•ডা° সুকৃতি চৌধুৰী
মৰমৰ ভাইটি-ভন্তিহঁত, আশা কৰো আটায়ে কুশলে আছা৷তোমালোকে জানাই যে টকা-পইচাক বিভিন্ন দেশত বিভিন্ন নামেৰে জনা যায়৷ কিন্তু এই নামবোৰ আহিলেইনো ক’ৰ পৰা? এই যে মই ক’লো টকা-পইচা বা ভাৰতত যে কয় ‘ৰুপীয়া‘ ; কিন্তু এই টকা, পইচা, ৰুপীয়া, য়েন, পাউণ্ড, লিৰা, ডলাৰ—এই শব্দবোৰ আহিলেইনো কেনেকৈ? আন নামেৰেওতো ক’ব পাৰিলেহেঁতেন৷ ইয়াৰ বিষয়ে চমুকৈ ক’ম শুনিবা দেই….
টকা /টাকাঃ
টকা শব্দটো আচলতে চেন্ট্ৰেল এছিয়াতহে বেছিকৈ প্ৰচলিত আছিল৷ এই শব্দটো আহিছে তুৰ্কী ভাষাৰ “টামগা“ শব্দটোৰ পৰা৷ “টামগা“ শব্দটোয়ে আচলতে চীল-মোহৰহে বুজাইছিল৷ মুখ বাগৰি শব্দটো “টেংগা” হৈছিল আৰু মধ্য এছিয়াৰ দুখনমান দেশত ১৫০০ মান বছৰৰ আগতেই টকা-পইচাক “টেংগা” বুলি ক’বলৈ লৈছিল৷ এই “টেংগা” শব্দটো কালৰ গতিত “টকা“ বা “টাকা” হৈছিল৷ আনহাতে ভাৰতত প্ৰাচীন যুগত ৰূপৰ মুদ্ৰাক “টংক” বুলিও কৈছিল৷
পইছাঃ
পইছা শব্দটো আচলতে সংস্কৃতৰ চাৰিভাগৰ এভাগ বুজাবলৈ কোৱা Padamsa শব্দটোৰ পৰা আহিছে৷ কিন্ত পুব আফ্ৰিকাৰ কেতবোৰ দেশতো মুদ্ৰাক “পেচা” বুলি কোৱা হৈছিল৷
ৰুপী /ৰুপীয়াঃ
ৰুপী শব্দটো আহিছে সংস্কৃত ৰূপক্যম শব্দৰ পৰা৷ ইয়াৰ অৰ্থ আছিল ৰূপৰ মুদ্ৰা৷ আনহাতে শ্বেৰা শ্বাহ চুৰীয়ে ১৫৪০ ৰ পৰা ১৫৪৫ চনৰ ভিতৰত ৰুপীয়া নাম দি মুদ্ৰা প্ৰচলন কৰাইছিল৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া এক্ট ১৯৩৪ অনুসৰি ভাৰতীয় মুদ্ৰাৰ নাম ৰুপীয়া ৰখা হয়৷
ডলাৰঃ
আমেৰিকা, কানাডা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, ছিংগাপুৰ আদি অনেক দেশত মুদ্ৰাক ডলাৰ বুলি কয়৷ এই ডলাৰ শব্দটোৰ এটা মজাৰ কাহিনী আছে৷ ১৫০০ চনত Count Hieronymus Schlick নামৰ এজন বহেমিয়ান স্বভাৱৰ অভিজাত মানুহে টাকশাল বহুৱাই ৰূপৰ মুদ্ৰা বনাবলৈ লয়৷ তেওঁৰ দ্বাৰা উৎপাদিত মুদ্ৰাবোৰক Joachimstalers বুলি কৈছিল৷ কিন্ত শব্দটো টান ন? সেইকাৰণেই Joachimstalers শব্দটোক চমুকৈ Taler বুলি কৈছিল৷ কালৰ গতিত এই টলাৰ শব্দটোয়েই মুখ বাগৰি হ’লগৈ ডলাৰ৷
পাউণ্ডঃ
এইবাৰ শুনা Pound (পাউণ্ড) শব্দটোৰ কথা৷ গ্ৰেট ব্ৰিটেইন, চুডান, চিৰিয়া, লেবানন আৰু বহুকেইখন দেশত মুদ্ৰাক পাউণ্ড বুলি কয়৷ এই পাউণ্ড শব্দটো আহিছে লেটিন ভাষাৰ Poundus শব্দটোৰ পৰা যাৰ পোণপটীয়া অৰ্থ আছিল ওজন৷
পেচোচ (Pesos)ঃ
প্ৰধানকৈ স্পেইনৰ লোকে মুদ্ৰাক পেচোচ বোলে৷ ইয়াৰ অৰ্থও ওজন৷ স্পেইনৰ এসময়ৰ উপনিৱেশ আৰু আন কেতবোৰ দেশত মুদ্ৰাক পেচোচ বুলিয়েই কয়৷ এই দেশ সমূহ হ’ল:-চিলি, উৰুগুৱে, ফিলিপাইন, আৰ্জেন্টিনা ইত্যাদি৷
ডিনাৰঃ
ইৰাক, বাহৰেইন, কুৱেইট, জৰ্ডান, মেচিডনিয়া আদি দেশবোৰত মুদ্ৰাক ডিনাৰ বুলি কয়৷ ডিনাৰ শব্দটো একালৰ ৰোমান সাম্ৰাজ্যত প্ৰচলিত ডেনাৰিয়াচ শব্দটোৰ পৰা আহিছে যাৰ দ্বাৰা ৰূপৰ মুদ্ৰা বুজোৱা হৈছিল৷ মজাৰ কথা হ’ল ডেনাৰিয়াচ শব্দটো আচলতে লেটিন ভাষাৰ শব্দহে যাৰ অৰ্থ হ’ল দহটাৰ সমষ্টি৷
লিৰাঃ
ইয়েন,ইউৱান, ৱোন (Yen, Yuan, Won)ঃ
টকা-পইচাক লৈ কোৱা তলৰ বাক্য মোৰ ভাল লাগে:
Take care of Penny. Pound will take care of itself.
খুচুৰা পইছাৰ চোৰাং গতি !
তোমালোকে Samuel Smiles ৰ দ্বাৰা লিখিত Thrift কিতাপখন নিশ্চয় পঢ়িবা৷ এই কিতাপখন
ইতি……
মৰমেৰে সুকৃতি বা