–মৃণাল কুমাৰ মিশ্ৰ |
যোৱাকালিৰ দিনটোৰ ভাললগা তথা উৎসাহজনক খবৰটোৱেই হ’ল অসম জীয়ৰী ২৩ বছৰীয়া বক্সাৰ লাভলীনা বৰগোহাঁয়ে নিজৰ জীৱনৰ আটাইতকৈ আপুৰুগীয়া সপোনটো পূৰ্ণ কৰাৰ বাবে ইতিমধ্যে টকিঅ’ অলিম্পিক ক্ষেত্ৰত উপস্থিত হৈছেগৈ। সকলো ঠিকেই থাকিলে অলিম্পিকত লাভলীনাই নিজৰ প্ৰথমখন খেল খেলিব অহা ২৪ জুলাইত ভাৰতীয় সময় অনুসৰি পুৱা ৭.৩০বজাত। ইতিমধ্যে কেবাটাও বিশ্বমানৰ প্ৰতিযোগিতাত লাভলীনাই পদক দখল কৰিছিল যদিও এই পদকৰ ৰং তামবৰণীয়াৰ পৰা সোণালীলৈ পৰিৱৰ্তন কৰাৰ সপোন পূৰ্ণ কৰাৰ এই যাত্ৰাই হ’ব উত্তম সুযোগ। দীৰ্ঘদিনীয়া এই সপোন পূৰণ কৰাৰ পথত কালি আৰম্ভ কৰা যাত্ৰাৰ প্ৰথমতেই নিজ পিতৃ-মাতৃৰ পৰা আশীৰ্বাদ লয় লাভলীনাই। ৰোমত অন্তিম প্ৰশিক্ষণ সামৰি টকিঅ’ অভিমুখে আগবাঢ়িবলৈ গৈ বিমানবন্দৰৰ পৰাই মোবাইলৰ ভিডিও কলৰ সহায়ত পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামনি বৰগোহাঁইৰ পৰা আশীৰ্বাদ লভে লাভলীনাই।
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ অতি ভিতৰুৱা বাৰমুখীয়া গাঁৱত জন্ম লভা লাভলীনাৰ অলিম্পিকৰ স্বৰ্ণপদকেই আছিল আজন্ম লক্ষ্য। এই লক্ষ্যত উপনীত হ’বলৈ লাভলীনা সক্ষম হওক, আগন্তুক টকিঅ’ অলিম্পিক হৈ পৰক লাভলীনাৰ বাবে সৌভাগ্যৰ আকৰ, তাৰেই কামনাৰে সমগ্ৰ অসমবাসীৰ লগতে আমিও যাচিলোঁ অজস্ৰ শুভকামনা আৰু আশীৰ্বাদ। বিজয়ী হৈ আহা লাভলীনা।
#সামাজিক অৱক্ষয়ৰ বেদনাদায়ক ছবিখনঃ
আশঙ্কা কৰাৰ দৰেই অৱশেষত ঘটনাবোৰ ঘটিবলৈ আৰম্ভ কৰিছে। পৰীক্ষাবিহীন মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ নম্বৰৰ তালিকা প্ৰস্তুত কৰোতে অসাধু উপায় অৱলম্বন তথা অৰ্থৰ লেনদেনৰ বাবে কামৰূপ জিলাৰ দুখন বিদ্যালয়ৰ অধ্যক্ষকে ধৰি শিক্ষা বিভাগৰ কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল। অৰ্থাৎ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক ইচ্ছামতে নম্বৰ দি অনৈতিকভাবে অৰ্থ উপাৰ্জনৰ পথ বিচাৰি উলিয়ালে শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত এচাম মুখাপিন্ধা শিক্ষকে য’ত নৈতিকতাই হ’ব লাগিছিল সৰ্বোচ্চ বিচাৰৰ মাপকাঠী। কামটোত সহায় আগবঢ়ালে শিক্ষাবিভাগৰেই আন এচাম অসাধু কৰ্মচাৰীয়ে। ইয়াকে কৰিবলৈ গৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ লগত খেলা কৰিলে সেইসকল ছাত্ৰ-ছাত্ৰীৰ নিজৰেই অভিভাৱক সকলেও। কাৰণ এই আৰ্থিক লেনদেনৰ দৰে অসৎ উপায় অৱলম্বন কৰি নিজৰ ল’ৰা-ছোৱালীৰ নম্বৰৰ তালিকাত কিছু উচ্চ নম্বৰ যোগ কৰি তেওঁলোকৰ ভৱিষ্যৎ ধ্বংস কৰাত অৰিহণা যোগোৱা এইসকল অভিভাৱকো কিন্তু সমানেই দায়ী। সামাজিক অৱক্ষয় তথা নৈতিকতাৰ অধঃপতনে আমাক কিমান দূৰলৈ লৈ গৈছে, এয়া তাৰেই জ্বলন্ত উদাহৰণ।
আমাৰ দৃঢ় বিশ্বাস, ঘটনাটো মাথো দুখন বিদ্যালয়তে সীমাবদ্ধ নহয়। একেই ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন বিদ্যালয়ত। উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰতো যে এনে নঘটিব তাৰো কোনো নিশ্চয়তা কোনেও দিব নোৱাৰে। এক কথাত, পৰীক্ষা অবিহনে দুটা শিক্ষান্ত পৰীক্ষাৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ মূল্যাঙ্কনৰ যিটো পদ্ধতি চৰকাৰী উচ্চ ক্ষমতাসম্পন্ন কমিটি দুখনে নিৰূপণ কৰিলে, তাত যথেষ্ট কেৰোণ ৰৈ গ’ল। জোঁৰ পুৰি হাত পোৱাৰ সময়ত, ইয়াৰ ফল ভুগিবলৈ এতিয়া সকলো প্ৰস্তুত হোৱাৰ বাহিৰে অন্য উপায় নাই। নৈতিকতাৰ অৱক্ষয়ে অসমীয়া জাতিক আকৌ এবাৰ লজ্জিত কৰিলে।