• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

অগ নগ জগ তেৰি কায়া (মূক, মৃত্যুমুখী কয়দী)

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
May 24, 2023
in Opinion
Reading Time: 6 mins read
0
অগ নগ জগ তেৰি কায়া (মূক, মৃত্যুমুখী কয়দী)
Share on FacebookShare on TwitterShare on LinkedIn

অগ নগ জগ তেৰি কায়া (মূক, মৃত্যুমুখী কয়দী)

সঞ্জীৱ কুমাৰ নাথ

Sanjiv Nath
সঞ্জীৱ কুমাৰ নাথ
মানুহ আনন্দ বিচাৰি ফুৰা জীৱ: অদ্বৈত বেদান্তৰ পন্থাত সৎ-চিত-আনন্দ স্বৰূপৰ উপলব্ধি কৰাৰ আনন্দ, ভক্তি পন্থাত ঈশ্বৰ-প্রেমত ডুবি থকাৰ আনন্দ, আর্ত, দীন-হীন জনক সহায় কৰি পোৱা আনন্দ, শিক্ষকে নিপুন শিকাৰুক শিকাই পোৱাৰ আনন্দ, জ্ঞান আহৰণৰ আনন্দ, উপযোগী কৌশল শিকাৰ আনন্দ, প্রেমত পৰাৰ আনন্দ, সুখী বৈবাহিক জীৱনৰ আনন্দ,  সৎ বন্ধু-বান্ধৱ, সম্বন্ধীয় মানুহৰ সঙ্গৰ আনন্দ, কর্মৰ আনন্দ, জিৰণিৰ আনন্দ, নিদ্রাৰ আনন্দ, খেলাৰ আনন্দ, আনে খেলা খেল চাই পোৱাৰ আনন্দ……
……… বিহু-সন্মিলনী হৈ থকা ঠাইৰ ওচৰত বোকা এসোপা কৰি তাত বাগৰাৰ আনন্দ, সমস্ত দেশ ৰসাতলে যোৱালৈ আওকাণ কৰি নদীৰ পাৰত, বনত, হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰি পিকনিক খোৱাৰ আনন্দ……অন্তহীন আনন্দ।

নির্দিষ্ট সময়ত আকৌ বিশেষ আনন্দৰ বেহা।

যেনে দূর্গা পূজাৰ সময়খিনি বিশেষ আনন্দৰ সময়। এফালে শৰতৰ আগমনে আকাশ-বতাহ-পৃথিৱী শুৱনি কৰে, আনফালে পূজাৰ প্রস্তুতিকলৈ মহা আনন্দ। মহাপয়োভৰেৰে পূজা সম্পাদন কৰাৰ সময়ত ঠায়ে ঠায়ে জীৱ-জন্তু বলি দিয়া হয়।

RelatedPosts

Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026

একপ্রকাৰে বলিৰ পর্ব আৰম্ভ হৈ যায় বহু আগেয়ে, বিশেষকৈ সংবাদ মাধ্যমত : ক’ত কিমান বলি হ’ব সেই বিষয়ে জনোৱা, বৰ বৰ ফোট লোৱা পণ্ডিত আৰু ন্যুজ চেনেলৰ সাংবাদিকৰ মাজত বলিৰ বিষয়ে তত্ব-গধূৰ আলোচনা, সেই আলোচনাত বলিৰ বিৰুদ্ধে মুখ মতা সকলৰ মূর্খামি বা ভণ্ডামিৰ বিষয়ে ৰাইজক অৱগত কৰোৱা, আদি “প্রস্তাৱনা”ৰে। 

ঠায়ে ঠায়ে বলিৰ সংখ্যা আৰু আকৃতিকলৈ বিশেষ গৌৰৱ কৰা হয় : কিমান জন্তু কটা হ’ব, কিমান ডাঙৰ জন্তু কটা হ’ব, ম’হ কেইটা, ছাগলী কেইটা।

টেলিভিজন চেনেলত কিছুমান ঠাইৰ বলিৰ ঐতিহ্য, পৰম্পৰাৰ কথা কোৱা হয়, বৰ বৰ বলি কটা দা প্রদর্শন কৰা হয়, কোনখনেৰে ছাগলী কাটে, কোনখনেৰে ম’হ কাটে দেখুওৱা হয়। ভক্ত সকলে পৰম ভক্তিৰে বলি দিয়া পর্ব সমাপন কৰে, প্রসাদ গ্রহণ কৰে।

মানুহৰ এই আনন্দমূখৰ, উছৱমূখৰ পৰিবেশত সেই বলিৰ জন্তু কেইটাৰ মন–শৰীৰত বাৰু কেনেকুৱা অনুভূতিয়ে ক্রিয়া কৰে?

অগ নগ জগ তেৰি কায়া (মূক, মৃত্যুমুখী কয়দী)

প্রতি বছৰে আমি পৰম উৎসাহেৰে এনে আনন্দ-উৎসৱ পাতো য’ত বলি দিয়া হয়।

কেৱল দূর্গা পূজাতেই নহয়। হিন্দুসকলে যদি দূর্গা পূজা, কালী পূজাত এই দ’ৰে বলি দিয়ে, মুছলমান সকলে ইদ্-উল্-আজহাৰৰ পবিত্র উৎসৱৰ সময়ত জন্তুৰ কুর্বানি দিয়ে। বাংলাদেশত বোলে কেতিয়াবা কুর্বানিৰ সময়ত বৰষুণ বেছিকৈ হ’লে বাট-পথত সৃষ্টি হোৱা পানীৰ সোঁত ৰঙা হৈ পৰে : তেজৰ নৈ।

 কিছুমান ঠাইত বলিৰ ধর্মীয় পৰম্পৰাই বিশেষ আদৰ পায়, আৰু শ্রদ্ধা, ভক্তি আদিৰে তৈয়াৰী কবচৰ মাজত সেই পৰম্পৰা জীয়াই থাকে, সবল হয়। বার্ষিক পূজা-পার্বণৰ ওপৰি সৰু-সুৰাকৈ অৱশ্যে গোটেই বছৰটোতে বলি চলি থাকে।

কিছুমান ভক্তই নিজৰ বিশেষ মনোকামনা পূৰণৰ বাবে পূজা পাতি বলি দিয়ে। কেতিয়াবা বিশেষ ঠাইত এনে বলি দিয়া হয়। বিহাৰত হোৱা নির্বাচনত জিকিবলৈ হেনো একোজন প্রার্থীয়ে পশ্চিম বঙ্গৰ তাৰা পীঠলৈ আহিও বলি দিয়েহি : নির্বাচনী বৈতৰণী যেন তাৰা গোঁসানীৰ কৃপাত ভাল দ’ৰে পাৰ হয়। আমাৰ ইয়াৰো বিখ্যাত বলি-ক্ষেত্রবোৰত বিভিন্ন আকাংক্ষা পূৰণৰ হেতু বিভিন্ন বলী মানুহে বলি দিয়ে। মানুহৰ উচ্চাকাংক্ষাৰ “বলি” এই বলি জন্তু বোৰ।

ভক্ত সকলে ভাবে যে তেওঁলোকে দিয়া বলিৰ বাবে দেৱী বা আল্লা প্রসন্ন হ’ব। কিন্তু এয়া কোনো “বলিদান” নহয়, নিজৰ একো হানি নকৰাকৈ, জন্তু এটাক কাটি “তেৰা”ক দিয়া হয়, এই আশাৰে যে তেৰাই বলি স্বীকাৰ কৰি আর্শীবাদ কৰিব। কি বুদ্ধি মানুহৰ! আৰু বলি কটা জন্তুটোৰ মাংসসোপা খোৱাৰ আনন্দতো আছেই!

ধর্মীয় অনুস্থান নহ’লেওতো আমি জন্তু কাটিয়েই আছো, খায়েই আছো। কেতিয়াবা বিশেষ সময়ত বিশেষ জন্তু। আমেৰিকাত, কেনাডাত থেংছ গিভিঙ পাতি ডাঙৰ ডাঙৰ টার্কি কুকুৰা গোটে গোটে ৰন্ধা হয়। আমি অসমীয়া সকলে কাতি মাহত হাঁহে কোমাৰাই নাখালে নিজৰ অসমীয়াত্ব কিছু পৰিমাণে হ’লেও লাঘব হোৱা যেন পাওঁ।

অগ নগ জগ তেৰি কায়া (মূক, মৃত্যুমুখী কয়দী)

ৰাষ্ট্র-যন্ত্রৰ আগত আকৌ কেতিয়াবা জন্তু হত্যা কৰাৰ মহান কর্ত্তব্য আহি পৰে। সোঁচৰা বেমাৰ হোৱা মানেই গালে গালে কুকুৰা, গাহৰি নিধন। এই বছৰতে আমেৰিকাৰ য়েলোস্তোন পার্কত বিশেষ জন-গোষ্ঠীৰ মানুহক বনৰীয়া বাইছন মাৰিবলৈ দিয়া হয়।

১১০০টা (কিছুমানৰ মতে ১৫০০ টা) পকাণ্ড বাইছন গুলিয়াই মাৰি মাংস কাটি লৈ গ’ল তেওঁলোকে। চিকাৰীয়ে পেলাই থৈ যোৱা বাইছনৰ হাড়, ছাল, নাড়ী-ভূৰু আদি খাবলৈ অহা জীৱ-জন্তুৰ বাবে য়েলোস্তোনৰ কাষৰ বাসিন্দা সকলৰ কেবা মাহ ধৰি অসুবিধা হৈছিল।

আমি আচলতে অনবৰতে এই মূক, মৃত্যুমুখী কয়দীবোৰৰ দ্বাৰা আবৃত হৈ আছো। পঞ্চতন্ত্রৰ এটা সাধুত চিকাৰীয়ে ধৰি অনা এজনী কপৌ আৰু তাইৰ স্বামী মতা কপৌটোৱে সিহঁতৰ বাহ থকা গছজোপাৰ তলতে চিকাৰীয়ে ৰাতি কটাবলৈ লোৱা বাবে চিকাৰীক নিজৰ অতিথি বুলি মানি তাৰ ক্ষুধা নিবাৰণৰ বাবে চৰম বলিদান দিয়ে।

সাধুটোৰ শেষৰ ফালে টানি আঁজুৰি সকলো ঠিক কৰা হৈছে : চৰাই হালে দিয়া আত্ম-বলিদানৰ বাবে সিহঁতে দিব্য শৰীৰ ধাৰণ কৰি বহুত অযুত-নিযুত বছৰৰ বাবে একেলগে স্বর্গ-সুখ উপভোগ কৰে; চিকাৰীৰ স্বভাৱ সলনি হৈ পৰম ধর্মাত্মা হল, আৰু অৱশেষত সেই অৰণ্যৰে জুইত জাপ দি শৰীৰ ত্যাগ কৰে। সাধুৰ গতি-গোত্র চাই ক’ব পাৰি যে এনে মৃত্যুৰ শেষত সেই ব্যাধেও অযুত-নিযুত বছৰ স্বর্গ-সুখ উপভোগ কৰিব।

সাধু সাধুৱেই। কপৌ জনী আৰু তাইৰ স্বামী, মতা কপৌটোৱে আত্মবলিদানেৰে নিজৰ ধর্ম ৰক্ষা কৰা কথাৰ সৈতে বাস্তৱৰ একো সম্বন্ধ নাই : চৰায়ে মানুহৰ দ’ৰে কথা নাপাতে, ত্যাগ, আত্মবলিদানৰ বক্তৃতাও নিদিয়ে; ‘ধর্ম-ৰক্ষা’ৰ বাবে আত্মবলিদান নিদিয়ে। কিন্তু সেই কপৌহালৰ দ’ৰে অসংখ্য চৰাই, মাছ, জন্তুৱে প্রতিদিনে মানুহৰ ভোকৰ বাবে, লোভৰ বাবে বা ধর্মৰ বাবে প্রাণ ত্যাগ কৰিয়েই আছে, কৰিয়েই থাকিব।

সাধু সাধুৱেইনে?

অগ নগ জগ তেৰি কায়া (মূক, মৃত্যুমুখী কয়দী)

সেই পঞ্চতন্ত্রৰ সাধুটোৰ চিকাৰীজনে কপৌহালৰ আত্মবলিদান দেখি নিজৰ কুকর্মৰ বাবে অনুতপ্ত হোৱা আৰু জুইত আত্মজাহ যোৱাৰ দ’ৰে কাম কোনো মানুহে নকৰে, কিন্তু সেই মতা কপৌটোৰ দ’ৰে অনেক মূক, মৃত্যুমুখী কয়দী আমাৰ চাৰিওফালে সদায় আছে, থাকিব।

কপৌহালৰ দ’ৰে জ্ঞান-গর্ভ কথা কৈ নহয়, কিন্তু মৃত্যু-কাতৰ আর্ত্তনাদ কৰি সিহঁতে আমাৰ হাতত প্রাণ দিয়েই আছে, দিয়েই থাকিব।

সিহঁতে সকলো জানে। আমিযে কেৱল নিজৰ স্বার্থ সিদ্ধিৰ বাবে সিহঁতক ৰাখোঁ, খুৱাও, শকত কৰোঁ, মৰম দেখুৱাওঁ, সিহঁতে সকলো জানে। বলিশাললৈ নিয়া জন্তুটোৱে জানে তাৰ কি হ’ব, দাৰ ঘাপত একে কোবতে ডিঙিটো চিঙি যাবলৈ (তাৰ প্রতি অনুকম্পাৰ বাবে নহয়, ধর্মীয় নিয়মৰ বাবে) তাক যেতিয়া বিশেষ ব্যৱস্থাৰে সাজু কৰা হয়, সি জানে তাৰ কি হ’ব।

একে ঘাপতে নাকাটি ডিঙিত ৰেপ দি কাটিলেও সি জানে কি হৈছে।

কচায়ে ওলোমাই থোৱা লগৰে এটাৰ শৱদেহ বা শৱদেহৰ অংশৰ ওচৰত ঠিয়দি থকা ছাগলীটোৱে জানে তাৰ কি হ’ব। কাটিবলৈ লৈ যাওঁতে সি যে বেবায়, সি জানে সিও এতিয়া মুণ্ডহীন হৈ, গাৰ ছাল খহাই ওপৰত ওলিমব লাগিব। অবশ্যে সি চাগে নাজানে যে এতিয়া আৰু তাক মানুহে ক্ষন্তেক আগতে জীয়াই থকা এটা সম্পূর্ণ শৰীৰ বুলিয়েই নধৰে; যে সি হৈ পৰিব “ৰান, ছীনা, গর্দন, ঠেং, মাথা, লিভাৰ…”

দুর্গন্ধময় লেতেৰা গাড়ীৰ পৰা নমাই যে ব্রইলাৰ কুকুৰাবোৰক থেকেছা মাৰি, দ’লি মাৰি থোৱা হয়, তেতিয়া সিহঁতক তেনেকৈ handle কৰা সকলে বোধকৰোঁ সিহঁতক জীৱন্ত বস্তু বুলি নাভাবেই, কিন্তু দ’লি মাৰোতে মাটিত থেকেছা খোৱাৰ ফলত ব্রইলাৰটোৰ মঙহাল বুকুখনত প্রায়ে ক’লা দাগ এটা পৰি যায় : মৰা তেজৰ দাগ। কোনে আৰু তাৰ মৰা তেজৰ দাগৰ খবৰ ল’ব?

অগ নগ জগ তেৰি কায়া (মূক, মৃত্যুমুখী কয়দী)

অলপ পিছতেতো ডিঙিত ৰেপ দি সেই ভয়ানক ভাবে লেতেৰা প্লাস্তিক ড্রামটোত তাক দলিয়াই দিয়া হ’ব য’ত আগতে কটা তাৰ লগৰ বোৰৰ পাখি, তেজ, ঠেং, মূৰ আদিৰ মাজতে চটফট কৰি সি মৰিব। মৰিলে শান্তি। তেতিয়া আৰু সি গম নাপায় যে তাৰ শৰীৰটো টুকুৰা টুকুৰ কৈ কাটি, লোণ-হালধি-মছলা সানি, ৰান্ধি, মানুহে নিজৰ মুখত ভৰাব। মৰিলে শান্তি।

আচলতে সিহঁতে কিমান জানে আমি নাজানো আৰু জনাৰ প্রয়োজন বোধো নকৰো। (এই দিশত এতিয়া কিছু মানুহে কিছু কথা ক’বলৈ লৈছে। এখন উল্লেখযোগ্য কিতাপ : Frans de Waal ৰ দ্বাৰা ৰচিত Are We Smart Enough to Understand How Smart Animals Are?)  টমাছ হার্ডিৰ উপন্যাস “জুদ দি অব্স্ক্যৰ”ৰ এটা অধ্যায়ত এটা গাহৰি মৰাৰ দৃশ্য আছে।

জুদ আৰু আৰাবেলাৰ ঘৰলৈ সেইদিনা পুৱা এজন পেছাদাৰ গাহৰি মৰা মানুহ অহাৰ কথা। আমাৰ ঘৰত কাম কৰিবলগীয়া মিস্ত্রীয়ে যিদ’ৰে কেতিয়াবা নিজৰ যন্ত্র-পাতি, সা-সৰঞ্জাম আগতীয়াকে থৈ যাইহি, সেইদ’ৰে এই গাহৰি মৰা মানুহজনেও তেওঁৰ ছুৰী, দা আদি আগেয়েই তেওঁলোকৰ তালৈ পঠাই দিছিল। কিন্তু গাহৰিটো কাটিবলগীয়া ৰাতিপুৱা বতৰ বেয়া হোৱা বাবে তেওঁ অহাত পলম হ’ল।

আৰাবেলাহঁতে ভাবিলে যে তেওঁ চাগৈ নাহিবয়েই; আৰু সেইকাৰণে আৰাবেলেই কোৱা মতে জুদে কামটো নিজেই কৰিবলৈ লৈছিল। আচলতে এই বিষয়ত আৰাবেলাৰ জ্ঞান, অভিজ্ঞতা জুদতকৈ বেছি, কিন্তু প্রকাণ্ড গাহৰিটো মৰা সহজ নহয়, গতিকে বহুত উপদেশ, পৰামর্শৰে জুদক প্রস্তুত কৰি আৰাবেলাই জুদকেই কামটো কৰিবলৈ দিলে।

আগৰাতি গাহৰিটোৱে কিয় ইমান চিঞৰি আছিল গাহৰিটো মাৰিবলৈ লৈহে জুদে গম পায় । আৰাবেলাই জুদক কয় যে গাহৰিটো মৰাৰ পিছত তাৰ পেটৰ ভিতৰৰ নাড়ী-ভূৰু আদিবোৰ উলিয়াবলৈ আৰু চাফা কৰিবলৈ সহজ হ’বলৈ মৰাৰ আগতে এদিন বা দুদিন গাহৰিটোক একো খাবলৈ দিয়া নহয়। অর্থাৎ মৃত্যুমুখী গাহৰিটোৱে ভোকতে চিঞৰি আছিল।

অগ নগ জগ তেৰি কায়া (মূক, মৃত্যুমুখী কয়দী)

আৰাবেলাই লাভ-লোকচানৰ অঙ্ক ভালদ’ৰে জানে, জুদে কিন্তু গাহৰিটোৰ কথাও ভাবে।

আৰাবেলাই জোৰ দি কয় যে চোকা দীঘল ছুৰীখন জুদে যেন গাহৰিটোৰ মর্মস্থলত বৰ বেছি ভিতৰলৈ নুসুমোৱায়, কাৰণ তেনে কৰিলে তেজবোৰ হোহোকৈ ওলাব, আৰু কম সময়ৰ ভিতৰতে গাহৰিটো মৰি যাব, আৰু তেতিয়া তাৰ মাংসবোৰ ৰঙা হৈ পৰিব, আৰু তেনে ৰঙৰ মাংসৰ বাবে বজাৰত দাম অলপ কম পোৱা যাব।

সেইবাবে জুদে যেন ছুৰিখন কমকৈ সুমোৱাই গাহৰিটোক লাহে লাহে ৰক্ত-ক্ষয় হৈ মৰিবলৈ দিয়ে। তেনে কৰিলে গাহৰিটো মৰিবলৈ দহ মিনিট বা তাতকৈও বেছি সময় লাগিব, কিন্তু তেতিয়া তাৰ মাংস বগা হ’ব, আৰু বজাৰত অলপ বেছি দাম পোৱা যাব। ইফালে তেজ খিনি নষ্ট নকৰি ধৰি ৰাখিব লাগিব যাতে তাৰ পৰা আৰাবেলাই “ব্লাদ-ছছেজ্” তৈয়াৰ কৰিব পাৰে।

জুদে কিন্তু দীঘলীয়া সময়ৰ বাবে গাহৰিটোক মৰণ-যন্ত্রণা দিবলৈ অমান্তি হৈ ওপৰলৈ পেট কৰি ভৰি বান্ধি সাজু কৰা গাহৰিটোৰ শৰীৰৰ এক বিশেষ ঠাইত ক্ষিপ্রতাৰে বহুত ভিতৰলৈকে জোঙা ছুৰীখন সুমোৱাই দিলে। ফলত এফালে হোহোকৈ তেজ ওলাল, আৰু আনফালে আৰাবেলাৰ গালি।

মৃত্যুমুখী গাহৰিটোৰ সকলো চিঞৰ-বাখৰ, কান্দোন-কাতোন শেষ হোৱাৰ দৃশ্য হার্ডিয়ে এনেকৈ দেখুৱাইছে : “মৰিবলৈ লোৱা জন্তুটোৰ চিঞৰ তাৰ তৃতীয় আৰু শেষ পর্যায়ত উপনীত হ’লগৈ : মৰণ-কাতৰ যন্ত্রণাৰ চিঞৰ; ধূসৰ হৈ অহা তাৰ চকুদুটাই আৰাবেলাৰ ফালে ঘূৰি যেন অতি স্পষ্ট ভাষাত গৰিহনা দি কৈছে কেনেকৈ তাৰ একমাত্র বন্ধু যেন লগা সকলেই তাক ঠগিলে।”

আৰাবেলাই নাভাবে যে তাই গাহৰিটোক ঠগিলে। আমি নাভাবো যে আমি বলি দিয়া বা এনেয়ে খাবৰ বাবে মৰা জন্তুবোৰক আমি ঠগো। ঘৰত পোহা গাহৰিটোৰ সৈতে ধেমালি কৰিলে সি ভাল পায়, খাইবৈ শুই থাকোতে তাক হাতে বা ভৰিৰে ঠেলি হেছি চালে সি ঠিক কুকুৰে যেনেকুৱা কৰে তেনেকুৱা কৰে : এঙামুৰি দিয়াৰ দ’ৰে কৰে, চকু মুদি “মালিশ” উপভোগ কৰে।

অগ নগ জগ তেৰি কায়া (মূক, মৃত্যুমুখী কয়দী)

সৰু ল’ৰা-ছোৱালীয়ে ছাগলী পোৱালীক কোচত লৈ ফুৰোঁতে সিহঁতক একেলগে দেখি এনে লাগে যেন এই বন্ধুত্ব কেতিয়াও শেষ নহ’ব।

বেচেৰা ছাগলী পোৱালীটোৱেতো নাজানে যে দুটামান মাহৰ পিছতে তাৰ শৰীৰটোক কেৱত মাংস-পিণ্ড বুলিহে গণ্য কৰা হ’ব। যিটো শিশুৰ কোচত সি পৰম আনন্দেৰে সোমাই থাকে তাৰেই দেউতাকে তালৈ চাই ভাবিব, “ এতিয়া কাটিলে বৰ বেছি মাংস নোলাব। আৰু অলপ ডাঙৰ হওক বাৰু”।

আমি ভাবো যে সিহঁতক বলি দি আমি দেৱীক, ঈশ্বৰক, আল্লাক সন্তুষ্ট কৰোঁ, আমি ভাবো যে সিহঁতৰ মঙহ খাই আমাৰ শৰীৰ পুষ্ট হয়; প্রটিন পাওঁ, ভিটামিন পাওঁ। আদিম মানবে চিকাৰ কৰি জন্তু খাবলৈ শিকাৰ পৰা, জন্তু পোহনীয়া কৰিবলৈ লোৱাৰ পৰা, আধুনিক বৃহৎ ফার্মত বৈজ্ঞানিক পদ্ধতিৰে মাংস উৎপাদন কৰালৈকে, সিহঁতে কেৱল আত্মবলিদান দিছে, আৰু আমি সিহঁতক মাৰিছো, খাইছো।

চীনত সুউচ্চ বহু মহলীয়া ঘৰত বেমাৰৰ বীজাণুৰ পৰা দূৰত, গাহৰি পোহা হৈছে, আমেৰিকাৰ ধনী, মেদ-বহুল নাগৰিক সকলে যাতে মাংসৰ নাটনিত নপৰে তাৰ বাবে আমাজোন বর্ষাৰণ্য ধ্বংস কৰি হ’লেও ঘাঁহ ৰুই গৰু পোহা হৈছে।

শাক-পাচলিৰ ডাঙৰ পামত যিদ’ৰে সমান দুৰত্বত শাৰী শাৰীকৈ পাচলি ৰুই প্রতি বর্গ ইঞ্চি মাটিৰ সদব্যৱহাৰ কৰা হয়, সেই দ’ৰে ডাঙৰ কুকুৰা ফার্মত নির্দিষ্ট অকণমান ঠাইতে থাকি কুকুৰাই খায়, মল ত্যাগ কৰে, ডাঙৰ হয়, আৰু নির্দিষ্ট আকৃতি বা ওজনৰ হ’লেই মাংসলৈ পৰিণত হৈ যায়। অনলাইন চিকেন, মাটন কিনিব পাৰি। কেনেকুৱা অংশ মাংস লাগে জনালেই হ’ল, কিমান ওজনৰ লাগে জনালেই হ’ল।

এটা জীৱ কিনা নাযায়, তাৰ মৃত্যুৰ দৃশ্য চোৱাৰ প্রয়োজন নাই, কিন্তু কোনোবাইতো জীৱটো ধৰি, মাৰি, টুকুৰা-টুকুৰ কৰিবই লাগিব…

অগ নগ জগ তেৰি কায়া (মূক, মৃত্যুমুখী কয়দী)

আমি সদায় আমি, সিহঁত সদায় সিহঁত।

আমি “ফুদ চেইন”ৰ সবাতোকৈ ওপৰত। আমি সকলোকে খাওঁ, কিন্তু আমাক খাওঁতা কোনো নাই। কোনো কোনোৱে ভাবে যে আমাৰ এই আধিপত্য বজাই ৰখাতো আমাৰ কর্ত্তব্য; অর্থাত সিহঁতক খাই আমি আমাৰ “শ্রেষ্ঠত্ব” প্রতিপন্ন কৰিব লাগে।

কিন্তু “শ্রেষ্ঠত্ব” কেৱল ফুদ চেইনৰ সবাতোকৈ ওপৰত থকাটোৱেই নেকি? মার্কিন দার্শনিক হেনৰি ডেভিদ থৰই কৈছে যে নিসন্দেহে মানৱ সভ্যতাৰ ক্রমাৎ উন্নতি ঘটি আছে, আৰু এই উন্নতিৰ অংশ হিচাপে এদিন মানুহে জীৱ-জন্তু খোৱা বাদ দিব—ঠিক সেইদ’ৰে যিদ’ৰে প্রাচীন নৰমাংস ভোজী জাতি বোৰে নৰ মাংস ভোজন কৰিবলৈ লাহে লাহে এৰিলে।

কেতিয়াবা এনে দিন আহিব নে বাৰু? থৰই বিচৰা ধৰণৰ “উন্নতি”ৰ দিন?

(Sanjeev Kumar Nath, English Department, Gauhati University; sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Musk
Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

by Anjan Sarma
March 10, 2026
0

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!! অঞ্জন শৰ্মা আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা...

Read moreDetails
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
Can India Become a Developed Nation Without Health Literacy by 2047?

Can India Become a Developed Nation Without Health Literacy by 2047?

March 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d