• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, March 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অদূৰদৰ্শিতাৰ পাকচক্ৰত গুৱাহাটী

মৃণাল কুমাৰ মিশ্ৰ

by Anjan Sarma
April 21, 2022
in Special Report
Reading Time: 2 mins read
0
অদূৰদৰ্শিতাৰ পাকচক্ৰত গুৱাহাটী
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 12, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026

অদূৰদৰ্শিতাৰ পাকচক্ৰত গুৱাহাটী

এখন গণতান্ত্ৰিক দেশৰ নাগৰিক আমি। দেশৰ শাসনৰ দায়িত্ব ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ হাতত অৰ্থাৎ ৰাইজেও ৰজা আমাৰ দেশত। চৰকাৰৰ দায়িত্ব দেশখনৰ সাৰ্বভৌমত্ব তথা ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি সকলোৰে সৰ্বাঙ্গীণ উন্নতিৰ হকে কাম কৰি যোৱা। দেশ তথা নাগৰিকৰ লগতে সমাজৰ উন্নয়ন চৰকাৰৰ মূল লক্ষ্য। এই কাৰ্য্য সহজ নহয় আৰু ইয়াৰ বাবে চৰকাৰৰ মুৰব্বী সম্পূৰ্ণৰূপে দূৰদৰ্শী হ’বই লাগিব। চৰকাৰৰ বেপৰোৱা মনোভাৱ আৰু অদূৰদৰ্শিতাই সমাজ তথা জনসাধাৰণৰ বাবে কেনেধৰণৰ অসহনীয় পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আজি তাৰেই বিষয়ে দুটামান কথা আলচ কৰিবলৈ বিচাৰিছোঁ। আমাৰ এই আলোচনা গুৱাহাটী মহানগৰীৰ কেইটামান প্ৰেক্ষাপটৰ মাজতেই সীমাবদ্ধ কৰি ৰখা হ’ব।

প্ৰেক্ষাপট ১ঃ গুৱাহাটী মহানগৰৰ উন্নয়ন আৰু পণবন্দী জনসাধাৰণ।

এসময়ত প্ৰকৃতিৰ অফুৰন্ত দানেৰে সেউজীয়া হৈ থকা গুৱাহাটীখনৰ আজিৰ ৰূপে আমাক বাৰুকৈয়ে দুখ দিয়ে। বেছি বছৰ নহয়, মাথো পোন্ধৰ-বিশ বছৰৰ ব‍্যৱধানতেই আমি এখন সুন্দৰ সেউজীয়া গুৱাহাটী হেৰুৱাই এখন কংক্ৰিতৰ মহানগৰীৰ বাসিন্দা হৈ পৰিলোঁ। ইংৰাজ সকলে দূৰদৰ্শিতাৰে প্ৰতিষ্ঠা কৰি যোৱা পাণবজাৰ আৰু উজান বজাৰৰ একাংশক বাদ দিলে মহানগৰীৰ বাকী সকলো অংশই অদূৰদৰ্শিতাৰে সৃষ্টি কৰা এখন কংক্ৰিতৰ মহানগৰীৰ ছবিহে দাঙি ধৰে।

যাতায়তৰ সু-ব্যৱস্থা তথা বৰ্ধিত জনসাধাৰণৰ ক্ৰমান্বয়ে বাঢ়ি অহা যানবাহনৰ সুচল যাতায়তৰ বাবে মহানগৰীৰ বাট-পথ বহলোৱা, নতুন নতুন উৰণীয়া সেতু নিৰ্মাণ, পদপথৰ নবীকৰণ, পথৰ কাষৰ বিজুলী বাটিৰ সংযোজন, একেই পথেৰেই মহানগৰীৰ নাগৰিক সকলৰ ঘৰলৈ বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা ইত্যাদি বিভিন্ন উন্নয়নমূলক কামৰ বাবে চৰকাৰৰ বিভিন্ন বিভাগৰ সহযোগিতাৰে কামবোৰ আগবঢ়াই নিব লাগে। ইয়াৰ বাবে চৰকাৰৰ দূৰদৰ্শিতাৰ প্ৰয়োজন সৰ্বাধিক। বৰ্তমানৰ সমস্যাৰ সমাধান বিচাৰিলেই নহ’ব, লাগিব এক গভীৰ দূৰদৃষ্টি যাৰ জৰিয়তে আহিবলগীয়া দিনবোৰত মুখামুখি হ’বলগীয়া সমস্যাৰো সমাধান চৰকাৰৰ হাতত থাকে।

কিন্তু বাস্তৱত আমি দেখিছো কি ? ইয়াৰ সম্পূৰ্ণ এখন ওলোটা ছবি। চৰকাৰৰ অদূৰদৰ্শী কামকাজে সৰ্বসাধাৰণৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। গুৱাহাটী মহানগৰীৰ নিয়ন্ত্ৰণহীন যান-বাহনৰ সংখ্যাই আজি মহানগৰীৰ বাসিন্দা সকলৰ উশাহ ল’ব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি কৰিছে। আজিৰ পৰা দহ-পোন্ধৰ বছৰ আগৰ গুৱাহাটীৰ কথা কল্পনা কৰিলে এতিয়া সপোন যেন লাগে। এতিয়া কথা হ’ল চৰকাৰৰ মুৰব্বী আৰু বিভাগীয় বৰমূৰীয়া সকলৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবেই জানো আজিৰ এই শ্বাসৰূদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ? নিয়ন্ত্ৰণহীন যানবাহনৰ পঞ্জীয়ন ব্যৱস্থা, পথৰ ওপৰত অদূৰদৰ্শিতাৰে যান-বাহন নিয়ন্ত্ৰণৰ কৌশল, সময়ত চিন্তা নকৰাৰ ফলত সঘনাই নিৰ্মাণ কৰিবলগীয়া হোৱা নতুন নতুন উৰণীয়া সেতু আদিৰ কথা চিন্তা কৰিলেই চৰকাৰৰ অদূৰদৰ্শিতাৰ ছবিখন স্পষ্ট হৈ পৰে।

guwahati

ইয়াৰ লগতেই আহি পৰে পৌৰ নিগমৰ এক স্পষ্ট আৰু দূৰদৰ্শী নীতিৰ অভাৱত কাৰ্য্যতঃ অচল হৈ পৰা গুৱাহাটীৰ নলা-নৰ্দমা তথা জাৱৰ নিষ্কাশনৰ ব্যৱস্থাটোৰ কথা। কোনো স্পষ্ট আৰু দূৰদৰ্শী নীতি নথকাৰ বাবেই গুৱাহাটীৰ বেছিভাগ পদপথেই এতিয়া বিভিন্ন ব্যৱসায়ীৰ স্থায়ী ঠিকনা হৈ পৰিছে। এখন উন্নত মহানগৰৰ ৰূপত গুৱাহাটীৰ কথা আমি এতিয়া কল্পনা কৰিবও নোৱাৰোঁ। অদূৰদৰ্শী চৰকাৰ আৰু বিভাগীয় বিয়াগোম বৰমূৰীয়াৰ কৱলত পৰি এসময়ৰ গুৱাহাটীৰ প্ৰাণ বুলি অভিহিত কৰিব পৰা ভৰলু অথবা বাহিনী নৈখনে এতিয়া মাথো এটা শীৰ্ণ নলালৈ ৰূপান্তৰিত হ’ল।

আগতীয়াকৈ অনুমান কৰিব নোৱাৰাৰ বাবে গুৱাহাটীৰ পথসমূহে এতিয়া ক্ৰমবৰ্ধমান যানবাহনৰ বোজা কঢ়িয়াব নোৱাৰা হৈছে। গুৱাহাটীৰ ভিতৰত এতিয়ালৈকে নিৰ্মিত আটাইকেইখন উৰণীয়া সেতু (ৰেললাইনৰ ওপৰৰ কেইখন আৰু শেহতীয়াকৈ নিৰ্মিত দিছপুৰ ছুপাৰ মাৰ্কেটৰখন বাদ দি) সম্পূৰ্ণ ৰূপে যানবাহনৰ ভিৰ নিয়ন্ত্ৰণত বিফল বুলি ক’ব পাৰি। ইয়াৰো কাৰণ সেই দূৰদৰ্শিতাৰ অভাৱ। দূৰদৃষ্টি নোহোৱাকৈ আৰু গুৱাহাটীৰ মাজত যানবাহনৰ সংখ্যা কিমান বাঢ়িব পাৰে তাৰ পূৰ্বানুমান কৰিব নোৱাৰাৰ বাবেই নিৰ্মাণৰ মাথোঁ কেইবছৰমান পাৰ হোৱাৰ পাছতেই গণেশগুৰি,ছয়মাইল আৰু উলুবাৰীৰ উৰণীয়া সেতুত নতুনকৈ অংশ সংযোজন কৰিবলগীয়া অৱস্থাৰ উদ্ভৱ হৈছে। কেনে ধৰণৰ দূৰদৰ্শিতাৰে উলুবাৰী, গণেশগুৰি আৰু ছয়মাইলৰ উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছিল তাক বুজিবলৈ আমি আজি অক্ষম। মাথো চকুৰ সন্মুখত দেখি আহিছোঁ এই দুয়োখন সেতুৰ তলত নিয়ন্ত্ৰণহীন যানবাহনৰ ভিৰ, যিটো কোনো কাৰণতেই এখন উন্নত মহানগৰীৰ দৃশ্য হ’ব নোৱাৰে।

“চৰকাৰৰ অদূৰদৰ্শী কামকাজে সৰ্বসাধাৰণৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। গুৱাহাটী মহানগৰীৰ নিয়ন্ত্ৰণহীন যান-বাহনৰ সংখ্যাই আজি মহানগৰীৰ বাসিন্দা সকলৰ উশাহ ল’ব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি কৰিছে। আজিৰ পৰা দহ-পোন্ধৰ বছৰ আগৰ গুৱাহাটীৰ কথা কল্পনা কৰিলে এতিয়া সপোন যেন লাগে। এতিয়া কথা হ’ল চৰকাৰৰ মুৰব্বী আৰু বিভাগীয় বৰমূৰীয়া সকলৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবেই জানো আজিৰ এই শ্বাসৰূদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ? নিয়ন্ত্ৰণহীন যানবাহনৰ পঞ্জীয়ন ব্যৱস্থা, পথৰ ওপৰত অদূৰদৰ্শিতাৰে যান-বাহন নিয়ন্ত্ৰণৰ কৌশল, সময়ত চিন্তা নকৰাৰ ফলত সঘনাই নিৰ্মাণ কৰিবলগীয়া হোৱা নতুন নতুন উৰণীয়া সেতু আদিৰ কথা চিন্তা কৰিলেই চৰকাৰৰ অদূৰদৰ্শিতাৰ ছবিখন স্পষ্ট হৈ পৰে।”

এক কথাত ক’বলৈ হ’লে, মহানগৰীৰ উৰণীয়া সেতু সমূহে বৰ্ধিত যানবাহনৰ ভিৰ কমাবলৈ সক্ষম নহ’ল, বৰঞ্চ এই সেতুসমূহে বিশৃংখল যান-জঁট সৃষ্টিৰ হে কাৰণ হৈ পৰিল। মুঠতে চৰকাৰৰ এনেধৰণৰ অদূৰদৰ্শী সিদ্ধান্ত আৰু এই সিদ্ধান্ত সমূহৰ তাতোকৈয়ো অদূৰদৰ্শিতাৰে কৰা কাৰ্য্যকৰীকৰণে আমাৰ দৰে সৰ্বসাধাৰণক এতিয়া জীয়াতু ভোগাই মাৰিছে। সমস্যাৰ সমাধানৰ বাবে চৰকাৰে নতুন নতুন উৰণীয়া সেতুৰ নিৰ্মাণৰ কথা চিন্তা কৰিছে কিন্তু এইসমূহৰ নিৰ্মাণৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিৰ মুখামুখি হৈ তাক নিয়ন্ত্ৰণত সম্পূৰ্ণ বিফল হৈছে। জুৰোড তিনিআলিত নতুনকৈ নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগেলগেই এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। যথেষ্ট ঠেক পথ(বহলোৱাৰ কোনো উপায় নাই)ৰ মাজতেই এখন উৰণীয়া সেতু নিৰ্মাণ কৰিবলৈ হ’লে যেনেদৰে সকলো কথা আগতীয়াকৈ বিবেচনা কৰি আগবাঢ়িব লাগে, তেনে দূৰদৰ্শিতাৰে কামটো আৰম্ভ কৰা নহ’ল। পথ বহলোৱাৰ নামত শতাব্দী প্ৰাচীন গছবোৰ কাটিয়েই নিজৰ দায়িত্ব সামৰিছে বিভাগীয় বৰমূৰীয়াই। যানবাহনৰ বাবে বিকল্প পথৰ ব্যৱস্থা, নিৰ্মাণৰ কামৰ নিৰ্দিষ্ট সময় ইত্যাদিৰ কথা নভৱাকৈয়ে কামত হাত দিয়াৰ ফলত এতিয়া সৰ্বসাধাৰণৰ বাবে ই হৈ পৰিছে এক দৈনন্দিন অসহনীয় বোজা। যিকোনো কাৰণত জুৰোডেৰে যাবলগীয়া হ’লে ই এতিয়া আমাৰ বাবে এক দুঃস্বপ্ন।

fly

প্ৰেক্ষাপট ২ঃ বিভিন্ন বিভাগৰ উন্নয়নমূলক কামৰ সমন্বয়হীনতা।

অদূৰদৰ্শী সিদ্ধান্ত আৰু বিভিন্ন বিভাগৰ মাজত থকা সমন্বয়হীনতাৰ বাবেই আটাইতকৈ বেছি ক্ষতি হৈছে মহানগৰীৰ মাজৰ বিভিন্ন পথসমূহ। এনেয়ে চাবলৈ গ’লে গুৱাহাটীৰ বিভিন্ন পথৰ অৱস্থা দেখাত যথেষ্ট ভালেই বুলিব পাৰি। সময়ে সময়ে পথ পকীকৰণৰ কামো নিৰ্দিষ্ট গতিত চলি থাকে। কিন্তু এই পথসমূহক বিভিন্ন বিভাগে উন্নয়নমূলক কামৰ দোহাই দি সৰ্বদাই আচলতে অত‍্যাচাৰ হে কৰি আহিছে। আজি যদি পথছোৱা সুন্দৰকৈ পকী কৰিছে কাইলৈ দেখিব বিদ‍্যুৎ বিভাগে মাটিৰ তলেৰে উচ্চ ক্ষমতাসম্পন্ন কেবল বহুৱাবৰ বাবে এফালৰ পৰা খান্দি গৈছে। বিদ‍্যুৎ বিভাগৰ কাম শেষ নৌহওতেই এইবাৰ পথ খান্দিবলৈ আৰম্ভ কৰে পানী যোগান বিভাগে। তাৰ পাছতেই হয়তো আহিব টেলিকম বিভাগৰ( চৰকাৰী অথবা বেচৰকাৰী) কেৱল সংযোগৰ কাম।

“আনৰ চৌহদ পানীত ডুবি থাকিলেও মোৰ চৌহদত পানী সোমাব নিদিও, এনে চিন্তাধাৰাৰে আগবাঢ়ি যোৱাৰ ফলত এতিয়া বাৰিষাৰ দিনবোৰত মহানগৰীৰ ভিতৰুৱা বাট-পথ সমূহ পানীত ডুবি থাকিবলৈ লৈছে। পথৰ কাষত নলাৰ বাবে প্ৰয়োজনীয় সামান্য মাটিখিনিও এৰি দিবলৈ এলাহ― লাগিলে বাৰিষা পথৰ অৱস্থা যিয়েই নহওক কিয়। এই ধৰণৰ চিন্তাধাৰাৰে গৰিষ্ঠ সংখ্যক নাগৰিকে পৰিচালিত হোৱাৰ বাবে মহানগৰীৰ বাৰিষাৰ সমস্যাৰ কোনো ফলপ্ৰসূ সমাধান আজিও নোলাল। সকলো দায়িত্ব চৰকাৰৰ―আমাৰনো কি, এইধৰণৰ মনোবৃত্তিৰে আমি আগবাঢ়িলে কোনো চৰকাৰেই যে গুৱাহাটীৰ একো উন্নতি কৰিব নোৱাৰে সেইটো খাটাং।”

বিভিন্ন বিভাগে যদি এইদৰে একেটা পথৰ ওপৰতেই ভিন ভিন সময়ত অত‍্যাচাৰ চলাই যায় তেন্তে সেই পথছোৱা ভালে থাকিব কেনেকৈ। বিভাগ সমূহৰ মাজত থকা সমন্বয়হীনতা আৰু অদূৰদৰ্শী সিদ্ধান্তৰ ফলত প্ৰায়েই ভুগিবলগীয়া হয় সৰ্বসাধাৰণ জনতা। মহানগৰ এখনৰ উন্নয়নৰ বাবে সকলো বিভাগৰ মাজতেই এক সুসমন্বয় আৰু বুজাবুজিৰ প্ৰয়োজন। একোটা অঞ্চলৰ যিকোনো উন্নয়নমূলক কাম কৰিবলৈ এক যৌথ আচনিৰ মাজেৰে কামবোৰ আগবঢ়াই নিলে একেসময়তে কামবোৰো হয় লগতে পৰৱৰ্তী সময়ত একেটা পথকেই বাৰে বাৰে খান্দিবৰ প্ৰয়োজন নহয়। ঠিকাদাৰী ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ আমাৰ চৰকাৰী কামবোৰ ভবামতে কৰা হয়তো টান কিন্তু অসম্ভৱ নহয় বুলিয়েই ভাবোঁ। প্ৰয়োজন মাথো কিছু দূৰদৃষ্টি আৰু নিস্বাৰ্থ মনোবৃত্তিৰ সদিচ্ছাৰ।

cable

প্ৰেক্ষাপট ৩ঃ গুৱাহাটী মহানগৰীৰ পানীৰ সমস্যা

এটোপাল বিশুদ্ধ খোৱাপানীৰ সমস্যাই আজি গুৱাহাটীৰ ৯৫ শতাংশ নাগৰিকৰ দৈনন্দিন জীৱনযাত্ৰা বিপৰ্য্যস্ত কৰি তুলিছে। সৰ্বাঙ্গীণ উন্নয়নৰ দৌৰত আমি বহুদূৰ আগুৱাই আহিলোঁ যদিও মানুহৰ মৌলিক প্ৰয়োজন পানীটোপাৰ যোগানৰ ক্ষেত্ৰত বহুদূৰ পিছুৱাই থাকিবলগা হ’ল। দেশৰ বিভিন্ন মহানগৰীৰ পানী যোগান ব্যৱস্থাৰ তুলনাত আমাৰ গুৱাহাটীৰ চৰকাৰী পানী যোগান আচনিৰ অৱস্থা একেবাৰেই দুখলগা। মহানগৰীৰ পুৰণি পানী যোগান আচনি কাৰ্য্যতঃ মৃত। বিদেশী সাহায্যৰ সহায়ত কৰিব খোজা নতুন পানী যোগান আচনি আজি দহবছৰ পাৰ হোৱাৰ পাছতো সম্পূৰ্ণ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। এই বিষয়ে চৰকাৰৰ মুৰব্বীয়েও একো কথা নকয়। চৰকাৰী পানীযোগান ব্যৱস্থাই ঢুকি নোপোৱা বাবে মহানগৰীৰ নাগৰিকৰ হাতত ভূগৰ্ভস্থ পানীৰ ব্যৱহাৰৰ বাহিৰে অন‍্য উপায় নাই।

Lead Photo
image: The Sentinel

কিন্তু সাংঘাতিক সমস্যাই দেখা দিছে এতিয়া যেতিয়া এই ভূগৰ্ভৰ পানীয়ে আৰু মানুহৰ দৈনন্দিন চাহিদা পূৰণ কৰিব নোৱাৰা হৈছে। ভুগৰ্ভৰ পানীৰ স্তৰ ক্ৰমান্বয়ে নিম্নগামী হৈ হৈ এতিয়া প্ৰায় নোহোৱা হোৱা বুলি ক’লেও ভুল নহ’ব। বহু নাগৰিকৰ ঘৰতেই এতিয়া নিজস্ব পানীযোগান ব্যৱস্থা অকামিলা হৈ পৰাৰ বাবে বেচৰকাৰী বিক্ৰেতাৰ পৰা টেঙ্কাৰত পানী কিনি নিজৰ প্ৰয়োজন পূৰাব লগা হৈছে। এই ব্যৱস্থাই পৰোক্ষ ভাৱে ভূগৰ্ভৰ পানীৰ পৰিমাণ কমি যোৱাত সহায় কৰিছে কাৰণ এই পানী বিক্ৰেতাসকলে গভীৰ নলীনাদৰ জৰিয়তে উঠোঁৱা ভূগৰ্ভৰ পানীকেই সৰবৰাহ কৰি আহিছে। ফলত দ্ৰুতগতিত কমি আহিছে ভূগৰ্ভৰ সঞ্চিত পানীৰ পৰিমাণ। মহানগৰীৰ নিচেই কাষতে চিৰপ্ৰৱহমান বৰলুইতখন থকাৰ পাছতো আজিলৈকে গুৱাহাটী মহানগৰীৰ পানীৰ সমস্যাৰ সমাধান নোহোৱাটো নিশ্চিত ভাৱে চৰকাৰৰ অদূৰদৰ্শিতা অথবা দূৰদৃষ্টিৰ অভাৱ বুলিয়েই ক’ব লাগিব।

“এটোপাল বিশুদ্ধ খোৱাপানীৰ সমস্যাই আজি গুৱাহাটীৰ ৯৫ শতাংশ নাগৰিকৰ দৈনন্দিন জীৱনযাত্ৰা বিপৰ্য্যস্ত কৰি তুলিছে। সৰ্বাঙ্গীণ উন্নয়নৰ দৌৰত আমি বহুদূৰ আগুৱাই আহিলোঁ যদিও মানুহৰ মৌলিক প্ৰয়োজন পানীটোপাৰ যোগানৰ ক্ষেত্ৰত বহুদূৰ পিছুৱাই থাকিবলগা হ’ল। দেশৰ বিভিন্ন মহানগৰীৰ পানী যোগান ব্যৱস্থাৰ তুলনাত আমাৰ গুৱাহাটীৰ চৰকাৰী পানী যোগান আচনিৰ অৱস্থা একেবাৰেই দুখলগা। মহানগৰীৰ পুৰণি পানী যোগান আচনি কাৰ্য্যতঃ মৃত। বিদেশী সাহায্যৰ সহায়ত কৰিব খোজা নতুন পানী যোগান আচনি আজি দহবছৰ পাৰ হোৱাৰ পাছতো সম্পূৰ্ণ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। এই বিষয়ে চৰকাৰৰ মুৰব্বীয়েও একো কথা নকয়। চৰকাৰী পানীযোগান ব্যৱস্থাই ঢুকি নোপোৱা বাবে মহানগৰীৰ নাগৰিকৰ হাতত ভূগৰ্ভস্থ পানীৰ ব্যৱহাৰৰ বাহিৰে অন‍্য উপায় নাই।”

প্ৰেক্ষাপট ৪ঃ স্থায়ী মহানগৰবাসীৰ অদূৰদৰ্শিতা

ওপৰত আলোচিত বিভিন্ন প্ৰেক্ষাপটৰ পৰিস্থিতিৰ বাবে যদিও চৰকাৰ অথবা বিভাগীয় মুৰব্বী সকলৰ অদূৰদৰ্শিতাকেই গুৱাহাটী মহানগৰৰ উন্নয়নৰ বাধা বুলি অভিহিত কৰা হৈছে, এইক্ষেত্ৰত এই মহানগৰীৰ বাসিন্দা সকলৰ দূৰদৃষ্টিহীনতাও কিন্তু সমানেই দায়ী। মূৰ গুজিবৰ বাবে মাথোঁ এটা ঘৰৰ সপোনে খেদি ফুৰা মহানগৰবাসীৰ অদূৰদৰ্শিতাই আজি আমাক সকলোকেই সমানেই বিপদগ্ৰস্ত কৰি তুলিছে। একমাত্ৰ নিজৰ সীমাৰ চাৰিবেৰৰ কথাখিনিতেই সীমাবদ্ধ নাগৰিকৰ ঠেক চিন্তাধাৰাই আজিৰ মহানগৰীৰ বিপৰ্য্যস্ত জীৱনৰ অন‍্যতম কাৰণ।

guwahati waterlogging 759
Image: The Indian Express

ভৱিষ্যতৰ দৃষ্টিৰে বাট-পথৰ কথা নভৱাকৈ কেবল নিজৰ চৌহদক সুৰক্ষিত কৰাৰ স্বাৰ্থত যধেমধে গৃহনিৰ্মাণ কাৰ্য্য আগবঢ়াই নি থাকোঁতে এতিয়া জোৰ পুৰি হাত পালেহি। আনৰ চৌহদ পানীত ডুবি থাকিলেও মোৰ চৌহদত পানী সোমাব নিদিও, এনে চিন্তাধাৰাৰে আগবাঢ়ি যোৱাৰ ফলত এতিয়া বাৰিষাৰ দিনবোৰত মহানগৰীৰ ভিতৰুৱা বাট-পথ সমূহ পানীত ডুবি থাকিবলৈ লৈছে। পথৰ কাষত নলাৰ বাবে প্ৰয়োজনীয় সামান্য মাটিখিনিও এৰি দিবলৈ এলাহ― লাগিলে বাৰিষা পথৰ অৱস্থা যিয়েই নহওক কিয়। এই ধৰণৰ চিন্তাধাৰাৰে গৰিষ্ঠ সংখ্যক নাগৰিকে পৰিচালিত হোৱাৰ বাবে মহানগৰীৰ বাৰিষাৰ সমস্যাৰ কোনো ফলপ্ৰসূ সমাধান আজিও নোলাল। সকলো দায়িত্ব চৰকাৰৰ―আমাৰনো কি, এইধৰণৰ মনোবৃত্তিৰে আমি আগবাঢ়িলে কোনো চৰকাৰেই যে গুৱাহাটীৰ একো উন্নতি কৰিব নোৱাৰে সেইটো খাটাং। এখন সৰ্বাংগসুন্দৰ মহানগৰীৰ ৰূপত গুৱাহাটীক চাবলৈ মন কৰিলে নাগৰিকৰ নিজস্ব কৰণীয় খিনি নিস্বাৰ্থভাৱে কৰিবই লাগিব। তাৰ পাছতহে আমি চৰকাৰৰ সহযোগিতা আশা কৰিব পাৰিম নিশ্চয়।

গুৱাহাটী মহানগৰীৰ বাসিন্দা সকলেই নহয় আমি সমগ্ৰ অসমবাসীয়ে গুৱাহাটীৰ সৰ্বাঙ্গীণ উন্নতি কামনা কৰোঁ, মহানগৰীখন ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত হোৱাটো বিচাৰোঁ। প্ৰকৃতিৰ অকৃপণ হাতেৰে সজোৱা চিনাকি গুৱাহাটীখনৰ অপমৃত‍্যু কেতিয়াও কামনা নকৰোঁ। আধুনিক সভ‍্যতাৰ লগত ফেৰ মাৰি মহানগৰীখনে উন্নয়নৰ দিশে অগ্ৰসৰ হওক সেয়াও আমি অন্তৰেৰে বিচাৰোঁ। এই সকলোবোৰেই সম্ভৱ হ’ব তেতিয়া, যেতিয়া দূৰদৰ্শী চিন্তাৰ জৰিয়তে দূৰদৃষ্টি সম্পন্ন নেতাৰ নেতৃত্বত কামবোৰে গতি ল’ব। আমি আশাবাদী, অহা পাঁচ বছৰৰ ভিতৰত মহানগৰীৰ বাসিন্দাৰূপে গুৱাহাটীবাসীয়ে স্বস্তিৰে উশাহ ল’ব পাৰিব।

Headline Image: The Times of India

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

How the Iran Conflict is Triggering an LPG Shortage in India?
Special Report

How the Iran Conflict is Triggering an LPG Shortage in India?

by Nilim Kashyap Barthakur
March 12, 2026
0

How the Iran Conflict is Triggering an LPG Shortage in India? Nilim Kashyap Barthakur The escalating conflict involving the United...

Read moreDetails
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 12, 2026
New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d