বিশিষ্ট সাংস্কৃতিক কৰ্মী বাবুল দাস
কুমাৰ দীপক দাস
অতি দুখৰ খবৰ !
এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী গীতিকাৰ লেখক সাহিত্যিক পেঞ্চনাৰ আমাৰ অতি আদৰৰ বন্ধু বাবুল দাসৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে ৷
সাহিত্য আৰু সাংস্কৃতিক কাম কাজৰ সৈতে সদা ব্যস্ত থাকিব বিচৰা এটা মন লৈ বাবুল দাসে কেবাখনো গ্ৰন্হ লিখি থৈ গৈছে ৷
বাবুল দাসে এটা সময়ত বহু দিন মাহ লাগি কলিকতা ,গুৱাহাটী তেজপুৰকে ধৰি অসমৰ বিভিন্ন নগৰ আৰু গাৱে ভূঞে ঘুৰি সৰু বৰ মানুহক লগ ধৰি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত যিখন গ্ৰন্হ সম্পাদনা কৰি উলিয়াইছিল, সিয়েই তেওঁৰ সৃষ্টিৰ অন্যতম আঁকৰ ৰূপে পৰিগনিত হৈছিল আৰু বাবুল দাসকো এক অনন্য সাহিত্য আৰু সাংস্কৃতিক কৰ্মী বুলি পৰিচিতি আনি দিছিল ।
বাবুল দাসৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰিছো ।
বিশেষকৈ এটি সাংস্কৃতিক সত্বা চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা হেৰাই গ’ল।
কলেজীয়া জীবনত একেলগে বহু সাংস্কৃতিক সামাজিক কামত ব্ৰতি হোৱা এই বিশিষ্ট সমাজ সচেতন প্ৰগতিশীল চিন্তা পুষ্ঠ বন্ধু বাবুল দাসৰ পবিত্ৰ স্মৃতিত আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিলোঁ । বাবুল দাসৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ ।
19-11-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)