• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Entertainment Poetry

অমৃতকাল

অঞ্জন শৰ্মা

by Anjan Sarma
July 30, 2023
in Poetry
Reading Time: 4 mins read
0
অমৃতকাল
Share on FacebookShare on TwitterShare on LinkedIn

অমৃতকাল

অঞ্জন শৰ্মা 

অমৃতকাল

মাজুআইয়ে ক্ষত-বিক্ষত কৰা গালৰ দৰে ৰাজপথত খাল, ক্লান্ত বিধ্বস্ত 

নামি যোৱা আৰু হঠাৎ উঠি যোৱা পদপথ খোলা মেনহ’ল
শাৰী শাৰীকৈ বহে ক্লিষ্ট পিষ্ট মানুহৰ দল

নি:স্ব ৰমণী বিপন্ন কিন্নৰ মহানগৰী জ্বলমল

সন্মুখত সজোৱা থাকে বিলাহী, বেঙেনা, আলু, পটল

পথৰ ধূলি উৰে, উৰি থাকে অবিৰাম, গাড়ীয়ে উৰুওৱা

মটৰ চাইকেলে উৰুওৱা ধূলি বতাহে উৰুওৱা

ধূলি

ধূলিৰ সৈতে থাকে মাকতি

ধূলি-মাকতি, ধূলি, বতাহে উৰুওৱা ধূলি, ধূলিত

থাকে পথত শুকাই যোৱা থু-খেকাৰ-শেঙুণৰ

অণু-পৰমাণু

প্ৰাচীন ভাষাৰ জটিল তৰ্জমাৰ মৰ্মভেদ কৰা

খোলা মেনহ’ল

পঁচা গোন্ধ শাপগ্ৰস্ত ৰক্তধাৰা 

কেচেমা-কেচেম গোন্ধ 

ভেকুৰা

জালিমলোচনৰ বিজ্ঞাপনৰ স্থানৰ পৰা গোন্ধ

প্ৰস্ৰাৱৰ 

আৱৰ্জনা

অৰ্দ্ধজাগ্ৰত অচেতন স্বদেশ

বতাহত মৃত্যুৰ গোন্ধ 

পদপথত বহা ক্লান্তিহীন মানুহে বিক্ৰী কৰে

বিক্ৰীৰ প্ৰয়াস কৰে

জৈৱিক পাচলি

বৰপেটাৰ ধাৰাপুৰৰ শিঙিমাৰীৰ ঢেকীয়াজুলীৰ

পদপথৰ এপাৰে ক্ৰেতা অইনপাৰে ভৰলু

পানী যাৰ ক’লা 

যেন মেঘ ঘনশ্যাম

সভ্যতাৰ ছায়াছৱি

কলিকাল!

শোকহীন কলিকাল!

দ্বাপৰৰ সৈতে কথপোকথন

আকুল কলিকাল!

পদপথত বিক্ৰী হয় টেকেলি পিঠা ঘুগনি জ্বলাকলা

গৰম পৰঠা

চিতল ভকুৱা থলুৱা কুকুৰা

পাতিহাঁহ বকাকোমোৰা

শুকান মাছ মানকচু ৰবাব টেঙা চেনিচম্পা

মেঘালয়ৰ বাঁহগাজ ধুপধৰাৰ ঢেকীয়া

ভৰলুৰ কাষতেই শ্মশানখন

জ্বলে চিতা

ছাঁই উৰে পোৰা মৃতদেহৰ

শ্মশানৰ সন্মুখত শ্মশানকালীৰ জাগ্ৰত মন্দিৰ

জয় মা কালী 

মন্দিৰৰ সন্মুখত চৰকাৰী বিদ্যালয় 

অদূৰত ৰামকৃষ্ণ মিশ্যন

ট্ৰেফিক জ্যাম্ হৰ্ণ চাইকেলৰ টিলিঙা ই-ৰিক্সা

এনফিল্ড বুলেটৰ গুৰুগম্ভীৰ শব্দ 

ভি-আই-পিৰ চাইৰেণ

শব্দদূষণ

বৰপেটাৰ আলু কিলো বিশটকা জলন্ধৰৰ ত্ৰিশ

কাষতেই পৌৰনিগমৰ ডাষ্টবিন

আৱৰ্জনা উপচি পৰা

ক্ৰেতাতকৈ বিক্ৰেতা অধিক 

শাপগ্ৰস্ত ভৰলুপাৰৰ পদপথত

অথবা শ্মশানঘাটত

বতাহত মৃত্যুৰ ঘ্ৰাণ

তৰপে তৰপে ধূলি পৰে পাচলিত 

জৈৱিক পাচলি

শ্মশানত জ্বলে নশ্বৰ শৰীৰ, উৰে ছাঁই

বতাহত, ধূলিৰে ধেমালি কৰে

কলিকাল!

ঘোৰ কলিকাল!

জৈৱিক পাচলিৰে গৃহিণীয়ে প্ৰস্তুত কৰে 

তৰহে তৰহে

ব্যঞ্জন

আঃ কি সোৱাদ, অমৃত

দুশটকাৰ মিঠাতেল

অমৃতকাল!

সুখী মহানাগৰিক

অদূৰত সুদৃশ্য মল স্মাৰ্টবাজাৰ 

এ-চি মাৰ্কেট ক্লাৰ্ক মোচি চিটি-চেন্টাৰ

শীত-তাপ নিয়ন্ত্ৰিত, আঃ কি অপূৰ্ব দালান

লিফ্টৰ উপৰিও চলন্ত খটখটী

কি সুন্দৰকৈ সজোৱা আছে ভৰিত পিন্ধা জোতা

চেন্ডেল

মহানগৰীৰ দোকান বোৰত!

অমৃতকাল! 

ঘোৰ অমৃতকাল!

অমৃতকাল

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

লাচিত ফুকন! লাচিত ফুকন!
ASSAMESE SECTION

লাচিত ফুকন! লাচিত ফুকন!

by Editor
March 15, 2026
0

লাচিত ফুকন!  দেৱকান্ত বৰুৱা লাচিত ফুকন! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ!দেশৰ কাৰণে তাহানি এদিন যাঁচিলা নিজৰ শিৰ। লাচিত ফুকন! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ!দেশৰ...

Read moreDetails
মায়াৱী কুকুৰা

মায়াৱী কুকুৰা

September 16, 2025
নীলমণি ফুকনে জ্ঞানপীঠ পুৰস্কাৰ লৈ আগবঢ়োৱা ভাষণ

নীলমণি ফুকনে জ্ঞানপীঠ পুৰস্কাৰ লৈ আগবঢ়োৱা ভাষণ

April 27, 2025
ডালমাচিয়ান কুকুৰ

ডালমাচিয়ান কুকুৰ

November 28, 2024
Rewriting History: Adrienne Rich

Rewriting History: Adrienne Rich

July 15, 2023
LASTING SOLUTION ( as Manipur bleeds)

LASTING SOLUTION ( as Manipur bleeds)

June 14, 2023
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d