• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, January 31, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অলপ জীৱনৰ কথা, প্ৰধানমন্ত্ৰীৰে আপোনাৰ সংযোগ আৰু ডা°লক্ষ্মীপ্ৰিয়া, আই-এ-এছ

-ডা° সুকৃতি চৌধুৰী

by Admin
June 22, 2021
in Special Report
Reading Time: 2 mins read
0
অলপ জীৱনৰ কথা, প্ৰধানমন্ত্ৰীৰে আপোনাৰ সংযোগ আৰু ডা°লক্ষ্মীপ্ৰিয়া, আই-এ-এছ
Share on FacebookShare on TwitterShare on LinkedIn

–ডা° সুকৃতি চৌধুৰী |

ভাৰতৰ প্ৰধানমন্ত্ৰীক ৰাইজেই ভোটৰ দ্বাৰা নিৰ্বাচিত কৰি ৰাইজক প্ৰতিনিধিত্ব কৰি দেশখন চলাবলৈ পঠিয়ায় ৷ আমাৰ দেশখনত যিহেতু সকলো মানুহেই সমান, সেয়ে আমি প্ৰধানমন্ত্ৰীকো আমাৰ সমান আৰু আমাৰেই প্ৰতিনিধি বুলি ভাবি দেশখন চলোৱাৰ বাবে বিভিন্ন ক্ষেত্ৰত পৰামৰ্শ দিব পাৰো, তেওঁৰ পৰা কৰা কামৰ কাৰণ বিচাৰিব পাৰো আৰু পোণপটীয়াকৈ আমাৰ অভাৱ অভিযোগবোৰ জনাব পাৰো ৷ প্ৰায় ক্ষেত্ৰতে যে আমি মনতে ভাবো, ইমান ডাঙৰ মানুহ এজনে জানো মোৰ কথাত গুৰুত্ব দিব ? বা তেওঁক মই পোণেপোণে কিবা ক’ব খুজিলে বাৰু মোক কোনোবাই শাস্তি দিব নে কি ? —আমি এনেধৰণেৰে ভবা অনুচিত ৷ গণতান্ত্ৰিক দেশৰ প্ৰতিজন নাগৰিকৰ ওচৰতেই প্ৰধানমন্ত্ৰী জৱাহদিহি আৰু তেখেতক পৰমৰ্শ দিয়া বা আপোনাৰ অভাৱ-অভিযোগৰ কথা জনাবলৈ আপোনাৰ এশতকৰা এশভাগ অধিকাৰ আছে ৷ এয়া কোনো অপৰাধ নহয় ৷ …..
মই সপ্তম শ্ৰেনীলৈ প্ৰমোচন পোৱাৰ সময়ত ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়লৈ প্ৰায় দহ পৃষ্ঠা ভৰাই এখন চিঠি লিখিছিলো ৷ কত কিমান যে অভিযোগ কত কিমান যে পৰমৰ্শ দিছিলো ৷ নগদ চৈধ্য টকাৰে চিঠিখন ৰেজিষ্টাৰ্ড ডাকত ‘acknowledgement’ এখন লগাই পঠিয়াই দিছিলো ৷ এই যে চৈধ্য টকা বুলি ক’লো, এই টকা কেইটা গোটাবলৈ মই স্কুলৰ লেইজাৰত বন বগৰী বা চানা খাবলৈ নিয়া খুচুৰা পইচা কেইটা খৰচ নকৰাকৈ গোটাইছিলো ৷ মনত পৰিছে, বনশ্ৰী তালুকদাৰ নামৰ সমনীয়া ছোৱালী এজনীয়ে মৰমেৰে তাইৰ ভাগৰ চানা কেইটামান মোলৈ আগবঢ়াই দিছিল আৰু হাজাৰ মানা কৰিলেও নুশুনিছিল ৷ কাষতে বহি মৰমেৰে তাই সুধি থাকিছিল—“তোৰ মন বেয়া নে কি ? গাটো বেয়া হৈছে নে কি ? কিয় একো নেখাই আতঁৰি বহি আছ ? ” কত যে মৰম তাইৰ ৷ অষ্টম শ্ৰেণীৰ পিছত আজিলৈকে তাইৰ একো খবৰেই নেজানো ৷  নিজক বৰ স্বাৰ্থপৰৰ দৰে লাগিছে ….দৃঢ়প্ৰতিজ্ঞ হৈছো, তাইক মই এদিন বিচাৰি উলিয়াইহে এৰিম ………..যি কি নহওঁক, এদিন ৰাষ্ট্ৰপতি ভৱনৰ পৰা কোনো এজন বিষয়াৰ চহীৰে মোলৈ স্কুলৰ ঠিকনাত এখন চিঠি আহিল ৷ লহকৰ ছাৰে বেটডাল জোকাৰি জোকাৰি কাঢ়াকৈ ক’লে —-“এইবোৰ কি ? কাৰ চিঠি ? মোৰ আগত খোল ৷ ” …..মই চিঠিখন আলফুলকৈ খুলিবলৈ ধৰিলো (ফাটি যোৱাৰ ভয়ত)…ছাৰৰ গালিবৰ্ষণ চলি থাকিল —“প্ৰফুল্ল চৌধুৰী (মোৰ দেউতাৰ নাম) মোৰ লগৰ আছিল ৷ আৰু আপীয়ে কৰিছে এইগিলাখন ৷ “

RelatedPosts

Hate Speech: Turning the tide

Hate Speech: Turning the tide

January 31, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023

….অবশেষত ছাৰৰ সন্মুখত চিঠিখন মেলি ধৰিলো ৷ ৰাষ্ট্ৰপতি ভৱনৰ পৰা কোনো এজন উচ্চ পৰ্যায়ৰ বিষয়াৰ চহীৰে মোলৈ লিখিছে —-আপোনাৰ কথাবোৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়ক জনোৱা হৈছে ৷ তেখেতৰ নিৰ্দেশ মৰ্মেই আপোনাৰ চিঠিখনত লিখা  সমস্যাবোৰৰ নিবাৰণৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা হ’ল ৷ “

মই কি যে আনন্দত নাচি উঠিছিলো ৷ ছাৰে চিঠিখন লৈ আন শিক্ষক সকলক দেখুৱাইছিল ৷ ছাৰে কৈছিল –“ঐ তই এইবোৰ কৰি আছা কিন্ত চেভেনৰ বৃত্তি নাপালে চাবি ৷ “

প্ৰসংগতে কৈ থওঁ পিছত জিলাখনৰ ভিতৰতে এটা স্থান লৈ চেভেনৰ বৃত্তিও পাইছিলো ৷ যি কি নহওঁক, অলপ দিনৰ পিছত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যলয়ৰ পৰা একেধৰণৰ এখন চিঠি আহিছিল ৷ সাৰমৰ্ম একেই –মোৰ কথাবোৰ প্ৰধানমন্ত্ৰী মহোদয়ক জনোৱা হৈছে আৰু তেখেতৰ নিৰ্দেশত শীঘ্ৰে ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট বিভাগক আদেশ দিয়া হৈছে ৷  ইয়াৰ পিছত অসম চৰকাৰৰ পৰাওঁ চিঠি আহিল ৷ বিভিন্ন বিভাগৰ পৰা তেওঁলোকে মই উল্লেখ কৰা সমস্যাবোৰৰ ওপৰত কি ব্যৱস্থা লৈছে তাৰ খতিয়ান দি চিঠি আহি থাকিল ৷ মই আচলতে কেতিয়াও এই ধৰণৰ ‘Overwhelming response’ পাম বুলি আশা কৰাই নাছিলো ৷ আচলতে ‘on ground’ কিমান কাম হৈছিল মই তাৰ খতিয়ান ল’ব পৰাকৈ বহুত সৰু আছিলো ৷ অষ্টম শ্ৰেণীত গাওঁখন এৰি অহাৰ পিছত মই উত্থাপন কৰা বিষয়বোৰত আচলতে কিনো ব্যৱস্থা ল’লে সেয়া জনাৰ সকলো সুবিধা চিৰদিনলৈ নোহোৱা হৈছিল ৷ ……এয়া বাৰু মোৰেই কথা ক’লো ৷ এতিয়া আহক বৰ্তমান যুগত আপুনি প্ৰধানমন্ত্ৰীৰ সৈতে কেনেদৰে যোগাযোগ কৰিব পাৰিব সেই বিষয়ে কৈ শুনাওঁঁ —

(১)চিঠিৰ জৰিয়তে
—————————
আপোনাৰ পৰামৰ্শ আৰু সকলো অভাৱ অভিযোগ চিঠিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মহোদয়ক লিখি জনাব পাৰে ৷ জৰুৰী নহয় যে আপুনি ইংৰাজী বা হিন্দীত লিখিব লাগিব ৷ সংবিধানে স্বীকৃতি দিয়া যিকোনো এটা ভাষাত লিখি চিঠিখন ডাকযোগে প্ৰধানমন্ত্ৰীলৈ এই ঠিকনাত প্ৰেৰণ কৰক —-
PRIME MINISTER’S OFFICE
SOUTH BLOCK
NEW DELHI–110011

(২) অনলাইন বাৰ্তা প্ৰেৰণ
———————————-
আপুনি মন কৰিলে ইন্টাৰনেটৰ জৰিয়তে অপোনাৰ কথাবোৰ প্ৰধানমন্ত্ৰী মহোদয়ক অনলাইন জনাব পাৰে ৷ ইয়াৰ বাবে www.pmindia.gov.in এই ৱেব ঠিকনাত write to PM online বুলি থকা option টোলৈ যাব ৷ আপোনাৰ সন্মুখত এতিয়া এখন ফৰ্ম খুলি যাব ৷ এই ফৰ্ম খন ফিল আপ কৰি আপোনাৰ বিষয়ে বিতংকৈ জনাব লাগিব ৷ তাৰ পিছত নিৰ্দিষ্ট কৰি দিয়া স্থানত আপোনাৰ পৰামৰ্শ বা অভাৱ-অভিযোগ কি আছে লিখি যাওঁক ৷

(৩)ফোনৰ জৰিয়তে
—————————
ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ ফোন নম্বৰ হ’ল >>>
011-23012312
কোনো এজন বিষয়াই আপোনাৰ কল উঠাব ৷ বিৰাট বেছি Urgency থকা আৰু তৎক্ষণাত বিষয়টো নিস্পত্তি নহ’লে দেশৰ বা ৰাইজৰ সামুহিক ভাৱে বৰ ডাঙৰ কিবা ক্ষতি হোৱাৰ সম্ভাৱনা থকা কথাৰ বাবেহে কল কৰিব ৷ অতিশয় গুৰুতৰ কথাৰ বাবে আপোনাৰ কল প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ transfer হ’ব পাৰে ৷ তেতিয়া পোণেপোণে তেখেতে কথা পাতিব ৷ কিন্ত এনেকুৱা rarest of the rare কথাত হে হয় ৷
কিন্ত ফোন কৰাতকৈ যদি আপুনি Fax কৰি আপোনাৰ কথাবোৰ প্ৰধানমন্ত্ৰী কাৰ্য্যালয়লৈ পঠিয়াই দিয়ে আপুনি নিঃসন্দেহে উচিত প্ৰতিক্ৰিয়া পাব ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ Fax নম্বৰ দুটা হ’ল —
011-23019545
011-23016857

(৪) ছ’চিয়েল মিডিয়াৰ জৰিয়তে
——————————————
আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীজনক আপুনি ছ’চিয়েল মিডিয়াৰ জৰিয়তেও যোগাযোগ কৰি আপোনাৰ পৰামৰ্শ বা অভাৱ-অভিযোগ জনাব পাৰে ৷ বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ ছ’চিয়েল মিডিয়াৰ লিংক কেইটা তলত দিলো —
Twitter
———-
https://twitter.com/narendramodi

Facebook
————–
https://www.facebook.com/narendramodi

Youtube
———–
www.youtube.com/user/narendramodi

Google Plus
——————-
plus.google.com/+NarendraModi

(৫) মোবাইল এপ্লিকেচনৰ দ্বাৰা
—————————————
দুটামান মোবাইল এপ্লিকেচনৰ দ্বাৰাও প্ৰধানমন্ত্ৰীলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰি ৷ আজিকালি বিভিন্ন বিষয়ৰ অজস্ৰ মোবাইল এপ ওলাইছে আৰু কোনটো সচাঁ আৰু কোনটো মিছা ধৰিবলৈ টান ৷ হেকাৰ সকলে মোবাইল এপৰ দ্বাৰা আপোনাৰ ব্যক্তিগত ডাটা চুৰ কৰি আপোনাৰ বেংকৰ একাউন্ট খালী কৰি দিয়াৰ লগতে আপোনাৰ ফটো আদিৰ অপব্যৱহাৰ কৰিব পাৰে ৷ সেয়ে মোবাইল এপ্লিকেচনৰ বিষয়টোত মই একো নিলিখাকৈ থকাৰ সিদ্ধান্ত ল’লো ৷ কাৰণ কেনেবাকৈ ভুল এপ্লিকেচন ডাউনলোড কৰিলে ই আপোনাৰ বাবে ঘাতক হৈ উঠিব পাৰে ৷ কিন্ত সেয়েে হ’লেও 2007 চনত ভাৰত চৰকাৰে PG Portal নামৰ অনলাইন ব্যৱস্থাৰে ৰাইজৰ অভাৱ-অভিযোগ শুনাৰ এটা ব্যৱস্থা আৰম্ভ কৰিছে ৷ ইয়াত আপুনি আপোনাৰ সমস্যা আৰু অভিযোগ বোৰ জনাব পাৰে ৷ PG Portal ত আপোনাৰ অভিযোগ দিয়াৰ পিছত আপোনাৰ সমস্যা বা অভিযোগ এবাৰ ৰেজিষ্টাৰ হোৱাৰ পিছত যেতিয়ালৈকে আপোনাৰ কথাটোৰ সমাধান তেতিয়ালৈকে তেওঁলোকে ইয়াক follow up কৰে ৷ ইয়াত দিয়া অভিযোগ সমাধান নোহোৱাৰ কথাই নাই। তাৰ বাবে আপুনি তলৰ ৱেবছাইটো খোলক —-
https://pgporta.gov.in
এতিয়া আপুনি ইয়াৰ Home page লৈ গৈ নিজকে গৈ প্ৰথমে ৰেজিষ্টাৰ কৰক ৷ মনত ৰাখিব pgportal ত অভিযোগ দিলে বিয়াগোম বাঘা বাঘা আমোলাৰো ভয়তে চুলি থিয় হয় বুলি কয় ৷ কাৰণ খোদ প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ে ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে সমাধান নোহোৱালৈকে দৈনিক feedback লয় ৷
এই গোটেই কথাটো Centralised Public Grievances Redress and Monitoring System বা চমুকৈ CPGRAM বুলি কয় ৷ আপোনাৰ যদি ইয়াৰ বিষয়ে কিবা আৰু ক’ব লগা /জানিব লগা বা অভিযোগ থাকে তেনেহ’লে তলৰ ঠিকনাত এখন চিঠি লিখক—
Deputy Secretary
Department of Admistrative Reforms and Public Grievances
Sardar Patel Bhawan
Parliament Street
New Delhi —110001
ফোন নম্বৰ  : 011-23401429

উপসংহাৰ
————-
CPGRAM ৰ কথা ওলাইছে যেতিয়া মই ডা° লক্ষ্মীপ্ৰিয়া, IAS ৰ কথা ক’বই লাগিব ৷ কেৰালাৰ কোনো এক ভিতৰুৱা গাওঁৰ দুখীয়া খেতিয়কৰ ছোৱালী মোৰ একেবয়সৰে লক্ষ্মীপ্ৰিয়াই MBBS কৰাৰ পিছত UPSC য়ে পতা পৰীক্ষাত প্ৰথমটো attempt তেই সফল হৈ IAS হৈছিল ৷ মোৰ বিদেশলৈ যাব খোজা বিষয়টোত জটিলতাৰ সৃষ্টি হোৱাত এই বিষয়টোৰ নিস্পত্তিৰ বাবে মই নিৰ্দিষ্ট বিভাগলৈ যাওঁতে তেওঁক লগ পাইছিলো ৷  দুয়োজনীৰ যে মানসিক chemistry একে সেয়া দেখি তবধ মানিছিলো ৷  আমাৰ তৎক্ষণাত বন্ধুত্ব স্থাপন হ’ল ৷ বিষয়টোক লৈ কথা পাতিবলৈ তেওঁ এদিন Lunch কৰাৰ সময়ত মাতিলে ৷ ক’লে যে তোমাৰ দাদাকো লৈ আনিবা ৷ দাদাই মোক লৈ গ’ল যদিও উপবাস আছে বুলি গোকাট মিছা কৈ ড্ৰইং ৰূমতে বহি থাকিল ৷ ভাত খাই ভিতৰৰ ৰূমত আমাৰ দুজনীৰ কথা শেষেই নোহোৱা হ’ল ৷ লক্ষ্মীপ্ৰিয়া মোৰ সৈতে কথাত ইমান বিভোৰ হৈ গৈছিল যে বিচনাত ভৰি কোচাই বহি আঠুত মুৰ গুজি শুনি আছিল ৷ আমি দুয়োজনী যেন শৈশৱৰ বান্ধৱীহে ৷ এপাকত দাদা উঠি আহি “আজিলৈ হ’ব নে কি ” জাতীয় কিবা এটা ক’ব খুজিলে ৷ লক্ষ্মীপ্ৰিয়াই আচলতে সন্মুখৰ ৰূমত যে অত সময় ধৰি এজন মানুহ বহি আছিল সেয়া বোলে পাহৰিয়েই গৈছিল আৰু হঠাতে দাদাক দেখি লাজতে ৰঙা-চিঙা  পৰি কোনোৰকম নিজকে চম্ভালি ল’লে ৷ দাদাইও ‘অ’হ ছৰি’ বুলি কৈ অলপ লাজ কৰি যাবই খুজিলে ৷ লক্ষ্মীপ্ৰিয়াইও “নাই নাই ইয়াতে বহকছোন” বুলি পানী এগিলাছ আনি দিলে ৷ আমি ঘুৰিলো ৷ পিছে মইয়ো কম নহয় ৷ ঘুৰি অহাৰ ওৰেটো বাট দাদাক জোকাই থাকি সুধিলো –“ আপুনি যে একেবাৰে ৰঙা পেলাই দিলে কথা কি হা ? কথা গৈ কিবা হেৰি পালেগৈ নে কি হা ? ”  মানুহজনৰ কাণ দুখন ৰঙা হৈ উঠিল ৷ “তোক চৰ লাগে নে কি ? ” —কৈয়েই হাঁহিবলৈ ধৰিলে ৷ “ঐ শুনচোন CP (কণাট্ প্লেচ) ত ভাল আইচক্ৰীম পায় তোক খুৱাই নিম ৷ ” —মইয়ো —“ হ’ব দিয়ক ঘোচ নেলাগে ৷ মই কাকো নকওঁ নহয় ” বুলি ক’লো ৷ আৰু এতিয়াও আপোনাক নোকোৱাকৈ থাকিলো নহয় নে হি হি ৷ শান্ত আৰু চিৰিয়াছ ধৰনৰ  মানুহক জোকাইও ভাল লাগে কেতিয়াবা ৷ গধুলী বৌৰ কল আহিল –“ঐ পোৱালী ছোৱালী , তই এই চিধা-চাধা মানুহটোক এনেকৈ জোকালি নে , হা হা হা”

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: প্ৰধানমন্ত্ৰী
Admin

Admin

Related Posts

Hate Speech: Turning the tide
Special Report

Hate Speech: Turning the tide

by Admin
January 31, 2023
0

Hate Speech UN Online hate speech might seem like an unstoppable tide, but strategies are being employed by governments, civil...

Read more
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

January 29, 2023
ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

January 29, 2023
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

January 27, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Hate Speech: Turning the tide

Hate Speech: Turning the tide

January 31, 2023
Afghanistan: Humanitarians await guidelines on women’s role in aid operations

Afghanistan: Humanitarians await guidelines on women’s role in aid operations

January 31, 2023
Two years on from Myanmar military coup!

Two years on from Myanmar military coup!

January 31, 2023
“মে ডাম মে ফী “– এটি দৃষ্টি …

“মে ডাম মে ফী “– এটি দৃষ্টি …

January 31, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    411 shares
    Share 164 Tweet 103
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    235 shares
    Share 94 Tweet 59
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    57 shares
    Share 23 Tweet 14
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    84 shares
    Share 34 Tweet 21
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    40 shares
    Share 16 Tweet 10
  • ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

    87 shares
    Share 35 Tweet 22
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    26 shares
    Share 10 Tweet 7
  • Hell on Earth: Russia is creating an ecological catastrophe in Ukraine

    88 shares
    Share 35 Tweet 22
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: