ভাৰতৰ জি.ডি.পি.!
দিলীপ দৈমাৰী
মোডী চৰকাৰৰ উদ্বেগ বৃদ্ধি কৰি ভাৰতৰ জি.ডি.পি. বৃদ্ধিহাৰ কমি গ’ল। বিগত আৰ্থিক বৰ্ষৰ সৰ্বশেষ ত্ৰৈমাসিক! ই একেবাৰে অপ্ৰত্যাশিত!
চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ উপৰিও ৰিজাৰ্ভ বেংকেও আশা কৰিছিল যে অন্ততঃ ৬% স্পৰ্শ কৰিব আৰ্থিক বৃদ্ধিৰ হাৰ।
কিন্তু মাত্ৰ ৪.১% হৈছে ২০২১-২২ আৰ্থিক বৰ্ষৰ সৰ্বশেষ ত্ৰৈমাসিকৰ জি.ডি.পি. বৃদ্ধিৰ হাৰ। একেলগে সমগ্ৰ বছৰটোৰ, অৰ্থাৎ বিগত আৰ্থিক বৰ্ষৰ মুঠ জি.ডি.পি. বৃদ্ধিৰ হাৰ হৈছে ৮.৭% ।
প্ৰাক কোভিডকালত হোৱা জি.ডি.পি. বৃদ্ধিহাৰতকৈ এতিয়াৰ জি.ডি.পি. বৃদ্ধি হাৰ ১% বাঢ়িছে; কিন্তু ইয়াক লৈ খোদ বিত্ৰ মন্ত্ৰালয় সন্তুষ্ট নহয়। কাৰণ ফেব্ৰুৱাৰী মাহৰ আৰ্থিক সমীক্ষাত কোৱা হৈছিল, অন্ততঃ ৯.৫% হ’ব জি.ডি.পি. বৃদ্ধিৰ হাৰ।
একেদৰেই, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটক লৈ দিয়া চৰকাৰী ভাষণত কৈছিল, নমিনেল জি.ডি.পি. বৃদ্ধি হাৰ ১১.৫% হ’ব। কিন্তু দেখা গ’ল, এটাও নহ’ল!
নমিনেল জি.ডি.পি. ১১.৫% হ’বলৈ হ’লে মুদ্ৰাস্ফিতীৰ হাৰ ৩% হ’ব লাগিব। কিন্তু মুদ্ৰাস্ফিতীৰ হাৰে কেতিয়াবাই ৬% অতিক্ৰম কৰিছে। বিগত আৰ্থিক বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত জি.ডি.পি. বৃদ্ধিৰ হাৰ আছিল ৫.৪%। আশা কৰা হৈছিল, লাহে লাহে হ’লেও ৬% স্পৰ্শ কৰিব আৰ্থিক বৃদ্ধিৰ হাৰ।
কিন্তু সৰ্বশেষ ত্ৰৈমাসিকৰ জি.ডি.পি. বৃদ্ধি হাৰ একেবাৰে হতাশজনক। ইয়াৰ অন্যতম কাৰণ হৈছে মূল্যবৃদ্ধিৰ তীব্ৰগতি। সকলোবোৰ ক্ষেত্ৰত শিল্পোৎপাদন কমিছে, মানুহৰ ক্ৰয় ক্ষমতা আৰু ক্ৰয় প্ৰৱণতা কমি গৈছে, আৰু সকলোৰে প্ৰভাৱ পৰিছে আৰ্থিক ক্ষেত্ৰৰ বৃদ্ধিৰ ওপৰত। জি.ডি.পি. বৃদ্ধি হাৰ হ্ৰাস পোৱাৰ লগতে হু হু কৈ বৃদ্ধি হোৱা মূল্য বৃদ্ধিয়ে সকলোকে তীব্ৰভাবে দহি- পুৰি মাৰিছে; আৰু ইয়েই এতিয়া মোডী চৰকাৰৰ বাবে হৈ পৰিছে বিৰাট উদ্বেগৰ কাৰণ!
[headline Image: www.businessinsider.in ]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.