ড৹ শিৱনাথ বর্মন
কুমাৰ দীপক দাস
অতি দুখৰ খবৰ! বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক,গৱেষক , আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু ড৹ শিৱনাথ বর্মনদেৱ আৰু নাই ৷
বিশিষ্ট সাহিত্যিকগৰাকীৰ শাৰীৰিক অসুস্থতাৰ বাবে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় বিশিষ্ট শিক্ষাবিদগৰাকীক ।
উল্লেখ্য যে , ড৹ বর্মন এগৰাকী অধ্যাপক, লেখক, সাংবাদিক, অভিধান প্ৰণেতা আৰু অনুবাদকৰূপে অসমৰ সমাজ জীৱনত পৰিচিত আছিল ৷
তেওঁ ‘জনসাধাৰণ’ বাতৰিকাকতৰ মুখ্য সম্পাদকৰূপেও সেৱা আগবঢ়াইছিল ৷
এগৰাকী মননশীল লেখক হিচাপে অসমৰ বৌদ্ধিক সমাজত ড০ শিৱনাথ বৰ্মন চাৰে বিজ্ঞানৰ উপৰিও বিভিন্ন বিষয়ৰ ওপৰত ভালেমান পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত লিখা তেখেতৰ এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে ‘শ্ৰীমন্ত শংকৰদেৱ:কৃতি আৰু কৃতিত্ব ‘ ।
তেখেতৰ চিন্তা আৰু কৃতিত্বৰ স্বাক্ষৰ বহন কৰা গ্ৰন্থ সমুহৰ ভিতৰত :
* আইনষ্টাইন আৰু পদাৰ্থ জগত
* ন মনুষ্যাৎ
* লোক-কৃষ্টিৰ উৎসৱ
* শ্ৰীমন্ত শংকৰদেৱ:কৃতি আৰু কৃতিত্ব
* অসমীয়া জীৱনী অভিধান
* অসমীয়া আখৰ-জোটনিৰ কথা
* ভাৰতীয় চিন্তা (দুটা খণ্ড)
* অৰ্দ্ধ আকাশ
* বিশ্বৰ বৰেণ্য বিজ্ঞানী
* টঙ্কমামাৰ অঙ্কৰ সাধু
* মৌলিক কণাৰ কাহিনী
* An Unsung Colossus
* Tradition to Modernity
সম্পাদিত গ্ৰন্থ:
* ভৱানন্দ দত্ত:জীৱন আৰু প্ৰতিভা
* ৰবীন্দ্ৰনাথ
* অসমীয়া নাৰী:ঐতিহ্য আৰু উত্তৰণ
* অসমীয়া সাহিত্যৰ বুৰঞ্জী(২য় খণ্ড)
আদি বিশেষভাবে উল্লেখযোগ্য ।
ইয়াৰ উপৰিও বিজ্ঞান জেউতি, জ্ঞান-বিজ্ঞান, ছাত্র সাৰথি, The Students World কে ধৰি দুখনমান আলোচনী সম্পাদনা কৰিছিল।
একালত প্ৰকাশ, নতুন-পৃথিৱী ইত্যাদি ভালেমান আলোচনীৰ সম্পাদনা কামৰ লগতো চাৰ জড়িত আছিল।
‘বিজ্ঞানৰ বুৰঞ্জী’ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ড০ বৰ্মন চাৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপনা কৰা সময়ত আমি তেখেতৰ ছাত্ৰ হিচাবে সান্নিধ্য লাভৰ সুযোগ লাভ কৰিছিলোঁ ।
তেখেতৰ জীৱনজোৰা সাহিত্যিক অৱদানৰ বাবে ‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’ আৰু ২০২২ চনত তেখেতক অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটাৰে সন্মানিত কৰা হৈছিল ৷
বিশিষ্ট সাহিত্যিক তথা আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু গৰাকীৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ ৷
15-12-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)