–তনয় চক্ৰৱৰ্তী |
হ’ব পাৰে কৰ’নাময় পৰিৱেশ, হ’ব পাৰে- সময়মতে অনুষ্ঠিত নহ’ল, হ’ব পাৰে- বহুত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, কিন্তু তথাপিও সময় হিচাব কৰি আছে বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকসকলে, সকলোৰে দৃষ্টি এতিয়া ট’কিওৰ ফালে। আৰু মাত্ৰ তিনিদিন পিছতেই আৰম্ভ হ’ব -‘দ্যা গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’! অসমৰ পৰা যিদৰে লাভলীনা গৈছে, মণিপুৰৰ পৰা যিদৰে মেৰী কম গৈছে, তেনেদৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মহাৰথীসকল ট’কিওত উপস্থিত হৈছে আৰু সকলোৰে চকুৰ সন্মুখত পদকবোৰ ভাঁহি আছে। হয়, যোগদানেই বহুত ডাঙৰ কথা, তথাপিও পদক ডিঙিত ওলোমাব পৰাৰ আনন্দই অতুলনীয়, কাৰণ ইয়াৰ সৈতে জড়িত হৈ থাকে লক্ষ লক্ষ, কোটি কোটি মানুহৰ আৱেগ, উচ্ছাস, গৌৰৱ, আনন্দ। কোনোবাই আনন্দতে নিগৰা চকুপানীৰে তিয়াই তুলিব সোণৰ পদক, কোনোবাই ৰূপ, কোনোবাই ব্ৰঞ্জ, কোনোবাই খালীহাতে উভতি আহিব নিজ দেশলৈ – বছৰ বছৰ ধৰি কৰি থকা কৃচ্ছসাধনৰ অন্তত হোৱা মুকলি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত। বহু প্ৰতিযোগী, পদক মাত্ৰ তিনিটা; গতিকে সকলোৰে বাবে সম্ভৱ নহয় পদক অৰ্জন। তথাপিও অলিম্পিকত অংশগ্ৰহণ কিন্তু সহজ ঘটনা নহয়! আমি যিদৰে লাভলীনালৈ লক্ষ্য কৰি থাকিম, দেশে দেশে কোটি কোটি নাগৰিকে একেদৰেই সেই দেশবোৰৰ প্ৰতিযোগীসকলকো লক্ষ্য কৰি থাকিব – সূৰ্যোদয়ৰ দেশত সূৰ্যোদয়ৰ বাবে। কিন্তু এইবেলি যেন আগৰ দৰে হৈ থকা নাই অলিম্পিক! এক চেপা উত্তেজনা, ভীতিভাৱ, আতংকই সকলোকে হেঁচা মাৰি ধৰি আছে! হয়, কোভিড ভাইৰাছৰ আতংকই এখন বিশাল জালেৰে সকলোকে বন্দী কৰি থৈছে, কোন সময়ত কাৰ নাকৰ ফুটাৰে প্ৰৱেশ কৰে- কোনেও নাজানে! অলিম্পিকলৈ অহা অংশগ্ৰহণকাৰীৰ পৰা আৰম্ভ কৰি জাপান চৰকাৰ, আৰু জাপানৰ নাগৰিক – কোনো যেন মুক্ত নহয়। জাপানৰ বুজন সংখ্যক নাগৰিকে জাপানত অলিম্পিকৰ বিৰোধিতা কৰিছে। কোনো ৰাজনৈতিক কাৰণত নহয়, কোভিড ভাইৰাছৰ আতংকত! ১৮/০৭/২০২১ তাৰিখে, দেওবাৰেও জাপানত বিক্ষোভ প্ৰদৰ্শন কৰিছে বহুসংখ্যক জাপানীয়ে। তেওঁলোকৰ ভয় হৈছে – অলিম্পিক সমাপ্ত হোৱাৰ পিছত জানোচা ছুনামিৰ দৰে জাপানত আচাৰ খাই পৰে কোভিড ভাইৰাছৰ আগ্ৰাসন – যাক বাধা দিয়াৰ ক্ষমতা নাই ইয়োছিহিদে চুগা চৰকাৰৰ! জাপানৰ জনতাক নিয়ন্ত্ৰণত ৰখাৰ লগতে কৰ’নাকো চম্ভালিবলৈ চুগা চৰকাৰে ইতিমধ্যে জাপানত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। ইতিমধ্যে কৰ’নাৰ আক্ৰমণ আৰম্ভ হৈছে অলিম্পিক গেমছ্ ভিলেজত। এই লেখাৰ সময়লৈ দুজন প্ৰতিযোগীক ধৰি চাৰিজন পজিটিভ! অলিম্পিক কমিটিৰ প্ৰতিবেদন অনুসৰি অলিম্পিকৰ সৈতে জড়িত ৫৫ জন এই পৰ্যন্ত আক্ৰান্ত। টকিঅ’ মহানগৰতো আক্ৰান্ত কিছু আছেই। গতিকে চেপা উত্তেজনা সকলোস্তৰতে অনুভূত হৈছে, কোনো যেন মুক্ত নহয়। এক অবিস্মৰণীয় অলিম্পিক! কোভিড ভাইৰাছৰ উপস্থিতিত এইবাৰ টোকিঅ’ত হ’ব বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়ানুষ্ঠান। উল্লেখযোগ্য যে আমেৰিকাৰ পাৰমাণৱিক বোমাৰ আঘাতত বিধ্বস্ত হৈ পৰা জাপানে, হিৰোছিমা-নাগাছাকিৰ দেশ জাপানে, এছিয়াৰ প্ৰথমখন দেশ হিচাপে ১৯৬৪ চনত অলিম্পিক গেমছৰ আয়োজন কৰি আৰু সেই অলিম্পিকত প্ৰযুক্তিৰ অনন্য শৈলী প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছিল জাপানে। এইবাৰো জাপানৰ বাবে অগ্নিপৰীক্ষা! আমি সেইবাবেই ইমান হতাশজনক পৰিস্থিতিৰ মাজত থাকিও জাপানৰ ভূমিত হ’বলগীয়া, সপোন সপোন লাগিবলগীয়া অলিম্পিকৰ অতুলনীয় দৃশ্য চাবলৈ ৰৈ আছোহক। সকলোকে অভিনন্দন।