অপেক্ষা!
সঞ্জীৱ কুমাৰ নাথ

Inside my brain a dull tom-tom begins
Absurdly hammering a prelude of its own (From “Portrait of a Lady” by T S Eliot)
ৰে’ড বাছে দিয়া মেছেজৰ মতে উজনিমুৱা মোৰ বাছ লালমাটিত ৰ’বহি ৩.২৫ত, গতিকে খৰধৰকৈ ওলাই আহি ৩.১৫ মানত লালমাটি পালোহি। লালমাটিত গে’মছ ভিলেজৰ (“শুদ্ধ” উচ্চাৰণৰ “গেইমছ্ ভিলিজ্” কয় নাজানো) বিপৰীতে বাটৰ কাষৰ বাছ ৰোৱা ঠাইত ৰৈ থাকোঁতে ৰ’দৰ তাপত থাৱনি নাপালোঁ।
গছ নাই, গছৰ ছাঁ নাই; সকলো বিকাশৰ ধুমুহাই উৰুৱাই নিলে। দীঘলীপুখুৰীৰ পাৰৰ দুজোপামান অভিজাত গছ বাচিল—বহুতো গণ্যমান্য লোকে হুলস্থুল কৰা বাবে। লালমাটি, ৰঙামাটি, দেৰগাওঁ, নগাৱঁৰ অখ্যাত গছৰ বাবে কোনে যুঁজ দিব?
অমৃত বৃক্ষৰ অমৃতৰ সোৱাদ কেতিয়া কোনে পাব নাজানো, কিন্তু এতিয়া মোৰ মূৰৰ ওপৰত পাতেৰে ভৰা গছৰ ডাল নাই; আছে জুই বৰষা এখন আকাশ। মার্চ মাহৰ আবেলিৰ বেলি, তথাপি সহ্য নহয়। গৰমত তত নাপাই বাছ ৰোৱা ঠাই এৰি কাষৰে সৰু ৰাস্তাটোৰ ওচৰত থকা চাহ-ৰুটি-ভাতৰ দোকান এখনৰ কাষলৈ গ’লোঁ। জনজাতীয় মহিলা এগৰাকীয়ে সেই দোকানৰ সমুখৰ পদপথত এটা মুঢ়াত বহি আছে।
তেওঁৰ সমুখত এটা সৰু কাঠৰ বাকচ। সেই বাকচটোৰ ভিতৰত আৰু ওপৰত তামোল-পান, বিড়ি-চিগাৰেট, আদি কিবা কিবি। কোনোমতে ভাগি নপৰি ঠিয় দি থকা এখন চালিৰ তলত সেই ভাত-ৰুটি- চাহৰ দোকান আৰু পদপথৰ ওপৰত থকা বাকচৰ দোকান দুয়োখন চলাইছে এই মহিলা গৰাকীয়ে।
“ভাত- -চাহৰ দোকান” বোলাৰ কাৰণ হৈছে যে সেইখনক যেন ঠিক ৰেষ্টুৰেন্ট, হোটেল একো বুলিব নোৱাৰি। ফাইভ-ষ্টাৰ হোটেলত ফাইন ডাইন কৰা সকলৰ ভিতৰত নপৰোঁ মই, কিন্তু এই দোকান খনৰ সঠিক পৰিচয় দিব পৰা শব্দ ময়ো নাজানো। চালিৰ তলৰ খালী বেঞ্চত বহোঁ নেকি বুলি ভাবিছো মাত্র, তেনেতে ডেকা ল’ৰা কেইটামান সোমাই আহিল, আৰু মহিলা গৰাকীয়ে লগে লগে মুঢ়াৰ পৰা উঠি দোকানৰ ভিতৰ সোমাল।
“কি খাবি?” তেওঁৰ প্রশ্ন।
“ৰুটি দে। ব্রইলাৰ মাংস হ’ব?” এটা ল’ৰাই ক’লে।
“গাহৰি?” আন এটাই সুধিলে।
“হ’ব”।
মানুহ গৰাকীয়ে ৰুটি বেলিবলৈ সাজু কৰি ৰখা আটাৰে কামত লাগি গ’ল। দুটা বার্ণাৰ জ্বলাই ল’লে।

উজ্জ্ৱলা যোজনাৰ গেছ নে অন্য উপায়েৰে গোটোৱা গেছ নাজানো। টাৱা এখনত ৰুটি সেকি আনটো বার্ণাৰৰ জুইত ৰুটি ফুলাই ফুলাই গ্রাহক সকলক দিবলৈ ধৰিলে। ছোৱালী এজনীও ক’ৰবাৰ পৰা ওলালহি আৰু এই দোকানী বাইদেউৰ কামত সহায় কৰি দিবলৈ ধৰিলে। তাই বা কোন? মানুহ গৰাকীৰ জীয়েক নেকি? নে দোকানৰ কর্মচাৰী? দুজিবলৈ টান।
কিন্তু বেছ ক্ষিপ্রতাৰে দুই মহিলাই মিলি গ্রাহক সকলক গৰম ৰুটি আৰু আগেয়ে তৈয়াৰ কৰি ৰখা ব্রইলাৰ মাংস আৰু গাহৰি মাংসৰ তৰকাৰী
পৰিবেশন কৰিবলৈ ধৰিলে। মোৰ বেঞ্চত বহা নহ’ল। গ্রাহক সকলৰ মাজত এনেয়ে কেনেকৈ বহোঁ? ঠাই কম; মাত্র দুখন বেঞ্চ; তাকো অৱস্থা বৰ ভাল নহয়।
এডভান্টেজ আছামৰ সুফল পাব অসমে। শিল্প, বাণিজ্য বাঢ়িব। বহুত কোটি টকাৰ বেহা-বেপাৰ হ’ব, বহুতৰ লাভ হ’ব। ডাঙৰ ডাঙৰ কোম্পানী, কর্পৰেট হাউছৰ বৰ বৰ বিষয়া আহিব, ভাল ভাল হোটেলত থাকিব, নামী-দামী ৰান্ধনিয়ে ৰন্ধা সুস্বাদু ব্যঞ্জন গ্রহণ কৰি তেওঁলোক আপ্লুত হ’ব। আৰু পদপথৰ বাকচ-দোকান আৰু তাৰ কাষৰ চালি-দোকানো চলি থাকিব…..সংসাৰ ৰচোতা জনেইতো কৈছে, “মম মায়া দুৰত্যয়া” (গীতা: ৭.৪)।
চালি-দোকান আৰু বাকচ-দোকানৰ পৰা নাতিদূৰৈত সগৌৰৱে ঠিয় দি আছে ভাল দিনৰ বতৰা দিয়া অতি শক্তিশালী ৰাজনৈতিক দলৰ বিশাল কার্যালয়। তাত চাগৈ জনতাৰ হিতৰ বিষয়ে কৰিবলগীয়া কামৰ বহু আলোচনা হয়। সেই সুন্দৰ ভৱনত জনতাৰ মন, হৃদয় জয় কৰা অনেক মহান নেতাৰ নিশ্চয় সমাগম হয়। ভাৰত কিদৰে অর্থনৈতিক মহাশক্তি হ’বলৈ ধৰিছে সেই বিষয়ে চাগৈ তাত সাৰগর্ভ আলোচনা হয়। দৰিদ্র জনৰ কল্যাণৰ বাবে আর্দ্র-হৃদয় নেতাই চাগৈ কত জন-কল্যাণৰ আঁচনিৰ কথা
আলোচনা কৰে তাত।
মোৰ চকু কেৱল দোকানতেই নাই; পাৰো মানে ডিঙি মেলি চাই আছো বাছখন দেখা পোৱাৰ আশাৰে। কিন্তু নাই, ৩.২৫ কেতিয়াবাই পাৰ হৈ গ’ল; বাছ নাহিল। ৰেড বাছক অভিযোগ দিওঁতে বাছৰ চালকে ফোন কৰি ক’লে যে বাছখন এতিয়া এয়াৰপর্টৰ পৰা আহি আছে, লালমাটি আহি পাওঁতে দেৰী হ’ব। কিন্তু উজনিলৈ যাবলগীয়া বাছখন বিমান বন্দৰলৈ কিয় গ’ল? সন্তোষজনক কোনো উত্তৰ নাই।
দক্ষিণ ভাৰতত সম্পূর্ণ অচিনাকি ঠাইতো বাছেৰে অহা-যোৱা কৰিছোঁ। সাধাৰণতে সময়ৰ বাছ সময়তেই পোৱা যায়। কিন্তু এতিয়া মই দক্ষিণ ভাৰতত নাই। এতিয়া মই অসমত। অসমৰ সৈতে দক্ষিণৰ সমত্ব বিচাৰি লাভ নাই। (তথাপিও মোৰ অতি মৰমৰ অসম….সোণৰ নহ’লেও মাটিৰ অসমো অতি মৰমৰ….মনত পৰে বহু দশক আগেয়ে স্কুলৰ বন্ধত বছেৰেকৰ মূৰত মধ্য প্রদেশৰ পৰা ৰেলেৰে আহি অসম সোমাওঁতে লগা আনন্দৰ কথা, আপোন ঠাইৰ চিনাকি ৰূপ-ৰস-গন্ধ-স্পর্শ-শব্দৰ আনন্দ!)
৩.২৫ৰ বাছ ৪.৩৫ মানত পালেহি। মাজতে ৰে’ড বাছক সুধিছিলোঁ যে এনে পলম হ’লে যাত্রা নকৰি ধন ঘূৰাই পাব পাৰি নেকি? ৰেড বাছৰ কথা-চহকী ছোৱালীয়ে হেজাৰ কথা ক’লে, কিন্তু ধন ওভতোৱাৰ কথা এবাৰো নক’লে। বাছত বহিয়েই মোবাইলত দেখোঁ যে নতুন ইমেইল এগাল আহিছে—ক্রিষ্টিনা, আলেকজেন্দ্রিয়া, ভেলেন্টিনা আদিৰ পৰা।
তেওঁলোকৰ প্রত্যেকৰে একেটাই কথা—যে মোৰ এটা নম্বৰত ফোন কৰি কৰি তেওঁলোক ভাগৰি গৈছে, আৰু যিহেতু মোৰ সৈতে অতি দৰকাৰী কথা পাতিব লগীয়া আছে, সেই বাবে মই মোৰ ব্যৱহাৰ কৰি থকা ফোন নম্বৰ এটা দিব লাগে।
“আঐ দেহী! বেচেৰী ক্রিষ্টিনাহঁতৰ বৰ অসুবিধা হৈছে” বুলি মূর্খৰ দৰে সিহঁতক মোৰ ফোন নম্বৰ দিয়াৰ সলনি লগে লগে সিহঁতৰ মেইল সোপা ব্লক কৰিলোঁ। নিশ্চয় ৰে’ড বাছৰ সৈতে কথা পাতি থাকোঁতে ইন্টাৰনেটৰ বিভিন্ন চুকত চোপ লৈ থকা ক্রিষ্টিনাহঁতে মোৰ মেইল এড্রেছটো পাইছে।
চুৰুণিহঁতক আৰু এখোজো আগবাঢ়িবলৈ নিদি বাছত বহি গৈ থাকোঁতে সেই বাইদেউৰ দোকান দুখনৰ কথালৈ মনত পৰি থাকিল। ক’ৰ পৰা বা আহি গুৱাহাটীৰ বাটৰ কাষত দোকান দি আছে মহিলা গৰাকীয়ে….চৰকাৰী জন-কল্যাণমুখী আঁচনিৰ তেওঁ কিবা লাভ পাইছেনে বাৰু…..কিমান দিনলৈ চলিব তেওঁ এইদৰে?
লাহে লাহে দোকানৰ অৱস্থা উন্নত হ’ব নে পদপথত, চৰকাৰী মাটিত কোনোমতে ঠিয় দি থকা সেই দুর্বল চালিখন শক্তিশালী জেছিবি হাঁতোৰাই একে আঁজোৰতে ভাঙি পেলাব?
চৰকাৰী কর্মচাৰীয়ে দৰমহা আয়োগৰ মতে দৰমহা পোৱা-নোপোৱাকলৈ আন্দোলন কৰিব পাৰে, চাকৰিৰ অন্তত কোন বিধ পেন্সন পাব সেই বিষয়ে আলোচনা কৰিব পাৰে, কিন্তু এই বাইদেউৰ দৰে লোকৰ ভৱিষ্যতৰ কি গেৰান্টি আছে? ডাঙৰ বেপাৰীয়ে বেংকৰ ঋণ লৈ বহু কোটি টকা ওভতাই নিদিলেও কোনো দোষ নাই, কিন্তু এই দোকানী বাইদেউক ঋণ কোনে দিব?
আহিব নে ভাল দিন এই বাইদেউৰ বাবেও? নাজানো। ৰাজনীতি, অর্থনীতিৰ জটিল কথাবোৰ ভালদৰে নুবুজোঁ, কিন্তু কোনো কোনোৱে কোৱা শুনো যে চৰকাৰবোৰেই হেনো স্বার্থপৰ, ধনকুবেৰ বেপাৰীৰ হাতৰ মুঠিত—আমেৰিকাতো, ভাৰততো। গতিকে সৰু মানুহৰ কথা ভাবিবলৈ কাৰো আহৰি নাই।
এনেয়ো নুবুজা কথা বুজিব বিচাৰি বোধকৰোঁ লাভেই নাই কাৰণ ভগৱন্ত প্রভূৱে নিজেই কোৱা নাই জানো—“…মম মায়া দুৰত্যয়া…”!

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.