অন্য যুগ অন্য পুৰুষ
ভবানীপ্ৰসাদ অধিকাৰী
১৯৬৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়লৈ এম এ পঢ়িবলৈ আহি বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যক খাৰঘুলিৰ হাউছিঙৰ ঘৰলৈ গৈ দেখা কৰিলোঁ৷ তেখেতক মই দাদা বুলি সম্বোধন কৰিবলৈ অনুমতি দিবনে নাই সুধিলোঁ ৷ মুখত তামোল এখন ভৰাই ক’লা ধঁপাতৰ এচিকটা পুনৰ মুখত সুমুৱাই পাগুলিয়াই ৰঙিয়াল ভট্টাচাৰ্যদেৱে মোৰ পিঠিত থপৰিয়াই ‘হ’ব হ’ব – সেইটো সুধিবলগীয়া কথাই নহয়’ বুলি ইতিবাচক সঁহাৰি দিলে৷
কিমান সৰল, কিমান বিশাল হৃদয়ৰ গৰাকী আছিল বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য ওৰফে বীৰেনদা ৷ খদ্দৰৰ বগা পাইজামা-পাঞ্জাবী পৰিধান কৰি সাধাৰণ চেণ্ডেল এযোৰ ভৰিত সুমুৱাই প্ৰায়েই বিয়লিপৰত তেওঁ খাৰঘুলিৰ ঘৰৰ পৰা উজানবজাৰ বা পাণবজাৰলৈ খোজকাঢ়ি আহিছিল৷ মই বিশ্ববিদ্যালয়ৰ দহ নম্বৰ ছাত্ৰাৱাসৰ পৰা অকলশৰে বীৰেনদাৰ ঘৰলৈ প্ৰায়েই গৈছিলো৷
যোৱাৰ কাৰণ দুটাঃ প্ৰথম কথা, যিহেতু মই কোক্ৰাঝাৰ কলেজৰ পৰা স্নাতক হৈ ওলাইছিলো – আৰু কোকৰাঝাৰ সম্পৰ্কত সম্যক ধাৰণা এটা আছিল আৰু দ্বিতীয়তে মোক কেতবোৰ কিতাপৰ নাম দিছিল – যিবোৰৰ সৰহভাগেই মোৰ ব্যক্তিগত সংগ্ৰহৰ তালিকাত আছিল৷ এদিন বীৰেনদাই মোক ভবেন নাৰ্জাৰীৰ ‘বড়ো-কছাৰীৰ সমাজ আৰু সংস্কৃতি’ গ্ৰন্থখন বিচাৰিলে৷ পিছদিনা মই তেওঁৰ ঘৰলৈ গৈ দি আহিলোঁ। বীৰেনদাই গ্ৰন্থখন উৰাই-ঘূৰাই পঢ়ি বড়ো জনগোষ্ঠী সম্পৰ্কত এটা স্পষ্ট ধাৰণা হৈছিল আৰু তেওঁৰ মানৱীয়-উদাৰ দৃষ্টিভংগীৰ কষটি শিলত ঘঁহি-মাজি নিকা কৰি তুলি ধৰিছিল৷
১৯৬৭ চনৰ পৰা পি টি চিৰ আহ্বানত বড়োসকলৰ গৃহভূমিৰ দাবীত উদয়াচল আন্দোলন আৰম্ভ হৈছিল৷ ঘাই নেতৃত্বত আছিল সমৰ ব্ৰহ্ম চৌধুৰী আৰু চৰণ নাৰ্জাৰী৷ ব্ৰহ্ম চৌধুৰীৰ সৈতে মোৰ ঘনিষ্ঠ সম্পৰ্ক আছিল৷ আনহাতে, চৰণ নাৰ্জাৰী কোক্ৰাঝাৰ কলেজৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক আছিল বাবে মোৰ প্ৰিয় নমস্য শিক্ষাগুৰু৷ সেই দুগৰাকীয়েই নহয় – কোকৰাঝাৰ বা সামগ্ৰিকভাৱে অসমৰ বড়ো জনগোষ্ঠীৰ প্ৰায়বোৰ নেতৃস্থানীয় লোক, শিক্ষাবিদ, চিন্তবিদক মই লগ পোৱাৰ আৰু দেখাৰ সৌভাগ্য হৈছিল। বীৰেনদাই সোধা কথাবোৰ আংশিকভাৱে হ’লেও মই ৰেহা লগাই ক’ব পাৰিছিলো৷ বৰ সুক্ষ্ম আৰু সুদূৰপ্ৰসাৰী চিন্তপ্ৰসূত প্ৰশ্ন।
এদিন আবেলি পৰত বীৰেনদাৰ ঘৰলৈ গ’লোঁ৷ দুৱাৰমুখত ৰৈ বাইদেউক সুধিলোঁ – সোমাব পাৰিমনে? আন এগৰাকী শুধ বগা ধুতী-পাঞ্জাবী পৰিধান কৰা, ডাঠ ফ্ৰেমৰ চছমা পিন্ধা, বেকব্ৰাছ কৰা এমূৰ ক’লা চুলিৰ লোকে সহাস্যবদনে বীৰেনদাৰ বিছনাখনৰ এমূৰে মুখামুখিকৈ বহি সজোৰে কথা পাতি থকা দেখা পালোঁ৷ বীৰেনদাৰ ঘৰৰ বৈঠকখানাৰ পৰাই বিছনাখন দেখা পোৱা যায়৷ পালেংখনৰ বাৰত দুটা গাৰু জাপি খিৰিকী কাষত আঁউজি বীৰেনদাই লিখা-পঢ়া কৰে৷
মোক দেখি বীৰেনদা উঠি আহি বৈঠকখানাত বহিল৷ উচ্চ স্বৰে ক’লে – ‘অজিত, এয়া ভবানীপ্ৰসাদ অধিকাৰী৷ লেখা-মেলা কৰে৷’ শৰ্মাদেৱে কাঁহৰ কোব মৰা ঠন্ঠনীয়া গলাৰে ক’লে – ‘অ’ তোমাৰ নাম শুনিছোঁ৷’
আমি তিনিও বৈঠকখানাতে বহি ভালেমান গুৰুত্বপূৰ্ণ কথা পাতিলোঁ৷ প্ৰথম পৰিচয়তে মই শৰ্মা ছাৰ বুলি সম্বোধন কৰিলোঁ৷ ছাৰে মোক তুমি বুলিয়ে সম্বোধিলে৷ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য কিন্তু বীৰেনদা হৈয়েই থাকিল। কিন্তু বীৰেদাই মোক আৰম্ভণিৰে পৰা যি ‘আপুনি’ সম্বোধন কৰিছিল – মই বাৰে বাৰে অনুৰোধ কৰিও ‘তুমি’ কৰিব নোৱাৰিলো, আনকি তেওঁ অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ পিছতো৷ আমি তিনিওজন বীৰেনদাৰ ঘৰৰ পৰা খোজকাঢ়ি আহি আহি খাৰঘুলিতে থকা কিৰণ বেজবৰুৱাৰ ঘৰ পালোঁ৷
প্ৰশস্ত চৌহদ৷ সন্মুখত লন এখন৷ আটকধুনীয়া ঘৰটিত সুন্দৰ চেহেৰাৰ কিৰণ বেজবৰুৱা আৰু পৰিয়াল থাকে৷ দুই বন্ধু বীৰেনদা আৰু অজিত কুমাৰ শৰ্মা ছাৰৰ মাজত মই যেন ঢোলৰ লগত টেমেকাহে৷ ভিজা মেকুৰীটো হৈ তিনিওৰে হাঁহি-ধেমালি মিশ্ৰিত, বাক্চাতুৰ্যযুক্ত, সমাজ জীৱনৰ অতিশয় গুৰুত্বপূৰ্ণ বিষয়ৰ তাত্ত্বিক বিশ্লেষণাত্মক আলোচনাবোৰ শুনি তবধ মানিলো৷ তিনি বিচক্ষণৰ মাজত মই কোন কূটা?
কিৰণ বেজবৰুৱা বাৰ এট ল ৷ আইনজীৱী৷ ৰাজনৈতিক দৰ্শনৰ ফালৰ পৰা সমাজবাদী ধাৰাৰ ভাষ্যকাৰ৷ চেহেৰাৰ ফালৰ পৰা মূৰৰ সোঁমাজেৰে সেওতাটো ফালি টিপটপ হৈ থাকে৷ গুৰুগম্ভীৰ, অল্পভাষী৷ ৰসজ্ঞ৷ বীৰেনদা আৰু শৰ্মা ছাৰৰ দৰে তামোল নাখায়৷ বত্ৰিশটা দাঁত নিকা-চাফা৷ পিন্ধনত ছুট-টাই৷ ঘৰত অৱশ্যে পাইজামা-পাঞ্জাবী পিন্ধে৷ ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰৰ দৰে এৰা-এৰি নাই৷ তিনিও সদালাপী৷ এদিনো পৰচৰ্চা কৰা নেদেখিলোঁ৷ অন্তৰৰ অন্তঃস্থলৰ পৰা তেওঁলোক ধুনীয়া কাৰণে সমস্ত জগতখনকে ধুনীয়া দেখে৷
এই ত্ৰিমূৰ্তিয়ে একো একোবাৰ গহীন হৈ পৰে অসমৰ সমস্যা একোটাক লৈ৷ যিহেতু মোক বীৰেনদাৰ দৰে বুদ্ধিজীৱীয়ে গুৰুত্ব দিয়া বুলি ভাবিছে – সেই কাৰণে মোক উদ্দেশ্য কৰিও দুই-চাৰিটা প্ৰশ্নবোধক নিক্ষেপ কৰে। বিশেষকৈ বড়ো জাতিৰ নৱ অভ্যুত্থানৰ বিষয়টো গণতান্ত্ৰিক দৃষ্টিভংগীৰে আৰু জাতিতত্বৰ দিশৰ পৰা চালিজাৰি চাই গভীৰ আলোচনাত মগ্ন হৈছিল৷ মোৰ পৰা বড়ো জনগোষ্ঠীৰ আৰ্থ-সামাজিক অৱস্থাৰ চমু খতিয়ান লৈছিল।
অসমৰ শাসকীয় চৰকাৰখনে কিমান গভীৰভাৱে বিষয়টোৰ অন্তৰ্ভাগত প্ৰৱেশ কৰিছিল নাজানো; কিন্তু উক্ত তিনিগৰাকী চিন্তানায়কৰ আধুনিক, মনোবৈজ্ঞানিক বা মনস্তাত্বিক বিশ্লেষণ তাৎপৰ্যপূৰ্ণ আৰু দিগদৰ্শী আছিল৷ এখন শোষণহীন, বৈষম্যহীন, সকলো জনগোষ্ঠীৰে আদৰ্শ বাসভূমি ৰূপে অসম গঢ়াৰ স্বপ্নত বিভোৰ হৈছিল তিনিওগৰাকী সমাজবাদী নেতা৷ মই সেই অৰ্থপূৰ্ণ আলোচনাৰ আড্ডাৰ পৰা ভাৰতীয় ৰাজনীতিৰ পুৰোধাসকলৰ বিষয়ে সম্যক ধাৰণা ল’ব পাৰিছিলো৷
কিৰণ বেজবৰুৱাই জনতা আমোলত বিধায়ক নিৰ্বাচিত হৈ ৰাজনীতিৰ পথাৰত সফলতা লাভ কৰিছিল আৰু গুণগত চিন্তাক কামত খটুৱাইছিল৷ পৰৱৰ্তীকালত অজিতকুমাৰ শৰ্মাদেৱো সংসদলৈ নিৰ্বাচিত হৈ শক্তিশালী ভূমিকা পালন কৰিছিল৷
বীৰেনদা থাকিল চিন্তা আৰু ভাবজগতত – হাতত শক্তিশালী কলমটো লৈ৷
30-05-2022 [ Headline Image: Birendra Kumar Bhattacharya]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.