• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, November 14, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Education

অন্ধবিশ্বাস অথবা অপবৈজ্ঞানিক বিশ্বাসৰ আঁত ধৰি

by Anjan Sarma
January 11, 2024
in Education, Special Report
Reading Time: 4 mins read
0
অন্ধবিশ্বাস অথবা অপবৈজ্ঞানিক বিশ্বাসৰ আঁত ধৰি
Share on FacebookShare on TwitterShare on LinkedIn

অন্ধবিশ্বাস অথবা অপবৈজ্ঞানিক বিশ্বাসৰ আঁত ধৰি

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

অন্ধবিশ্বাস শব্দৰ সন্ধি ভাঙি ইয়াৰ অৰ্থ নিৰ্ণয় কৰিলেই ইয়াৰ মূল অৰ্থ প্ৰকাশ হৈ উঠে।

চকুৰে নেদেখাকৈ, সত্যাসত্য প্ৰমাণ নোহোৱাকৈয়ে কৰা বিশ্বাসেই অন্ধবিশ্বাস।

পৰম্পৰাগত চিন্তা, দেৱতা-অপদেৱতাৰ কাহিনী পঠন-শ্ৰৱণে আমাৰ মনোজগতত অন্ধবিশ্বাসৰ প্ৰাথমিক শিপা মেলাৰ পথ প্ৰশস্থ কৰে। বহু সময়ত দেখা যায় যে, আমাৰ পৰম্পৰাগত কিছুমান অবৈজ্ঞানিক চিন্তাধাৰা শিশু মনত প্ৰোথিত কৰাৰ পৰিৱৰ্তে ‘নাপায়’ৰ সলনি  প্ৰকৃত কাৰণসমূহ বুজাই নিদিয়াৰ ফলতো অন্ধবিশ্বাসে ঠন ধৰি উঠে।
অন্ধবিশ্বাস অথবা অপবৈজ্ঞানিক বিশ্বাস

এই কথাটো বুজিবলৈ আমি দুটামান উদাহৰণ ল’ব পাৰোঁ। অন্ধবিশ্বাসৰ উদাহৰণ বুলিলেই প্ৰথমে মনলৈ আহে কিচকিচকৈ ক’লা মেকুৰীটোৰ কথা নহয়নে?

       আমি বহু সময়ত দেখা পাওঁ যে, আজিও বহুলোকে সন্মুখেদি মেকুৰী পাৰ হৈ গ’লে গাড়ীখন অলপ পিছুৱাই আনি তাৰ পিছতহে সেই ঠাইৰ পৰা আগলৈ যায়। আচলতে পুৰণি দিনত যেতিয়া আধুনিক গাড়ীৰ প্ৰচলন নাছিল, তেতিয়া মানুহে যাতায়তৰ বাবে গৰুগাড়ী বা ঘোঁৰা গাড়ী ব্যৱহাৰ কৰিছিল। যেতিয়া গৰু বা ঘোঁৰাই গাড়ী টানি গৈ থাকে তেতিয়া সন্মুখত হঠাৎ মেকুৰী বা অন্য বন্য জীৱ দেখিলে উচপ্ খাই উঠিছিল। ই এক স্বাভাৱিক প্ৰক্ৰিয়া।

RelatedPosts

Cinema and Psychology

Cinema and Psychology

November 14, 2025
Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

November 14, 2025
Mahabahu – Special Issue

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান !

November 14, 2025

কিন্তু এই প্ৰক্ৰিয়া মানুহৰ মাজত থাকি গ’ল। সেয়েহে আজিও মানুহে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ মেকুৰীয়ে বাট কাটিছে বুলি গাড়ী পিছুৱাই আনে বা অলপ ৰৈহে যায়।

   এই উদাহৰণটো লিখি থকাৰ সময়তে মোৰ মবলৈ আহিছে ভাৰতবৰ্ষৰ অভিৰোচন প্ৰবক্তা সন্দীপ মহেশ্বৰীৰ এটা উদাহৰণমূলক অন্ধবিশ্বাস বিৰোধী বক্তৃতাৰ কথা।

বক্তৃতাটোত উল্লেখ কৰা কাহিনীটো আছিল এনেধৰণৰ-

এবাৰৰ কথা। কেইজনমান বিজ্ঞানী লগ হৈ এটা খুউব আমোদজনক পৰীক্ষা কৰিলে। তেওঁলোকে এটা গড়ালৰ ভিতৰত পাঁচটা বান্দৰ ভৰাই দিলে। গড়ালৰ ভিতৰত এডাল জখলা লগাই দিলে। সেই জখলাডালৰ একেবাৰে ওপৰত এআখি কল ওলোমাই দিলে। কলখিনি দেখাৰ লগে লগে বান্দৰৰ লোভ লাগিল আৰু এটা এটাকৈ কলখিনি আনিবলৈ জখলাদি আগবাঢ়িলে।

  যেতিয়া বান্দৰে জখলাইদি গৈ সেই কলখিনিৰ ওচৰ পাই তেতিয়াই ওপৰৰ পৰা ঠাণ্ডা পানী নিগৰাই দিছিল। যেতিয়াই বান্দৰটোৰ গাত ঠাণ্ডা পানী পৰে তেতিয়াই বান্দৰটো খৰধৰকৈ তললৈ নামি আহে। বান্দৰটো তললৈ আহি পোৱাৰ লগে লগে পানী নিগৰোওৱা বন্ধ কৰি দিয়া হৈছিল। এনেকৈয়ে ইটোৰ পাছত সিটো বান্দৰ জখলাৰে ওপৰলৈ যাবলৈ চেষ্টা কৰে। কলখিনিৰ ওচৰ পালেই পানী পৰে, লগে লগে বান্দৰটো তললৈ নামি আহিবলৈ বাধ্য হয়।

অৱশেষত বান্দৰবোৰে এইটো সিদ্ধান্তত উপনীত হ’ল যে জখলাত উঠিলেই ঠাণ্ডা পানী পৰে। তাৰ পাছত কোনো বান্দৰে যদি সেই জখলাডালত উঠিব চেষ্টা কৰে তেতিয়া বাকী বান্দৰবোৰে সেই বান্দৰটোক নমাই আনে আৰু মাৰিবলৈ ধৰে। তাৰ পাছত বিজ্ঞানীসকলে কৰিলে কি, সেই গড়ালত আৱদ্ধ বান্দৰকেইটাৰ পৰা এটা বান্দৰ আঁতৰাই তাত এটা নতুন বান্দৰ ভৰাই দিলে।

Superstition2

সেই নতুন বান্দৰটোৱে এই বিষয়ে জনা নাছিল যে তাৰ ভিতৰত কি ঘটি আছে। সি যেতিয়াই কথাখিনি দেখা পালে, সেইখিনি আনিবলৈ জখলাত উঠিবলৈ চেষ্টা কৰিলে।কিন্তু এইবাৰ বিজ্ঞানীসকলে ওপৰৰ পৰা কোনোধৰণৰ পানী নিগৰাই নিদিলে। কিন্তু আন বান্দৰবোৰে এইবাৰো বান্দৰটোক ধৰি লগাই আনিলে আৰু মৰিয়াবলৈ ধৰিলে।

তাৰপাছত পুনৰ আন এটা নতুন বান্দৰ গড়ালৰ ভিতৰত ভৰাই দিলে। সিয়ো কলখিনি দেখাৰ লগে লগে জখলাৰে কলখিনি আনিবলৈ জখলাত উঠাৰ লগে লগে অন্য বান্দৰবোৰে তাক ধৰি মাৰিবলৈ ধৰিলে। লাহে লাহে এই কথাটো বান্দৰবোৰে ঠিক কৰি ল’লে যে জখলাৰ ওপৰলৈ যাব নাপায়। তাত কিবা অপশক্তি আছে। সেয়েহে, যিয়ে তালৈ যায় সিয়ে আন বান্দৰৰ পৰা মাৰ খায়। কোনেও কিন্তু পূর্বৰ প্রকৃত কাৰণটো জানিবলৈ চেষ্টা নকৰিলে।

গতিকে, সন্দীপ মহেশ্বৰীৰ এই উদাহৰণটোৰ সৈতে ওপৰত উল্লিখিত ক’লা মেকুৰীৰ বিষয়ক অন্ধবিশ্বাসটো তুলনা কৰিলেই অন্ধবিশ্বাস কেনেকৈ গঢ় লৈ তাক সহজে বুজিব পাৰি।

এতিয়া আহো আন এটা অন্ধবিশ্বাস – ‘আগফালে তেতেলী, পাছফালে ঔ, সেইঘৰ মানুহ মৰিবৰ হ;লনে নৌ’ৰ কথালৈ।

     পুৰণি দিনত হাবিৰ পৰা হৰিণবোৰ তেতেলী খাবলৈ আহিছিল। সেই হাবিৰ হৰিণবোৰ অহাৰ ফলত চিকাৰ বিচাৰি বাঘ অহাৰ সম্ভাৱনা থাকে। একেদৰে পাছফালে ঔ টেঙাৰ গছ থাকিলে হাতী অহাৰ সম্ভাৱনা থাকে।  হাতী আহিলে ঘৰ দুৱাৰ ভঙা অথবা মানুহ গচকি আঘাত কৰাৰ সম্ভাৱনা নথকা নহয়। সেয়েহে সেই সময়ত এনে কথা কোৱা হৈছিল।

Superstitions

কিন্তু সম্প্রতি এনে হাবিকাষৰীয়া ঠাইবোৰ নোহোৱা হ’ল। মানুহৰ জনবসতি বাঢ়িল। গতিকে, এই দুবিধ গছ য’ত থাকিলেও কোনো ক্ষতিগ্রস্ত হোৱাৰ আশংকা নাই। অথচ ই আজি জন-বিশ্বাসৰ পৰা অন্ধবিশ্বাসৰ ৰূপ লৈছেগৈ। যুক্তিহীনভাৱে এই ফকৰাটি বর্তমানেই ব্যৱহাৰ কৰি থকা হৈছে।

        ইয়াৰ ফলত ঔষধি মানসম্পন্ন এই দুবিধ গছৰ সংৰক্ষণ তথা ভৱিষ্যতৰ প্রতিও ভাবুকি নামি আহিছে। আমাক ফল দি, তৃপ্তি দি, বিশুদ্ধ অক্সিজেন দি, আমাক ৰক্ষা কৰি অহা গছবোৰ সংৰক্ষণ কৰাটো আমাৰ নৈতিক দায়িত্ব আৰু কর্তব্য। তেতেলী, ঔটেঙাৰ দৰে মদাৰ, বকুল, আদিও অন্ধবিশ্বাসৰ কবলত পৰি কমি অহা যেন অনুভৱ হৈছে।

অন্ধবিশ্বাসৰ কবলত যে কেৱল অশিক্ষিত জনেই যে বান্ধ খাই এনে নহয়। বহু অন্ধবিশ্বাস শিক্ষিত ব্যক্তিৰ বাবেই আজিও বৰ্তি আছে। আমাৰ বহুতেই ভাবে যে,  বিজ্ঞান বিভাগত শিক্ষাগ্ৰহণ কৰিলেই এজন ব্যক্তি বিজ্ঞান মনস্ক হৈ পৰে। আচলতে এইষাৰ কথা ভ্ৰান্ত ধাৰণাৰ বাদে আন একো নহয়। বিজ্ঞান মনস্ক হ’বলৈ ব্যক্তি এজন বিজ্ঞান বা কলা বা বাণিজ্য শাখাত পঢ়িবই লাগিব বুলি কোনো কথা নাই।

আনুষ্ঠানিক শিক্ষা নথকা ব্যক্তি এজনো বিজ্ঞান মনস্ক হ’ব পাৰে বা আনুষ্ঠানিক শিক্ষা থকা ব্যক্তি এজনো অন্ধবিশ্বাসৰ চিকাৰ হ’ব পাৰে। বিজ্ঞান মনস্ক হ’বৰ বাবে লাগে এক যুক্তিবাদী, জ্ঞান অন্বেষী মন। বিজ্ঞান শাখাত পঢ়া বহুতো তথাকথোত শিক্ষিত লোকৰ মাজতো অন্ধবিশ্বাস আজিও বিয়পি আছে।

Superstitions 1

তাৰেই জ্বলন্ত উদাহৰণ ২০২১ বৰ্ষৰ জানুৱাৰী মাহৰ অন্ধ্ৰপ্ৰদেশত সংঘটিত হোৱা এক জঘন্য কাণ্ড। ঘটনাৰ স্থান চিতোৰ জিলাৰ মদনাপল্লেৰ। তাতে সংঘটিত হৈছে এক নৃশংস কাণ্ড। আমি সদায় যাৰ কোলাত সবাতোকৈ বেছি নিৰাপদ অনুভৱ কৰো সেয়া জানো পিতৃ-মাতৃৰ বাদে আন কোনোবা হ’ব পাৰে! অথচ পিতৃ-মাতৃৰ হাততে অন্ধবিশ্বাসৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে দুগৰাকী শিক্ষিত যুৱতী আলেক্যা আৰু চাই দিব্যাই। পিতৃ-মাতৃও উচ্চ শিক্ষিত।

মাতৃ ভি পদ্মজা গণিতৰ স্নাতকোত্তৰ আৰু পিতৃ ৰসায়ন বিজ্ঞানৰ অধ্যাপক ভি পুৰুষোত্তম নাইডু। এই পিতৃ-মাতৃ আছিল ভণ্ড বাবাজীৰ ভক্ত আৰু ভণ্ডৰ ভণ্ডামিত ভোল গৈ কৰি পেলালে পিতৃ-মাতৃয়ে কেতিয়াও, কোনোদিনে নকৰা জঘন্য কাণ্ড।

ঘটনাটো এনেধৰণৰ – দুই কণ্যা আলেক্যা আৰু চাই দিব্যাৰ সৈতে সুখেৰে বসবাস কৰিছিল পৰিয়ালটো। তেওঁলোকে গম পালে বোলে দুই কণ্যা মৃত্যুৰ পাছত পুনৰ উভতি অহাৰ সক্ষমতা আছে আৰু এয়া পৰম সত্য। সেয়েহে দুয়ো ডাম্বল বেলেৰে দুই কণ্যাক হত্যা কৰিলে । যেতিয়া পুলিচ ঘটনাস্থলীলৈ গ’ল তেতিয়া তেওঁলোকে এনিশাৰ সময় বিচাৰিছিল আৰু পুৱালৈ মৃত দুই কণ্যাই প্ৰাণ পাব বুলিও কৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

    এই ঘটনাই আমাক বহু কথাই কৈ গ’ল। কেৱল উচ্চ ডিগ্ৰীধাৰী হ’লেই অন্ধবিশ্বাস বিৰোধী হ’ব বুলি কোনো কথা নাই । এওঁলোকে কেৱল।পঢ়িলেহে। জ্ঞানী বা শিক্ষিত ব্যক্তি হয়তো নহ’ল।

   গ্ৰহণৰ বেলিকাও অপবৈজ্ঞানিক তত্বৰে এচাম শিক্ষিত মানুহে অন্ধবিশ্বাস প্ৰশ্ৰয় দিয়া দেখা যায়।

eclipse digital wallpaper
Photo by Drew Rae on Pexels.com

লেখক, বিজ্ঞানী, চিন্তাবিদ জয়ন্ত নাৰ্লিকাৰে তেখেতৰ অভিজ্ঞতাৰে দ্য হিন্দু কাককত ‘Science should have the last word’ ,অৰ্থাৎ বিজ্ঞানেই শেষ কথা হোৱা উচিত শীৰ্ষক লেখাত এচাম তথাকথিত শিক্ষিত মানুহে গ্ৰহণৰ সময়ত কেনেদৰে অন্ধবিশ্বাসৰ বলি হয় সেই বিষয়ে এটা উদাহৰণ দি লিখিছে – As a housewife from a well-educated family once explained to me, the food in the fridge is supposed to be destroyed after an eclipse as evil rays will have contaminated it. However, the local priest had a solution which would avoid the food being wasted. His solution, the woman proudly told me, was to smear the fridge with cow dung, which would protect the food. ( এগৰাকী শিক্ষিত গৃহিণীয়ে এবাৰ মোক কৈছিল যে গ্ৰহণৰ বেলিকা যিবোৰ খাদ্যসামগ্ৰী ফ্ৰীজত থাকে সেইবোৰ নষ্ট কৰি পেলাব লাগে। কিয়নো এই সামগ্ৰীবোৰ ভয়ানক ৰশ্মিয়ে দূষিত কৰে। ইয়াৰ।সমাধান সম্পৰ্কে মহিলাগৰাকীয়ে গৌৰৱেৰে এজন পুৰোহিতৰ কথা ক’লে আৰু সেই পুৰোহিতজনে হেনো খাদ্য সামগ্ৰী নষ্ট নহ’বৰ উপায়ো দিছে যে ফ্ৰিজৰ চৌপাশে গোবৰৰ প্ৰলেপ দিলে তাত সেই ভয়ানক ৰশ্মি প্ৰৱেশ কৰিব নোৱাৰে।)

     এনেদৰেই বহুতো অবাস্তৱ আৰু অপবৈজ্ঞানিক বিশ্বাসে সমাজখনক কলুষিত কৰি আহিছে। সাম্প্ৰতিক সময়ত প্ৰযুক্তিবিদ্যাৰ সহায়ত তথা তথাকথিত ‘হোৱাটছ্ এপ য়ুনিভাৰ্চিটি’ৰ উদ্যোগত অপবৈজ্ঞানিক বিশ্লেষণেও অন্ধবিশ্বাস বৃদ্ধিত অৰিহণা যোগাইছে।

বিভিন্ন ৱেবচাইটত ভুৱা তথ্য প্ৰকাশ কৰি সেই তথ্যৰ অৰ্থহীন, বিসংগতিপূৰ্ণ বিশ্লেষণেৰে তাক সত্য প্ৰমাণ কৰিবলৈ উঠি পৰি লাগে। মূলত: অপবিজ্ঞান হ’ল বিজ্ঞান বুলি প্ৰমান কৰিবলৈ ব্যৱহৃত ভুৱাকৈ সৃষ্ট বিজ্ঞান। জয়ন্ত নাৰ্লিকাৰে অপবৈজ্ঞানিক অন্ধবিশ্বাস কেনেদৰে বিয়পে সেই সম্পৰ্কে  ‘Science should have the last word ‘ লেখাটোতে বৰ্ণনা কৰিছে ।

bermuda triangle
বাৰ্মুডা

তেখেতে বাৰ্মুডা ত্ৰিভুজৰ উদ্ধৃতিৰে কৈছে যে বাৰ্মুডা ত্ৰিভুজৰ বিষয়ে প্ৰচলিত আলৌকিক কথাবোৰ অন্ধবিশ্বাসৰ বাদে আন একো নহয়।  এই ক্ষেত্ৰত বাৰ্মুডা সম্পৰ্কীয় বিভিন্ন কথাৰে  চাৰ্লচ বাৰ্লিট্জ নামৰ বিজ্ঞানীজনে কিছুমান ৰহস্য ঘন কথা লিখি এনে ৰহস্যময় কথাবোৰ মানুহৰ মাজলৈ বিয়পি যোৱাত সহায় কৰিছিল।

পৰৱৰ্তী সময়ত বাৰ্মুডাৰ ৰহস্য ভেদ কৰিবলৈ বহুতো অভিযান আৰম্ভ হৈছিল। সেই সম্পৰ্কে নাৰ্লিকাৰে প্ৰবন্ধটোত লিখিছে –   Lawrence David Kusche did seminal work in debugging the Triangle stories. His investigations have shown that the stories were either inflated, or did not tell the whole truth, or tinkered with the vital part of the evidence. Thus, one can safely say that there is no tangible evidence to ascribe an alien character to the Bermuda Triangle. (লৰেঞ্চ ডেভিড কুচ্ছ নামৰ লেখকজনে এই ৰহস্য উদঘাটনৰ বাবে অভিযান চলাইছিল। তেওঁৰ অনুসন্ধানে দেখুৱাই যে এই কাহিনীবোৰ আচলতে অৰ্দ্ধসত্য, বঢ়াই কোৱা ধৰণৰ আৰু কোনো প্ৰমাণ নাই। গতিকে, আমি ক’ব পাৰো যে বাৰ্মুডা ত্ৰিভুজৰ কোনো ৰহস্য নাই, বা তাত কোনো এলিয়েনৰ দৰে চৰিত্ৰ বা জীৱ নাই।)

Bermuda triangle1

     অন্ধবিশ্বাস বিয়পাৰ মূল কাৰণেই হ’ল শৈক্ষিক । সাক্ষৰহীন আৰু সাক্ষৰ সকলোৰে মাজত ই কম-বেছি পৰিমাণে বিয়পি আছে। শ্ৰেণী বিভক্ত সমাজ এখনত ৰাজনৈতিক প্ৰতিপত্তিৰ বাবেও অন্ধবিশ্বাস জীয়াই নৰখা নহয়।

এই সময় বৰ ভয়াৱহ। তাৰ মাজতে অন্ধবিশ্বাস আঁতৰাই পেলোৱাটো সহজ কাম নহয় যদিও অসম্ভৱ নহয়।  আমি আমাৰ মাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰিবলৈ সু-সংগঠিতভাৱে আগবঢ়াই নিব লাগিব।কাৰণ এয়া আমাৰ সাংবিধানিক দায়িত্ব আৰু কৰ্তব্য।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Cinema and Psychology
Movie

Cinema and Psychology

by Editor
November 14, 2025
0

Cinema and Psychology Sampreeti Das Sampreeti Das How many times watching a much awaited movie or series has been your...

Read moreDetails
Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

November 14, 2025
Mahabahu – Special Issue

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান !

November 14, 2025
শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

শ্ৰীমন্ত শংকৰদেৱৰ গৰিমাৰে মণ্ডিত কোচবিহাৰৰ ৰাস

November 14, 2025
ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অংশীদাৰী মহাবিদ্যালয় হিচাপে আৰম্ভ হওক বজালী মহাবিদ্যালয়

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অংশীদাৰী মহাবিদ্যালয় হিচাপে আৰম্ভ হওক বজালী মহাবিদ্যালয়

November 10, 2025
The Titanic: Why did it take 73 years to find the Titanic after it Sank?

The Titanic: Why did it take 73 years to find the Titanic after it Sank?

November 10, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Cinema and Psychology

Cinema and Psychology

November 14, 2025
Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

November 14, 2025
COP30 Brazil: Is this year’s Summit truly an Implementation COP?

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

November 14, 2025
Mahabahu – Special Issue

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান !

November 14, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    16345 shares
    Share 6538 Tweet 4086
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    868 shares
    Share 347 Tweet 217
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3157 shares
    Share 1263 Tweet 789
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8257 shares
    Share 3303 Tweet 2064
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2827 shares
    Share 1131 Tweet 707
  • সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

    1221 shares
    Share 488 Tweet 305
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    720 shares
    Share 288 Tweet 180
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    561 shares
    Share 224 Tweet 140
  • জুবিন গাৰ্গ: মায়াবিনী ৰাতিৰ বুকুত জিলিকা তৰাৰ জীৱন-দীপিতি

    134 shares
    Share 54 Tweet 34
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    3650 shares
    Share 1460 Tweet 913
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d