অপৰাজেয় জাতীয়তাবাদী সংগ্ৰামী যোদ্ধা নিশিথ দাস
যুগান্ত বায়ন
(২২ অক্টোবৰত মৃত্যু বাৰ্ষিকীৰ সোঁৱৰণত)
এগৰাকী ব্যক্তিৰ মৃত্যুয়ে একো একোটা অঞ্চলক চিৰদিনৰ বাবে এক অভাৱনীয় শূণ্যতাই আৱৰি ৰাখে। যি শূণ্যতাই এখন সমাজৰ এটা অঞ্চলৰ লগতে সামগ্ৰিকভাৱে এটা জাতীয় সত্তাক জোকাৰি যায়।
তেনে এক আপোচহীন দুৰ্দান্ত জাতীয়তাবাদী সত্ত্বা হ’ল নিশিথ দাস। অসমত প্ৰতিটো জাতীয় সমস্যাৰ লগত একাত্ম হৈ অসমীয়া জাতি সত্ত্বাক প্ৰৱল জাতীয়তাবাদী আদৰ্শৰে উজ্জীৱিত কৰি ৰখা নিশিথ দাসৰ অকাল মৃত্যুয়ে কেৱল হাউলী আৰু বৰপেটা অঞ্চলকে নহয় সমগ্ৰ অসমৰ জাতীয় সত্ত্বাত এক শূণ্যতাৰ সৃষ্টি কৰিছে।
১৯৮৫ চনৰ ২২ অক্টোবৰৰ নিশা পাঠশালাৰ ওচৰৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা এক পথ দুৰ্ঘটনাত নিশিথ দাসৰ অকাল আৰু অনাকাংখিত মৃত্যু হয়। যি মৃত্যু অপৰাজেয়। চিৰ শাস্বত। চিৰ স্মৰণীয়।
জীৱনক বুজি পোৱাৰ সময়ৰ পৰাই অসম আৰু অসমীয়াৰ হকে জীৱন প্ৰাণ উৎসৰ্গা কৰা নিশিথ দাস আছিল ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ এগৰাকী বলিষ্ঠ আৰু অগ্ৰণী নেতা। সেই সময়ত তেওঁ আছিল অবিভক্ত বৰপেটা জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি। তেতিয়া তেওঁ আৰু সদ্য প্ৰয়াত আন এগৰাকী তীব্ৰ বাকপটু নেতা খনীন মহন্তৰ নেতৃত্বত মাধ্যম আন্দোলন শক্তিশালী হৈ উঠিছিল।
আন্দোলনৰ তীব্ৰতাৰ মাজত আন্দোলন বিৰোধী একাংশ লোকৰ প্ৰৰোচনাত হাউলী বৰপেটাৰোড আদি অঞ্চলত সংঘটিত হোৱা কেতবোৰ ঋণাত্মক ঘটনাৱলী এই দুয়োগৰাকী নেতাৰ দূৰদৰ্শী সম্পন্ন নেতৃত্বই প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল। অসমীয়া ভাষা বিৰোধী শক্তি পৰাভূত হৈছিল। আন্দোলনটোৰ পৰা জনসাধাৰণক আঁতৰাই ৰখাৰ বাবে এই দুয়োগৰাকী নেতাক গ্ৰেপ্তাৰ কৰি শিলচৰ কাৰাগাৰ লৈ নিক্ষেপ কৰিছিল।
মাধ্যম আন্দোলনৰ সফল সমাপ্তিৰ পিছত নিশিথ দাসে এলাহাবাদ বিশ্ববিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰিবলৈ নাম ভৰ্তি কৰে। উক্ত বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে আইনৰ ডিগ্ৰী লাভ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে।
ঠিক সেই সময়তে মাধ্যম আন্দোলনৰ নেতাসকলৰ পৃষ্ঠপোষকতাত নিবাৰণ বৰা, অতুল বৰা, কৃষ্ণগোপাল ভট্টাচৰ্য, পবিন্দ্ৰ ডেকা আদিৰ লগত লগ হৈ পূৰ্বাঞ্চলীয় লোক পৰিষদ নামৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিয়ে। দলটোৰ কেন্দ্ৰীয় সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি নিশিথ দাসে সমগ্ৰ অসমতে আঞ্চলিক ৰাজনীতিৰ দ্বাৰা ৰাইজক সংগঠিত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰে।
এনে ৰাজনৈতিক ব্যস্ততাৰ মাজতো তেওঁ হাউলী অঞ্চলৰ সামাজিক-সাংস্কৃতিক পৰিৱেশক জাতীয়তাবাদী চিন্তাৰে গঢ় দিবলৈ অঞ্চলটোৰ নতুন প্ৰজন্মক একত্ৰিত কৰাৰ লক্ষ্য বান্ধি লয়। এনে লক্ষ্য পূৰণৰ বাবে ১৯৭৮ চনৰ পৰা এক বৃহৎ পৰিসৰত হাউলীত ৰঙালী বিহু সন্মিলন উৎযাপন কৰিবলৈ আৰম্ভ কৰে। যি সন্মিলনে আজি অসমৰ ৰঙালী বিহু সন্মিলনৰ ভিতৰত এক অনন্য স্থান দখল কৰি আহিছে।
নিশিথ দাসৰ মন মগজুত দেশ, জাতি আৰু বিশেষকৈ হাউলী অঞ্চলৰ ৰাইজৰ সৰ্বাংগীন বিকাশৰ সপোনে বাহ লৈ আছিল। এনে অতি কৰ্ম ব্যস্ততাৰ মাজত ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা অসম আন্দোলনত নিশিথ দাসৰ ভূমিকা অসমৰ জাতীয় জীৱনত এখন সোণালী দলিল হিচাপে সদায় জিলিকি থাকিব।
সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ অংশীদাৰী সংগঠন হিচাপে থকা পূৰ্বাঞ্চলীয় লোক পৰিষদৰ কেন্দ্ৰীয় সম্পাদক হিচাপে নিশিথ দাসে সমগ্ৰ অসমতে আন্দোলনটোক নেতৃত্ব দিয়াৰ লগতে হাউলী গণ সংগ্ৰাম পৰিষদৰ সভাপতি হিচাপে হাউলী অঞ্চলৰ লগতে বৰপেটা, বৰপেটাৰোড, সৰভোগ, ভৱানীপুৰ, সৰুপেটা আদি অঞ্চলৰ ৰাইজক একত্ৰিত কৰি আন্দোলনটোক এক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে নেতাগৰাকীয়ে গ্ৰহণ কৰা বিচক্ষণতা আজিও আন্দোলনকাৰীসকলৰ মনত সজীৱ হৈ আছে।
শাসক পক্ষৰ মূৰৰ কামোৰনী হৈ পৰা নিশিথ দাসক সামৰিক বাহিনীয়ে গ্ৰেপ্তাৰ কৰি গোবৰ্ধনাৰ বাৰাপেটাৰ সেনা চাউনীত চলোৱা অকথ্য নিৰ্যাতনত ঘুণীয়া হৈ তেওঁ এক প্ৰকাৰ দুৰ্বল হৈ পৰিছিল। তথাপিও তেওঁ নিজ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল। অদৈম্য সাহসেৰে আন্দোলনটোক সক্ৰিয় কৰি ৰাখিছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস আন্দোলনৰ সমাপ্তিৰ পিছত তেওঁ আন্দোলনৰ সফলতাৰ সোৱাদ ল’বলৈ তেওঁক তেওঁৰ ভাগ্যই অনুমতি নিদিলে।
এই অভাৱনীয় দুৰ্ঘটনাত তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ’ল। যি দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হ’ল দ্বিজেন দাস(বাবুল)। যি দ্বিজেন দাসে হাউলীত এক অধ্যায়ৰ প্ৰতিনিধিত্ব কৰিছিল।
আৰ্টজনক সদায় সহায় কৰা দ্বিজেন দাসো আমাৰ মাজৰ পৰা অকালতে হেৰাই গ’ল। আমাৰ মাজৰ পৰা আৰু হেৰাই গ’ল সুচেন দাস(কালু)। যি সুচেন দাস আন্দোলনৰ আৰম্ভণিতে অসমীয়া বিৰোধী শক্তিৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা হৈছিল। লগতে হেৰাই গ’ল এই দুৰ্ঘটনাত আহত হোৱা সুবোধ পাঠক। হেৰাই গ’ল হৰকান্ত দাস।
নিশিথ দাসৰ সত্ত্বা প্ৰবল জাতীয়তাবাদী চিন্তাৰে পূৰঠ আছিল যদিও তেওঁৰ ধৰ্ম নিৰপেক্ষতাই সমাজৰ প্ৰতিটো ধৰ্ম-জনগোষ্ঠীয় ৰাইজক একতাৰ দোলেৰে বান্ধি ৰাখিব পাৰিছিল। তেওঁৰ ঘনিষ্ঠ বন্ধু ডেভিদ লেজাৰ, আব্দুল মান্নান, আব্দুল হান্নান, অনিল কৰ্মকাৰ, পিনাকী মিত্ৰৰ লগত লগ লাগি এখন শ্ৰেণীহীন সমাজ গঢ়াৰ পণ কৰিছিল।
নিশিথ দাসৰ মৃত্যু বাৰ্ষিকীত তেওঁ লৈ জনাইছোঁ আমি আমাৰ ভক্তি ভৰা শ্ৰদ্ধাঞ্জলি।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
22-10-2024
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)