অমৃতকাল
অঞ্জন শৰ্মা
মাজুআইয়ে ক্ষত-বিক্ষত কৰা গালৰ দৰে ৰাজপথত খাল, ক্লান্ত বিধ্বস্ত
নামি যোৱা আৰু হঠাৎ উঠি যোৱা পদপথ খোলা মেনহ’ল
শাৰী শাৰীকৈ বহে ক্লিষ্ট পিষ্ট মানুহৰ দল
নি:স্ব ৰমণী বিপন্ন কিন্নৰ মহানগৰী জ্বলমল
সন্মুখত সজোৱা থাকে বিলাহী, বেঙেনা, আলু, পটল
পথৰ ধূলি উৰে, উৰি থাকে অবিৰাম, গাড়ীয়ে উৰুওৱা
মটৰ চাইকেলে উৰুওৱা ধূলি বতাহে উৰুওৱা
ধূলি
ধূলিৰ সৈতে থাকে মাকতি
ধূলি-মাকতি, ধূলি, বতাহে উৰুওৱা ধূলি, ধূলিত
থাকে পথত শুকাই যোৱা থু-খেকাৰ-শেঙুণৰ
অণু-পৰমাণু
প্ৰাচীন ভাষাৰ জটিল তৰ্জমাৰ মৰ্মভেদ কৰা
খোলা মেনহ’ল
পঁচা গোন্ধ শাপগ্ৰস্ত ৰক্তধাৰা
কেচেমা-কেচেম গোন্ধ
ভেকুৰা
জালিমলোচনৰ বিজ্ঞাপনৰ স্থানৰ পৰা গোন্ধ
প্ৰস্ৰাৱৰ
আৱৰ্জনা
অৰ্দ্ধজাগ্ৰত অচেতন স্বদেশ
বতাহত মৃত্যুৰ গোন্ধ
পদপথত বহা ক্লান্তিহীন মানুহে বিক্ৰী কৰে
বিক্ৰীৰ প্ৰয়াস কৰে
জৈৱিক পাচলি
বৰপেটাৰ ধাৰাপুৰৰ শিঙিমাৰীৰ ঢেকীয়াজুলীৰ
পদপথৰ এপাৰে ক্ৰেতা অইনপাৰে ভৰলু
পানী যাৰ ক’লা
যেন মেঘ ঘনশ্যাম
সভ্যতাৰ ছায়াছৱি
শোকহীন কলিকাল!
দ্বাপৰৰ সৈতে কথপোকথন
আকুল কলিকাল!
পদপথত বিক্ৰী হয় টেকেলি পিঠা ঘুগনি জ্বলাকলা
গৰম পৰঠা
চিতল ভকুৱা থলুৱা কুকুৰা
পাতিহাঁহ বকাকোমোৰা
শুকান মাছ মানকচু ৰবাব টেঙা চেনিচম্পা
মেঘালয়ৰ বাঁহগাজ ধুপধৰাৰ ঢেকীয়া
ভৰলুৰ কাষতেই শ্মশানখন
জ্বলে চিতা
ছাঁই উৰে পোৰা মৃতদেহৰ
শ্মশানৰ সন্মুখত শ্মশানকালীৰ জাগ্ৰত মন্দিৰ
জয় মা কালী
মন্দিৰৰ সন্মুখত চৰকাৰী বিদ্যালয়
অদূৰত ৰামকৃষ্ণ মিশ্যন
ট্ৰেফিক জ্যাম্ হৰ্ণ চাইকেলৰ টিলিঙা ই-ৰিক্সা
এনফিল্ড বুলেটৰ গুৰুগম্ভীৰ শব্দ
ভি-আই-পিৰ চাইৰেণ
শব্দদূষণ
বৰপেটাৰ আলু কিলো বিশটকা জলন্ধৰৰ ত্ৰিশ
কাষতেই পৌৰনিগমৰ ডাষ্টবিন
আৱৰ্জনা উপচি পৰা
ক্ৰেতাতকৈ বিক্ৰেতা অধিক
শাপগ্ৰস্ত ভৰলুপাৰৰ পদপথত
অথবা শ্মশানঘাটত
বতাহত মৃত্যুৰ ঘ্ৰাণ
তৰপে তৰপে ধূলি পৰে পাচলিত
জৈৱিক পাচলি
শ্মশানত জ্বলে নশ্বৰ শৰীৰ, উৰে ছাঁই
বতাহত, ধূলিৰে ধেমালি কৰে
ঘোৰ কলিকাল!
জৈৱিক পাচলিৰে গৃহিণীয়ে প্ৰস্তুত কৰে
তৰহে তৰহে
ব্যঞ্জন
আঃ কি সোৱাদ, অমৃত
দুশটকাৰ মিঠাতেল
অমৃতকাল!
সুখী মহানাগৰিক
অদূৰত সুদৃশ্য মল স্মাৰ্টবাজাৰ
এ-চি মাৰ্কেট ক্লাৰ্ক মোচি চিটি-চেন্টাৰ
শীত-তাপ নিয়ন্ত্ৰিত, আঃ কি অপূৰ্ব দালান
লিফ্টৰ উপৰিও চলন্ত খটখটী
কি সুন্দৰকৈ সজোৱা আছে ভৰিত পিন্ধা জোতা
চেন্ডেল
মহানগৰীৰ দোকান বোৰত!
অমৃতকাল!
ঘোৰ অমৃতকাল!
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)