অর্হতা আৰু সাফল্য
সঞ্জীৱ কুমাৰ নাথ
এক। অর্হতা আৰু সাফল্য : সংসাৰৰ নিয়ম, অনিয়ম
প্রশ্ন : “ডাঙৰ হ’লে কি কৰিবা?”
উত্তৰ : “উৰা জাহাজ চলাম”
ডাঙৰ হোৱা মানে কেৱল বয়স বঢ়া আৰু শৰীৰৰ ওজন, আয়তন বঢ়াই নহয়, ডাঙৰ হোৱা মানে সংসাৰৰ জটিলতাৰ বিষয়ে অৱগত হোৱা।
উৰা জাহাজ চলাব বিচাৰিলেই যে চলাব নোৱাৰি, আনকি উৰাজাহাজত উঠিবলৈ বিচাৰিলেও উঠিব পৰা নাযাব পাৰে—এইবোৰ কথা বুজিবলৈ লোৱা মানে ডাঙৰ হোৱা। বহুতো ভাল গুণ থকা, ভাল চৰিত্রৰ শিশু বা কিশোৰৰ সফলতাৰ দৌৰ আৰম্ভণিতে স্তব্ধ হৈ যাব পাৰে অর্থৰ অভাৱত, প্রতিকূল পৰিস্থিতিৰ বাবে।
অসৎ, এলেহুৱা, স্বার্থপৰ এজনো সাংসাৰিক অর্থত উন্নতিৰ শিখৰ পাবগৈ পাৰে। সংসাৰত কোনো নিয়ম নাই যে ভাল জনে ভাল ফল পাব, বেয়া জনে বেয়া ফল পাব। “অর্হতা অনুযায়ী সফল হয়”—এনে কোনো নিয়ম নাই।
তথাপিও সফল হ’বলৈ কষ্ট কৰিবলৈ ল’ৰা-ছোৱালীক শিকোৱা হয়। লাহে লাহে তেওঁলোকে বুজি উঠে যে বহুত কষ্টৰ অন্ততহে কেতিয়াবা সফল হ’ব পাৰি, আৰু কেতিয়াবা অনেক কষ্টৰ অন্তত সুফল পোৱা নাযাবও পাৰে। ভালদৰে পঢ়া-শুনা কৰা ল’ৰা-ছোৱালীৰ খেলা-ধূলা কৰিবলৈকো সময়ৰ নাটনি হয়।
প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে পঢ়া সকলে অত্যন্ত কষ্ট কৰিব লগীয়া হয়। উচ্চ শিক্ষাৰ অনুষ্ঠান এটাত গৱেষণা বা চাকৰি কৰিবলৈ, বিশেষজ্ঞ চিকিৎসক হ’বলৈ, বিজ্ঞান-প্রযুক্তিৰ ক্ষেত্রত গৱেষণা কৰিবলৈ বা ভাল প্রতিষ্ঠান এটাত কাম পাবলৈ কিমান কষ্ট কৰিব লাগে? দিনে-নিশাই কৰা পঢ়া-শুনা, গৱেষণা আদিৰ অন্তত সফল হ’ব পাৰিলে নিজকে ধন্য মনা যায়। দিনে দিনে প্রতিযোগিতা অধিক কঠিন হৈ গৈ আছে।
দুই। অর্হতা, অভিজ্ঞতা, ৰাজনীতি
কিছুমান ক্ষেত্রত অর্হতা নথকাজনৰ সাফল্য চমকপ্রদ হ’ব পাৰে। ভাৰতবর্ষৰ বহুতো মন্ত্রী-বিধায়ক উচ্চ-শিক্ষিত, কিন্তু প্রকৃততে আমাৰ দেশৰ ৰাজনীতিত শিক্ষাগত অর্হতাৰ কিমান গুৰুত্ব আছে? ৰাজনীতিত সফল হ’বলৈ কেনেধৰণৰ অর্হতা লাগে? অভিজ্ঞতাৰ কথা কোৱা হয়—যে কিছুমান কামত অভিজ্ঞতাৰ গুৰুত্ব বেছি। ৰাজনীতিতো অভিজ্ঞাতাৰ গুৰুত্ব খুব বেছি। কিন্তু কেনেকুৱা অভিজ্ঞতা?
আটাইতকৈ ডাঙৰ অভিজ্ঞতা হ’ল নির্বাচন জিকিব পৰা অভিজ্ঞতা। বাৰে বাৰে নির্বাাচন জিকা প্রতিজন নেতা বাৰু সঁচাকৈ সৎ, নিষ্ঠাবান, মানুহৰ উপকাৰ সাধিব খোজা মানুহ হয়নে?
এবাৰ এটা অতি পিছ পৰা অঞ্চলত প্রিছাইদিং অফিছাৰৰ দায়িত্ব বহন কৰিব লগীয়া হৈছিল। ভোটৰ আগদিনা সন্ধিয়া ভোটৰ সা-সৰঞ্জাম, কাগজ-পত্র বোৰ লৈ সেই ঠাইৰ সৰু বিদ্যালয় এখনত আমি গৈ ওলাইছিলোগৈ। বিজুলী সংযোগ নাই। ৰাতি আকাশৰ তৰা চাই বিদ্যালয়ৰ চোতালত বহি আছোঁ। কি সুন্দৰ দৃশ্য! সমস্ত আকাশখনেই যেন এটা তাৰকা-গৃহ। চহৰত এনে অন্ধকাৰো নাই, এনে আকাশো দেখা নাযায়।
মমবাতি জ্বলাই কাম কৰিব লগীয়া হোৱাত লগৰ মানুহ কেইজনে অসন্তুষ্টি প্রকাশ কৰিছিল।
কি কৰিম? তেওঁলোকক জাপানী জে’ন কাহিনী এটাকে ক’লোঁ – কেনেকৈ জে’ন সাধক এজনৰ যাত্রাত ৰাতি হ’লত তেওঁক গাঁৱৰ কোনো মানুহে আশ্রয় নিদিলে, আৰু মুকলি আকাশৰ তলতে তেওঁ ৰাতিটো পাৰ কৰিলে….. আৰু কেনেকৈ মাজৰাতি জোনাকৰ সৌন্দর্য উপভোগ কৰি তেওঁ মনে মনে গাঁৱৰ মানুহবোৰক ধন্যবাদ দিছিল—কাৰোবাৰ আশ্রয় পোৱা হ’লেতো এনে সুন্দৰ জোনাক উপভোগ কৰাৰ পৰা তেওঁ বঞ্চিত হ’ল হেঁতেন!
পিছদিনা পুৱা আন্ধাৰ-পোহৰতে আমি প্রাত:কৃত্য সমাপন কৰিবলৈ গৈছিলো জোপাহা গছেৰে ভৰা এখন হাবিলৈ। জোক বহুত, কিন্তু জোকৰ ভয় আটাইতকৈ ডাঙৰ ভয় নহয়। সেই জোপোহাবোৰৰ মাজত ঘোঁট ঘোঁট শব্দ কৰি কিছুমান গাহৰি ঘূৰি ফুৰিছিল।
সিহঁতৰ (গাহৰিবোৰৰ) উদ্দেশ্য আছিল প্রাত:কৃত্য সম্পন্ন কৰিবলৈ অহা ওচৰৰ মানুহৰ (তেওঁলোক লাগিলে সিহঁতৰ গৰাকী বা চিনাকি মানুহেই হওক বা সার্বভৌম ভাৰতৰ চৰকাৰী কর্ত্তব্য পালন কৰিবলৈ অহা প্রিছাইদিং, প’লিং অফিছাৰেই হওক) পৰা পুৱাৰ আহাৰ গ্রহণ কৰা। মানুহে ত্যাগ কৰা দ্রব্য গাহৰিৰ আহাৰ। বোধকৰোঁ সেই গাহৰি পালক সকলৰ বাবে গাহৰিক দিবলৈও আহাৰ গোটোৱা কষ্টকৰ আছিল, সেইবাবে গাহৰিৰ পুৱাৰ আহাৰ এনেকৈয়ে জোগাৰ হৈছিল।
ভোট দিবলৈ মানুহৰ হেঁচা-ঠেলা হৈছিল—বহুত মানুহ। দেখিলেই ধৰিব পাৰি তেওঁলোকৰ আর্থিক অৱস্থা অতি দূর্বল। ভোটাৰসকলৰ মাজত পঢ়িব লিখিব জনা মানুহ বৰ কম আছিল—বেছি ভাগেই টিপ চহি দিছিল। শিক্ষিত নোহোৱা বাবে নির্বাচনৰ সময়ত, ভোট কেন্দ্রত মানিব লগীয়া সাধাৰণ নীতি-নিয়মো অনেকে নাজানিছিল। কিছুমানে চিধাই কয় যে অমুক চিনত দিম ভোট। কিছুমানে মানে প্রায় সকলোৱে একেটা চিনৰ কথাই কৈছিল।
গোপনীয়তাৰ কথা তেওঁলোকে বুজি নাপায় বাবে সেইদৰে কি চিনত ভোট দিব সেয়া কৈ ফুৰি নির্বাচনৰ কামত নিয়োজিত মানুহ কিজনক অস্বস্তিত পেলাইছি। কৰিবলগীয়াতো একো নাই। জনতা জনার্দনে যাক ভোট দিয়ে দিয়ক। কিন্তু সেই সহজ সৰল, দুখীয়া, জীৱনত বহুত বাৰ নির্বাচনত ভোট দি নিজৰ প্রার্থীক জয়যুক্ত কৰা মানু্হখিনিয়ে বাৰু এটা বিশেষ চিনত ভোট দিবলৈ কিয় আহিছিল?
স্বাধীন ভাৰতৰ এই নিৰীহ, দৰিদ্র, অশিক্ষিত মানুহখিনিক এটা বিশেষ চিনত ভোট দিবলৈ কেনেকৈ প্রস্তুত কৰা হৈছিল? তেওঁলোকক সেইদৰে “প্রশিক্ষণ” দিয়াৰ বুদ্ধি তেওঁলোকৰ পছন্দৰ সেই অভিজ্ঞ নেতাৰেই নহয় জানো?
আৰু তেওঁলোকৰো এটা অর্হতা আছে – স্বাধীন ভাৰতবর্ষৰ নাগৰিক হিচাপে তেওঁলোকৰ প্রত্যাকৰে ভোট দিয়াৰ অধিকাৰ আছে। তেওঁলোকে যাক নির্বাচিত কৰিবলে উঠি-পৰি লাগিছিল, সেই নেতাৰ বা যোগ্যতা, অর্হতা কি? আচলতে তেওঁৰো অর্হতা প্রায় একে – তেওঁ ভাৰতৰ এজন নাগৰিক। তেওঁ সেই দৰিদ্র মানুহখিনিৰ ত্রাণকর্ত্তা হ’ব লাগিব বুলি কোনো নিয়ম নাই।
তেওঁলোকৰ ভোটেৰে জয়ী হৈ তেওঁলোকৰ হকে কাম কৰি টোপনি খতি কৰিব লাগিব বুলি কোনো নিয়ম নাই। নির্বাচনৰ আগতে ভোট খুজিবলৈ যোৱাৰ পিছত তেওঁ সেই অঞ্চললৈ এবাৰো নাযাব পাৰে—পাঁচ বছৰলৈ। যাব লাগিব বুলি কোনো নিয়ম নাই। মানুহখিনিৰ দুখ-দুর্গতিৰ খবৰ লৈ সেয়া নিবাৰণ কৰিব লাগিব বুলি কোনো নিয়ম নাই। সেয়া তেওঁৰ অর্হতাৰ ভিতৰত নপৰে।
তিনি। আধুনিক আধ্যাত্মিক গুৰুৰ অর্হতা
ৰামকৃষ্ণ পৰমহংসই কৈছিল যে সাধু তিনিবিধ : অধম, মধ্যম আৰু উত্তম।
অধম সাধুৱে আপোনাৰ ঘৰলৈ আহি ধন বিচাৰিব, বস্তু বিচাৰিব আৰু পিছত তর্ক কৰিব যে ইমান কম টকাৰে নহ’ব, আৰু লাগিব। মধ্যম সাধুৱে আহি আপোনাৰ জপনাৰ সমুখত ৰৈ মাত দিব অর্থাৎ ডাঙৰ কৈ ভগৱানৰ নাম লৈ আপোনাৰ দৃষ্টি আকর্ষণ কৰিব। আপুনি ওলাই গৈ যি দিয়ে তাকে লৈ বিনা শব্দে বা আপোনাক আর্শীবাদ কৰি আঁতৰি যাব।
উত্তম সাধু আপোনাৰ ঘৰলৈ নাহে। গছৰ তলত বা মন্দিৰৰ সুমখত, নদীৰ, সাগৰৰ পাৰত বহি থাকিব। কোনোৱে কিবা খোৱা বস্তু দিলে খাব, নিদিলে নাই। অন্ন, বস্ত্র, আশ্রয়ৰো যোগাৰ কৰিবলৈ যত্ন নকৰে। বতাহে উৰুৱাই নিয়া পাতৰ দৰে নিজকে যেন তেওঁ সঁপি দিছে ঈশ্বৰক।
নাজানো, ৰামকৃষ্ণই আজিৰ সফল সাধুবাবা, গুৰুজীসকলৰ বিষয়ে কি ক’লে হেঁতেন। ৰাজকুমাৰৰ পৰা ভিক্ষাৰী হৈছিল গৌতম বুদ্ধ। লাহ বিলাসত সাধনা কৰা নাছিল তেওঁ। শঙ্কৰাচার্যই ঘৰ এৰিছিল ভিক্ষু হৈ। যীশুৱে ঘৰ এৰি ঘূৰি ফুৰোঁতে নি:স্ব হৈ, ধন-বিত নোগোটোৱাকৈহে ঘূৰি ফুৰিছিল। কিন্তু আজিৰ গুৰুজী সকলৰ কথা বেলেগ। আজিৰ পৃথিৱীত এজন আধ্যাত্মিক গুৰু হ’বলৈ কেনেধৰণৰ যোগ্যতাৰ প্রয়োজন হয়?
বাহিৰৰ পৰা দেখিবলৈ, কথা বতৰা কোৱাত, “স্মার্ট” হ’লে ভাল, কাৰণ ৰাজনৈতিক নেতাসকলৰ দৰে এই গুৰুজী বাবাজীসকলো সামাজিক মাধ্যমত বৰ সক্রিয়। বঢ়িয়া এটা পাগুৰি, দীঘল ডাড়ি, চকুত লগা পোচাক—এই সকলোবোৰ দৰকাৰী। এই গুৰুসকলে বিজ্ঞান-প্রযুক্তিৰ আধুনিক জ্ঞানৰ কথাও কয়, কিন্তু লগতে অতি প্রাচীন, অন্ধবিশ্বাসী কথাও কয়। এইটো তেওঁলোকৰ এটা ডাঙৰ বৈশিষ্ট। চালনীৰ মাজেৰে চন্দ্র চোৱাৰ বৈজ্ঞানিক যুক্তি দিব পাৰে তেওঁলোকে।
অকণমান মন কৰিলেই দেখিব যে এইসকল সফল বাবাজী, গুৰুজীৰ মহানতাৰ কাহিনী বিলাই ফুৰোৱা হৈছে টিভিত, আৰু বিভিন্ন সামাজিক মাধ্যমত। নিযুত, কোটি জন তেওঁলোকৰ কথাত মুগ্ধ। প্রায়ে এই গুৰুজীসকলে বৰ বৰ ৰাজনৈতিক নেতাক সাক্ষাত কৰে; নেতাসকলেও তেওঁলোকক বেছ আদৰ সাদৰ কৰে।
কিন্তু এই গুৰুজীসকলৰ প্রকৃততে কোনো এটা ৰাজনৈতিক দলৰ সৈতে সম্বন্ধ থকা বুলি ক’লে ভুল হ’ব। তেওঁলোকৰ সম্বন্ধ হ’ল ক্ষমতাত থকা দলৰ সৈতে—সেয়া যি দলেই নহওক কিয়।
ৰামকৃষ্ণই উদাহৰণ দিয়া অন্ন-বস্ত্র-আশ্রয়ৰ সন্ধানত আপোনাৰ ঘৰলৈ অহা বেচেৰা সাধু আৰু এই আধুনিক “সাধু”ৰ মাজত আকাশ-পাতাল পার্থক্য। এওঁলোকে কোটি টকীয়া বেপাৰ কৰে, ভিক্ষা নকৰে। এওঁলোক ভিক্ষাৰী নহয়, ৰজা।
আটাইতকৈ আচৰিত কথাটো হ’ল যে এই গুৰু-ৰূপী ধনী বেপাৰীসকলৰ শিষ্যসকল নিৰক্ষৰ, হোজা মানুহ নহয়। আৰু অতীজৰ কোনো সন্ত-মহাত্মাৰ চাগৈ ইমান বৃহত সংখ্যক শিষ্য-শিষ্যা নাছিল।
এই আধুনিক, শিক্ষিত শিষ্যসকলৰ আকৌ গুৰুভক্তি ভয়ানক। ভয়ানক মানে সঁচাই ভয়ানক। সেইবাবে তেওঁলোকৰ মহান গুৰুসকলৰ নাম নোলোৱাই ভাল।
ঔঁ শান্তি:।
(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)