• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

অঞ্জন শৰ্মা

by Anjan Sarma
January 19, 2023
in Special Report
Reading Time: 4 mins read
0
অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই
Share on FacebookShare on TwitterShare on LinkedIn

অভিশপ্ত দুলীয়াজান

অঞ্জন শৰ্মা

( বি: দ্ৰষ্টব‍্য:  ১৯৮০ চনৰ ৩০ জানুৱাৰী তাৰিখৰ ‘সাপ্তাহিক নীলাচল’ কাকতৰ সম্পূৰ্ণ প্ৰথম পৃষ্ঠা জুৰি মোৰ এটা লেখা প্ৰকাশ হৈছিল। কেইজনমান বন্ধুৰ অনুৰোধত লেখাটো আগবঢ়ালো।অনুৰোধ, দয়া কৰি আপোনালোকে ১৯৮০ চনলৈ যাত্ৰা কৰি লেখাটো পঢ়িবলৈ যত্ন কৰিব।)

                                                              (১)

টিপলিং পুলিচ চকীৰ সন্মুখৰ দেৱালখন অগ্নিনিৰ্বাপক বাহিনীৰ পানীৰ পাইপৰ দ্বাৰা ধুই পেলোৱা হৈছে। অৰ্থাৎ, কেঁচা তেজেৰে ৰঙা হৈ থকা ‘OIL INDIA’ৰ দেৱালখনৰ পৰা তেজবোৰ নাইকিয়া কৰি দিয়া হৈছে। তথাপি তাত তেজ লাগি আছে ঠায়ে ঠায়ে, তেজ লাগি আছে পিকেটিং-কাৰীয়ে ৰখি থকা গেটখনৰ ওচৰে-পাঁজৰে। দেৱালখনৰ ঠায়ে ঠায়ে গুলীৰ দ্বাৰা ফুটা হৈ গৈছে। গেটখনৰ উত্তৰফালে থকা পানীৰ পাইপ গুলী লাগি ফাটি গৈছে (এতিয়া নতুন পাইপ লগোৱা হৈছে)।

      গুলী লাগিছে টেঙাখাট পাণধোৱাৰ ১৬ বছৰীয়া অকণ গোহাঁইৰ বাওঁহাতত, তিনিচুকীয়া কলেজৰ হেম গগৈৰ ভৰিৰ পতাত, OIL INDIAৰ কৰ্মচাৰী নৱ কুমাৰ নেওগৰ বাওঁভৰিৰ আঁঠুৰ ওপৰত, শিহুমৰা গাঁৱৰ অকণ বৰুৱাৰ ডিঙিত, নাহৰকটীয়া কলেজৰ প্ৰসন্ন গগৈৰ বাওঁভৰিত, পুৰণি খঙীয়া গাঁৱৰ অঞ্জলি হাজৰিকাৰ সোঁভৰিৰ আঁঠুত, টেঙাখাটৰ গুণৱতী ফুকনৰ বাওঁভৰিত, ভাদৈ পাঁচআলিৰ ভাদৈ হাইস্কুলৰ নৱমমানৰ ছাত্ৰী দিব‍্যলতা ফুকনৰ মূৰত, চাচনি মৌজাৰ শান্তিপুৰ গাঁৱৰ দুলেশ্বৰী গগৈৰ পিঠিত, দীঘলী গাঁৱৰ বিনু বৰাৰ সোঁভৰিত।

দুটা গুলী লাগি যৌনাঙ্গ ছিঙি গৈছে দুলীয়াজান কলেজৰ ছাত্ৰ দ্ৰোণকান্ত দাসৰ। OIL INDIAৰ কৰ্মচাৰী ভদ্ৰকান্ত সোণোৱালে বুকুৰ বাওঁফালে দুটা গুলী লৈ বিচনাত পৰি আছে, বিছনাত পৰি আছে টিপলিং হাইস্কুলৰ শিক্ষক ঘন গগৈয়ে সোঁভৰিত তিনিটা-সোঁহাতত এটা, আৰু তপিনাত এটা গুলী লৈ।

১৮/১/৮০ তাৰিখৰ পৰা দুদিন সংজ্ঞাহীন হৈ বিছনাত পৰি আছে দুলীয়াজান কলেজৰ ছাত্র তথা দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্হাৰ প্ৰাক্তন সম্পাদক বিনোদ চেতিয়া।

বিছনাত পৰি আছে OIL INDIAৰ কৰ্মচাৰী পোণা গগৈৰ পত্নী অৰুণা গগৈ – OIL INDIAৰ Drilling বিভাগৰ কৰ্মচাৰী প্ৰদীপ গগৈ, অনিল দত্ত, ৰত্নেশ্বৰ ফুকন, চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম মানৰ ছাত্ৰ দেৱ কুমাৰ বৰুৱা, নকাৰী গাঁৱৰ স্বৰ্ণলতা চেতিয়া, চাচনি চেঁচাসত্ৰ একাডেমীৰ নৱম মানৰ ছাত্ৰী জুনুবালা টাইৰাই, টেঙাখাট পানধোৱাৰ সত্তৰ বছৰীয়া বৃদ্ধা মাকণ গোঁহাই, দীঘলী হাইস্কুলৰ সপ্তম মানৰ ছাত্ৰী নিৰদা গগৈ, চাচনি খাতোৱা গাঁৱৰ বিমলা খনিকৰ, ভাদৈ পাঁচআলিৰ কেৰকণি গাঁৱৰ চাৰিটা ল’ৰা আৰু এজনী ছোৱালীৰ মাক ববিতা শইকীয়া, দুলীয়া গাঁৱৰ ১২ বছৰীয়া ছোৱালী অণিমা গগৈ আৰু বহুতো।..

                   (২)

অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

তেজ লগা দেৱালখন মই ভালদৰে চাইছিলো, গুলীয়াই ফুটা কৰা ঠাইবোৰো চাইছিলো, পথৰ ওপৰতো দেখিছিলো তেজৰ চেকুৰা। টিপলিং পুলিচ চকীৰ ভিতৰলৈ গৈ মই বহুকেইখন চাইকেল দেখিছিলো। ভাৰপ্ৰাপ্ত বিষয়াক প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিছিল যে সৰ্বমুঠ ২৩৯ খন চাইকেল আৰু এখন মটৰ চাইকেল পুলিচে জব্দ কৰি ৰাখিছে। কোনোবাই চাইকেল বিচাৰি আহিলে গ্ৰেপ্তাৰ কৰা হৈছে। এইখন পুলিচ চকীৰ সন্মুখৰ পৰাই কন্দুৱা গেছ, লাঠী, গুলী চলোৱা হৈছিল।

ডিব্ৰুগড় কাৰাগাৰত বন্দী কৰি ৰখা দুলীয়াজান গণ-সংগ্ৰাম পৰিষদৰ সভাপতি অধ‍্যাপক নিত‍্যা দত্তই মোক কৈছিল যে পুলিচে যেতিয়া তেওঁক ঘটনাস্থলীৰ পৰা টিপলিং পুলিচ চকীলৈ চোঁচৰাই নিছিল তেতিয়া তেওঁ প্ৰায় সত্তৰ(৭০)টা অৰ্দ্ধমৃত দেহৰ ওপৰেৰে পাৰ হৈ যাবলগীয়া হৈছিল। ভয়তে ছোৱালীবোৰে- মাইকী মানুহবোৰে কোলাৰ কেচুৱা পেলাই দৌৰিছিল। প্ৰায় ৭ ফুট ওখ দেৱালখনো প্ৰাণৰ মমতাত ছোৱালীবোৰে পাৰ হৈ গৈছিল আৰু দেৱালৰ ওপৰত উঠিব ধৰা ছোৱালীক বা মাইকী মানুহক গুলী কৰি নমাই অনা হৈছিল।

কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগে লগে ধুৱলি-কুঁৱলি হৈ পৰা ঠাইতে শুই পৰা নিৰীহ মানুহৰ ওপৰত লগে লগে লাঠীচালনা কিয় কৰা হৈছিল মই বুজি নাপালো।

মই বুজি নাপালো সেই নিৰীহ মানুহবোৰৰ ওপৰত লাঠীচালনা কৰাৰ পিছত অসম পুলিচৰ কতৃপক্ষই কিয় হুকুম দিলে গুলী চলাবলৈ!!

গাৰ নোম শিয়ৰি উঠে। শোষিত-প্ৰৱঞ্চিত মানুহৰ টকাৰে ভাৰত ৰক্ষা- শান্তিৰক্ষাৰ নামত নিয়োগ কৰা শান্তিৰক্ষকে প্ৰায় ১৫ মিনিট ধৰি ২০০০০ মানুহৰ সমাৱেশৰ ওপৰত, শান্তিপূৰ্ণ গণ-পিকেটিংকাৰীৰ ওপৰত কন্দুৱা গেছ, লাঠীচালনা, গুলীচালনা কৰাৰ কথা ভাবিলে হাত-ভৰি সকলোতে কঁপনি উঠে। বুজাবলৈ মোৰ হৃদয়ত ভাষা নাই, হয়তো পৃথিৱীৰ যি কোনো দেশতেই এনে কাৰ্যকলাপৰ বিষয়ে লিখিবলৈ ভাষাৰ অভাৱ হ’ব।

নৰঘাতকসকলে নিশ্চয় হাঁহিছিল। আইকমেন, জেনেৰেল ডায়াৰ, ইদি আমিনৰ দৰে নিজকে নিজে কল্পনা কৰি বীভৎস হাঁহি মাৰিছিল গুলীৰ শব্দৰ লগে লগে, তেজৰ চেকুৰা বাটে-হাটে-দেৱালে-কাপোৰে ছিটিকি ছিটিকি পৰাৰ লগে লগে। ‘জয় জোৱান’-এ জয় কিষাণৰ ওপৰত, ‘জয় কিষাণ’ৰ টকাৰে কিনা ৰাইফলেৰে গুলী নিক্ষেপ কৰাৰ সময়ত ‘জয় কিষাণ’ৰ ঘামৰ গোন্ধ তেওঁলোকৰ চুৱেটাৰৰ ঊলত থকাৰ কথা পাহৰি গৈছিল, আৰক্ষী অধীক্ষক প্ৰিয়নাথ গোস্বামীয়েও সেই সময়ত পাহৰি গৈছিল নলবাৰী মহকুমাত তেখেতৰ ঘৰৰ ওচৰৰ ছোৱালীক সামৰিক বাহিনীৰ লোকে ধৰ্ষণ কৰাৰ কথা।

হাত-ভৰিত গুলী লৈ বিবস্ত্ৰ পুৰুষ, বিবস্ত্ৰা নাৰী, গাভৰুসকল পলাইছিল ৰাইফলৰ ভয়ত, প্ৰাণৰ ভয়ত। কঁঠালগুৰি হাইস্কুলৰ প্ৰাক্তন শিক্ষক শ্ৰী দুৰ্গাধৰ গগৈৰ ডাঙৰ পুত্ৰ তথা কথা ক’ব নোৱাৰা (বোবা) লীলা গগৈৰ ডাঙৰ ককায়েক কুমুদ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল, গিৰিবালা গগৈ বিধৱা হৈছিল, বুকু শুদা হৈছিল ফুলেশ্বৰী গগৈৰ আৰু পিতৃহীন হৈছিল ১৪ মহীয়া কিৰীটি গগৈ। মৃত্যু হৈছিল চাচনিৰ হুদুপৰা গাঁৱৰ মাটি-বাৰীহীন শ্ৰীৰমাকান্ত ডেকা আৰু শ্ৰীমতী ভাগ‍্য ডেৱীৰ তৃতীয় পুত্ৰ ৩২ বছৰীয়া নগেন ডেকাৰ।

এজন বিখ্যাত পেঁপাবাদক নগেন ডেকাৰ মৃত্যুৰ লগে লগে কপালৰ সেন্দুৰ মচিছিল তিলেশ্বৰী ডেকাই, পিতৃহীন হৈছিল প্ৰথমমান শ্ৰেণীৰ ছাত্ৰ ৬ বছৰীয়া প্ৰদীপ ডেকা, ৪ বছৰীয়া দিগন্ত ডেকা আৰু ডেৰ বছৰীয়া মামণি ডেকা। ডাঙৰ পুত্ৰ ৬ বছৰীয়া প্ৰদীপে (ঘৰত মতা নাম ‘সোণ’) মাকক কৈছিল-‘মা, নাকান্দিবা, ডাঙৰ হ’লে আমি খুৱাম নহয়!’ প্ৰদীপক মাতি আনি মই ফাইলৰ বগা কাগজত মাকক কোৱা কথাষাৰৰ তলত নিজৰ নামটো লিখি দিবলৈ কৈছিলো।

প্ৰদীপে লিখি দিছিল।

লিখি দিছিল চাচনিৰ শান্তিপুৰ গাঁৱৰ ৺তাহিৰাম নেওগ আৰু ৺ভেদুৰী নেওগৰ তৃতীয় সন্তান ২২ বছৰীয়া শ্বহীদ অজিত নেওগৰ ককায়েক পূৰ্ণ নেওগে। কি লিখিছিল সেইবিষয়ে মই ক’ম, অলপ পিছত ক’ম।

মৃত্যু হৈছিল ৹গোলাই বৰা আৰু বকুলী বৰাৰ সৰুপুত্ৰ ২২ বছৰীয়া নৃপেন বৰাৰ।

বহুতৰে মৃত্যু হৈছিল। টিপলিং পুলিচ চকীৰ সন্মুখত থকা কঁঠাল গছজোপাৰ পৰা ফ্লেগপোষ্টলৈ ৰাস্তাত পৰি থকা অজস্ৰ অৰ্দ্ধমৃতদেহ ত্ৰিপালৰ ওপৰত তুলি আঠজন চি-আৰ-পিয়ে পুলিচ চকীৰ পিছফাললৈ চোচৰাই লৈ গৈছিল। পুলিচ চকীৰ সন্মুখৰ ড্ৰামবোৰ নোহোৱা হৈছিল। পুলিচ চকীত মাইকী মানুহৰ কাপোৰ, গাভৰুৰ ব্লাউজবোৰ জমা কৰা হৈছিল। ৰাস্তাত তেজত পিছল খাই পৰা অনিল দত্তক এম্বুলেন্সৰ পৰা নমাই আনি C.R.P.-এ কোবাইছিল।

মণিকা সেনাপতিয়ে মোৰ ফাইলৰ কাগজত ২২/১/৮০ তাৰিখে দুলীয়াজানত গুলীচালনা কৰাৰ লগে লগে ‘মৃতদেহ মই পাঁচটা দেখিছিলো’ বুলি লিখি চহী কৰি দিছিল। OIL INDIA-ৰ ৫ নম্বৰO.C.S.-ৰ পৰা জেনেৰেল অফিচ পাৰ হৈ I.T.I. ট্ৰেইনিং হোষ্টেলৰ আলিমূৰলৈকে আৰু ষ্টেচনৰ ফালে চিনেমা হললৈকে তিনিওফালে পুলিচ চকীৰ সন্মুখৰ পৰা প্ৰায় ৩০৯/৪০০ গজ দূৰলৈকে বিস্তৃত ৰাজআলিত তেজৰ চেকুৰা ২৩/১/৮০ তাৰিখলৈ বিদ‍্যমান। উলংগ হৈ দৌৰিছিল অসমৰ বোৱাৰী-জীয়ৰী। ৰাজআলিত পৰি আছিল লাচিত সন্তান।

                    (৩)

অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই
৩০/১/৮০, সাপ্তাহিক নীলাচল

শ্বহীদৰ ঘৰলৈ গৈছিলো। OIL INDIA-ৰ কৰ্মচাৰী শ্বহীদ কুমুদ চন্দ্ৰ গগৈৰ ঘৰলৈ গৈছিলো। ৯ জনীয়া পৰিয়ালৰ সকলো দায়িত্ব বহন কৰা কুমুদ চন্দ্ৰ গগৈৰ ঘৈণীয়েক গিৰিবালা গগৈয়ে ভেন্সাৰ স্কুল এখনত শিক্ষয়িত্ৰী হিচাপে কাম কৰি সময়মতে দৰ্মহা নাপায়। পুতেক ১৪ মহীয়া কিৰীটি গগৈক কোচত লৈ থকা গিৰিবালা গগৈক মই যেতিয়া লগ ধৰিছিলো, তেখেতৰ মুখেৰে কথা ওলোৱা নাছিল।

পিছলৈ কৈছিল, বহুত কথা কৈছিল। শ্বহীদ কুমুদ চন্দ্ৰ গগৈৰ ভায়েক লীলা গগৈ বোবা, সৰু ভায়েক শৰৎ গগৈ দুলীয়াজান কলেজৰ ছাত্ৰ। ঘৰৰ অৱস্থা ভাল নহয়। ঘৰখন কেনেকৈ চলিব তাকে ভাবি ভাবি তেওঁলোক শংকিত হৈ পৰিছে। দেউতাক দুৰ্গাধৰ গগৈয়ে তেওঁলোকৰ শংকাৰ বিষয়ে অসমৰ ৰাইজক জনাবলৈ মোৰ জৰিয়তে বাতৰিকাকতত প্ৰচাৰ হোৱাটো বিচাৰিছে।

চাচনিৰ শান্তিপুৰ গাঁৱলৈ গৈছিলো। তাত শ্বহীদ অজিত নেওগৰ ঘৰ। নেওগৰ পেটৰ সোঁফালে গুলী সোমাই ওলাই যায় আৰু সোঁহাতেৰে সোমাই ওলাই যায়। অজিত নেওগে সৰুতেই পিতৃ-মাতৃক হেৰুৱাইছিল‌ পিতৃৰ নাম আছিল ৺তাহিৰাম নেওগ আৰু মাকৰ নাম আছিল ৺ভেদুৰী নেওগ। ককায়েক পূৰ্ণ নেওগেই দৰাচলতে অজিত নেওগৰ পিতৃ-মাতৃ-ককায়েক সকলো। পূৰ্ণ নেওগে জলসিঞ্চন বিভাগত কাম কৰে। অইন এজন ককায়েকৰ নাম ৰবীন নেওগ, এওঁ খেতি-বাতি কৰে। ভায়েকৰ নাম ধৈৰ্য্য নেওগ, দশম মানত পঢ়ে। ভনীয়েকৰ নাম পদ্মা নেওগ। পূৰ্ণ নেওগে আমাক প্ৰায় আধাঘন্টা বহুত কথাই কৈছিল।

আমি শুনি গৈছিলো। আমি মানে অসম ইঞ্জিনিয়াৰিং কলেজৰ ছাত্র বিক্ৰম বৰুৱা, ছাত্ৰ সন্হাৰ উপ-সভাপতি নুৰুল হুছেইন, নগাঁৱৰ ছাত্ৰ নেতা দিগেন বৰা, দুলীয়াজানৰ কৰুণজ‍্যোতি শইকীয়া, মৰাণৰ অনুপ ফুকন, আৰু নগাঁৱৰ পুলিন মহন্ত মোৰ লগত আছিল। ককায়েকে কৈছিল-“ভাই হেৰুওৱাৰ বাবে মই দুখ কৰা নাই। মোৰ ভাইৰ মৃত্যুৰ বাবে এক জাগৰণৰ সৃষ্টি হৈছে। এই জাগৰণক যদি ছাত্র সন্হাই বিপথে লৈ যায়, মই ক্ষমা নকৰিম।…………এটা জাতিয়েই আছে আৰু সেইটো হ’ল অসমীয়া জাতি, যিয়ে নীৰৱে সকলো সহ‍্য কৰিছে। চৰকাৰে নোৱাৰিলেও নিজ বাহুবলেৰে হ’লেও আমি বিদেশী খেদিম।…….১০ বছৰৰ আগতে এনেদৰে শ্বহীদ হ’লে অসম জননীৰ বাবে আমি অন্ততঃ কিবা কৰিব পাৰিলোহেতেন।

ভাদৈ পাঁচআলিৰ নৃপেন বৰাৰ বয়স আছিল ২২ বছৰ। এওঁৰ বুকুত গুলী লাগি পিঠিৰে ওলাই গৈছে।নৃপেন বৰাৰ মৃতদেহত ‘PM 19’ লিখা সৰু কাগজ এখিলা পোৱা গৈছে। P.M.19ৰ অৰ্থ Post Mortem 19 হ’ব পাৰে নেকি? মাতৃ বকুলী বৰাই কৈছে- “সি দেশৰ বাবে প্ৰাণ ত‍্যাগ কৰাত মই দুখ কৰা নাই, তাৰ ঠাইত মই সহস্ৰজনক সন্তানৰূপে পাইছো। অসমবাসীৰ এই আন্দোলনে যদি মোৰ পুত্ৰৰ বিনিময়ত সাফল্য লাভ কৰে, তেতিয়াহে মই সুখী হ’ম।

বহুকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে – Case No 31(I)80 A/S 147/148/149/337/338/353/188/427/307/IPC অনুসৰি । লিখা হৈছে-“ইয়াৰ দ্বাৰা আপোনাক জনোৱা হ’ল যে আপোনাক ওপৰোক্ত কেছ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হ’ল। যিহেতু আপোনাৰ বিৰুদ্ধে এই কেছ সংক্ৰান্তত যথেষ্ট সাক্ষী প্ৰমাণ সুপ্ৰতিস্থিত হৈছে, গতিকে এই কেছ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰি আদালতত প্ৰেৰণ কৰা হ’ল।

২০/১/৮০ (টিপলিং চকী)” ডিব্ৰুগড় কাৰাগাৰত সৰ্বমুঠ ২৬ জনক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰি ৰখা হৈছে। তেওঁলোক যথাক্ৰমে হ’ল নিত‍্যা দত্ত, কনক ভৰালী, ৰৱীন গগৈ, বিনন্দ কুৰ্মী, নোমল সোণোৱাল, দিলীপ বৰা, তপন বৰুৱা, দ্বীপেন বৰবৰুৱা, দেৱ সোণোৱাল, ডিম্বেশ্বৰ চাংমাই, দন্ডীধৰ খনিকৰ, যোগকান্ত শইকীয়া, অকণ শইকীয়া, জীতেন দত্ত, প্ৰদীপ খনিকৰ, ধ্ৰুৱজ্যোতি গগৈ, দশৰথ গগৈ, ডম্বৰুধৰ গগৈ, ঘন সোণোৱাল, দীপক হাজৰিকা, নৱ শইকীয়া, ৰমেশ গগৈ, বুদ্ধেশ্বৰ মেচ।…

                      (৪)

অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই
[Representational Image] Photo by NEOSiAM 2021 on Pexels.com

আটাইবোৰ গাঁৱৰ মানুহ। তীব্ৰ অৰ্থনৈতিক শোষণে ৰাজহাড় বেকা কৰি দিয়া গাঁৱৰ মানুহ। বতৰৰ পথাৰ নাঙলৰ চিক্-মিক্ ধাৰাল ফালেৰে একাকাৰ কৰি দি ভৱিষ্যতৰ বীজ সিঁচা গাঁৱৰ মানুহ। মন্ত্ৰী-বিধায়ক-আমোলা-ধনীসকলক কণজঁহা চাউল খুওৱা গাঁৱৰ মানুহ। দিশপুৰত ২৬ জানুৱাৰী পালন কৰা হ’ল। মৃতদেহৰ ওপৰত অহিংসাৰ মঞ্চ সাজি গণতন্ত্ৰৰ বিষয়ে বহুঠাইত কোৱা হ’ল।

এনেধৰণৰ নাটক আৰু অভিনয় অসমৰ গাঁৱৰ মানুহে বহুবাৰ দেখিলে।ইন্দিৰা গান্ধীৰ পূৰ্বৰ কাৰ্যকলাপ, জনতাৰ কাৰ্যকলাপ, ৰজাঘৰীয়া মাৰ্ক্সবাদীৰ বিপ্লৱ, দিশপুৰীয়া বিধায়কৰ প্ৰগতিবাদ-অসমপ্ৰেম, আমোলাৰ ধুৰন্ধালি, সাহিত‍্যিক-সাংবাদিকৰ বেশ‍্যাবৃত্তি গাঁৱৰ মানুহে আজি বুজি পোৱা হ’ল। বুজি পোৱা বাবেই ‘বিপদ’ হৈছে। কাৰণ দুলীয়াজানৰ মানুহেই কেৱল গুলী খোৱা নাই, অসমৰ প্ৰত‍্যেকজন মানুহেই গুলীৰ আঘাত পাইছে, অসমৰ প্ৰতিজনী গাভৰু  আজি যেন ধৰ্ষিতা হৈছে।

সদৌ অসম ছাত্ৰ সন্হালৈ অনুৰোধ থাকিল যাতে গাঁৱৰ মানুহৰ তুমৰুলি তেজত তগ্-বগাই উঠা ঘোঁৰাৰ লেকামদাল  ভালকৈ ধৰি ৰাখি বিদেশী নাগৰিকৰ সমস‍্যাটো সমাধান কৰাৰ লগে লগে অৰ্থনৈতিক শোষণৰ পিনেও লক্ষ‍্য ৰাখি পৰিকল্পনা কৰি অগ্ৰসৰ হয়।

এই সময়টোৱেই আমাৰ বাবে আটাইতকৈ বিপদজনক, অথচ শুভ সময়। এই সময়ত ছাত্ৰ সন্হাত ইন্দিৰা কংগ্ৰেছ, কংগ্ৰেছ আদি সৰ্বভাৰতীয় দলৰ দালাল সোমাবলৈ যত্নপৰ হৈ উঠিছে, আন্দোলনক বিপথে নিবলৈ যত্নপৰ হৈ উঠিছে।

আনহাতে এই সময়ত কিন্তু অসমীয়া জাতিও জাগিছে। আমি এতিয়া আমাৰ সন্মিলিত শক্তিৰে সমস্যা সমাধান কৰিব লাগিব, মূল শত্ৰুৰ বিৰুদ্ধে যুজিব লাগিব।

(৩০/১/৮০, সাপ্তাহিক নীলাচল)

[Headline Image: representational Image]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: OIL INDIAদুলীয়াজান
Anjan Sarma

Anjan Sarma

Related Posts

Supreme Court Stands Firm Against Wealthy Silencing Media!
Special Report

India’s Judicial Transparency In the path of Transition

by Pradakshina Sarmah
August 15, 2026
0

India’s Judicial Transparency In the path of Transition PRADAKSHINA SARMAH Judicial Transparency refers to the openness, accessibility, and accountability of...

Read moreDetails
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Attending RAI’S Class

Attending RAI’S Class

August 17, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d