান অসমৰ সংগ্ৰামীসকলৰ বাবে এক উজ্জ্বল দৃষ্টান্ত, উদ্দেশ্য, লক্ষ্য বচাই ৰাখিব পৰা অমূল্য ইন্ধন। অকাল মৃত্যুৰ ফলত তেওঁলোক আঁতৰি গ’ল, কিন্তু তেওঁলোকৰ দেহপতনে দুৰ্বল নকৰে সংগ্ৰাম, কৰিব সবল, জোৰদাৰ। উদ্দেশ্য—লক্ষ্য পূৰণ কৰিবলৈ মানুহে ত্যাগ কৰিব লাগে, এইক্ষেত্ৰত সৰ্বোচ্চ ত্যাগেই হৈছে আত্মত্যাগ, উদ্দেশ্য-লক্ষ্য পূৰণাৰ্থে মহান আত্মত্যাগ। উদ্দেশ্য—লক্ষ্য পূৰণাৰ্থে ইতিমধ্যে যিসকলে ব্যক্তি-জীৱনৰ সৰ্বোচ্চ ত্যাগ আত্মত্যাগ কৰিলে, সেই আত্মত্যাগেই ভৱিষ্যতৰ সংগ্ৰামৰ পথাৰত অইন সহস্ৰজনকো উদ্বুদ্ধ কৰিব উদ্দেশ্য-লক্ষ্য পূৰণাৰ্থে আত্মত্যাগ কৰিবলৈ, সহস্ৰজন আগবাঢ়ি আহিব মোহমুক্ত হৈ সংগ্ৰাম কৰিবলৈ, ছহিদৰ তেজত উঠিব ক্ৰান্তিৰ লহৰ। ছহিদৰ তেজত ক্ৰান্তিৰ লহৰেই এই কথা সুন্দৰকৈ প্ৰমাণ কৰিব দৈহিকভাৱে এশ, দুশ, হাজাৰজনক সংগ্ৰাম ক্ষেত্ৰৰপৰা অকালতে চিৰদিনৰ বাবে আঁতৰাই পঠিয়ালেই সংগ্ৰামী চিন্তাধাৰা নিঃশেষ হ’ব নোৱাৰে, উদ্দেশ্য বা লক্ষ্যও ধ্বংস হ’ব নোৱাৰে। অত্যাচাৰী শাসকৰ ৰাইফলৰ বেৰেলৰপৰা ওলাই অহা বুলেটে অকালতে মৃত্যুৰ মুখলৈ ঠেলি দিয়া এজনৰ ৰক্তাক্ত মৃতদেহ দেখিয়েই মানুহৰ ক্ৰোধ উথলি উঠে, দৃঢ় হয় মন, শত্ৰুৰ বিৰুদ্ধে জাগি উঠে প্ৰতিশোধৰ স্পৃহা; শতজনৰ ৰক্তাক্ত মৃতদেহ দেখা মানুহেও সেয়ে অসমত নাকত তেল দি শুই নাথাকিব, থাকিব নোৱাৰিব। মানুহৰ অমূল্য জীৱনক থ্ৰি-নট্-থ্ৰি (৩০৩) ৰাইফলৰ খোৰাক জ্ঞান কৰা জঘন্য নগ্ন অত্যাচাৰী ইন্দিৰা গান্ধী আৰু ইন্দিৰা গান্ধীৰ চেলা-চামুণ্ডাবোৰে আজি এই কথা জানি থোৱা ভাল যে সংগ্ৰামৰ পথাৰত অত্যাচাৰী শাসকে কোনো এজন সংগ্ৰামীক দৈহিকভাৱে নিঃশেষ কৰিলেই যদি চিন্তাধাৰা নিঃশেষ হ’লহেঁতেন বা উদ্দেশ্য-লক্ষ্য ধ্বংস হ’লহেঁতেন, তেন্তে অসমৰ এই সংগ্ৰাম খৰ্গেশ্বৰ তালুকদাৰৰ অকাল মৃত্যুৰ লগে লগেই স্তব্ধ হৈ গ’লহেঁতেন; আৰু পৃথিৱীৰ কোনো দেশতেই বিপ্লৱ নহ’লহেঁতন, কোনো দেশতেই নহ’লহেঁতেন স্বাধীনতা সংগ্ৰাম; গেৰিলা যুদ্ধৰো পতন ঘটিলেহেঁতেন চে-গুৱেভাৰাৰ মৃত্যুৰ পিছত। মুঠতে অত্যাচাৰী শাসকে সংগ্ৰাম ক্ষেত্ৰত দৈহিকভাৱে কোনোজনক নিঃশেষ কৰিলে সংগ্ৰামৰ পথাৰত দুখৰ বন্যাই চিন্তাধাৰাৰ বীজ ফাটি ওলোৱা সাহসৰ কঠীয়া মাৰি নেপেলায়, বৰং পলসহে পেলায়, সাৰুৱা পলস।

assam movement2

সংগ্ৰামত সংগ্ৰামীৰ অকাল মৃত্যু আছেই। এই অকাল মৃত্যুৰ লগত সংগ্ৰামৰ কেনে ধৰণৰ ওতপ্ৰোত সম্বন্ধ আছে—আমি সংক্ষেপে ওপৰত উল্লেখ কৰি আহিছো। যোৱা ১৪, ১৭ আৰু ২০ ফেব্ৰুৱাৰি তাৰিখৰ বলপূৰ্বক নিৰ্বাচনত অসমৰ জনতাই যি কালজয়ী প্ৰতিৰোধ কৰি দেখুৱালে, তাৰবাবে আমাৰ সকলোৰে অন্তৰ অনুপ্ৰেৰণাত এই পৰ্যন্ত ওফন্দি আছে। যিসকলে তিলতিলকৈ নিজৰ জীৱন বিসৰ্জন দিলে, সেইসকলেই আমালৈ থৈ গ’ল উত্তাল গৰ্জনমুখৰ সমুদ্ৰতো বাব পৰা সাহসৰ নাও। কিন্তু তথাপি আমাৰ প্ৰাণে কান্দে। আমাৰ প্ৰাণে কান্দে এয়া ভাবিলেহে যে সংগ্ৰাম ক্ষেত্ৰত আমাৰ মাজৰ যিসকলে মৃত্যুক অকালতে সাবটি ল’লে তেওঁলোকক দৈহিকভাৱে আমি আৰু কাহানিও নেদেখিম, আমি নেদেখিম তেওঁলোকৰ দীপ্ত চকুবোৰ, নুশুনিম কাহানিও তেওঁলোকৰ কণ্ঠস্বৰ, পথত নাপাম কাহানিও আৰু তেওঁলোকৰ সান্নিধ্য; দৈহিকভাৱে তেওঁলোকে সম্পূৰ্ণভাৱে আমাৰ মাজৰপৰা বিদায় ল’লে, বিদায় ল’লে এই দেশৰ বাবে, এই দেশৰ মানুহৰ বাবে, সংগ্ৰামৰ বাবে।

assam movement

যিসকলৰ অকালতে মৃত্যু হ’ল, তেওঁলোক নিৰস্ত্ৰ আছিল। যিসকলৰ অকালতে মৃত্যু হ’ল, তেওঁলোক কোনো ৰাজনৈতিক আৰু গণতান্ত্ৰিকভাৱে পৰিপক্ব শক্তিৰ পতাকাতলত সুসংগঠিত হৈ ওলাই অহা নাছিল। তেওঁলোকৰ সৰহভাগেই জানিছিল, যি অগ্নিময় সময়ত, যি ধৰণৰ বৰ্বৰ পুলিচী সন্ত্ৰাসৰ সময়ত তেওঁলোক প্ৰতিৰোধ কৰিবলৈ ওলাই আহিছে; সেই সময়ত ‍‘অহিংস গান্ধীবাদী’ ভাৰত চৰকাৰৰ নিৰ্দেশত চি-আৰ-পি (অথবা বি-এছ-এফ, আৰ-এ-চি আদি)ৰ থ্ৰি-নট্-থ্ৰি (৩০৩) ৰাইফলৰ বেৰেলেৰে কিম্বা এছ-এল-আৰৰ বেৰেলেৰে হেমাৰৰ খুন্দা খাই ওলাই অহা এটা বা ততোধিক তপ্ত বুলেটে যিকোনো মুহূৰ্ততে তেওঁলোকৰ হৃৎপিণ্ডৰ স্পন্দন বন্ধ কৰি দিব পাৰে, যি কোনো মুহূৰ্ততে তেওঁলোকৰ অকাল মৃত্যু হ’ব পাৰে। তথাপি তেওঁলোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল। কিহে উদ্বুদ্ধ কৰিছিল তেওঁলোকক? তেওঁলোকক উদ্বুদ্ধ কৰিছিল এটা পূৰঠ উদ্দেশ্যই, এটা স্পষ্ট লক্ষ্যই, চিন্তাধাৰাই। অবৈধ বিদেশীৰ ভোটেৰে অসমত এখন চৰকাৰ গঠন হোৱাটো তেওঁলোকে বিচৰা নাছিল। তেওঁলোক সফল নহ’ল, কিন্তু তেওঁলোকৰ অকাল মৃত্যুৱে অসমৰ সংগ্ৰামী জনসাধাৰণৰ কান্ধত ন্যস্ত কৰি গ’ল এক ঐতিহাসিক দায়িত্ব আৰু সেই ঐতিহাসিক দায়িত্ব পালন কৰিবলৈ হ’লে আপোচহীন সংগ্ৰামৰ বাহিৰে বোলেগ একো বিকল্প নাই। পলায়নৰ পথ আজি ৰুদ্ধ, অসমৰ জনসাধাৰণে সংগ্ৰাম কৰিবই লাগিব আপোচহীনভাৱে। সেয়ে অসমৰ সংগ্ৰামী জনসাধাৰণক এতিয়া প্ৰয়োজন এনে এটা ৰাজনৈতিক আৰু গণতান্ত্ৰিকভাৱে পৰিপক্ব শক্তি, যি শক্তিয়ে সমস্যাজৰ্জৰ ‍‘অৰ্থনৈতিক উপনিৱেশ’ অসমত ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে আপোচহীন সংগ্ৰামৰ সূচনা কৰিব, যি শক্তিয়ে দিল্লীত আলোচনা কৰি সময় অপচয় কৰাৰ সলনি অসমৰ জনসাধাৰণক ৰাজনৈতিক আৰু গণতান্ত্ৰিকভাৱে পৰিপক্ব কৰি সু-সংগঠিত কৰি তুলিব, যি শক্তিয়ে কেৱল বিবৃতি প্ৰেৰণতেই ব্যস্ত নাথাকিব, যি শক্তিয়ে সংগ্ৰামী জনসাধাৰণৰ মস্তিষ্কৰ কোঁহে কোঁহে সুমুৱাই দিব পাৰিব এক কালজয়ী মহান আদৰ্শ, আৰু যি শক্তিৰ পতাকাতলত ঐক্যবদ্ধ হৈ অসমৰ সংগ্ৰামী জনসাধাৰণে ভাৰত চৰকাৰৰ নিৰ্দেশত বৰ্বৰ সৈন্যবাহিনীয়ে কিম্বা অসভ্য চি-আৰ-পিয়ে ৰাইফল—এছ-এল-আৰৰ ট্ৰিগাৰ টিপি বেৰেলেৰে উলিয়াই পঠিওৱা উত্তপ্ত বুলেটক বুকুত সাবটি লোৱাৰ সলনি সাহসেৰে প্ৰত্যাহ্বান জনাব পাৰিব।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসম আন্দোলন
Anjan Sarma

Anjan Sarma

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d