-দিলীপ দৈমাৰী |
নিউয়ৰ্কৰ পৰা ‘চি-এন-এন’ক দিয়া এক সাক্ষাৎকাৰত ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কৰ্মসূচীৰ (WFP)ৰ পৰিচালক ডেভিড বিশ্বলিয়ে সদৰি কৰিছে যে মাত্ৰ কেইজনমান অতিশয় ধনী ( Super Rich) ব্যক্তিয়ে সাহায্য আগবঢ়ালেই বিশ্বৰ বৰ্তমানৰ খাদ্য-সংকট সমাধান কৰা সম্ভৱ। ঐনে ধনবানসকলে যদি তেওঁলোকৰ সম্পদৰ সামান্য অংশ দান কৰে তেনেহ’লে বিশ্বৰ বহু মানুহৰ মুখত দুগৰাহ খাদ্য পৰা সম্ভৱ আৰু ইয়াৰ ফলত সমগ্ৰ বিশ্বতে অনাহাৰৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হুৰহুৰকৈ কমি যাব। তেওঁ ‘চি-এন-এন’ৰ ‘কানেক্ট দ্যা ৱৰ্ল্ড’ অনুষ্ঠানত কয় যে সমগ্ৰ বিশ্বতে ৪.৪ কোটি মানুহে এতিয়া এবেলাও খাবলৈ নাপায়। গতিকে অতি ধনবানসকলে এবাৰৰ বাবে হ’লেও আগবাঢ়ি অহা দৰকাৰ।
ডেভিড বিশ্বলিয়ে এই সময়ৰ অতি ধনবান ব্যক্তি ‘টেছলা’ৰ ইলন মাস্ক আৰু ‘আমাজন’ৰ জেফ বেজোছ-অকেই মূলতঃ উদ্দেশ্য কৰি কথাখিনি কৈছে বুলি সংশ্লিষ্ট মহলে অনুমান কৰিছে। বিশ্বলিয়ে কৈছে যে বিশ্বৰ তেনে ৪.৪ কোটি মানুহৰ ঊৰম খাদ্য সংকট সমাধান কৰিবলৈ ৬০০ কোটি ডলাৰ সাহায্যৰ প্ৰয়োজন। এই পৰিমাণৰ ধন যদি আৰণ কৰা নাযায়, তেনেহ’লে তেনে দুৰ্ভগীয়া সকলৰ আসন্ন মৃত্যু ৰোধ কৰিব পৰা নাযাব।
উল্লেখযোগ্য যে সম্প্ৰতি ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণ হ’ল ২১ লাখ কোটি টকাৰ অধিক; ব্লুমবাৰ্গৰ হিচাব অনুযায়ী ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৮৯০০ কোটি আমেৰিকান ডলাৰ। অৰ্থাৎ, তেওঁ নিজৰ সম্পদৰ মাত্ৰ ২% দান কৰিলেই চৰম খাদ্য-সংকটৰ পৰা কোটি কোটি মানুহ ৰক্ষা পৰিব পাৰে।
কৰ’না মহামাৰীৰ আৰম্ভণি হোৱাৰ পৰাই আমেৰিকাৰ ১০০ কোটি ডলাৰ সম্পদৰ মালিকসকলৰ সম্পদ বৃদ্ধি পাই দুগুণ হৈ পৰিছে বুলি ‘ইন্সটিটিউট ফৰ পলিচি ষ্টাডিজ এন্ড আমেৰিকান্স ফৰ টেক্স ফেয়াৰনেচ্’ নামৰ এক সংস্থাৰ পৰিসংখ্যাই তাকেই ডাঙি ধৰিছে। এইবছৰৰ অক্টোবৰ মাহত আমেৰিকাৰ অতি-ধনবান সকলৰ মুঠ সম্পদৰ পৰিমাণ ৫০০ লাখ কোটিৰো অধিক। যোৱা সপ্তাহৰ মঙলবাৰে, অৰ্থাৎ ২৬/১০/২০২১ তাৰিখে প্ৰকাশিত ‘নিউয়ৰ্ক টাইমছ’ কাকতৰ এক প্ৰতিবেদনত কোৱা হৈছে যে দুমাহৰ আগতেও সমগ্ৰ বিশ্বৰ ১.৫ কোটি মানুহ অনাহাৰত ভুগিছিল। কৰ’না আৰু লক-ডাউনৰ বাবে সেই সংখ্যা ৩০০ গুণ বৃদ্ধি পাইছে। বিশ্ব খাদ্য কৰ্মসূচীৰ ডেভিড বিশ্বলিয়ে কৈছে যে এতিয়া সমগ্ৰ বিশ্ব একেলগে বহুত সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ অন্যতম হৈছে জলবায়ু পৰিৱৰ্তন আৰু কোভিড মহামাৰী। ফলত দুখীয়া মানুহৰ সংখ্যা বাঢ়িছে। অৰ্থাৎ, পুনৰ দুৰ্ভিক্ষৰ বলি হ’বলৈ আগবাঢ়িছে বিশ্বৰ বহু দেশ।