• দিলীপ দৈমাৰী
নতুন দিল্লী
ইউক্ৰেন সংকটক লৈ আমেৰিকা আৰু ৰাছিয়াৰ মাজত চলি থকা কুটনৈতিক তথা ৰাজনৈতিক যুদ্ধখনত ভাৰতৰ অৱস্থান কি হ’ব তাকে লৈ এতিয়া আলোচনাৰ শেষ নাই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিদৰে এতিয়া ক’তো বিমুদ্ৰাকৰণৰ ‘সুফল’ বা ‘জি-এছ-টি’ৰ ‘সুফল’, নিবনুৱা সমস্যা, গেছ-পেট্ৰ’ল-ডিজেলৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ আকাশলংঘী মূল্য, প্ৰত্যেকৰে বেংক একাউন্টত ১৫ লাখকৈ টকা, স্মাৰ্ট চিটি, মেক ইন ইন্ডিয়া, লকডাউনৰ ‘সুফল’ আদিৰ বিষয়ে একো নকয়, একেদৰেই ৰাছিয়া আৰু আমেৰিকাৰ মাজত চলা যুদ্ধং দেহি পৰিস্থিতিতো সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে – উটপক্ষীয়ে বালিত মূৰ গোজাৰ দৰে!
এনে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন-অৰ নিৰ্দেশ অনুসৰি আমেৰিকাৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰই ভাৰতক মুকলিকৈ আহ্বান জনাইছে যে ভাৰত আমেৰিকাৰ পক্ষত থাকিব বুলি বাইডেন প্ৰশাসনে আশা কৰিছে আৰু ভাৰতৰ অৱস্থান গুৰুত্বপূৰ্ণ বুলি আমেৰিকাই বিবেচনা কৰে।
আমেৰিকাই পুনৰ কৈছে যে আন্তৰ্জাতিক বিধি অনুযায়ী আন্তৰ্জাতিক সংকটৰ সময়ত ভাৰতে বলিষ্ঠ সিদ্ধান্ত ল’ব লাগে। এই আহ্বানে এতিয়া মহা সংকটৰ সৃষ্টি কৰিছে – কাৰণ ৰাছিয়াই যি কোনো মুহুৰ্ততে ইউক্ৰেন আক্ৰমণ কৰিব পাৰে বুলি জল্পনা – কল্পনা চলি আছে। এপিনে ৰাছিয়াই ইউক্ৰেনৰ সীমান্তত লক্ষাধিক সৈন্যৰ সমাৱেশ কৰাইছে আৰু অইনপিনে সেই সৈন্য সমাৱেশৰ দ্বাৰা হ’ব পৰা ইউক্ৰেন আক্ৰমণ প্ৰতিহত কৰিবলৈ ইউৰোপৰ বহু কেইখন দেশেও আমেৰিকাৰ সৈতেককালত টঙালি বান্ধি ৰণচালি দিবলৈ ধৰিছে। আমেৰিকাই সাৱধানবাণী শুনাইছে যে যদি ৰাছিয়াই ইউক্ৰেন আক্ৰমণ কৰে, পৰিণাম ভাল নহ’ব। ৰাছিয়াও পিছ পৰি থকা নাই, ৰাছিয়াই কৈছে যে নিজৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ’ব আৰু আমেৰিকাই বেছি সক্ৰিয়তা দেখুৱালে উপযুক্ত উত্তৰ দিয়া হ’ব। এইবোৰক লৈ বিশ্ব তোলপাৰ।

কিন্তু ভয়ংকৰ বিপদ হৈছে ভাৰতৰ! কাৰ পক্ষত থিয় হয়!! যোৱাকালি বৃহস্পতিবাৰে (১৭ ফেব্ৰুৱাৰী, ২০২২) আমেৰিকাৰ বৈদেশিক সচিবে খোলোচাকৈ কৈছে যে ভাৰতে যিদৰে ‘কোৱাড’ গোষ্ঠীৰ সদস্য হিচাপে অইন ৰাষ্ট্ৰৰ আগ্ৰাসন সম্পৰ্কে অতি সৰৱ তথা সমালোচক, এইক্ষেত্ৰতো ভাৰত সৰৱ হ’ব লাগিব। এই সম্পৰ্কে আমেৰিকাই সাম্প্ৰতিক কোৱাড গোষ্ঠীৰ বৈঠকত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শঙ্কৰক জনাই দিছে। ইতিমধ্যে বৈঠকৰ মাজতেই ইউক্ৰেন সংকটক লৈ জয়শঙ্কৰক বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাৰ বৈদেশিক সচিবে। এতিয়া ভাৰতৰ অসুবিধা হৈছে। মুখ খুলিলেও বিপদ, মুখ নুখুলিলেও বিপদ! চীনৰ আগ্ৰাসনক লৈ যদি আন্তৰ্জাতিক মহলক ভাৰতে নিজৰ পক্ষত বিচাৰে, ইউক্ৰেনেও ভাৰতক বিচাৰিবই। গতিকে ভাৰতৰ বাবে সাম্প্ৰতিক পৰিস্থিতি হৈ পৰিছে এক অগ্নিপৰীক্ষা ! ( শুক্ৰবাৰ, ১৮-০২-২০২২)