অপৰাধ প্ৰৱণতা : এটা চাঞ্চল্যকৰ স্বীকাৰোক্তি
উম্মি ৰুম্মানা হুচেইন

ঘৰুৱা পৰিৱেশে কেনেদৰে এগৰাকী অপৰাধী মানসিকতাৰ জন্ম দিব পাৰে
এগৰাকী পাঠকে অপৰাধ প্ৰৱণতাৰ ওপৰত মোৰ লেখা এটা পঢ়ি ইনবক্সত মোৰ লগত কথা পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে আৰু তেওঁৰ কৈশোৰকালত মনলৈ অহা অপৰাধ প্ৰৱণতাৰ বিষয়ে মোৰ আগত বিনা দ্বিধাই ভাঙি পাতি ক’লে ।
মোৰ লেখাটোৰ মাজত নিজকে বিচাৰি পোৱা বাবেই কিজানি তেওঁ কাৰো আগত কেতিয়াও প্ৰকাশ নকৰা কথাটো ক’বলৈ সংকোচ কৰা নাছিল ।
যি কি নহওক …এতিয়া আহোঁ আচল কথালৈ।
কেনেকুৱা পৰিস্থিতিত তেওঁৰ মনত অপৰাধ প্ৰৱণতা জাগ্ৰত হৈছিল সেই সম্পৰ্কে তেওঁ মোক জনোৱা কথাবিলাক আপোনালোকৰ আগত দাঙি ধৰিম । পৰিয়ালৰ সদস্যসকলৰ মাজত এটা সুস্থ সম্বন্ধ নাথাকিলে সন্তানৰ মনত ইয়াৰ কেনেকুৱা ভয়ংকৰ প্ৰতিক্ৰিয়া হ’ব পাৰে তেওঁৰ পৰাই গম পালোঁ ।
তেওঁ মোক জনোৱা মতে তেওঁলোকৰ পৰিয়ালত মা-দেউতা আৰু বাই-ভনী তিনি গৰাকীৰ ভিতৰত তেওঁ কনিষ্ঠ আছিল । পৰিয়ালৰ আৰ্থিক অৱস্থা খুবেই টনকিয়াল আছিল গতিকে কেতিয়াও আৰ্থিক সমস্যা তেওঁ জীৱনত দেখা পোৱা নাছিল। আৰ্থিক অনাটন নাথাকিলেও তেওঁৰ ঘৰখনত এটা বস্তুৰ অভাৱ সৰুৰ পৰাই দেখি আহিছে । সেইটো হ’ল – সুখ-শান্তিৰ অভাৱ ।
তেওঁ জন্মৰ পৰাই দেখি আহিছে বায়েক দুগৰাকীৰ মাজত প্ৰায়ে কাজিয়া লাগি থাকে আৰু এনেদৰে লাহে লাহে তেওঁলোকৰ মাজত মাত-বোলো একেবাৰে বন্ধ হৈ গৈছিল । দুয়ো দুয়োকে শত্ৰু জ্ঞান কৰিবলৈ আৰম্ভ কৰিছিল । মাকে ডাঙৰ বাজনীৰ পক্ষত আছিল সেয়ে সৰু বাজনীয়ে মাকৰ লগতো মাত-বোল এৰি দিছিল । তেওঁ
তেতিয়া সৰু আছিল বাবে কাজিয়াৰ প্ৰকৃত কাৰণ সম্পৰ্কে জ্ঞাত নাছিল । মুঠতে মাকে ডাঙৰ বাৰ পক্ষ লৈ কথা পতা বাবে তেওঁ ডাঙৰ বাক নিৰ্দোষী বুলি ভাবিবলৈ আৰম্ভ কৰিছিল ।
“তেওঁৰ মন গৈছিল মাহীৰ ছোৱালীজনীক ছাদৰ পৰা তলত পেলাই দিবলৈ । তেওঁ সেইটো কৰিব বিচৰাৰ সময়তে ছাদৰ পৰা দেখা পালে মাহীয়ে ৰিক্সাৰে আহি দুৱাৰমুখ পাইছে । ফলত তেওঁৰ কামটো কৰা নহ’ল আৰু নিৰ্দোষী ছোৱালীজনীৰ জীৱন ৰক্ষা পৰিল।”
প্ৰায়ে ঘৰখনত হৈ থকা কাজিয়াৰ বাবে তেওঁ ভীতিগ্ৰস্ত হৈ থাকিবলগা হৈছিল ঘৰত । তেওঁৰ শৈশৱ সৰু বায়েকৰ কঠোৰতম শাসনৰ অধীনত পাৰ হৈছিল। বছৰ বছৰ ধৰি চলা কঠোৰ শাসন, কাজিয়াই ঘৰখনৰ সকলোৰে মানসিক অৱস্থা বেয়াৰ ফালে ঢাল খুৱাইছিল ।

এই কাজিয়াৰ প্ৰতিক্ৰিয়াই ডাঙৰ বাজনীৰ মানসিক অৱস্থা ইমান বেয়াৰ ফালে লৈ গ’ল যে এটা সময়ৰ পৰা তেওঁ অকলে অকলে কথা পতা আৰম্ভ কৰিলে । মাকে দেখিও নেদেখাৰ ভাও জুৰি থাকিল আৰু চিকিৎসাও নকৰালে । আনহাতে সৰু বাজনীৰ মানসিক অৱস্থাও ইমান বেয়া হ’ল যে মাজে মাজে উগ্ৰমূৰ্ত্তী ধাৰণ কৰি মাকক মাৰিবলৈ আহিছিল আৰু কেতিয়াবা আত্মহত্যা কৰিবলৈও চেষ্টা কৰিছিল ।
সৰুৰ পৰা দেখি অহা এনেকুৱা কাজিয়া-অশান্তিবোৰে তেওঁৰ মন-মগজুত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । ঘৰত সুখ-শান্তি বিচাৰি নাপাই সকলো সময়তে দীঘলকৈ হুমুনিয়াহ কাঢ়িছিল । এটা অস্বাস্থ্যকৰ ঘৰুৱা পৰিৱেশত থাকি তেওঁ শান্তিৰে উশাহ ল’ব নোৱাৰা হৈছিল ।
সকলো সময়তে ভয়, দুশ্চিন্তাত, হতাশাত ভুগি লাহে লাহে তেওঁ কাৰোবাক হাঁহি-ফূৰ্তি কৰা দেখিলেই ঈৰ্ষান্বিত হৈ পৰিল । যিহেতু তেওঁ জন্মৰ পৰাই সুখৰ মুখ দেখা পোৱা নাছিল সেয়ে আনৰ সুখ দেখিলে সহ্য হোৱা নাছিল । কেতিয়াবা অনুভৱ কৰিছিল তেওঁৰ জীৱনটো সুখী ব্যক্তিগৰাকীৰ লগত সলনি কৰিব পৰা যোৱাহেঁতেন ।
তেওঁৰ বয়স যেতিয়া ১৩ বছৰ তেতিয়া মনলৈ এনেকুৱা ভাব অহা আৰম্ভ কৰিলে -“ঘৰখনত ইমান অশান্তিত থকাতকৈ কাৰোবাক হত্যা কৰি কাৰাগাৰত থাকিব পাৰিলেই শান্তি পাম।” এয়াই আছিল তেওঁৰ অপৰাধপ্ৰৱণ মানসিকতা সৃষ্টিৰ প্ৰথম স্তৰ ।
সেই সময়ত দূৰদৰ্শনত প্ৰচাৰিত এখন হিন্দী ধাৰাবাহিকৰ বিজ্ঞাপনত এটা সংলাপ তেওঁ শুনিবলৈ পাইছিল ,”jis ghar aur gharwalone meri zindegi barbad ki hai mein bhi us gharko barbad karke hi rahungi .” এই সংলাপটো তেওঁ সৰুতে বহী এখনত প্ৰচণ্ড ক্ষোভত লিখিছিল আৰু লিখা হোৱাৰ পাছত কাটি দিছিল ।
মনৰ অৱস্থাখিনি কাৰো আগত প্ৰকাশ কৰিব নোৱাৰি এইদৰে লিখি গৈছিল কিন্তু তেওঁক বুজি পোৱা এজনো ব্যক্তি নাছিল ঘৰখনত । কোনেও অনুমান কৰিব পৰা নাছিল তেওঁৰ মনৰ ভিতৰত কি চলি আছিল ।
“তেওঁৰ বয়স যেতিয়া ১৩ বছৰ তেতিয়া মনলৈ এনেকুৱা ভাব অহা আৰম্ভ কৰিলে -“ঘৰখনত ইমান অশান্তিত থকাতকৈ কাৰোবাক হত্যা কৰি কাৰাগাৰত থাকিব পাৰিলেই শান্তি পাম।” এয়াই আছিল তেওঁৰ অপৰাধপ্ৰৱণ মানসিকতা সৃষ্টিৰ প্ৰথম স্তৰ ।”
কৈশোৰকালত প্ৰৱেশ কৰাৰ পৰাই তেওঁৰ মনত অপৰাধ প্ৰৱণতা বৃদ্ধি পাব ধৰিলে । এদিনাখন তেওঁ মাহীহঁতৰ ঘৰত মাহীৰ ছোৱালীজনীৰ লগত ছাদত উঠিল । সেইখিনি সময়ত মহা শুই আছিল ঘৰতে আৰু মাহীয়ে আন এজনী ছোৱালীক লৈ বজাৰলৈ গৈছিল ।
তেওঁৰ মন গৈছিল মাহীৰ ছোৱালীজনীক ছাদৰ পৰা তলত পেলাই দিবলৈ । তেওঁ সেইটো কৰিব বিচৰাৰ সময়তে ছাদৰ পৰা দেখা পালে মাহীয়ে ৰিক্সাৰে আহি দুৱাৰমুখ পাইছে । ফলত তেওঁৰ কামটো কৰা নহ’ল আৰু নিৰ্দোষী ছোৱালীজনীৰ জীৱন ৰক্ষা পৰিল।
তেওঁ যেতিয়া নৱম শ্ৰেণীত পঢ়ে তেতিয়া এদিনাখন ডাঙৰ বাৰ ঘৰলৈ গৈছিল । সেই সময়ত বাৰ কন্যা সন্তানৰ বয়স ৩ মাহমান হৈছিল । তাইক কোলাত লৈ ওমলাই থাকোঁতে বাৰাণ্ডাত থিয় হৈ তেওঁ পুখুৰী এটা দেখিলে কাষতে । লগে লগে তেওঁৰ মনলৈ এনেকুৱা ভাবনা আহিল,“তাই বুজন হ’লে বিভিন্ন দুখ-যন্ত্ৰণা সহ্য কৰিব লাগিব । গতিকে এতিয়াই তাইক পুখুৰীত পেলাই দি মাৰি পেলালে তাই জীৱনৰ দুখ-যন্ত্ৰণা ভোগ নকৰাকৈ শান্তিত মৰিব পাৰিব।” অৱশ্যে সৌভাগ্যক্ৰমে তেনেকুৱা কৰাৰ সুযোগ নাপালে ।

তেওঁ যেতিয়া ডাঙৰ হৈ গোটেই ঘটনাখিনিৰ আঁৰত থকা প্ৰকৃত কাৰণ বিশ্লেষণ কৰিব পাৰিলে তেতিয়া বুজি পালে যে মাকৰ বাবেই ঘৰখনত ইমান অশান্তি আৰু বিশৃংখলা । কাৰণ মাকে বায়েক দুজনীক সম দৃষ্টিৰে চোৱা নাছিল আৰু ডাঙৰজনীক বেছি মৰম কৰিছিল । সৰুজনীক মৰম কৰা দূৰৰ কথা, ডাঙৰজনীয়ে কৰা ভুলবোৰো শুদ্ধহে দেখিছিল । সৰুজনীৰ লগত মাক আৰু ডাঙৰ বায়ে ভাল ব্যৱহাৰ কৰা নাছিল যাৰ ফলত তেওঁ ঘৰখনত অকলশৰীয়া অনুভৱ কৰিছিল ।
মাকৰ কৰ্তব্য আছিল বায়েক দুগৰাকীৰ মাজত হোৱা কাজিয়া-মনোমালিন্যখিনি আঁতৰাই ঘৰখনত এটা সুস্থ পৰিৱেশ বজাই ৰখা । কিন্তু তাকে নকৰি অকল এগৰাকী সন্তানক সমৰ্থন কৰা আৰু আনগৰাকীক মাহী আইৰ দৃষ্টিৰে চোৱাটো উচিত নাছিল । এই গোটেই ঘটনাটোৱে ঘৰখনৰ একেবাৰে সৰু তৃতীয় সন্তানটোৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিছিল ইতিমধ্যে আপোনাকে গম পাইছে ।
কেতিয়াবা আমি ভাবোনে আমাৰ ওচৰে পাজৰে থকা, আমাৰ আত্মীয় বা আমাৰ চিনাকি মানুহ কাৰোবাৰ মনত কোনো ধৰণৰ অপৰাধী মানসিকতা থাকিব পাৰে। গতিকে আমি নিজকে সাৱধান ৰখাৰ খুবেই প্ৰয়োজন । কাৰণ আমি নজনাকৈয়ে আমাৰ আপোন কোনোবাই অপৰাধমূলক কাৰ্য কৰিব পাৰে । অপৰাধী গঢ়ি উঠাত সমাজে, ঘৰখনৰ পৰিৱেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

গতিকে আমি ঘৰত এক সুস্থ পৰিৱেশ গঢ়ি সমাজখনক সুন্দৰভাৱে সজাওঁ আহক । যেতিয়ালৈকে অপৰাধৰ আঁৰত থকা কাৰণ সম্পৰ্কে আমি সজাগ নহ’ম তেতিয়ালৈকে ইয়াক ৰোধ কৰাটো আমাৰ বাবে জটিল হৈ পৰিব । সেয়ে সজাগতাৰ বাবে এই লেখাটো আগবঢ়ালোঁ ।
যেতিয়ালৈকে ৰোগ এটা চিনাক্তকৰণ কৰা নহয় তেতিয়ালৈকে ইয়াক নিৰাময় কৰাটো চিকিৎসকৰ বাবে জটিল হৈ পৰে । ঠিক তেনেদৰে যিকোনো এটা সমস্যাৰ উৎসস্থলী ক’ত, কি কাৰণত হৈছে সেয়া নাজানিলে সমাধান কৰাটো টান হৈ পৰে । সন্তান জন্ম দিয়াতে পিতৃ-মাতৃৰ দায়িত্ব শেষ নহয় ।
যদি সন্তানৰ মাজত বৈষম্যমূলক আচৰণ কৰে, সন্তানক সুস্থ পৰিৱেশ প্ৰদান কৰিবলৈ চেষ্টা নকৰে তেন্তে সন্তানৰ মনত গঢ়ি উঠা অপৰাধ প্ৰৱনতাই ঘৰখনৰ লগতে সমাজৰ বাবে বিপদজনক হৈ পৰিব পাৰে ।
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)