অপৰূপ ডিমা হাচাও!
নবীন বুঢ়াগোহাঁই
[প্ৰাক্-কথন]
পাহাৰীয়া জিলা ডিমা হাচাওৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যই তিনিটা দিন ধৰি আমাক সন্মোহিত কৰি ৰাখিছিল৷ সাধাৰণতে কামৰ ব্যস্ততাই যেতিয়াই ব্যতিব্যস্ত আৰু ক্লান্ত কৰি তোলে ঠিক তেতিয়াই আমি প্ৰকৃতিৰ কোলাত জিৰণি ল’বলৈ ক’ৰবালৈ ঢাপলি মেলোঁ৷
বছৰটোত এনেকৈয়ো বহু ঠাইলৈ যোৱা হয়৷ তথাপি আমাৰ কামৰ নিচাই আমাক কেতিয়াও শুবলৈ নিদিয়ে৷ জিৰণি ল’বলৈ গৈয়ো ইতিহাস খুঁচৰি ফুৰোঁ৷ ডিমা হাচাওত উপস্থিত হৈয়ো আমি ইতিহাস খোঁচৰাৰ কামেই কৰি থাকিলোঁ৷
এই ‘ডিমা হাচাও’ শব্দযুগল ডিমাছা ভাষাৰ৷ ইয়াৰ অৰ্থ ‘ডিমাছা পাহাৰ’৷ আনহাতে, ‘ডিমাছা’ শব্দটো ‘ডিমাফিচা’ শব্দৰ পৰা আহিছে৷ ইয়াৰ অৰ্থ ‘ডাঙৰ নৈৰ সন্তান’৷ কছাৰীসকলে ধনশিৰি নৈক ‘ডিমা’ অৰ্থাৎ ‘ডাঙৰ নৈ’ বুলি অভিহিত কৰিছিল৷ ডিমাছা ভাষাত ‘ডি’ শব্দই ‘নদী’ বা ‘পানী’ক বুজায়৷
উল্লেখযোগ্য যে অসমৰ ভৈয়াম অঞ্চলৰ শৰণীয়া কছাৰী, সোণোৱাল কছাৰী, মেছ কছাৰীসকল ডিমাছাসকলৰে একোটা ভাগ৷ ৰাভা, কোঁচ, হাজং, তিৱা, চুতীয়া, লালুং, মৰাণ, বৰাহীসকলৰ নৃ-গোষ্ঠীয় শিপাডালৰ স’তে ডিমাছাসকলৰ যোগসূত্ৰ আছিল৷
এই পাহাৰীয়া জিলাখনৰ মাটিকালি মাত্ৰ ৪,৮৮৮ বৰ্গকিলোমিটাৰ৷ ইয়াৰ উত্তৰ-পূবত কাৰ্বি আংলং আৰু নাগালেণ্ড, পূবে মণিপুৰ, উত্তৰে হোজাই, উত্তৰ-পশ্চিমত পশ্চিম কাৰ্বি আংলং, পশ্চিমত মেঘালয় আৰু দক্ষিণত কাছাৰ জিলা৷
ডিমা হাচাওত তিনিটা মহকুমা আছেঃ হাফলং [Haflong], মাইবাং [Maibang] আৰু দিয়ুংব্ৰা [Diyungbra]৷ জিলাখন পাঁচটা সামূহিক উন্নয়ন খণ্ডৰে গঠিত৷ সেইকেইটা হৈছেঃ জাটিংগা উপত্যকা উন্নয়ন খণ্ড, মাহুৰ; দিয়ুং উপত্যকা উন্নয়ন খণ্ড, মাইবাং; হাৰংগাজাও আইটিডি ব্লক, হাৰংগাজাও; দিয়ুংব্ৰা আইটিডি ব্লক, দিয়ুংমুখ; আৰু নিউ চাংবাৰ ডেভেলপমেণ্ট ব্লক, চাংবৰ ৷
ইয়াৰ একমাত্ৰ পৌৰসভা ব’ৰ্ডখন হৈছে হাফলং৷ তিনিখন নগৰ সমিতি ক্ৰমে মাহুৰ, মাইবাং আৰু উমৰাংছ’৷ তদুপৰি হাৰংগাজাও, লেংটিং আৰু দিয়ুংব্ৰা হৈছে মিনি টাউন৷
ডিমা হাচাও ভাৰতৰ সংবিধানে প্ৰদান কৰা ষষ্ঠ অনুসূচীৰ মৰ্যাদা থকা এখন স্বায়ত্তশাসিত জিলা৷ উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদ [DHADC]-ৰ দ্বাৰা পৰিচালিত জিলাখনৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলক ডিমা হাচাওৰ লোকে নিৰ্বাচন কৰে৷ সংখ্যাগৰিষ্ঠতা থকা দলটোৰেই শাসকীয় দল গঠনৰ ক্ষমতা আছে৷ স্বায়ত্তশাসিত পৰিষদ এক শক্তিশালী সংস্থা আৰু আৰক্ষীৰ বাহিৰে চৰকাৰৰ প্ৰায় সকলো বিভাগ ইয়াৰ নিয়ন্ত্ৰণত আছে৷ তদুপৰি জিলাখনৰ আইন আৰু শান্তি-শৃংখলা অসম চৰকাৰৰ অধীনত ন্যস্ত৷
জনজাতীয় সংখ্যাগৰিষ্ঠ জনসংখ্যা থকা অসমৰ আন দুখন পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ ভিতৰত ডিমা হাচাও অন্যতম৷ ২০১১ খ্ৰিষ্টাব্দৰ লোকপিয়ল অনুসৰি জনজাতীয় জনসংখ্যাৰ সংখ্যা জিলাখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০.৯ শতাংশ৷ এই হিচাপ ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক শতাংশত পৰে৷
জিলাখনত বসবাস কৰা প্ৰধান খিলঞ্জীয়া জনগোষ্ঠীসমূহ হ’লঃ ডিমাছা কছাৰী, কাৰ্বি, জেমে নগা, কুকি জনজাতি যেনে হমাৰ, বিয়াতে, থাদৌ, বৈফেই জনগোষ্ঠী, হ্ৰাংখোল, সাকাচেপ আৰু খেলমা৷ ইয়াত সৰু সৰু খিলঞ্জীয়া জনগোষ্ঠীও আছে৷
সেইসকলৰ ভিতৰত খাছি-পানাৰ আৰু ৰংমেই নগা অন্যতম৷ অ-খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভিতৰত কানৰূপী বাঙালী, গোৰ্খা জনজাতি, দেছুৱালি জনজাতি আৰু জিলাখনক নিজৰ ঘৰ হিচাপে গঢ়ি তোলা আন কিছুসংখ্যক জনগোষ্ঠী অন্তৰ্ভুক্ত হৈ আছে৷ জিলাখনত বাঙালী, নেপালী, হিন্দীভাষী, অসমীয়াভাষী লোক বিদ্যমান৷ থলুৱা জনগোষ্ঠীয় ভাষা জনগোষ্ঠীসমূহে নিজৰ মাজতে প্ৰচলন কৰি ৰাখিছে৷
[এক]
শিক্ষাগুৰু অসীম বুঢ়াগোহাঁইৰ প্ৰস্তাৱ মৰ্মে ২০২৩ বৰ্ষৰ ১৪ অক্টোবৰত আমি ডিমা হাচাওলৈ যাত্ৰা কৰিছিলোঁ৷ একালৰ ছাত্ৰ নেতা প্ৰবাল কুমাৰ দত্তও আমাৰ সহযোগী আছিল৷ এৰাতিৰ ৰেল যাত্ৰাৰ অন্তত আমি পাহাৰীয়া জিলাখন পাইছিলোঁগৈ৷
পুৱাৰ কোমল ৰ’দালি, ডিঙি মেলি মেলি থকা সেউজী পাহাৰ, পাহাৰত হামখুৰি খাই পৰা শুকুলা ডাৱৰ, অৰণ্যৰ গছ আৰু চৰাই, ফুল আৰু পখিলা, ধুনীয়া পোক আৰু তীব্ৰ সুহুৰি বজাই বতাহৰ আঁচল বিন্ধি পৰিৱেশ জিনি থকা পতংগই আমাক অভিবাদন জনাইছিল৷ পকী আলিবাটবোৰৰ গাৰ ফালে হাউলি পৰি ৰৈ থকা তৰু-তৃণৰ ওপৰত লতা বগাই ফুলা হালধীয়া আৰু বেঙুণীয়া বৰণৰ বনৰীয়া ফুলবোৰে আমালৈ চাই বিনম্ৰ বদনে যেন কৰযোৰৰ ভংগীমা দেখুৱাইছিল৷
পাহাৰীয়া অৰণ্যৰ কোনো নৈ-নিজৰাৰ কোলা এৰি শান্ত বতাহৰ বোকোচাত উঠি বৈ অহা চেঁচা পৰশ একোটাই কেতিয়াবা স্পৰ্শ কৰিছিল৷ পাহাৰৰ মাজৰ পৰা জিৰ জিৰ ঝৰ্ণাৰ সুৱদি সুৰ ভাঁহি আহি কাণত সোমাই মনত লাগিছিল৷ নিউ হাফলং ৰেল ষ্টেচন এৰি অট’খন সেই পৰিৱেশৰ মাজেদি আৱৰ্ত ভৱনলৈ দৌৰিছিল৷ ম’বাইলৰ কেমেৰাত হাফলং বন্দী হ’বলৈ আৰম্ভ কৰিছিল৷ আৱৰ্ত ভৱন পাওঁতে নীলা আকাশত চকলা-চকল মেঘ জমিছিল৷ এছ পি নিলোৎপল ডেকাই আমাৰ বাবে আৱৰ্ত ভৱনৰ কোঠা বুকিং কৰি ৰাখিছিল৷
এটা ওখ টিলাৰ ওপৰত প্ৰতিষ্ঠিত দৃষ্টিনন্দন আৱৰ্ত ভৱনৰ ওপৰ মহলৰ ‘হাজং’ নামৰ কোঠাটোৰ দুৱাৰ খুলি আমি ভিতৰত প্ৰৱেশ কৰিছিলোঁ৷ আহল-বহল কোঠা৷ চাৰিখনকৈ বিছনা৷ এযোৰ ছোফা৷ সন্মুখত এখন সৰু টেবুল৷ কোঠাৰ বেৰত তিনিখনকৈ বন্ধাই থোৱা ডাঙৰ ফটোগ্ৰাফ৷ প্ৰতিখনতে ফটোৰ প্ৰতিপাদ্য বিষয়ৰ বৰ্ণনা আছে৷
সেই ফটোগ্ৰাফকেইখনে ডিমা হাচাওৰ বিশেষ জৈৱ-বৈচিত্ৰ্য আৰু লোক-পৰম্পৰাৰ কথা প্ৰকাশ কৰিছে৷ ডি পৰাশৰ [D Parashar] নামৰ ফটোগ্ৰাফাৰজনে তোলা ‘হাজং টৰ্টৰিজ লেক’ৰ ফটোখনৰ তলত এনেদৰে লিখি থোৱা আছিলঃ “Hajong – The Tortorise Lake : Located on Maibang-Hajadisa road, Hajong is famous for the abundance of rare variety of hill terrapins. Hajong lake is located in the Langting-Mupa Reserve Forest. Seven rare varieties of tortoise have been identified here. Only in winter one can visit the place.” [“হাজং- টৰ্টৰিজ হ্ৰদঃ মাইবাং-হাজাদিছা পথত থকা হাজং হ্ৰদ বিৰল প্ৰজাতিৰ পাহাৰীয়া কাছৰ সংখ্যাধিক্যৰ বাবে বিখ্যাত৷ হাজং হ্ৰদ ‘লেংটিং-মুপা সংৰক্ষিত বনাঞ্চল’ত অৱস্থিত৷ ইয়াত সাতটা বিৰল প্ৰজাতিৰ কাছ চিনাক্ত কৰা হৈছে৷ কেৱল শীতকালত এই ঠাইখন চাব পাৰি৷”]৷ এই ফটোখন পৰ্যটকৰ বাবে একপ্ৰকাৰৰ জানিবলগীয়া তথ্যসূত্ৰ আছিল৷
একেদৰে জাহিদ আহমেদ টাপাদাৰ [Zahid Ahmed Tapadar] নামৰ ফটোগ্ৰাফাৰজনে তোলা এখন ফটোগ্ৰাফত ডিমাছা লোকসকলে নৃত্য-গীত কৰি থকা দেখিবলৈ পোৱা গৈছিল৷
ফটোখনৰ তলত এনেদৰে লিখা আছিলঃ “Music and dance play an important role in the day to day life of the Dimasa people. By using their traditional instruments Muri, and Khram, the Dimasa youths presenting their traditional Dance Baidima.” [ডিমাছা জনগোষ্ঠীৰ দৈনন্দিন জীৱনত সংগীত আৰু নৃত্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ তেওঁলোকৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ ‘মুৰি’ আৰু ‘খ্ৰাম’ ব্যৱহাৰ কৰি ডিমাছা যুৱকসকলে পৰম্পৰাগত নৃত্য ‘বৈদিমা’ উপস্থাপন কৰে৷]৷ এইখন ফটোগ্ৰাফে ডিমাছা জনগোষ্ঠীৰ লোককৃষ্টিৰ বিষয়ে জানিবলৈ উৎসুক কৰি তুলিছিল৷
আনহাতে, কোঠাটোৰ শেষৰখন ফটোত পৰম্পৰাগত সাজ-পোচাকত ১০ গৰাকী ডিমাছা গাভৰুক দেখা গৈছিল৷ ফটোগ্ৰাফাৰৰ নাম উল্লেখ নথকা এই ফটোখনৰ তলত লিখা কথাখিনি এনেধৰণৰঃ “Dimasa girls in colourful traditional attires waiting for their turn to dance during Bus festival.” [“বাছ উৎসৱৰ সময়ত নৃত্যৰ জুমলৈ অপেক্ষাৰত ৰঙীন পৰম্পৰাগত সাজ-পোছাক পৰিহিতা ডিমাছা ছোৱালী৷”]৷
এই ফটোগ্ৰাফখন লতা বগাই থকা এখন উঁৱলি যোৱা বাঁহৰ বেৰৰ সন্মুখত আৰু গছৰ তলত তোলা হৈছিল৷ ফটোগ্ৰাফখনে জনগোষ্ঠীটোৰ গাভৰুসকলে নিজস্ব লোকনৃত্যৰ পৰম্পৰাক সন্মানসহকাৰে পালন কৰাৰ তীব্ৰ সদিচ্ছাক প্ৰতিফলিত কৰিছিল৷
আনহাতে, আমাৰ কোঠাৰ পূবে গাতে লাগি আন দুটা সৰু কোঠা৷ এটাত অভ্যাসগতৰ ব্যৱহাৰৰ বাবে আলনা আৰু ড্ৰেচিং আইনা আছে৷ আনটো বাথৰূম৷ আটাইকেইটা কোঠাতে বগা ৰং দিয়া৷ আমি নিশাৰ ৰেলযাত্ৰাৰ ভাগৰ পলুৱাবলৈ চোফাই-বিছনাই বহি পৰিছিলোঁ৷ হাতৰ গধুৰ এয়াৰ-বেগ বগা টাইলছৰ মজিয়াত থৈ অলপ পিছতে মুখ-হাত ধুইছিলোঁ৷
উল্লেখযোগ্য যে আৱৰ্ত ভৱনটোৰ প্ৰতিটো কোঠা ডিমা হাচাওত বসবাস কৰা একো একোটা জনগোষ্ঠীৰ নামেৰে নামকৰণ কৰা হৈছে৷ এই বিষয়টোলৈ লক্ষ্য কৰি আৱৰ্ত ভৱনটোৰ নিৰ্মাণকৰ্তাসকলৰ চিন্তাবিন্দুৰ সামান্য আভাস¸ লাভ কৰিব পাৰিলোঁ৷ ইয়াত স্থানীয় জনগোষ্ঠীসকলক বিশেষভাৱে গুৰুত্ব দিয়া হয় আৰু এয়া একমাত্ৰ স্বাভিমানী জনগোষ্ঠীৰ বাবেহে সম্ভৱ৷
গা-পা ধুই, কাপোৰ-কানি সলাই বাহিৰলৈ ওলাই আহি আৱৰ্ত ভৱনটোৰ চৌপাশ চাবলৈ গৈ পূবৰ ফালে দূৰৈৰ নয়নাভিৰাম পাহাৰ ৰাশিৰ নীলাভ দৃশ্যই চমক খুৱাই দিছিল৷ কেউপিনে দৃষ্টি দলিয়াই কেৱল প্ৰকৃতিয়ে অঁকা মনোমোহা ছবিকেই দেখিছিলোঁ৷ আমাৰ নিজৰ ঠাইখনৰ দৰে ইয়াত প্ৰদূষণৰ নাম-গোন্ধই নাছিল৷ পাহাৰৰ ওপৰেৰে বৈ অহা মুকলি বতাহ গাত লাগিছিল৷ কুঁহকুঁহীয়া জাৰৰ স্পৰ্শ এটাই দেহা চেলিকিছিল৷
গোটেই আৱৰ্ত ভৱনটোত বগা ৰং দিয়া৷ বগা ৰং শান্তিৰ প্ৰতীক৷ মনোবিজ্ঞানতো বগা ৰঙৰ সু-ফলৰ কথা পঢ়িবলৈ পোৱা যায়৷ বগা ৰঙে মন শান্ত আৰু প্ৰফুল্ল কৰি ৰাখে৷ ইয়াত লগালগিকৈ দুটা ডাঙৰ আকৃতিৰ দৃষ্টিনন্দন ভৱন আছে৷ ভৱনকেইটা উত্তৰা-দক্ষিণা৷ প্ৰৱেশ-পথ পশ্চিমৰ পৰা ভৱনৰ কাষেৰে আহি পশ্চিমলৈ মুখ কৰা; অৰ্থাৎ ভৱনৰ ভিতৰৰ পৰা পূবলৈ ওলাব লাগে৷
উত্তৰৰ ভৱনটোৰ ওপৰৰ টিংপাতত সেউজীয়া ৰং সনা৷ সেই ভৱন দুচলীয়া৷ সোমাই যাবলৈ পূবা-পশ্চিমা বাটচ’ৰা আছে৷ অতি সুন্দৰ এই ভৱনটো ব্ৰিটিছৰ দিনৰে৷ ইয়াক অতি যত্নৰে সংৰক্ষণ কৰি থোৱা হৈছে৷ ইয়াত মানুহ থাকিবলৈ দিয়া নহয়৷ ইয়াতেই এসময়ত ব্ৰিটিছসকলে পাহাৰৰ শোভা চাই ছুটীৰ বা আজৰিৰ দিনবোৰ কটাইছিল৷ ইয়াৰ কাষতেই আমি থকা ভৱনটো৷ এইটো পকী ছাদৰ৷ দুমহলীয়া৷ ই টিংপাতৰ ভৱনটোৰ গাতে দক্ষিণে লাগি আছে৷
ভৱনৰ বাহিৰৰ অংশ ফুলৰ টাব আৰু কেইখনমান পেইণ্টিঙেৰে শোভা কৰা৷ টিংপাতৰ ভৱনটোত ফুলৰ টাববোৰ ওপৰলৈও ওলোমাই থোৱা আছে৷ দুমহলীয়া ভৱনটোৰ বেৰত আঁৰি থোৱা পেইণ্টিংবোৰত ডিমাছা লোকনৃত্য আৰু শ্ৰমজীৱী জনজীৱনৰ দৃশ্য অংকিত৷ ভৱনটোৰ সন্মুখত সৰু খেলপথাৰৰ আকৃতিৰ আহল-বহল আয়তাকাৰ সমান ঠাই৷ ইয়াত গাড়ী পাৰ্ক বা পায়চাৰি কৰিব পাৰি৷
সেই ঠাইখণ্ডৰ শেষত তললৈ এঢলীয়া হৈ যোৱা অংশত গছ-ফুলেৰে ভৰা আৰু অতি চাফ-চিকুণকৈ ৰখা এখন সৰু উদ্যান৷ একেবাৰে নিৰিবিলি৷ উদ্যানত কোমল বননি দেখা যায়৷ উদ্যানৰ বেঞ্চত বহি দূৰৈৰ নীলাভ পাহাৰৰ দৃশ্য উপভোগ কৰাৰ লগতে পাহাৰীয়া অৰণ্যৰ মাজৰ নাতিদূৰৈত থকা কোনো জলপ্ৰপাতৰ শব্দ ভাঁহি আহি থকা শুনিবলৈ পোৱা যায়৷ পুৱাৰ ভাগত উদ্যানখনৰ তললৈ, কিছু দূৰৈৰ সমান্তৰালত শুকুলা ডাৱৰবোৰ কুঁৱলীৰ আচ্ছাদন হৈ গছে-পাহাৰে ঠেকা খাই ৰৈ থাকেহি৷
সেই দৃশ্য বেলিৰ পোহৰ তীব্ৰ হৈ আহিলেই অদৃশ্য হৈ যায়৷ এই উদ্যানখনৰ বেঞ্চত বহিয়েই পূৰ্বতে ব্ৰিটিছসকলে নামনিৰ ভাগত থকা ৰেল ষ্টেচনটোলৈ চাইছিল৷ নিউ হাফলং ৰেল ষ্টেচন হোৱাৰে পৰা ব্ৰিটিছৰ ৰেল ষ্টেচনটো পৰিত্যক্ত হৈ পৰিছিল৷ আনহাতে, ভৱনটোৰ চৌপাশ ঘেৰি গুল্মজাতীয় পাত-ফুলৰ বাহাৰ৷ ওপৰৰ মহলৰ পৰা এইবোৰ ভালদৰে দেখা পোৱা যায়৷
এই নিৰিবিলি পৰিৱেশৰ মাজত দিন-দুপৰতে জিলিৰ নিচিনা কোনো পতংগই তীব্ৰ শব্দ কৰি অনবৰত ৰিঁ ৰিঁয়াই বুকু ভেদি যোৱাকৈ মাতি থাকে৷ হাবিৰ চৰাইবোৰে গান গায়৷ সৰু উদ্যানখনৰ উত্তৰলৈ থকা টিলাৰ অংশটো কুৰুং দ৷ সেয়ে সেই ঠাইত বগা ৰং সানি লোহাৰৰ ৰেলিং দিছে৷ ৰেলিঙৰ অলংকৰণ দেখিলে কাঠৰ বুলি ভুল হয়৷
সেই ৰেলিঙৰ কাষতে, উত্তৰ-পশ্চিমলৈ দুখন বেঞ্চসহ তিনিফালে ৰেলিং দিয়া আহল-বহল এডোখৰ বৰ্গাকাৰ অংশ৷ ইয়াৰ পৰা মন কিবা কৰি নিয়া পাহাৰৰ আন এটা মনোৰম দৃশ্য দেখিবলৈ পোৱা যায়৷ এই অংশৰ কাষতো তললৈ কুৰুং দ৷ ওপৰৰ পৰা তলৰ পাহাৰীয়া কলগছ, মানুহৰ সুদৃশ্য ঘৰ-দুৱাৰ আৰু গছ-গছনিবোৰ দেখা পোৱা যায়৷ কলগছৰ পাতত প্ৰায়ে ডাঙৰ প্ৰজাতিৰ পাহাৰীয়া ফৰিং চোপ লৈ ৰৈ থাকে৷
আৱৰ্ত ভৱনৰ ওপৰ মহলৰ পৰা তললৈ নামি, বাহিৰলৈ ওলাই গৈ, এই ঠাইডোখৰত ৰৈ অসমৰ আটাইতকৈ কম জনবহুল জিলা হিচাপে পৰিচিত ডিমা হাচাওৰ কথাকেই ভাবিছিলোঁ৷ মধ্যযুগত এই অপৰূপ ভূমিতো ডিমাছা-কছাৰীসকলে ৰাজত্ব কৰিছিল৷ বৰ্তমানৰ ডিমা হাছাও জিলাও ডিমাছা কাছাৰী ৰাজ্যৰ অংশ আছিল৷ ডিমাছা-কছাৰী ৰাজ্যক বুৰঞ্জীত ‘কছাৰী ৰাজ্য’ বুলি কোৱা হৈছে৷ ডিমাপুৰ, মাইবাং আৰু খাচপুৰত পৰ্যায়ক্ৰমে ডিমাছা-কছাৰীসকলে ৰাজধানী পাতিছিল৷
তাৰ অৱশেষ সকলোতে এতিয়াও দেখিবলৈ পোৱা যায়৷ উল্লেখযোগ্য যে আহোমৰ বুৰঞ্জীৰ বহু ঠাইত কছাৰী ৰাজ্যখনক ‘টিমিছা’ বা ‘তুমিছা ৰাজ্য’ বুলিও উল্লেখ কৰা হৈছে৷ আহোম বুৰঞ্জী অনুসৰি, বৰ্তমানৰ নগাঁও জিলাৰ কপিলি নৈৰ পৰা গোলাঘাট জিলাৰ ধনশিৰি নৈলৈকে কছাৰী ৰাজ্য বিস্তৃত হৈ আছিল৷ ইয়াত কাছাৰ আৰু উত্তৰ কাছাৰৰ কিছু অংশ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কাৰ্বি আংলঙৰ কিছু অংশও অন্তৰ্ভুক্ত হৈছিল৷
কছাৰীসকলৰ বিষয়ে ছাৰ এডৱাৰ্ড গেইটে এনেদৰে লিখিছিলঃ “The Kacharis may perhaps be described as the aborigines, or earliest known inhabitants, of the Brahmaputra valley. They are identical with the people called Mech in ণ্ডপ্সগlpগra and North Bengal. These are the names given to them by outsiders. …In the North Kachar Hills they call themselve Dimগব্দগ, a corruption of Dima fisa or “sons of the great river.” They were known to the Ahoms as Timisa.” -A History of Assam, EBH Publishers, 136, M.L. Nehru Road, Panbazar, Guwahati, Reprint: 2016, p. 299 [“কছাৰীসকলক হয়তো ব্ৰহ্মপুত্ৰ উপত্যকাৰ আদিবাসী বা প্ৰাচীন পৰিচিত বাসিন্দা বুলি বৰ্ণনা কৰিব পাৰি৷ গোৱালপাৰা আৰু উত্তৰ বংগৰ মেচ নামৰ লোকসকলৰ সৈতে তেওঁলোক একে৷ এই নামবোৰ তেওঁলোকক বাহিৰৰ মানুহে দিয়া৷ …উত্তৰ কাছাৰ পাহাৰত তেওঁলোকে নিজকে ডিমাছা, ডিমা ফিছা বা ‘মহানদীৰ পুত্ৰ’ বুলি কয়৷ আহোমসকলে তেওঁলোকক টিমিছা বুলি চিনি পাইছিল৷”]৷
বৰ্তমান সময়ত অসমৰ দুখন স্বায়ত্তশাসিত পাহাৰীয়া জিলাৰ ভিতৰত ‘উত্তৰ-পূবৰ চুইজাৰলেণ্ড’খ্যাত ডিমা হাচাও অন্যতম হৈ পৰিছে৷ জিলাখনৰ মুখ্য কাৰ্যালয় থকা হাফলং অসমৰ একমাত্ৰ পাহাৰীয়া ৰেল ষ্টেচন৷ হাফলং শব্দৰ অৰ্থ ‘পৰুৱাৰ পাহাৰ’৷ এজন স্থানীয় লোকে পাহাৰত বিষাক্ত পৰুৱা থকা বুলি জনাইছিল৷ কিন্তু ইয়াৰ সত্যসত্যতাৰ সন্দৰ্ভত আমি কোনো তথ্য নাপালোঁ৷ কেউফালে দৃষ্টি দলিয়াই আমি জিলাখন প্ৰচুৰ প্ৰাকৃতিক সম্পদত চহকী আৰু এখন মনোৰম পৰ্যটনস্থলী বুলি বুজি উঠিছিলোঁ৷
ইতিমধ্যে আবেলি আৰম্ভ হৈছিল৷ আমি কাপোৰ-কানি পিন্ধি-উৰি জাতিংগালৈ যাবলৈ সাজু হৈছিলোঁ৷ বাটেৰে খোজ কাঢ়ি যাওঁতে জিলিৰ নিচিনা অচিনাকি পাহাৰীয়া পতংগজনীৰ বংশ-পৰিয়ালবোৰে অ’ৰ-ত’ৰ গছৰ চেঁপত সোমাই তীব্ৰভাৱে ৰিঁ ৰিঁয়াই মাতি আছিল৷ পতংগৰ সুতীব্ৰ চিঞৰে কলিজা ৰেপিছিল৷ আমি আৱৰ্ত ভৱনৰ পৰা আহি মূল পদপথ পাইছিলোঁহি৷ সেইদিনা দেওবাৰ৷ গাড়ী-মটৰ কম৷ তথাপি অট’ এখন পালোঁ৷
চালকৰ লগত দৰ-দাম কৰি লক্ষ্য অভিমুখে আগ বাঢ়িছিলোঁ৷ একা-বেঁকা পাহাৰীয়া পথেৰে দৌৰি যোৱা অট’ৰ পৰা দেখিবলৈ পালোঁ অতি পৰিকল্পিতভাৱে পৰিপাটিকৈ সজোৱা আৰু চাফ-চিকুণকৈ ৰখা হাফলং নগৰখনৰ চৰকাৰী কাৰ্যালয়, মানুহৰ ঘৰ-দুৱাৰ, বাৰী-ঘৰ তথা নগৰখনৰ অপৰূপ সৌন্দৰ্য৷ কেউফালৰ পাহাৰ আৰু অৰণ্যৰ শোভাৰ মাজেৰে আমাক বুকুত বহুৱাই লৈ জোৰেৰে অট’খন জাতিংগালৈ দৌৰিছিল৷
মাজে মাজে আমি দুটা ভিউ পইণ্টত ৰৈ প্ৰকৃতিৰ অপৰূপ শোভা দেখি মন্ত্ৰমুগ্ধ হৈছিলোঁ৷ শেষৰ ভিউ পইণ্টটো এটা ওখ টিলাত অৱস্থিত৷ টিলাটোৰ কেউকাষে ৰেলিং দিয়া৷ চৌপাশে কুৰুং দ৷ তাৰ সিপাৰে কিছু আঁতৰত সু-উচ্ছ নীলা নীলা পাহাৰ৷ কিছু জোৰেৰে বতাহ বলি আছিল৷ পৃথকে পৃথকে কেইগৰাকীমান আধুনিক পোচাক পৰিহিতা পাহাৰীয়া গাভৰু, কোনো দম্পত্তি আৰু ফুৰিবলৈ অহা পৰ্যটকে I LOVE DIMA HASAO লিখা চেল্ফি পইণ্টত ফটো তুলি আছিল৷
এই চেল্ফি পইণ্টটো সম্ভৱতঃ অসমৰ আটাইতকৈ ধুনীয়া ঠাইত থকা চেল্ফি পইণ্ট৷ ইয়াৰ পিছৰফালেই প্ৰকৃতিয়ে নিজৰ হাতেৰে আঁকি থোৱা পাহাৰ আৰু কুঁৱলীময় ডাৱৰৰ শোভা৷ সেই ঠাইত ফটো তুলি থকা পাহাৰীয়া গাভৰুহঁতৰ হাঁহিবোৰ উতনুৱা বতাহে উটাই লৈ গৈছিল৷ তাৰ মাজতে আমাক লৈ যোৱা কম বয়সীয়া অট’চালক ল’ৰাজনে কৈছিল, “জাতিংগালৈ ইয়াৰ পৰা আৰু পাঁচ কিলোমিটাৰমান বাকী আছে৷”
[দুই]
অৱশেষত আমি এটা পাহাৰৰ শিখৰৰ ওপৰত থকা জাতিংগা নামৰ পাহাৰীয়া গাঁওখন পাইছিলোঁগৈ৷ কিছু দূৰৈৰ পৰাই পৰ্যটকৰ বাবে নিৰ্দেশিত গাঁওখনৰ আদৰণি তোৰণখন দেখা গৈছিল৷ চৰাইৰ ৰহস্যজনক মৃত্যুৰ স্থান বা চৰাইৰ আত্মহত্যাৰ স্থান হিচাপে পৰিচিত এই গাঁওখনৰ পৰা সু-উচ্চ বৰাইল পৰ্বতমালা দেখি মন বিমোহিত হৈছিল৷
এই বৰাইল হৈছে উত্তৰ-পূব ভাৰতৰ এটা তৃতীয় পৰ্যায়ৰ পৰ্বতমালা৷ ইয়াৰ আয়তন প্ৰায় ৮০,০০০ হেক্টৰ৷ ই ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাৰ মাজত, নগালেণ্ড আৰু মণিপুৰৰপৰা পূবে তথা অসম আৰু মেঘালয়ৰপৰা পশ্চিমে বিস্তৃত৷ বৰাইল পৰ্বতমালাই উত্তৰ কাছাৰ পাহাৰক দুটা ভাগত বিভক্ত কৰিছে৷ ইয়াৰ উত্তৰ অংশ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ আৰু দক্ষিণ অংশ বৰাক অৱবাহিকাৰ অন্তৰ্গত৷
ইয়াৰ সৰ্বোচ্চ শৃংগ লাইকে [Laike]-ৰ উচ্চতা ১,৯৫৯ মিটাৰ৷ আন উল্লেখযোগ্য শৃংগ থেইপিবুঙ [Theipibung]-ৰ উচ্চতা ১,৮৬৬ মিটাৰ, মহাদেৱী [Mahadevi]-ৰ উচ্চতা ১,৭৩৯ মিটাৰ, কৌকাহা [Kaukaha]-ৰ উচ্চতা ১,৭৩৬ মিটাৰ, হেমেওলোৱা [Hemeolowa]-ৰ উচ্চতা ১,৬৭৯ মিটাৰ আৰু টুকবাই [Tukbai]-ৰ উচ্চতা ৯৬৫ মিটাৰ৷ অনেক অৰণ্য তথা বনাঞ্চলেৰে ভৰা এই বৰাইল পৰ্বতমালাৰ বিষয়ে, ইয়াত থকা জৈৱ-বৈচিত্ৰ্যৰ বিষয়ে আমি ইতিমধ্যে পঢ়ি আহিছিলোঁ৷
সন্মুখত সেই বিশাল পৰ্বতমালা দেখিবলৈ পাই মনটো ভৰি পৰিছিল৷ একে সময়তে বলি থকা পাহাৰীয়া বতাহে আমাৰ মনক অধিক ৰোমাঞ্চিত কৰি তুলিছিল৷
মনোমুগ্ধকৰ বৰাইল পৰ্বতমালালৈ দৃষ্টি নিবদ্ধ কৰাৰ পিছত আমি স্থানীয় মানুহৰ লগত কথা পাতিবলৈ যত্ন কৰিছিলোঁ৷ স্থানীয় লোকক চৰাইৰ মৃত্যুৰ স্থানৰ বিষয়ে সুধিছিলোঁ৷ তেওঁলোকে আমাক সেই স্থান দেখুৱাই দিছিল৷ উল্লেখযোগ্য যে জাতিংগাৰ দৰে পৰিঘটনা বা অনুৰূপ কাণ্ড মালয়েছিয়া, ফিলিপাইনছ আৰু মিজোৰামতো ঘটে৷ জাতিংগাত বাৰিষাৰ শেষত, বিশেষকৈ চন্দ্ৰবিহীন আৰু কুঁৱলীময় আন্ধাৰ ৰাতি, ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত চৰাইবোৰ মূৰ্চা গৈ মাটিত পৰি থাকে৷
এইবোৰ কথা স্থানীয় মানুহেই আমাক জনাইছিল৷ স্থানীয় জনজাতীয় লোকসকলে প্ৰথমে এই প্ৰাকৃতিক পৰিঘটনাক তেওঁলোকক আতংকিত কৰিবলৈ আকাশৰ পৰা উৰি যোৱা আত্মাৰ কাম বুলি ধৰি লৈছিল৷ কিন্তু পিছলৈ প্ৰাণীবিজ্ঞানীসকলে সত্যতা পোহৰলৈ আনিছিল৷ প্ৰকৃততে বাৰিষাৰ পিছত জাতিংগাত ব্যাপক হাৰত কুঁৱলী পৰাৰ বাবে তীব্ৰবেগী বতাহে উচ্চ উচ্চতাত চৰাইবোৰক দিশহাৰা কৰি তোলে৷ নাবালক আৰু স্থানীয় প্ৰব্ৰজনকাৰী চৰাইবোৰে তেতিয়া আশ্ৰয়ৰ হেতু পোহৰৰ ফালে উৰি যায়৷
তেনে ক্ষণত ইহঁতক মানুহে বাঁহৰ খুঁটাৰে আঘাত কৰে৷ ফলত চৰাইবোৰ মৰে বা আহত হয়৷ প্ৰকৃততে ইয়াত চৰায়ে আত্মহত্যা নকৰে৷ চৰাইবোৰ দিশহাৰা হোৱা ঘটনাটোৰ লগত বৰাইল পৰ্বতমালাৰ প্ৰকৃতিগত ভূমিকা থকা যেন আমাৰ ধাৰণা হয়৷ এই স্থানৰ কিছু দূৰৈত অৱস্থিত বৰাইল পৰ্বতমালাই ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাৰ বতাহক নিয়ন্ত্ৰণ কৰে৷ তাৰ ফলশ্ৰুতিত জাতিংগালৈ বৈ অহা চেঁচা বতাহে চৰাইবোৰক নিশ্চয়কৈ মূৰ্চা যোৱাই তোলে৷
জাতিংগাত টাইগাৰ বিটাৰ্ণ [Tiger bittern], ব্লেক বিটাৰ্ণ [Black bittern], লিটল এগ্ৰেট [Little egret], পুখুৰীৰ বগলী [Pond heron], ভাৰতীয় পিটা [Indian pitta] আৰু মাছৰোকা [Kingfisher] আদি আটাইকেইটা প্ৰজাতিৰ চৰাই মূৰ্চা গৈ পৰি থাকে৷ এইবোৰৰ উপৰি পাহাৰীয়া পাট্ৰিৰ্জ [Hill partridge], সেউজীয়া কপৌ [Green pigeon], পান্নাৰ কপৌ [Emerald dove], নেকলেচযুক্ত লাফিংথ্ৰাছ [Necklaced laughingthrush] আৰু ব্লেক ড্ৰংগো [black drongo] আদি চৰাইবোৰো এই পৰিঘটনাৰ চিকাৰ হৈ আহিছে৷
উল্লেখযোগ্য যে গুৱাহাটীৰপৰা ৩৩০ কিলোমিটাৰ দক্ষিণে অৱস্থিত এই জাতিংগা নামৰ গাঁওখনত প্ৰায় ২৫০০ জন খাছি-পানাৰ লোক আৰু কেইজনমান অসমীয়াই বসবাস কৰে৷ আমি লগ পোৱা লোকসকলে নিজৰ জনজাতীয় ভাষা কোৱাৰ উপৰি সংযোগী ভাষা হিচাপে অসমীয়া আৰু হিন্দীত কথা পাতিছিল৷ বিশেষকৈ তেওঁলোকে হিন্দীতেই ‘বাহিৰা মানুহ’ৰ লগত কথা-বতৰা পাতে৷ এই গাঁৱৰ জনজাতীয় লোকসকল চাফ-চিকুণ৷ ঘৰ-দুৱাৰবোৰ আটোমটোকাৰি৷ সকলো পৰিকল্পিতভাৱে আৰু পৰিপাটিকৈ ৰাখে৷
জাতিংগাত চৰাই মূৰ্চা গৈ মাটিত পৰি থকাৰ ঘটনাটো ১৯৬০ খ্ৰিষ্টাব্দত প্ৰখ্যাত প্ৰকৃতিবিদ ই পি গী [E. P. Gee]-য়ে পোহৰলৈ আনি বিশ্বৰ দৃষ্টিগোচৰ কৰিছিল৷ তেওঁ পক্ষীবিজ্ঞানী প্ৰয়াত চেলিম আলিৰ সৈতে গাড়ীৰে জাতিংগালৈ গৈ পৰিৱেশ-পৰিস্থিতি অধ্যয়ন কৰিছিল৷ আনহাতে, ভাৰতৰ প্ৰাণীবিজ্ঞানৰ জৰীপ বিভাগে জাতিংগাত চৰাইৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ সুধীৰ সেনগুপ্তক পঠিয়াইছিল৷ ইয়াৰোপৰি বহুজন প্ৰকৃতিবিদ, পক্ষীবিদ আদি জাতিংগালৈ আহি ইয়াৰ ৰহস্য ভেদ কৰি নিজৰ মতামত দাঙি ধৰিছিল৷ তথাপি জাতিংগা এতিয়াও মানুহৰ মনৰ মাজত চৰায়ে আত্মহত্যা কৰা এখন ৰহস্যময় ঠায়েই হৈ আছে৷ বছৰৰ বিভিন্ন সময়ত ইয়ালৈ অসংখ্য পৰ্যটকৰ আগমন ঘটে৷
জাতিংগাত কিছু সময় থকাৰ পিছত আমি ‘জাতিংগা এথেনিক ভিলেইজ’ অভিমুখে আগ বাঢ়িলোঁ৷ সেই স্থানলৈ পাহাৰৰ এঢলীয়া বাটেৰে নামি যাব লাগে৷ পকী পথৰ চৌপাশে অৰণ্যৰ বিস্তৃতিৰ উপৰি পথৰ ওপৰতো গছৰ ডাল-পাতৰ আচ্ছাদন বিদ্যমান৷ মন বিয়াকুল কৰা পৰিৱেশটোৰ মাজত আমি ইতিমধ্যেই ডুব গৈছিলোঁ৷ তাত কেৱল অৰণ্য স্তব্ধ কৰা নীৰৱতা৷
ইতিমধ্যে আমি পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা ‘জাতিংগা এথেনিক ভিলেইজ’ত উপস্থিত হৈছিলোঁ৷ প্ৰৱেশ-পথেৰে সোমাই গৈয়েই মনটো ঔস্যুকতাৰে ভৰি পৰিছিল৷ আবেলিৰ হেলনীয়া বেলিৰ হালধীয়া পোহৰ ফুলি থকা হালধীয়া ফুল এখিনিত পৰি জাতিষ্কাৰ হৈ উঠিছিল৷ ‘জাতিংগা এথেনিক ভিলেইজ’ত ১৬৮০ বিঘা মাটিৰ এটা এলেকা আছে৷ ই ডিমা হাচাও অৰণ্য [পশ্চিম]-ৰ অন্তৰ্গত৷ এই গাঁৱত বিভিন্ন সংস্কৃতি আৰু পৰম্পৰাৰ মিশ্ৰণ দেখা পোৱা যায়৷
ঠাইখনে ইয়াত বসবাস কৰা লোকসকলৰ দৈনন্দিন জীৱনশৈলী আৰু তেওঁলোকে পালন কৰা পৰম্পৰাৰ প্ৰতিফলন ঘটায়৷ ইয়াত পৰ্যটকে চাবৰ বাবে ‘ডামি’ হিচাপে গছ-গছনিৰ অৰণ্যৰ মাজত ডিমা হাচাওত বসবাস কৰা ১৩ টা স্থানীয় জনগোষ্ঠীৰ একোটাকৈ পৰম্পৰাগত ঘৰ শাৰী পাতি সাজি থোৱা আছে৷ প্ৰতিটো ঘৰৰ সন্মুখত প্ৰতিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰাকৈ পৰম্পৰাগত সাজ-পাৰৰ একোটাকৈ মূৰ্তিও থিয় কৰাই থৈছে৷
এই এথেনিক ভিলেইজখন ২০০৪-০৫ বৰ্ষত বন বিভাগৰ দ্বাৰা ৰক্ষণাবেক্ষণ কৰি ৰাষ্ট্ৰীয় সম বিকাশ যোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছিল৷ ইয়াৰ মানুহে ইজনে সিজনৰ লগত মিলাপ্ৰীতিৰে জীৱন নিৰ্বাহ কৰে৷ আমি ঘূৰি ঘূৰি গছৰ মাজত থকা জনগোষ্ঠীয় ঘৰবোৰ চাইছিলোঁ৷ ঘৰবোৰৰ ভিতৰতো প্ৰৱেশ কৰিছিলোঁ৷ কাঠ-বাঁহ আৰু খেৰেৰে ছোৱা ঘৰবোৰৰ বেছিভাগেই উঁৱলি গৈছে৷ এইবোৰ পুনৰ নতুনকৈ সজাই তোলাৰ প্ৰয়োজন৷ ঘৰবোৰ চাই চাই জনগোষ্ঠীসকলৰ বৈচিত্ৰ্যময় জীৱন-শৈলী দেখা পোৱাৰ দৰে লাগিল৷
এথেনিক ভিলেইজৰ ঘৰসমূহৰ প্ৰত্যেকৰে কিবা নহয় কিবা নিজস্বতা আছে৷ এইবোৰৰ ভিতৰত জেমি নগা আৰু ডেকাচাঙৰ ঘৰ দুটাই আমাক বিশেষভাৱে আকৰ্ষিত কৰিছিল৷ ইয়াত থকা ঘৰবোৰৰ ভিতৰৰ বহুকেইটা জনগোষ্ঠীৰ নাম আমি পূৰ্বে কেতিয়াও শুনা বা জনা নাছিলোঁ৷
জাতিংগাৰ এথেনিক ভিলেইজত স্থান পোৱা জনগোষ্ঠীয় ঘৰবোৰৰ জনগোষ্ঠীসমূহৰ নাম এনেধৰণৰঃ কুকি, মাৰ, কাৰ্বি, গাংটে, খেলমা, ৰেংখল, বাইটে, বৈফেই, ৰংমে [জেমি নগা], ডিমাছা, চমখ’ৰ, জয়ন্তীয়া [খাচী] আৰু ডেকাচাং৷ এই জনগোষ্ঠীয় ঘৰসমূহৰ উপৰি কাষতে এখন সুন্দৰ উদ্যান আছে৷ উদ্যানত গছ-গছনি, সৰু ল’ৰা-ছোৱালীৰ খেলা-ধূলাৰ অৱলম্বন থকা ব্যৱস্থাৰ লগতে বহিবলৈ বেঞ্চ আৰু নিৰিবিলি সময় কটাবলৈ মুকলি গৃহ বিদ্যমান৷ উল্লেখযোগ্য যে অক্টোবৰৰ পৰা মাৰ্চলৈকে এই গাঁওখনলৈ ভ্ৰমণৰ বাবে উপযুক্ত সময়৷
ইতিমধ্যে সন্ধ্যা নামি আহিছিল৷ চকা পাতত বহিছিল৷ আমি এটা পৰিপূৰ্ণ মন লৈ আৱৰ্ত ভৱনলৈ ওভতিছিলোঁ৷ আৱৰ্ত ভৱন পোৱাৰ আগতেই আমি হাফলং নগৰখনৰ মাজতে অট’ৰপৰা নামি দিছিলোঁ৷ আমাৰ উদ্দেশ্যঃ খোজ কাঢ়ি কাঢ়ি হাফলং নগৰখন চোৱা৷ ইতিমধ্যে নগৰখনত কেউফালে বিজুলী বাতিবোৰ জ্বলি উঠিছিল৷ আমি অতি পৰিকল্পিতভাৱে সজোৱা নগৰখন চাইছিলোঁ৷ গছ-গছনিয়ে ভৰা সুন্দৰ বাট-পথৰ এইখন হাফলং নগৰ৷ উত্তৰ-পূবৰ চুইজাৰলেণ্ড৷
নগৰৰ মাজত আমি এক ডাঙৰ জলভাগ দেখা পাইছিলোঁ৷ এই ডাঙৰ জলভাগৰ পাৰবোৰৰ কেউকাষ পকী কৰি বগা ৰং দিয়া৷ তাৰ কাষে কাষে পদপথ৷ মাজে মাজে গছ-গছনি৷ পদপথৰ কেউকাষে ব্যস্ততম ৰাজআলি৷ ৰাজআলিৰ কাষে কাষে বিতোপন ঘৰ-দুৱাৰ৷ বিশাল জলভাগৰ বেৰা দিয়া পাৰবোৰত ডিমাছা-কছাৰী ৰজাই নিৰ্মাণ কৰা স্থাপত্যকৃতিৰ আৰ্হিৰ গম্বুজবোৰ অলংকৰণ কৰা আছে৷
এই জলভাগৰ পাৰ আমাৰ নিজৰ ঠাইৰ পুখুৰীৰ দৰে মাত্ৰ চাৰিচুকীয়া নহয়৷ এয়া প্ৰাকৃতিকভাৱে হোৱা জলভাগ বাবে ইয়াৰ কিমান পাৰ আছে আৰু ই ক’ৰ পৰা কিমানলৈকে বিস্তৃত অনুমান কৰিব নোৱাৰিলোঁ৷ যেনিয়েই চোৱা যায় সেইপিনেই নগৰখন মাথোঁ সৌন্দৰ্যৰে ভৰা৷
প্ৰাকৃতিক সৌন্দৰ্যৰ উপৰি ইয়াত বসবাস কৰা মানুহৰ মনৰ সৌন্দৰ্যানুভূতিৰ স্পৰ্শ লাগি হাফলং নগৰখন মায়াপুৰীত পৰিণত হৈ পৰিছে৷ নগৰখন ইমানেই পৰিপাটি আৰু বিতোপন যে ইয়াৰ সকলোবোৰ কথা হুবহু বৰ্ণনা কৰা আমাৰ বাবে একেবাৰেই সম্ভৱ নহয়৷ নগৰখন ৰৈ ৰৈ চাইছিলোঁ৷ এইখন নগৰত বাস কৰা বাসিন্দাসকল সঁচাই সৌভাগ্যবান৷
নগৰখনৰ মাজেৰে খোজ কাঢ়ি আহি আৱৰ্ত ভৱন পাওঁতে সাঁজ লাগি ভাগিছিল৷ ওপৰ মহলৰপৰা দূৰৈৰ পাহাৰত বাস কৰা মানুহৰ ঘৰ-দুৱাৰ আৰু নগৰখনৰ বিজুলী বাতিবোৰ চকুত পৰিছিল৷ যাৱতীয় কামবোৰ সমাপ্ত কৰি আমি ৰাতিৰ আহাৰ খাবলৈ আৱৰ্ত ভৱনৰ তলৰ মহলৰ অভ্যৰ্থনা কক্ষত উপস্থিত হৈছিলোঁ৷ আৱৰ্ত ভৱনত খুউব সুন্দৰকৈ আমাক ৰাতিৰ আহাৰ দিয়া হৈছিল৷
ৰাতিৰ আহাৰ খাই ভৱনৰ বাহিৰলৈ ওলাই আহিছিলোঁ৷ চৌপাশে নিস্তব্ধ পৰিৱেশে বিৰাজ কৰিছিল৷ তাৰ মাজত মাজে মাজে নিশাৰ স্তব্ধতা ভেদ কৰি বিভিন্ন কীট-পতংগই চিঞৰি পৰিৱেশটো অধিক ভাললগা কৰি তুলিছিল৷ ৰাতিৰ অন্ধকাৰৰ মাজেৰে দূৰৈৰ পাহাৰখনৰ ফালে চাইছিলোঁ৷ পাহাৰখন অন্ধকাৰত ডুবি আছিল৷ আমি পাহাৰৰ দৃশ্য দেখা পোৱা নাছিলোঁ৷ চৌপাশে অন্ধকাৰে বিৰাজ কৰিছিল৷
ৰাতি বিছনাত পৰোঁতে এক বাজি গৈছিল৷ পুৱা অসীম বুঢ়াগোহাঁই ছাৰৰ মাতত সাৰ পাইছিলোঁ৷ তেওঁ ইতিমধ্যে শুই উঠি খোজ কাঢ়িবলৈ গৈ ওভতি আহি কোঠা পাইছিলহি৷ মোক বাহিৰলৈ গৈ পাহাৰৰ দৃশ্য চাবলৈ আৰু ভিডিঅ’ ল’বলৈ কৈছিল৷ ল’ৰালৰিকৈ বাহিৰলৈ গৈ প্ৰকৃতিৰ নতুন ৰূপ দেখা পাই বিস্ময়াভিভূত হৈ পৰিছিলোঁ৷ দূৰৈৰ পাহাৰখনক শুকুলা ডাৱৰৰ কুঁৱলীয়ে আৱৰি ধৰা দেখিছিলোঁ৷ পাহাৰৰ গছবোৰক ডাৱৰৰ কুঁৱলীয়ে ঢাকি ধৰিছিল৷ দৃশ্যটোৱে মন-মগজুত এক বুজাব নোৱৰা অনুভূতিৰ সৃষ্টি কৰিছিল৷
ইয়াৰ পিছত প্ৰবাল কুমাৰ দত্ত আৰু আমি হাফলং নগৰখনৰ অন্য এটা ফাল পুনৰ চাওঁ বুলি ওলাই গৈছিলোঁ৷ নগৰখনৰ আলিবাটৰ কাষৰ দেৱালবোৰত বিভিন্ন ছবি আঁকি থোৱা দেখিছিলোঁ৷ সেইবোৰ হাফলঙত বসবাস কৰা জনগোষ্ঠীসকলৰ দৈনন্দিন জীৱন-যাত্ৰাৰ প্ৰতিনিধিত্বমূলক বিতোপন ছবি৷ ছবিবোৰৰ মাজে মাজে জনগোষ্ঠীসকলে ব্যৱহাৰ কৰা কাপোৰৰ ফুলৰ চানেকিবোৰো আঁকি থৈছে৷ এইবোৰ চাই চাই হেঁপাহ নপলাল যদিও আমি ওভতি আহিবলৈ বাধ্য হৈছিলোঁ৷
আৱৰ্ত ভৱনলৈ আহি গা-পা ধুই আমি পুৱাৰ আহাৰ গ্ৰহণ কৰিছিলোঁ৷ সেইদিনা আমি মাইবাঙলৈ যোৱাৰ কথা৷ এই মাইবাঙত ডিমাছা-কছাৰীসকলে দ্বিতীয়খন ৰাজধানী পাতিছিল৷ মাইবাঙত থকা তথা ডিমাছা-কছাৰী ৰজাৰ আমোলত নিৰ্মিত শিলত কটা ঘৰটো চোৱাৰ দুৰ্বাৰ বাসনা আমাৰ মনত বহু বছৰৰ আগৰ পৰাই সজীৱ হৈ আছিল৷
হাফলঙৰপৰা মাইবাঙলৈ ৰাস্তাৰে প্ৰায় ৫১ কিলোমিটাৰ দূৰত্ব৷ ইয়ালৈ যাবৰ বাবে লাইন গাড়ী আছে৷ গাড়ী ৰিজাৰ্ভো কৰিব পাৰি৷ কিন্তু মাইবাঙৰপৰা হাফলঙলৈ আবেলি ৩ বজাৰপৰা কোনো লাইন গাড়ী নচলে৷ আমি আৱৰ্ত ভৱনৰপৰা ওলাই লাইন গাড়ীৰ টিকট কাটিছিলোঁ৷ গাড়ীত যাত্ৰী সম্পূৰ্ণ হোৱালৈ এঘণ্টামান ৰৈ থাকিবলগা হৈছিল৷
আমি আগৰ চিটটো পোৱাৰ বাবে গাড়ীৰ ড্ৰাইভাৰজনৰ লগত কথা পাতিবলৈ সুযোগ লাভ কৰিছিলোঁ৷ ড্ৰাইভাৰজন স্থানীয় ডিমাছা লোক৷ অতি নম্ৰ আৰু ভদ্ৰ৷ ড্ৰাইভাৰজনে আমাক কৈছিল যে তেওঁ অসমীয়া ক’বলৈ শিকি আছে৷ কিন্তু তেওঁ শুদ্ধকৈয়েই আমাৰ লগত অসমীয়াত কথা পাতিছিল৷ মাজে মাজে কেতবোৰ শব্দহে আমি ক’লে তেওঁ বুজি নাপাইছিল৷
তেওঁ আমাক এই কথা কৈ গৌৰৱ কৰিছিল যে ডিমা হাচাওত বাস কৰা বহু অসমীয়াভাষী মানুহে তেওঁলোকৰ দৰেই সলসলীয়াকৈ ডিমাছা ভাষা ক’ব পাৰে৷ তেওঁলোকক অসমীয়াভাষী বুলি ধৰিবই নোৱাৰি৷
মাইবাঙলৈ যোৱা ৰাস্তাটো পাহাৰৰ মাজে মাজে একা-বেঁকাকৈ নিৰ্মিত৷ কেউফালে বৰ্ণনা কৰি শেষ কৰিব নোৱৰা কেৱল প্ৰাকৃতিক শোভা দেখিবলৈ পোৱা যায়৷ সম্পূৰ্ণ প্ৰদূষণমুক্ত পৰিৱেশ৷ এনে ঠাইত মানুহ দীৰ্ঘজীৱী হৈ থাকিব বুলি বুজি পাইছিলোঁ৷ মাইবাঙলৈ যোৱা পথটোৱে মনত যি প্ৰকাৰৰ আনন্দ দিছিল সেই আনন্দৰ তুলনা নহয়৷ পথটো মাজতে পাহাৰৰ ভিতৰেৰে ডেৰ কিলোমিটাৰমান সুৰংগ এটাৰে পাৰ হৈ গৈছে৷
[তিনি]
কেউফালে পাহাৰৰ শোভা দৰ্শন কৰি একা-বেঁকা পথেৰে আমি মাইবাঙলৈ আগ বাঢ়িছিলোঁ৷ এই ‘মাইবাং’ মানে হৈছে ‘বহুত চাউল’৷ ডিমাছা ভাষাত ‘মাই’ মানে ‘চাউল’, আৰু ‘বাং’ মানে ‘বহুত’৷ মাইবাঙলৈ যোৱা পথটোৰ ভগা অংশবোৰ ঠায়ে ঠায়ে নিৰ্মাণ কৰি থকা হৈছিল৷ ডিমাছা ড্ৰাইভাৰজনক বিভিন্ন কথা সুধি গৈছিলোঁ৷ তেওঁক আমি ডিমাছা জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পানীয় ‘জুদিমা’ৰ বিষয়েও সুধিছিলোঁ৷ জুদিমা মাইবাঙতো কিনিবলৈ পোৱা যায়৷ কিন্তু হাতত সময় কম আৰু কৰিবলগা কাম বেছি থকাৰ বাবে জুদিমাৰ সোৱাদ লোৱা নহ’ল৷
মাইবাঙত উপস্থিত হৈ পুনৰ অট’ এখনেৰে শিলৰ ঘৰটো চাবলৈ মাহুৰ নৈৰ পাৰত উপস্থিত হৈছিলোঁ৷ এই মাহুৰ নৈখন ডাঙৰ পাহাৰ এখনৰ কাষেদি বৈ গৈছে৷ নৈখনত বেছি পানী নাছিল৷ কিন্তু যিখিনি পানী আছিল সেইখিনি সশব্দে বৈছিল৷ এইখন যথেষ্ট আহল-বহল নৈ৷ নৈখনত বিভিন্ন প্ৰকাৰৰ সৰু-ডাঙৰ শিল আছে৷ মাহুৰ নৈৰ পাৰত উপস্থিত হৈ পাহাৰৰ বিতোপন প্ৰাকৃতিক শোভা দেখি পুনৰবাৰ সন্মোহিত হৈ পৰিছিলোঁ৷
নৈখন পাৰ হ’বলৈ এখন লোহাৰৰ ওলোমা দলং আছে৷ দলংখনত ৰঙা ৰং দিয়া৷ নৈখনৰ অন্যটো অংশত এখন ৰেলৰ দলং৷ দূৰৈৰ পৰাই দেখি থাকি৷ আমি ওলোমা দলংখনেৰে নৈ পাৰ হৈছিলোঁ৷ ফেৰফেৰীয়া পাহাৰীয়া বতাহ বলি আছিল৷ আকাশৰ বেলিৰ পোহৰে গোটেই ঠাইখন পোহৰাই তুলি মন বিমোহিত হ’ব পৰা কৰি ৰাখিছিল৷ ওলোমা দলংখনতেই বেনাৰসৰ পৰা অহা পাণ্ডে উপাধিৰ এজন গৱেষক ছাত্ৰক লগ পাইছিলোঁ৷ বেনাৰস হিন্দু ইউনিৰ্ভাৰচিটিত পঢ়ি থকা ছাত্ৰজনে ডিমাছাসকলৰ বিষয়ে পি এইছ ডি কৰি আছে৷
মাহুৰ নৈখন পাৰ হৈয়েই আমি এখন বিশাল উদ্যান দেখিবলৈ পালোঁ৷ উদ্যানখনৰ চৌহদত গছ লগোৱা হৈছে৷ ইয়াত নানা তৰহৰ বিজুলী বাতিৰ ব্যৱস্থা দেখিবলৈ পাইছিলোঁ৷ গছবোৰ ডাঙৰ নোহোৱাৰ বাবে উদ্যানখনক বিজুলীবাতিৰ বাগিচা যেনেই লাগিছিল৷ এই বিজুলী বাতিৰ বাগিচাখন ৰাতিৰ ভাগত অতি মনোমোহা আৰু জলমলাই থকা দেখিব বুলি ধাৰণা কৰিছিলোঁ৷
ডাঙৰ পাহাৰটোৰ কাষতে থকা এই উদ্যানখনৰ চৌহদটো সুন্দৰকৈ পকী বেৰা দিয়া৷ পকী বেৰাৰ ওপৰতো হাফলং নগৰত দেখি অহাৰ নিচিনা ডিমাছা-কছাৰী ৰজাই নিৰ্মাণ কৰা স্থাপত্যকৃতিৰ আৰ্হিৰ গম্বুজবোৰ অলংকৰণ কৰা হৈছে৷
উদ্যানখনৰ কাষৰ পথেৰে আগ বাঢ়োঁতেই উদ্যানৰ সন্মুখৰ ফালে উদ্যানৰ ভিতৰত আকাংক্ষিত শিলৰ ঘৰটো দেখিবলৈ পাইছিলোঁ৷ এইটো দেখি মন ৰোমাঞ্চিত হৈ উঠিছিল৷ ইতিপূৰ্বে এই ঘৰটোৰ আলোকচিত্ৰহে ইমান দিনে দেখি আহিছিলোঁ৷ অৱশ্যে এইটোক শিলৰ ঘৰ বুলিছোঁ যদিও ই ঘৰ নহয়; এটা মন্দিৰহে৷
ইতিমধ্যে আমি উদ্যানখনলৈ সোমাই যোৱা তোৰণৰ সন্মুখত উপস্থিত হৈছিলোঁগৈ৷ এই তোৰণখন সুদৃশ্য আৰু বিশাল৷ ওপৰৰ অংশত ডিমাছাসকলৰ কাপোৰৰ ফুলৰ হালধীয়া, ৰঙা, সেউজীয়া, বগা আৰু ক’লা ৰঙৰ বৰফি ডিজাইন অলংকৃত কৰা৷ তোৰণখনৰ ওপৰত, মাজভাগত ডাঙৰকৈ Ranachandi Madaikho (Temple) Gate শব্দকেইটা লিখা আছে৷
শব্দকেইটাৰ ওপৰত কেচিয়াকেচিকৈ দুখন চিধা আৰু আগকেইটা খাণ্ডাৰ দৰে খঁৰা তৰোৱাল, তৰোৱালকেইখনৰ দুয়োকাষে দুটা সোণালী বৰণৰ ঘট দেখিবলৈ পাইছিলোঁ৷ তোৰণখনৰ যুৰীয়া খুঁটাৰ অংশকেইটাৰ তলৰ ফালে মাইবাঙৰ ৰাজবাৰীত থকা ডিমাছা-কছাৰী ৰজা মেঘবাহনৰ শিলালিপিৰ প্ৰতিকৃতি ডাঙৰকৈ অলংকৃত কৰি থৈছে৷ ইয়াৰ উপৰি মুদ্ৰাৰ অলংকৰণো আছে৷
তোৰণখনৰ বাওঁফালে, পকী ফলকত শিলৰ ঘৰটোৰ বিষয়ে এনেদৰে লিখি থোৱা আছিলঃ
“Ranachandi Mdaiko (Temple)
A unique example of art and architecture under the Dimasa rule is the monolithic hat carved out of a rock on the bank of the river Mahur. The uhper part of the rock was shaped like a hut with rectangular plan and four false doo-chala roof. It has a curvilinear cave and four false doors an all four sides. It also provides a narrow space for circumambulation around the temple. The inscription on one of its walls suggests that the temple was erected in dedication to goddess Rananchandi, the tutelary deity of the Dimasas.
Raja Tamradhwajnarayan-II began construction on the temple in circa 1701 CE but was left unfinished. Eventually, Raja Harishandranarayana completed it in the year 1761 CE. Today, this historic architectural gem is regarded as one of the most spectacular monolithic monuments in the North-Eastern Region and is declared a monument of national importance by the Goverment of India under the Ancient Monuments. Archaeological Sites, and Remains Act, 1958.” [ৰণচণ্ডী মদৈখো [মন্দিৰ]ঃ ডিমাছা শাসনৰ অধীনত শিল্প আৰু স্থাপত্যৰ এক অনন্য উদাহৰণ হ’ল মাহুৰ নদীৰ পাৰত এটা শিলত খোদিত কৰা জুপুৰী ঘৰটো৷ এই শিলটোৰ ওপৰৰ অংশটো আয়তাকাৰ পৰিকল্পনাৰ৷ ইয়াত চাৰিখন ভুৱা দুৱাৰ থকা দুখন চালযুক্ত এটা জুপুৰীৰ দৰে আকৃতি আছে৷ ইয়াৰ উপৰি ঘৰটোৰ অৰ্থাৎ মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ বাবেও সংকীৰ্ণ স্থানৰ ব্যৱস্থা বিদ্যমান৷ ইয়াৰ এখন দেৱালত থকা শিলালিপিৰ পৰা অনুমান কৰিব পাৰি যে এই মন্দিৰটো ডিমাছাসকলৰ তত্ত্বাৱধায়ক দেৱী ৰণচণ্ডীৰ প্ৰতি উৎসৰ্গা কৰি নিৰ্মাণ কৰা হৈছিল৷
ৰজা তাম্ৰধ্বজনাৰায়ণ-দ্বিতীয়ই প্ৰায় ১৭০১ খ্ৰিষ্টাব্দত মন্দিৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল যদিও আধৰুৱা হৈ ৰৈছিল৷ অৱশেষত ৰজা হৰিচন্দ্ৰনাৰায়ণে ১৭৬১ খ্ৰিষ্টাব্দত ইয়াৰ কাম সম্পূৰ্ণ কৰে৷ আজি এই ঐতিহাসিক স্থাপত্যৰ ৰত্নটোক উত্তৰ-পূব অঞ্চলৰ অন্যতম দৰ্শনীয় একক কীৰ্তিচিহ্ন হিচাপে গণ্য কৰা হয় আৰু ইয়াক প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ অধীনত ভাৰত চৰকাৰে প্ৰত্নতাত্ত্বিক স্থান আৰু অৱশিষ্ট আইন, ১৯৫৮ ৰ অধীনত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্ন হিচাপে ঘোষণা কৰে৷]
ইতিমধ্যে আমি টিকট কাটি উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিছিলোঁ৷ শিলৰ ঘৰ অৰ্থাৎ মন্দিৰটো দীঘলীয়া পুখুৰীৰ আকৃতিৰ এটা জলাশয়ৰ মাজত আছে৷ মন্দিৰটোলৈ পাহাৰৰ গাৰ ফালৰ পৰা প্ৰৱেশ কৰিব পাৰি৷ কিন্তু এইটো উদ্যানখনৰ ফালৰ পৰাহে চাবলৈ ভাল৷
এই শিলৰ মন্দিৰটো সাধাৰণতে ‘মাইবাং ষ্ট’ন হাউচ’ বা ‘মাইবাঙৰ শিলৰ ঘৰ’ হিচাপেহে বিখ্যাত৷ এই ঘৰটো এটা শিলত কটা৷ মহেশ্বৰ নেওগৰ ‘পবিত্ৰ অসম’ৰ মতে, এই মন্দিৰটো ডিমাছা-কছাৰী ৰজা সুৰদৰ্পনাৰায়ণৰ ৰাজত্বৰ কালত তেওঁৰ মাক চন্দ্ৰপ্ৰভা [তাম্ৰধ্বজৰ স্ত্ৰী]-ৰ আদেশত নিৰ্মাণ কৰা হৈছিল৷ ডিমাছা-কছাৰীৰ জনশ্ৰুতিয়ে এই মন্দিৰ ৰজা হৰিশচন্দ্ৰই একে ৰাতিতে নিৰ্মাণ কৰোৱা বুলি কয়৷ সেই জনশ্ৰুতিটো অতি মনোৰম৷ জনশ্ৰুতিটো এনেধৰণৰঃ
মাইবাঙৰ আগতে ডিমাছা ৰাজ্যৰ ৰাজধানী ডিমাপুৰ আছিল৷ কিন্তু আহোম ৰাজ্যৰ আগ্ৰাসনৰ পিছত ডিমাছা জনগোষ্ঠী মাইবাঙলৈ স্থানান্তৰিত হ’বলৈ বাধ্য হৈছিল৷ ডিমাছাক আকৌ এবাৰ কোঁচেও আক্ৰমণ কৰিছিল৷ কোঁচৰ লগত যুদ্ধৰ সময়ত এদিন ৰাতি ডিমাছাৰ ৰজাক সপোনত এগৰাকী দেৱীয়ে দেখা দিছিলহি৷ ৰজাই দেৱীক নিজৰ ৰাজ্য ৰক্ষা কৰিবৰ বাবে ক্ষমতা প্ৰদান কৰিবলৈ অনুৰোধ কৰিছিল৷
দেৱীয়ে তেতিয়া ডিমাছা ৰজাক শিলৰ ঘৰ এটা সাজিবলৈ উপদেশ দি কৈছিল যে তেওঁ কোঁচসকলৰ লগত যুঁজিবলৈ তাতেই অস্ত্ৰ বিচাৰি পাব৷ কিন্তু দেৱীয়ে এটা চৰ্ত ৰাখিছিল৷ চৰ্ত অনুসৰি শিলৰ ঘৰটো মাত্ৰ এটা শিলৰ টুকুৰা ব্যৱহাৰ কৰি এৰাতিতে নিৰ্মাণ কৰিব লাগিব৷ কিংবদন্তি অনুসৰি ৰজাই এই বৃহৎ শিলটো এটা পৰ্বতৰ শিখৰৰ পৰা পিঠিত তুলি এই স্থানলৈ লৈ আনিছিল৷
শিলটো আনি এই ঠাইত স্থাপন কৰি ৰজাই শিলৰ ঘৰটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল৷ কিন্তু দিনৰ পোহৰ হোৱাৰ আগতেই কুকুৰাই ডাক দিয়াত ডিমাছা ৰজাই দেৱীৰ পৰীক্ষাত ব্যৰ্থ হোৱা বুলি বিশ্বাস কৰি সকলো পৰিত্যাগ কৰি অসুখী হৈ ঘৰটো এৰি আহিছিল৷ শিলৰ ঘৰটো সম্পূৰ্ণ কৰিব নোৱৰাৰ ফলত পিছত ডিমাছা ৰজা কোঁচৰ হাতত পৰাস্ত হয় বুলি জনশ্ৰুতিটোৱে কয়৷
উল্লেখযোগ্য যে ১৮ শতিকাৰ আৰম্ভণিতে ডিমাছা ৰাজ্যৰ ৰাজধানী কাছাৰ সমতল উপত্যকালৈ স্থানান্তৰিত হৈছিল৷ ৰাজধানীখন ৰজা তাম্ৰধ্বজনাৰায়ণে মাইবাঙৰ পৰা ৱাবাৰী [খাছপুৰৰ কাষৰ]-লৈ স্থানান্তৰিত কৰিছিল৷ ডিমাছাৰ ইতিহাসবিদ ইউ চি বৰ্মনৰ মতে ১৭০১ খ্ৰিষ্টাব্দত আৰু ড॰ সূৰ্য্যকুমাৰ ভূঞাৰ মতে ১৭০৬ খ্ৰিষ্টাব্দত ৰাজধানীখন স্থানান্তৰ হৈছিল৷ ডিমাছা ৰজা সুৰদৰ্পনাৰায়নৰ পুত্ৰ ধৰ্মধ্বজে অলপ সময় ৰাজত্ব কৰি মৃত্যুবৰণ কৰিছিল৷
ডিমাছা ৰজা হৰিশচন্দ্ৰই মাইবাঙত নহয় খাছপুৰতহে শাসন কৰিছিল৷ এইজন ৰজাৰ ৰাজত্বৰ সময় ১৭৫৭ ৰ পৰা ১৭৭২ খ্ৰীষ্টাব্দ৷ মাইবাঙৰ ৰণচণ্ডী মন্দিৰ [শিলৰ ঘৰ]-ৰ দেৱালত লিখা ভুৱা মুদ্ৰা আৰু দেৱাল-শিলালিপিৰ ভুল পঠনৰ বাবে কিছুমান ইতিহাসবিদে ধৰ্মধ্বজৰ পিছত পৰৱৰ্তী ৰজা হিচাপে হৰিশচন্দ্ৰৰ নাম উল্লেখ কৰিছিল৷ তেওঁলোকে মাইবাঙত ৰণচণ্ডী মন্দিৰ ১৭২১ খ্ৰিষ্টাব্দত স্থাপন কৰা বুলি ভুলকৈ বৰ্ণনা কৰিছিল৷
ভুৱা মুদ্ৰা আৰু দেৱালৰ শিলালিপি ভুল পঠনৰ সন্দৰ্ভত এন জি ৰোডছ আৰু এছ কে ব’ছে তেওঁলোকৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অৱ দ্য ডিমাছা-কাচাৰিছ, এছ ছিন থ্ৰু ক’ইনেজ’ত সঠিক প্ৰমাণৰ সৈতে বিশদভাৱে আলোচনা কৰিছিল৷ ছাৰ এডৱাৰ্ড গেইটে ১৬৪৩ শক [১৭২১ খ্ৰিষ্টাব্দ]-টো ভুলকৈ পঢ়াৰ বিপৰীতে পদ্মনাথ বিদ্যাবিনোদে ১৭৬১ খ্ৰিষ্টাব্দৰ সমতুল্য ১৬৮৩ শক বুলি শুদ্ধকৈ পঢ়িছিল৷
ৰোডছ আৰু ব’ছে কৈছিল যে আচৰিত কথাটো হ’ল গেইটে নিজেই তেওঁৰ আগৰ লেখাবোৰত সেই তাৰিখটো শুদ্ধকৈ উল্লেখ কৰিছিল৷ গতিকে এইটো স্পষ্ট যে হৰিশচন্দ্ৰ ধৰ্মধ্বজৰ পিছত পৰৱৰ্তী ৰজা হ’ব নোৱাৰিলে৷ লগতে, ধৰ্মধ্বজৰ আনটো নাম হৰিশচন্দ্ৰ হোৱাটোও সম্ভৱ নহয়৷ গতিকে ডিমাছা ৰজা হৰিশচন্দ্ৰই খাছপুৰত ৰাজত্ব কৰাৰ সময়ত ১৭৬১ খ্ৰিষ্টাব্দত ৰণচণ্ডী মন্দিৰ প্ৰতিষ্ঠা কৰা বুলি স্পষ্ট৷
হৰিশচন্দ্ৰ আছিল ৰামচন্দ্ৰৰ পুত্ৰ আৰু উত্তৰাধিকাৰী৷ মাইবাঙৰ ৰণচণ্ডী মন্দিৰৰ সন্দৰ্ভত ইউ চি বৰ্মনে লিখিছে যে বিশাল শিলটোক মন্দিৰৰ আকৃতিলৈ ৰূপান্তৰিত কৰাৰ ধাৰণাটো প্ৰথমে তাম্ৰধ্বজে মাইবাঙত শাসন কৰি থকাৰ সময়তে কৰিছিল৷ কামটো তেওঁ হাতত লৈছিল যদিও সেইটো এটা কঠিন কাম আছিল৷ গতিকে মাইবাঙৰ পৰা ৰাজধানী খাচপুৰলৈ নিয়াৰ সময়ত কামটো আধৰুৱাকৈ পৰিত্যাগ কৰিছিল৷ খাছপুৰত ৰাজত্ব কৰি থাকোতে হৰিশচন্দ্ৰই পুনৰ শিলৰ মন্দিৰ নিৰ্মাণৰ কামটোত হাত দিছিল৷ ১৭৬১ খ্ৰিষ্টাব্দত এই কাম সম্পূৰ্ণ হয় আৰু তাৰ পিছত এই মন্দিৰটো হৰিশচন্দ্ৰই ৰণচণ্ডী দেৱীৰ নামত উৎসৰ্গা কৰিছিল৷
আমি এই শিলৰ ঘৰটো থকা জলাশয়টোৰ পাৰকেইটাত শিল জাপি পৰ্যটকৰ বাবে আকৰ্ষণীয় ৰূপত সজাই থোৱা দেখা পাইছিলোঁ৷ সেই শিলবোৰ পানীৰ মাজলৈকে পাৰি থোৱা আছে৷ জলাশয়টোৰ কাষলৈকে যাব নোৱৰাকৈ লোহাৰৰ ৰেলিং দিয়া৷ শিলবোৰৰ সজ্জা দৃষ্টিনন্দন৷
উল্লেখযোগ্য যে এটা শিলত কটা এই শিলৰ ঘৰটোৱে ডিমাছা ৰজাসকলৰ নান্দনিক শৈল্পিক চিন্তা-চেতনাৰ স্বাক্ষৰ বহন কৰে৷ তদুপৰি সেই সময়ৰ শিল কাটিব পৰা উন্নত প্ৰযুক্তিৰ বিষয়েও আভাস দিয়ে৷ অতি বিতোপন প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এই মন্দিৰৰ চৌপাশে তিনিটা ভিতৰখন খুলি পেলোৱা শিলো আমি দেখা পাইছিলোঁ৷ এই শিলবোৰৰ ভিতৰত খুঁটা ভৰোৱা হৈছিল বুলি বুজিব পাৰি৷
আনহাতে, মন্দিৰটোৰ কাষৰ পাহাৰটোও শিলৰ৷ পুৰণি কালত শিলৰ পাহাৰটোৰ গাত কাটি কাটি কিছু অলংকৰণ কৰিবলৈ যত্ন কৰা দেখা যায়৷ এই সকলোখিনি কথাৰ পৰা বুজিব পাৰি যে এই পাহাৰটো থকা ঠাইত পুৰণি কালত এটা শিল কটা কাৰখানা নাইবা শিল কটাৰ এক বিশাল কৰ্মযজ্ঞ সমাপন কৰা হৈছিল৷ ওখ পাহাৰৰ গাত অতি কঠিন শিলাখণ্ড সেই সময়ত কেনেকৈ কাটিছিল ভাৱিলেই আচৰিত লাগে৷
শিলৰ ঘৰটোৰ চৌহদত, গাত কাটি থোৱা শিলৰ পাহাৰটোৰ কাষত খেৰেৰে ছোৱা এটা জনগোষ্ঠীয় আৰ্হিৰ ডাঙৰ দুচলীয়া ঘৰ দেখিবলৈ পাইছিলোঁ৷ ঘৰটো বাঁহৰ৷ কেউফালে খোলা; অৰ্থাৎ বেৰবোৰ নাই৷ ইয়াত বহি আহাৰ খাব পৰাকৈ ব্যৱস্থা আছে৷ এই ঘৰটো সম্ভৱতঃ বনভোজ খাবলৈ অহা লোকসকলৰ বাবে নিৰ্মিত নাইবা ইয়াক পৰ্যটকৰ ভৰপকৰ সময়ত সাময়িক হোটেল হিচাপে ব্যৱহাৰ কৰা হয়৷
ওঠৰ শতিকাত নিৰ্মিত মাহুৰ নৈৰ পাৰৰ আৰু পাহাৰৰ দাঁতিত অৱস্থিত শিলৰ ঘৰ অৰ্থাৎ মন্দিৰটোৰপৰা আহিবলৈ ইচ্ছা নাছিল৷ বিতোপন প্ৰাকৃতিক শোভাৰে সজ্জিত ঠাইখণ্ডত উপস্থিত হৈয়েই মনটো ভাল লাগি গৈছিল৷ কিন্তু আমাক এখন শিলালিপিয়ে হাত-বাউলি মাতি আছিল৷ মাইবাঙৰ ৰাজবাৰীত থকা শিলালিপিখন দৰ্শনৰ বাবেও আমি উদগ্ৰীৱ হৈ পৰিছিলোঁ৷ সেয়ে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু স্থাপত্যৰ সুষমা এৰি আমি মাহুৰ নৈৰ ওপৰৰ ওলমা দলংখনত ভৰি থৈছিলোঁ৷ ফেৰফেৰীয়া বতাহে আমাৰ গালে-মুখে পুনৰ কোবাইছিল৷
[চাৰি]
ইতিমধ্যে আমি পুনৰ অট’ এখন লৈছিলোঁ৷ এইবাৰৰ লক্ষ্যস্থান ৰাজবাৰী৷ মূল মাইবাঙৰপৰা ৰাজবাৰী বেছি দূৰৈত নহয়৷ ৰাজবাৰীত উপস্থিত হৈ এটা পৰিত্যক্ত যেন লগা কিছু আহল-বহল চৌহদত প্ৰৱেশ কৰিছিলোঁ৷ চৌহদটো পৰিত্যক্ত বুলিছোঁ যদিও তাত মানুহৰ ঘৰ দেখা পাইছিলোঁ৷ তাতেই কেইজোপামান গছৰ তলত কাঠৰ বেৰা দিয়া অৱস্থাত ‘মাইবাঙৰ শিলালিপি’খন দেখা পোৱা গ’ল৷ ইয়াত দুচটা শিলত দুখন শিলালিপি আছে৷ দুয়োখন সংৰক্ষিত৷ কিন্তু দুয়োখন শিলালিপিত একেখিনি কথাকেই লিখা আছিল৷ কেৱল মাত্ৰ সন্মুখৰ শিলালিপিখনত থকা ‘ৰাজা’ শব্দটো পিছৰ শিলালিপিখনত উল্লেখ নাই৷
আমি শিলালিপিখনত লিখা কথাখিনি পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷
■ মাইবাঙৰ শিলালিপিৰ আমি পঢ়া পাঠ ■
● প্ৰথম শিলালিপি
“… …যুত মেঘনাৰায়ণ দেৱহা
…ং …তজাতৰাজা হৈমাইবাদ্হৰা
জতপাথে…সিদ্হদ্বাৰবন্ধাইলেন শ
কাব্দা ৪৷১৪৯– বিতেৰাখক্ষাষা ২৬”
● দ্বিতীয় শিলালিপি
“শুভমস্তু শ্ৰীশ্ৰীযুত মেঘনাৰা… …
দাবেদ্বসাবং শতজাতহৈমাইবা …
…তপাথৰেসিদ্হদ্বাৰবন্ধাইলেন …
…ব্দা ৪৷১৪৯– বিতেৰাখক্ষাষা ২৬”
■ দুই শিলালিপিৰ সংমিশ্ৰণত আমি গঠন কৰা পাঠ ■
“শুভমস্তু শ্ৰীশ্ৰীযুত মেঘনাৰায়ণ দেৱহা
দাবেদ্বসাবং শতজাতৰাজা হৈমাইবা দ্হৰা
জতপাথৰেসিদ্হদ্বাৰবন্ধাইলেন শ
কাব্দা ৪৷১৪৯– বিতেৰাখক্ষাষা ২৬”
এই শিলালিপিকেইখনৰ কাষতে ইংৰাজীত তাৰ পাঠৰ অৰ্থ সৰু ফলক এখনত লিখি থোৱা আছিল৷
● কাষত লিখি থোৱা ইংৰাজী পাঠ
Translation of Maibang Stone Inscriptions:
“Graced blessed be the king Meghanarayan Dev of Hachengccha dynasty, who caused the capital gate at Maibang erected in stone on the auspicious date of the 26th day of Asharah of 1498 Saka.”
● ইংৰাজী পাঠৰ আমি কৰা অসমীয়া অনুবাদ
“হাচেংচ্ছা বংশৰ ৰজা মেঘনাৰায়ণ দেৱে ১৪৯৮ শকৰ আহাৰৰ ২৬ তাৰিখৰ শুভ দিনত মাইবাঙত ৰাজধানীৰ দুৱাৰ-শিলা স্থাপন কৰিছিল৷”
উল্লেখযোগ্য যে ২০১৭ খ্ৰিষ্টাব্দৰ ২৬ জুলাইত প্ৰকাশিত Dimasa History নামৰ ফেচবুকৰ পেইজ এটাত এই লিপিখনৰ বাংলা পাঠ আৰু তাৰ ইংৰাজী অনুবাদ এটাও আমি বিচাৰি পাবলৈ সক্ষম হৈছিলোঁ৷ উৎসত তথ্য আপলোড কৰোঁতাই পাঠকেইটা কোনো কিতাপৰ পৃষ্ঠাৰ পৰা ফটো তুলি দিছিল যদিও মূল উৎসৰ উল্লেখ নাই৷
● শিলালিপিৰ বাংলা পাঠ
“শুভমস্তু শ্ৰীশ্ৰীযুত মেঘনারায়ণদেব হাচেঙ্গসা বংশজাত হৈ মাইবাঙ্গ পাথের সিঙ্গদ্বার বান্ধাইলেন শকাব্দঃ ১৪৯৮ বিতেরিখ আষাঢ় ২৬”
● বাংলা পাঠৰ ইংৰাজী অনুবাদ
Translation:
“Graced blessed be the king Megha-Narayan Dev of Hachengccha dynasty, who caused the capital gate at Maibang erected in stone on the auspicious date of the 26th day of Asharah of 1498 Saka.” (Corresponding with 12th July 1576 A.D.)
শিলালিপিখনত অসমীয়া ভাষাৰ পেটকটা ‘ৰ’টো দেখিবলৈ পাইছিলোঁ৷ এইখন ষোল্ল শতিকাৰ শিলালিপি৷ শিলালিপিখনৰ বিষয়ে লিপিৰ গৱেষকসকলে অধিক তথ্য উদ্ঘাটন কৰিব পাৰিব৷ কিন্তু আমাৰ ক’বলগীয়া কথাটো এইটোহে যে এই শিলালিপিখন বৰ্তমানতকৈ অধিক সুন্দৰকৈ বা বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰি ৰাখিব লাগে৷
শিলালিপিৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত আমি ২০২২ খ্ৰিষ্টাব্দৰ ফেব্ৰুৱাৰি মাহত প্ৰকাশিত আমাৰ ‘বুৰঞ্জীৰ বৰ্ণিল প্ৰসংগ’ নামৰ গ্ৰন্থখনত এনেদৰে লিখিছিলোঁঃ
“ইতিহাস অধ্যয়নৰ অমূল্য সম্পদ শিলালিপিসমূহ ডাঙৰ শিলাখণ্ডৰ গাত, পাহাৰে-কন্দৰে থকা গুহাৰ ভিতৰত, মন্দিৰৰ শিলৰ দেৱালত, স্তম্ভত, ইটা, তাম্ৰ-পাত্ৰ, ঘণ্টা, মুদ্ৰা, লো বা তীখাৰ অস্ত্ৰ-শস্ত্ৰ [হিলৈ-বৰটোপ আদি] আৰু মাটিৰ মোহৰত খোদিত কৰা হৈছিল৷ এই লিপিসমূহ সাধাৰণতে ব্ৰাহ্মণসকলক মাটি-ভেটি আৰু পাইক দান কৰাৰ প্ৰমাণ হিচাপে জাৰি কৰা হৈছিল যদিও এইবোৰত সেইসময়ৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক জীৱনৰ বহু গুৰুত্বপূৰ্ণ তথ্য লিপিবদ্ধ হৈছিল৷ লিপিসমূহত দান দিয়া ৰজাজনৰ নাম, ৰজাজনৰ কৃতিত্ব আৰু কাযাৰ্ৱলী, ৰজাজনৰ ৰাজবংশটোৰ পৰিচয়, দান লাভ কৰা ব্যক্তি বিশেষৰ নাম, দান দিয়া মাটিৰ পৰিমাণসহ সীমা, বিভিন্ন সমসাময়িক ঘটনা, ৰাজনৈতিক ঘটনা, সাংস্কৃতিক ঘটনাৱলীৰ লগতে চন-তাৰিখ আদিৰ উল্লেখ থকাৰ বাবে এইসমূহ ইতিহাস অধ্যয়ন আৰু ৰচনাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য দলিল হৈ পৰে৷ এইবোৰৰ উপৰি শিলালিপি আৰু তাম্ৰলিপিসমূহত ৰজাই ৰাজ আজ্ঞা জাৰি কৰা, ব্ৰাহ্মণক মাটি দান কৰা আৰু কোনো মঠ-মন্দিৰ নিমাৰ্ণ কৰি উৰ্চগা কৰাৰ কথাবোৰো খোদিত কৰা হৈছিল৷ লিপিসমূহে লিপিৰ বিকাশৰ স্তৰ আৰু ক্ৰম নিৰ্ধাৰণ কৰাতো সহায় কৰে৷…
অসমৰ বিভিন্ন ঠাইত প্ৰাপ্ত এই লিপিসমূহে অসম তথা ভাৰতবৰ্ষৰো পুৰণি কালৰ ৰাজ্য-শাসন আৰু ৰাজনীতি, ন্যায় বিচাৰ ব্যৱস্থা, শাসকসকলৰ ধৰ্ম-সংক্ৰান্তীয় নীতি, কৰ আৰোপণ কৰাৰ ব্যৱস্থা, ৰাজস্ব ব্যৱস্থা আদিৰ চমু অথচ স্পষ্ট ইংগিত দিয়ে৷ ৰজা-মহাৰজাসকলে নিৰ্মাণ কৰা গড় আৰু খাৱৈ, দুৰ্গ আৰু জোখ-মাখ, মন্দিৰ আদি নিৰ্মাণৰ ঐতিহাসিক সাক্ষী হিচাপেও এই লিপিসমূহ আজিকোপতি বৰ্তি আছে৷ লিপিসমূহে বহু সময়ত মানৱ সভ্যতা বিকাশৰ স্তৰসমূহ বুজি পোৱাতো সহায় কৰে৷ অশোকৰ শিলালিপিয়েই হওক বা তুলাপাত-সাঁচিপাতৰ লিপিয়েই হওকঃ এইসমূহে সভ্যতা বিকাশৰ স্তৰবোৰ জলজল পটপটকৈ প্ৰতিভাত কৰে৷ লিপিৰ বিকাশেই সভ্যতা বিকাশৰ দিশবোৰ অধ্যয়নৰো বিশেষ সমল হিচাপে গৱেষকসকলৰ সন্মুখত দণ্ডায়মান হয়৷ ইবোৰে পুৰণি কালৰ ৰাজন্যবৰ্গৰ কলাসুলভ ৰুচিৰো আভাস দিয়ে৷…
লিপিসমূহে প্ৰামাণ্য ইতিহাস কয়৷ ই জাতি এটাৰ প্ৰাচীনত্বৰো চানেকি দাঙি ধৰে৷ এইসমূহ পুৰণি সমাজ এখনৰ সাংস্কৃতিক ঐতিহ্যৰো ধাৰক আৰু বাহক৷ লিপিসমূহ ইতিহাসবিদ, লিপি অধ্যয়নকাৰী আৰু ভাষা-গৱেষণাকাৰীসকলৰ বাবে বহু পল্লৱিত বাট কাটি দিবলৈ সক্ষম৷” [পৃ. ৪৫, ৪৬, ৪৭]
মাইবাঙৰ গুৰুত্বপূৰ্ণ শিলালিপিখন এৰি আমি পুনৰ মূল মাইবাং পাইছিলোঁহি৷ হাতত সময় কম আছিল৷ হাফলঙলৈ শেষৰ গাড়ীখন ৩ বজাত যাব৷ ইয়াৰ পিছত কোনো লাইন গাড়ী নাযায়৷ সেয়ে হাতত থকা ৪০ মিনিট সময়ত আমি ভাত-পানী খাই লোৱাৰ সিদ্ধান্ত লৈছিলোঁ৷
আমি ঘূৰি আহোঁতে পুনৰ একেখন গাড়ীকেই পাইছিলোঁ৷ ইতিমধ্যে ডিমাছা ড্ৰাইভাৰজনৰ লগত সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল৷ তেওঁৰ লগত পুনৰ কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ৷ তেওঁক সুধিছিলোঁ যে মাইবাঙৰ শিলৰ ঘৰটোক ডিমাছা ভাষাত কি বুলে৷ তেওঁ ‘শিল’ শব্দটো বুজি নোপোৱাত ‘পাথৰ’ শব্দটো কোৱাত বুজি পাইছিল৷ সেইটোক তেওঁলোকে ডিমাছা ভাষাত ‘লুংথাই নু’ [Lungthai Nu] বুলি কয়৷ ‘লুংথাই’ মানে ‘পাথৰ’ আৰু ‘নু’ মানে ‘ঘৰ’৷
ইতিমধ্যে আমি পুনৰ শাৰী শাৰী পাহাৰৰ প্ৰাকৃতিক শোভাৰ মাজত বুৰ যাবলৈ আৰম্ভ কৰিছিলোঁ৷ ঠায়ে ঠায়ে ফ্লাই অভাৰৰ নিচিনা দলং সজাৰ কাম চলি থকা দেখিছিলোঁ৷ ড্ৰাইভাৰজনক সোধাত জনাইছিল যে পাহাৰৰ ওপৰেৰে এটা হাইৱেৰ পৰিকল্পনাৰে দলংবোৰ সাজি থকা হৈছে৷ পাহাৰৰ ওপৰেৰে এটা হাইৱে পাৰ হৈ যোৱাৰ কল্পনা কৰি ৰোমাঞ্চিত হৈ পৰিছিলোঁ৷ ড্ৰাইভাৰজনে কৈছিল যে পূৰ্বে উগ্ৰপন্থীৰ কাৰ্যকলাপৰ বাবে ডিমা হাচাওত উন্নয়ন স্থৱিৰ হৈ আছিল৷
এতিয়া সেইবোৰ একো নাই৷ জিলাখনৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই বহুত নতুন কাম হাতত লৈছে৷ ড্ৰাইভাৰজেন কথা প্ৰসংগত কৈছিল যে বাট-পথ সুগম হ’লেহে অৰ্থনীতি ভাল হৈ পৰিব৷ তেওঁৰ সেই কথাই আমাক ভবাই তুলিছিল৷ যিখন জিলাৰ এজন ড্ৰাইভাৰে বা এজন সাধাৰণ নাগৰিকে ইমান গুৰুত্বপূৰ্ণ কথা চিন্তা কৰিব পাৰে সেইখন জিলাৰ উন্নয়ন নোহোৱাকৈ নাথাকে৷
আমি জিলাখনৰ মানুহবোৰে এনেই সময় কটাই থকা ক’তো দেখিবলৈ পোৱা নাছিলোঁ৷ প্ৰত্যেকেই কিবা নহয় কিবা এটা কৰি আছিল৷ গাড়ীৰে আহি থাকোঁতে অসমৰ এই আপাততঃ সৰু জিলাখনৰ বিভিন্ন কথা মনলৈ আহিছিল৷
ঔপনিৱেশিক কালছোৱাত বৰ্তমানৰ কাছাৰ জিলাৰ খাচপুৰ প্ৰশাসনিক কেন্দ্ৰ আছিল৷ কিন্তু এটা আভ্যন্তৰীণ বিভাজনৰ ফলত পুৰণি কাছাৰ ৰাজ্যখনক দুটা ভাগত ভাগ কৰা হৈছিল৷ শেষৰ ডিমাছা ৰজা, গোবিন্দ চন্দ্ৰ হান্নুছা, কাশী চন্দ্ৰক কাছাৰৰ পাহাৰীয়া অংশ [দক্ষিণৰ মাহুৰ নদী আৰু নগা পাহাৰৰ মাজৰ অঞ্চল, পশ্চিমৰ দয়াং নদী, পূবে ধনশিৰি নদী আৰু জামুনা নদীৰ ওপৰত]-ত নিযুক্ত কৰিছিল৷
কিন্তু কাশী চন্দ্ৰই পাহাৰীয়া অংশৰ ওপৰত নিজৰ স্বাধীনতা ঘোষণা কৰিছিল৷ ফলত ৰজা গোবিন্দ চন্দ্ৰ হান্নুছাই কাশী চন্দ্ৰক বিশ্বাসঘাতকতাৰে হত্যা কৰি পেলাইছিল৷ ক্ষুব্ধ হৈ পৰা কাশী চন্দ্ৰৰ পুত্ৰ টুলাৰাম চেপাটিয়ে অবিৰতভাৱে ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰি কাছাৰ ৰাজ্যৰ পাহাৰীয়া অংশৰ ওপৰত নিজৰ সাৰ্বভৌমত্বক সুদৃঢ় কৰি তুলিছিল৷ অৱশেষত ব্ৰিটিছৰ সহায়ত টুলাৰামে কাছাৰ ৰাজ্যৰ পৰা নিজৰ ভূ-খণ্ড উদ্ধাৰ কৰাত সফল হৈছিল
৷ ১৮২৯ খ্ৰিষ্টাব্দত ব্ৰিটিছ ৰাজৰ এজেণ্ট ডেভিড স্কটে টুলাৰামক কাছাৰৰ পাহাৰীয়া অংশৰ শাসক হিচাপে স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰিছিল৷ ১৮৫০ খ্ৰিষ্টাব্দত টুলাৰামৰ মৃত্যু হোৱাত বিভিন্ন পৰিঘটনাৰ আলমত টুলাৰামৰ ভূ-খণ্ডৰ ওপৰত ব্ৰিটিছৰ প্ৰভাৱ বৃদ্ধি হৈছিল৷ ১৮৫২ খ্ৰিষ্টাব্দত তেওঁৰ ভূ-খণ্ডক সংলগ্ন কৰি ব্ৰিটিছ অসমৰ নগাঁও জিলাৰ অংশ কৰি আছালুক মুখ্য কাৰ্যালয় হিচাপে লৈ মহকুমা গঠন কৰা হৈছিল৷
১৮৬৭ খ্ৰিষ্টাব্দত এই মহকুমা বিলুপ্ত কৰি কাছাৰ, নগা পাহাৰ জিলা আৰু নগাঁও জিলাৰ মাজত তিনিটা ভাগত বিলুপ্ত কৰা হৈছিল৷ ডিমা হাছাও জিলাৰ বৰ্তমানৰ অঞ্চলটো পুৰণি কাছাৰ জিলাত অন্তৰ্ভুক্ত কৰা হৈছিল৷ ১৮৮০ খ্ৰিষ্টাব্দত এই অংশটো কাছাৰ জিলাৰ অধীনত গুনজুঙত মুখ্য কাৰ্যালয় থকা এটা মহকুমা কৰি পেলাইছিল৷
আনহাতে, টুলাৰামৰ ভূ-খণ্ডৰ এটা অংশ [জুমুনা নদীৰ পৰা লামডিঙলৈ টানি নিয়া] শিৱসাগৰ জিলালৈ স্থানান্তৰ কৰাৰ লগতে¸ বাকীখিনি [লামডিঙৰ পৰা মাইবঙলৈ টানি] কাছাৰ জিলালৈ স্থানান্তৰ কৰা হৈছিল৷ গুনজুঙৰ মুখ্য কাৰ্যালয় ১৮৯৫ খ্ৰিষ্টাব্দত হাফলঙলৈ স্থানান্তৰিত কৰিছিল৷ তেতিয়াৰ পৰাই হাফলং মুখ্য কাৰ্যালয় হৈয়েই আছে৷
আমি হাফলং আহি পাওঁতে সন্ধ্যা হৈছিল৷ আমি নগৰখনৰ বজাৰত প্ৰৱেশ কৰিছিলোঁ৷ স্থানীয় জনজাতীয় লোকে বজাৰত দৈনন্দিন জীৱনত প্ৰয়োজনীয় বস্তু বিক্ৰী কৰি আছে৷ পুৰুষতকৈ মহিলা বিক্ৰেতা অধিক চকুত পৰিছিল৷ বজাৰখনত যথেষ্ট ভীৰ আছিল৷
দিনটো ঘূৰি-ফুৰি যথেষ্ট ভাগৰ লাগিছিল৷ সেয়ে বজাৰ এৰি আৱৰ্ত ভৱনলৈ জিৰণিৰ বাবে গৈছিলোঁগৈ৷ আৱৰ্ত ভৱনৰ হাজং নামৰ কোঠাটোত বহি দিনটোত দেখা পোৱা কথা আৰু অভিজ্ঞতাবোৰৰ বিষয়ে পাতিছিলোঁ৷ গোটেই দিনটো আমি উপভোগ কৰিছিলোঁ৷ বিশেষকৈ মাহুৰ নৈৰ পাৰৰ শিলৰ ঘৰটো থকা ঠাইখণ্ডৰ পৰিৱেশটো আটাইতকৈ ধুনীয়া আৰু মনোমুগ্ধকৰ আছিল৷
ৰাতিৰ আহাৰ গ্ৰহণ কৰি, কথা পাতি, ৰাতিৰ পৰিৱেশ নিৰীক্ষণ কৰি বিছনালৈ যোৱালৈকে নিশা এক বাজি গৈছিল৷ নিশা গভীৰ নিদ্ৰাত ঢলি পৰিছিলোঁ৷
[পাঁচ]
ৰাতিপুৱা দেৰিকৈ সাৰ পাইছিলোঁ৷ তথাপি সাজি-কাচি সাজু হৈছিলোঁ৷ আজি জিলাখনত আমাৰ অন্তিমটো দিন৷ আবেলি তিনিমান বজাত আমাৰ ঘৰমুৱা ৰেল আছিল৷
আমি আৱৰ্ত ভৱনৰ পৰা ওলাই অট’ এখন লৈছিলোঁ৷ আমাৰ উদ্দেশ্যঃ ল’ৱাৰ হাফলঙত থকা ব্ৰিটিছৰ দিনৰ ৰেল ষ্টেচনটো চোৱা৷ এই জিলাখনত টৰ্টৰিজ হ্ৰদ, পানীমূৰকে ধৰি অন্যান্য বহুতো চাবলগা ঠাই আছে৷ কিন্তু আমাৰ এইবাৰৰ যাত্ৰাত সকলোখিনি চাবলৈ সময়ে নাটে৷
অট’ গৈ ল’ৱাৰ হাফলঙৰ ৰেল ষ্টেচনটো পাইছিলগৈ৷ ষ্টেচনটো সম্পূৰ্ণৰূপে পৰিত্যক্ত হৈ পৰি আছে৷ ইয়াৰ ৰেলৰ চিৰিবোৰৰ কিছুমান মাটিত পোত গৈছে আৰু আন কিছুমান ভাগি-ছিগি নষ্ট হৈছে৷ এই ষ্টেচনটোত তিনিটা ৰেলৱে ট্ৰেক আছে৷ আটাইকেইটা ট্ৰেক হাবি-জংঘলেৰে ছানি ধৰিছে৷ ষ্টেচনটোৰ সন্মুখত ‘ল’ৱাৰ হাফলং’ লিখা ফলকখন বদৌবখলি এৰোৱা দিছে৷ ভালকৈ নাচালে আখৰকেইটা পঢ়িব নোৱাৰি৷ আমি খৰধৰকৈ ষ্টেচনটোলৈ সোমাই গ’লোঁ৷
তাহানিৰ দিনতে নিৰ্মাণ কৰা ব্ৰিটিছৰ আমোলৰ এই ৰেল ষ্টেচনৰ প্লেটফৰ্মত ব্যৱহৃত লোহাবোৰ ভাল হৈয়েই আছে৷ টুকুৰিয়াই চাই এইবোৰ শিৱসাগৰৰ পুৰণি দিখৌ দলঙত ব্যৱহাৰ কৰা লোহাৰ দৰেই লাগিল৷ ষ্টেচনৰ কৰ্মচাৰীৰ কোঠাবোৰ পৰিত্যক্ত, পিছৰ ফালে হাবি-জংঘলে ঘেৰি ধৰিছে, অ’ত-ত’ত বিভিন্ন লাম-লাকটু পৰি আছে৷ গোটেই প্লেটফৰ্মটো ঘূৰি ঘূৰি পৰ্যবেক্ষণ কৰি দেখিলোঁ যে এইটো অতি সু-পৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছিল৷
ইয়াৰ পৰাই এসময়ত লাখ লাখ মানুহ এঠাইৰপৰা আন এঠাইলৈ গৈছিল৷ প্লেটফৰ্মৰ মাজতে ওপৰলৈ যোৱা লোহাৰ চিৰি৷ সেই চিৰিয়েদি খৰকৈ উঠি গ’লোঁ৷ ওপৰত বহুকেইটা কোঠা৷ কোঠাবোৰত কাঠৰ দুৱাৰ-খিৰিকী লগোৱা হৈছিল৷ খিৰিকীত লাগি থকা চৌকাঠ একেবাৰেই নষ্ট হৈ গৈছে৷ খিৰিকীৰে চাই প্লেটফৰ্মৰ ওপৰত দিয়া আচ্ছাদন দেখা পাইছিলোঁ৷ সেই আচ্ছাদন টিংপাতৰ নহয়; পৰিৱৰ্তে এডভাস্তাৰ লগোৱা হৈছিল৷
কিহবাৰে ডাঙৰকৈ খুন্দা নামাৰিলে সেইবোৰ একপ্ৰকাৰৰ অজৰ-অমৰ বস্তু৷ ব্ৰিটিছসকলে তাহানি ঘৰবোৰত এনেদৰে এডভাস্তাৰ আৰু এডভাস্তাৰৰ নিচিনা টাইলছ ব্যৱহাৰ কৰিছিল৷ কেইবছৰমানৰ পূৰ্বে শিৱসাগৰ জিলাৰ হাতীপটী চাহ বাগিচাত অসমৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ে এটা পুৰণি ভেটি খনন কৰোতে তেনে টাইলছ উদ্ধাৰ হৈছিল৷ সেই টাইলছ উদ্ধাৰ হোৱাৰ মুহূৰ্তত আমি খননস্থলীত উপস্থিত আছিলোঁ৷
আমি প্লেটফৰ্মত কবিৰুদ্দিন নামৰ স্থানীয় দিন-হাজিৰা কৰা লোক এজনক লগ পাইছিলোঁ৷ কবিৰুদ্দিনে এসমত এই ষ্টেচনত অনিয়মীয়া কৰ্মচাৰী হিচাপে পানী পৰিৱহনৰ কাম কৰিছিল৷ তেওঁৰ মতে এই ষ্টেচনটো দহ বছৰৰ পূৰ্বেই বন্ধ হৈ গৈছে৷
ষ্টেচনৰ কাষে-পাঁজৰে দুই-এঘৰ মানুহ দেখা পাইছিলোঁ৷ এঘৰ মানুহৰ ঘৰলৈ সোমাই গৈ সোধা-পোচা কৰাত এগৰাকী বয়োবৃদ্ধ মহিলাই নিজকে বাঙালী বুলি পৰিচয় দিছিল৷ তেওঁলোক অতীজৰে পৰাই তাতেই বসবাস কৰি আছে৷ তেওঁৰ মতে এতিয়া লাহে লাহে ডিমাছা লোকসকল সেই ঠাইত বসবাস কৰিবলৈ আহিছে৷
এই ষ্টেচনটোৰপৰা সন্মুখত এলানি পাহাৰৰ শোভা দেখিবলৈ পোৱা যায়৷ পৰিত্যক্ত হৈ পৰা ৰেল ষ্টেচনটো এই পাহাৰৰ প্ৰাকৃতিক শোভাৰ বাবেই ‘ভূতৰ বাসভূমি’ত পৰিণত হোৱা যেন নালাগে৷ বৰঞ্চ ইয়াত উপস্থিত হৈয়ো মনোৰম প্ৰাকৃতিক শোভাই মন প্ৰফুল্লিতহে কৰি তুলিছিল৷
ৰেল ষ্টেচনটো এনেদৰে অনাদৃত কৰি পেলাই থোৱা কাৰ্যটোৱে আমাৰ মনক পীড়া দিছিল৷ বিনন্দীয়া প্ৰাকৃতিক শোভাৰ মাজত থকা এই পৰিত্যক্ত ৰেল ষ্টেচনটোক লৈ প্ৰশাসন আৰু চৰকাৰে বহুখিনি কাম কৰিব পাৰে৷ এই ষ্টেচনটোৰ লগত বহু মানুহৰ নাড়ীৰ সম্পৰ্ক জড়িত হৈ আছে৷ তাৰ প্ৰমাণ এই লেখাত অলপ পিছতেই পঢ়িবলৈ পোৱা যাব৷
উল্লেখযোগ্য যে ডিমা হাচাওক পৰ্যটনৰ ৰম্যভূমি বুলি ক’ব পাৰি৷ ইয়ালৈ মানুহ ঘাইকৈ বিনন্দীয়া প্ৰকৃতিৰ ৰূপ-লাৱণ্য পান কৰিবৰ বাবেই আহে৷ সেয়ে এই পৰিত্যক্ত ৰেল ষ্টেচনটোত সামান্যতম পইচা খৰচ কৰি পৰ্যটনৰ অংশত পৰিণত কৰিব পৰা যায়৷ ষ্টেচনটো চাফ-চিকুণ কৰি, ঠায়ে ঠায়ে বহিব পৰা বেঞ্চ স্থাপন কৰি, ফুলগছ ৰুই সামান্য প্ৰচেষ্টাতে ইয়ালৈ পৰ্যটকক আকৰ্ষণ কৰিব পৰা যায়৷ ৰেল ষ্টেচনটো প্ৰাকৃতিক পৰ্যটনৰ সুন্দৰ অংশ হ’ব পাৰে৷
ষ্টেচনটোৰ ঘৰ-দুৱাৰবোৰ এতিয়াও মজবুত হৈ আছে৷ এইবোৰ সুন্দৰ কৰি তুলিবলৈ লাগে মাথোঁ সামান্যতম সদিচ্ছা আৰু পৰিকল্পনা৷ এই ষ্টেচনটো হাফলঙৰ এটা ঐতিহ্য৷ ষ্টেচনটো পৰ্যটনৰ অংশত পৰিণত কৰা মানেই এটা শতিকাপ্ৰাচীন ঐতিহ্যক ৰক্ষা কৰাটো বুজাব৷
ল’ৱাৰ হাফলঙৰ এই ৰেল ষ্টেচনটো দেখি বুজিব পৰা গ’ল যে আমি ভাৰতীয়সকল এতিয়াও ব্ৰিটিছৰ যুগৰ চিন্তাৰ আওতাতেই আছোঁ৷ ব্ৰিটিছে যেনেদৰে আমাক ৰেল ষ্টেচন বনাই দি থৈ গৈছিল আমি আজিও সেইদৰেই ষ্টেচনবোৰ বনাই চলাই আছোঁ৷ ব্ৰিটিছে বনাই থৈ যোৱা প্লেটফৰ্মৰ আৰ্হিটোকেই আমি আজিও লৈ আছোঁ৷ নতুন কোনোধৰণ ধাৰণা বা প্লেটফৰ্মৰ আৰ্হিৰ কথা চিন্তা কৰিব পৰা নাই৷
এই ৰেল ষ্টেচনটোৰ কিছু দূৰৈত ব্ৰিটিছ যুগৰে, ১২১ বছৰীয়া ৰেলৰ সুৰংগ-পথটো আছে৷ হাতত সময় কম থকাৰ হেতু সেই সুৰংগ চাবলৈ যোৱা নহ’ল৷ আমি ল’ৰালৰিকৈ আৱৰ্ত ভৱনলৈ ওভতিছিলোঁ৷ সকলোবোৰ কাপোৰ-কানি এয়াৰ বেগত ভৰাই, আহাৰ গ্ৰহণ কৰি এঁটাই এই সুন্দৰ ভৱনটো এৰিছিলোঁ৷ আমাৰ হাতত কিছু সময় বাছি থকাত ডিমা হাচাওত বসবাস কৰা জনগোষ্ঠীসমূহৰ দুই-এপদ পৰম্পৰাগত বস্ত্ৰ কিনাৰ মানসেৰে হাফলং নগৰত দোকান বিচাৰি ফুৰিবলৈ ধৰিছিলোঁ৷ অৱশেষত ‘অসমী ৰুৰেল মাৰ্ট’ নামৰ তেনেকুৱা এখন দোকানৰ সন্ধান লাভ কৰি তাৰ ভিতৰত প্ৰৱেশ কৰিছিলোঁ৷
এই দোকানখনত স্থানীয় জনগোষ্ঠীসমূহৰ পৰম্পৰাগত সাজ-পাৰসমূহ, অয়-অলংকাৰ পোৱা যায়৷ ইয়াৰ বিক্ৰেতাসকলো স্থানীয় জনগোষ্ঠীৰ৷ বিক্ৰেতাসকল সাধাৰণতে জনগোষ্ঠীয় গাভৰু বা মহিলা৷ আমি দোকানত কুকি জনগোষ্ঠীৰ এগৰাকী কম বয়সীয়া মহিলাক লগ পাইছিলোঁ৷ মহিলাগৰাকীয়ে এফালৰপৰা কুকি, নগা, ডিমাছা আদি জনগোষ্ঠীসমূহৰ পৰম্পৰাগত সাজ-পাৰবোৰ দেখুৱাই সেইবোৰৰ বিষয়ে বৰ্ণনা কৰি গৈছিল৷
সাজ-পাৰৰ উপৰি জনগোষ্ঠীসকলে ব্যৱহাৰ কৰা বাঁহৰ টুপী, জুলীয়া বস্তু ৰাখিবলৈ ব্যৱহাৰ কৰা বনৰীয়া গছৰ এবিধ বিশেষ ফলৰ ডাঙৰ খোলা, জনগোষ্ঠীয় আৰ্হিৰ বাঁহৰ চাকনি আদি বিবিধ সামগ্ৰীৰ বিষয়েও আমাক অৱগত কৰিছিল৷ আমি দেখিবলৈ পাইছিলোঁ যে জনগোষ্ঠীসকলে হাতেৰে বৈ উলিওৱা সুন্দৰ সুন্দৰ সাজ-পাৰবোৰৰ ফুলবোৰৰ সুকীয়া শৈলী আছে৷
তেওঁলোকে ঘাইকৈ ক’লা, ৰঙা, হালধীয়া, সেউজীয়া আৰু বগা ৰং সাজ-পাৰত ব্যৱহাৰ কৰে৷ সাজ-পাৰত বছা ফুলবোৰ অতিশয় কষ্টসাধ্য আৰু জটিল৷ এইবোৰ গভীৰ সাধনাৰে প্ৰথমে সৃষ্টি কৰা হৈছিল৷ বওঁতেও গভীৰ সাধনাক কামত লগাইছিল৷ সকলো সাজ-পাৰৰ ভিতৰত নগাসকলৰ সাজ-পাৰযোৰ অতিকৈ মোটা আৰু ডাঠ৷
এইবোৰক দগধা সাজ-পাৰ বুলিব পাৰি৷ মহিলাগৰাকীৰ লগত ডিমা হাচাওৰ জনগোষ্ঠীসকলৰ পৰম্পৰাগত সাজ-পাৰবোৰৰ বিষয়ে কথা পাতোঁতে বুজিব পাৰিছিলোঁ যে তেওঁ দেখাত সাধাৰণ হ’লেও সাধাৰণ মহিলা নহয়৷ সেয়ে আমি তেওঁৰ লগত অধিক কথা হোৱাৰ সুযোগ গ্ৰহণ কৰিছিলোঁ৷
এই মহিলাগৰাকীৰ নাম চাংকিম গাংটে [Sangkim Gangte]৷ তেওঁ এগৰাকী চিত্ৰশিল্পী৷ পোনতে তেওঁ নিজৰ পৰিচয় নিদিছিল৷ অচিনাকি লোকক পৰিচয় দিয়াৰ প্ৰয়োজনো নাছিল৷ আমাৰ শিক্ষাগুৰু অসীম বুঢ়াগোহাঁয়ে চাংকিমক আমাৰ পৰিচয় প্ৰদান কৰাত চাংকিমে নিজে ছবি আঁকে বুলি জনাইছিল৷ অতি উচ্চ মানৰ পেইণ্টিংসমূহ তেওঁ বিক্ৰীৰ বাবে সেই দোকানতে সজাই ৰাখিছিল৷ চাংকিমৰ ৱাল পেইণ্টিং, অইল পেইণ্টিং আদিবোৰ দেখি একপ্ৰকাৰৰ অভিভূত হৈ পৰিছিলোঁ৷
চাংকিম গাংটেই উচ্চ মানৰ পেইণ্টিং আঁকে সঁচা; কিন্তু তেওঁৰ ছবিৰ বিষয়বস্তুৱেহে আমাক বেছিকৈ আকৰ্ষণ কৰিছিল৷ তেওঁ ল’ৱাৰ হাফলঙৰ পুৰণি ৰেল ষ্টেচনটো, পুৰণি ৰেলৰ দলংখন, তেওঁলোকৰ জনগোষ্ঠীৰ বিখ্যাত মুক্তিযোদ্ধাজন, ঝুম খেতি, পৰম্পৰাগত সাজ-পাৰৰ গাংটে গাভৰু, বিভিন্ন সামাজিক ভূমিকা থকা ব্যক্তি আদিকে ধৰি জীৱন, জগত, মাটি আৰু তেওঁলোকৰ জনগোষ্ঠীয় সমাজৰ শিপাৰ লগত সম্পৰ্ক থকা বিষয়বস্তুক ছবিৰ উপজীব্য কৰি লৈছে৷
চাংকিম গাংটেৰ সৌন্দৰ্য-চেতনা, ইতিহাস সচেতনতা, সমাজ আৰু নিজৰ জনগোষ্ঠীৰ প্ৰতি থকা দায়বদ্ধতা দেখি তেওঁলৈ শ্ৰদ্ধা জাগিছিল৷ আমি চাংকিমক আমাৰ গ্ৰন্থ এখন উপহাৰ দিছিলোঁ৷ কৈছিলোঁ যে এইখন পঢ়িব নোৱাৰিলেও লগ পোৱাৰ স্মৃতি হিচাপে লগত ৰাখিব পাৰিব৷
হিন্দী ভাষাত কথা কৈ থকা চাংকিমে আমাৰ অসমীয়া গ্ৰন্থখনৰ নামটো জোঁটাই জোঁটাই পঢ়ি শুনাইছিল৷ এই কথাই আমাক বিস্মিত কৰি তুলিছিল৷ সম্ভৱতঃ চাংকিমে সৰুতে অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰিছিল৷ কিন্তু পিছলৈ মাধ্যম সলনি হৈ গৈছিল৷
চাংকিমক সুধিছিলোঁ যে আমি স্থানীয় জনগোষ্ঠীয় খাদ্য খাব বিচাৰোঁ৷ তেনে খাদ্যৰ হোটেল হাফলঙত পোৱা যাবনেকি? তেওঁ জনাইছিল যে ইয়াত ঘৰে ঘৰে জনগোষ্ঠীয় খাদ্য পোৱা যায়৷ গতিকে সুকীয়াকৈ তেনে হোটেলৰ ব্যৱসায় নচলে৷ চাংকিমৰ মতে, ডিমা হাচাওত এতিয়াও ভালকৈ পৰ্যটন উদ্যোগটো গঢ়ি উঠা নাই৷ সেই উদ্যোগ গঢ়ি উঠিলেহে এনেবোৰ পৰিকল্পনা ল’ব পৰা যাব৷ ইমান এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাইত ভালদৰে পৰ্যটন উদ্যোগ গঢ়ি নুঠাৰ কথাটোৱে আমাক আচৰিত কৰি তুলিছিল৷ চাংকিমে পৰ্যটন মানে কি বুজাব খুজিছিল আমি বুজি পোৱা নাছিলোঁ৷ আমি ডিমা হাচাওত কেৱল বিভিন্ন তৰহৰ পৰ্যটনকেই দেখিছিলোঁ৷
এবুকু আনন্দানুভূতি লৈ আমি চাংকিমক এৰি আহিছিলোঁ৷ তাইৰপৰা আমি আটাইকেইজনে মিলি বহুখিনি জনগোষ্ঠীয় সাজ-পাৰ কিনিছিলোঁ৷ আমাৰ হাফলং এৰিবলৈ মন যোৱা নাছিল৷ কিন্তু এৰি আহিবই লগা হৈছিল৷ ইয়ালৈ আমি আকৌ আহিব লাগিব৷ বহুখিনি চাবলগা ঠাই থাকি গ’ল, বহুখিনি জানিবলগা কথা নাজানিলোঁ৷
নিউ হাফলং ৰেল ষ্টেচন পাওঁতে বেলি লহিয়াইছিল৷ কেউফালে চাৰিটা পাহাৰৰ মাজত এই ষ্টেচনটো৷ ৰেল ডেৰ ঘণ্টামান দেৰিকৈ আহিছিল৷ ঘৰমুৱা ৰেলত উঠি আমাৰ ডবাৰ চিটত বহি পৰিছিলোঁ৷ ৰেলখন পাহাৰৰ তলৰ সুৰংগৰে সোমাবলৈ আৰম্ভ কৰিছিল৷ ইয়াৰ লগে লগে আন্ধাৰ নামি আহিছিল৷ মনটোত আনন্দ আৰু বেদনাই অগা-ডেৱা কৰিছিল৷ তেতিয়ালৈ লামডিং পাবলৈ বহু দূৰ বাট ৷
নবীন বুঢ়াগোহাঁই: ফোনঃ ৮০১১৬-১২৫৩৫; E-Mail: nobinburagohain24@gmail.com; Facebook: https://www.facebook.com/nobin.buragohain1; YouTube: Nobin Buragohain History & Culture
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)