• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Journalism

অম্বিকাগিৰীৰ ‘চেতনা’ আৰু সমাজ ইতিহাসৰ পটভূমি

ড: পৰমানন্দ মজুমদাৰ

by Anjan Sarma
September 24, 2023
in Journalism, Media, Newspaper, Printing, Remembrance
Reading Time: 20 mins read
0
অম্বিকাগিৰীৰ ‘চেতনা’ আৰু সমাজ ইতিহাসৰ পটভূমি
Share on FacebookShare on TwitterShare on LinkedIn

অম্বিকাগিৰীৰ ‘চেতনা’ আৰু সমাজ ইতিহাসৰ পটভূমি

175+ Years of Media in Assam & Beyond

ড: পৰমানন্দ মজুমদাৰ

Parama Mazumdar
ড: পৰমানন্দ মজুমদাৰ

(১)

          অসমৰ সংবাদপত্ৰৰ ইতিহাসত চকু থলে আমি দেখিবলৈ পাওঁ যে কোনো এখন কাকত বা আলোচনীৰে ভূমিকা উলাই কৰিব পৰা বিধৰ নাছিল; বৰং ক’ব পাৰি প্ৰতিখন কাকতৰ জন্মৰ একোটা পটভূমি আছিল।

এই পটভূমিৰ লগত সংশ্লিষ্ট হৈ আছে তৎকালীন তাগিদা। ‘অৰুনোদই’ৰপৰা এই ইতিহাস লক্ষ্য কৰিলে সেই কথাই প্ৰতিপন্ন হয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে কাকতসমূহৰ দৃষ্টিভংগীৰো পৰিৱৰ্তন হৈছে। খ্ৰীষ্টান মিছনেৰীসকলৰ পৃষ্ঠপোষকতাত প্রকাশ পোৱা ‘অৰুনোদই’য়ে অসমীয়া ভাষাৰ স্বকীয়তা প্ৰতিষ্ঠা কৰিছিল।

‘মৌ’ আৰু ‘আসাম বন্ধু’য়ে আৰ্থ-সামাজিক নানা বিষয়ৰ মাজেৰে অসমীয়াৰ উদ্যমক তুলি ধৰাৰ যত্ন কৰিছিল। ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ই প্রকাশ কৰা ‘জোনাকী’য়ে অসমীয়া ভাষা-সাহিত্যক প্ৰতিষ্ঠা কৰি অসমীয়া সাহিত্যৰ ৰোমান্টিক ধাৰাটিক সৰ্বাংগ সুন্দৰ ৰূপত তুলি ধৰিছিল। ‘বাঁহী’ও আছিল ‘জোনাকী’ৰ সুৰতে গঢ় লোৱা।

অসমীয়া নৱোদিত মধ্যশ্ৰেণীৰ দ্বাৰা পৰিচালিত এই কাকতসমূহত উনবিংশ শতিকাতৰ কৃষক বিদ্ৰোহৰ সংবাদ নাছিল-সৰ্বস্তৰত জাতীয়তাৰ ভেটি নিৰ্মাণ কৰাৰ এক সাংগঠনিক প্ৰচেষ্টা আছিল বুলিও একেষাৰতে ক’ব নোৱাৰি। এই কাকতসমূহে ব্ৰিটিছ-বিৰোধী চিন্তা-চেতনাক প্ৰশ্ৰয় নিদিছিল।

বিংশ শতিকাৰ দ্বিতীয় দশকৰপৰা এই দৃষ্টিভংগীৰ পৰিৱৰ্তন হ’বলৈ ধৰিছিল। ‘চেতনা’ৰ জন্ম হৈছিল তেনে প্ৰেক্ষাপটতে। প্ৰকাৰান্তৰে ‘চেতনা’ই সংবাদপত্ৰৰ ইতিহাসত এক সুকীয়া ধাৰাৰ জন্ম দিছিল- সেয়া হ’ল জাতীয়তাবাদী ধাৰা।

          অসমীয়া জাতীয় জীৱনক সৰ্বতোপ্ৰকাৰে উদ্বুদ্ধ কৰাই আছিল ‘চেতনা’ৰ ব্ৰত ৷ কেৱল ভাষা-সাহিত্য চৰ্চা ‘চেতনা’ৰ লক্ষ্য আৰু সাধনা নাছিল। ‘চেতনা’ৰ যুটীয়া সম্পাদক চন্দ্ৰনাথ শৰ্মা (১৮৮৯-১৯২২) আৰু অম্বিকাগিৰী ৰায়চৌধুৰী (১৮৮৯-১৯৬৭)-দুয়োগৰাকী ছাত্ৰাৱস্থাৰপৰাই আছিল স্বাধীনতাকামী। অসমত কংগ্ৰেছ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চন্দ্ৰনাথ আছিল আগৰণুৱা।

অসমীয়া মধ্যবিত্তৰ সাংগঠনিক প্ৰচেষ্টাত ১৯০৩ চনত জন্ম লোৱা ‘আসাম এছোছিয়েছন’ৰ লগত যুক্ত হৈ দ্বিতীয় দশকত সহকাৰী সম্পাদকৰ দায়িত্ব বহন কৰিছিল। এছোছিয়েছনৰ অগ্ৰজসকলৰ ব্ৰিটিছ তোষণ নীতিৰপৰা নিজকে আঁতৰাই আনি অসমত জাতীয় কংগ্ৰেছৰ জন্ম যন্ত্ৰণাত বিলীন কৰি দিছিল। ১৯১৬ চনত জন্মলাভ কৰা ‘অসম ছাত্ৰ সন্মিলন’ৰ তেওঁ আছিল গুৰি ধৰোতা৷ পোনতে এই সংগঠন ‘অসম ছাত্ৰ সাহিত্য সন্মিলন’ হিচাপে পৰিগণিত হৈছিল।

‘অসম সাহিত্য সভা’ৰ জন্মলগ্নতো তেওঁ যুক্ত আছিল। চন্দ্ৰনাথ শৰ্মা সভাৰ প্ৰথম কাৰ্যনিৰ্বাহকৰ সদস্য আছিল আৰু ১৯১৮ৰপৰা ১৯২২চনলৈ তেওঁ সভাৰ সহকাৰী সম্পাদক আছিল। ৰাধানাথ ফুকনে লিখি গৈছে, ‘অসম সাহিত্য সন্মিলন’ পতাৰ চিন্তাই প্ৰথমতেই উক দিছিল চন্দ্ৰনাথৰ মনত। ১৯১৪ চনত গুৱাহাটী অ.ভা.উ.সা.ৰ সভাত তেওঁ এনে সভা পতাৰ প্রস্তাৱ দিছিল; কিন্তু গৃহীত নহ’ল।

১৯১৫ চনত অধ্যাপক পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদনৰ সাহায্যত হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰনাথ বৰ্ধমানত অনুষ্ঠিত বংগীয় সাহিত্য সন্মিলনলৈ প্ৰতিনিধি হিচাপে গৈছিল। ৰত্নকান্তৰ মতে চন্দ্ৰনাথ, তেওঁ আৰু অম্বিকাগিৰীয়ে তাতে অনুপ্ৰাণিত হৈ অসম সাহিত্য সভা পতাৰ কল্পনা কৰে। সন্মিলন পাতিবলৈ গঠিত তদর্থ সমিতিৰ সম্পাদক আছিল চন্দ্ৰনাথ শৰ্মা। ১৯২০ চনত কলকাতাত বহা কংগ্ৰেছৰ বিশেষ অধিবেশনত চন্দ্ৰনাথে যোগদান কৰিছিল।

অম্বিকাগিৰীৰ ‘চেতনা’ আৰু সমাজ ইতিহাসৰ পটভূমি

তেওঁ মুকলিকৈ অসমৰ ছাত্ৰ সমাজক অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ১৯২১ চনত মহাত্মা গান্ধাৰ আগমনে অসমত অসহযোগ আন্দোললনক তীব্ৰতৰ কৰি তোলাত ইন্ধন যোগাইছিল। চন্দ্ৰনাথ শৰ্মা আৰু অম্বিকাগিৰী ৰায়চৌধুৰী দুয়োজনে এই আন্দোলনত জঁপিয়াই পৰিছিল।

          অম্বিকাগিৰীয়ে অষ্টম শ্ৰেণীতেই স্কুল ত্যাগ কৰি বংগৰ ক্ষুদিৰাম বসু, বাৰীন ঘোষ আদিৰ আদৰ্শেৰে গুৱাহাটীত এটা এনাৰ্কিষ্ট দল গঠন কৰিছিল। ১৯০৭ চনত তেওঁ ‘বন্দিনী ভাৰত’ নামৰ এখন বৈপ্লৱিক নাটক ৰচনা কৰি কটন কলেজিয়েট স্কুলত মঞ্চস্থ কৰি থাকোঁতে পুলিছে সেইখন বাজেয়াপ্ত কৰে,আৰু তেওঁক বৰপেটাৰ ঘৰত নজৰবন্দী কৰি ৰাখে৷ সুনীলপবন বৰুৱাই লিখিছে, “সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত থকাৰ অপৰাধত ৰায়চৌধুৰীক ইংৰাজ চৰকাৰে গুৱাহাটীৰ পৰা বহিস্কাৰ কৰি প্ৰায় সাতবছৰ কাল বৰপেটাত নজৰবন্দী কৰি ৰাখিছিল।১৯০৮ চনৰ পৰা ১৯১৪ চনলৈকে তেওঁৰ জন্মস্থান বৰপেটাত থকা সময়ছোৱা সাহিত্য চৰ্চা, সঙ্গীত সাধনা আৰু অভিনয় আদিৰ মাজেদি পাৰ কৰিছিল। ইতিমধ্যে বিশ্বযুদ্ধ আৰম্ভ হৈছিল। ভাৰতৰ বৰলাট লৰ্ড হাৰ্ডিঞ্জ মিত্ৰশক্তিৰ পক্ষে ইচ্ছুক ভাৰতীয়সকলক যোগদান কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰায়চৌধুৰীয়ে যুদ্ধত যোগদানৰ ইচ্ছা প্ৰকাশ কৰিলে। লৰ্ড হাৰ্ডিঞ্জেও তেওঁক চিঠিৰ প্ৰাপ্তি স্বীকাৰ কৰিলে।’’

          এনেকৈয়ে অম্বিকাগিৰীয়ে এনাৰ্কিষ্ট আখ্যাৰপৰা ৰেহাই পাইছিল। প্রথম বিশ্বযুদ্ধ তেতিয়াও চলি আছিল। ইয়াৰ পাছত অম্বিকাগিৰীয়ে ডিব্ৰুগড়লৈ যাত্ৰা কৰে আৰু তাতে ইতিমধ্যে তেজপুৰৰপৰা স্থানান্তৰিত হোৱা আলোচনী ‘আসাম বান্ধৱ’ৰ সহকাৰী সম্পাদক হিচাপে যোগদান কৰে।

সত্যেন্দ্ৰনাথ শৰ্মাই লিখিছে, ‘‘অসমীয়া ভাষাত কাৰৰূপী শাব্দিক (ভাব প্রকাশ হ’লেও), আৰু প্ৰাত্যহিক ৰূপ (যেনে-চখু-চকু, তাৰা-তৰা, ৰাজা-ৰজা, ৰাঙা-ৰঙা, ঘৰক-ঘৰলৈ, হাতেদি হাতেৰে আদি) ব্যৱহাৰৰ বাবে বেজবৰুৱা সম্পাদিত ‘বাঁহী’ৰ বিৰোধিতাৰ প্ৰত্যাহ্বান স্বৰূপে ডিব্ৰুগড়বাসী ডা: হৰি কৃষ্ণ দাস, কালিচৰণ মেধি, ভাৰত চন্দ্ৰ দাস, গঙ্গাৰাম চৌধুৰী আদিৰ পৃষ্ঠপোষকতাত পণ্ডিত তাৰানাথ চক্ৰৱৰ্তীৰ সম্পাদনাত ‘আসাম বান্ধৱ’ প্ৰকাশ হৈছিল। ‘আসাম বান্ধৱ’ৰ সম্পাদক তাৰানাথ চক্ৰৱৰ্তীয়ে দীঘলীয়া ছুটী লোৱাত কিছুকাল অমস্বিকাগিৰীয়ে সম্পাদকৰ দায়িত্বও বহন কৰিলে৷

          কিন্তু কাকতখনৰ পৃষ্ঠপোষক ডা:হৰেকৃষ্ণ দাসৰ সৈতে সম্পাদনা সম্পৰ্কে সংঘাত হোৱাত তেওঁ কাকতখনৰ সৈতে সম্পৰ্ক ছিন্ন কৰে। অম্বিকাগিৰীয়ে তাক কাট-কুট কৰাৰ পক্ষপাতী নাছিল। ভাষা লৈ চলি থকা অৰিয়া-অৰিৰ সমতাৰ বাবে তেওঁ এই প্রস্তাৱ দিছিল।১৯১৭ চনত তেওঁ গুৱাহাটীলৈ উভতি আহে।

          গুৱাহাটীলৈ আহিয়েই তেওঁ এখন আলোচনী আলোচনী প্ৰকাশৰ বাবে উঠিপৰি লাগিল৷ তেওঁৰ মনত ঠাই পালে: “গুৱাহাটীৰ পৰা এখন উচ্চ শ্ৰেণীৰ মাহেকীয়া কাকত উলিয়াম। ৮৫০ (চাৰে আঠশ).. টকাৰে এটা সৰু হেণ্ডপ্ৰেছ কিনি আনি গুৱাহাটীত কাকত চলাব পাৰিম। সেই সময়ত চেকেণ্ড হেণ্ডৰ সৰু হেণ্ড প্ৰেছ মেছিন এটা তিনিশমান টকাতে পাব পৰা আছিল। মেছিনটোক বাদে বাকী টকাৰে আৱশ্যকীয় আখৰ, কেছ, ষ্টিক আদি সৰঞ্জাম আৰু কাকত কিছু কিনিম৷’’ এবছৰ পাছত তেওঁ গুৱাহাটীত প্রতিষ্ঠা কৰে ‘অৰুণা প্ৰেছ’। সেই কাহিনী আছিল অতিকে ৰোমাঞ্চকৰ৷

          অম্বিকাগিৰী প্ৰেছৰ সন্ধানত কলকাতা ওলাল-লগত লক্ষীনাথ ফুকন; কিন্তু কলকাতাত চলাথ কৰিও প্ৰেছৰ কোনো দিহা কৰিব নোৱাৰিলে। উভতি আহোতে তেওঁৰ মনত খেলালে-গুৱাহাটীত মথুৰা মোহন বৰুৱাৰ ‘এডভোটেট আসাম’ ছপোৱা সৰু প্ৰেছ এটি আছে; কিন্তু আহি দেখিলেহি তাত আখৰ কম-মাথোঁ এখন কেছ আছে। বাকী ইংৰাজী আখৰৰ কেছ চাৰিখন।

Ambikagiri Raichoudhury
অম্বিকাগিৰী

প্ৰেছটো পালে অসমীয়া আখৰ অনাব পৰা যাব বুলি তেওঁ প্ৰেছটো ভাড়ালৈ দিয়াৰ প্ৰস্তাৱ আগবঢ়ালে৷ প্রস্তাৱ শুনি বৰুৱানী জিকাৰ খাই উঠাত তেওঁৰ আশাত চেঁচা পানী পৰিল। এনেদৰে অম্বিকাগিৰীয়ে সবিস্তাৰে ‘মোৰ জীৱন ধুমুহাৰ এছাটি’ত প্ৰেছ স্থাপনৰ ৰোমাঞ্চকৰ কাহিনী লিপিবদ্ধ কৰিছে। বৰপেটাৰ পণ্ডিত নাৰায়ণদেৱ মিশ্ৰৰ হাতত বহুত নতুন আখৰ আৰু ছপাৰ অন্যান্য সৰঞ্জামৰ সৈতে ডিমাই হেণ্ডপ্ৰেছ এটা কাম নকৰাকৈ আছিল৷ অৱশেষত মাহে কুৰি টকা ভাড়া বন্দবস্তত প্ৰেছটো গুৱাহাটীলৈ অনা হ’ল।

          প্ৰেছৰ অন্যতম অংশীদাৰ ডাঃ জগদীশ মেধিয়ে আলোচনী উলিয়াবৰ বাবে ২৫ টকা দান আগবঢ়ালে। তাতেই আলোচনা হ’ল অম্বিকাগিৰীৰ এই কামৰ বাবে এজন জনা-শুনা লোকৰ প্রয়োজন হ’ব। অম্বিকাগিৰীৰ মনলৈ আহিল এটাই নাম – চন্দ্ৰনাথ শৰ্মা। চন্দ্ৰনাথে তেতিয়া গুৱাহাটীত ওকালতি কৰে আৰু তেওঁ ‘আসাম এছোছিয়েছন’ৰ সহকাৰী সম্পাদক৷ গুৱাহাটীলৈ আহি যেতিয়া কথাটো কোৱা হ’ল, তেওঁ লগে লগেই সন্মত হ’ল। প্ৰেছটো ল’বলৈ আৰু দুজনমানে টকাৰে সাহায্যও আগবঢ়ালে। অম্বিকাগিৰীয়ে লিখিছে-

          ‘‘টকা পাই শৰ্মাক লৈ বৰপেটালৈ গলোঁ। দুয়োৰো নামত প্ৰেছখন ভাড়াদাৰ হিচাপে ৰেজিষ্টাৰী কৰিলোঁ। শৰ্মা গুচি আহিল। মই বৰপেটাত দুদিনমান থাকি মিস্ত্ৰী লগাই প্ৰেছৰ সৰু ডাঙৰ সাজ-সৰঞ্জাম বাকচ-বন্দী কৰি বান্ধি-কুন্ধি সাতখন গৰুৰ গাড়ীত বোজাই দি সৰুপেটা ষ্টেচনেদি প্ৰেছখন গুৱাহাটীত তেওঁ আকৌ লিখিছে-

          ‘‘…হেণ্ড মেছিন হ’লেও, ডিমাই প্ৰেছ এটা, ১৮-৩০ যোৰা কেছ, ১০-১২বাকছ ভৰ্তি পাই আখৰৰ বোজা, আৰু আন সকলো সৰঞ্জামৰ সৈতে… সৰুপেটাৰ ৰে’লত তুলি আমিনগাঁও পাৰ কৰাই গুৱাহাটী ষ্টেচনত আনি নমাই তাৰপৰা গৰুৰ গাড়ীৰে আনি পাণ বজাৰৰ বৰপেটীয়া পাৰাৰ ঘৰত তুলি-পাতি, ভোক পিয়াহ, জিৰণি-টোপনি এৰি চাৰি দিনৰ ভিতৰত পইচা আৰ্জিবলৈ সমৰ্থ হোৱা সেইসময়ৰ আত্মপ্ৰসাদ-আনন্দ-আশা উদ্যমৰ স্মৃতি আজি পঞ্চাশ বছৰ পাছতো মোৰ মনত কেঁচা হৈ আছে।’’

অম্বিকাগিৰীৰ ‘চেতনা’ আৰু সমাজ ইতিহাসৰ পটভূমি

          ককায়েক গিৰিশ চৌধুৰীৰ কন্যা অৰুণাৰ নামেৰে প্ৰেছটোৰ নামকৰণ কৰা হ’ল ‘অৰুণা প্ৰেছ’। এইটো গুৱাহাটীৰ চতুৰ্থটো ছপাশাল। ১৮৭২ চনত গুৱাহাটীত প্ৰতিষ্ঠা হৈছিল প্ৰথমটো ছপাশাল ‘চিদানন্দ প্ৰেছ’ ’-য’ৰ পৰা ‘আসাম মিহিৰ’ ছপা হৈছিল। ইয়াৰ পিছত ১৯০৫ চনত প্ৰতিষ্ঠা হৈছিল ‘ভিক্টোৰিয়া প্ৰেছ’-য’ৰ পৰা মথুৰা মোহন বৰুৱাৰ সম্পাদনাত প্ৰকাশ পাইছিল ‘এডভোটেট অব আসাম’।

ব্যক্তি স্বতন্ত্ৰতাত বিশ্বাসী অম্বিকাগিৰীয়ে ছপাশালটো স্থাপনৰ সকলো কষ্ট মূৰ পাতি ল’লে। নিজেই শ্রমিকৰ ৰূপত অৱতীৰ্ণ হ’ল৷ মেছিনটো বহুৱাবলৈ ইটা কেইটামান লাগে। লাখটকীয়াৰ তেওঁৰ সহপাঠী খেতিবুদ্দিন আহমেদে ক’লে, ইটা তেওঁ দিব৷ বনুৱা অহালৈ ৰোৱাৰ সময় নাই৷ অম্বিকাগিৰীয়ে তেওঁৰ ঘৰলৈ গৈ এটা বাকচত ইটা ভৰাই মূৰত তুলি আহিলগৈ৷ এনেদৰেই নানা কষ্টৰ বিনিময়ত ১৯১৮ চনত তেওঁ ‘অৰুণা প্ৰেছ’ স্থাপন কৰিলে৷

ছপাশালৰ ব্যৱসায়ো ভালদৰে চলিল। কাৰণ সেই সময়ত সেইটোৱেই আছিল একমাত্ৰ ছপাশাল। ১৯২০ চনত ইংৰাজ চৰকাৰেও অসমৰ প্ৰথমখন ভোটাৰ তালিকাও এই ছপাশালতে ছপাইছিল৷ কংগ্ৰেছ দলেও বিভিন্ন ছপাৰ কাম ইয়াতে কৰিছিল৷ ১৯২১ চনত ছপাশালটোলৈ দুৰ্যোগ নামি আহিল। জুইত ভস্মীভূত হ’ল ছপাশালটি৷ অসহযোগ আন্দোলনত যোগদান কৰি অম্বিকাগিৰী তেতিয়া কাৰাগাৰত। ১৯২২ চনত কাৰাবাসৰপৰা মুক্ত হৈ পুনৰ ‘অৰুণা প্রেছ’ গঢ়ি তোলে৷

          হাতত দুটকা ধন পুঁজি লৈ একমাত্ৰ শাৰীৰিক আৰু মানসিক কঠোৰ শ্ৰমৰ সম্বলেৰেই এই সৰু হেণ্ড প্ৰেছটোৰপৰাই ১৯১৯ চনৰ ছেপ্টেম্বৰ মাহ (ভাদ, ১৮৪১ শক)ত ‘সাহিত্য, সমাজ, স্বাস্থ্য, কৃষি আদি বিষয়ক’ মাহেকীয়া আলোচনীৰূপে প্রকাশ হ’ল ‘চেতনা’। ‘চেতনা’ শব্দটোৰ লগত চন্দ্ৰনাথৰ এক আৱেগ যুক্ত হৈ আছিল। স্কুলত পঢ়াকালতে ‘চেতনা’ নামেৰে এখন হাতে লিখা আলোচনীৰ চন্দ্ৰনাথ সম্পাদক আছিল।দুটা সংখ্যা উলিওৱাৰ পাছত বন্ধ হৈছিল যদিও পাছলৈ তেৱোঁ আলোচনীখন ছপা কৰাৰ আশা পুহি ৰাখিছিল। ক’বলৈ দুয়োৰে আশাৰে প্রতিফলন হ’ল ‘চেতনা’।

          নামৰ তলতে লিপিবদ্ধ হ’ল উপনিষদীয় বাণী: ‘উত্তিষ্ঠিত জাগ্ৰত প্ৰাপ্য বৰান্‌ নিবোধত৷’ ভাৰতীয় মহাজাতীয়তাবাদৰ লগত নিবিড় সামঞ্জস্য ৰক্ষা কৰি অসমীয়া জাতীয়তাবাদৰ নিচান শিৰত তুলি মাহেকীয়া ‘চেতনা’ প্ৰতিষ্ঠিত হ’ল। যুটীয়া সম্পাদকৰূপে শ্ৰীচন্দ্ৰনাথ শৰ্মা, বি এল আৰু শ্ৰীঅম্বিকাচৰণ ৰায়চৌধুৰী (পাছত অম্বিকাগিৰী ৰায়চৌধুৰী)ৰ নাম ছপা হ’ল।

মুদ্ৰকৰ দায়িত্ব ন্যস্ত হ’ল দুতিৰাম মেধিৰ হাতত৷ বছৰেকীয়া দাম নিৰ্ধাৰণ কৰা হৈছিল ছাত্ৰ, পঢ়াশালিৰ পণ্ডিত, মণ্ডল ইত্যাদিৰ নিমিত্তে আঢ়ৈ টকা আৰু আনৰ কাৰণে তিনি টকা৷ প্রতি সংখ্যাৰ পাঁচ অনাকৈ৷ চন্দ্ৰনাথে দ্বিতীয়টো বছৰলৈহে সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিলে। কংগ্ৰেছৰ সংঠগনৰ ব্যস্ততা আৰু অসুস্থতাৰ বাবে এই দায়িত্বৰপৰা তেওঁ অব্যাহতি লয়। অম্বিকাগিৰীয়ে অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল, যাৰ বাবে তেওঁ কাৰাবাসত কাল কটাবলগীয়া হৈছিল। সেই সময়ত সম্পাদকৰ দায়িত্ব বহন কৰিছিল ‘মিলন’ৰ সম্পাদক গৰ্গনাৰায়ণ চৌধুৰীয়ে৷

(২)

          ‘চেতনা’ই প্ৰথম সংখ্যাতে এখন ওখ খাপৰ মাহেকীয়া আলোচনীৰ প্ৰয়োজনৰ কথা উল্লেখ কৰিছে: “সাহিত্যিকসকলৰ সাহিত্য-চৰ্চাৰ পিয়াহ পলুৱাবৰ নিমিত্তে ওখ খাপত পেলাই ল’বলৈ আহল-বহল মাহেকীয়া আলোচনী বৰ্তমান কালত অসমীয়া ভাষাত নিচেই তাকৰ৷’’

          ‘চেতনা’ হ’ব খুজিছিল সমসাময়িক প্ৰাদেশিক, দেশীয় তথা বিশ্ব চেতনাৰ প্ৰতিভূ। এই তিনিওটা চেতনাৰ সুসম্পৰ্ক অবিহনে যে এটা জাতি অগ্ৰগামী হ’ব নোৱাৰে ‘চেতনা’ই তাকেই স্পষ্টকৈ ক’ব বিচাৰিছিল; কিন্তু ‘চেতনা’ই যিটো কথাত গুৰুত্ব দিছিল-সেয়া হ’ল প্ৰাদেশিক চেতনা, যাক ‘চেতনা’ই খণ্ড চেতনা বুলিছে। খণ্ড চেতনা সম্পূৰ্ণ হ’লেহে বিশ্ব চেতনাৰে সমৃদ্ধ হ’ব পাৰি। বিশ্ব চেতনাত খণ্ড চেতনাৰহে দায়িত্ব গধুৰ। এই কথা এনেদৰে স্পষ্ট কৰি দিয়া হৈছে-

          ‘‘চেতনা ক্ৰমে ডাঙৰ দীঘল শকত-আৱত আৰু ফলে-ফুলে জাতিষ্কাৰ হৈ উঠা ভিতৰুৱা আয়োজনখিনিত বিশ্ব চেতনাৰ হাত যে সমূলি নাই তেনে নহয়। কিন্তু, খণ্ড চেতনাক ঘঁহি পিহি স্বচ্ছ শুদ্ধ কৰি নল’লে বিশ্ব চেতনা প্রতিফলিত হ’বলৈ বাট বিচাৰি নাপাব বুলিহে ধাৰণা। কাৰণ, বিশ্ব চেতনা অতি প্ৰশস্ত হ’লেও কোচাই আনি তাক নিজৰ লগত মিতিৰালি পাতিব দিয়া দায়িত্বটো খণ্ড চেতনাৰ আছে। দুৰ্বল হ’লে, বিশ্ব চেতনাৰ লগত বন্ধুত্বৰ দাবী কৰি একে শাৰীত বহি জীৱনৰ প্ৰশস্ততা বঢ়াবলৈ খণ্ড চেতনা অপাৰগ৷ অথচ, ‘চেতনা’ৰ আৰু এটা মহৎ লক্ষ্য আছিল, সেয়া হ’ল: অসমীয়াৰ জাতীয়তা গঢ়িবলৈ যাওঁতে অথবা ভাৰতৰ স্বাধীনতাৰ আন্দোলনৰ পথত অগ্ৰসৰ হওঁতে সমাজখনত আধুনিকতাৰ বীজো ৰোপণ কৰি যাব পাৰিব লাগিব, নহ’লে আমাৰ জাতীয়তাৰ গজালি লেৰেলি যাব আৰু স্বাধীনতা প্রাপ্তিও পঙ্গু হ’বগৈ। সেয়ে ‘চেতনা’ই জাতীয়তাৰ কথা কওঁতে বা স্বাধীনতাৰ ঢৌ তুলিবলৈ যাওঁতে সমাজ সংস্কাৰৰ চেতনাৰেও সকলোকে উদ্বুদ্ধ কৰিব বিচাৰিছিল।

          ‘চেতনা’ৰ সম্পাদকৰ আলোচনাতে আমি কাকতখনৰ সংস্কাৰমুখী দৃষ্টিভংগীৰ পৰশ পাওঁ। ‘চেতনা’ প্ৰকাশৰ সময়ছোৱা আছিল অসম তথা দেশৰ কাৰণে গুৰুত্বপূৰ্ণ। ভাৰতত ইতিমধ্যে স্বাধীনতা আন্দোলন মূৰ দাঙি উঠিছে। অসমতো আন্দোলনে ক্ৰমে সাংগঠনিক ৰূপ লবলৈ আগবাঢ়িছে। ‘চেতনা’ প্ৰকাশৰ পিছৰটো বছৰতে অসমত কংগ্ৰেছৰ প্ৰাদেশিক সমিতিৰ জন্ম হৈছে। স্বাধীনতা আন্দোলনৰ গতিবিধি ‘চেতনা’ই যেনেকৈ অনুসৰণ কৰিছে তেনেকৈ ঠায়ে ঠায়ে মূৰ দাঙি উঠা ধৰ্মীয় বিবাদো সতৰ্কতাৰে লক্ষ্য কৰি ধৰ্মীয় সংহতিৰ পক্ষে বলিষ্ঠ স্থিতি গ্ৰহণ কৰিছে। এই বিবাদ যে অমূলক আৰু ভাৰতীয় সংহতিত আঘাত হনাৰ লগতে আন্দোলনটোও পথজ্ৰষ্ট কৰিব সেই কথা ‘চেতনা’ই সঁকীয়াই দিছে বিভিন্ন সষ্পাদকৰ আলোচনা আৰু অন্যান্য ৰচনাৰ মাজেৰে। হিন্দু-মুছলমানৰ সংঘবদ্ধ প্ৰচেষ্টা য’তেই হৈছে তাক ‘চেতনাই স্বাগতম জনাইছে। সেয়ে দিল্লীত হিন্দু-মুছলমানৰ অপূৰ্ব সন্মিলন দেখি ‘চেতনা’ আশ্বস্ত হৈছিল৷ তেনেদৰে বংগ ভংগ আন্দোলনত হিন্দু-মুছলমানৰ এঁক্যবদ্ধ অংশগ্ৰহণ ‘চেতনা’ৰ বাবে হৈ পৰিছিল আলোড়িত চেতনা। অমৃতচৰত বহা কংগ্ৰেছ আৰু মুছলিম লীগৰ মহাসভাক লৈ ‘চেতনা’ আগ্লুত হৈ পৰিছিল৷ সম্পাদকীয় অনুভৱ; ‘‘এই মিলনৰ চেষ্টাত কোনো সম্প্ৰদায়ৰ কোনো ধৰ্ম সম্পৰ্কীয় সংকীৰ্ণতা নাই। ইয়াত জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে সকলোকে ভাই ভাই বুলি আলিঙ্গন কৰিবৰ প্ৰাণভৰা আবেগ আছে।গতিকে ভাৰতৰ এই মহামিলন কৃত্ৰিম নহয়, আচল৷’’

          অসমৰ প্ৰক্ষাপটতো ধৰ্মীয় বিবাদৰ কথাটো ‘চেতনা’ই বিশেষভাৱে আলোচনা কৰিছিল। ৰাজহুৱা অনুষ্ঠানত মুছলমানৰ অংশগ্ৰহণ ‘চেতনা’ই আন্তৰিকতাৰে কামনা কৰিছিল। অসমীয়াৰ একমাত্ৰ ৰাজনীতি আলোচনাৰ মঞ্চ ‘আসাম এছোচিয়েচন’ত অসমীয়া সমাজৰ শীৰ্ষস্থানীয় কোনো শিক্ষিত মুছলমান লোক নথকাত ‘চেতনা’ই খেদ প্রকাশ কৰিছিল। এই প্রসংগতে সম্পাদকে উল্লেখ কৰিছে- মুছলমানৰ ধৰ্মবিশ্বাস হিন্দুতকৈ বিভিন্ন হ’লেও জাতীয়তা তেওঁলোকৰ বেলেগ নহয়। অসমীয়া জাতীয়ত্ব অসমীয়া হিন্দু আৰু মুছলমানৰ সাধাৰণ সম্পত্তি। অসমীয়াৰ হিত-অহিতৰ লগত, অসমীয়াৰ সুখ-দুখৰ লগত মুছলমানৰ সম্বন্ধ নাই বুলি ভবাটো ভুল কথা। সম্পাদকীয় ভাষা আছিল এনেকুৱা-

          ‘‘অসমীয়া জাতীয়তাক আশ্ৰয় কৰি নিজে আৰু লগে লগে জাতিক উন্নত কৰি তুলিবলৈ অসমীয়া হিন্দুৰ যিমান পৰিমাণে ক্ষমতা আছে সেই পৰিমাণে অসমীয়া মুছলমানৰো আছে। …যদি কাৰো অদূৰদৰ্শিতাৰ দোষত জাতীয়তা সমানে ক্ষতিগ্ৰস্ত হ’ব৷ অসমীয়া জাতিৰ সমূহ লাভ-লোকচানত অসমীয়া হিন্দু-মুছলমান সমান ভাগী’’

          –এয়া এশবছৰ আগৰ এখন আলোচনীৰ সম্পাদকৰ মৰ্মবাণী।

অম্বিকাগিৰীৰ ‘চেতনা’ আৰু সমাজ ইতিহাসৰ পটভূমি

          ‘চেতনা’ই যেনেকৈ ধৰ্মীয় ব‌িবাদ লৈ সতৰ্ক দৃষ্ট‌ি ৰাখ‌িছিল, তেনেকৈ ধৰ্মৰ অধিকাৰ লৈও সচেষ্ট আছিল, কিয়নো সেই সময়ত ধৰ্মৰ অধিকাৰ আছিল এচাম ৰক্ষণশীল লোকৰ হাতত। তথাকথিত নিম শ্ৰেণীৰ অধিকাৰ নাছিল। ধৰ্মীয় স্থানত তেওঁলোকৰ মুকলি প্ৰৱেশ নাছিল। আনকি শংকৰদেৱৰ অনুগামীসকলৰো একাংশৰ গাত বৰ্ণাভিমানৰ সাজযোৰ দেখি ‘চেতনা’ৰ সম্পাদক ক্ষুন্ন হৈছিল, অথচ ধৰ্মীয় সংস্কাৰ সাধি শংকৰদেৱে মধ্যযুগতে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোকে নামঘৰত সমৱেত কৰি সমাধিকাৰৰ পৰম্পৰাৰ সৃষ্টি কৰিছিল।

          মাজুলীত আজি খ্ৰীষ্টধৰ্মৰ উত্থান লৈ না না হৈ-চৈ হৈছে৷ সত্ৰাধিকাৰ, সত্ৰ প্রতিষ্ঠানো ইয়াত জড়িত হৈ পৰিছে। সত্ৰাধিকাৰ গিৰ্জা ধ্বংস কৰ্মত লিপ্ত হোৱাৰ আদালতে জৰিমনা বিহিছে। শ বছৰ আগৰ মাজুলীৰ এটা উদাহৰণে স্পষ্ট কৰিব সত্ৰাধিকাৰৰ মিছিংসকলৰ প্ৰতি কেনে ধাৰণা আছিল। অম্বিকাগিৰীয়ে সম্পাদকীয়ত এটা খবৰ দিছে। গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰে মিছিং গাঁৱলৈ গ’ল বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ৷ উভতি অহাৰ সময়ত হাতীত উঠিব খুজি দেখিলে

মাউতজন মিছিং। গতিকে তেওঁ হাতীত নুঠিল, কাৰণ উঠিলে ‘গোসাঁই ঈশ্বৰ’ৰ গাত ছুৱা লাগিব! সম্পাদকে সত্ৰাধিকাৰৰ মহৎ প্ৰচেষ্টাৰ মাজতো আভিজাত্যাভিমানৰ সঁচ মৰা নাই কাৰণে দু:খ প্রকাশ কৰিছিল। এনে অভিমান লৈ কিবা লাভৰ আশাত ধৰ্মদান কৰিবলৈ গ’লে কেনেকৈ হিন্দু ধৰ্মৰ উত্থান হ’ব বুলি তেওঁ গোসাঁইক প্ৰশ্ন কৰিছিল।

          সম্পাদকে কৰা আৰু এটা প্ৰশ্নই ‘চেতনা’ৰ দৃষ্টিভংগী স্পষ্ট কৰি দিয়ে ;

          ‘‘শ্ৰীষ্টিয়ান পাদুৰিসকলে এইদৰে নিজ ধৰ্ম প্ৰচাৰ কৰি যে আমাৰ লোকক দলে দলে খ্ৰীষ্টিয়ান কৰি নিব পাৰে, আমাৰ গোসাঁই মহন্ত অধিকাৰসকলে নো প্ৰচাৰ কৰি নিজ ধৰ্মলৈ এইবিলাক লোকক আনিব নোৱাৰে কিয়? প্ৰচাৰ ব্ৰত ধৰি বিস্তৃতি ঘটাবলৈকেতো গোসাঁই মহন্ত ভকতসকলৰ সৃষ্টি৷ এই কৰ্তব্য অৱহেলা কৰাৰ বাবে গোসাঁই মহন্তসকলে ধৰ্ম জগতত পতিত হ’ব নালাগেনে?”

          আন এটা সম্পাদকীয়ত বৰ্ণহিন্দু এচামৰ বৈষম্যমূলক আচৰণৰ বাবে খেদ প্রকাশ কৰা হৈছে। হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোমবিলাকে পুনৰ বৌদ্ধধৰ্মলৈ ঘূৰি যোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ প্ৰসংগতে সম্পাদকীয়টি লিখা হৈছে। সম্পাদকে ইয়াৰ কাৰণ ব্যাখ্যা কৰি লিখিছে যে, প্ৰায় পাঁচ ছশ বছৰ হ’লহি আহোমসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ, তথাপি এই স্বাধীন জাতিটোক হিন্দুৰ উচ্চ সমাজে আপোন বুলি গ্ৰহণ কৰিব নোৱাৰিলে, ইয়াৰ ঘাই কাৰণ ব্ৰাহ্মণ, গোসাঁই, মহন্তসকল। সম্পাদকৰ মতে, উদাৰ সনাতন আৰ্যধৰ্মৰ পক্ষে এইটো কম কলংকৰ কথা নহয়।

সম্পাদকে আৰু এটা দৃষ্টান্ত তুলি ধৰিছে যিয়ে এক সামাজিক সংঘাতৰ পটভূমি স্পষ্ট কৰি দিছে। কামৰূপৰ উত্তৰৰ মাটিয়া-কছাৰি নামৰ সম্প্ৰদায়টোৱে হিন্দু ধৰ্ম গ্রহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰা সত্ত্বেও তেনে জাতি এটা হিন্দু ধৰ্মত সোমালে হিন্দু ধৰ্মৰ অৱমাননা হ’ব বুলি ব্ৰাহ্মণ, গোসাঁই, মহন্তসকলে তেওঁলোকক হিন্দু ধৰ্ম গ্ৰহণ কৰোৱা নাছিল। পিছত কামৰূপৰ শিৱনাথ বুজৰবৰুৱা আৰু চন্দ্ৰনাথ শৰ্মা নামৰ দুজন উদাৰমনা ব্ৰাহ্মণে সেইজাতিৰ কিছু লোকক শাস্ত্ৰমতে সংস্কাৰ কৰি হিন্দু ধৰ্মলৈ তুলিলে৷ কিন্তু তেওঁলোকৰ এই উদাৰতাৰ বিৰুদ্ধে থিয় হ’ল জাত্যাভিমানী অনুদাৰ ব্ৰাহ্মণসকল; তেওঁলোকে এই কাৰ্যৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিলে৷ সম্পাদকে এই তথ্যও দিছে যে এইসকল আন্দোলনকাৰী ব্ৰাহ্মণৰ মাজত মদৰ দোকান দিয়া ব্ৰাহ্মণো আছে। নি:সন্দেহে নিশ্চয় এয়া সম্পাদকৰ দ্বিধাহীন প্রকাশ।

          তেনেদৰে হিন্দুসকলে মুছলমান হ’বলৈ কৰা আন্দোলনৰ প্ৰসংগও ‘সম্পাদকৰ আলোচনা’লৈ অনা হৈছে। যথা-পঞ্জাৱৰ ডিডাউন নামৰ চামা জাতিৰ পাঁচ হেজাৰ হিন্দু লোকে মুছলমান হ’ব বুলি ঘোষণা কৰিছে। কাৰণটো হ’ল, এইসকল লোকক ব্ৰাহ্মণ আদি উচ্চ শ্ৰেণীয়ে বৰ ঘৃণা কৰে, আনকি ছায়া ছুলেও গা ধোৱে তেওঁলোকে৷ এইসকলৰ ভিতৰত যদি কোনো ধন আৰু বিদ্যা উপাৰ্জন কৰি আগবাঢ়েও, তেওঁলোকেও ইয়াৰপৰা নিস্তাৰ নাপায়। সেয়ে তেওঁলোকে অপমানিত হৈ হিন্দু সমাজত থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰি তেওঁলোকৰ মত প্রকাশ কৰিছে-“আমি হিন্দু ধৰ্মী হৈ যদি আজন্মকাল হিন্দুৰ ওচৰত ইমান অপমানিত ঘৃণিত হৈ থাকিব লাগে, তেনেহ’লে হিন্দু ধৰ্মত থাকি আমাৰ অপমানহে৷ গতিকে আমি মুছলমান হৈ যাম। কাৰণ, মুছলমান হ’লে আমি সমান ব্যৱহাৰ পাম, আৰু হিন্দুৱেও আমাক ঘিণ কৰিবলৈ ছল বা সাহস নাপাব… ৷’’ একেটা সম্পাদকীয়তে হিন্দু বিধৱাসকলৰ দুৰ্গতিৰ কথাও উল্লেখ কৰা হৈছে যাৰ বাবে বিধৱাসকলেও সমাজচ্যুত হৈ খ্ৰীষ্টান আৰু মুছলমান ধৰ্মত দীক্ষিত হৈছে।

          সম্পাদকে গুৰুত্ব আৰোপ কৰা এখন চিঠিৰ প্ৰসংগেৰে এই লেখাৰ সামৰণি মাৰিম। চিঠিখন বৰপেটা সত্ৰ সম্পৰ্কীয়৷ লেখক হলিৰাম মহন্ত। চিঠিখনত হলিৰামে এজন “কুম্ভকৰ্ণী ধৰ্মী’ৰ হাতত পৰি হোৱা অভিজ্ঞতা ব্যক্ত কৰিছে। চিঠিৰ কথা- সত্ৰৰ মঠৰ চোতালত এখন সভাৰ আয়োজনেৰে মহাপুৰুষীয়া সংঘ পাতিবলৈ সিদ্ধান্ত লোৱা হৈছিল যাতে আশেপাশে ধৰ্ম নধৰা, জাতিয়েও মহাপুৰুষীয়া হিন্দু হ’ব পাৰে। বাণীকান্ত কাকতি আৰু ‘চেতনা’ৰ সম্পাদক অম্বিকাগিৰী তালৈ শৰণ ল’বলৈ যাওঁতে এই সভা পতা হৈছিল। কিন্তু তাৰ ফল নধৰিল।

অম্বিকাগিৰীৰ ‘চেতনা’ আৰু সমাজ ইতিহাসৰ পটভূমি

হলিৰাম মহন্তই লিখিছে যে তেওঁ এজন সত্ৰৰ ধৰ্ম প্ৰচাৰকক সংঘ স্থাপন কৰা কাৰ্যটো বেয়া হোৱা নাই বুলি কোৱাত ধৰ্ম প্ৰচাৰকজনে কৈ উঠিল, “এই বুদ্ধি কৰি তহঁতে আমাক কাটানী আদি সৰু জাতৰ পানী খুৱাবৰ দিহা কৰিছ।’’ মহন্তই লিখিছে, সংকীৰ্ণ মনোভাবে দেশখন ঘুণীয়া কৰিলে। শঙ্কৰ-মাধৱৰ উদাৰভাব বুজিব নোৱাৰিলে৷ এই চিঠিৰ তলতে সম্পাদকে নিজৰ মত দিছে এনেকৈ- “দুজনা গুৰুৰ শিক্ষা সাধনাৰ ভাৰ পৰি আছে এক ফালে আৰু সমাজৰ গতি হুৰ-হুৰকৈ চলি গৈছে আনফালে, এইদৰে ব্যভিচাৰ ঘটাৰ অৱশ্যম্ভাৱী ফলস্বৰূপে ধৰ্ম ৰক্ষক সত্ৰ-সত্ৰীয়া, সন্ত-মহন্ত, ভকত – কাৰণ সকলোৰে ভিতৰত প্ৰেৰণা আৰু প্ৰাণৰ অভাৱ ঘটাত, মহাপুৰুষীয়া সমাজ স্থিতিশীল হৈ পৰিছে, সমগ্ৰ জাতিৰ ভিতৰতে প্ৰাণৰ সঞ্চাৰ কৰি জাতিক বীৰদৰ্পে মুক্ত গতিৰে চলাই লৈ যাব পৰা নাই।’’ সম্পাদকে আকৌ লিখিছে- ‘‘মহাপুৰুষ সংঘৰ উদাৰ উদ্দেশ্য ভুল বুজি বা বুদ্ধিৰ অভাৱত বুজিব নোৱাৰি যদি ধৰ্মৰ নামত কু-কৰ্ম কৰিয়ে নিজৰ সঙ্কীৰ্ণ স্বাৰ্থ নিৰ্বিবাদে ভোগ কৰি সমাজত মানুহ বোলাই তিষ্ঠি থকা সকলো এনে এটা মহৎ অনুষ্ঠানৰ বিপৰীত আচৰণ কৰি ব্যাঘাত জন্মাইছে তেনেহ’লে ক’ব লাগিব, শঙ্কৰ-মাধৱ গুৰু দুজনাই আসামত জন্ম লাভ কৰি ভাল কৰা নাই, অসমীয়া সমাজে তেৰাসকলৰ প্রকৃত মৰ্যাদা ৰক্ষা কৰিবৰ লায়ক নহয়।’’

(৩)

          সাহিত্য-সাহিত্যৰ ইতিহাস, বুৰঞ্জীৰ নানা দিশৰ ৰচনা, অর্থনৈতিক পৰ্যালোচনা, জনজাতীয় চিন্তা, দেশ তথা আন্তৰ্জাতিক ৰাজনীতিৰ সমীক্ষাকে ধৰি অনেক বিষয়ৰ বিশ্লেষণমূলক প্ৰবন্ধেৰে ‘চেতনা’ হৈ উঠিছিল অসমীয়া ভাষাৰ সেই সময়ৰ এখন গ্ৰহণযোগ্য আলোচনী ৷ ইয়াত ভালেকেইজন কৃতবিদ্য লেখকৰ উপৰি অনেক নবীন লেখকৰ সমাৱেশ হৈছিল।

সেইসকল হ’ল; বাণীকান্ত কাকতি, ডিম্বেশ্বৰ নেওগ, সৰ্বেশ্বৰ শৰ্মা কটকী, নবীনচন্দ্ৰ বৰদলৈ, কৃষ্ণকান্ত সন্দিকৈ, নকুলচন্দ্ৰ ভূঞা, জ্ঞাননাথ বৰা, চন্দ্ৰপ্ৰভা শইকীয়ানী, চন্দ্ৰপ্ৰভা দাস, ক্ষেত্ৰধৰ বৰগোহাঞি, অম্বিকা ৰায় চৌধুৰী, হৰিনাৰায়ণ দত্তবৰুৱা, সূৰ্য কুমাৰ ভূঞা, কমলাকান্ত ভট্টাচাৰ্য, সদানন্দ দাস, প্ৰতাপচন্দ্ৰ গোস্বামী, বেণুধৰ শৰ্মা, শৰৎচন্দ্ৰ গোস্বামী, কোহিৰাম দাস, লক্ষ্মীকান্ত মিশ্ৰ ভাগৱতী, সোণাৰাম চৌধুৰী, কালিৰাম মেধি, সুৰেশচন্দ্ৰ ভট্টাচাৰ্য, চৈফউদ্দিন আহমেদ, হলীৰাম ডেকা, দৈৱচন্দ্ৰ তালুকদাৰ, যজ্ঞেশ্বৰ শৰ্মা, গোপালকৃষ্ণ দে, হৰিনাথ চক্ৰৱৰ্তী, যোগসিংহ ছেত্ৰী, চিন্তাহৰণ পাটগিৰি, ৰত্নকান্ত বৰকাকতি, তৰুণৰাম ফুকন, তুলসীনাৰায়ণ শৰ্মা, হেমচন্দ্ৰ গোস্বামী, চাৰুচন্দ্ৰ দলৈ মিৰি, ৰমেশ চন্দ্ৰ চৌধুৰী, নবীন চন্দ্ৰ মেধি, চক্ৰেশ্বৰ ভট্টাচাৰ্য, সুৰেন্দ্ৰ নাথ দাস, ৰূপৰাম ডেকা, হৰেন্দ্ৰনাথ শৰ্মা, হৰমোহন দাস, হৰেন্দ্ৰনাৰায়ণ মহাজন, বাপাৰাম গোস্বামী, বলিনাৰায়ণ বৰুৱা, পদ্মাৱতী দেবী, প্ৰসন্ন নাৰায়ণ চৌধুৰী, পুষ্পেন্দ্ৰ নাথ তামুলী, ছৈয়দ হৰেন্দ্ৰ কুমাৰ চৌধুৰী, দণ্ডিৰাম দত্ত, নৰপতি চন্দ্ৰ বসুমাতাৰি, সুৰেশচন্দ্ৰ বন্দোপাধ্যায়, মাধৱচন্দ্ৰ শৰ্মা, গুৰুপ্ৰসাদ দাস, যোগকান্ত বৰুৱা, জীৱেশ্বৰ দেৱশৰ্মা, উৎসৱানন্দ গোস্বামী, নগেন্দ্ৰনাৰায়ণ চৌধুৰী, মাধৱচন্দ্ৰ শৰ্মা ভাগৱতী, বেণুধৰ ৰাজখোৱা, যোগেন্দ্ৰ নাথ শইকীয়া, বিশ্বেশ্বৰ ভট্টাচাৰ্য, মৌলবী হেৰাছত উল্লা, আদ্যনাথ শৰ্মা, হৰনাথ শইকীয়া, নৰনাৰায়ণ গোস্বামী আদি।

(৪)

          ‘চেতনা’ৰ সৃষ্টিশীল সাহিত্যলৈও অৱদান সামান্য নাছিল। উপন্যাস, গল্প, নাটক, গীত আৰু কবিতাৰে ‘চেতনা’ৰ পৃষ্ঠা উজলিছে৷ সকলোবোৰ সংখ্যা সৃষ্টিশীল ৰচনাৰে সমৃদ্ধ নাছিল যদিও ভালেমান উৎকৃষ্ট ৰচনা ‘চেতনা’ত ছপা হৈছিল৷

          ৰজনীকান্ত বৰদলৈৰ প্ৰসিদ্ধ বুৰঞ্জীমূলক উপন্যাস ‘দন্দুৱা দ্ৰোহ’ ‘চেতনা’ত ধাৰাবাহিকভাৱে ছপা হৈছিল। কামৰূপৰ বুৰঞ্জীৰ চৰিত্র হৰদত্ত আৰু বীৰদত্তৰ কাহিনীৰে লেখা এইখন উপন্যাস। হৰদত্ত বীৰদত্তৰ এই যুঁজখন আছিল বৰফুকনৰ বিৰুদ্বে, কাৰণ বৰফুকনে কামৰূপীয়া প্ৰজাৰ ওপৰত অত্যাচাৰ কৰিছিল৷ এই উপন্যাসৰ বুৰঞ্জীৰ পটভূমি লৈ হিতেশ্বৰ বৰবৰুৱাই তোলা প্ৰশ্নও ‘চেতনা’ই প্রকাশ কৰিছে। আন এখন ধাৰাবাহিকভাৱে প্ৰকাশিত উপন্যাস হৈছে নবীনচন্দ্ৰ বৰদলৈৰ ‘সেৱালী’-য’ত পৰম্পৰা আৰু তথাকথিত আধুনিকতাৰ মাজত বিৰোধ পৰিস্ফুট হৈছে।

          প্রকাশিত গল্পৰ ভালেকেইটা গল্প সুখপাঠ্য আৰু সমাজ-চেতনাৰে পৰিপুষ্ট৷ হলীৰাম ডেকাৰ ‘প্ৰব্ৰজিত’ এটা নিটোল গল্প ৷ মধ্যবিত্ত পৰিয়ালত জন্মলাভ কৰা এজন যুৱক দেউতাৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ যোৱাৰ পথত যুৱকৰ মনস্তত্ব গল্পটোত প্ৰকাশ পাইছে। বিষ্ণু কিঙ্কৰ কলিতাৰ ‘দোধোৰ মোধৰ’ গল্পত এজন যুক্তিবাদী যুৱকৰ কাহিনী তুলি ধৰিছে, যি বিধৱা বিবাহত আবদ্ধ হ’ব খোজে৷ হৰেন্দ্রনাথ শৰ্মাৰ ‘পতিতা’ গল্পত কিদৰে পুৰষতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ বলি হয় একোজন নাৰী- সমাজৰ লাঞ্ছনা, গঞ্জনা মূৰ পাতি ল’ব লগা হয় তাক সুন্দৰকৈ তুলি ধৰা হৈছে।

লক্ষ্মীধৰ শৰ্মাৰ ‘ৰবীন’ এগৰাকী বিধৱাৰ দুৰ্বিসহ জীৱনৰ কাহিনী য’ত ব্ৰাহ্মণ কন্যাই নিজ সন্তানক এৰি আত্মঘাতী হৈছে। বনমালী দাসৰ ‘অনাথিনী’ গল্পতো স্বামী হেৰুওৱা এগৰাকী বিধৱাৰ লাঞ্ছনাৰ কৰুণ কাহিনী বৰ্ণোৱা হৈছে। ৰোহিতাশ্ব দত্তই সোৱণশিৰি নদীৰ উপনৈ দীৰপাইৰ পাৰত ওমলি-জামলি ডাঙৰ হোৱা গাচি মিৰিৰ জীয়াৰী ইয়াপীৰ দুৰ্যোগভৰা জীৱনৰ কেইটিমান খণ্ডচিত্ৰ মৰ্মস্পশীকৈ অংকন কৰিছে। দীননাথ মেধিৰ ‘চেতনা’ সহজ-সৰল গ্রৰম্যজীৱনৰ পটভূমিত ৰচিত য’ত চেনেহী বৌৱেক-দেওৰেকৰ মাজত থকা মাতৃসুলভ মমতা আৰু অনুশাসন গল্পটোৰ মূল বিষয়।

          অতুলচন্দ্ৰ হাজৰিকাৰ তিনিটা দৃশ্যৰ ‘মাতৃমঙ্গল’ নাটকত বিবাহযোগ্যা ব্ৰাহ্মণ পৰিয়ালৰ কাহিনী বিবৃত হৈছে। পিতৃয়ে য’ত হিন্দু সমাজৰ কুন্ধচ নীতিৰ বাবে ধৰ্ম ত্যাগ কৰিবলৈ প্ৰস্তুত হৈছে৷ দেশৰ স্বাধীনতাৰ লগত যে কুসংস্কাৰসমূহ নিৰ্মূল কৰাৰ কথাও যুক্ত হৈ আছে সেইকথা নাটখনত পৰিস্ফুট হৈছে।

          ‘চেতনা’ৰ কবিসকলৰ ভিতৰত আছে, ৰত্নকান্ত বৰকাকতী, ৰঘুনাথ চৌধাৰী, যমুনেশ্বৰী শইকীয়া, অম্বিকাগিৰী ৰায়চৌধুৰী, বিনন্দ চন্দ্ৰ বৰুৱা, অতুলচন্দ্ৰ হাজৰিকা, পদ্মধৰ চলিহা, প্ৰসন্নলাল চৌধুৰী, সীতানাথ ব্ৰহ্মচৌধুৰী, মোছলেহউদ্দিন আহমদ, মোহন লাল চৌধুৰী, গণেশলাল চৌধুৰী, মহীচন্দ্ৰ বৰা, মৌলৱী হেচাৰত উল্লা আদি।

          ‘চেতনা’ৰ কবিতাত আছে ৰোমান্টিক দৃষ্টিভংগীৰ লগতে নৱ-চেতনাৰে জীৱন তথা জগতক চোৱাৰ বিনম্ৰ প্রয়াস। আছে প্ৰেম, প্ৰকৃতি, তৎকালীন সমাজ আৰু স্বাধীনতাৰ আকাংক্ষাৰ মুক্ত প্ৰকাশ। তদুপৰি অসমীয়া জাতিৰ স্বাভিমান আৰু ধৰ্মান্ধতা-অস্পৃশ্যতাৰ বিৰুদ্ধেও কাব্য চেতনা মূৰ্ত হৈছে :

                   ৰাণী! মোৰ যে বুকুৰ জুই-কুৰা

                   এই চুমাৰ গোলাপ ফুল,

                   তোমাৰ ওঠৰ ৰঙ হবলৈ কিমান বিয়াকুল!

                                      (‘প্ৰশ্ন’-অম্বিকাগিৰী ৰায়চৌধুৰী)

                   *        *        *        *        *

                   মনে যাক চিনে, চকুৱে চিনায়

                             সেই হবলা

                                      তোমাৰ চকুত

                                                ইমান মউ?

                   নুফুলে তো ফুল বতাহ হলেই

                             ‘বসন্ত বা’

                                      লাগিলে ফুলৰ

                                                উঠে যি ঢউ!

                                      (যি দুটি চকু’-ৰত্নকান্ত বৰকাকতী)

                   *        *        *        *        *

                   আকাশত সউ ভাহি আহে মেঘ

                             অতি লাহে লাহে কৰি

                   তাৰ হতুৱাই পঠাইছা নেকি

                             তোমাৰ প্ৰণয় বাতৰি?

                                                (‘আশা’-সীতানাথ ব্ৰহ্মচৌধুৰী)

                   *        *        *        *        *

                   তোমাৰ ৰং ৰূপহৰ ভাওনাখনি

                             ভাঙিব কোন দিনা,

                   তোমাৰ বন্ধ হ’ব কাহানি

                             মোহন সুৰৰ বীণা।

                   *        *        *        *        *

                   প্ৰহেলিকাময় ভাওনা তোমাৰ

                             কেতিয়া পৰিব ওৰ,

                   চকুৰ চমক লগাই কিমান

                             ৰং চোৱা প্ৰভু মোৰ ৷

                                                (‘বিশ্বৰূপ’-ৰঘুনাথ চৌধাৰী)

                   *        *        *        *        *

                   পোহৰাই হিয়াচৰি

                   গোটেই জীৱন জুৰি

                             আছা তুমি হৃদয়ত মোৰ;

                   কত যত্ন আদৰৰ

                   কত হেপাহ

                             তুমি মোৰ হৃদয়ৰ চোৰ৷

                                                (‘গৌৰৱ বিদায়’– বিনন্দ চন্দ্ৰ বৰুৱা)

                   *        *        *        *        *

                                                ভবিষ্যত আশা কৰি

                                                তোমাক হিয়াত ধৰি

                   আগুৱালে সন্মুখত দেখিও আন্ধাৰ ৷

                   ভাবিছিল সুখে ভৰা গোটেই সংহাৰ ৷৷

                                                চাকিটি নুমাই গ’ল

                                                পোহৰ নেদেখা হ’ল

                   তোমাৰ চাকিটি দিয়া, আলো দেখুৱাই,

                   ব্যথিত পৰাণ,জানো ভাগি ছিগি যায়।।

                             (নিয়া তাক তুমি যেন উটা বুৰাই’

                             -যমুনেশ্বৰী খাটনিয়াৰ)

                             *        *        *        *        *

                   আজি জুৰিম সঙ্গীত তোমাৰ নামত

                   তোমাৰ ভাষা শব্দ গোটাই

                   আজি কৰিম দেহাটি ৰমক-জমক

                   তোমাৰ প্ৰকৃতি-সাজেৰে সজাই

                                      (‘উলাহ সঙ্গীত’ -মোছলেহউদ্দিন আহমদ)

                   ধৰ্মৰ নামত                 ভণ্ডামী পাপে

                             ললে সমাজত ঠাই

                   ডেকাদেৱে কয়              শুকান মুখেৰে

                             কিনো কৰিম ভাই৷

                                      (‘কিনো কৰিম ভাই’-প্ৰসন্নলাল চৌধুৰী)

                             *        *        *        *        *

                    আজি মাতৃ-মন্দিৰত উদুলি মুদুলি

                             বাজে শিখা-শঙ্খ বাজে মুৰুলী,

                                      হয় ঘনে ঘনে মঙ্গল-উৰুলি

                   দিয়া ভাই কৰতালি শুনা মিলনৰ এঁক্যতান ৷

                                      (‘মিলন-যজ্ঞ’ -অতুলচন্দ্ৰ হাজৰিকা)

                             *        *        *        *        *

                   মোহিনী শক্তিত মুগ্ধ ‘মোহন দাসৰ’

                   সাত শত্ৰু পৰাজিত প্ৰেম – প্রভাৱত,

                   জ্বলে ধৰা পোহৰেৰে ‘কৰম চাদৰ’

                   ‘গান্ধীৰ’ সুগন্ধি যশে গ্লীৱিত জগত।

                   চৌপাশে তোমাৰ দেৱ! উঠে জয়ধ্বনি,

                   মিলালো তাৰেই এই ক্ষুদ্ৰ স্বৰধ্বনি ৷

                             (‘মহাত্মা গান্ধী’ -পদ্মধৰ চলিহা)

          ‘চেতনা’ত মাজে-সময়ে গীতো ওলাইছিল। বিশেষকৈ অম্বিকাগিৰীৰ প্রকাশিত গীতত আমি স্বাধীনতাৰ ৰণশিঙাৰ আৱাজ;

                   জাগ জাগ জাগ ভাৰত সন্তান

                   হিন্দু-মুছলমান জাগ

                   মুক্তি-শঙ্খ বাজে বাজে ভেদি

                   লক্ষ ভ্ৰাতাৰ হিয়াৰ তেজেদি

                   ৰঞ্জিত হোৱা জালিয়ানৱালাবাগ ৷…

                   *        *        *        *        *

                   তই ভাঙিব লাগিব শিল,

                   নোৱাৰো বুলিলে নহব হে ভাই

                   ঢিলতে পৰিব ঢিল।

                   ক্ষত বিক্ষত অঙ্গ আবৰি,

                   মুখেদি ৰক্ত আহিব বাগৰি

                   কলিজাখনিও পৰিব ভাগৰি

                   তেহে খুলি যাব খিল

(৫)

অম্বিকাগিৰীৰ ‘চেতনা’ আৰু সমাজ ইতিহাসৰ পটভূমি

          ‘চেতনা’ত ওলোৱা বিজ্ঞাপনবোৰো সেই সময়ৰ প্ৰতিচ্ছবিখন তুলি ধৰে। কিতাপৰ বিজ্ঞাপনবোৰত সেইসময়ত প্ৰকাশিত কিতাপবোৰৰ বিষয়ে জানিব পাৰো। যোৰহাটৰ ‘আসাম পাবলিছিং হাউচে’ বিজ্ঞাপনত লিখিছে- আমাৰ প্ৰকাশিত তলত লিখা কিতাপকেইখনি পাঠক সমাজত বহু সমাদৰ পাইছে। অনুগ্ৰহ কৰি পঢ়ি চাওক আপুনিও ভাল পাব।

কিতাপবোৰ দিছে এনেকৈ- ‘বিদ্যাসাগৰ’ -শ্ৰীযুত চন্দ্ৰনাথ শৰ্মা; ‘‘আহোমৰ দিন’ -অধ্যাপক শ্ৰীযুত সূৰ্যকুমাৰ ভূঞা এম,এ; ‘ডেচদিমোনা’ -শ্ৰীযুত হিতেশ্বৰ বৰবৰুৱা ডাঙৰীয়া; ‘নিৰ্মালি’ – অধ্যাপক শ্ৰীযুত সূৰ্য কুমাৰ ভূঞা এম,এ; ‘চোৰাংচোৱাৰ চৰা’ -শ্ৰীনকুল চন্দ্ৰ ভূঞা ডাঙৰীয়া; ‘মালচ’ -শ্ৰীযুত হিতেশ্বৰ বৰবৰুৱা ডাঙৰীয়া৷ বিজ্ঞাপনত উল্লেখ আছে -আৰু আমাৰ ইয়াত প্ৰখ্যাত সাহিত্যিকবিলাকৰ লিখা আৰু প্ৰকাশিত কিতাপো পোৱা যায়। তলত লিখা কিতাপ সম্প্ৰতি আহিছে-‘আৰ্হি-তিৰুতা’ – শ্ৰীমতী স্বৰ্ণলতা ৰায় প্ৰণীত; ‘ৰবিঞ্ছন ত্রুচ’ – শ্ৰীবেণুধৰ শৰ্মা আৰু শ্ৰীগিৰীশচন্দ্ৰ নাথ প্ৰণীত; ‘সাবিত্ৰী’ -শ্ৰীয়ুত মহাদেৱ শৰ্মা; ‘মালা’ -শ্ৰীযুত লক্ষ্মীনাথ ফুকন।

পাঠশালাৰ ‘দেৱশৰ্মা এজেঞ্চী’য়ে বিজ্ঞাপন দিছে-“ৰচনা-প্ৰণালী-Assamese Composition, যাৰ পৰিচয় দিয়া হৈছে- নানাৰ্থক, বিশেষাৰ্থক, শব্দ, সৰল, মিশ্ৰ আৰু জটিল বাক্যাদিৰ বিশ্লেষণ, বিশেষাৰ্থক খণ্ডবাক্য আৰু যোজনাদিৰ ব্যৱহাৰ পৌৰাণিকক আধুনিকলৈ অনাৰ নিয়মাদি ভাগে ১ বিধে ১ দিয়াৰ উপৰিও বিশ্ববিদ্যালয়ৰ প্ৰশ্নবোৰৰ সমিধান দিয়া হৈছে। আন তিনিখন কিতাপ হ’ল: ‘বেউলা’- শিশু সাহিত্যৰ অমূল্য কিতাপ। সতীৰ পবিত্ৰ কাহিনী, চান্দৰ অটল প্ৰতিজ্ঞা, বিষহৰীৰ বিষয়ম সমস্যা পাঠ কৰক ৷

‘বন্ধু-বিয়োগত’-সমাজচিত্ৰ, প্ৰাকৃতিক দৃশ্য, শোকৰ বিননি, হাঁহিৰ খলকনি পদ্যত অপূৰ্ব সমাবেশ’ শান্তি শতক’-শোক তাপ ক্লিষ্ট সংসাৰৰ শান্তিৰ দুৱাৰমুখ। আন এটা বিজ্ঞাপন গুৱাহাটীৰ বি,এন,দে কোম্পানীৰ: ‘মুৰলী’ -নতুন,মধুৰ কবিতাৰ কিতাপ। শ্ৰীযুত সৰ্বেশ্বৰ শৰ্মা কটকী প্ৰণীত৷ আনটি বিজ্ঞাপন- ওলাল! মহাত্মা গান্ধীৰ ‘স্বৰাজ’ ওলাল৷ লেখক-ৰত্্নকান্ত বৰকাকতী।

অৰুণা বুকষ্টলৰ বিজ্ঞাপন: অধ্যাপক শ্ৰীযুত বাণীকান্ত কাকতি এম, এ, সম্পাদিত-মহাপুৰুষ ্ৰীত্ৰীমাধৱদেৱৰ ‘পিপড়া গুছুৱা আৰু চোৰধৰা’ -নাটক, সুন্দৰ হাতীদঁতীয়া কাকতত ছপা হৈ ওলাল। আসামৰ ছোৱালী পঢ়াশালীত পঢ়াবলৈ টেক্সবুক কমিটিয়ে মঞ্জ্বৰ কৰা শ্ৰীযুত কৃষ্ণকুমাৰ চৌধুৰী প্ৰণীত ‘চোৱালী পাঠ”; শ্ৰীযুত ৰত্নকান্ত বৰকাকতি প্ৰণীত ‘আলাপ’; শ্ৰীণুকদেৱ গোস্বামী প্ৰণীত ‘কোঁহ’।

গুৱাহাটীৰ উজান বজাৰৰ গগনচন্দ্ৰ পাটোৱাৰীয়ে বিজ্ঞাপন দিছে যে ‘অধ্যাপক সূৰ্য কুমাৰ ভূঞা এম,এ,প্ৰণীত’ দুখন কিতাপৰ: এখন ‘জয়মতী উপাখ্যান’-সৰল গদ্যত সতীৰ কাহিনী, একোখন নিয়ক! শিক্ষা বিভাগৰ ডাইৰেক্তৰ চাহাবে অসমীয়া ছোৱালী স্কুল বিলাকৰ কাৰণে লাইব্ৰেৰী আৰু প্ৰাইজ বুক ৰূপে ‘জয়মতী উপাখ্যান’ মনোনীত কৰিছে। ছাপা কাগজ চকুত লগা।

দ্বিতীয়খন আনন্দৰাম বৰুৱাৰ জীৱন চৰিত’’-কলিকতাৰ সৰ্বোৎকৃষ্ট ছাপাখানাত মনমোহাকৈ ছপা হ’ব লাগিছে। অলপতে ওলাব। আন এটি লক্ষণীয় বিজ্ঞাপন দিছে তেজপুৰৰ আমোলাপট্টিৰ শ্ৰীগুণাভিৰাম শৰ্মা আৰু গুৱাহাটীৰ দাস তালুকদাৰ এজেঞ্চিয়ে যাৰ শিৰোনাম ‘ৰাজনৈতিক আন্দোলনৰ বাট সুগম কৰক’।

তাৰ তলত উল্লেখ কৰা হৈছে- যিজন স্বাৰ্থ ত্যাগী দেশৰ উন্নতিৰ বাবে সৰ্বস্ব সঁপি দিছে, মাত্ৰ ডাক পৰা মাত্ৰকে নিজৰ আৰু পৰিয়ালৰ একমাত্ৰ জীৱিকাৰ উপায় ওকালতি ব্যৱসায় এৰি দি স্বৰাজ লাভৰ বাবে অহোপুৰুষাৰ্থ কৰিছে, সেই স্বদেশ হিতৈষী শ্ৰীযুত চন্দ্ৰনাথ শৰ্মাৰ তলত লিখা সুন্দৰ কিতাপকেইখন কিনি জাতীয় উন্নতি ব্ৰতত সহায় কৰক। উল্লেখ কৰা পুথিকেইখন হ’ল-মেট্ৰিকুলেছন কম্পজিচন, বিদ্যাসাগৰ, বছাফুল আৰু বছাফুলৰ কৰনি।-ইত্যাদি কিতাপৰ বিজ্ঞাপন ভালেকেইটা সংখ্যাত ওলাইছে।

          অন্যান্য বিজ্ঞাপনত চকু থলে পাওঁ: ‘ভৰালি ব্ৰাদাৰ্চ এণ্ড কোং সুৱালকুছি, কামৰূপ’ৰ বিজ্ঞাপনত লিখিছে- ১৫ বছৰৰ পুৰণি, ভাৰতৰ সকলো ঠাইতে এজেন্ট আছে। নিশ্চিন্তে বিশ্বাস কৰিব পাৰে। এণ্ডি, মুগা, পাটৰ শাৰী, আলোৱান, শাল, জ্যাকেট, কামেজ, কোটৰ থান আন ঠাইতকৈ সম্তাত পাব। জুনো কেমিক্যাল ওয়াৰ্কস, অন্নপ ভবন, বাঁবেড়িয়া, জেলা হুগলীৰ পৰা ‘আফিম ত্যাগেৰ মহৌষধ’ৰ বিজ্ঞাপনত লিখিছে- “আ্যালকলীন’’ ইহা ব্যৱহাৰে যেৰূপ ও যত দিনেৰ অভ্যাস হউক না কেন কোনৰূপ কষ্ট অনুভৱ না কৰিয়া আফিং মদ্য কৰিতে পাৰিবেন।…

          ‘চেতনা’ আছিল এখন মননশীল আৰু জাতীয় চেতনাসম্পন্ন আলোচনী। জাতীয় চেতনা সমৃদ্ধিত যে দেশীয় আৰু আন্তৰ্জাতিক ঘঠনা-প্ৰৱাহৰ এটা সংযোগ আছে ‘চেতনা’ সেই কথাৰ প্ৰতি সজাগ আছিল। সেয়ে জাতীয় জীৱনৰ প্ৰয়োজনীয় সকলো কথাকে ‘চেতনা’ই তুলি ধৰিবৰ যত্ন কৰিছিল। ‘চেতনা’ত প্ৰবন্ধিত হৈ আছে তৎকালীন সমাজ, ৰাজনীতি, অর্থনীতিৰ এখন বিশ্বাসযোগ্য ছবি৷

This article is published in the Mahabahu‘s historical book 175 Years of media in Assam & Beyond

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম
ASSAMESE SECTION

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

by Anjan Sarma
June 14, 2026
0

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম অঞ্জন শৰ্মা  ফেব্ৰুৱাৰী মাহৰ সময়, ১৮২৪ চন। অসম বিধ্বস্ত মানৰ আক্ৰমণত ! চৌদিশে...

Read moreDetails
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

May 1, 2026
অসমৰ নজনা বীৰৰ কথা

অসমৰ নজনা বীৰৰ কথা

March 19, 2026
selective focus photography of magazines

Ignorance is the real drug!

January 18, 2026
শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প’ কাও ছ্যু-কা-ফাক বিচাৰি

শিপাৰ সন্ধানত : কিংবদন্তী আৰু ইতিহাসৰ মাজেৰে প’ কাও ছ্যু-কা-ফাক বিচাৰি

December 2, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d