• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, April 21, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

অনুকম্পা

ASSAMESE SECTION

by Sanjeev Kumar Nath
June 26, 2025
in Opinion
Reading Time: 5 mins read
0
mans face in close up

Photo by Kindel Media on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

অনুকম্পা

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

অনুকম্পা—আনৰ দুখত নিজৰ হৃদয়ত কষ্ট পোৱা, এক প্রকাৰৰ কম্পন অনুভৱ কৰা।

শ্রীমদ্ভগৱদ্গীতাৰ দ্বাদশ অধ্যায়ৰ ত্রয়োদশ শ্লোকত ভগৱান কৃষ্ণই তেওঁৰ প্রিয় ভক্তৰ লক্ষণৰ বর্ণনা দিওঁতে প্রথমেই কৈছে যে তেনে ভক্ত সকলৰ কোনো জীৱৰ প্রতি দ্বেষ বা বৈৰী ভাৱ নাথাকে (অদ্বেষ্টা সর্ৱভূতানাম্), তেওঁলোক স্বভাৱতেই মৈত্রীভাৱাপন্ন হয় (মৈত্র:) আৰু তেওঁলোকৰ হৃদয়ত কৰুণা থাকে (কৰুণ:)।

RelatedPosts

Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

April 16, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
Why are there few women in Indian Politics?

Why are there few women in Indian Politics?

April 8, 2026

কাৰুণ্য বা অনুকম্পা অবিহনে আধ্যাত্মিকতা অসম্ভৱ। সকলো ধর্মীয় পৰম্পৰাত অনুকম্পাৰ অতি বিশিষ্ট গুৰুত্ব আছে। কোনো ধর্মীয় পৰম্পৰাতে অনুকম্পাহীন কোনো ধার্মিক মানুহৰ কথা ভাবিব পাৰি জানো? গোল বর্গক্ষেত্র এটাৰ অস্তিত্ব যিদৰে অসম্ভৱ, অনুকম্পাহীন ধর্ম বা অনুকম্পাহীন ধার্মিক মানুহৰ অস্তিত্ব অসম্ভৱ।

নাইজেৰিয়াৰ লেখক চিনুৱা এচেবেই তেওঁৰ কালজয়ী উপন্যাস থীংছ্ ফল্ এপার্টৰ এটা দৃশ্যত দেখুৱাইছে যে প্রাচীন আফ্রিকীয় ধর্ম মনা ইব’ জনগোষ্ঠীৰ গাঁৱত খৃষ্টান ধর্ম প্রচাৰ কৰিবলৈ যোৱা ধর্ম প্রচাৰক সকলৰ মুখত খৃষ্টান ধর্মতত্ত্বৰ কথা শুনি ইব’ গঞা সকলে প্রথমে ভাবিছিল যে এই বগা চালৰ বিদেশী ধর্ম প্রচাৰক বোৰ বলিয়া। নাভাবিবনো কিয়?

person s hand
অনুকম্পা

প্রথমে ধর্ম প্রচাৰকসকলে ক’লে যে প্রকৃত ঈশ্বৰ মাত্র এজন, কিন্তু কিছু সময়ৰ পিছত তেওঁলোকে ঈশ্বৰ-পুত্র যীশুৰ কথা ক’বলৈ আৰম্ভ কৰিলে। তেতিয়া ইব’ গঞা সকলে প্রশ্ন কৰিলে, “অলপ আগতে তোমালোকে ক’লা যে ঈশ্বৰ এজন, আৰু এতিয়া কৈছা যে সেই ঈশ্বৰৰ এজন পুত্র আছে; পুত্র আছে যদি তেওঁৰ পত্নীও আছে নিশ্চয়?”

এই প্রশ্ন শুনি থতমত খোৱা প্রচাৰক সকলে ঈশ্বৰৰ পুত্র আছে কিন্তু পত্নী নাই বুলি বুজাবলৈ আৰম্ভ কৰোঁতে ইব’ সকলে সন্দেহ কৰিবলৈ ধৰিলে যে খৃষ্টান ধর্ম-তত্ত্বৰ কথা ক’বলৈ অহা সেই ধর্ম-প্রচাৰক সকল বলিয়া।

কিন্তু কিছু সময়ৰ পিছত যেতিয়া ধর্ম-প্রচাৰকসকলে বাইবেলৰ পৰা বাচি বাচি ক্ষুদ্র সাধু একোটা ক’বলৈ ধৰিলে, শ্রোতা সকলে মন্ত্র-মুগ্ধ হৈ শুনিলে। বিশেষকৈ কঠোৰ স্বভাৱৰ দেউতাক অক’নকুৱৰ হাতত মাৰ খোৱা ন্ৱয়ে নামৰ ল’ৰাটোৰ মনত এটা সাধুৱে বিশেষকৈ সাঁচ বহুৱালে। ধোঁৱাখুলীয়া স্বভাৱৰ পুতেকৰ প্রতি মৰমীয়াল দেউতাকে দেখুৱা স্নেহৰ সাধুটোৱে যেন ন্বয়েক বাৰে বাৰে ক’লে যে এনে অনুকম্পাই প্রকৃত ধর্ম—– 

এজন অৱস্থাপন্ন খেতিয়কৰ দুজন পুতেক আছিল। সৰু পুতেকে জেদ ধৰিলে যে তাক তাৰ ভাগৰ সা-সম্পত্তি দি দিব লাগে। দেউতাকে সেইমতে তেওঁৰ সা-সম্পত্তিৰ ভাগ কৰি সৰু পুতেকক তাৰ ভাগ দিলে। সি সেই সম্পত্তি বিক্রী কৰি যি ধন পালে সেয়া লৈ দূৰ দেশলৈ গৈ তাত খোৱা-বোৱা, ভোজ-মেল, সুৰা, নাৰী আদিত খৰছ কৰিবলৈ ধৰিলে। কিছুদিন সি তেনেকৈ ঠিকেই থাকিল, কিন্তু লাহে লাহে তাৰ হাতৰ ধন কমি আহিল।

এটা সময়ত এনে হ’লগৈ যে সাধাৰণ ভাবে খাবলৈ পিন্ধিবলৈও তাৰ ধনে জোৰা নমৰা হ’ল। ফলত সি আনৰ ঘৰত বন কৰা মানুহ হ’লগৈ। পিছে গৰাকীয়ে তাক ভালদৰে খাবলৈ, পিন্ধিবলৈ নিদিয়াত তাৰ এনে অৱস্থাও হৈছিলগৈ যে সি গাহৰিক যোগান ধৰিব লগীয়া আহাৰকে খাব লগীয়া হৈছিল।

শেষত সেই অৱস্থাৰ পৰা মুক্তি বিচাৰি সি ঘৰলৈ উভতিল। তেতিয়ালৈ সি ভালদৰে বুজি উঠিছিল যে ঘৰত দেউতাকৰ পৰা বা আন কাৰো পৰা সি একো পাব লগীয়া নাই, কাৰণ সি তাৰ সকলো পাব লগীয়া সা-সম্পত্তি দেউতাকৰ পৰা লৈ শেষ কৰি পেলালেই। তথাপিও মনৰ দুখত সি ঘৰলৈ উভতিল। 

দেউতাকে তাক দেখা পায়েই আনন্দত আত্মহাৰা হৈ এটা ডাঙৰ ভোজৰ আয়োজন কৰিবলৈ নির্দেশ দিলে আৰু তাক ভাল দৰে স্নান কৰি সুন্দৰ নতুন সাজ পিন্ধিবলৈ দিলে। ইফালে বহুত সময় পথাৰত কষ্টকৰ কাম সম্পাদন কৰি ডাঙৰ ল’ৰাটো যেতিয়া ঘৰলৈ ওভতে, দূৰৰ পৰাই তেওঁ বহুতো মানুহৰ আহ-যাহ দেখি, হাঁহি-স্ফূর্টি, কথা-বতৰাৰ শব্দ শুনি বুজিলে যে ঘৰত ভোজ, উৎসৱ আদি কিবা হৈছে।

ঘৰ সোমোৱাৰ আগতে বন কৰা মানুহ এটাক পাই সি সুধিলে যে ইমান ৰং-ৰহইচৰ কাৰণ কি? যেতিয়া তাক কোৱা হ’ল যে সেই ৰং-তামাচা আৰু ভোজৰ কাৰণ হ’ল তাৰ ধোঁৱাখুলীয়া ভায়েকৰ ভিক্ষাৰীৰ ৰূপত প্রত্যাৱর্ত্তন, তেতিয়া সি খঙত ঘৰ সোমাবলৈকে অমান্তি হৈছিল।

পিছে দেউতাকে গৈ তাক বুজাই বঢ়াই ঘৰলৈ আনিলে। দেউতাকে তাক ক’লে যে, “সোণটো, মোৰ যি আছে সেয়া সকলো তোমাৰ, আৰু তুমি মোৰ প্রিয়, কিন্তু তোমাৰ এই ভায়েৰা বিপথে গৈছিল, হেৰাই গৈছিল; এতিয়া সি উভতি আহিল বাবে আমি আনন্দ কৰিছোঁ”।

সততে ন্বয়েৰ কাম-বনত অসন্তুষ্ট হৈ দেউতাক অ’কনকুৱ-এ তাক মাৰধৰ কৰে। তেনে কঠোৰ পিতৃৰ পুত্র ন্বয়েই যেতিয়া বাইবেলৰ সাধুৰ সেই মৰমীয়াল দেউতাকৰ কাহিনী শুনে, আৰু যেতিয়া তাক কোৱা হয় যে ঈশ্বৰো সেই দেউতাকজনৰ দৰে মৰমীয়াল আৰু ক্ষমা প্রদানৰ বাবে সাজু, সি এই নতুন ধর্মৰ প্রতি আকৃষ্ট হয়।

ইব’ সকলৰ সমাজত তাৰ দৰে কঠোৰতা, নিষ্ঠুৰতাৰ অভিজ্ঞতা পোৱা অন্য গঞালোকেও কৰুণাৰ, অনুকম্পাৰ এই কাহিনী শুনি খৃষ্টান ধর্মৰ প্রতি আকৃষ্ট হয়। যুক্তিৰে জুখিলে অর্থহীন যেন লগা খৃষ্টান ধর্মতত্ত্বই তেওঁলোকৰ মন জয় কৰিব পৰা নাছিল; কৰিছিল অনুকম্পাৰ বতৰা দিয়া সাধুকথাই।

প্রত্যেক ধর্মৰ নিজা আনুষ্ঠানিক নীতি-নিয়ম, আচৰণ বিধি, পূজা বিধি থাকে, কিন্তু সেই সকলোবোৰৰ ওপৰত যিবোৰ মানৱতা-ধর্মীয় প্রমূল্য থাকে, সেইবোৰহে সকলো ধর্মৰ শ্রেষ্ঠ শিক্ষা।

বাইবেলৰ মৰমীয়াল দেউতাক আৰু ধোঁৱাখুলীয়া পুতেকৰ সাধুটোৱে খৃষ্টান ধর্ম মতে কৰুণাময় পৰমেশ্বৰ আৰু পাপী মানুহৰ সম্বন্ধ দেখুৱাইছে; নিজৰ পাপ বা দুষ্ট-কর্মৰ বিষয়ে অনুতপ্ত জনে বেয়া বাট এৰি সৎ পথত চলিবলৈ যত্ন কৰা জনক ঈশ্বৰে সহজে ক্ষমা কৰে আৰু আপোন কৰি লয় বুলি দেখুৱাইছে; কিন্তু এই সাধুটোৱে মানৱতা-ধর্মী কৰুণাৰ বতৰা দিছে বুলি ক’লেও নিশ্চয় ভুল নহ’ব।

person hands on holy bible
অনুকম্পা

গতিকে ই এটা খৃষ্টান সাধু হোৱাৰ লগতে মানৱতা-ধর্মী সাধুও হয়। মানৱতাৰ প্রমূল্য মতে সেই দেউতাকজনৰ অনুকম্পা অনুকৰণীয়, অ’ক’নকুঅ’ৰ কঠোৰতা অনুকৰণীয় নহয়।

 কিছুমান ক্ষেত্রত একোটা সাধুৱে আনুষ্ঠানিক ধর্মীয় ৰীতি-নীতিৰ তুলনাত মানৱতাৰ প্রমূল্যক শ্রেষ্ঠতৰ বুলি দেখুৱায়। জে’ন বৌদ্ধ পৰম্পৰাত প্রচলিত এটা ক্ষুদ্র সাধু – 

এজন বয়সস্থ ভিক্ষু আৰু তেওঁতকৈ বয়সত ভালেমান সৰু (সাধুটোৰ কোনো সংস্কৰণৰ মতে তেওঁৰ শিষ্য) এজন ডেকা ভিক্ষু এটা বাটেৰে গৈ আছিল। এঠাইত তেওঁলোকে এটা খৰস্রোতা নিজৰা পালেগৈ। নিজৰাটো পাৰ হ’বলৈ লৈ তেওঁলোকে দেখিলে যে এগৰাকী মহিলাইও নিজৰাটো পাৰ হ’ব খুজিছে, কিন্তু পানীত পৰাৰ ভয়ত আৰু পিন্ধি অহা কাপোৰ ভিজাৰ ভয়ত মহিলা গৰাকীয়ে কি কৰোঁ কি নকৰোঁকৈ আছে।

নিজৰাটো পাৰ হ’ব নোৱাৰি মানুহগৰাকীয়ে প্রায় কান্দি উঠিছে। ডেকা ভিক্ষুজনে মন কৰিছে যে মানুহজনী বেছ ধুনীয়া। তেওঁ জানে যে সন্ন্যাসৰ নিয়ম মতে তেওঁলোকৰ দৰে ভিক্ষুৱে মহিলাৰ ফালে চোৱাও নিষেধ, মহিলাক স্পর্শ কৰাটো দূৰৰে কথা। কিন্তু তেওঁলোকে মানুহগৰাকীৰ কাষ চপাৰ লগে লগে জ্যেষ্ঠ ভিক্ষুজনে মানুহজনীক ডাঙি কোলাত লৈ নিজৰাটোৰ সিটো পাৰত নি থ’লেগৈ। মানুহজনীয়েও আনন্দ মনেৰে নিজৰ গন্তব্য স্থানৰ ফালে যাবলৈ ধৰিলে।

এই ঘটনাৰ পিছত জ্যেষ্ঠ ভিক্ষুজন আগৰদৰেই গৈ থাকিল, নীৰৱে, শান্ত মনেৰে, কিন্তু কনিষ্ঠ ভিক্ষুজনে বাৰে বাৰে মানুহজনী গৈ থকাৰ ফালে চাই চাই শেষত কিছু আবেগিক ভাবে জ্যেষ্ঠজনক ক’বলৈ ধৰিলে, “তুমি কিয় সেই মানুহজনী ডাঙি নিছিলা? ভিক্ষুৰ নাৰীক স্পর্শ কৰাৰ অধিকাৰেই নাই, অথচ তুমি…..”

জ্যেষ্ঠ ভিক্ষুজনে পাতল হাঁহি এটা মাৰি কনিষ্ঠজনলৈ চাই ক’লে, “কিন্তু মইতো মানুহজনী কেতিয়াবাই নমাই থ’লোঁ; তুমি কিয় তেওঁক এতিয়াও কঢ়িয়াই লৈ ফুৰিছা?” 

বৌদ্ধ ধর্মৰ সন্ন্যাসৰ নিয়মৰ কথা কৈছিল কনিষ্ঠ ভিক্ষুজনে, কাৰণ জ্যেষ্ঠ ভিক্ষুজনে সেই নিয়ম ভংগ কৰি এজনী মহিলাক ডাঙি লৈ নিজৰা পাৰ কৰি দিয়া দেখি তেওঁ আচৰিত হৈছিল।

তেওঁ এতিয়াও বুজিবলৈ বাকী আছে যে ধর্মৰ সকলো নিয়মৰ ওপৰত মানৱতাৰ নিয়ম। মানুহগৰাকীৰ ব্যথা দেখি জ্যেষ্ঠ ভিক্ষুজন নিজে ব্যথিত হৈছিল। সেয়া মানৱতা। সাধাৰণ ধর্মৰ নিয়ম (এই ক্ষেত্রত বৌদ্ধ ধর্মৰ সন্ন্যাসৰ নিয়ম) ভাঙি তাতোকৈ ডাঙৰ ধর্মৰ নিয়ম (অর্থাৎ মানৱতাৰ নিয়ম) মানি জ্যেষ্ঠ ভিক্ষুজনে মানুহগৰাকীৰ কষ্ট লাঘৱ কৰিছিল। 

আকৌ যি মূহুর্ত্ততে তেওঁ মানুহগৰাকীক নিজৰাৰ সিপাৰে মাটিত থ’লেগৈ সেই মূহুর্ত্ততে তেওঁ কৰা সেই মানৱতা-ধর্মী কাম বা সেই সহায়ৰ কথা বা মানুহগৰাকীৰ স্পর্শটো কেনেকুৱা এই সকলোবোৰ কথা তেওঁ নিজৰ মনৰ পৰা ত্যাগ কৰিলে। আৰু তেওঁ কাৰো আগত এইবুলি ফিটাহি নামাৰেগৈ যে মই বৌদ্ধ ভিক্ষু হৈয়ো মানুহগৰাকীক সহায় নকৰাকৈ নোৱাৰিলো।

ফিটাহি মাৰে জাগতিক শক্তি, সম্পদ বিচৰা মানুহে, ৰাজনৈতিক নেতাই: “মই/আমি অমুক কৰিলোঁ, তমুক কৰিলোঁ; সিহঁতে কি কৰিলে?” ধর্ম-পথত খোজ দিয়াজনে জাগতিক শক্তি, সম্পদ নিবিচাৰে, আৰু তেওঁৰ ফিটাহি মৰাৰ কোনো প্রয়োজন নাথাকে।

যীশুৱে কৈছে যে দুখীয়াক দান কৰোঁতে তোমাৰ সোঁহাতে কি কৰিছে তোমাৰ বাওঁহাতক জানিবলৈ নিদিবা। (আৰু আপোনাৰ, মোৰ চিনাকি কিছুমান মানুহৰ কথা ভাবকচোন। তেওঁলোকে দান নকৰে; ৰাইজৰ ধনেৰেই ৰাইজৰ কাম কৰে, আৰু তেনে কাম কৰিবলৈকে ৰাইজে তেওঁলোকক একোটা পদ দিছে। কিন্তু সেই কাম কৰাৰ কথা আকাশ, বতাহ, ৰেডিও, টেলিভিজন সকলোৱে চিঞৰি থকাৰ ব্যৱস্থা কৰিহে তেওঁলোকে কাম কৰে—এনে লাগে যেন কামটোতকৈ প্রচাৰহে বেছি গুৰুত্বপূর্ণ।)

হিন্দু সন্ত-মহাত্মা সকলৰ জীৱন কাহিনী সকলো প্রাণীৰ প্রতি তেওঁলোকৰ কৰুণাৰ কথাৰে ভৰা। ৰমণ মহর্ষি (১৮৭৯-১৯৫০)ৰ সকলো জীৱৰ প্রতি আৰু মানুহৰ প্রতি কৰুণাৰ অনেক উদাহৰণৰ কথা জনা যায়। এটা সময়ত মহর্ষিৰ বিৰুদ্ধে আৰু ৰমণাশ্রমৰ বিৰুদ্ধে আইনী যুঁজ তৰা পেৰুমলস্বামী নামৰ এজন মানুহ আছিল। তেওঁক আইনী যুঁজত পৰাস্ত কৰাৰ পিছত স্বাভাৱিকতে আশ্রমৰ বিষয় ববীয়া সকলে তেওঁক ৰমণাশ্রমত সোমোৱাৰ পৰা নিষেধ কৰি দিছিল।

ramana4
ৰমণ মহর্ষি (১৮৭৯-১৯৫০)

এই ঘটনাৰ কিছু বছৰ পিছত তেওঁ অসুখ-বিসুখ আৰু দাৰিদ্র্যত ভূগিব লগীয়া হৈছিল। তেতিয়া তেওঁ অন্য মানুহৰ দ্বাৰা তেওঁৰ দুৰাৱস্থাৰ কথা ৰমণ মহর্ষিক জনাইছিল। আগেয়ে তেওঁ কৰা দুর্ব্যৱহাৰৰ বাবে ৰমণাশ্রমত কোনোৱে তেওঁক সহায় কৰিব বিচৰা নাছিল, কিন্তু তেওঁৰ দুখৰ কথা শুনি মহর্ষিয়ে আশ্রমৰ বিষয় ববীয়াসকলক তেওঁক সহায় কৰিবলৈ, আহাৰ, ঔষধ আদি দিবলৈ মান্তি কৰাইছিল।

মানুহবোৰে পেৰুমলস্বামীক সহায় কৰিব নিবিচৰা বুলি জানি মহর্ষিয়ে আচৰিত হৈ কৈছিল, “কিয়? তেওঁতো আমাৰেই পেৰুমলস্বামী”। মহর্ষিৰ, আশ্রমৰ বিৰুদ্ধে আইনী যুঁজ তৰা মানুহজনৰ প্রতিও মহর্ষিৰ কোনো বৈৰী ভাৱ নাছিল।

অবাটে যোৱা পুত্রৰ চৰিত্রৰ কথা, দোষৰ কথা দেউতাকে সকলো জানে, কিন্তু তাৰ দুৰাৱস্থাত তেওঁ ব্যথিত। তাৰ দুৰাৱস্থাৰ বাবে তাৰ প্রতি তেওঁ অনুভৱ কৰা অনুকম্পাৰ বেগে তাৰ চাৰিত্রিক দোষৰ জ্ঞানক ম্লান কৰি পেলালে। “তই কিয় এনে কৰিছিলি?” বুলি প্রশ্ন কৰাৰ সলনি তেওঁ তাৰ প্রতি কৰুণাত মগন। মানুহজনীয়ে নিজৰাটো পাৰ হ’ব নোৱৰাৰ বাবে মনত কষ্ট পাইছিল।

নিজৰা পাৰ হৈ নিজৰ লক্ষ্য-স্থানত উপনীত হ’ব নোৱাৰিলে চাগৈ তেওঁ ডাঙৰ অসুবিধাত পৰিব। তেওঁ ক’লৈ যাব, কিয় তেওঁ নিজৰা পাৰ হ’ব বিচাৰিছে এনে বোৰ প্রশ্ন কৰা নাই বৌদ্ধ ভিক্ষুজনে। সন্ন্যাসৰ নীতি অনুযায়ী তেওঁ সাংসাৰিক মানুহৰ কাম-কাজত সোমাব নোৱাৰে, গতিকে তেওঁ মানুহগৰাকীক প্রশ্ন কৰা নাই, কিন্তু মানুহগৰাকীৰ অসুবিধাটো বুজি পাই তেওঁ তেওঁক সহায় কৰিলে।

আনৰ অসুবিধা, কষ্ট বুজিব পৰাটো, আনৰ দুখত ব্যথিত হোৱাটোৱেই অনুকম্পা। দুখীয়াৰ দুখ নিবাৰণৰ বাবে দান কৰা যায় বা অন্য উপায়েৰে দাৰিদ্র নাশ কৰা যায় অনুকম্পাৰ বাবে। ৰোগী, নিশকতীয়া, বিশেষ ভাৱে সক্ষম জনৰ বাবে সহায়ৰ হাত আগ বঢ়োৱা যায় অনুকম্পাৰ বাবে। জীৱ-জন্তুক শাস্তি দিয়া নাযায় অনুকম্পাৰ বাবে।

সমস্ত সংসাৰৰ সৈতে সহৃদয়তাৰ ভাৱ সৃষ্টি হয় অনুকম্পাৰ বাবে। “সংসাৰ মানেই শাস্তি”—সাংসাৰিক জীৱ হিচাপে আমাৰ এই অভিজ্ঞতা আছে, আৰু এই অভিজ্ঞতাৰ পৰাই সকলো প্রাণীৰ প্রতি সহৃদয়তাৰ, অনুকম্পাৰ সৃষ্টি হয়।

অনুকম্পা নহ’লে ধর্মৰ বাহিৰা বেশৰ কোনো অর্থ নাই; পূজা, নামাজ, প্রে’য়াৰ সকলো অর্থহীন যদি হৃদয়ত অনুকম্পা নাই। হৃদয়ত অনুকম্পা হ’লেহে পূজা, নামাজ, প্রে’য়াৰ অর্থপূর্ণ হয়। অনুকম্পা প্রথম। মানৱতাৰ বীজ অনুকম্পা, মানৱতাৰ পূর্ণতাও অনুকম্পাত; আৰু মানৱতাহীন ধর্ম অর্থহীন।

Mahabahu Template

সঞ্জীৱ কুমাৰ নাথ, sanjeevnath21@gmail.com

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Why Hitler Hated Jews: Origins of the Holocaust
History

Why Hitler Hated Jews: Origins of the Holocaust

by Kakali Das
April 16, 2026
0

Why Hitler Hated Jews: Origins of the Holocaust Hitler’s rise, Nazi ideology, antisemitism, and how it led to genocide in...

Read moreDetails
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
Why are there few women in Indian Politics?

Why are there few women in Indian Politics?

April 8, 2026
How to Sell Your Brains to the Highest Bidder: the Complete Guide

How to Sell Your Brains to the Highest Bidder: the Complete Guide

April 7, 2026
Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

Why Did So Many People Die in the Middle Ages? Plague, Famine, War, and the Struggle to Survive

April 7, 2026
Delhi Diaries: A Story of Family Bonding, Solo Growth, and Rediscovering Freedom

Delhi Diaries: A Story of Family Bonding, Solo Growth, and Rediscovering Freedom

April 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

April 21, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Iran : Asymmetric War with the US and Israel

April 21, 2026
Earth Day 2026: Assam Flood Crisis, Guwahati Urban Flooding & Renewable Energy Solutions

Earth Day 2026: Assam Flood Crisis, Guwahati Urban Flooding & Renewable Energy Solutions

April 21, 2026
Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

Climate Crisis Alert: How Global Warming is Destroying Sualkuchi (Assam)’s Priceless Muga, Eri & Pat Silk Legacy

April 20, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    30719 shares
    Share 12287 Tweet 7680
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12846 shares
    Share 5138 Tweet 3212
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    229 shares
    Share 92 Tweet 57
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4271 shares
    Share 1708 Tweet 1068
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3615 shares
    Share 1446 Tweet 904
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    89 shares
    Share 36 Tweet 22
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    922 shares
    Share 369 Tweet 231
  • দেশে দেশে ফুটবল

    240 shares
    Share 96 Tweet 60
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    78 shares
    Share 31 Tweet 20
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    854 shares
    Share 342 Tweet 214
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d