–দিলীপ দৈমাৰী |
কাবুল আৰু ৱাশ্বিংটনৰ বাতৰি অনুসৰি দ্ৰুতগতিত কাবুলৰ পিনে আগবাঢ়িছে তালিবান! আফগানিস্তানৰ প্ৰায় ৩৫০ খন জিলাৰ অন্ততঃ ১৫০ খন জিলা ইতিমধ্যে তালিবানে দখল কৰিছে। ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি ভাৰতে কান্দাহাৰ আৰু হেৰাতৰ দূতাবাসৰ পৰা কৰ্মীসকলক ভাৰতলৈ লৈ আহিছে। এনে এক সময়ত কিন্তু ভাৰতক সম্পূৰ্ণ বাদ দি বা উপেক্ষা কৰি আফগানিস্তান, পাকিস্তান আৰু উজবেকিস্তানক লৈ নতুন এক গোট ( গ্ৰুপ) বা ‘কোৱাড গ্ৰুপ’ গঠন কৰিবলৈ উদ্যত হৈছে আমেৰিকা। বিদেনৰ আমেৰিকা।
আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা অনুসৰি আমেৰিকা, পাকিস্তান, উজবেকিস্তান আৰু আফগানিস্তানৰ প্ৰতিনিধিসকল লগ হৈ এক চতুৰ্দেশীয় কোৱাড বা কূটনৈতিক মঞ্চ গঠনৰ প্ৰস্তুতি চলাইছে। চতুৰ্ভূজ শক্তিৰ মূল লক্ষ্য হ’ল আঞ্চলিক স্তৰত নিবিড় সংযোগ স্থাপন আৰু শান্তি প্ৰতিষ্ঠা। কিন্তু এনে প্ৰচেষ্টাত ভাৰতক একেবাৰে বাদ দিয়া কিয় হ’ল, সেই সম্পৰ্কে প্ৰশ্নৰ উত্থাপন হৈছে। বাৰাক ওবামাৰ দিনৰে পৰা আমেৰিকাৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক মজবুত তথা আমেৰিকাৰ পৰা যুদ্ধাস্ত্ৰ কিনাকে ধৰি সন্ত্ৰাসবাদ সম্পৰ্কীয় কথাবোৰক লৈও ৱাশ্বিংটনৰ সৈতে নতুন দিল্লীৰ সম্পৰ্ক ভালেই। এইবোৰৰ বাবে পুৰণি বন্ধু ৰাছিয়াৰ সৈতেও সম্পৰ্ক বেয়া নোহোৱাকৈ ৰাখিবলৈ নতুন দিল্লী সক্ষম হৈ আছে। কিন্তু আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি বিদেনে এইবেলি ভাৰতক বাদ দি ৰখাত উত্তেজনা পৰিলক্ষিত হৈছে। ইয়াকে লৈ বিজেপিৰ সাংসদ সুব্ৰণ্যমণিয়ম স্বামীয়ে প্ৰশ্ন উত্থাপন কৰিছে। এক বিবৃতিৰ জৰিয়তে তেওঁ কৈছে যে ” চতুৰ্দেশীয় শক্তি গঢ়ি তুলিবলৈ নীতিগত সিদ্ধান্ত লৈছে বিদেন প্ৰশাসনে। ভাৰতক বাদ দিয়া হৈছে। এয়াই নেকি আমেৰিকাৰ সৈতে মোডী চৰকাৰৰ প্ৰকৃত সম্পৰ্ক?”
উল্লেখযোগ্য যে ভাৰতৰ বাবে ভৌগোলিক আৰু কৌশলগত কাৰণতেই আফগানিস্তানৰ গুৰুত্ব অপৰিসীম। আফগানিস্তানত ভাৰতে আন্তঃগাথঁনিৰ নামত বহুত ধন ব্যয় কৰিছে, আফগান বাহিনীক প্ৰশিক্ষণো দিছে ভাৰতৰ সৈন্যবাহিনীয়ে। কাবুলত ভাৰতৰ বন্ধু চৰকাৰ থাকিলে আফগানিস্তানত নাক সুমুৱাবলৈ পাকিস্তানৰ সমস্যা, কাৰণ আফগানিস্তানৰ পৰা ভাৰত-বিৰোধী কাম-কাজ চলাবলৈ অসুবিধা হ’ব। তাৰোপৰি কৌশলগতভাৱে পাকিস্তানক ঘেৰি পেলাবলৈও ভাৰতৰ সুবিধা হ’ব। কিন্তু কাবুলত তালিবানে ক্ষমতা দখল কৰিলে পাকিস্তানৰ ভাল হ’ব আৰু ভাৰতৰ অধিকাৰ খৰ্ব হ’ব। অল-কায়দা, লস্কৰ-ই-তৈবাৰ দৰে জঙ্গী সংগঠনবোৰে শিপা বিস্তাৰ কৰাত সহায় হ’ব আৰু এইবোৰৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব কাশ্মীৰত। তাৰোপৰি আফগানিস্তানত প্ৰভাৱ নাথাকিলে মধ্য এচিয়াত ভাৰতৰ ক্ষমতাও অপ্ৰাসঙ্গিক হৈ পৰিব। মঙ্গলবাৰে ২০ জুলাই, ২০২১ তাৰিখে কাবুলত আফগান ৰাষ্ট্ৰপতি আছৰফ গণিৰ প্ৰাসাদৰ কাষতেই তালিবানে ৰকেট আক্ৰমণ চলায়। মঙলবাৰে প্ৰাসাদৰ উদ্যানত ঈদৰ প্ৰাৰ্থনা চলি থকা সময়তেই ৰকেট নিক্ষেপ কৰে তালিবানে। অন্ততঃ তিনিটাকৈ ৰকেট নিক্ষেপ কৰা হয় প্ৰাসাদৰ সমীপত। নতুনকৈ তালিবানে আফগানিস্তান দখল কৰা কাৰ্য আৰম্ভ কৰাৰ পিছত এই প্ৰথমবাৰৰ বাবে ৰকেট আক্ৰমণো আৰম্ভ হ’ল আফগানিস্তানত, তাকো কাবুলৰত, ৰাষ্ট্ৰপতিৰ প্ৰাসাদৰ কাষত। যদিও তালিবানে এই পৰ্যন্ত স্বীকাৰ কৰা নাই ( কাৰণ ঈদৰ প্ৰাৰ্থনা চলি আছিল), সকলোৱে নিশ্চিত যে তালিবানেই ৰকেট নিক্ষেপ কৰিছে।
কাতাৰৰ ৰাজধানী দোহাত আফগান চৰকাৰৰ প্ৰতিনিধিৰ সৈতে তালিবান নেতৃত্বৰ বৈঠকত কোনো সমাধান সূত্ৰ নোলাল। সেই বৈঠকতেই তালিবানে স্পষ্টকৈ কৈছিল যে অইনবাৰৰ দৰে এইবাৰ ঈদৰ সময়ত সংঘৰ্ষ-বিৰতিৰ পথ তেওঁলোকে গ্ৰহণ নকৰে। সেই বক্তব্যৰ পিছতেই ৰকেট নিক্ষেপ! আফগান ৰাষ্ট্ৰপতিয়ে কৈছে যে ‘তালিবানসকলে প্ৰমাণ কৰিছে যে শান্তিপূৰ্ণ পৰিৱেশ তেওঁলোকৰ কাম্য নহয়।’
উল্লেখযোগ্য যে আফগানিস্তানত ক্ৰমান্বয়ে বৃদ্ধি পাইছে তালিবানৰ হাতোৰা। এখনৰ পিছত অইনখন প্ৰদেশ তালিবানে দখল কৰিছে। কেৱল পাক-আফগান সীমান্তই নহয়, তালিবানৰ লক্ষ্য একাধিক আন্তৰ্জাতিক সীমান্ত। ইতিমধ্যে আফগানিস্তানৰ সৈতে থকা ইৰাণ, উজবেকিস্তান, তাজাকিস্তানৰ সীমান্তৰ ঘাঁটি দখল কৰিছে তালিবানে। ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ পৰা বিচ্ছিন্ন হ’বলৈ ওলাইছে কাবুলীৱিলাৰ দেশ আফগানিস্তান। পুনৰ তালিবানৰ শাসনৰ অন্ধকাৰৰ দিনবোৰলৈ আগবাঢ়িছে আফগানিস্তান। ইতিমধ্যে তালিবানে যৌন-দাসীৰ বাবে তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ জাৰী কৰিছে – তালিবখন সকলৰ যৌন ক্ষুধা পূৰণ কৰিবলৈ। পুনৰ অন্ধকাৰ হৈ পৰিব আফগানিস্তান!
পৰিস্থিতি এনে হৈছে যে আফগান চৰকাৰী বাহিনীৰ বহুত সৈনিকে প্ৰাণ ৰক্ষা কৰিবলৈ তাজাকিস্তান আৰু উজবেকিস্তানলৈ পলায়ন কৰিছে। এনে সময়তে আফগানিস্তানৰ সীমান্তত উজবেকিস্তান আৰু তাজাকিস্তানৰ সৈতে যৌথ সামৰিক কুচ-কাৱাজ আৰম্ভ কৰিছে ৰাছিয়াই। গতিকে যি কোনো মুহুৰ্ততেই যুদ্ধৰ দাবানল বিয়পি পৰিব পাৰে। এনে সময়তে ভাৰতক প্ৰায় এঘৰীয়া কৰা হৈছে, আৰু তাকেই লৈ সুব্ৰহ্মণ্যমণিয়ম স্বামীয়ে প্ৰশ্ন উত্থাপন কৰা একেবাৰেই স্বাভাৱিক!!