• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

অর্জুনৰ অপ্রত্যাশিত বিষাদ : বিষাদ যেতিয়া যোগ হয়

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
July 16, 2023
in Opinion
Reading Time: 6 mins read
0
অর্জুনৰ অপ্রত্যাশিত বিষাদ : বিষাদ যেতিয়া যোগ হয়
Share on FacebookShare on TwitterShare on LinkedIn

অর্জুনৰ অপ্রত্যাশিত বিষাদ : বিষাদ যেতিয়া যোগ হয়

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

শ্রীমদ্ভগৱদ্গীতাৰ প্রথম অধ্যায়ৰ নাম অর্জুনৱিষাদয়োগ। এই অধ্যায়ত বর্ণনা হোৱা দুটা অপ্রত্যাশিত ঘটনা বিশেষ ভাবে মন কৰিবলগীয়া।

গীতাৰ আৰম্ভণত কোনো অপ্রত্যাশিত ঘটনাৰ বর্ণনা নাই। কিন্তু পিছত হঠাতে দুটা অপ্রত্যাশিত ঘটনা ঘটে। প্রথম অধ্যায়ৰ এই দুই অপ্রত্যাশিত ঘটনাৰ বিশেষ তাৎপর্য আছে।

কুৰুক্ষেত্র যুদ্ধৰ দশম দিনা যেতিয়া পিতামহ ভীষ্ম শৰশয্যাত পৰিল, তেতিয়া সেই খবৰ পাই ধৃতৰাষ্ট্র বিচলিত হৈ পৰিল। তেওঁ ভবা নাছিল যে অজেয় বীৰ ভীষ্ম ৰণত পৰিব।

অন্ধ ৰজাৰ দুচকুত অযুত আশা। তেওঁ ভাবিছিল ভীষ্ম-দ্রোণ হেন যোদ্ধা থকা আৰু সংখ্যাত পাণ্ডৱ সেনাতকৈ বেছি কৌৰৱ সেনাৰেই জয় হ’ব। কিন্তু ভীষ্ম ৰণত পৰাৰ খবৰে তেওঁক চিন্তাত পেলালে। তেতিয়াহে তেওঁ সঞ্জয়ক ব্যাসে দিয়া দিব্য-দৃষ্টি ব্যৱহাৰ কৰি যুদ্ধৰ খবৰ আৰম্ভণিৰ পৰা দিবলৈ ক’লে।

তেওঁ ক’লে:

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।

অর্থাৎ “ধর্মক্ষেত্র কুৰুক্ষেত্রত সমবেত মোৰ পুত্র সবে আৰু পাণ্ডৱে কি কৰিছিল?” ধৃতৰাষ্ট্রৰ এই প্রশ্ন সম্পূর্ণ প্রত্যাশিত।

ধৃতৰাষ্ট্রৰ চিন্তা “মামকা:” অর্থাৎ “মোৰ (পুত্র) সকল”ক লৈ। নিজৰ পুত্রসকলৰ প্রতি তেওঁ আসক্ত। তেওঁ বাহিৰৰ পৰা যিদৰে অন্ধ, ভিতৰৰ পৰাও অন্ধ। নিজৰ পুত্র সকলক লৈ, নিজ স্বার্থক লৈ তেওঁ অন্ধ।

ধৃতৰাষ্ট্রৰ বাবে ভীষ্মৰ শৰশয্যাৰ খবৰ অপ্রত্যাশিত, কিন্তু সেই অপ্রত্যাশিত খবৰ শুনি তেওঁ কৰা প্রশ্ন সম্পূর্ণ প্রত্যাশিত। ভীষ্ম যে ৰণত পৰিল, কৌৰৱে কিবা ভুল কৰিছিল নেকি? কেনেকৈ হৈছিল যুদ্ধ?

অর্জুনৰ অপ্রত্যাশিত বিষাদ : বিষাদ যেতিয়া যোগ হয়

এইবোৰ কথা তেওঁ জানিব বিচৰা স্বাভাবিক, আৰু সেই বাবেই তেওঁ প্রশ্ন কৰিছে যে কৌৰৱে আৰু পাণ্ডৱে কি কৰিছিল? সেই প্রশ্নেৰেই যিহেতু গীতা আৰম্ভ হয়, আমি ক’ব পাৰো যে গীতাৰ আৰম্ভণত একো অপ্রত্যাশিত নাই।

তাৰ পিছত সঞ্জয়ে দিয়া বর্ণনাতো কিছু সময়ৰ বাবে একো অপ্রত্যাশিত, অসাধাৰণ নাই কাৰণ সেই যুগৰ যুদ্ধ যিদৰে হৈছিল, তাৰেই বর্ণনা তেওঁ দিছে : দুই সেনাৰ মুখামুখি সমৰসজ্জা, দুর্যোধনে দ্রোণাচার্যৰ ওচৰত পাণ্ডৱ পক্ষৰ আৰু নিজৰ পক্ষৰ প্রধান বীৰ সকলৰ নাম উল্লেখ কৰা, সকলো প্রকাৰে ভীষ্মক ৰক্ষা কৰাৰ গুৰুত্বৰ কথা কোৱা (ভীষ্মৰ দৰে বীৰক আনে ৰক্ষা কৰিব লগীয়া হোৱাটো আচৰিত যেন লাগে, কিন্তু ভীষ্মই যিহেতু স্ত্রীৰ ওপৰত অস্ত্র প্রয়োগ নকৰে, আৰু পাণ্ডৱৰ পক্ষে যুদ্ধ কৰা শিখণ্ডী মহাৰথী যিহেতু এটা সময়ত স্ত্রী আছিল, দুর্যোধনৰ ভয় হৈছিল যে কিবা প্রকাৰে শিখণ্ডীক ব্যৱহাৰ কৰি ভীষ্মক পাণ্ডৱে হৰুৱাব পাৰে; আৰু লগতে তেওঁ ভাবিছিল যে ভীষ্ম জীয়াই থকালৈকে কৌৰৱক হৰুৱা অসম্ভৱ), যুদ্ধৰ আগমুহূর্তত কৌৰৱ আৰু পাণ্ডৱ উভয় পক্ষৰ প্রধান বীৰ সকলে শঙ্খনাদেৰে নিজৰ পক্ষৰ যোদ্ধাসকলক উৎসাহ আৰু শত্রুপক্ষক প্রত্যাহ্বান দিয়া, আদি।

দুর্যোধনে আচার্য দ্রোণৰ সৈতে কথা পাতোতে তেওঁ নিজৰ অহংকাৰ আৰু কপটতাৰ চিনাকি দিছে। নিজৰ আচার্যৰ প্রতি তেওঁ কোনো সন্মান দেখুউৱা নাই। তেওঁৰ ভাষা শিষ্যই গুৰুৰ সৈতে কৰা সম্বাদৰ ভাষা নহয়, ৰজাই নিজৰ সেনাৰ এজন প্রধান যোদ্ধাৰ সৈতে কথা পতাৰ ভাষাহে।

আকৌ দ্রোণাচার্যৰ ৰজা দ্রুপদৰ সৈতে থকা শত্রুতাৰ পুৰণি ঘাঁত নতুন আঘাত হানি দুর্যোধনে কৈছে যে দ্রুপদ-পুত্র ধৃষ্টদ্যুম্নই এতিয়া পাণ্ডৱৰ পক্ষত ৰণৰ বাবে সাজু। ধৃষ্টদ্যুম্নৰ জন্ম দ্রোণাচার্যৰ মৃত্যুৰ কাৰক হ’বলৈ, কিন্তু সেই কথা জানিও দ্রোণাচার্যই ধর্ম অনুসৰি ধৃষ্টদ্যুম্নক নিজৰ শিষ্য হিচাপে স্বীকাৰ কৰিছিল আৰু সকলো অস্ত্র-শস্ত্র বিদ্যাত পার্গত কৰি তুলিছিল।

এতিয়া দুর্যোধনে এইবোৰ কথা সোঁৱৰাই দ্রোণাচার্যক উপলুঙা কৰিছে। স্বাভাবিকতে, দ্রোণাচার্যৰ খং উঠিছে, আৰু দুর্যোধনৰ কোনো এটা কথাৰে তেওঁ উত্তৰ দিয়া নাই। দুর্যোধনে ইয়াত নিজৰ অহংকাৰী, অসভ্য চৰিত্রৰ প্রদর্শন কৰিছে, গতিকে ইয়াতো একো অপ্রত্যাশিত নাই।

অর্জুনৰ অপ্রত্যাশিত বিষাদ : বিষাদ যেতিয়া যোগ হয়

প্রথম অপ্রত্যাশিত ঘটানাটোৰ বর্ণনা আছে ঠিক পাণ্ডৱ পক্ষৰ শঙ্খনাদৰ পিছতে। পাণ্ডৱৰ শঙ্খনাদে ধৃতৰাষ্ট্র-পুত্র সকলৰ হৃদয়ত কৰা ভয়ৰ সঞ্চাৰৰ বর্ণনা এনেকুৱা :

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् || 19||

“সেই তুমুল ধ্বনিয়ে আকাশ আৰু পৃথিৱীকো কঁপাই ধৃতৰাষ্ট্রৰ পক্ষে থকা সকলৰ (অর্থাৎ কৌৰৱ পক্ষৰ) হৃদয় বিদীর্ণ কৰি পেলালে”।

অলপ আগতে ভীষ্মৰ শঙ্খনাদ আৰু কৌৰৱৰ পক্ষৰ বীৰ সকলে বজোৱা বিভিন্ন যুদ্ধৰ বাদ্যৰ বর্ণনা দিওঁতেও সঞ্জয়ে কৈছে যে সেই শব্দ ভয়ানক হৈছিল (“স শব্দস্তুমুলো অভৱত”), কিন্তু সেই তুমুল শব্দ শুনি পাণ্ডৱে ভয় খোৱাৰ বর্ণনা নাই। পাণ্ডৱৰ শঙ্খনাদেহে কৌৰৱৰ হৃদয় বিদীর্ণ কৰাৰ বর্ণনা আছে। দিব্য-দৃষ্টি সম্পন্ন সঞ্জয়ে বর্ণনাত ভুল কৰা নাই, কৌৰৱে সঁচাকৈ ভয় খাইছে।

কিন্তু কৌৰৱে ভয় খোৱা কথাটো অপ্রত্যাশিত এই বাবে যে তেওঁলোকৰ সেনাৰ সংখ্যা পাণ্ডৱৰ সেনাতকৈ বহুত বেছি। পাণ্ডৱ সেনা সাত অক্ষৌহিনীৰ (১৫৩০৯০০ জন যোদ্ধা) আৰু কৌৰৱ সেনা ১১ অক্ষৌহিনীৰ (২৪০৫৭০০ জন যোদ্ধা), অথচ ভয় খাইছে কৌৰৱে, পাণ্ডৱে নহয়। ইফালে যুদ্ধৰ বাবে আগৰ পৰা চিঞৰ বাখৰ কৰি সাজু হৈ আছিলো কৌৰৱেই।

তাৰোপৰি এই প্রথম অধ্যায়ৰে ১০ নম্বৰ শ্লোকত দেখুউৱা হৈছে যে দুর্যোধনে বেছ আত্মবিশ্বাসেৰে দোর্ণাচার্যক কৈছে যে “ভীষ্মৰ দ্বাৰা ৰক্ষিত আমাৰ সেনা সকলো প্রকাৰে অজেয়; আৰু ভীমৰ দ্বাৰা ৰক্ষিত এওঁলোকৰ (পাণ্ডৱৰ) সেনাক সহজে হৰুৱাব পৰা যাব”।

নিজৰ সেনাৰ সংখ্যা পাণ্ডৱৰ সেনাতকৈ বহুত বেছি যদিও, আগৰে পৰা যুদ্ধ বিচাৰি থকাৰ পিছতো, আৰু অলপ আগেয়ে দুর্যোধনে আত্মবিশ্বাসসূচক কথা কোৱাৰ পিছতো, পাণ্ডৱৰ শঙ্খধ্বনিয়ে কৌৰৱক ইমানেই ভয় খুৱাইছে যে সঞ্জয়ে কৈছে যে সেই শব্দই ধৃতৰাষ্ট্রৰ পুত্রসকলৰ হৃদয় বিদীর্ণ কৰিছে।

কিয়? এইবাবে যে ধৃতৰাষ্ট্রৰ পুত্রসকলে জানে তেওঁলোক অধর্মৰ পক্ষে আৰু পাণ্ডৱ ধর্মৰ পক্ষে ঠিয় দি আছে। সত্যৰ পক্ষে, ধর্মৰ পক্ষে থকা জনৰ মনত বল থাকে, সাহস থাকে, আৰু অধর্ম, অসত্যৰ পক্ষে থকা জনৰ মনত সদায় ভয় থাকে।

সত্যৰ পক্ষে থাকিও কষ্ট সহিব লগীয়া হ’ব পাৰে। আচলতে সত্যৰ পক্ষে, ধর্মৰ পক্ষে থাকিও কষ্ট সহিব লগীয়া হ’ব পাৰে বুলি কোৱাতো বোধকৰো সম্পূর্ণ শুদ্ধ নহয়। সত্যৰ, ধর্মৰ পক্ষে থাকিলে কষ্ট সহিব লগীয়াটো নিশ্চিত বুলি ক’লেহে চাগৈ বেছি শুদ্ধ হ’ব।

এয়াও বোধকৰোঁ আধ্যাত্মিক জগতৰ এক পৰম ৰহস্য। পাণ্ডৱৰ সৈতে ভগৱান কৃষ্ণ থকা পিছতো তেওঁলোকৰ দুখ-দুদর্শাৰ অন্ত নাই। ভগৱানে নিজে ৰাম, কৃষ্ণ হৈ অৱতাৰ ধাৰণ কৰি বিপদ-বিঘিনিৰ সমুখীন নোহোৱাকৈ থাকিব পাৰিছিল জানো? কিন্তু সত্যৰ পক্ষে, ধর্মৰ পক্ষে থকাজনে কষ্ট সহিও, বিপদৰ সৈতে যুদ্ধ কৰিও, শান্ত, স্থিৰ, ভয়হীন হৈ থাকিব পাৰে।

অর্জুনৰ অপ্রত্যাশিত বিষাদ : বিষাদ যেতিয়া যোগ হয়

দুর্যোধন আৰু কৌৰৱ পক্ষই ভয় খোৱাৰ অন্য এটা কাৰণো থাকিব পাৰে। যুদ্ধৰ আগতে যেতিয়া কৃষ্ণই শান্তিৰ প্রস্তাৱ লৈ হস্তিনাপুৰলৈ যায়, তেতিয়া দুর্যোধনে পাণ্ডৱৰ বাবে বেজীৰ আগত যিমানকণ মাটি উঠিব পাৰে সিমানকণ মাটিও এৰি নিদিওঁ বুলিতো কয়েই, তাৰোপৰি কৃষ্ণক তাতে বান্ধি থোৱাৰ পৰিকল্পনাও কৰে।

তেতিয়া ভগৱান কৃষ্ণই সেই ৰাজ সভাত নিজৰ বিৰাট ৰূপ দেখুৱাই এক প্রচণ্ড অট্টহাস্য কৰিছিল।

পিছত স্বার্থান্ধ, মুর্খ দুর্যোধনে এয়া সকলো কৃষ্ণৰ মায়া বা যাদু বুলি উৰুৱাই দিছিল, কিন্তু এতিয়া সমুখ সমৰত অর্জুনৰ ৰথত কৃষ্ণক দেখি তেওঁৰ মনত ভয় সোমোৱা নাই বুলি নিশ্চিতকৈ ক’ব পাৰি জানো? তাতে তেওঁ আৰু তেওঁৰ সেনাই অর্জুনৰ হাতত পৰাস্ত হৈ পলায়ন কৰা বেছি দিন হোৱাই নাই! (এই বিষয়ে তলত থুলমুলকৈ কোৱা হৈছে)

দুয়ো পক্ষৰ শঙ্খনাদৰ পিছত অর্জুনে সাৰথি কৃষ্ণক কয় যে তেওঁ যেন ৰথখন দুই সেনাৰ মাজৰ এনে ঠাইলৈ লৈ যায় য’ৰ পৰা অর্জুনে চাব পাৰিব যে দুষ্ট দুর্যোধনৰ পক্ষে যুদ্ধ কৰিবলৈ কোন কোন আহিছে।

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे || 22||

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता: |
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: || 23||

অর্জুনে কৃষ্ণক কৈছে যে তেওঁ শত্রু পক্ষৰ কোন কোন যুদ্ধাভিলাষীৰ সৈতে যুদ্ধ কৰিব লাগিব, চাই ল’ব খুজিছে। তেওঁ আৰু কৈছে যে এই যুদ্ধক্ষেত্রলৈ দুবুর্দ্ধি দুর্যোধনৰ মঙ্গল বিচৰা কোনো কোন আহিছে তেওঁ চাব বিচাৰিছে। অর্জুনৰ ভাষাৰ পৰা স্পষ্ট যে তেওঁ বীৰোচিত কৌতুহলেৰেহে প্রতিপক্ষক চাব খুজিছে, যুদ্ধৰ বাবে তেওঁ সম্পূর্ণ সাজু।

কিন্তু যেতিয়া কৃষ্ণই ৰথখন ভীষ্ম, দ্রোণৰ সমুখত আৰু সমস্ত ৰজাসকলৰ মাজত থৈ অর্জুনক ক’লে যে “কুৰু সকলক চোৱা”, তেতিয়া সমুখত যুদ্ধৰ বাবে সাজু পিতামহ, আচার্য, আত্মীয় কুটুম, ভাই-বন্ধু সকলক দেখি অর্জুন শোকত ভাগি পৰে আৰু সমুখ সমৰত তেওঁলোকক মাৰি পাবলগীয়া ৰাজপাট তেওঁক নালাগে, দুর্যোধনৰ দৰে “আততায়ী” সকলে লোভান্ধ হৈ স্বজন বধৰ এই ভয়ংকৰ পাপ কৰিবলৈ ওলাইছে যদিও তেওঁ এনে কার্যত লিপ্ত হ’ব নোৱাৰে, তেওঁক নিৰস্ত্র দেখি তেওঁলোকে তেওঁক মাৰে যদিও মাৰক, এনেকুৱা অনেক কথা কয়।

স্বজন-বধৰ পৰা কেনেকৈ কুল-পৰম্পৰা নষ্ট হ’ব, সেই পৰম্পৰা নষ্ট হ’লে কিদৰে কুলৰ স্ত্রীসকল দুষ্টা হ’ব আৰু দুষ্টা স্ত্রীৰ পৰা বর্ণসংকৰ উৎপন্ন হ’ব, আৰু তেনেকৈ কুল-ধর্ম নষ্ট হোৱাৰ ফলত পিতৰ সকলে তেওঁলোকৰ প্রাপ্য পিণ্ডাদি নোপোৱা হ’ব আৰু এনেকৈ সম্পূর্ণ কুল ধ্বংস হ’ব – তেওঁ এইধৰণৰ অনেক যুক্তি-তর্ক আগবঢ়ায়, আৰু অস্ত্র ত্যাগ কৰি ৰথৰ পিছফালে বহি পৰে।

অর্জুনৰ অপ্রত্যাশিত বিষাদ : বিষাদ যেতিয়া যোগ হয়

শোক-জর্জৰিত অর্জুনৰ মুখ শুকাই যায়, গাত পোৰণি উঠে, মন ভ্রমিত হৈ পৰে আৰু হাতৰ পৰা তেওঁৰ মহান গাণ্ডীৱ ধনু সৰি পৰে।

এয়াই হ’ল গীতাৰ প্রথম অধ্যায়ত ঘটা দ্বিতীয়টো অতি অপ্রত্যাশিত ঘটনা। এইটো বৰ আচৰিত ঘটনা। শোকত ভাগি পৰাৰ আগমুহূর্তলৈকে অর্জুনৰ এনে অৱস্থা হ’ব বুলি ধাৰণাই কৰিব নোৱাৰি। প্রতিপক্ষত কোন কোন আছে তেওঁ চাই ল’ব খোজাটো যুদ্ধৰ আগমুহূর্তৰ এটা সাধাৰণ প্রক্রিয়া; এনেয়ে তেওঁ নাজানে জানো যুদ্ধ কাৰ সৈতে হৈছে, কোন কোন আছে কৌৰৱৰ পক্ষত?

ভীষ্ম-দ্রোণ সৈতে, বৰদেউতাকৰ পুতেকহঁতৰ সৈতে যুদ্ধ কৰিব লাগিব বুলিতো তেওঁ জানেই। আৰু কৌৰৱৰ সৈতে অর্জুনে কৰা এয়া প্রথম যুদ্ধ নহয়।

অজ্ঞাত বাসৰ শেষৰ পিনে পাণ্ডৱে মত্স্য দেশত ছদ্মবেশত থকাৰ সময়ত যেতিয়া সেই দেশৰ সেনাৰ অনুপস্থতিতিত কৌৰৱ সেনাই সেই দেশ আক্রমণ কৰিছিল, তেতিয়া ৰাজকুমাৰ উত্তৰ কুমাৰৰ সাৰথি হিচাপে যোৱা বৃহন্নলা-বেশী অর্জুনে অকলে যুদ্ধত ভীষ্ম, দ্রোণ, কর্ণ, কৃপ, দুর্যোধন আদি সকলো থকা সেই কৌৰৱৰ সেনাক পৰাস্ত কৰিছিল।

দুর্যোধন পলাবলৈ বাধ্য হৈছিল, কর্ণই প্রথমে ফেপেৰি পাতি পিছত কোনোমতে প্রাণ ৰক্ষা কৰি পলাবলৈ বাধ্য হৈছিল, আৰু ভীষ্মৰ বাহিৰে সকলোকে অর্জুনে অচেতন কৰি পেলাইছিল। কর্ণই অর্জুনক পৰাস্ত কৰিব পাৰে বুলি কৰা সকলো অহংকাৰ সেই দিনাই শেষ হ’ব লাগিছিল, কাৰণ অর্জুনে তেওঁক অতি বেয়াকৈ হৰুৱাইছিল, কিন্তু দম্ভালিৰে লম্ফ জম্ফ কৰাই যাৰ স্বভাৱ, তেওঁ সত্যক মানি নোলোৱাটোৱেই স্বাভাবিক।

দুর্যোধন বা কর্ণৰ দৰে কেৱল জিকিব বিচৰা মানসিকতাৰে অর্জুনে সেইদিনা যুদ্ধ কৰা হ’লে চাগৈ পিছত কুৰুক্ষেত্র যুদ্ধৰ প্রয়োজনেই নাথাকিল হেঁতেন, কিন্তু ধর্মৰ বাটৰ পৰা বিচলিত নোহোৱা অর্জুনে প্রয়োজনতকৈ অধিক শক্তি প্রয়োগ কৰা নাছিল।

ভীষ্ম আৰু দ্রোণই বুজি পাইছিল যে এই প্রলয়ংকাৰী বীৰ অর্জুনৰ বাদে আন কোনো হ’ব নোৱাৰে, আৰু অর্জুনেও তেওঁলোকৰ প্রতি যথাযোগ্য সন্মানেৰে যুদ্ধ কৰিছিল। বাকীবোৰেও প্রথমে সন্দেহ কৰিছিল আৰু পিছলৈ বুজি পাইছিল যে সেয়া মহাবীৰ অর্জুন, কিন্তু তেওঁলোকে প্রাণ লৈ পলোৱাৰ বাদে একো কৰিব পৰা নাছিল।

karna vs arjuna final war

        এনেকুৱাজন অতুলনীয় ক্ষত্রিয় বীৰ অর্জুন কুৰুক্ষেত্র যুদ্ধৰ আগমুহূর্তত ইমান দুর্বলচিতীয়া কেনেকৈ হ’ল? সাতশ শ্লোকৰ গীতাত একমাত্র এই প্রথম অধ্যায়ত যুদ্ধ কৰিবলৈ নিবিচৰা দুর্বলচিতীয়া যেন লগা অর্জুনে বহুত কথা কয়। পিছৰবোৰ অধ্যায়ত প্রয়োজনমতে তেওঁ কৃষ্ণক দুই এটা প্রশ্ন কৰিছে, কিন্তু ইয়াত তেওঁ নিজেই ধেৰ কথা কৈছে, প্রায় প্রলাপৰ দৰে।

সাহসী, অতুলনীয়, অপৰাজেয়, বীৰ অর্জুনে এই অধ্যায়ত কুমঙ্গল দেখি ভয় খোৱা বা চিন্তিত হোৱাৰ কথাও কৈছে। ইয়াত অর্জুনে কোৱা কিছুমান কথাৰ (বর্ণসংকৰৰ দ্বাৰা কুল-ধর্ম নষ্ট হোৱা কথা, তেওঁ অমঙ্গল দেখা) কৃষ্ণই কোনো অধ্যায়তে কোনো ধৰণৰ উত্তৰেই দিয়া নাই, কাৰণ বিচলিত মনৰ অর্জুনৰ প্রলাপৰ উত্তৰ দিয়াতকৈ কৃষ্ণই সেই সময়ত অর্জুনৰ আৰু অনবৰতে সকলোৰে কামত অহা কথা কোৱাতহে গুৰুত্ব দিছে।

অর্জুনে বহুত যুদ্ধ কৰিছে, কিন্তু কেতিয়াও তেওঁ এইদৰে বিষাদ-গ্রস্ত হোৱা নাই। যাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ এতিয়া তেওঁৰ পৰম সংকোচ হৈছে, সেই কৌৰৱকে তেওঁ যুদ্ধত আগতে বাৰুকৈ হৰুৱাই থৈছে। তেন্তে এইদৰে নিজৰ বীৰোচিত স্বভাৱ পাহৰি, উচিত-অনুচিত বিচাৰ, নৈতিকতা, ধর্মৰ, প্রশ্নেৰে ভাৰাক্রান্ত কিয় হৈছে তেওঁ? মনৰ গভীৰ বিষাদে তেওঁৰ শৰীৰটোও শিথিল কৰি পেলাইছে, যুদ্ধ কৰিব নোৱৰা এটা অৱস্থা হৈছেগৈ। কিয়?

অর্জুনৰ এই অপ্রত্যাশিত, গভীৰ বিষাদৰ কাৰণ তেওঁৰ সাৰথি : ভগৱান শ্রীকৃষ্ণ।

কোৱা যায় যে ভক্তই ভগৱানৰ ফালে এখোজ দিলে ভগৱানে ভক্তৰ ফালে দহ খোজ বা বহুত খোজ দিয়ে। অর্জুনৰ (আৰু সকলো পাণ্ডৱ আৰু কর্ণৰ) মাতৃ কুন্তী আৰু কৃষ্ণৰ পিতৃ বসুদেৱ দুয়োৰে পিতৃ আছিল যাদৱ ৰজা শূৰসেন, গতিকে কৃষ্ণার্জুনৰ সম্বন্ধ ককায়েক-ভায়েকৰ, আৰু দুয়োৰে বন্ধুত্ব আছিল অতি গভীৰ।

ভগৱানে অর্জুনক গীতাৰ উপদেশ দি তেওঁক উদ্ধাৰ কৰাৰ লগতে সমস্ত মানৱ জাতিৰ কল্যাণ কৰাৰ গুৰিতে আছে ভগৱানৰ অপাৰ কৃপা। কিন্তু লগতে এইটোও ঠিক অর্জুনৰ অতি উচ্চ মানৰ সাখ্য-ভক্তিৰ বাবে ভগৱানৰ তেওঁৰ প্রতি বিশেষ অনুগ্রহ আছিল।

kurukhetra 1

অর্জুনৰ সেই পৰম ভক্তিৰ অতি স্পষ্ট প্রমাণ মহাভাৰতৰ আমি সকলোৱে জনা কাহিনীতে আছে। যেতিয়া কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ হোৱাটো নিশ্চিত হৈ পৰে, আৰু দুয়ো পক্ষই সেনা গোটোৱাত লাগে, তেতিয়া কৃষ্ণৰ আৰু যাদৱ সকলৰ সহায় বিচাৰি কৌৰৱৰ হৈ দুর্যোধন আৰু পাণ্ডৱৰ হৈ অর্জুন কৃষ্ণৰ ওচৰলৈ যায়। কৃষ্ণ শুই আছিল বাবে দুয়ো অপেক্ষা কৰিলে।

সাৰ পাই তেওঁলোকৰ অনুৰোধ শুনাৰ পিছত কৃষ্ণই কয় যে তেওঁলোকে দুটা বস্তুৰ পৰা কাক কি লাগে বাচি ল’ব লাগিব : ১) নিৰস্ত্র ভাবে, যুদ্ধ নকৰাকৈ তেওঁ নিজে, আৰু ২) যুদ্ধত ভাগ ল’বলৈ তেওঁৰ নাৰায়ণী সেনা। দুর্যোধন প্রথমে গৈ পাইছিল বাবে প্রথমে তেওঁকেই কি লাগে বাচিবলৈ দিব লাগে বুলি তেওঁ কৈছিল, কিন্তু কৃষ্ণই ক’লে যে তেওঁ যিহেতু তেওঁৰ ভৰি-পথানত বহি থকা অর্জুনকহে প্রথম দেখা পাইছিল (শিতানৰ ফালে বহি থকা দুর্যোধনক নহয়) আৰু অর্জুন যিহেতু বয়সতো সৰু, সেইবাবে প্রথমে কি লাগে কোৱাৰ অধিকাৰ তেওঁ অর্জুনকহে দিব বিচাৰে।

যুদ্ধত অপৰাজেয় বুলি খ্যাত নাৰায়ণী সেনা আৰু নিৰস্ত্র কৃষ্ণৰ মাজত চয়ন কৰিবলৈ অর্জুনক অকণো সময়ৰ প্রয়োজন নহ’ল। বিনা দ্বিধাই, লগে লগে তেওঁ ক’লে যে তেওঁ নিৰস্ত্র কৃষ্ণক বিচাৰে। মনে মনে অর্জুনৰ “মূর্খামি”ত আচৰিত হোৱা দুর্যোধনে অস্ত্র-শস্ত্রেৰে সুসজ্জিত নাৰায়ণী সেনা নিজৰ বাবে লৈ আনন্দিত হয়।

নাৰায়ণী সেনাৰ সলনি নিৰস্ত্র কৃষ্ণক বিচৰা অর্জুনক ভগৱানে যদি বিশেষ কৃপা কৰে, তাত আচৰিত হ’বলগীয়া কি আছে? অর্জুনৰ কৃষ্ণৰ প্রতি অতি গভীৰ প্রেম, ভক্তি, শ্রদ্ধাৰ ফল স্বৰুপে তেওঁ ভগৱানৰ বিশেষ কৃপাৰ প্রার্থী হৈছে। যুদ্ধৰ আগমুহূর্তত অর্জুনৰ অন্তৰত কৰুণাৰ সঞ্চাৰ কৰি আৰু তাত গভীৰ বিষাদ ধালি দি অন্তর্যামী ভগৱানেই অর্জুনক গীতাৰ উপদেশৰ বাবে সাজু কৰিছে।

যুক্তি-তর্ক কৰি ভাল পোৱা বহুতো বুদ্ধিমান লোকে কেতিয়াবা প্রশ্ন কৰে যে কুৰুক্ষেত্র যুদ্ধৰ আগমুহূর্তত এইদৰে ইমানবোৰ শ্লোকত থকা কথা কৃষ্ণই অর্জুনক কেনেকৈ ক’লে? সেইটো সম্ভৱ হয় জানো?

kurukhetra1

ঘোৰ ৰণৰ ঠিক আগে আগে সাধাৰণ ভাবে দীঘলীয়াকৈ কথা পাতি থকাৰ সময়, সুবিধা নাই বুলি ভবাটো যুক্তি-সঙ্গত, কিন্তু ধর্মৰ প্রতিটো কথা কেৱল যুক্তিৰে জুখিব নোৱাৰি। হিন্দু পৰম্পৰাত গুৰুৱে শিষ্যক কেৱল বহুৱাইলৈ কথাকৈয়ে জ্ঞান নিদিয়ে। কেতিয়াবা গুৰুৱে শিষ্যক এটা এটাকৈ পাঠ শিকায় গৈ থাকে, আৰু শিষ্যৰ অন্তৰত বিবেক, বৈৰাগ্য, জ্ঞান, ভক্তি পোহৰ লাহে লাহে পৰিস্ফুট হয়।

কেতিয়াবা কিন্তু ভগৱানৰ কৃপাত গুৰুৰ অন্তৰৰ পৰা শিষ্যৰ অন্তৰলৈ বিবেক-বৈৰাগ্য, জ্ঞান, ভক্তিৰ প্রবাহ বলিবলৈ খুব কম সময় লাগে।১ শঙ্কৰাচার্যৰ শিষ্য গিৰীৰ (তোটকাচার্য) বিষয়ে শুনা যায় যে তেওঁ অতি সাধাৰণ, সৰল ভক্ত আছিল।

সুৰেশ্বৰাচার্য, পদ্মাপাদাচার্য, হস্তামলকাচার্যৰ ওপৰি অন্য লোকৰ উপস্থিতিত যেতিয়া শঙ্কৰাচার্যই উপদেশ দিয়ে, তেওঁ সদায় গিৰী আছে নে নাই খবৰ লয় কাৰণ গিৰীয়ে কেতিয়াবা গুৰু-সেৱাত ব্যস্ত থাকোতে প্রবচনৰ স্থানলৈ আহি পাওঁতে পলম হয়। এদিন শঙ্কৰাচার্যই প্রবচন আৰম্ভ কৰিবলৈ লৈ ৰৈ থকা দেখি কোনোবা এজনে ক’লে যে “প্রভূ, আৰম্ভ কৰিব পাৰি নেকি?” শঙ্কৰাচার্যই ক’লে যে গিৰী অহা নাই, তেৱোঁ আহক।

এনেকৈ ভালেমান পৰ হ’লত পুনৰ কোনোবা এজনে ক’লে যে “আৰম্ভ কৰিব পাৰি নেকি?” পুনৰ শঙ্কৰাচার্যই ক’লে যে গিৰী আহক, তেতিয়া কৰিম। অধর্য্য হৈ পৰা শিষ্য এজনে হঠাৎ কৈ পেলালে, “তেওঁ অহালৈ আমি কিয় ৰৈ থাকিব লাগে? এনেয়ো তেওঁ একো বুজি নাপায়”।

সন্দেহ নাই যে গিৰী তেওঁলোকৰ দৰে বুদ্ধিমান নাছিল, কিন্তু গিৰীৰ বিষয়ে তেনেকৈ কোনোবাই কোৱা শুনি গুৰু শঙ্কৰাচার্যৰ হৃদয়ত তেওঁৰ সেই হোজা শিষ্যৰ প্রতি দৈৱী কৃপা উঠলি উঠিল, আৰু তেওঁ হঠাৎ মৌন হৈ ধ্যানত বহি পৰিল। ইফালে ওচৰৰে নদীত গিৰীয়ে গুৰুৰ কাপোৰ ধোৱাত ব্যস্ত আছিল। কিন্তু শিষ্যবোৰে দেখিলে যে এতিয়া তেওঁ ওভতি আহিছে।

sankaracharya
শঙ্কৰাচার্য

আচৰিত হৈ তেওঁলোকে প্রত্যক্ষ কৰিলে যে গিৰীৰ মুখত যেন এক স্বর্গীয় আভা, আৰু গুৰুৰ ওচৰ পায়েই তেওঁ অতি সুন্দৰ, সুমধুৰ তোটকাষ্টকম্ গাই গুৰুৰ কৃপাৰ বন্দনা কৰিবলৈ ধৰিলে। এই ঘটনাৰ এটাই ব্যাখ্যা : ধ্যানত বহা মৌন গুৰুৰ হৃদয়ৰ কৃপা নদীয়ে সেই মুহূর্ততে সেই সৰল ভক্তৰ অন্তৰ পবিত্র কৰি তেওঁক জ্ঞানী কৰি পেলালে, তেওঁক পূর্ণতা দিলে।

তেওঁ ৰচনা কৰা কৃতজ্ঞতা-সূচক তোটকাষ্টকমৰ বাবে তেওঁৰ নাম তেতিয়াৰ পৰা তোটকাচার্য হ’ল, আৰু শঙ্কৰাচার্যই তেওঁক উত্তৰৰ পীঠ জ্যোতিৰ মঠত গুৰু হিচাপে অধিষ্ঠিত কৰিলে।

এনেধৰণৰ যিবোৰ কাহিনী আছে, সেইবোৰৰ পৰা এটা কথা স্পষ্ট হয় যে আমি সাধাৰণতে যিধৰণে বিদ্যা-শিক্ষা আহৰণ কৰোঁ আধ্যাত্মিক জ্ঞান আহৰণৰ তাতকৈ পৃথক এটা বাট আছে। কষ্ট কৰি পঢ়া-শুনা কৰা, গুৰুৰ পৰা শিক্ষা গ্রহণ কৰাৰ সাধাৰণ যিটো ব্যৱস্থা তাৰ গত্যন্তৰ নাই, সেই ব্যৱস্থা থাকিবই; কিন্তু কেতিয়াবা গুৰুৰ বা ঈশ্বৰৰ বিশেষ কৃপাত সর্বশ্রেষ্ঠ আধ্যাত্মিক জ্ঞান বা অভিজ্ঞতা অতি সহজে উপলব্ধ হ’ব পাৰে।

আধ্যাত্মিক জগতৰ বহুত কথাৰে যুক্তি-বিচাৰ সম্ভৱ নহয়। আধ্যাত্মিকতাতকৈ যুক্তিক বেছি গুৰুত্ব দিলে এনেবোৰ কথা মানিবলৈ টান হ’ব, কিন্তু যুক্তিৰ কোনো কাম নাই বুলি ভবাটোও শুদ্ধ নহয়। অযুক্তিকৰ কথা হ’লেই আধ্যাত্মিক কথা নহয়। বেছিভাগ অযুক্তিকৰ কথা জাবৰৰ দৰে পেলনীয়া। কিন্তু আধ্যাত্মিকতাৰ গূঢ় কথা কিছুমান কেৱল যুক্তিৰে বুজিব নোৱাৰি।

যুক্তিৰ ওপৰিও যে এনে কথা বুজাৰ এটা “প্রযুক্তি” আছে, সেইকথা আধ্যাত্মিকতাৰ বাটত খোজ দিয়া সকলে লাহে লাহে উপলব্ধি কৰিব পাৰে। খোজ নিদিলে বুজা টান, বুজোৱা টান। সাঁতোৰৰ বিষয়ে সকলো তাত্ত্বিক জ্ঞান আহৰণ কৰিলে আৰু ভাল সাঁতোৰবিদ সকলৰ কৌশল চাই শেষ কৰিলেই সাঁতুৰিব পাৰি জানো?

জগত–গুৰু ভগৱান কৃষ্ণই অর্জুনৰ হৃদয়ত গীতাৰ জ্ঞানৰ সঞ্চাৰ কৰিলে। পিছত ভগৱান বেদব্যাসে এই দৈৱী কৃপাৰ কথা ৭০০ শ্লোকত প্রকাশ কৰিলে আৰু তাকে আজি আমি শ্রীমদ্ভগৱদ্গীতা হিচাপে পাইছো। অর্জুনক এইদৰে গীতাৰ জ্ঞানৰ পাত্র কৰিবলৈ, এনে কৃপাৰ বাবে যোগ্য কৰিবলৈ ভগৱানে প্রথমে তেওঁৰ অন্তৰত কৰুণাৰ সঞ্চাৰ কৰিছে, বিষাদৰ সঞ্চাৰ কৰিছে।

অর্জুনৰ অপ্রত্যাশিত বিষাদ : বিষাদ যেতিয়া যোগ হয়

এই কৰুণা আৰু বিষাদৰ মূল হ’ল নিজৰ স্বার্থৰ কথা নাভাবি আনৰ কথা ভবা। দুর্যোধনক যিকোনো প্রকাৰে ৰাজমুকুট লাগে, আৰু তাৰ বাবে কোন ক’ত মৰে তেওঁৰ সেই বিষয়ে ভাবিবলৈ আহৰি নাই।

কিন্তু অর্জুনে কৈছে যে এই সুহৃদ সকলক মাৰি তেওঁলোকৰ প্রাণৰ বিনিময়ত পোৱা ৰাজপাট তেওঁক নালাগে। ধর্ম-বিশ্বাস-ভক্তি-জ্ঞানৰ পৰম্পৰাত এনে কৰুণা আৰু বিষাদক আমি দৈৱী কৰুণা বুলি কওঁ, কিন্তু তেনে পৰম্পৰাৰ বাহিৰতো এনে কৰুণা আৰু বিষাদে মহৎ পৰোপকাৰী দর্শনৰ সৃষ্টি কৰিব পাৰে, পৰোপকাৰৰ কর্মপ্রেৰণা দিব পাৰে।২

সংসাৰত আসক্ত জনৰ সুখ-দুখ দুয়োটা থাকে, কিন্তু অর্জুনৰ দৰে বিষাদ নাথাকে। এনে বিষাদ আৰম্ভ হয় সংসাৰক লৈ অসন্তুষ্টিৰে : সংসাৰত সকলো ঠিক নহয় বুলি জনা, আৰু তাৰ আধ্যাত্মিক সমাধান বিচৰা।

যেতিয়ালৈকে আমি নিজৰ ভোগ-আনন্দক লৈ মত্ত, আৰু সেই ভোগ আনন্দত যতি নপৰিবলৈ যিকোনো উপায় অৱলম্বন কৰিবলৈ সাজু, তেতিয়ালৈকে আমি দুর্যোধন, আৰু যেতিয়া আমাৰ অন্তৰত কৰুণাৰ সঞ্চাৰ হয়, উচিত-অনুচিত, উপকাৰ-অপকাৰ, হিত-অহিতৰ বিচাৰ হয়, তেতিয়া আমি অর্জুন। অর্জুনৰ বিষাদো যোগ, কাৰণ সেই বিষাদ কৰুণা-জনিত বিষাদ, আনৰ প্রতি স্নেহ, আনৰ দুখ-কষ্টৰ প্রতি সহৃদয়তাৰ ভাৱ।

আধ্যাত্মিক উন্নতিৰ প্রথম সোপান এই বিষাদ। গুৰুৰ অনুগ্রহ উপলব্ধ হ’লে এনে বিষাদ যোগ হৈ পৰে, জ্ঞান-প্রাপ্তিৰ মার্গ হৈ পৰে।

অর্জুনৰ অপ্রত্যাশিত বিষাদ : বিষাদ যেতিয়া যোগ হয়

টোকা

১. বিশ্বৰ বিভিন্ন প্রান্তত গঢ় লোৱা আধ্যাত্মিক পৰম্পৰাৰ কিছুমান সামঞ্জস্য চমকপ্রদ। ইংৰাজ কবি হপকিন্সে তেওঁৰ বিখ্যাত কবিতা Wreck of the Deutchlandত মানুহৰ হৃদয়ত ঈশ্বৰৰ কৃপা দুই ধৰণে নামিব পাৰে বুলি কৈছে : বসন্ত ঋতুৱে নিশব্দে, মনে মনে (নতুন কোঁহ, পাত, ফুলেৰে) আত্মপ্রকাশ কৰাৰ দৰে; বা হঠাতে, বিজুলি–চমক যেন এটা মুহূর্তত। ঈশ্বৰৰ কৃপাত লাহে লাহে, ক্রমাত হোৱা আধ্যাত্মিক পৰিবর্ত্তনৰ উদাহৰণ হিচাপে তেওঁ ছেইন্ট অগাষ্টিন (৩৫৪–৪৩০)ৰ কথা উল্লেখ কৰিছে আৰু দৈৱী কৃপাই হঠাতে কৰা পৰিবর্ত্তনৰ উদাহৰণ হিচাপে হপকিন্সে ছেইন্ট পল (৫–৬৫, অনুমানিক)ৰ কথা উল্লেখ কৰিছে।

২. ৰাজকুমাৰ সিদ্ধার্থই জৰা, মৃত্যু আদি দুখ দেখি সেই দুখৰ পৰা সকলোকে কেনেকৈ বচাব পাৰি সেই চিন্তা কৰিছিল, আৰু তেনেকৈ মহান বৌদ্ধ ধর্ম, দর্শন সৃষ্টি হৈছিল। বৌদ্ধ ধর্মত ঈশ্বৰ বা পৰলোকত গুৰুত্ব নাই, কিন্তু অহিংস, অনাসক্ত, সৎ জীৱন-পন্থাৰে নিজৰ আৰু জগতৰ কল্যাণ কৰাত গুৰুত্ব দিয়া হয়। কার্ল মার্ক্সৰ দর্শনত ঈশ্বৰ, ধর্ম আদিৰ স্থান নাই বুলি কব পাৰি, কিন্তু মার্ক্সৰ চিন্তাৰ মূল উৎস হ’ল কাম কৰি খোৱা দুখীয়া মানুহৰ প্রতি তেওঁৰ সহৃদয়তা (কৰুণা), আৰু তেওঁলোকৰ দুখ লাঘৱ কৰাৰ উপায়ৰ সন্ধান।

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast
Social Media

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

by ANUP SALOI
August 17, 2026
0

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds ANUP SALOI Have you ever witnessed a person always...

Read moreDetails
What Is a Life Well Spent? Lessons from Ancient Civilizations

What Is a Life Well Spent? Lessons from Ancient Civilizations

August 11, 2026
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 10, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
Why Are Young Indians So Angry? Anxiety, Social Media, and Rising Expectations

Why Are Young Indians So Angry? Anxiety, Social Media, and Rising Expectations

July 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d