• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অব্যাহত থাকক ‘মহাবাহু’ৰ অসমৰ জনজীৱনত আশাবাদ জগোৱাৰ যাত্ৰা

-ৰাজকমল চাংকাকতি

by Anjan Sarma
March 2, 2020
in Special Report
Reading Time: 1 min read
0
অব্যাহত থাকক ‘মহাবাহু’ৰ অসমৰ জনজীৱনত আশাবাদ জগোৱাৰ যাত্ৰা
Share on FacebookShare on TwitterShare on LinkedIn

-ৰাজকমল চাংকাকতি |

২২ ফেব্ৰুৱাৰীৰ স্মৰণীয় অনুষ্ঠানটোৰ আঁত ধৰি••••••

খিলঞ্জীয়া অসমীয়াৰ আয়ুস ৰেখা লুইতক আখ্যা দিয়া হয় ‘মহাবাহু’ বুলি। এই লুইত অথবা মহাবাহুৰ প্ৰাকৃতিক প্ৰৱাহ-বিস্তৃতিতে অসমৰ জনজীৱনৰ গতি-প্ৰকৃতি প্ৰত্যক্ষ কৰিব পাৰি। যেনেদৰে বিভিন্ন উপনৈ মিলিত হৈ এখন শক্তিশালী মহাবাহু সৃষ্টি হৈছে,তেনেদৰে বিভিন্ন জাতি-জনজাতি একত্ৰিত হৈ এটা শক্তিশালী আৰু সমন্বয়পূৰ্ণ অসমীয়া জাতিও সৃষ্টি হৈছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত বিচাৰি পাব পৰা এনে সম্প্ৰীতি-সমন্বয়ৰ বার্তাক অসমীয়া সচেতন জনগণৰ মাজত সৰ্ব-সময়ত সবলভাৱে প্ৰতিষ্ঠা কৰি যাবলৈকে জন্ম ‘মহাবাহু’ নামৰ মঞ্চখনৰ, আলোচনীখনৰ। লুইতে যেনেদৰে সৰু-বৰ উপনৈসমূহক নিজৰ বুকুত সামৰি লৈছে,তেনেদৰে ‘মহাবাহু’ৱে সামৰি লৈছে বিভিন্ন ক্ষেত্ৰৰ ভিন্ন বয়সৰ প্ৰতিভাশালী, উদ্যোগী,সমাজৰ শুভচিন্তক ব্যক্তিসকলক।আধুনিক তথ্য-প্ৰযুক্তিয়ে উপহাৰ দিয়া হোৱাটছএপৰ সহায় লৈ তথা www.mahabahoo.com নামৰ ডিজিটেল দ্বিভাষিক ই-পত্ৰিকাৰ সহায়েৰে অসমৰ ইমূৰৰ-সিমূৰৰ জাতিপ্ৰেমী কিছুসংখ্যক সচেতন খিলঞ্জীয়াঅসমীয়াক একত্ৰিত কৰি ‘মহাবাহু’য়ে নতুন চিন্তা-চৰ্চাৰে আগবাঢ়ি গৈছে আৰু কাম কৰি গৈছে। ‘মহাবাহু’ৰ নেতৃত্বত আছে বিশিষ্ট লেখক,সমাজকৰ্মী,অসম আন্দোলনৰ এগৰাকী আগশাৰীৰ সক্ৰিয় কৰ্মী অঞ্জন শৰ্মা। মহাবাহুক সর্বদা গতিশীল কৰি ৰখাত অঞ্জন শৰ্মাই তেখেতৰ বিশিষ্ট সহযোগীসকলৰ সহযোগিতাত মুখ্য ভূমিকা পালন কৰি আহিছে।

বিগত বৰ্ষসমূহত ‘মহাবাহু’য়ে সমন্বয়মূলক আৰু সমাজ কল্যাণমূলক বিবিধ পদক্ষেপ গ্ৰহণ কৰি আহিছে,অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। তাৰ ভিতৰত এটা উল্লেখযোগ্য অনুষ্ঠান হিচাপে চিহ্নিত হ’ল যোৱা ২২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ নেহা আগৰৱালা কক্ষত অনুষ্ঠিত কৰা অনুষ্ঠানটো। মহাবাহুৰ উদ্যোগত আৰু ‘মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেল’পমেণ্ট ট্ৰাষ্ট’ৰ সহযোগত অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটোত মহাবাহুয়ে অনুষ্ঠিত কৰা ‘মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন’ বিষয়ৰ ৰচনা প্ৰতিযোগিতাত স্থান লাভ কৰা ব্যক্তিসকলক বঁটা প্ৰদান কৰা হৈছিল। লগতে,অসম সাহিত্য সভাৰ কীৰ্তিনাথ হাজৰিকা সোঁৱৰণি সাংবাদিকতা বঁটা লাভ কৰাৰ বাবে মহাবাহুৰ অন্যতম সদস্য,বিশিষ্ট কবি-সাংবাদিক বেদব্ৰত মিশ্ৰ, সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰাৰ বাবে জ্যেষ্ঠ লেখক-সাংবাদিক-অনুবাদক পাৰ্থ প্ৰতিম হাজৰিকা,  তথা সুমেৰু আৰু কুমেৰুত পদাৰ্পণ কৰা প্ৰথমগৰাকী  অসমীয়া হিচাপে পৰিগণিত হোৱাৰ বাবে বিশিষ্ট পৰিৱেশ-কৰ্মী,লেখক ঋতুৰাজ ফুকনক সম্বৰ্ধনা জনোৱা হয়। আন এগৰাকী সম্বৰ্ধিত ব্যক্তি,মহাবাহুৰ সদস্য তথা ৰাজ্যৰ এগৰাকী আগশাৰীৰ পৰিৱেশ-কৰ্মী,লেখক সৌম্যদ্বীপ দত্তৰ হৈ সম্বৰ্ধনা গ্ৰহণ কৰে তেওঁৰ এগৰাকী সতীৰ্থ ক্ষীৰোদ শইকীয়াই। এই বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানটো এইবাবেই স্মৰণীয় হিচাপে চিহ্নিত হ’ল যে ইয়াত উপস্থিত শ্ৰোতা-দৰ্শকসকলে অসমীয়া জাতীয় চেতনাৰ বিভিন্ন  দিশৰ  আৰু সাহিত্য,পৰিৱেশ,তথ্য-প্ৰযুক্তি বিষয়ত বক্তাসকলে প্ৰদান কৰা মূল্যৱান বক্তব্য শুনিবলৈ পালে। এনে বক্তৃতাসমূহে অনুষ্ঠানত উপস্থিত থকা বিশেষকৈ মহাবাহুৰ যুৱ-সদস্যসকলক বৌদ্ধিক দিশত সমৃদ্ধ কৰিলে। বিশিষ্ট কবি বেদব্ৰত মিশ্ৰই অনুষ্ঠানটোৰ আকৰ্ষণীয় আৰু মানসম্পন্নভাৱে আঁত ধৰিছিল। অনুষ্ঠানটোৰ সৈতে প্ৰতিটো মুহূৰ্ততে শ্ৰোতা-দৰ্শকক একাত্ম কৰি ৰখাৰ ক্ষেত্ৰত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল। মহাবাহুৰ স্ৰষ্টা অঞ্জন শৰ্মাই মহাবাহুৰ লক্ষ্য-উদ্দেশ্য,বিভিন্ন কাম-কাজৰ সম্পৰ্কত বক্তব্য আগবঢ়াইছিল। বিশিষ্ট লেখক শৰ্মাই মহাবাহুয়ে আয়োজন কৰা ৰচনা প্ৰতিযোগিতাখনৰ সম্পৰ্কতো কৈছিল। এই ৰচনা প্ৰতিযোগিতাখনলৈ শতাধিক ৰচনা বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন বয়সৰ লেখকৰ পৰা  অহাৰ বিষয়ে তেওঁ উল্লেখ কৰিছিল। ৰচনা প্ৰতিযোগিতাখনৰ ৰচনাসমূহে লেখকসকলৰ শক্তিশালী জাতীয় চেতনা, অসম প্ৰেমক প্ৰতিনিধিত্ব কৰিছিল বুলি মন্তব্য কৰিছিল। সম্বৰ্ধনা গ্ৰহণ কৰি সাহিত্য অকাডেমিৰ অনুবাদ বঁটা প্ৰাপক মহাবাহুৰ সদস্য পাৰ্থ প্ৰতিম হাজৰিকাই অনুবাদ সাহিত্য সম্পৰ্কত এটা মূল্যৱান বক্তব্য আগবঢ়াইছিল। অসমীয়া ভাষালৈ বিবিধ ভাষাৰ সাহিত্যৰ মানসম্পন্ন অনুবাদ হোৱাত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। ভাষণ প্ৰসংগত তেওঁ মহাবাহুৰ সূত্ৰধাৰ অঞ্জন শৰ্মাই বিভিন্ন মূল্যৱান গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্য সমৃদ্ধ কৰি আহিছে বুলি উল্লেখ কৰে। অনুষ্ঠানটোৰ এটা আকৰ্ষণীয় আৰু শ্ৰোতাই অপেক্ষা কৰি থকা বক্তব্যটো প্ৰদান কৰিছিল বিশিষ্ট পৰিৱেশ কৰ্মী ঋতুৰাজ ফুকনে। সুমেৰু আৰু কুমেৰুত উপস্থিত হোৱা প্ৰথম অসমীয়া হিচাপে বিৰল কৃতিত্ব অৰ্জন কৰা তথা মহাবাহুৰ পতাকা সুমেৰুলৈ কঢ়িয়াই নিয়া ঋতুৰাজ ফুকনে নিজ বক্তব্যত মেৰু অঞ্চলত ভৰি থৈ লাভ কৰা অনন্য অভিজ্ঞতাৰ বিষয়ে ব্যাখ্যা কৰিছিল।মহাবাহুৰ সদস্যগৰাকীৰ মেৰু অঞ্চলত পদাৰ্পণৰ অভিজ্ঞতা শুনিবলৈ ৰৈ থকা শ্ৰোতা-দৰ্শকসকল এই বক্তব্যত মুগ্ধ হৈছিল। দৰাচলতে,ঋতুৰাজ ফুকনৰ বক্তব্যটো সমগ্র অনুষ্ঠানটোৰ এটা মূল্যৱান সম্পদ হিচাপে বিবেচিত হৈছিল। প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা বহন কৰি ফুকনে আজিৰ আধুনিক যুগতো অত্যন্ত দুৰ্গম হিচাপে চিহ্নিত হৈ থকা উত্তৰ মেৰু অঞ্চলত উপস্থিত হৈ লাভ কৰা অভিজ্ঞতাৰ বর্ণনা উপস্থিত মহাবাহুৰ যুৱ সদস্যসকলৰ বাবে যথেষ্ট জ্ঞানবৰ্ধক আৰু প্ৰেৰণাদায়ক আছিল।গোলকীয় উষ্মতা বৃদ্ধিত মেৰু অঞ্চলৰ বৰফ ক্ৰমশঃ গলি বিশ্বজুৰি সাগৰীয় জলপৃষ্ঠ বঢ়াই অনাতোৱে সাগৰ উপকূলীয় এলেকাসমূহলৈ যে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে,সেই বিষয়ে সহজ ভাষাৰে কৈছিল ফুকনে। প্ৰকৃতি সুৰক্ষাৰ প্ৰতি বিশ্বৰ প্ৰতিখন দেশৰ নাগৰিক সমাজ দায়বদ্ধ নহ’লে আৰু উদ্যোগপতিসকলে গোলকীয় উষ্মতা বঢ়াই অহা গ্ৰীণহাউচ গেছৰ নিৰ্গমন হ্ৰাস নকৰিলে যে মানৱ সভ্যতাৰ অস্তিত্বৰ প্ৰতি ভয়ানক ভাবুকি আহিব-সেই গুৰুত্বপূৰ্ণ বাৰ্তাটো তেওঁ প্ৰদান কৰিছিল। অনুষ্ঠানৰ বিশিষ্ট অতিথি,আই টি বিশেষজ্ঞ তথা ছফ্টৱেৰ টেকনোলজী পাৰ্কচ্ অব্ ইন্ডিয়াৰ পূৰ্বোত্তৰ অঞ্চলৰ সঞ্চালক প্ৰবীৰ কুমাৰ দাসৰ বক্তব্যও উপস্থিতসকলৰ বাবে মনোগ্ৰাহী হৈছিল।অসম আন্দোলনৰ সময়ত ১৯৮০ চনত অঞ্জন শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা ১৫ দিনীয়া ‘মহাবাহু’ আলোচনীয়ে কেনেদৰে অসমীয়া জনগণৰ মাজত জাতীয় চেতনা জগাই তুলিছিল,সেই বিষয়ে মূল্যৱান তথ্য দাসে প্ৰকাশ কৰিছিল। মহাবাহু আলোচনীখনে অসম আন্দোলনৰ সময়ত অসমত জাতীয়তাবাদী বিচাৰধাৰাক প্ৰতিষ্ঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি তেখেতে মন্তব্য কৰিছিল।আনহাতে,বিশিষ্ট লেখক অঞ্জন শৰ্মাৰ মহাবাহুৰ জাতীয়তাবাদী চিন্তাধাৰাৰ লেখাসমূহে অসমীয়া ৰাইজক জাতিপ্ৰেমেৰে উদ্বুদ্ধ কৰিছিল বুলি কোৱাৰ লগতে শৰ্মাক অসম আন্দোলনৰো সূত্ৰধাৰ বুলি উল্লেখ কৰি বৰ্তমান প্ৰজন্মৰ বহুতে নজনা কথাটো দাসে অৱগত কৰিছিল। প্ৰবীৰ কুমাৰ দাসে মহাবাহু আলোচনীত অঞ্জন শৰ্মাৰ সৈতে কাম কৰাৰ স্মৃতিও ৰোমন্থন কৰে। একেধৰণৰ মতামত ডাঙি ধৰিছিল বিশিষ্ট অতিথি তথা নটসূৰ্য ফণী শৰ্মা নাট্যানুষ্ঠানৰ আয়োজক ৰামকৃষ্ণ শৰ্মা ডাঙৰীয়াইও। তথ্য-প্ৰযুক্তি বিশেষজ্ঞ তথা অধিবক্তা মণিকংকণ বৰুৱাই নৱ-প্ৰজন্মক উদ্দেশ্য কৰি সাৰুৱা বক্তব্য আগবঢ়োৱাৰ পিছত অধিবক্তা সত্যেন শৰ্মাইও বক্তব্য ৰাখে।

 বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানটো এগৰাকী সম্বৰ্ধিত ব্যক্তি বিশিষ্ট কবি,’দৈনিক অসম’ কাকতৰ সহকাৰী সম্পাদক বেদব্ৰত মিশ্ৰৰ বক্তৃতাই অনুষ্ঠানটোৰ মূল উদ্দেশ্যক প্ৰকাশ কৰিছিল। হৃদয় চুই যোৱা কাব্যিকতাৰে সমৃদ্ধ বক্তৃতাটোত কবি মিশ্ৰই কৈছিল আশাবাদ বিয়পাই দিবলৈকে এই অনুষ্ঠানটোৰ আয়োজন। সঁচাকৈয়ে,এটা আশাবাদ উপস্থিতসকলৰ বুকুয়ে বুকুয়ে সোমাই পৰিছিল।সেই আশাবাদ হৈছে এচাম উদ্যোগী-উদ্যমী অসমীয়াই নিজ নিজ ক্ষেত্ৰত নিষ্ঠাৰে কৰ্মৰত হৈ জাতিটোক সৰ্বদিশৰ পৰা সমৃদ্ধ আৰু শক্তিশালী কৰিবলৈ প্ৰয়াসৰত হোৱাটো। মিশ্ৰই কৈছিল ফাগুনৰ দিনত এই অনুষ্ঠানৰ আয়োজন যদিও ইয়াত এটা তাৎপৰ্য আছে। তাৎপৰ্য এয়ে যে ফাগুন ৰুক্ষ আৰু শুষ্ক যদিও এই ফাগুনতে ব’হাগ আৰু বসন্তৰ আশাবাদৰ চিঠি।ডিজিটেল বাতৰি পৰ্টেল হিচাপেও অসমৰ সংবাদ ক্ষেত্ৰলৈ অৰিহণা আগবঢ়াই অহা মহাবাহুৰ দ্বাৰা সম্বৰ্ধিত ব্যক্তিসকল আৰু মহাবাহুৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভাধৰ ব্যক্তিসকলেই  ভৱিষ্যতৰ দিনবোৰত অসমীয়া ভাষা-সাহিত্য সুৰক্ষিত আৰু সবল হৈ থকাৰ আশাবাদ জগাই তুলিছে। আৰ্থিক কৰ্মক্ষেত্ৰ,বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনতো ভৱিষ্যতে উল্লেখনীয় সফলতা অৰ্জন কৰাৰ আশাবাদৰ জন্ম দিছে।ৰচনা প্ৰতিযোগিতাৰ বিষয়টোৱেও জাতিটোক সুৰক্ষিত-সবল কৰাৰ গভীৰ আশাবাদক প্ৰতিনিধিত্ব কৰিছিল।এজন প্ৰকৃত জাতীয় নায়কে যে বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্ভুক্ত ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজৰ সমন্বয়ৰ বান্ধোন অধিক মজবুত কৰি প্ৰতিটো জনগোষ্ঠীৰ উন্নয়ন সাধন কৰিব লাগিব-সেই বক্তব্যকে দাঙি ধৰা হৈছিল। ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলৰ প্ৰথমগৰাকী বিজয়ী তথা প্ৰাক্তন আয়ুক্ত-সচিব ৰবেন্দ্ৰ কুমাৰ দাস, যুটীয়াভাৱে দ্বিতীয় পুৰস্কাৰ লাভ কৰা পুষ্পাঞ্জলী শিৱম শৰ্মা আৰু অইনগৰাকী যুটীয়াভাৱে বিজয়ী প্লাৱিতা বৰুৱাৰ অনুপস্থিতিত পুৰস্কাৰ গ্ৰহণ কৰা তেখেতৰ স্বামী অধ্যাপক-লেখক পিনাকপানি বৰুৱাৰ লগতে যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰা অধ্যাপক জয়নুৰ আলিৰ বক্তব্য আছিল অইন এক আকৰ্ষণীয় দিশ। তাৰোপৰি নতুন প্ৰজন্মৰ প্ৰতিনিধি সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী কস্তুৰী চুতীয়াই দিয়া অনন্য বক্তব্যই সকলোৰে হৃদয় চুই গৈছিল। নতুন প্ৰজন্মৰ তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ অংশুমান শৰ্মাৰ বক্তব্যও আছিল গুৰুত্বপূৰ্ণ। অনুষ্ঠানৰ শেষত ট্ৰাষ্টৰ গৌতম চক্ৰৱৰ্তী আৰু দেবানন দাসকো সম্বৰ্দ্ধনা জনোৱা হয়। জ্যেষ্ঠ অভিযন্তা মুছফিকুৰ আহমেদ, আই-টি শিক্ষাৰ পুৰোধা অনুজ পালিৱাল, এপলো স্পিতেল- চেন্নাইৰ সৈতে দুই দশক ধৰি জড়িত সমাজকৰ্মী মঃ ফৰিদ, নজৰুল আনোৱাৰ, কল্যাণ বসুমতাৰী, উচ্চ ন্যায়ালয়ৰ অধিবক্তা তনয় চক্ৰৱৰ্তী, প্ৰাঞ্জল দত্ত, সদৌ অসম ছাত্ৰ সন্থাৰ বিপুল ৰাভা, মহাবাহুৰ তনুজা বৰকটকী, বিজয় চৌধুৰী আদি বিশিষ্ট ব্যক্তিৰ উপস্থিতি আছিল লক্ষ্যণীয়।

সমাপ্তিত,এষাৰ কথা ক’ব খোজা হ’ল-‘মহাবাহু’ এতিয়া এটা জ্যেষ্ঠ প্ৰজন্ম আৰু নৱ-প্ৰজন্মৰ ব্যক্তিৰ মাজৰ বিবিধ বিচাৰধাৰা আৰু ভাবৰ আদান-প্ৰদানৰো এখন মঞ্চ। ইয়াত,নৱ-প্ৰজন্ম আৰু জ্যেষ্ঠ প্ৰজন্মই পৰস্পৰৰ সৈতে ভাব-বিনিময় কৰি এটা পক্ষই আনটো পক্ষক বুজিবলৈ চেষ্টা কৰিছে। মহাবাহুত দুয়োটা প্ৰজন্মৰ সদস্যসকলে আলোচনামৰ্মে সমন্বিত প্ৰয়াসেৰে বিবিধ দিশত জাতিটোক আগুৱাই নিয়াৰ বাবে সংকল্পবদ্ধ হৈছে। ২২ ফেব্ৰুৱাৰীৰ অনুষ্ঠানটোৰ জৰিয়তে মহাবাহুয়ে অসমবাসীৰ আগত পুনৰ স্পষ্ট কৰিলে নিজৰ জাতিৰ উন্নয়নৰ প্ৰতি সমৰ্পিত বিচাৰধাৰা আৰু কৰ্মসূচী।ব্ৰহ্মপুত্ৰৰ প্ৰৱাহ অব্যাহত থকাৰ দৰে আগন্তুক বর্ষসমূহতো সুকলমে অব্যাহত থাকক মহাবাহুৰ এই অনন্য যাত্ৰা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মহাবাহু২২ ফেব্ৰুৱাৰী
Anjan Sarma

Anjan Sarma

Related Posts

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First
Special Report

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

by Kakali Das
July 19, 2026
0

Walking Safely Is a Fundamental Right: Why India's Cities Must Put Pedestrians First KAKALI DAS When the Supreme Court of...

Read moreDetails
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
The Loneliness Epidemic: Can Rebuilding Community End it?

The Loneliness Epidemic: Can Rebuilding Community End it?

July 18, 2026
The world needs you: Nobel Laureates seek a new movement against nuclear war

The world needs you: Nobel Laureates seek a new movement against nuclear war

July 18, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d