• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, March 24, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Gallery Photo

অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

বিক্ৰমাদিত্য দত্ত কাকতি

by Admin
March 1, 2023
in Photo, Inspiration, Real Stories, Special Report
Reading Time: 6 mins read
0
অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন
Share on FacebookShare on TwitterShare on LinkedIn

অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

বিক্ৰমাদিত্য দত্ত কাকতি

photographer

অইল ইতিহাসৰ পৃষ্ঠাত যাৰ অৱদান সুৱঁৰিব লাগিব সকলোৱে!

ফটোগ্ৰাফাৰ নগেন বৰুৱাৰ অইলৰ পৰা অৱসৰ গ্ৰহণ

ৰাজ্যৰ ৰাজধানী মহানগৰী গুৱাহাটীত অট’ৰিক্সা চালকৰ বৃত্তিগত জীৱন আৰম্ভ কৰি দেশৰ দ্বিতীয় বৃহত্তম তথা সবাতোকৈ লাভজনক খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন তথা পৰিবহন কৰা ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ জনসম্পৰ্ক বিভাগৰ ফটোগ্ৰাফাৰৰ দায়িত্ব লাভলৈ এটা দীঘলীয়া ৰূপকথা যেন পৰিক্ৰমা সামৰি আজি উদ্যোগ প্ৰতিষ্ঠানটোৰ পৰা অৱসৰ গ্ৰহণ কৰিলে  ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত ফটোগ্ৰাফাৰ নগেন বৰুৱাই।

এটা চিনেমেটিক আবেদন থকা কাহিনী লগত কঢ়িয়াই অইলৰ পৰা বিদায় ললে সদা হাস্যময় মানুহজনে।  বিগত ১৮ টা বছৰ কান্ধত কেমেৰাটো লৈ অসমৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত মূলত নিৰ্ভৰশীল সৰ্বভাৰতীয় উদ্যোগ প্ৰতিষ্ঠানটোৰ বহু ঘাট প্ৰতিঘাটৰ সময় তথা ঐতিহাসিক সাফল্যৰ দিনবোৰ বন্দী কৰি গৈছে নগেন বৰুৱাই।

RelatedPosts

london eye over the river thames in london england

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

March 23, 2023
An eviction of Dreams – will the unity of the people herald in a different tomorrow?

An eviction of Dreams – will the unity of the people herald in a different tomorrow?

March 23, 2023
Menace of human trafficking in Assam

Menace of human trafficking in Assam

March 23, 2023

১৯৯২ চনত এজন গাড়ীচালক হিচাপে অইল অধীনস্থ বিহাৰৰ ডুমৰস্হিত পাম্পিং ষ্টেচনত কৰ্মজীৱন আৰম্ভ কৰি সুদীৰ্ঘ ১৩ বছৰৰ চাকৰিকালৰ অন্তত ২০০৫ চনত অইলৰ দুলীয়াজানৰ পঞ্জীকৃত কাৰ্যালয়টোৰ জনসম্পৰ্কৰক্ষী বিভাগত এগৰাকী নিয়মীয়া ফটোগ্ৰাফাৰ হিচাপে যোগদান‌ কৰে নগেন বৰুৱাই।

উল্লেখযোগ্য যে অইলত এজন ফটোগ্ৰাফাৰৰূপে পদোন্নতি লাভ কৰি চাকৰিত যোগদান কৰাৰ কিছুদিন পাছত ২০০৫ বৰ্ষৰেই ১৫ ছেপ্তেম্বৰত এদিন হঠাতে উদ্যোগ প্ৰতিষ্ঠানটোৰ অন্তৰ্গত ডিকম তেল খাদ নং ১৫ জ্বলি উঠিছিল।

অইল ইণ্ডিয়াৰ ইতিহাসত প্ৰথমবাৰলৈ অহা এই মহাদুৰ্যোগৰ দিনত এজন কেমেৰামেন হিচাপে অহৰহ ঘটনাস্হলীৰ পৰা ফটো সংগ্ৰহ কৰি নিজৰ কৰ্তব্যনিষ্ঠাৰ পৰিচয় দিছিল নগেন বৰুৱাই।

সেই সময়ত নগেন বৰুৱাই তোলা কেইবাখনো ফটো উচ্চ প্ৰসংশিত হৈছিল। অইলৰ ফটো আৰ্কাইভত এতিয়াও নগেন বৰুৱাই তোলা ডিকম অগ্নিকাণ্ডৰ ফটো  সংৰক্ষিত হৈ আছে।

এই ফটোসমূহৰ কেৱল যে ঐতিহাসিক মূল্য আছে এনে নহয়, বৰং দুৰ্যোগৰ দিনত উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰতিগৰাকী কৰ্মী  ঐক্যবদ্ধ হৈ সফলতাৰ দিশে আগবঢ়াৰ দলিলো এইসমূহ ফটোগ্ৰাফ।

অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় এক‌ জীৱন
ফটোগ্ৰাফাৰ নগেন বৰুৱা

নগেন বৰুৱাৰ জীৱনলৈ এজন ফটোগ্ৰফাৰৰ স্বীকৃতি অহাৰ অন্তৰালত আছে অধ্যৱসায়ৰ এটা অকথিত কাহিনী। পূব গুৱাহাটী হাইস্কুলৰ পৰা ১৯৭৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কিছুদিন পাছৰপৰাই অসম আন্দোলনৰ ভৰপক সময়তেই গুৱাহাটীৰ ৰাজপথত অটো চলাবলৈ লয়।

অটোচালকৰূপে আৰম্ভ কৰা বৃত্তিগত জীৱনকালত নগেন বৰুৱাই সেইসময়ৰ ছাত্ৰ নেতা প্ৰফুল্ল মহন্ত, ভৃগু কুমাৰ ফুকনক নিজৰ অটোত কেইবাবাৰো লৈ অনাৰ বুকুত সামৰি ৰখা স্মৃতি আমাৰ আগত ব্যক্ত কৰিছিল‌ ফটোগ্ৰাফাৰগৰাকীয়ে।

অটোচালকৰূপে এটা দশকৰো অধিক গুৱাহাটীত ভাড়া মাৰি জীৱন কটোৱাৰ পাছত তেওঁ ১৯৯২ চনত বিহাৰৰ ডুমৰস্হিত অইল ইণ্ডিয়া লিমিটেডৰ পাম্পিং ষ্টেচনটোৰ  বাবে হোৱা গাড়ীচালকৰ এটা সাক্ষাৎকাৰত অৱতীৰ্ণ হৈ কৰ্মচাৰীৰূপে অংশগ্ৰহণ কৰে ।

এই সময়চোৱাতেই নিজৰ অনুৰাগৰূপে ফটোগ্ৰাফীৰ তেওঁ লগত জড়িত হৈ পৰে। আঠ বছৰ চাকৰি কৰাৰ পাছত ২০০০ চনত অইলৰ গুৱাহাটী নাৰেংগীৰ পাইপলাইনলৈ বদলি হৈ আহে। গুৱাহাটীলৈ বদলি হৈ অহাৰ পাছতেই তেওঁ দিনটো গাড়ীচালকৰ চাকৰিৰ মাজতেই ৰাহি সময়ত লগত থকা কেমেৰাৰে তোলা ফটোসমূহ বিভিন্ন কাকত আলোচনীত পঠিয়াবলৈ আৰম্ভ কৰে।

লাহে লাহে নগেন বৰুৱাৰ প্ৰতিভাই সমাদৰ লাভ কৰিবলৈ ধৰিলে। বাতৰি কাকত দৈনিক অসম, অসমীয়া  খবৰ, দৈনিক অগ্ৰদূতৰ লগতে মাহেকীয়া আলোচনী নন্দিনী, প্ৰিয় সখী,  অধুনালুপ্ত শ্ৰীময়ী,ৰংঘৰ, ৰোমাঞ্চ, গৰিমা, হিয়া আদি আলোচনীত নিয়মীয়াকৈ ফটো প্ৰকাশ পাই থকা অইলৰ গাড়ীচালক নগেন বৰুৱাৰ প্ৰতিভা সম্পৰ্কে অইল জনসম্পৰ্ক বিভাগৰ দৃষ্টি নিক্ষেপ হয়।

অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় এক‌ জীৱন

অইলৰ তদানীন্তন জনসম্পৰ্ক বিভাগৰ বিষয়া প্ৰশান্ত বৰকাকতি (বৰ্তমানৰ মূখ্য আবাসিক বিষয়া), ত্ৰিদিব হাজৰিকাই নগেন বৰুৱাৰ প্ৰতিভাক দিয়া স্বীকৃতিৰ বাবেই যে চাকৰি জীৱনত এই স্বীকৃতি লাভ কৰিলে সেই কথা আমাৰ আগত তেওঁ ব্যক্ত কৰিছিল।

উল্লেখযোগ্য যে গুৱাহাটীত থকা কালত তেওঁ ফেশ্বন ফটোগ্ৰাফাৰ হিচাপে প্ৰস্তুতি পৰাশৰ, জুপিতৰা, প্ৰিয়ম কাশ্যপ আদি অনেক অভিনেত্ৰীৰ ফটোগ্ৰাফী কৰি এগৰাকী ফেশ্বন ফটোগ্ৰাফাৰ হিচাপে সুখ্যাতি লাভ কৰিছিল।

অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় এক‌ জীৱন

অইলৰ ফটোগ্ৰাফাৰ হিচাপে তেওঁ ২০০৮ চনত উদ্যোগটোৰ স্বৰ্ণ জয়ন্তী উদযাপনৰ সময়, অইলৰ বিভিন্ন প্ৰকল্প, দুৰ্লভ মূহুৰ্ত, অইলৰ তৈলখাদৰ কৰ্মজীৱনৰ ফটো সমূহ তুলি যোৱাৰ কামত নিয়োজিত হৈ আহিছে।

ৰাষ্ট্ৰীয় আলোচনী ‘বেটাৰ ফটোগ্ৰাফী‘ ত কেইবাবাৰো প্ৰকাশিত হৈছে তেওঁৰ ফটো। নগেন বৰুৱাই ফটোগ্ৰাফীৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে দুলীয়াজানৰ অগ্ৰগণ্য সাংবাদিক সংগঠন দুলীয়াজান প্ৰেছ ক্লাবে তেওঁলৈ আগবঢ়ায় সন্মানীয় সহযোগী সদস্যৰ সন্মান।

অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় এক‌ জীৱন

কৰ্মজীৱনত তোলা উদ্যোগীক ফটোসমূহৰ উপৰিও প্ৰকৃতি  ফটোগ্ৰাফীত বিশ্বজুৰি আলোচিত চিত্তাকৰ্ষক ফটো তুলিবলৈ সক্ষম হৈছে নগেন বৰুৱা।‌

২০২০ বৰ্ষৰ ১৪মে’ৰ দিনা নগেন বৰুৱাই তোলা দুলীয়াজানৰ জনাঞ্চলত ঘূৰি ফুৰা এটা বগা কাউৰীৰ ফটোসহ প্ৰকাশিত প্ৰতিবেদন দৈনিক অসম, দা আছাম ট্ৰিবিউন, দা ছেণ্টিনেল, নিয়মীয়া বাৰ্তাত প্ৰকাশিত বাতৰি প্ৰকৃতিপ্ৰেমী ৰাজধানী মাজত বিশেষভাৱে আলোচিত হৈছিল।

bikram5
bikram10
bikram9
bikram7
bikram6
bikram2 1

উল্লেখযোগ্য যে দৈনিক অসম আৰু দা আছাম ট্ৰিবিউনৰ প্ৰতিবেদন আমিয়েই লিখিছিলোঁ।

  ২০২০ চনৰেই ২৭ মে’ৰ দিনা  অইলৰ ইতিহাসত সংঘটিত দ্বিতীয়টো বৃহৎ উদ্যোগীক দুৰ্যোগ বাঘজানৰ তেলখাদ নম্বৰ ৫ ৰ ব্ল আউট সংঘটিত হয়।

সমগ্ৰ অসমৰ বাবেই  প্ৰথমবাৰলৈ সংঘটিত এনে এটা দুৰ্যোগৰ কালত নগেন বৰুৱাই  দিন ৰাতি একাকাৰ কৰি হাতত কেমেৰা লৈ নিজৰ কৰ্তব্য পালন কৰিছিল। তেওঁ এই সময়চোৱাত উক্ত দূৰ্ঘটনাৰ ওপৰত নিৰ্মিত ডিচক’ভাৰী চেনেলৰ তথ্যচিত্ৰ ‘ইনচাইড দা ফায়াৰ‘তো সহযোগিতা আগবঢ়াই।

bikram11
bikram22
bikram21
bikram20
bikram16
bikram15
bikram14
bikram13
bikram12

দুলীয়াজানৰ এটা সময়ৰ ইতিহাস আছে নগেন বৰুৱাৰ কেমেৰাত। অইলৰ ইতিহাসৰ বৰ্ণময়  পৃষ্ঠাত থাকি যাব তেওঁৰ সৃষ্টি। 

দুলীয়াজানৰ বহু সামাজিক অনুষ্ঠানৰ, সামাজিক বিবৰ্তনৰ ছবি আছে তেওঁৰ ওচৰত।

bikram17
bikram19
bikram18

অইল থাকে  থাকে মানে থাকিব তেওঁৰ নাম।

নগেন বৰুৱাৰ নাম। এটা ৰূপকথাৰ দৰে যাৰ জীৱন।

অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত‌ এগৰাকী  ফটোগ্ৰাফাৰৰ বৰ্ণিল জীৱন। নগেন বৰুৱাৰ জীৱন।

(নগেন দাৰ হাতত)

28-02-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

london eye over the river thames in london england
Music

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

by Admin
March 23, 2023
0

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the...

Read more
An eviction of Dreams – will the unity of the people herald in a different tomorrow?

An eviction of Dreams – will the unity of the people herald in a different tomorrow?

March 23, 2023
Menace of human trafficking in Assam

Menace of human trafficking in Assam

March 23, 2023
close up photography of smartphone icons

তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

March 22, 2023
যৌনতা আৰু ইৰোটোফোবিয়া

যৌনতা আৰু ইৰোটোফোবিয়া

March 22, 2023
close up of a small whirlpool

Be the change on this World Water Day

March 22, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
woman crossing on bridge

ইক’থেৰাপি

March 23, 2023
london eye over the river thames in london england

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

March 23, 2023
Paper Leak in Recruitment Exams in the Country!

Paper Leak in Recruitment Exams in the Country!

March 23, 2023
An eviction of Dreams – will the unity of the people herald in a different tomorrow?

An eviction of Dreams – will the unity of the people herald in a different tomorrow?

March 23, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    772 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: