–ডা° সুকৃতি চৌধুৰী |
মই যদি আনক সমালোচনা কৰো, তেনেহ’লে নিজেও সমালোচিত হ’বলৈ আৰু সমালোচনাৰ কষটি শিলত ঘহিপিহি নিজক শুধৰাবলৈ সাজু থাকিব লাগিব ৷ মই কাহানিও অসমীয়া সাহিত্যৰ ছাত্ৰী বা চমঝদাৰ পাঠিকা নাছিলো ৷ কিন্ত চিকিৎসা বিজ্ঞানৰ সুক্ষ্ম অনুসন্ধান বিলাকৰ মাজতো ক’ৰ’বাত মোৰ এনে এটা ভাৱ হৈছিল যে সাহিত্য জীৱনৰেই পোষ্ট মৰ্টেম ৷ সাহিত্যই জীৱনটো জীপাল কৰে ৷ আনভাষাৰে একোজোপা শুকান গছকো সাৰ-পানী যোগাই সেউজীয়া কৰি তোলে ৷ থিক যিদৰে চিকিৎসা বিজ্ঞানে ৰোগ-যন্ত্ৰণা আৰু মৃত্যুক জিনি সুষ্ঠ জীৱনৰ সন্ধান কৰে ৷ কিন্ত আপোনাৰ সৈতে কথা পাতিব খুজিছিলো অণুগল্পক লৈহে ৷ পাতনিতে সাহিত্যক লৈ এই কথাখিনি এইবাবেই লিখিলো যে, মই বিচাৰো মোৰ সামান্যজনা কথাবোৰ আপুনি ক্ষুৰধাৰ সমালোচনা কৰক ৷ আপোনাৰ জনাখিনি আগবঢ়াই দিয়ক ৷ ইয়াৰ বাবে মোৰ হিয়াৰ দুৱাৰখন মোকলাই ৰাখিলো ৷ শিকিবতো পাৰিমতেতিয়াহে ৷ এতিয়া অণুগল্পক লৈ কথা পাতো আহক —-
অণুগল্প কেনেকুৱা হয় ? অণুগল্পৰ ধাৰণাটো মই এনেদৰে ক’ব খুজিম — ধৰক উজাগৰী কোনো এনিশা আপুনি ঘৰৰ ওপৰ মহলাৰ বেলকনিত উদাস ভাৱ এটাৰে থিয় দি আছিল ৷ সিদিনা বতৰ ডাৱৰীয়া ৷ হঠাতে বিজুলীৰ চমকত আপোনাৰ আগচোতাল খন স্পষ্টকৈ চকুত পৰিল য’ত আপুনি খেলি-ধুলি ডাঙৰ হৈছিল ৷ আপোনাৰ আয়ে কোঢ়োনাৰে চোতালত সিজোৱা ধানবোৰ মেলি থকা দৃশ্যটো, ককাদেউতাৰ দিনৰ পদুলিমুৰৰ বকুল জোপা, দেউতাই গাধুই ভোৰতাল কোবাই নাম গোৱা গোসাঁইঘৰ খন, আৰু পুখুৰী সদৃশ খালটো, য’ত আপুনি চুবুৰীটোৰ সমণীয়া বোৰৰ সৈতে খেলি থাকোতে কণল’ৰা পিছল খাই পৰি চিৰদিনলৈ নিথৰ হৈ পৰিছিল….আৰু যে কিমান কি মনলৈ আহিল আপোনাৰ ৷৷ কিন্ত এয়া এটা অণুগল্প নহয় ৷ বিজুলীৰ এক মুহুৰ্তৰ চমকে যিদৰে আপোনাৰ হৃদয়ত যি বিৰাট ভাৱ সাগৰৰ উন্মেষ কৰিছিল, ঠিক এই কামটোৱেই কৰে অণুগল্পই ৷ এক মুহুৰ্তৰ সৰু অথচ বিৰাট চমকে হৃদয়ত সুতীব্ৰ আঘাত কৰি প্ৰৱল ঢৌৰ সৃষ্টি কৰে, এয়াই অণুগল্প ৷
অণুগল্প একমুখী ৷ ধণুৰ পৰা এটা দিশত এৰি দিয়া এপাত কাঁড় যি হৃদয় ভেদি প্ৰবল ৰক্তক্ষৰণ কৰিব ৷ বন্দুকৰ গুলী যিদৰে গাত লাগিলে সৰু বিন্ধা এটা কৰি সোমায় অথচ ওলাই যোৱা শৰীৰৰ ঠাইডোখৰ বহল গাত কৰে, অণুগল্পও এনে ৷
সেয়ে অণুগল্পত বাহুল্যতা বৰ্জ্জনীয় ৷
পাঁচটা বা ছটা শব্দৰেও এটা অণুগল্প হ’ব পাৰে ৷ ই মাত্ৰ সৃষ্টি কৰিব লাগিব বিশাল ভাৱৰ ঢৌ ৷ যাৰ প্ৰকাশ কৰিবলৈ হয়তো কেইবাহাজাৰ শব্দৰ দৰকাৰ হ’ব পাৰে ৷ এতিয়া প্ৰশ্ন উঠিব যে অণুগল্পত সৰ্বাধিক কিমাণ শব্দ থাকিব পাৰে ? যিহেতু অণুগল্প একে উশাহতে পঢ়ি এটা দীঘল নিশ্বাস এৰি ভাৱ সাগৰত বুৰ জোৱা বিষয়, সেয়ে আপুনি কিমান কম শব্দৰে ইয়াৰ চমৎকাৰিত ৰূপ প্ৰকাশ কৰিব পাৰে, সিমানেই আপোনাৰ কলমৰ কেৰিজমা ৷ মোৰ বোধেৰে এই 150 টা শব্দৰ সীমা যুক্তিসংগত ৷ কোনো সাহিত্যিকে 300 বা কোনোৱে 500 বুলিও শব্দ সংখ্যা নিৰ্ধাৰণ কৰিছে ৷ এই বিষয়ে যথেষ্ট আলোচনাৰ থল থাকিলেও যিমানেই চমু হ’ব শাণিত হ’ব, একমুখী হ’ব সিমানেই অণুগল্প উত্তম হয় ৷
অপ্ৰাসঙ্গিক হ’লেও এইখিনিতে কম শব্দই কিমান বিশাল ভাৱ সৃষ্টি কৰিব পাৰে ইয়াৰ এক উদাহৰণ দিব খুজো -ভিক্টৰ হিউগোই 1862 চনত তেওঁৰ প্ৰসিদ্ধ সৃষ্টি “লা মিজৰাবেল ” (Le Misrebel) ৰ বিক্ৰী কেনে হৈছে সুধিবলৈ কিতাপখনৰ প্ৰকাশক এলবাৰ্ট লেক্ৰইচ (Albert Lacroix) ক এখন পোষ্টকাৰ্ডত মাত্ৰ এডাল প্ৰশ্নবোধক চিন “?” লিখি পঠিয়াইছিল ৷ কিতাপখনে পাঠক সমাজৰ প্ৰৱল সমাদৰ পাই বিক্ৰী হোৱা কথাটো বুজাবলৈ প্ৰকাশক এলবাৰ্ট লেক্ৰইচে উত্তৰত এডাল আশ্চৰ্যবোধক চিন “!” লিখি পঠিয়াইছিল ৷ মানুহৰ ইতিহাসত এয়াই আছিল আটাইতকৈ চমু চিঠি ৷ এয়া অণুগল্প নহয় যদিও এই কথাৰ উদাহৰণ যে স্বল্পভাষেৰে বিৰাট কথা সৃষ্টি কৰা মানুহেই ইতিহাসৰ শ্ৰেষ্ঠ কথাকাৰ ৷
অণুগল্পত কোনো গল্প থাকিবও পাৰে ৷ নেথাকিবও পাৰে ৷ কিন্ত অণুগল্পই হৃদয় আন্দোলিত কৰি জন্ম দিব পাৰিব লাগিব আন বৃহৎ গল্প বা উপন্যাসৰ ৷
ধণুৰ পৰা এৰি দিয়া কাঁড় এপাত যদি বেলেগ দিশেৰে বোৱা বতাহে যদি কঁপাই দিয়ে ই লক্ষ্যত যিমান তীব্ৰতাৰে হানিব লাগিছিল, সিমান তীব্ৰতাৰে হানিব নোৱাৰে ৷ সেয়ে ভাৱৰ Jump কৰিব নেলাগে বা skip হ’ব নেলাগে ৷ এজন Anasthetic চিকিৎসকে যিদৰে অস্ট্ৰোপচাৰৰ আগতে ৰোগীৰ মনটো বিভিন্ন কথাৰ মাজেৰে ভাল লগাই নিলেও কিন্ত একে সময়তে চিকিৎসা প্ৰণালীৰ দ্বাৰা গভীৰ টোপনি ধৰাৰ দৰে এক অৱস্থালৈ নি অচেতন কৰে, মানে এক নিৰ্দিষ্ট লক্ষ্যত কাম কৰে, সেইদৰে অণুগল্পই ইয়াৰ শব্দবোৰৰ মাজেৰে পাঠকক ভাৱ সাগৰত বুৰোৱাৰ এক লক্ষ্যত কাম কৰে ৷
ৰহস্যময়িতা আৰু প্ৰচন্ড উৎসুকতা সৃষ্টি কৰাটো অণুগল্পৰ অলংকাৰ ৷ আকস্মিকভাৱে কিবা এটা সৰু কথাৰ মাজত বিৰাট এক গল্পৰ/উপন্যাসৰ প্ৰতি ইংগিত কৰে অণুগল্পই ৷ অণুগল্প যে সদায় ফ্লেশ্ববেক কৰা কাহিনীয়েই হ’ব লাগিব সেয়া নহয় ৷ অণুগল্পটোৱে বিন্ধি দিয়ক ৷ পাঠকে যন্ত্ৰণাটোৰ কাৰণ আৰু অৰ্থ নিজেই বিচাৰিব ৷ সেয়ে অণুগল্পক “Two way communication” বুলিলেও ভুল নহয় ৷ কাৰণ ইয়াত পাঠকক engage কৰা হয় ৷
অণুগল্পত কাব্যিকতা থাকিব পাৰে ৷ কিন্ত অণুগল্প, কথা কবিতা আৰু মিতভাষ আদিৰ মাজত বিৰাট পাৰ্থক্য আছে ৷
অণুগল্পৰ সৃষ্টি কৰোতে অভিধানত আছে বা আমুক বিয়াগোম লেখকে শুদ্ধ বুলিছে কাৰণেই একেটা শব্দৰ ভিন্ন শুদ্ধ ৰূপ লিখিলে ইয়াৰ মানদণ্ড হ্ৰাস পাব পাৰে ৷ ” মুৰটো গৰম হ’ল ” নে “মাঠা গৰম হ’ল ” নে “টেমা চুটি গ’ল ” নে “শিৰৰ বিষ হ’ল” –শৌচ-প্ৰস্ৰাৱ নে পেচাব/ৱ পৰিস্কাৰ কৰে, কেনেকৈ লিখিব সেয়া নিৰ্দিষ্ট অণুগল্পটোৱেহে সিদ্ধান্ত কৰে ৷ অভিধান বা বিয়াগোম সাহিত্যিকৰ মন্তব্যই নহয় ৷
ফেচবুকত সাহিত্যৰ যি সমূহ শাখাৰ চৰ্চা হয়, তাৰ ভিতৰত অণুগল্পই হ’ল শিৰৰ মুকুত ৷ মোৰ বিচাৰেৰে অণুগল্প লিখাটোৱেই সাহিত্যৰ কঠিণতম সৃষ্টি ৷ কাৰণ এশ -ডেড়শ শব্দ লিখি যদি পাঠকৰ মনত হাজাৰ হাজাৰ শব্দৰ বিস্ফোৰণ কৰিব লাগে, তেনেহ’লে ৰোগীৰ শৰীৰত ইন্জেকচনেৰে অলপ উপাদান সোমোৱাই দি ইয়াৰ দ্বাৰা পুণৰাবৃত্তি হৈ antibody সৃষ্টি হৈ ৰোগটোৰ পৰা ৰক্ষা কৰাৰ দৰে কথা ৷ ব্লাড কেন্সাৰৰ ৰোগীক আন সুষ্ঠ মানুহৰ মজ্জা এনেদৰে শৰীৰত ভৰাই দি তাৰ পৰা নতুণ তেজ সৃষ্টি হ’বলৈ দি বচোৱা পদ্ধতিটোক “ব’ন মেৰ’ ট্ৰেন্সফাৰ” বুলি কয় ৷ ৰোগীৰ তেজৰ গ্ৰুপ সলনি হৈ মজ্জা দান কৰা মানুহজনৰ গ্ৰুপ হৈ পৰে ৷ কিন্তু মেডিকেলৰ ইতিহাসত গড়ে আঠ জনৰ ভিতৰত এজন ব্লাড কেন্সাৰৰ ৰোগীৰ হে “ব’ন মেৰ’ ট্ৰেন্সফাৰ” পদ্ধতিৰে কৰা চিকিৎসা সফল হয় ৷ এনেদৰে, কেইটামান শব্দৰে পাঠকৰ মগজুত বিৰাট শব্দৰ বিস্ফোৰণ ঘটোৱা অণুগল্প বহুকেইটাৰ মাজত এটাহে প্ৰকৃত অণুগল্প হ’ব পাৰে ৷ কিন্ত লিখি গৈ থাকিবই লাগিব ৷ কোনটো সফল হ’ব আৰু কোনটো নহ’ব সেই বিচাৰ পাঠকৰ ৷ যদি আপুনি লিখা কাৰণেই শ্ৰেষ্ঠ বুলি ভাবি পাঠকক গৌণ কৰে, এই ভাৱনাই আপোনাক বেছি দুৰলৈ লৈ নেযায় ৷ অ’ হেনৰীৰ দৰে লেখকৰ গল্পক কুকুৰৰ ভুকভুকনি বুলি কৈছিল ৷ টলস্টয়ক কৈছিল হেনো কেচুৱাক শুনোৱা সাধু হে লিখে ৷ ৰবীন্দ্ৰনাথৰ কথা কোনো এদিন বেলেগাই লিখিম ৷ কিন্ত তাৰ পিছতো জানো তেওঁলোকৰ কলম থমকি ৰৈছিল ? মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংৰদেৱৰ চিহ্নযাত্ৰাত স্বৰ্গৰ পট অংকণত ৰৈ যোৱা ভুল এগৰাকী সাধাৰণ লিগিৰীয়ে দেখুৱাই দিছিল আৰু মহাপুৰুষজনাই সানুনয়ে এই ভুল শুধৰাই লৈছিল ৷
অসমীয়া ভাষাত লিখি আমি অণুগল্প আমাৰ সুৱদি ভাষাত কোনে কেতিয়া লিখিছিল তাকে ক’বলৈ গৈ থমকি ৰওঁঁ আৰু বাংলা সাহিত্যত অণুগল্প সৃষ্টিৰ ইতিহাস কৈ সাৰি যাব খোজো ৷ এয়া আমাৰ অলস আৰু কম আয়াসতে নাম কিনিব খোজা স্বভাৱ নে কি নেজানো ৷ অসমীয়া ভাষাতো বহু আগৰে পৰা অণু গল্প সৃষ্টি হৈছিল ৷ যোৱা শতিকাৰ সত্তৰৰ দশকত অসমীয়া ভাষাত বহু কেইখন হাতৰ তলুৱাতে লৈ পঢ়িব পৰা মিনি আলোচনী ওলাইছিল আৰু মাইক্ৰ গল্প উপাধিৰে বহুতো অণুগল্প প্ৰকাশ হৈছিল ৷ মোৰ দেউতা উলফাই গুলীয়াই হত্যা কৰাৰ আগলৈক এনে বহু আলোচনীৰ গ্ৰাহক আছিল ৷ মাৰ অকাল মৃত্যুৰ পিছত যিহেতু বাচি থাকিবলৈকে মই চিৰদিনৰ বাবেই গাওঁখন ত্যাগ কৰিছিলো, এতিয়া সেই কিতাপ আলোচনীবোৰ যে চিলভাৰ ফিশ্ব নামৰ কিতাপৰ পোকে খাই গুড়ি কৰিলে, এই কথাত মই নিশ্চিত ৷ মোৰ মৰমৰ অসমী আইৰ পৱিত্ৰ মাটিত ভৰি নোথোৱাও দহ বছৰৰ বেছি হ’ল ৷ উত্তৰ ভাৰতত থাকি অসমীয়া সাহিত্যত “অণু গল্প” ৰ ইতিহাস বিচৰাটো দুৰূহ কাম ৷ তথাপিও কথা দিলো, অসমলৈ আহিলেই এই বিষয়ে প্ৰেক্টিকেল গৱেষণা কৰিম ৷ কিন্ত অসমত থকা সকলে এই বিষয়ে লিখি মোৰ দৰে নজনা মানুহক নিশ্চয় জনাৰ সুযোগ দিব পাৰে ৷
মই লিখা কথাখিনি বিশ্বজনীন সত্য (Universal truth) নহয় ৷ কিন্ত আলোচনাটোত ভাগ লৈ যদি আপুনিও মোৰ ভুলবোৰ দেখুৱাই দিয়ে, বা আপোনাৰ এই বিষয়ে জনাখিনি শ্বেয়াৰ কৰে,তেনেহ’লে অণুগল্পৰ অনুসন্ধানে পৰিপূৰ্ণতা পাব ৷ ধন্যবাদ