• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অবিভক্ত গোৱালপাৰা জিলাৰ দেশীসকল

-ড৹ মুজাম্মিল হক

by Anjan Sarma
July 6, 2021
in Special Report
Reading Time: 1 min read
0
অবিভক্ত গোৱালপাৰা জিলাৰ দেশীসকল
Share on FacebookShare on TwitterShare on LinkedIn

-ড৹ মুজাম্মিল হক |

ভাৰতবৰ্ষ এখন বিশাল দেশ। এই দেশখন শতসহস্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীৰ আৱাসস্থল। জাতিসমূহৰ ভাষা-সংস্কৃতি, আচাৰ-ব্যৱহাৰ, খাদ্যাভ্যাস একে নহয়। অসমখনো বিশাল ভাৰতবৰ্ষৰ এক ক্ষুদ্ৰ সংস্কৰণ। আদিম যুগৰেপৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰপৰা বিভিন্ন গঠন, বৰণৰ মানুহৰ সমাগম ঘটিছে কামৰূপ, প্ৰাগজ্যোতিষপুৰত। নৃতত্ত্ববিদসকলে ঠাৱৰ কৰা মতে, অসমৰ আদিম জনগোষ্ঠীসমূহ তিব্বতধৰ্মীয়, মংগলয়ড। পৰৱৰ্তী সময়ত দ্ৰাবিড় ককেচীয়াসকলে প্ৰৱেশ কৰিছে। এনেদৰে বিভিন্ন সময়ত বিভিন্ন দিশৰে প্ৰৱেশ কৰা অধিৱাসীসকল বৌদ্ধ ধৰ্মাৱলম্বী বা প্ৰকৃতি উপাসক। পৰৱৰ্তী সময়ত আলপাইন ককেচীয় আৰু মুছলমানসকলৰ প্ৰৱেশ ঘটে।

অতীজতে ভাৰতক অন্য প্ৰান্ত বা বিদেশী বহিৰাগতসকলে কামৰূপ-কমতাপুৰৰ অধিৱাসীক জংগলী, অসুৰ, দানৱ, কুৱাচ ম্লেচ বুলি অভিহিত কৰিছিল। দাঁতি-কাষৰীয়া বংগ তেতিয়া সভ্যতাৰ উচ্চ শিখৰত। গৌড় বংগত বল্লাল সেনৰ ৰাজত্ব কালতে হিন্দু ধৰ্মৰ শ্ৰেণী বিভাজন বা মনুবাদ বলিষ্ঠ ৰূপত মূৰ দাঙি উঠে। তেৰশ শতিকাৰ সেই কালছোৱাত নামনি অসম, কোচবিহাৰ, ৰংপুৰ (বাংলাদেশ) সাঙুৰি এজন সামন্তীয় ৰজাই শাসন কৰিছিল। কথিত আছে যে, ৰাজন্যবৰ্গৰ এজন ভোজমেলত নিম্ন শ্ৰেণীভুক্ত হোৱা বাবে কছাৰী ৰজাজনে নৃপতিবৰ্গৰপৰা আঁতৰত মাটিত বহি ভোজন কৰিব লগা হৈছিল।

১২০৬ খ্ৰীঃত মতান্তৰে ১২০২ খ্ৰীঃত বখতিয়াৰ খিলজিৰ তিব্বত অভিযানকালত কছাৰী ৰজাজনে বখতিয়াৰৰ বশ্যতা স্বীকাৰ কৰি সসৈন্যে ইছলাম ধৰ্মত দীক্ষিত হয় আৰু নাম লয় আলিমেচ। তেওঁৰ অনুৰোধ মৰ্মে বখতিয়াৰে তিব্বত অভিযান স্থগিত ৰাখি বংগ আক্ৰমণ কৰি দখল কৰে। বখতিয়াৰৰ আক্ৰমণৰ সময়ছোৱাত বংগত বল্লাল সেনৰ পুত্ৰ লক্ষ্মণ সেনে ৰাজত্ব কৰি আছিল। তিনিবছৰ বংগ শাসন কৰি ১২০৫ খ্ৰীঃত বখতিয়াৰে পুনৰ তিব্বত অভিযানৰ প্ৰস্তুতি চলায়। একে সময়তে সামন্তীয় ৰজা আলিমেচৰ ৰাজ্যৰ উত্তৰে ভুটানৰ পাদদেশত পৃথু নামৰ এজন ৰজাই শাসন কৰি আছিল। বখতিয়াৰে আলিমেচৰ জৰিয়তে পৃথুলৈ বাৰ্তা পঠিয়াই তিব্বত অভিযানত সহযোগিতা প্ৰাৰ্থনা কৰে। বাৰিষা কাল চলি থকা বাবে পৃথুৱে খৰালি কাললৈ অভিযান স্থগিত ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়। বখতিয়াৰে পৃথুৰ পৰামৰ্শ অগ্ৰাহ্য কৰি ভৰ বাৰিষাতে নদীপথত সাঁকো নিৰ্মাণ কৰি পৃথুৰ ৰাজ্যৰে আগবাঢ়ি ভুটানৰ পাদ দেশৰ এক সমতল ভূমিত ছাউনি পাতে। ইতিহাসবিদসকলৰ মতে বখতিয়াৰ বাহিনীয়ে ছাউনি পাতি ওচৰ-চুবুৰীয়া জাতি-জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ চলায়, খেতিপথাৰ নষ্ট কৰে। ইয়াকে দেখি পৃথুৱে ভোট মৰং কছাৰী বাহিনীৰে বখতিয়াৰ বাহিনীক আগুৰি ধৰি কচুকটা দিয়ে।

এফালে আলিমেচৰ ইছলাম ধৰ্ম গ্ৰহণ, আনফালে বংগ দেশ মুছলমানৰ অধীনস্থ হোৱাৰ ফলত বংগৰ দাঁতি-কাষৰীয়া ৰাজ্য যথাক্ৰমে কদলী ৰাজ্য, বিহাৰ, মধ্য ভাৰত তথা নামনি অসমত থলুৱা জনগোষ্ঠীৰ মাজত ব্যাপক ৰূপত ধৰ্মান্তকৰণ হোৱা দেখা যায়। মধ্যযুগৰ এই সেই কালবৈশাখী চলি থাকোতে, তাহানিৰ সৰু সৰু ৰাজ্যৰ শাসনকৰ্তাসকলে ৰাজপাট, শান্তি-শৃংখলা আৰু নিৰাপত্তাৰ খাতিৰত শত্ৰুপক্ষৰে সন্ধি মিত্ৰতা আৰু ধৰ্মীয় বিশ্বাসৰো পৰিৱৰ্তন ঘটায়। বিশ্বজনীন ভাতৃত্ব, শ্ৰেণীহীন সমাজ, তদুপৰি ত্যাগ আৰু বলিদানৰ মূৰ্ত প্ৰতীক চুফী সাধকসকলৰ আগমনে এই কাৰ্য ত্বৰান্বিত কৰিছিল। আজিও নামনি অসমত বহুতো পীৰ, অলি, আউলিয়াৰ অসংখ্য দৰগাহ, মাজাৰ দেখিবলৈ পোৱা যায়।

উল্লেখযোগ্য যে কামৰূপৰ পূৰ্বদিশত চুটিয়া ৰাজ্য প্ৰতিষ্ঠাৰ সমসাময়িক কালছোৱাত চীনৰ য়ুনান প্ৰদেশৰ অধিৱাসী স্বৰ্গদেউ ছুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰে। ১২৯৩ খ্ৰীঃত আহোম স্বৰ্গদেউ চুখাংফা আৰু কমাতাধিপতিৰ মাজত সংঘাত আৰম্ভ হয় আৰু দীৰ্ঘদিন ব্যাপী এই যুদ্ধ চলি থাকে। শেহান্তৰত কমতাধিপতিয়ে তেওঁৰ ‘ভজনী’ নামৰ দুহিতাজনীক স্বৰ্গদেউলৈ বিয়া দি মিত্ৰতা স্থাপন কৰে।

আসামৰ সংক্ষিপ্ত বুৰঞ্জী মতে আৰিমত্ত ৰজাৰ পিছৰ কোনো এজন ৰজাৰ মন্ত্ৰী ‘মনোহৰে’ তেওঁৰ সকলো আত্মীয়ক ৰাজকাৰ্যত নিয়োজিত কৰিছিল। কালক্ৰমত তেওঁলোক ক্ষমতাশালী হৈ ভূমিৰ গৰাকী ভূঞা নামে পৰিচিত হয়। কিছুমান পণ্ডিতৰ মতে মনোহৰৰ ভাতৃ শান্তনুৰ দ্বাদশ পুত্ৰৰপৰা বাৰভূঞাসকলৰ উৎপত্তি। এসময়ত বাৰভূঞাসকলে সুসংগঠিত হৈ আহোম, চুটিয়া আৰু কোচ ৰজাকো পৰাভূত কৰিছিল।

কথিত আছে যে কামৰূপ-কমতাৰ ৰজা দুৰ্লভ নাৰায়ণ আৰু গৌড় বংগৰ ৰজা ধৰ্মনাৰায়ণৰ মাজত এবাৰ এক যুদ্ধ সংঘটিত হৈছিল, পাছত সন্ধিৰে দুয়ো মিত্ৰতা স্থাপন কৰে। দুৰ্লভ নাৰায়ণে গৌড় ৰজা ধৰ্মনাৰায়ণৰপৰা সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থক উপহাৰ হিচাপে পাই বৰদোৱাত সংস্থাপিত কৰিছিল। ব্ৰাহ্মণকেইজন আছিল কৃষ্ণ পণ্ডিত, ৰঘুপতি, ৰামবৰ, লোহাৰ, বয়ন, ধৰম আৰু মথুৰা। আনহাতে কায়স্থকেইজন আছিল হৰি, শ্ৰীহৰি, শ্ৰীপতি, শ্ৰীধৰ, চিদানন্দ, সদানন্দ আৰু চণ্ডীবৰ। এইজন চণ্ডীবৰৰ বংশধৰেই হ’ল একশৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক গুৰুজনা শ্ৰীশ্ৰীশংকৰদেৱ (১৪৪৯ খ্ৰীঃ)।

পাল আৰু সেনবংশীয় ৰজাসকলৰ পাছত কামৰূপত খেনবংশীয় ৰজাৰ ৰাজত্ব আৰম্ভ হয়। ১৪৪০ খ্ৰীঃত খেন বংশীয় ৰজা নীলধ্বজ কামৰূপৰ ৰাজপাট দখল কৰে। কথিত আছে যে নীলধ্বজ জীৱনৰ আদিভাগত এজন ব্ৰাহ্মণৰ গৰুৰখীয়া আছিল। নীলধ্বজৰ পিছত চক্ৰধ্বজে (১৪৪৯-৭২ খ্ৰীঃ) কামৰূপৰ সিংহাসন দখল কৰে। প্ৰবাদমতে চক্ৰধ্বজে কামৰূপৰ অধিষ্ঠাত্ৰী দেৱী ‘কামতেশ্বৰী’ দেৱীক ৰাজদৰবাৰত প্ৰতিষ্ঠিত কৰে আৰু নিজকে ‘কামতেশ্বৰ’ বুলি ঘোষণা কৰে। কামতেশ্বৰ চক্ৰধ্বজৰ ৰাজত্বকালতে মোগল সেনাপতি ৰুকনুদ্দিন বৰবাক শ্বাহে কমতাপুৰ আক্ৰমণ কৰি পৰাজিত হয় আৰু পলাই যায়। কিন্তু ৰুকনুদ্দিনৰ উপসেনাধ্যক্ষ ইছমাইল গাজী বন্দী হয়। ইছমাইল গাজী এজন চুফী সাধক আছিল। তেওঁৰ সাধনা আৰু অনুপ্ৰেৰণাত কামতেশ্বৰ চক্ৰধ্বজে ইছলাম ধৰ্ম আঁকোৱালি লয়।

প্ৰাচীন কামৰূপৰ আন এক প্ৰভাৱশালী ৰাজনৈতিক শক্তি হ’ল কোচ কছাৰী বা মেচসকল। কছাৰীসকল উত্তৰ-পূব ভাৰতত বিভিন্ন নামেৰে পৰিচিত। বড়ো, কছাৰী, ডিমাচা, কোচ আৰু ৰাজবংশীসকল নিকট সম্পৰ্কীয়।

পাঠানসকলৰদ্বাৰা কামৰূপ-কমতাপুৰ আক্ৰান্ত হোৱাত বাৰজন মেচ সামন্তই একত্ৰিত হৈ হাউৰিয়া মেচ ওৰফে হাৰিয়ামণ্ডলক ৰজা পাতে। হাৰিয়ামণ্ডলৰ ৰাজ্যৰ চাৰিসীমা উত্তৰে ভুটান, দক্ষিণে ব্ৰহ্মপুত্ৰ, পূবত মানাহ আৰু পশ্চিমত সোণকোষ নৈ। হাৰিয়ামণ্ডলৰ ৰাজ্যৰ ৰাজধানী আছিল চিকনাঝাৰ, বৰ্তমান কোকৰাঝাৰৰ উত্তৰে সৰলভাংগা নদীৰ পাৰত। হাৰিয়ামণ্ডলৰ দুই পুত্ৰ যথাক্ৰমে বিশু আৰু শিষু। হাৰিয়ামণ্ডলে এসময়ত পাঠান সেনাপতি আলাউদ্দিন হুছেইন শ্বাহৰ হাতত পৰাস্ত হৈ ইছলাম ধৰ্ম আঁকোৱালি লয়, নাম হয় তুৰকা কটোৱাল। ঠিক সেই সময়তে ৰাজপুৰোহিত এচামৰ পৃষ্ঠপোষকতাত হাউৰিয়া মেচৰ পুত্ৰ বিশুৱে পিতৃক খটুৱাই ৰাজপাট দখল কৰে। বিশুৱে বিশ্বসিংহ নাম লৈ কোচ ৰাজ্যৰ পাতনি মেলে। পুৰোহিতসকলে বিশ্বসিংহক দেৱত্বৰ শাৰীলৈ উন্নীত কৰিবলৈ কল্প কাহিনীৰে (Myth) প্ৰচাৰ চলায়। বিশ্বসিংহ শিৱৰ সন্তান বুলি চন্দ্ৰবংশীয় ক্ষত্ৰিয়ৰ মৰ্যাদা প্ৰদান কৰে। ৰজাক অনুসৰণ কৰি বিত্তবান প্ৰজায়ো পুৰোহিতক ভাৰেভেটিৰে হিন্দুত্ব আঁকোৱালি লৈ ৰাজবংশীৰূপে পৰিচিতি লাভ কৰে। আন এচামে আকৌ সামাজিক ন্যায় বা বৰ্ণবাদৰ প্ৰতিবাদকল্পে ইছলাম ধৰ্মক আকোৱালি লয়। এনেদৰে যুগ যুগ ধৰি প্ৰাচীন কামৰূপ কমতাপুৰৰ কোচ-মেচসকলে ধৰ্মান্তৰিত হৈ থাকিল। পশ্চিম অসম তথা উত্তৰ বংগ, ৰংপুৰত তেওঁলোক দেশীয় মুছলমান বা সংক্ষেপে ‘দেশী’ (মুছলমান) হিচাপে পৰিচিতি লাভ কৰে।

মহাৰাজ বিশ্বসিংহৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ মল্লদেৱ নৰনাৰায়ণৰ নাম লৈ কামৰূপ-কমতাৰ ৰাজপাটত অধিষ্ঠিত হয় আৰু ভাতৃ শুক্লধ্বজ ওৰফে চিলাৰায়ক প্ৰধান সেনাপতি পাতে। মহাৰাজ নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ নেতৃত্বত বিশাল কোচৰাজ্য গঢ় লৈ উঠে। মহাবীৰ চিলাৰায়ে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য জয় কৰি মৈমনচিঙৰো একাংশ দখল কৰে। মৈমনচিং শব্দ বড়োমূলীয় শব্দ, আদিতে মৈমনসিং বড়ো, কোচ কছাৰীসকলৰ ৰাজ্য আছিল। মহাৰাজ নৰনাৰায়ণৰ ৰাজত্ব কালতে এফালে মোগল পাঠানৰ আক্ৰমণ আৰু আনফালে আহোম স্বৰ্গদেউসকলৰ সৈতে মতানৈক্য আৰম্ভ হয়। মহাবীৰ চিলাৰায়ে উজনিত আহোম স্বৰ্গদেউ এজনৰ সৈতে যুদ্ধত লিপ্ত হৈ থাকোতে বংগৰ নৱাব চুলেইমান কৰৰানিৰ মুখ্য সেনাধ্যক্ষ কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰৰ ক্ষতিসাধন কৰে। কালাপাহাৰ এজন কায়স্থ বীৰ, তেওঁৰ আদি নাম আছিল কালিৰাম দাস। অনিচ্ছা সত্ত্বেও নৱাব কন্যাৰ জীৱন ৰক্ষা কৰিবলৈ কালাপাহাৰে নৱাব জীয়ৰীক বিয়া কৰাব লগা হয়। নবাব কন্যাৰে বিয়া হৈ কালাপাহাৰ হিন্দু হৈ থাকিব বিচাৰিছিল। কিন্তু পুৰোহিতসকলৰ বিধানমতে কালাপাহাৰে ইছলাম ধৰ্ম ল’বলৈ বাধ্য হয় আৰু কামৰূপ-কমতা বংগৰ হিন্দু মন্দিৰ ধ্বংস অভিযান আৰম্ভ কৰে। মহাবীৰ চিলাৰায় সেই সময়ত উজনিত যুদ্ধত লিপ্ত হ’ব নলগা হ’লে হয়তো ইতিহাসৰ এই পাতখিলা অন্য ধৰণে লিপিবদ্ধ হ’লহেঁতেন।

কামাখ্যা মন্দিৰ ধ্বংসৰ পোতক তুলিবলৈ মহাবীৰ চিলাৰায়ে উজনিত যুদ্ধ সামৰি ততাতৈয়াকৈ বংগ আক্ৰমণ কৰে আৰু কালাপাহাৰৰ হাতত বন্দী হয়।

মহাবীৰ চিলাৰায়ৰ অপৰিসীম সাহস, নিখুঁত যুদ্ধ কৌশল আৰু বিচক্ষণতাৰে গঠিত বিশাল কোচৰাজ্য কামৰূপ-কমতাপুৰলৈ অমানিশা নামি আহে। ভাতৃশোকত মহাৰাজ নৰনাৰায়ণ দিকভ্ৰান্ত হৈ পৰে। মহাবীৰ চিলাৰায়ৰ বন্দী কালতে নৱাবৰ মাতৃক সৰ্পই দংশন কৰে আৰু চিলাৰায়ে নৱাবৰ মাতৃক নিশ্চিত মৃত্যুৰপৰা উদ্ধাৰ কৰে। ইয়াতে সন্তুষ্ট হৈ নৱাবে পাঁচজনীকৈ জীয়ৰীক চিলাৰায়ৰ সৈতে বিয়া দি দখল কৰা কোচৰাজ্য যৌতুক হিচাপে প্ৰদান কৰি চিলাৰায়ক দিয়ে। কথিত আছে মহাবীৰ চিলাৰায় পৰাস্ত হয় আৰু বন্দিত্ব কালত তেওঁৰ সৈন্যবাহিনীৰ বৃহৎ অংশই ইছলাম ধৰ্ম গ্ৰহণ কৰে।

মহাৰাজ নৰনাৰায়ণৰ বহুদিনলৈকে সন্তান-সন্ততি নোহোৱাত ভাতৃ চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱক বৰ মৰম কৰিছিল আৰু মহাৰাজৰ উত্তৰাধিকাৰী হ’ব বুলি সকলোৱে ধৰি লৈছিল। শেষ বয়সত মহাৰাজে এজন পুত্ৰ সন্তান লাভ কৰে, নাম থয় লক্ষ্মীনাৰায়ণ। বন্দিত্বৰপৰা মুক্ত হৈ কম দিনৰ ভিতৰতে চিলাৰায়ে ইহলীলা সম্বৰণ কৰে। চিলাৰায়ৰ মৃত্যু আৰু লক্ষ্মীনাৰায়ণৰ জন্মৰ পাছত ৰজা হোৱাৰ আশা নেদেখি ৰাজকৰ্মচাৰী এচামৰ মন্ত্ৰণাত ৰঘুদেৱে ঘিলা বিজয়পুৰ (ধুবুৰী) দুৰ্গত অৱস্থান গ্ৰহণ কৰি মহাৰাজ নৰনাৰায়ণৰপৰা ৰাজ্য দাবী কৰে। অশেষ বুজনি তথা যুদ্ধ ঘোষণা কৰিও অৱশেষত কোচৰাজ্য দুভাগ কৰি এভাগ ভতিজাকক প্ৰদান কৰে আৰু এভাগ পুত্ৰ লক্ষ্মীনাৰায়ণৰ বাবে ৰাখি থয়। সোণকোষ নদীৰ পূৰ্বভাগৰ নাম হয় কোচ-হাজো আৰু পশ্চিমৰ কৰতোৱালৈকে নাম হয় কোচবিহাৰ। মানাহ নদীৰ পাৰতো (সৰভোগ) ৰঘুদেৱৰ এটা দুৰ্গ আছিল।

ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ পাছত মানাহৰ পশ্চিমাঞ্চল অবিভক্ত গোৱালপাৰা কোচবিহাৰ বংগৰ নৱাবৰ অধীনস্থ হৈ পৰে। আনহাতে পলাচী যুদ্ধৰ পাছত এই ভূখণ্ড কোম্পানীৰ অধীনলৈ গুচি যায়। ব্ৰিটিছে অবিভক্ত গোৱালপাৰা কোচবিহাৰ আৰু ৰংপুৰ (বাংলাদেশ) সাঙুৰি বৃহত্তৰ ৰংপুৰ জিলাৰ সৃষ্টি কৰে (১৭৭২ খ্ৰীঃ) আৰু ১৮২২ খ্ৰীঃত লৰ্ড কৰ্ণৱালিছে গাৰো বিদ্ৰোহ দমনৰ উদ্দেশ্যে ধুবুৰী, গোৱালপাৰা আৰু কৰৈবাৰী (হাটশিঙিমাৰী) তিনিখন থানা লগ লগাই প্ৰথমতে নৰ্থ ইষ্ট ৰংপুৰ পাছত ৰঙামাটি আৰু শেষত গোৱালপাৰা জিলা ঘোষণা কৰে। ১৮৬৬ খ্ৰীঃত গোৱালপাৰা জিলা কোচবিহাৰ কমিচনাৰৰ অন্তৰ্ভুক্ত হয়। ১৮৭৩ খ্ৰীঃত উত্তৰ পাহাৰীয়া জিলা গোৱালপাৰা আৰু বংগ সাঙুৰি অসম প্ৰদেশ আৰু বংগ নামেৰে নতুন ৰাজ্যৰ সৃষ্টি কৰে, ৰাজধানী হয় ঢাকা। চিপাহী বিদ্ৰোহ, ফুলগুৰিৰ ধেৱা গোমধৰ কোঁৱৰ, পিয়লি ফুকন, জিউৰাম মেধিৰ তৎপৰতা আৰু বিক্ষোভত অসমক বংগৰপৰা পৃথক কৰা হয়। বংগ শিক্ষা-সংস্কৃতি, বাণিজ্য তথা বুদ্ধিজীৱী আৰু ৰাজনীতিৰ প্ৰসূতি গৃহ বুলি জনাজাত হৈ পৰে, সম্ভাব্য বিপদ দেখি ব্ৰিটিছে বংগক দুভাগত বিভক্ত কৰে। (১৯০৬ খ্ৰীঃত পূৰ্ববংগক অসমৰ চীফ কমিচনাৰ ৰাজ্যৰ লগত চামিল কৰে। সংযুক্ত এই ৰাজ্যৰ ৰাজধানী হয় ঢাকা, য’ত পোন্ধৰজনীয়া বিধান পৰিষদত অসমৰ দুজন প্ৰতিনিধি আছিল। পৰৱৰ্তী সময়ত অসমক নতুনকৈ গঠন কৰে, এইবাৰ ৰাজধানী হয় শ্বিলং।

অৱশেষত ১৯৩৭ চনত অসমৰ প্ৰধানমন্ত্ৰী ছাৰ চৈয়দ ছাদুল্লা আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আৱিৰ্ভাৱ ঘটে। ছাদুল্লা চৰকাৰৰ দিনতে ‘গ্ৰ মৰ ফুড আঁচনি’ৰ অধীনত পূৰ্ববংগীয় মুছলমান আমদানি কৰি পতিত মাটিত সংস্থাপন কৰে। পূৰ্ববংগৰ মৈমনচিং, ৰংপুৰৰপৰা অনা কৃষকসকলক লাইন প্ৰথাৰে থলুৱা জনগোষ্ঠীৰপৰা পৃথকে পতিত মাটিত আবণ্টন দিয়ে। এই কাৰ্যত জমিদাৰ মৌজাদাৰ, একাংশ অসমীয়া মহাজনে আগভাগ লয়। পূৰ্ববংগীয় এই মানুহখিনি অবিভক্ত গোৱালপাৰা জিলাত ভাটিয়া বা চৰুৱা নামেৰে পৰিচিত। আনহাতে অভিৱাসীসকলে থলুৱা ইছলাম ধৰ্মীসকলক ‘উজানি’ বুলি কয়?

ওপৰৰ আলোচনাৰপৰা এইটো স্পষ্ট যে অবিভক্ত গোৱালপাৰা জিলাৰ দেশীসকল যাক অভিৱাসী মুছলমানে উজানি বুলি কয় তেওঁলোকৰ বসতিস্থল আৰু অভিৱাসীসকলৰ সুকীয়া। দেশীসকলে কোচ, মেচ, নাথ, কলিতাৰ ওচৰ-চুবুৰীয়া আৰু অভিৱাসীসকল লাইল প্ৰথাৰ বিভাজিত পতিত মাটি নতুবা চৰ-চাপৰিত বসবাস কৰে। ধৰ্ম একে হ’লেও অভিবাসী মুছলমানৰ ভাষা-সংস্কৃতি, আচাৰ-ব্যৱহাৰ, থলুৱা দেশীসকলতকৈ পৃথক। আনকি বিগত কালত তেওঁলোকৰ মাজত বৈবাহিক সম্পৰ্কও নাছিল। নাগৰিকপঞ্জী অথবা পৰৱৰ্তী সময়ৰ ভোটাৰ তালিকাভুক্ত লিগেচী ডাটাত গাঁৱৰ নাম চাই কৈ দিব পৰা যায় অধিৱাসী এজন থলুৱা নে অভিৱাসী। স্বাধীনোত্তৰ ভাৰতবৰ্ষত সকলো ইছলামধৰ্মীক সংখ্যালঘু অভিধাৰ অন্তৰ্ভুক্ত কৰি নিভৃতে সাম্প্ৰদায়িক ৰাজনীতি চলি থাকিল।

এই জনগোষ্ঠীবিলাকে ভাৰতত প্ৰৱেশ কৰিলে তেওঁলোকো অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে স্বীকৃত হ’ব।

১৮৭২ খ্ৰীঃত ডব্লিউ ডব্লিউ হাণ্টাৰে চলোৱা লোকপিয়ল মতে অবিভক্ত গোৱালপাৰা জিলাৰ চাৰিভাগৰ এভাগ খিলঞ্জীয়া মুছলমান যাক মুছলিম কোচ বুলি উল্লেখ কৰিছে। জনসংখ্যা বৃদ্ধিৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক গড় বৃদ্ধিৰ সৈতে সমানুপাতিকভাৱে গণনা কৰিলে অবিভক্ত গোৱালপাৰা জিলাৰ দেশীসকলৰ মুঠ জনসংখ্যা সোতৰ লাখতকৈ অধিক হ’ব লাগে।

গৱেষক সাহিত্যিক ড৹ বীৰেন্দ্ৰ নাথ দত্তৰ ভাষাৰে গোৱালপৰীয়া সংস্কৃতিৰ ভালেমান আপুৰুগীয়া সম্পদ এই মুছলমানসকলেই ৰক্ষা কৰি আছে। সাংস্কৃতিক ক্ষেত্ৰত দেশী মুছলমান পিছৰ কালত অহা মুছলমানসকলতকৈ স্বতন্ত্ৰ। দত্তদেৱে এইখিনিতে সন্তুষ্ট নহৈ আৰু এঢাপ আগুৱাই নিৰ্বিকাৰভাৱে প্ৰকাশ কৰিছে দেশীসকলে স্থানীয় ছোৱালী বিবাহ পাতি বংশ বৃদ্ধি কৰিবলগীয়া হোৱা নাছিল বা নতুনকৈ ভাষা-সংস্কৃতি গ্ৰহণ কৰিবলগীয়া হোৱা নাই। ড৹ দত্তদেৱে দুখেৰে প্ৰকাশ কৰিছে যে ধৰ্মান্তৰিত খিলঞ্জীয়া এই জনগোষ্ঠীটো অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী তথা চৰ উন্নয়নৰ সকলো সুযোগ-সুবিধাৰপৰা বঞ্চিত দেশী মুছলমানসকল অসমৰ অভিন্ন জনগোষ্ঠী বুলি জ্ঞান কৰি আৰ্থিক, বৌদ্ধিক, সাংস্কৃতিক উন্নয়নৰ বাবে চকু দিয়া উচিত।

(খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: গোৱালপাৰা জিলা
Anjan Sarma

Anjan Sarma

Related Posts

Supreme Court Stands Firm Against Wealthy Silencing Media!
Special Report

India’s Judicial Transparency In the path of Transition

by Pradakshina Sarmah
August 15, 2026
0

India’s Judicial Transparency In the path of Transition PRADAKSHINA SARMAH Judicial Transparency refers to the openness, accessibility, and accountability of...

Read moreDetails
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d