• দিলীপ দৈমাৰী
ডিমাপুৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি ভাৰত চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখি যুদ্ধ বিৰতি ঘোষণা কৰি থকা দুদ্ধৰ্ষ নগা বিদ্ৰোহী সংগঠন এন.এছ.চি.এন(আই-এম)-এ ষ্পষ্টভাৱে কৈছে যে ‘সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন’ ( AFSPA) বলৱৎ থকালৈ শান্তি আলোচনাত অংশগ্ৰহণ কৰা সম্ভৱ নহয়। নগাপাহাৰৰ ম’ন জিলাৰ ওটিঙত ভাৰতীয় সৈন্যই নিৰ্বিচাৰে গুলিয়াই ১৩ জনকৈ নিৰীহ লোকক হত্যা কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এন.এছ.চি.এন (আই-এম)-এ এনে বিবৃতি প্ৰকাশ কৰাৰ লগতে কৈছে যে নগাপাহাৰৰ ম’ন জিলাৰ নিৰ্মম ঘটনাটোক লৈ ভাৰতৰ সংসদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ-এ দিয়া বিবৃতি চৰম দায়িত্বজ্ঞানহীন বিবৃতি। অমিত শ্বাহৰ বিবৃতিক তীব্ৰ গৰিহণা দি এন.এছ.চি.এন (আই-এম)-এ উল্লেখ কৰে যে – ভাৰতৰ সংসদত অমিত শ্বাহ-এ সত্য কথা ক’ব লাগিছিল। সেই নিৰ্মম ঘটনাটোৰ দ্বাৰা নিহত হোৱা লোকসকলক কঢ়িওৱা পিক-আপ ভানখনক ৰ’বলৈ সৈন্যসকলে যে কোনো সংকেত দিয়া নাছিল, সেই বিষয়েও অমিত শ্বাহ-এ সংসদত জনাব লাগিছিল। ম’ন জিলাৰ এই নিৰ্মম হত্যালীলাই নগা সমস্যাৰ ৰাজনৈতিক সমাধানৰ বাবেও এক প্ৰত্যাহ্বান হৈ পৰিছে বুলি এন.এছ.চি.এন (আই-এম)-এ প্ৰকাশ কৰি কৈছে যে বৰ্তমানৰ পৰিস্থিতিত অমিত শ্বাহ-এ পৰিপক্কতা আৰু বিচক্ষণতাৰ পৰিচয় দিব পাৰিব লাগিছিল যদিও সৈন্যবাহিনীৰ পক্ষত তেওঁ থিয় হৈ জ্বলন্ত অগ্নিত ঘিঁউ ঢালি দিলে। অমিত শ্বাহে নগাসকলৰ আঘাতত গৰম তেল ঢালি দিলে। ম’ন জিলাৰ ঘটনাটো এক ইচ্ছাকৃতভাৱে কৰা হত্যালীলা আছিল। ভাৰত চৰকাৰে অবিলম্বে ‘আফ্স্পা’ প্ৰত্যাহাৰ কৰা উচিত – যদিহে ঘটনাটোক গুৰুত্বপূৰ্ণ বুলি ভাবে। দোষীক শাস্তি বিহিব লাগে। ইয়াৰোপৰি, ওটিঙত নিহত হোৱা লোকসকলক সেনাই সেনাৰ পোছাক পিন্ধাই সন্ত্ৰাসবাদী সজাবলৈ কৰা অভিসন্ধি অত্যন্ত লজ্জাজনক আছিল বুলি এন.এছ.চি.এন (আই-এম)- এ উল্লেখ কৰিছে।
###
নগাপাহাৰৰ ঘটনাটোক লৈ ৯ ডিচেম্বৰ, ২০২১ তাৰিখে, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন ( নেছ’)ৰ আহ্বানত গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি দোষীক শাস্তি দিয়াৰ লগতে ‘আফ্স্পা’ বাতিল কৰাৰ দাবীৰে বিক্ষোভ প্ৰদৰ্শন কৰে। গুৱাহাটীৰ বাহিৰেও উত্তৰ-পূৰ্বাঞ্চলৰ সকলোকেইখন ৰাজ্যৰ ৰাজধানী চহৰত বিভিন্ন দল-সংগঠনে নগাপাহাৰৰ নিৰ্মম হত্যালীলাক বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।