• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

অপ্পো দিপো ভৱঃ শান্তিৰ দিশত…

by Pushpanjali Shivom Sarma
May 23, 2024
in Inspiration, Special Report
Reading Time: 4 mins read
0
অপ্পো দিপো ভৱঃ শান্তিৰ দিশত…
Share on FacebookShare on TwitterShare on LinkedIn

অপ্পো দিপো ভৱঃ শান্তিৰ দিশত…

পুষ্পাঞ্জলি শিৱমশৰ্মা

Pushpanjali Shivam Sarma
পুষ্পাঞ্জলি শিৱমশৰ্মা

ভাৰতীয় সভ্যতা আৰু সংস্কৃতিয়ে অতীজৰে পৰা সদায়েই মানুহক শান্তি আৰু মানসিক সুস্থিৰতাৰ পথ প্ৰদৰ্শন কৰি আহিছে।সময়ে সময়ে এই মহামানৱ সকলৰ আদৰ্শ আৰু জীৱন দৰ্শনে মানবতাৰ হিত সাধন কৰিও আহিছে৷ 

এতিয়া সময়ৰ এনেকুৱা আহ্বান আহি পৰিছে যে শান্তি আৰু এক সুস্থ মতাদৰ্শৰে পৰিচালিত জীৱন দৰ্শনক আমাৰ ইতিহাসপ্ৰসিদ্ধ বিভিন্ন ঋষিমুনি তথা সন্ত মহৎলোকসকলৰ বিচাৰ আৰু বাণীবোৰক পুনঃপ্ৰতিষ্ঠা কৰি শান্তিৰ দিশে গতি কৰিবলৈ প্ৰতিজন লোককে অনুপ্ৰাণিত কৰাৰ।
এতিয়াৰ সময়বোৰ দুৰূহ আৰু দুঃসময়লৈ পৰিৱৰ্তন হৈছে। মানুহে মানুহক চিনি নোপোৱা হৈছে। মানৱীয়তা গুণৰ অভাৱে দহোদিশত সকলো প্ৰাণীকে জীয়াতু ভোগাইছে। 

 এক প্ৰতিযোগিতামূলক ধ্যানধাৰণা আৰু অত্যাধুনিক চিন্তা বা বস্তুবাদী তথা ভোগবাদী মানসিকতাই পাৰস্পৰিক হিংসা-হিংসি আৰু খিয়লাখিয়লি স্বভাৱে মানৱীয় চিন্তা চৰ্চাক ক্ৰমান্বয়ে নাইকিয়া কৰি পেলাইছে। 

এইবোৰৰ পৰা নিস্তাৰ আৰু পৰিসমাপ্তিৰ বাবে প্ৰয়োজন ভাৰতভূমিক নিজ নিজ জ্ঞান চিন্তা আৰু আদৰ্শৰে মহিমামণ্ডিত কৰি থৈ যোৱা মহৎ ব্যক্তিসকলৰ জীৱন দৰ্শনক আকৌ এবাৰ বিশ্লেষণ কৰি জনসাধাৰণৰ মাজত ইয়াৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ কৰা। এইক্ষেত্ৰত নাম লব পাৰি “গৌতম বুদ্ধদেৱৰ’’। 

 ভাৰতৰ কপিলাবস্তু ৰাজ্যত প্ৰচুৰ ধনধান তথা ৰাজকীয় প্ৰাচুৰ্যতাৰ মাজত বাস কৰা ৰাজকুমাৰ সিদ্ধাৰ্থই এদিন ২৯ বছৰ বয়সতে তেওঁ পত্নী, পুত্ৰ আৰু পিতৃক এৰি চূড়ান্ত সত্যৰ সন্ধানত বিচৰণকাৰী সন্ন্যাসী হৈ পৰিছিল। 

কাৰণ দৈনন্দিন দেখি থকা মানৱ জীৱনৰ বিভিন্ন সমস্যাবোৰে আৰু তাৰ সমাধানৰ বাবে তেওঁৰ মন ব্যাকুল কৰিছিল। তেওঁ জীৱৰ সকলো পীড়া দুখ কষ্টৰ নিৰ্বাণৰ উপায় বিচাৰি হাবাথুৰি খাইছিল। 

মনত দোলা দিয়া বিভিন্ন প্ৰশ্নৰ সন্ধানত যে– মানুহ কিয় বুঢ়া হয়? জীৱ মাত্ৰকে ৰোগ পীড়া যন্ত্ৰণা কিয় ভোগ কৰিব লাগে আৰু শেষত কিয় মৃত্যু হয়?  তেওঁ চৌপাশৰ পৃথিৱীৰ কথাবোৰত সমস্যাবোৰ দেখি বিভ্ৰান্ত হৈ পৰিছিল।   তেওঁ স্পষ্টতা আৰু প্ৰকৃত সত্য সন্ধানৰ বাবে ব্যাকুল হৈছিল। তাৰ উত্তৰ বিচাৰিছিল আৰু শেষত তেওঁ তাক নিজেই বিচাৰি যাবলৈ সিদ্ধান্ত লৈছিল। 

 তেওঁ ইমানেই দৃঢ়প্ৰতিজ্ঞ আছিল যে সত্যৰ জাগৰণৰ পিছতহে নিজৰ মানুহৰ ওচৰলৈ উভতি অহাৰ সংকল্প লৈছিল।  

তেওঁৰ অহৰহ প্ৰচেষ্টাই তেওঁক মানৱ জীৱনৰ সত্যতা আৰু মূল ৰহস্য উদ্ঘাটনত সহায় কৰিছিল।  অৱশেষত কেনেকৈ দুখ-কষ্টৰ অন্ত পেলাব পাৰি তেওঁ তাৰ সন্ধান পাইছিল।  

সেই দিনটোৱে আছিল বৈশাখৰ পূৰ্ণিমা দিৱসৰ “বুদ্ধ পূৰ্ণিমা’’। 

অপ্পো দিপো ভৱঃ শান্তিৰ দিশত

 বুদ্ধৰ জন্মৰ পৰা পৰা আৰম্ভ কৰি তেওঁৰ আলোকজ্জ্বলতা প্ৰকাশ,   প্ৰথম ধৰ্মধ্বনি প্ৰদান, শেষত নিৰ্বানলৈ তেওঁৰ আশী বছৰীয়া জীৱন পৰিক্ৰমাৰ লগত জড়িত আন বহুতো গুৰুত্বপূৰ্ণ পৰিঘটনা পূৰ্ণিমাৰ দিনতে সংঘটিত হৈছিল।  

গৌতম বুদ্ধই পৰৱৰ্তীকালত “বৌদ্ধ ধৰ্ম’’প্ৰৱৰ্তন কৰি তেওঁৰ অনুগামী সকলক “বৌদ্ধ’’হিচাপে লৈ পৃথিৱীৰ চুকেকোণে শান্তিৰ বাৰ্তা কঢ়িয়াই শান্তি প্ৰচলনৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। 

বৌদ্ধ সকলে বুদ্ধদেৱৰ কেইটামান বাণীক সাৰোগত কৰি জীৱনত তাৰ প্ৰযোগৰে শান্তি সুখৰ সন্ধান কৰাত মনোনিৱেশ কৰিছিল।  

যেনে, “মনটোৱেই সকলো।   আপুনি যি হ’ব বুলি ভাবিছে।”  বাট আকাশত নহয়।   বাট হৃদয়ত।”  সকলো বুজি পোৱা মানে সকলো ক্ষমা কৰা।”  

 “আনক জয় কৰাতকৈ নিজকে জয় কৰাটো ডাঙৰ কাম। কোনেও আমাক ৰক্ষা নকৰে। আমি নিজকে নিজে ৰক্ষা কৰো। এইটো আন কোনেও নোৱাৰে আৰু কোনেও নোৱাৰিবও। আমি নিজেই নিজৰ পথেৰে চলিব লাগিব।” 

এটা চাকিৰ পৰা হাজাৰ হাজাৰ চাকি জ্বলাব পাৰি, তাত চাকিৰ আয়ুস কমি নাযায়। সুখৰ ভাগ-বতৰা কৰিলেও কেতিয়াও কমি নাযায়। 

আমি আমাৰ চিন্তাৰে ইয়াৰ গঢ় দিওঁ; আমি যি ভাবো সেইটোৱেই হৈ পৰো। মন যেতিয়া নিৰ্মল হয় তেতিয়া আনন্দই কেতিয়াও ছাঁৰ দৰে অনুসৰণ নকৰে।” ইত্যাদি। 

অপ্পো দিপো ভৱঃ শান্তিৰ দিশত

আত্মাৰ শান্তিৰ হকত যোগ, ধ্যান-ধাৰণাৰ অভ্যাসৰ জৰিয়তে আৰু আলোচনাৰ মাজেৰে জীৱনত শান্তি স্থাপিত কৰি বৌদ্ধৰ শিক্ষা উপলব্ধি কৰাৰ উত্তম পন্থা হৈছে বুদ্ধৰ আদৰ্শক সাৰোগত কৰি জীৱনত আগুৱাই যোৱা। 

জীৱনৰ চূড়ান্ত সত্য আৰু শান্তিৰ সন্ধানত প্ৰায় আঠ বছৰৰ তপস্যা আৰু জ্ঞানৰ কাঢ়া অনুসন্ধানৰ দেহনাশক প্ৰচেষ্টাৰ অন্তত গৌতম অতি দুৰ্বল হৈ পৰিছিল। 

চাৰি বছৰ ধৰি তেওঁ সমনা হৈ আছিল।   সমনাৰ বাবে মূল সাধনা আছিল খোজ কাঢ়ি যোৱা আৰু কেতিয়াও খাদ্য বিচৰা নাছিল – কেৱল খোজ কঢ়া আৰু উপবাস কৰিছিল।   

ইয়াৰ ফলত তেওঁৰ শৰীৰটো প্ৰায় মৃত্যুপ্ৰাপ্ত হৈছিল।  তেওঁ নিৰঞ্জনা নদীলৈ আহিছিল, যিখন নদী আজি ভাৰতৰ আন বহু নদীৰ দৰে শুকাই গৈছে আৰু নাইকিয়া হৈ গৈছে।  

কিন্তু তেওঁ হাৰ নামানি বোধিদ্ৰুমৰ তলত ধ্যানত বহিছিল আৰু পূৰ্ণিমা উদয় হোৱাৰ লগে লগে তেওঁ সম্পূৰ্ণ জ্ঞান লাভ কৰিছিল

 আৰু সেই দিনটোৰ স্মৃতিতে সমগ্ৰ বিশ্বৰ বৌদ্ধ ধৰ্মাৱলম্বীসকলে পূৰ্ণিমাৰ দিনটোক যথেষ্ট ভক্তিভাবেৰে সন্মান জনায়। অগ্ৰজসকল আৰু গুৰুৰ আজ্ঞা তথা উপদেশ পালন কৰি, ধ্যান-অভ্যাসৰ জৰিয়তে মায়া মোহৰ সাংসাৰিক জীৱনৰ পৰা আঁতৰি থাকি ধৰ্মীয় উদ্যমেৰে এই দিৱস উদযাপন কৰে।   তেওঁলোকে আধ্যাত্মিক বিকাশৰ প্ৰতি মনোযোগ নিৰ্দেশিত কৰি বুদ্ধক উপাসনা কৰে।  

অৱশ্যে বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাহিৰেও এই বুদ্ধ পূৰ্ণিমাৰ বিভিন্ন পৰ্যায়ৰ লগত জড়িত অন্যান্য কিছুমান ধৰ্মীয় তাৎপৰ্য আছে বুলি আন সহ-ধৰ্মবাদীসকলে বিশ্বাস কৰে।  

অপ্পো দিপো ভৱঃ শান্তিৰ দিশত

সাধাৰণতে পূৰ্ণিমাৰ দিনত উপবাস আৰু প্ৰাৰ্থনা আদিৰ দৰে ধৰ্মীয় অনুশাসন পালনে মন মগজুলৈ শান্তি সুখ কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।   

সাম্প্ৰতিক সময়ত অতিশয় দৰকাৰী কথা হৈ পৰিছে যে  বুদ্ধই যি ধৰণে জীৱনক সংজ্ঞালোপন কৰিছে, যিবোৰৰ সহজ ব্যাখ্যাৰ দ্বাৰা মনৰ বিভ্ৰান্তি দূৰ কৰিবলৈ মানুহক সাহস দিছে সেয়া বোধ কৰাটো দৰকাৰী। 

আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এই ক্ষেত্ৰত তেওঁৰ এটি ভাষণত উল্লেখ কৰি বুদ্ধৰ শিক্ষাৰ প্ৰাসংগিকতাক আলোকপাত কৰি কৈছিল যে, “আধুনিক যুগৰ সকলো সমস্যাৰ সমাধান ভগৱান বুদ্ধৰ প্ৰাচীন শিক্ষাত নিহিত আছে। 

ভগৱান বুদ্ধই চিৰশান্তিৰ বাবে যুদ্ধ, পৰাজয় আৰু বিজয় পৰিত্যাগ কৰাৰ প্ৰচাৰ কৰিছিল। শত্ৰুতাক কেতিয়াও শত্ৰুতাৰে প্ৰতিহত কৰিব নোৱাৰি আৰু ঐক্যত সুখ নিহিত হৈ আছে। একেদৰে ভগৱান বুদ্ধৰ শিক্ষাই যে আনক সামলোচনা কৰাৰ আগতে প্ৰথমে নিজৰ আচৰণৰ ওপৰত চকু দিব লাগে। ‘’ 

 ‘অপ্প দিপো ভৱঃ’ অৰ্থাৎ নিজৰেই নিজে পোহৰ হওঁক বুলি বুদ্ধৰ এই অমৃতময় বাক্যক হৃদয়ঙ্গম কৰি সাম্প্ৰতিক সময়ত নিজৰ মনক চিনি শান্ত ৰাখি জীৱন পথত  আগুৱাই যাবলৈ প্ৰয়াস কৰা উচিত৷

অপ্পো দিপো ভৱঃ শান্তিৰ দিশত

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Pushpanjali Shivom Sarma

Pushpanjali Shivom Sarma

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d