-অঞ্জন শৰ্মা |
‘কাশীখন্ড’ গ্ৰন্থত উল্লেখ আছে, অবিমুক্ত এক মহাক্ষেত্ৰ হ’ল কাশী। এই অবিমুক্তেশ্বৰেই সকলোৰে আদিলিঙ্গ। ইয়াৰ পূৰ্বে জগতত কোনেও শিৱলিঙ্গ প্ৰতিস্থা কৰা নাছিল আৰু শিৱলিঙ্গৰ আকৃতি সম্পৰ্কেও জ্ঞান নাছিল। স্বয়ং মহাদেৱে এই লিঙ্গ স্থাপন কৰাৰ পিছত যথাযথ অৰ্চনা আদি কৰি ব্ৰহ্মা আৰু বিষ্ণুৱে সেই লিঙ্গত পূজা কৰিছিল। বশিষ্ঠ, অগস্ত্য আৰু বিশ্বামিত্ৰ ঋষিসকলেও অবিমুক্তেশ্বৰৰ পূজা কৰিছিল বুলি জনা যায়। অবিমুক্তেশ্বৰ সৃষ্টি হোৱাৰ পিছত যুগে যুগে মুনি-ঋষিসকলে পূণ্যতীৰ্থ বাৰানসীত বসবাস কৰিবলৈ লয়।
শিৱৰ ধাম, অন্নপূৰ্ণাৰ স্থান কাশীলৈ আহিছিল ১৩০ বছৰীয়া কালজয়ী অৱধূত শ্ৰীত্ৰৈলঙ্গস্বামী। এই কাশীতেই তেওঁ অতিবাহিত কৰিছিল জীৱনৰ ১৫০ টাকৈ বছৰ। তেওঁ দেহধাৰণ কৰিছিল ২৮০ বছৰ। তেওঁ বিভূষিত হৈছিল কাশীৰ সচল বিশ্বনাথ হিচাপে, জীৱন্ত মহাদেৱ হিচাপে। কাশী সম্পৰ্কে ঠাকুৰ শ্ৰীৰামকৃষ্ণ পৰমহংসৰ ধাৰণা কেনে আছিল আৰু শ্ৰীত্ৰৈলঙ্গস্বামীৰ সৈতে তেওঁৰ সাক্ষাৎ কেনে আছিল- সেইসম্পৰ্কে আমি জানিব পাৰো স্বামী সাৰদানন্দৰ ‘শ্ৰীশ্ৰী ৰামকৃষ্ণলীলা প্ৰসঙ্গ’ৰ জৰিয়তে। তেওঁ লিখিছে, ঠাকুৰ ( শ্ৰীৰামকৃষ্ণ)ৰ পৰা শুনিছিলো যে তীৰ্থভ্ৰমণোপলক্ষে মথুৰে লক্ষ মুদ্ৰাতকৈও অধিক ব্যয় কৰিছিল। মথুৰে কাশীত পদাৰ্পণ কৰিয়েই ব্ৰাহ্মণ পন্ডিতসকলক প্ৰথমে ভিক্ষা- অৰ্পণ (মাধুকৰী) কৰে; তাৰপিছত তেওঁলোকক সপৰিবাৰে নিমন্ত্ৰণ কৰি পেট ভৰাই সন্তুষ্ট হোৱাকৈ ভোজন কৰাই কৰি সকলোকে বস্ত্ৰদান আৰু এক টকাকৈ দক্ষিণা প্ৰদান কৰে। …. নাওঁৰে বাৰাণসীত প্ৰৱেশ কৰা সময়ৰে পৰাই ঠাকুৰে ভাব-নয়নেৰে প্ৰত্যক্ষ কৰিবলৈ ধৰে যে শিৱপুৰী কাশী প্ৰকৃততে সুৱৰ্ণনিৰ্মিত – বাস্তৱিকতে ইয়াত মাটি-শিল আদিৰ একান্ত অভাৱ- আৰু যুগ-যুগান্তৰ ধৰি সাধু-ভক্তসকলৰ পূণ্যৰে ই কাঞ্চনতুল্য সমুজ্জ্বল, অমূল্য হৃদয়ৰ ভাৱৰাশি স্তৰে স্তৰে পূঞ্জীভূত তথা ঘনীভূত হৈ বৰ্তমানৰ আকাৰত প্ৰকাশিত। সেই জ্যোতিৰ্ময় ভাবঘন মূৰ্তিয়েই ইয়াৰ নিত্য সত্যৰূপ – আৰু বাহ্যিকভাৱে যি দেখা যায়- সি ইয়াৰ ছাঁয়া হে মাথোন। …..বাৰাণসুক অনবৰতে সুবৰ্ণময় হিচাপে প্ৰত্যক্ষ কৰি শৌচাদিৰ দ্বাৰা সুৱৰ্ণক অপৱিত্ৰ কৰা হ’ব বুলি প্ৰত্যয় গৈ বালকস্বভাৱৰ ঠাকুৰ শ্ৰীৰামকৃষ্ণই ভাবি ভাবি আকুল হৈ অশান্তি পাইছিল আৰু মথুৰক কৈ পাল্কীৰ ব্যৱস্থা কৰি কেইদিনমান বাৰাণসীৰ বাহিৰলৈ গৈ নিত্যকৰ্ম সম্পন্ন কৰি উভতি আহিছিল। …. কাশীত এক বিশেষ দৰ্শনৰ কথা শ্ৰীৰামকৃষ্ণ পৰমহংসৰ মুখেৰে স্বামী সাৰদানন্দই শুনিছিল। বাৰাণসীৰ মণিকৰ্ণিকা ইত্যাদি পঞ্চতীৰ্থ দৰ্শন কৰিবলৈ বহুতেই গঙ্গাৰ বক্ষত নৌকাভ্ৰমণ কৰে। মথুৰেও ঠাকুৰক লগত লৈ গৈছিল। মণিকৰ্ণিকাৰ কাষতেই কাশীৰ প্ৰধান শ্মশানভূমি। মথুৰৰ নৌকা যেতিয়া মণিকৰ্ণিকা ঘাটৰ সন্মুখলৈ আহিল, তেতিয়া দেখা গ’ল যে শাৰী শাৰী চিতা জ্বলি আছে আৰু শৱদেহবোৰ দাহ হৈ আছে। ভাবময় ঠাকুৰে সেই দৃশ্য দেখা মাত্ৰকেই একেবাৰে আনন্দত উৎফুল্লিত হৈ নাওঁখনৰ বাহিৰলৈ দৌৰি ওলাই আহি নাওঁৰ কাষতেই থিয় হৈ থকা অৱস্থাতেই সমাধিস্থ হৈ পৰিল। মথুৰৰ পান্ডা আৰু নাওঁৰ নাৱৰীয়া-মাল্লাসকলে পানীৰ সোঁতে ঠাকুৰক উটুৱাই নিব বুলি পানীত নামি ঠাকুৰক ধৰিবলৈ আগবাঢ়িল। কিন্তু কোনেও কৰিবলগীয়া নহ’ল; দেখা গ’ল যে ঠাকুৰ ধীৰ-স্থিৰভাৱে দন্ডায়মান হৈ আছে আৰু এক অদ্ভুত জ্যোতিঃ তথা হাঁহি তেওঁৰ মুখমন্ডলত বিৰিঙি উঠি সেই স্থানকেই বিশুদ্ধ জ্যোতিৰ্ময় কৰি তুলিছে। মথুৰ আৰু ঠাকুৰৰ ভাগিন হৃদয় সাৱধানে ঠাকুৰৰ কাষত থিয় হ’ল, নাৱৰীয়া-মাল্লাসকলেও বিস্ময়াভিভূত হৈ ঠাকুৰৰ অদ্ভুত ভাব দূৰৈত থিয় হৈ নিৰীক্ষণ কৰিবলৈ ধৰিলে।
সেইদিনা ঠাকুৰে এক অলৌকিক দৃশ্য দেখা পাই সেইধৰণে ভাবাবিষ্ট হৈ পৰিছিল। কাশীৰ প্ৰকৃত স্বৰূপ তেওঁৰ সন্মুখত সেই সময়ত উন্মোচিত হৈছিল। ‘কাশীখন্ড’ত কোৱা হৈছে যে এই স্থানত মৃত্যু হ’লে স্বয়ং বিশ্বনাথে জীৱক নিৰ্বাণপদবী প্ৰদান কৰে। অৰ্থাৎ সেই জীৱৰ পুনঃজন্ম নহয়। জীৱাত্মা হৈ পৰে শুদ্ধ-মুক্ত। কিন্তু কিদৰে সেয়া সম্পন্ন হয়, সেয়া কোনো শাস্ত্ৰত লিপিবদ্ধ হোৱা নাই। শাস্ত্ৰৰ অতীত, অৱতাৰ শ্ৰীৰামকৃষ্ণ ঠাকুৰে সেইদিনা সেই দৃশ্য দেখি ভাবাবিষ্ট হৈ পৰিছিল। শাস্ত্ৰত অনুল্লেখিত সেই সত্য ভগৱান বিশ্বনাথ আৰু মা ভবতাৰিণীয়ে শ্ৰীঠাকুৰৰ শ্ৰীমুখেৰে প্ৰকাশ কৰাইছিল। সেই বৰ্ণনা আজি শাস্ত্ৰতকৈও অধিক প্ৰত্যক্ষ আৰু ভাবগম্ভীৰ। শ্ৰীৰামকৃষ্ণই দেখিছিল যে মণিকৰ্ণিকাৰ ঘাটত থিয় হৈ আছে দীৰ্ঘদেহী ভগৱান শিৱ। সেইস্থানত তেতিয়া চলি আছিল শিৱ আৰু শক্তিৰ অপূৰ্ব খেলা। তেওঁৰ বৰ্ণনা অনুসৰি – জগতৰ গম্ভীৰতা লৈ শাৰী শাৰীকৈ চিতা জ্বলিছে । ঠাকুৰে দেখিছে যে ভস্মাচ্ছাদিত বিশাল দেহধাৰী শিৱই চিতাত শায়িত জীৱৰ কাণত তাৰকব্ৰহ্ম নাম শুনাই আছে আৰু তাৰপিছতেই মহামায়া মা কালীয়ে চিতাত আৰোহণ কৰি জীৱক অষ্টপাশৰ পৰা মুক্ত কৰি মুক্তিৰ আকাশত ধোঁৱাৰে উৰুৱাই দিবলৈ ধৰিছে। আহঃ, শাস্ত্ৰতো যি নাই, সেই কথা ঠাকুৰে কি সুন্দৰকৈ আমাৰ হৃদয়ত খোদিত কৰি গ’ল! সেইবাবেই তেওঁ ধনীৰ ঠাকুৰ, দৰিদ্ৰৰ ঠাকুৰ, জ্ঞানীৰ ঠাকুৰ, অজ্ঞানীৰো ঠাকুৰ – তেওঁ সকলোৰে পৰমপ্ৰিয় পৰমহংসদেৱ!
দুয়োগৰাকী মহাসাধক তথা মহাপুৰুষ তেতিয়া কাশীত। অৱধূত শ্ৰীত্ৰৈলঙ্গস্বামীয়ে সেইসময়ত তেওঁৰ ভক্ত মঙ্গলভট্টজীৰ গৃহত অৱস্থান কৰিছিল। গোটেই দিনটো তেওঁ কাশীৰ বিভিন্ন ঘাট আৰু শ্মশানবোৰত ঘূৰি ফুৰে। শ্ৰীত্ৰৈলঙ্গস্বামী মহাৰাজ তেতিয়া মৌনী আৰু অজগৰবৃত্তি-অৱলম্বনকাৰী। অজগৰবৃত্তি হ’ল – নিজৰ হাতেৰে একো নাখায়, কোনোবাই কিবা খুৱাই দিলেহে পৰমানন্দেৰে সেই খাদ্য গ্ৰহণ কৰে। অৱতাৰ শ্ৰীৰামকৃষ্ণ ঠাকুৰৰো খুব ইচ্ছা যে এবাৰৰ বাবে হ’লেও কাশীৰ সচল বিশ্বনাথ শ্ৰীত্ৰৈলঙ্গস্বামী মহাৰাজক স্বচক্ষে দৰ্শন কৰিব! ঠাকুৰে নিজৰ মনৰ ইচ্ছা মথুৰবাবুক জনালে। মথুৰবাবু আৰু ঠাকুৰৰ মাজৰ সম্পৰ্ক আছিল অসাধাৰণ, যেন ভক্ত আৰু ভগৱান নহয়, বৰং প্ৰাণৰ বন্ধু। ঠাকুৰৰ মনৰ কথা মথুৰবাবুৱে ভালদৰেই বুজি পাইছিল। মথুৰবাবুৱে সেয়ে ঠাকুৰক কৈছিল যে আপুনি কোনো চিন্তাই নকৰিব। শ্ৰীত্ৰৈলঙ্গস্বামী এতিয়া ক’ত আছে মই খা-খবৰ লৈ লওঁ। তাৰপিছত আপোনাক মই লৈ যাম। ঠাকুৰে হাঁহি হাঁহি কৈছিল, ঠিক আছে, সেয়াই হওঁক।
স্বামী সাৰদানন্দই লিখিছে যে কাশীত অৱস্থান কৰা সময়ছোৱাত ঠাকুৰ শ্ৰীৰামকৃষ্ণই কাশীৰ খ্যাতনামা সাধু-সন্তসকলক দৰ্শন কৰিছিল। সেই সকলোৰে ভিতৰত শ্ৰীত্ৰৈলঙ্গস্বামীক দেখি তেওঁ অতি আনন্দিত হৈছিল। অৱতাৰ ত্ৰৈলঙ্গস্বামীৰ বিষয়ে বিভিন্ন কথা ঠাকুৰে স্বামী সাৰদানন্দকে ধৰি বহুতকে কৈছিল। ঠাকুৰ শ্ৰীৰামকৃষ্ণ পৰমহংসই কৈছিল যে ,’ দেখা পালো, সাক্ষাৎ বিশ্বনাথে তেওঁৰ শৰীৰটো আশ্ৰয় কৰি প্ৰকাশিত হৈ ৰৈছে। অত্যন্ত উচ্চতমজ্ঞানাৱস্থা ত্ৰৈলঙ্গস্বামীৰ। শৰীৰ সম্পৰ্কে কোনো জ্ঞানেই নাই, প্ৰচন্ড ৰ’দত বালিবোৰ অগ্নিসম হৈ আছে – ভৰি দিয়াৰেই সাধ্য নাই- তেনে উত্তপ্ত বালিৰ ওপৰত সুখেৰে নিদ্ৰামগ্ন তেওঁ। মই তেওঁৰ বাবে পায়স ৰান্ধি নি তেওঁক খুৱাই দিছিলো। তেওঁ তেতিয়া কথা নকৈছিল- মৌনাৱস্থা।'( শ্ৰীশ্ৰীৰামকৃষ্ণলীলাপ্ৰসঙ্গ)
অৱতাৰ শ্ৰীৰামকৃষ্ণ পৰমহংসই অইন এক অৱতাৰ শ্ৰীত্ৰৈলঙ্গস্বামীক সাক্ষাৎ কৰিবলৈ যোৱা সময়খিনিতেই, পুনৰ কাশীলৈ, শ্ৰীত্ৰৈলঙ্গস্বামীৰ ওচৰলৈ সদ্য-হিমালয়ৰ পৰা উভতি অহা ত্ৰৈলঙ্গস্বামীৰ মানসকন্যা তথা শিষ্যা শ্ৰীশঙ্কৰী মাতাজীও উপস্থিত আছিল। তেওঁ তেতিয়া ত্ৰৈলঙ্গস্বামীৰ বেদীৰ তলত থকা গুহাকৃতি সাধনকক্ষত বাস কৰিছিল। শ্ৰীশঙ্কৰী মাতাজীয়ে সেই দুৰ্লভ ক্ষণৰ সুন্দৰ বৰ্ণনা আমাৰ বাবে এৰি থৈ গৈছে। শ্ৰীৰামকৃষ্ণ পৰমহংস শ্ৰীত্ৰৈলঙ্গস্বামীৰ সন্মুখত উপস্থিত হোৱাৰ লগে-লগে শ্ৰীত্ৰৈলঙ্গস্বামীয়ে মাতাজীৰ গুৰুভাই আৰু তেওঁৰ একান্ত সেৱক মঙ্গল ভট্টক ইঙ্গিত দি মাতাজীক মাতি দিবলৈ ক’লে। মঙ্গল ভট্টই মাতাজীৰ কোঠাত প্ৰৱেশ কৰি মাতাজীক ক’লে যে বাবাৰ ওচৰলৈ এজন বঙালী সাধু আহিছে, সেইকাৰণে বাবাই আপোনাক মাতিছে। গুৰুৰ আদেশ। লগে লগেই মাতাজী ওপৰলৈ উঠি আহিল। মাতাজীয়ে দেখিলে যে এজন শুভ্ৰকান্ত উজ্জ্বলদ্যুতিবিশিষ্ট বঙালী পৰমহংস বাবাই গুৰুদেৱ শ্ৰীত্ৰৈলঙ্গস্বামীৰ সৈতে আলাপ আৰম্ভ কৰিছে। তেওঁৰ সৈতে ‘শাম্লা'( তৎকালীন অভিজাত ব্যক্তিসকলে শিৰত ধাৰণ কৰা এক বিশিষ্ট পাগুৰী) পৰিধান কৰা অইন এজন বঙালী ভদ্ৰলোক আছিল, পিছত গম পাইছিল যে তেওঁ আছিল দক্ষিণেশ্বৰৰ মালিকনী ৰাণী ৰাসমণিৰ জোঁৱায়েক মথুৰবাবু।
গুৰুদেৱ শ্ৰীত্ৰৈলঙ্গস্বামীৰ সৈতে শ্ৰীৰামকৃষ্ণ ঠাকুৰৰ আলাপ শ্ৰীমাতাজীৰ সন্মুখতেই হৈছিল। কিন্তু আকাৰে-ইঙ্গিতেৰে, কাৰণ শ্ৰীত্ৰৈলঙ্গস্বামী মহাৰাজ সেইসময়ত মৌনী হৈ আছিল—
ঠাকুৰঃ ভগৱান এজন নে দুজন?
স্বামীঃ যেতিয়া সাধকৰ মন আত্মাত বিলীন হৈ পৰে – সমাধি মগ্ন হয় – তেতিয়া ‘এক’ ভিন্ন দুজন নাথাকে, তাকেই অদ্বৈতবাদ বোলা হয়। আৰু মনে যেতিয়া ভগৱানৰ অন্বেষণ কৰি সাধনাত নিয়োজিত হয়, তেতিয়া ‘দুজন’ হৈ পৰে, অৰ্থাৎ (১) ভক্ত, আৰু (২) ভগৱান; ইয়াক দ্বৈতবাদ বোলা হয়। গতিকে ক’ব পাৰি যে ভগৱান হ’ল ‘এজন’ আৰু ‘দুজন’। কিন্তু প্ৰকৃততে ভগৱান এজনেই। দুটা দানা-যুক্ত এটা বুট হ’ল ইয়াৰ প্ৰকৃত দৃষ্টান্ত।
ঠাকুৰঃ ধৰ্ম কি?
স্বামীঃ সত্য।
ঠাকুৰঃ জীৱৰ কৰ্ম কি?
স্বামীঃ জীৱ সেৱা।
ঠাকুৰঃ প্ৰেম কি?
স্বামীঃ ভগৱানৰ নামত তন্ময় হোৱাৰ পিছত যেতিয়া চকুত পানী আহে, সেই অৱস্থাৰ নামেই প্ৰেম। পৰৱৰ্তীকালত শ্ৰীমাতাজীয়ে কৈছে যে এনেধৰণৰ মৰ্মস্পৰ্শী আলাপ কৰি কৰি শ্ৰীৰামকৃষ্ণ ঠাকুৰৰ হঠাৎ ‘ভাবসমাধি’ হৈ গ’ল। তেওঁৰ দুচকুৰে অবিৰল প্ৰেমাশ্ৰু নিগৰিবলৈ ধৰিলে। তেওঁৰ চকুৰ বহিৰ্প্ৰান্তৰে মুক্তধাৰাৰ দৰে চকুলো বৈ আহি বক্ষত পতিত হ’বলৈ ধৰিলে। ঠাকুৰৰ এনে ভাবসমাধি দেখি শ্ৰীত্ৰৈলঙ্গস্বামীও আপ্লুত হৈ পৰিল। তেওঁ শ্ৰীমাতাজীক ইঙ্গিতেৰে শ্ৰীৰামকৃষ্ণ ঠাকুৰৰ মূৰত বিচনীৰে বা দিবলৈ নিৰ্দেশ দিলে। কিছু সময় পিছত শ্ৰীঠাকুৰৰ সমাধি ভঙ্গ হ’ল। তেওঁ শ্ৰুত্ৰৈলঙ্গস্বামীৰ আসনবেদী প্ৰদক্ষিণ কৰি কৰি উৰ্দ্ধবাহু হৈ নাচিবলৈ ধৰিলে। কিছুপৰ পিছত তেওঁ মথুৰবাবুক পঠিয়াই আধামোণ পায়স আনি নিজৰ হাতেৰে শ্ৰীত্ৰৈলঙ্গস্বামীক খুৱাই দিলে। শ্ৰীশঙ্কৰী মাতাজীয়ে কৈছে যে উভয়েই প্ৰেমানন্দস্বৰূপ সচ্চিদানন্দ সাগৰত ভাঁহিবলৈ ধৰিলে। তেওঁলোকৰ পৰস্পৰৰ মাজত একেই আত্মৰাজ্যত অৱস্থিতিজনিত অন্তৰ্নিহিত ভাষাৰে অন্যান্য ভালেমান কথা-বতৰা হৈছিল, কিন্তু সেইবোৰৰ মৰ্ম উপস্থিত অইন লোকসকলে একোকেই ধাৰণা কৰিব পৰা নাছিল আৰু বুজিব পৰা নাছিল।