অগ্নিপথ – অগ্নিবীৰ
অৰবিন্দ ৰাভা
অগ্নিপথ‘ প্ৰকল্পই অগ্নিময় কৰি তুলিছে বিহাৰৰ পৰিৱেশ। বিহাৰৰ বিভিন্ন ঠাইত বিক্ষোভ আৰম্ভ হৈছে। চাপ্ৰাত এখন ৰেলগাড়ীত অগ্নিসংযোগ কৰিছে বিক্ষোভকাৰী সকলে। বাছত আক্ৰমণ কৰা বুলিও খবৰ আহিছে।
এনে অৱস্থাত ৰেল বিভাগে ২২ খন ৰেল বাতিল কৰিছে। ৬ খন ৰেলগাড়ীৰ গতিপথ সলনি কৰা হৈছে। ‘অগ্নিপথ প্ৰকল্প’ৰ বৃহস্পতিবাৰে, ১৬-০৭-২০২২ তাৰিখে, বিৰোধিতা কৰা হৈছে বক্সাৰ, নওৱাদা, চাপ্ৰা, বেগুচৰাই, আৰা, মুঙ্গেৰ, জেহানাবাদৰ দৰে অঞ্চলত। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অহৰহ শ্লোগান দিয়া হৈছে। ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰা হৈছে। পুলিচৰ সৈতে সংঘৰ্ষ হৈছে আৰু ভালেকেইজন আহত হৈছে।
উল্লেখযোগ্য যে যোৱা মঙলবাৰে, ১৪-০৬-২০২২ তাৰিখে, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অগ্নিপথ প্ৰকল্পৰ বিষয়ে ঘোষণা কৰে। সেই প্ৰকল্প অনুসৰি ১৭.৫ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সৰ তৰুণ-তৰুণীয়ে ৪ বছৰৰ বাবে সেনাবাহিনীত ৪৫০০০-৫০০০০ টকাৰ চুক্তিভিত্তিক চাকৰিত যোগদান কৰিব পাৰিব ( স্থল, নৌ, বায়ু)। তেওঁলোকক কোৱা হ’ব ‘অগ্নিবীৰ‘। ৪ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত সেইসকলৰ ২৫% অগ্নিবীৰক শূণ্যপদ আৰু যোগ্যতাৰ ভিত্তিত সেনাবাহিনীৰ চাকৰিত অন্তৰ্ভুক্ত কৰা হ’ব আৰু তেওঁলোকে ১৫ বছৰলৈ চাকৰি কৰিব পাৰিব; আৰু বাকী ৭৫% অগ্নিবীৰক অৱসৰ দিয়া হ’ব। অৱসৰপ্ৰাপ্ত সকলক ১১-১২ লাখ টকা হাতত দিয়া হ’ব, কোনো পেঞ্চন নাথাকিব।
এতিয়া সেই ঘোষণাৰ পিছতেই জুই জ্বলিছে বিহাৰত। মোদীয়ে বছৰি ২ কোটি নিবনুৱাক চাকৰি দিয়া হ’ব বুলি কৈ এতিয়া মাত্ৰ কিছুসংখ্যক তৰুণ-তৰুণীক মাত্ৰ ৪ বছৰৰ বাবে পাশাখেলৰ পণ কৰি কোটি কোটি তৰুণ-তৰুণীক বঞ্চিত কৰি আভুৱা ভৰোৱা কাৰ্যই এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছে।
আজি শেহতীয়াকৈ শুনা খবৰ অনুসৰি, অগ্নিবীৰ সকলৰ ক্ষেত্ৰত বয়সৰ ঊৰ্দ্ধসীমা হয়তো ২৩ বছৰলৈ বৃদ্ধি কৰা হ’ব পাৰে – বিহাৰৰ বিক্ষোভ প্ৰশমন কৰিবলৈ।
১৭-০৬-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)