• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 6, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অনগ্ৰসৰতা, প্ৰব্ৰজনৰ পৰিসংখ্যাসমূহ আৰু ভাষিক সম্প্ৰসাৰণবাদ

-প্ৰাঞ্জল কাকতি

by Anjan Sarma
June 25, 2021
in Special Report
Reading Time: 1 min read
0
অনগ্ৰসৰতা, প্ৰব্ৰজনৰ পৰিসংখ্যাসমূহ আৰু ভাষিক সম্প্ৰসাৰণবাদ
Share on FacebookShare on TwitterShare on LinkedIn

-প্ৰাঞ্জল কাকতি |

অসম আন্দোলনৰ সময়তে ‍‘‍‘মহাবাহু’’ আলোচনীত প্ৰকাশ পোৱা প্ৰাঞ্জল কাকতিৰ ‍‘‍‘অনগ্ৰসৰতা, প্ৰব্ৰজনৰ পৰিসংখ্যাসমূহ আৰু ভাষিক সম্প্ৰসাৰণবাদ’’ শীৰ্ষক লেখাটো তলত দাঙি ধৰা হ’লঃ

১৯৪৭ চনৰ আগতে অহা আৰু পিছত অহা পৰিসংখ্যাসমূহ মূলতঃ জাতীয় পিয়ল (National Census)-ৰ তথ্যপাতিৰ ওপৰত ভিত্তি কৰি দিয়া হয়। গতিকে কোনোবাই ইচ্ছা কৰিলেও পিয়লৰ পৰিসংখ্যা বিকৃত কৰিব নোৱাৰে। কিন্তু অনুপ্ৰৱেশকাৰীৰ সংখ্যাৰ ক্ষেত্ৰত সদায় তথ্যপাতি বিকৃত কৰাৰ সুযোগ-সুবিধা আছে। সুবিধাবাদী তথা প্ৰতিক্ৰিয়াশীল মহলে এই সুযোগ সদায় ব্যৱহাৰ কৰিয়েই আছে। অনুপ্ৰৱেশকাৰীৰ প্ৰকৃত তথ্যপাতি দাখিল কৰাত চৰকাৰৰ ব্যৰ্থতাৰ বাবেই এই সুবিধা বিভিন্ন মহলে গ্ৰহণ কৰিব পাৰিছে। এফালে এক শ্ৰেণীয়ে ‘অনুপ্ৰৱেশ’ৰ সকলো কথাই মিছা বুলি প্ৰচাৰ কৰিছে, আনফালে কোনোৱে এক স্ফীত হিচাপ দাঙি ধৰিছে।

বিভিন্ন তথ্যভিজ্ঞ ব্যক্তিয়ে দেখুৱায় যে যোৱা এশবছৰ ধৰি অসমলৈ হিন্দু বঙালী তথা মুছলমান বাঙালীৰ প্ৰব্ৰজন ঘটিছে। ১৮৭১ চনত অসমত আছিল ২,৫০,৪৭০ জন মুছলমান। মুঠ জনসংখ্যাৰ ১১.৭%। ১৯৭১ চনত মুছলমান জনসংখ্যা হ’ল ৩৫,৯৪,০০৬ জন। মুঠ জনসংখ্যাৰ ২৪.০৩%। আনহাতে অসমৰ ভিতৰতে, কিছুমান জিলাত (গোৱালপাৰা, কামৰূপ, নগাঁও, কাছাৰ) মুছলমান জনসংখ্যা ইমান দ্ৰুতগতিৰে বাঢ়িল যে জনসংখ্যাৰ মূল চৰিত্ৰৰ সলনি হৈ গ’ল। ভি. আই. কে. চাৰিণে এটা ভাষিক দিশো প্ৰব্ৰজনৰ ৰাজনীতিৰ লগত সাঙুৰিছে। চাৰিণৰ মতে অসমত বাঙালীভাষী জনসংখ্যা ১৯৩১ চনত আছিল ২৬.৮%, ১৯৫১ চনত হ’ল ১৬.৫%, ১৯৭১ চনত হ’ল ১৯.৭১%, আনহাতে অসমীয়াভাষীৰ সংখ্যা ১৯৩১ চনত আছিল ৩১.৪%, ১৯৫১ চনত হ’ল ৫৬.৭%, ১৯৭১ চনত ৬০.৩৯%, ১৯৩১ চনৰপৰা ১৯৭১ চনলৈ অসমীয়াভাষী লোকৰ সংখ্যা বঢ়াৰ মূল কাৰণ হ’ল চাৰিণ ডাঙৰীয়াৰ মতে মুছলমানসকলে অসমীয়া ভাষা গ্ৰহণ কৰাটো। ১৯৫১ চনৰপৰা ১৯৭১ চনৰ ভিতৰত সন্দেহজনকভাৱে অসমীয়া ভাষী জনসংখ্যা বঢ়াৰ মূল কাৰণ হ’ল ১৯৫০ চনৰ ভাষিক সংঘৰ্ষৰ পিছত মুছলমান প্ৰব্ৰজনকাৰীসকলে অসমীয়াভাষা গ্ৰহণৰ কৌশল গ্ৰহণ কৰিছিল, ৰাজহুৱাভাৱে নিজকে ভাষিক আৰু সাংস্কৃতিক ক্ষেত্ৰত অসমীয়া বুলি চিনাকি দিছিল আৰু নিজৰ মাতৃভাষা অসমীয়া বুলি কৈছিল; কিন্তু নিজৰ দৈনন্দিন জীৱনত বাঙালীকে কৈছিল। চাৰিণ ডাঙৰীয়াৰ অনুমান আংশিকভাৱেহে সঁচা, কাৰণ (১) অসমলৈ অহা মুছলমান পমুৱাসকল তথাকথিত ঢাকা তথা কলিকতাৰ সুশিক্ষিত মধ্যবিত্ত নহয়, ফলত তেওঁলোকৰ মাতৃভাষা তথাকথিত মাৰ্জিত বাঙালী ভাষাও নহয়। এক কথিত চহা ভাষা। (২) এওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰাটো কৌশলগত হয়নে? এইদৰে কোৱাটোহে ষড়যন্ত্ৰমূলক। দৈনন্দিন আদান-প্ৰদান আৰু সাংস্কৃতিক বিনিময়ৰ ফলত, বিশেষকৈ অসমীয়া মানুহৰ বেছি ভাগৰে সাম্প্ৰদায়িক ধৰ্মীয় চিন্তা নথকাৰ ফলত, স্বাভাৱিক প্ৰক্ৰিয়াতে ৪৭ চনৰ আগতে প্ৰব্ৰজনকাৰী খেতিয়কসকলে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰিছিল। উন্নত-ভাষা- সংস্কৃতি গ্ৰহণৰ ক্ষেত্ৰত সাংস্কৃতিক তথা ভাষিক ক্ষেত্ৰত অনগ্ৰসৰসকলক সদায় জোৰ-জুলুম কৰা হয় বুলি প্ৰচাৰ কৰাটো এক প্ৰকাৰ ৰাজনৈতিক প্ৰচাৰ; উগ্ৰ জাতীয়তাবাদ জীয়াই ৰাখিবৰ বাবে তথা বিচ্ছিন্নতা সৃষ্টি কৰিবৰ বাবে এনে প্ৰচাৰে কামত দিয়ে। (৩) মুছলমানে কৌশলগত কাৰণত অসমীয়া ভাষা-সংস্কৃতি বাহিৰত গ্ৰহণ কৰিছে, কিন্তু ঘৰত বঙলা কয়—এই ধৰণৰ প্ৰচাৰৰ জৰিয়তে স্বাভাৱিক সমন্বয় সাধনৰ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰা হৈছে, মুছলমানসকল সদায় ষড়যন্ত্ৰকাৰী—এই জাতীয় গোড়া বদ্ধমূল ধাৰণাৰ ফলত অসমীয়া জাতিৰ ক্ষতি হোৱাৰ বিপদ অতি ভয়াৱহ। (৪) আনহাতে মুছলমানসকলে প্ৰায়ভাগ ঠাইতে অকল বাহিৰা পৰিচয় তথা আদান-প্ৰদানতে নহয়, বহুতেই ঘৰুৱা ক্ষেত্ৰতো অসমীয়া ব্যৱহাৰ কৰে। ৪৭ চনৰ আগতে অহাসকলৰ কথা বেলেগ, ৪৭ চনৰ পিছত অহাসকলৰো বহুতেই অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰিছে। আমাৰ মাজত কিছুমান আদৰ্শহীন, ষড়যন্ত্ৰকাৰী তথা মুণ্ডবিহীন লোকে ভাল পাওক বা নাপাওক এই প্ৰক্ৰিয়া স্বাভাৱিক কাৰণতে সৃষ্টি হৈছে আৰু ইয়াৰ ফলত অসমীয়া জাতিৰ ক্ষতি হোৱাৰ বিপদ যিমান বেছি, ভাল হোৱাৰ সম্ভাৱনাও সিমানেই উজ্জ্বল। সুবিধাবাদী ৰাজনীতি গোৱা একশ্ৰেণীৰ ক্ষুদ্ৰ স্বাৰ্থজড়িত সাম্প্ৰদায়িক ব্যক্তি তথা সংগঠনৰ প্ৰৰোচনা নাথাকিলে এই স্বাভাৱিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াই অসমীয়াক চহকীহে কৰিব। (৫) বাঙালী জাতীয়তাবাদৰ ওপৰত ভাষাৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ। যিসকল বাঙালী মুছলমানে স্বাভাৱিক প্ৰক্ৰিয়াৰে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমীয়া হৈছে, তেওঁলোকক ঠেলি-হেঁচি পুনৰ ‘বাঙালী’ কৰিব পাৰিলে ‘বাঙালী’ভাষিক উগ্ৰ জাতীয়তাবাদী ‘আমৰা বাঙালী’ বা আন সংগঠনৰেই লাভ হয়। যিসকল পমুৱা মুছলমান স্বাভাৱিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াত অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমীয়া হৈছে—তেওঁলোকক অন্তবিহীন ভাবুকিৰ মাজত ৰখাটো অকল অমানৱীয়ই নহয়, ষড়যন্ত্ৰমূলক আৰু অসমীয়া জাতিৰ ভৱিষ্যতৰ বাবে ক্ষতিকাৰকো। এনে ভ্ৰান্তিৰ ফল হ’ব পাৰে মাৰাত্মক।

হোমেন বৰগোহাঞি ডাঙৰীয়াই ‘নাগৰিক’ বাৰ্তা-আলোচনীত ২৯  নৱেম্বৰ ১৯৭৯ত লিখিছিল : ‍‘‘অসমত বিদেশী নাগৰিক ধৰা পেলাওঁতে হিন্দুতকৈ মুছলমান লোকেই বেছিকৈ ধৰা পৰিছে আৰু পৰিব। তাৰ কাৰণ হ’ল—১৯৭১ চনৰ আগলৈকে অহা বেছিভাগ হিন্দু শৰণাৰ্থীয়েই পুনঃসংস্থাপন ঋণ আদি লাভ কৰি তেওঁলোকৰ ভাৰতত প্ৰৱেশ কৰাৰ বৈধতা সাব্যস্ত কৰিব পাৰে, কিন্তু মুছলমানসকলে নোৱাৰে। অথচ এনেকুৱা বহুতো মুছলমানে গোপনে অনুপ্ৰৱেশ কৰি হ’লেও ভাৰতত হয়তো বহু বছৰ ধৰি বসবাস কৰি আছে। এতিয়া এইসকল লোকক বাছি বাছি অনুপ্ৰৱেশকাৰী বুলি খেদি দিবলৈ হ’লে তেওঁলোকৰ অঙহী-বঙহী ন-অসমীয়া মুছলমানসকলে বিদ্ৰোহ কৰি উঠিব। ইতিমধ্যে উঠিছেই…।’’ হোমেন বৰগোহাঞিৰ এই বক্তব্যৰ আওপকীয়া অৰ্থ এইটোৱেই হয়গৈ যে মুছলমানৰ বাবে ধৰ্মীয় ঐক্য বৰ ডাঙৰ কথা। অনুপ্ৰৱেশকাৰী হ’লেও ন-অসমীয়াসকলে তেওঁলোকক আশ্ৰয় দিব! এই অৰ্থত বিদেশী নাগৰিক চিনাক্তকৰণ তথা বহিষ্কৰণত ন-অসমীয়াসকলে বাধা দিব আৰু সেয়ে কোনো দিনে বিদেশী বহিষ্কাৰ কৰা সম্ভৱ নহ’ব। এই ক্ষেত্ৰত ৰাজনৈতিক প্ৰশ্ন হিচাপেই সমস্যাটো গ্ৰহণ কৰা প্ৰয়োজন। ধৰ্মীয় তথা ভাষিক ভিত্তিত ‘বিদেশী’ চিনাক্ত কৰিবলৈ গ’লে ন-অসমীয়াসকল ক্ষুব্ধ হোৱাই স্বাভাৱিক। নিজকে অসমৰ মিত্ৰ বুলি অভিহিত কৰা যিসকল ব্যক্তি তথা যিবোৰ সংগঠনে তথাকথিত ‘মুছলমান’ ষড়যন্ত্ৰৰ কথা বেছি প্ৰচাৰ কৰিছে, তেওঁলোকে প্ৰকাৰান্তৰে ন-অসমীয়াসকলক পুনৰ বাঙালী হোৱা বা অসমীয়া জাতিসত্তাৰপৰা বিচ্ছিন্ন হোৱাতহে ইন্ধন যোগাইছে। সদৌ অসম ছাত্ৰ সন্থা তথা আন্দোলনকাৰী আন সংগঠনবিলাকে বিদেশী নাগৰিক চিনাক্তকৰণ তথা বহিষ্কৰণৰ ক্ষেত্ৰত ধৰ্ম তথা ভাষাৰ কোনো ভেদাভেদ মানি নলয়। বিদেশী বিদেশীয়েই। বাঙালীভাষী, নেপালীভাষী তথা হিন্দুধৰ্মী আদি বিভাজনমূলক চিনাকিৰে বিদেশী নাগৰিকক অসমত ৰখাৰ কোনো পক্ষপাতী নহয়। লীগপন্থীসকলৰ অসম বিৰোধী চক্ৰান্ত আগেয়ে আছিল আৰু বৰ্তমানো আছে, সেই কাৰণেই সকলো মুছলমানকে লীগপন্থী বা অসম-বিৰোধী বুলি চিহ্নিত কৰিবলৈ কোনো সচেতন অসমীয়া ৰাজী নহয়।

অসমত কিমান বিদেশী আছে? এই ক্ষেত্ৰত পোনপটীয়াভাৱে কোনেও এটা বক্তব্য ৰখা নাই। আনুমানিক হিচাপ বহুতেই অৱশ্যে আগবঢ়াইছে। পূৰ্বাঞ্চলীয় লোক পৰিষদৰ মতে ‘‘১৯ জুলাই ১৯৪৮ৰপৰা ২৪ মাৰ্চ, ১৯৭১ লৈকে যিসকল পূব পাকিস্তানী লোক অসমলৈ আহিল, তেওঁলোকৰ যিখিনিয়ে ২৬ জানুৱাৰী ১৯৫০ৰ আগতে নাম পঞ্জীভুক্ত কৰি নাগৰিকত্ব পালে আৰু যিখিনিয়ে নাগৰিকত্ব আইন প্ৰণয়নৰ পিছত নিয়মীয়া পদ্ধতিৰে নাগৰিকত্ব অৰ্জন কৰিলে (এনে লোকৰ সংখ্যা প্ৰায় ডেৰ লাখ মানহে হ’ব), সেইসকলৰ বাদে বাকীসকলে অসমৰপৰা যাব লাগিব।’’

‘‘২৫ মাৰ্চ, ১৯৭১ত বাংলাদেশ সৃষ্টিৰ পিছত যিসকল বাংলাদেশী অসমলৈ সোমাল, হিন্দুয়েই হওক বা মুছলমানেই হওক, তেওঁলোক অসমৰপৰা যাব লাগিবই। এওঁলোকৰ কোনোৱেই ভাৰতীয় নাগৰিকত্ব পাব নোৱাৰে।’’ (পূৰ্বাঞ্চলীয় লোক পৰিষদৰ ৰাইজলৈ গোহাৰি বুলেটিন নং ৫) পূৰ্বাঞ্চলীয় লোক পৰিষদৰ এই প্ৰচাৰ পত্ৰতে ১৯৭৭ চনৰ ভোটাৰ তালিকাত ১৩ লাখ বিদেশীৰ নাম সোমোৱা বুলি উল্লেখ কৰিছে। বিভিন্ন হিচাপ-নিকাচ কৰি জনতা যুৱ মৰ্চাই ২৫ লাখ ‘বাঙালী মুছলমান’ বিদেশী অসমত আছে বুলি প্ৰকাশ কৰিছে। (Islamic Bangladeshi Infiltration and the Refugee Problems in Assam) অসমৰ ভূতপূৰ্ব এম. পি. পূৰ্ণনাৰায়ণ সিংহই ২৬ লাখ বিদেশী অসমত অবৈধভাৱে থকা বুলি অভিহিত কৰিছিল (সাপ্তাহিক নীলাচল, ২৮ আগষ্ট, ১৯৭৯)। সীমান্ত নিৰাপত্তা বাহিনীৰ এজন উচ্চপদস্থ বিষয়াই বিদেশীৰ সংখ্যা ১১ লাখ বুলি কৈছিল। অসমৰ এজন প্ৰখ্যাত ৰাজনৈতিক নেতা দুলাল বৰুৱাই ১৯৭৯ চনৰ ২৯ জুনত দিল্লীত এখন সাংবাদিক মেলত অকল কামৰূপ জিলাতে ৩৬ লাখ বিদেশী আছে বুলি কৈছিল। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন হাজৰিকাই অসমত বিদশী মাত্ৰ ২ লাখ বুলি কৈছিল। ‘ষ্টেটচমেন’ কাকতে জানুৱাৰী ১৬, ১৯৭৯ত অকল গোৱালপাৰা জিলাতে বিদেশীৰ সংখ্যা ১৬ লাখ বুলি বাতৰি দিছিল। এইবোৰ বাতৰি আৰু পৰিসংখ্যাৰ কিছুমান যে আনুমানিক আৰু অযথা স্ফীত হিচাপ সেই বিষয়ে সন্দেহৰ অৱকাশ নাই। (জনসংখ্যা বৃদ্ধিৰ কথা প্ৰকাশ কৰা বিভিন্ন তালিকা সিপিঠিত চাওক।)

তথাপি, সংখ্যা যিমানেই নহওক, বিদেশী অনুপ্ৰৱেশ যে অসমত ঘটিছে সি ধুৰুপ। এতিয়া মূল প্ৰশ্ন সেই বিদেশী চিনাক্ত কৰা আৰু বহিষ্কাৰ কৰা। এই ক্ষেত্ৰত বৰ্তমান ভাৰতৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থা মানি লোৱা, ১৯৪৭ চনৰ দ্বিজাতিতত্ত্ব মানি লোৱা, দ্বিজাতিতত্ত্বৰ ভিত্তিত ভাৰত বিভাজন মানি লোৱা লোকসকলৰ কোনো ধৰণৰ দ্বিমত থাকিব নালাগে। তালিকাসমূহৰ (২ আৰু ৩ চাওক)পৰা সহজে চকুত ধৰা পৰে যে ১৯৬৫ চনৰ পিছত আৰু ১৯৭১ চনৰ পিছত প্ৰব্ৰজনৰ সংখ্যা তথা ভোটাৰ তালিকাত নামভৰ্তিকৰণৰ সংখ্যা দ্ৰুত গতিৰে বৃদ্ধি পাইছে। বৰ্ধিত ভোট বা বৰ্ধিত জনসংখ্যা সকলোখিনিয়েই বিদেশী অনুপ্ৰৱেশৰ ফলত হোৱা নাই। স্বাভাৱিক বৃদ্ধি আৰু আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ প্ৰভাৱৰ প্ৰতি নায্য গুৰুত্ব দিলেও দেখা যায় অসমত স্বাভাৱিক হাৰতকৈ ৬১-৭১ চনৰ ভিতৰতে ৭-৮ লাখতকৈ অধিক লোক বৃদ্ধি পাইছে। (তালিকা ৪ চাওক)

এই অস্বাভাৱিক জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে এফালে জনমূৰি আয় হ্ৰাস পাইছে (তালিকাৰ ৫ চাওক) আৰু আনহাতে অসমৰ ভূমিৰ ওপৰত হেঁচা পৰিছে। কৃষকৰ ওপৰত পৰা হেঁচাৰ কথা আমি স্থানান্তৰত আলোচনা কৰিছো। জনমূৰি কৃষিৰ উপযোগী ভূমি অসমত মাত্ৰ ০.৯ হেক্টৰ। ভাৰতত ১.৮ হেক্টৰ।

আমাৰ তথাকথিত এচাম ৰাজনৈতিক তথা সমাজতাত্ত্বিক পণ্ডিত-গুণ্ডাই জোৰ-জুলুম এনে কথা প্ৰচাৰ কৰে যে অসমীয়া উগ্ৰ জাতীয়তাবাদীবিলাকৰ হেঁচাত আমাৰ ইয়াত বাতৰি-কাকতবোৰেহে ভুল তথ্যপাতি প্ৰচাৰ কৰি এক ‍‘বিদেশী প্ৰব্ৰজনৰ’ মিছা আৱহাৱা সৃষ্টি কৰিছে। বাস্তৱ তথ্যপাতিয়ে এনে অভিযোগ ভুল বুলি প্ৰমাণিত কৰে।

অসমত অসমীয়াক সংখ্যালঘু কৰি দেখুৱাবৰ বাবে উগ্ৰ সম্প্ৰসাৰণবাদী বাঙালী আমোলাসকলে ১৮৩৫ চনৰপৰাই চক্ৰান্ত কৰিছিল। এই আমোলা শ্ৰেণীৰ সহায়ত আনকি অসমীয়াৰ সংখ্যা কমাই দেখুৱাই অসমত অসমীয়াৰ অধিকাৰ খৰ্ব কৰিবলৈ প্ৰচেষ্টা কৰিছিল। তাৰ উদাহৰণ আমি ১৮৯১ চনৰপৰা ১৯০১ চনৰ ভিতৰৰ জনসংখ্যাৰ হিচাপৰ আঁত বিচাৰিলে অতি সহজে পাওঁ। ১৮৮১ চনত অসমীয়া জনসংখ্যা আছিল ১৩, ৬১, ১৫৯ জন। ১৮৯১ চনত পিয়লৰ হিচাপতে ১৪, ১৪, ২৮৫ জন। ১৯০১ চনৰ পিয়লৰ হিচাপ মতে ১৩, ৪৯, ৫৯৪ জন। অৰ্থাৎ, পিয়লৰ হিচাপ মতে ১৮৮১ চনৰ অসমীয়াভাষীতকৈ ১৯০১ চনত অসমীয়াভাষী জনসংখ্যা কম আছিল! এই কথা লক্ষ্য কৰি মহেশ যোশীয়ে কৈছে যে ইয়াত চক্ৰান্তকাৰী আমোলা শ্ৰেণীয়ে অসমীয়াৰ সংখ্যা কম দেখুৱাবলৈ সদায় চেষ্টা কৰিছিল। অসমৰ অসমীয়াভাষী জনসংখ্যা ১৯০১ চনত কেতিয়াও ১৮৮১ চনতকৈ কম হ’ব নোৱাৰে। অসমৰ সমূহ ক্ষুদ্ৰ অবিকশিত জনজাতি, চাহ মজদুৰ, ব্যৱসায়ী, প্ৰব্ৰজনকাৰী, খেতিয়ক আদিক অসমীয়া নহয় বুলি সদায় দেখুৱাই অহা হৈছিল; ফলত দীৰ্ঘকাল ধৰি অসমীয়াভাষীৰ সংখ্যা অসমত অনা-অসমীয়াতকৈ কম আছিল। অনা-অসমীয়া চক্ৰান্তকাৰী তথা উগ্ৰ-সম্প্ৰসাৰণবাদীসকলে অসমীয়াভাষীৰ সংখ্যা কমকৈ দেখুৱাবৰ বাবে এতিয়াও একে প্ৰচেষ্টাই হাতত লৈছে। শ্ৰমিক, প্ৰব্ৰজনকাৰী কৃষক আৰু ব্যৱসায়ী, প্ৰব্ৰজনকাৰী কাৰিকৰ আদিক অসমীয়া হিচাপে নেদেখুৱাই সদায় বাঙালী, উড়িয়া, চাওঁতাল, মাৰোৱাৰী, ভোজপুৰী আদি জাতিসত্তাৰ লগত চিনাক্ত কৰিবলৈ সততে চেষ্টা কৰা হয়। এই শ্ৰেণীৰ চক্ৰান্তকাৰীয়েই দীৰ্ঘকাল জুৰি অসমত খেতি-বাতি কৰি অসমীয়া হোৱা মুছলমান খেতিয়কসকলে চক্ৰান্ত কৰি অসমীয়া ভাষা গ্ৰহণ কৰা বুলি প্ৰচাৰ কৰে। যাতে এওঁলোকে নিজকে বাঙালী বুলি লোকপিয়লত কয় আৰু তাৰ ফলত অসমীয়া ব্ৰহ্মপুত্ৰ উপত্যকাত সংখ্যালঘুত পৰিণত হয়। এই শ্ৰেণীৰ প্ৰব্ৰজনকাৰীয়ে অতীজতো পৰিসংখ্যা জাল কৰিছিল আৰু ভৱিষ্যতেও নকৰিব বুলি কোৱাৰ থল নাই। বিদেশীৰ প্ৰব্ৰজন বৃদ্ধি, পিয়লৰ নথি-পত্ৰত নাম ভৰ্তি, ভোটাৰ তালিকাত নাম ভৰ্তি, ভোটাৰ তালিকাত নাম ভৰ্তি আদিৰ জৰিয়তে এই শ্ৰেণীয়ে সদায় নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিবলৈ প্ৰচেষ্টা কৰিব; অসমীয়া জাতিৰ ভাষিক তথা সাংস্কৃতিক বৈশিষ্ট্য আৰু স্বাতন্ত্ৰ্য বজাই ৰখাৰ ক্ষেত্ৰত বিপদ আহিছে এই শ্ৰেণীৰ সম্প্ৰসাৰণবাদীৰপৰাই।

অসমত ১৮৩৫ চনৰপৰা দুকুৰি বছৰ কাল চক্ৰান্তকাৰীৰ হেঁচাত অসমীয়া ভাষা স্বকীয় মৰ্যাদাৰপৰা বিতাড়িত হৈছিল। অসমীয়াই হেৰুৱাইছিল মাতৃভাষাৰ অধিকাৰ। তাৰ ফলত অসমীয়া সংস্কৃতিৰ অন্তৰ্ভুক্ত বহুত ক্ষুদ্ৰ অবিকশিত জাতিসত্তা এই কালছোৱাতে বাঙালী সংস্কৃতি ভাষা গ্ৰহণ কৰি বাঙালী হৈছিল। চাহ বনুৱা, প্ৰব্ৰজনকাৰী খেতিয়ক আদিৰতো কথাই নাই! কিন্তু, পৃথিৱীৰ ইতিহাসত এক যুগান্তকাৰী ঘটনা হিচাপে অসমীয়া ভাষা স্বকীয় মৰ্যাদাৰে বাচি ৰ’ল—সংগ্ৰামৰ মাজেদি নিজৰ মৰ্যাদা প্ৰতিষ্ঠা কৰিলে। কুৰি শতিকাত অসমীয়া জাতীয় জীৱনলৈ ঘূৰি অহা স্বাভাৱিক উদ্যমৰ ফলতে চাহ বনুৱা, প্ৰব্ৰজনকাৰী কৃষক আৰু মাৰোৱাৰী ব্যৱসায়ী শ্ৰেণীয়ে স্বাভাৱিক গতিৰেই অসমীয়া ভাষা গ্ৰহণ কৰিলে। ভাষিক সম্প্ৰসাৰণবাদীসকলৰ বাবে এই কথা সহ্যৰ অতীত। ঊনৈছ শতিকাত (১৮৩৫-১৮৭৬) বাঙালী ভাষাৰ গৰাহত পৰি ত্ৰিপুৰা, কোচবিহাৰ, কাছাৰ আদি যিদৰে বাঙালী হৈ পৰিল, সেইদৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাকী অঞ্চলসমূহো বাঙালী হৈ পৰিলেই এই শ্ৰেণীৰ ৰাজনৈতিক অভিপ্ৰায় সিদ্ধ হয়। এই শ্ৰেণীৰ চক্ৰান্তকাৰীক মূলতঃ কলিকতাৰ মধ্যবিত্ত শ্ৰেণী, বাতৰি-কাকত আৰু বুদ্ধিজীৱীমহলে সহায়, সমৰ্থন কৰে আৰু সময়ে সময়ে নিৰ্লজভাৱে অসমীয়া বিৰোধী অপপ্ৰচাৰত লিপ্ত হয়।

সম্প্ৰসাৰণাদৰ এই সৰ্বগ্ৰাসী চক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰতিজন সচেতন লোকেই যে এই জনসংখ্যা বৃদ্ধি আৰু প্ৰব্ৰজনৰ অস্বাভাৱিকতাৰ প্ৰতি সতৰ্ক হৈছে, সিয়েই প্ৰমাণ কৰিছে যে জাতিসত্তা হিচাপে বাচি থকাৰ আগ্ৰহ—অসমীয়াৰ স্বাভাৱিক আৰু ঐতিহাসিক দিশ নিৰ্ণয়কাৰী আগ্ৰহ। শেষ বিচাৰত এই অস্তিত্ব ৰক্ষাৰ মৌলিক প্ৰশ্নটো সমাধানৰ ওপৰত নিৰ্ভৰ কৰিছে প্ৰকৃত গণতন্ত্ৰ হিচাপে অসম তথা ভাৰতৰ ভৱিষ্যৎ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: প্ৰব্ৰজনৰ পৰিসংখ্যা
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

May 28, 2026
Making Mindfulness a Part of the Contemporary Age

Making Mindfulness a Part of the Contemporary Age

May 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33724 shares
    Share 13489 Tweet 8431
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14975 shares
    Share 5990 Tweet 3744
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    367 shares
    Share 147 Tweet 92
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3787 shares
    Share 1515 Tweet 947
  • মাধৱদেৱৰ সাহিত্যকৃতি

    682 shares
    Share 273 Tweet 171
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1003 shares
    Share 401 Tweet 251
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6584 shares
    Share 2634 Tweet 1646
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4377 shares
    Share 1751 Tweet 1094
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    259 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d