• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

অনুগ্ৰহ কৰি বীণ নবজাবা

-অঞ্জন শৰ্মা

by Anjan Sarma
February 7, 2019
in Poetry
Reading Time: 4 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-অঞ্জন শৰ্মা |

‘তামাম হিন্দুস্থান’ৰ সম্ৰাট

        জাহাঙ্গীৰে কাশ্মীৰৰ বৰ্ণনা কৰিছিল-

‘গৰ ফিৰদৌছ বৰ ৰুৱে জামিনাস্ত

হামিনাস্ত-ও-হামিনাস্ত-ও-হামিনাস্ত’!

অৰ্থাৎ,

পৃথিৱীৰ ক’ৰবাত যদি স্বৰ্গ আছে,

সি ইয়াতেই আছে,

ইয়াতেই আছে,

ইয়াতেই আছে!

অসমৰো বৰ্ণনা কৰি সাহিত‍্যসম্ৰাট

     চৈয়দ আব্দুল মালিকেও কৈছিল-

‘এয়েই অসম! চৌদিশে ধূসৰ পাহাৰ

প্ৰতিটো বনৰ পাত জাংফাই মিনা কৰা ৰূপ জাতিস্কাৰ’!

আ:,কি অমৃত অমৰ উক্তি সম্ৰাট মালিকৰ

   যি কচি কচি পাঞ্জা খেলিব পাৰে উক্তিৰে

    সম্ৰাট জাহাঙ্গীৰৰ!

উশাহত কমতা মোৰ

                        নিশাহত কামৰূপ

হৃদয়ত মোৰ আছে লুকাই প্ৰাগজ্যোতিষপুৰ

ব্ৰহ্মপুত্ৰ মোৰ ৰাজহাঁড়

মই অসমৰ।

ইতিহাসৰ বক্ষত বিচৰণ কৰা মই, মোক

তুমি

‘চিন্হেটিক’ জন-গণ-মনৰ বীণ বজাই বজাই

নচুৱাব নোৱাৰিবা

‘কত শত বৰষৰ কত শত বেদনাৰ কথা’

বক্ষত সাৱটি

আমাৰ উপত্যকাৰ উথ্থান-পতনৰ ইতিহাস

প্ৰত‍্যক্ষ কৰি কৰি বৈ থকা সোণখাটি সাক্ষী

বসুমতীৰ একমাত্ৰ ‘পুৰুষ-নদী’ মহানদ ব্ৰহ্মপুত্ৰ

আজিও বৈ আছে মোৰ মাতৃভূমিত

বহ্নিমান

মোৰ ৰাজহাঁড়ত

কুন্ডলিনী লুইত

লৌহিত‍্য

ৰঙা নদী আৰু সেউজীয়া পাহাৰ

‘…….প্ৰতিটো বনৰ পাত

        জাংফাই মিনা কৰা ৰূপ জাতিষ্কাৰ’!

যুগে যুগে দেখি আহিছে আমাৰ উপত‍্যকাই

মহাবাহুৰ

ব্ৰহ্মপুত্ৰৰ

বিশাল, সুন্দৰ আৰু ৰূপ ভয়ংকৰ।

বীণ নবজাবা

অনুগ্ৰহ কৰি বীণ নবজাবা

ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আজিও আছে ভাস্কৰবৰ্মা

চুকাফা, চিলাৰায়, লাচিত

সৰ্বানন্দ সিংহকে ধৰি বহুতৰে পদৰেণু

মিহলি হৈ আছে

কথা দিও দেৱী কামাখ‍্যাই প্ৰতাৰণা কৰা

উপত্যকাৰ ৰোমান্টিক নায়ক নৰকৰ শৌৰ্য

উস্, কি অস্পৰ্দ্ধা!!

ইতিহাসৰ প্ৰতি কি এক অমাৰ্জিত সচেতন অৱহেলা

তোমাৰ

       ৰামসিংহৰ মুখেৰেও নিৰ্গত হয় আজি

       “শেষ শৰাইঘাট”!!

লাজ যদি অকণো আছে অনুগ্ৰহ কৰি

         “শেষ শৰাইঘাট” শব্দদুটা তুমি

          উচ্চাৰণ নকৰিবা

লাচিত দিৱস-চিলাৰায় দিৱসো তুমি

          উদযাপন নকৰিবা

তুমি ৰামসিংহ, তুমি অসম দখলৰ

সপোন দেখি দেখি ব‍্যৰ্থ হোৱা

       দিল্লীশ্বৰ ঔৰংজেৱৰ প্ৰধান সেনাপতি

তুমি

      অহৰ্নিশে যুঁজি আছা লাচিতৰ বিৰুদ্ধে

                                  চিলাৰায়ৰ বিৰুদ্ধে

                                  ভাস্কৰবৰ্মাৰ বিৰুদ্ধে

ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ‍্যতা-সংস্কৃতিৰ বিৰুদ্ধে

তোমাৰ বঙহৰ বিৰুদ্ধে

                               প্ৰতি দিনে, প্ৰতি ক্ষণে

তামাম হিন্দুস্থানৰ প্ৰতিনিধি তোমাৰ মুখত

আজি

“শেষ-শৰাইঘাট”!!

তুমি বীণ নবজাবা, নৱীন ৰামসিংহ তুমি

                                        বীণ নবজাবা।

‘গজনী’ বোলছৱিৰ ‘নায়ক’ৰ হ্ৰস্বকালীন

                             স্মৃতি-বিলোপ হৈছিল

তোমাৰ, তোমাৰ অইন সেনাপতিসকলৰ

            দীৰ্ঘকালীন স্মৃতি-বিলোপ হৈছে

ই এক জটিলতম ৰোগ

সেয়েহে নৱীন ৰামসিংহ তুমি আজি

             দেখা নাই! একো দেখা নাই!

             শুনা নাই! একো শুনা নাই !

অসমৰ প্ৰতিটো বনৰ পাত আজি ম্ৰিয়মান

জাংফাই মিনা কৰা ৰূপ অসমৰ

                               আজি শোকত অধীৰ

দীৰ্ঘকালীন স্মৃতি-বিলোপ তোমাৰ, তুমি

                                   কিদৰে দেখিবা?

মাথো অনুগ্ৰহ কৰি বীণ নবজাবা।

উশাহত কমতা মোৰ

                        নিশাহত কামৰূপ

হৃদয়ত মোৰ আছে লুকাই প্ৰাগজ্যোতিষপুৰ

ব্ৰহ্মপুত্ৰ মোৰ ৰাজহাঁড়

মই অসমৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অনুগ্ৰহ কৰি বীণ নবজাবা
Anjan Sarma

Anjan Sarma

Related Posts

photography of book page
Poetry

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

by Divyanshu Bora
April 19, 2026
0

Mind-Blowing Literary Fusion: Reading Jiban Narah's Soulful Assamese Poems While Devouring Haruki Murakami's Memoir Discover the surprising emotional resonance and...

Read moreDetails
মই খটখটী

মই খটখটী

April 11, 2026
নাম শুনিলেই যাৰ….

নাম শুনিলেই যাৰ….

January 26, 2026
‘কা’: মই লিখিম কাৰ নাম?

‘কা’: মই লিখিম কাৰ নাম?

December 9, 2025
গুৱাহাটী এখন ধুনীয়া ঠাই

গুৱাহাটী এখন ধুনীয়া ঠাই

October 29, 2025
মায়াৱী কুকুৰা

মায়াৱী কুকুৰা

September 16, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37507 shares
    Share 15002 Tweet 9377
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17001 shares
    Share 6800 Tweet 4250
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2235 shares
    Share 894 Tweet 559
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    110 shares
    Share 44 Tweet 28
  • জ্যোতি সঙ্গীত-পঞ্চম খণ্ড

    312 shares
    Share 125 Tweet 78
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d