-অসীম তালুকদাৰ |
‘কোৱা কি হৈছিল ? শাশ্বতীক কি কৈছিলা ?’ এইবাৰ অধ্যক্ষ চাৰে অলপ খঙেৰেই কলে ৷
উত্তৰত একো নোকোৱাকৈ তলমূৰ হৈ থিয় হৈ থাকিল ৰাহুল ৷ অংগনা বাইদেউ কাষতে ৰৈ আছে গতিকে সি মিছাও মাতিব নোৱাৰে ৷ যোৱা চাৰিমাহত এয়া তৃতীয়বাৰ অধ্যক্ষৰ অফিচলৈ ৰাহুলৰ বিৰুদ্ধে অভিযোগ আহিছে ৷ অপৰাধ একেটাই — একে শ্ৰেণীৰে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি অশালীন শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ ৷ ৰাহুলে ভয়ে ভয়ে এবাৰ অংগনা বাইদেউৰ ফালে চালে কিন্তু তেওঁৰ কঠোৰ মুখখন দেখি কোনো সহানুভূতিৰ আশা বাদ দিলে ৷
আজি দুটা ক্লাছৰ মাজৰ বিৰতিৰ সময়ৰ কথা ৷ টেবুলৰ তলত পৰা পেঞ্চিল এদাল হাতেৰে ঢুকি নোপোৱাৰ কাৰণে ভৰিৰে অলপ কাষলৈ আনিবলৈ চেষ্টা কৰিছিল শাশ্বতীয়ে ৷ তেতিয়াই সন্মুখত বহা ৰাহুলৰ গাত শাশ্বতীৰ ভৰিখন লাগিল ৷ ৰাহুলে ঘূৰি চাই কিবা কলে তাইক ৷ আচলতে যে ভুলকৈহে ভৰিখন লাগিছিল সেয়া শাশ্বতীয়ে ৰাহুলক বুজাবলৈ চেষ্টা কৰিলে ৷ কিন্তু ৰাহুলে নামানে ৷ তাৰ মতে শাশ্বতীয়ে ইচ্ছাকৃত ভাবে তাক ‘লাথ’ মাৰিছে ৷ অৱশেষত অলপ বিৰক্ত হৈ শাশ্বতীয়ে “তই ইমান ব’ৰ” বুলি কোৱাত ৰাহুল জাঙুৰ খাই উঠিল ৷ “মই ব’ৰ যদি তই কি ? তই ডবল ব’ৰ ৷ পেটলী কৰবাৰ ৷” পেটলী বুলি কোৱা কাৰণে শাশ্বতীৰ খং উঠি ৰাহুলক অলপ জোৰকৈ ঠেলি দিলে ৷ কিতাপৰ বেগটোৰে সৈতে ৰাহুলো কৰ্ফাল খাই পৰিল ৷ তেতিয়াই খঙত অগ্নিশৰ্মা ৰাহুলে শাশ্বতীক উদ্দেশ্যি এৰিছিল সেই বাক্যবাণ ৷ শ্ৰেণীৰ সমুদায় ছাত্ৰ ছাত্ৰীৰ লগতে সেই সময়তে শ্ৰেণীকোঠালৈ সোমাই অহা অংগনা বাইদেউও স্তম্ভিত হৈ পৰিল ৷ ত্ৰিছ বছৰীয়া শৈক্ষিক জীৱনত আজিলৈকে অংগনা বৰমুদৈয়ে কোনো ছাত্ৰ-ছাত্ৰীয়ে তেনে কথা কোৱা শুনা নাই ৷ আজি ষষ্ঠ শ্ৰেণীত পঢ়া এঘাৰ-বাৰ বছৰীয়া ল’ৰা এজনৰ মুখত শুনিবলৈহে বাকী আছিল !!
পঢ়াওতে আজি অকণো মন দিব নোৱাৰিলে অংগনা বাইদেৱে ৷ সময়তকৈ অলপ আগতেই ক্লাছটো শেষ কৰি ৰাহুলক লৈ অধ্যক্ষৰ অফিচ পালেহি ৷ থুলমুলকৈ কথাখিনি কলে প্ৰিন্সিপাল চাৰক ৷ কিন্তু সেই বিশেষ কথাখিনি তেওঁ কব নোৱাৰিলে ৷ সেয়ে অলপ খঙাল প্ৰকৃতিৰ অধ্যক্ষ যুগল বৰুৱাই ৰাহুলৰ পৰা শুনিব বিচাৰিছে ৷
– শাশ্বতীয়ে মোক ঠেলি পেলাই দিছিল ৷ সেয়ে মোৰ খং উঠিছিল ৷
– মই যি সুধিছো সেই প্ৰশ্নৰ উত্তৰ দিয়া ৷
– চাৰ প্লিজ ৷ আগলৈ কেতিয়াও নকৰো ৷
– মোৰ প্ৰশ্নৰ উত্তৰ দিয়া ৷
সেই সময়ত অধ্যক্ষৰ কোঠাত অন্য দুজন শিক্ষকো উপস্থিত আছিল ৷ সকলোৱে ৰাহুলৰ মুখলৈ চাই আছে ৷ অলপ সময় নিৰুত্তৰ আৰু তলমূৰ হৈ থাকি ৰাহুলে লাহে লাহে কলে ‘মই খঙতে কৈছিলো — শাশ্বতী, ইউ ব্লাডী হোৰ, ইউ ফা… বিটছ ৷’
গোটেই অফিচটোত কাঁহ পৰি জীণ যোৱা অৱস্থা ৷ নিজৰ অজানিতে প্ৰিন্সিপাল চাৰে সোঁহাতখনেৰে নিজৰ মুখখন ঢাকি ধৰিলে ৷ তেওঁ বিশ্বাস কৰিব পৰা নাই ৷ তেওঁ বাৰু ভুল শুনিলে নেকি ? নিজৰ স্কুলীয়া জীৱনৰ হাইস্কুলৰ প্ৰধান শিক্ষক হৰমোহন পাটগিৰিৰ কথা তেওঁৰ মনলৈ আহিল ৷ এবাৰ বন্ধু এজনৰ লগত কাজিয়া কৰা অপৰাধত দু্য়োজনকে গুৰুলা গুৰুলকৈ বেতেৰে কোবাইছিল ৷ যুগল বৰুৱাৰ পিঠিত বেতৰ দাগ বহি ৰৈছিল ৷ ঘৰত কথাটো গম পাই কিবা সহানুভূতি পোৱা বহুত দূৰৰ কথা, দেউতাকৰ পৰা পুনৰ পিটন খাইছিল ৷ পাটগিৰি চাৰে যে ভালেই কৰিছিল কথাটো আজিও যুগল বৰুৱাই হাড়ে হিমজুৱে বিশ্বাস কৰে ৷ কিন্তু আজিকালি সময় সলনি হ’ল ৷ ল’ৰা-ছোৱালীক এতিয়া শাৰীৰিক শাস্তি বিহিব নোৱাৰি ৷ অভিভাৱকে শিক্ষকক কোৰ্ট-কছাৰীলৈ টানি নিয়ে ৷ তেওঁ ৰাহুলক সকিয়াই দিলে পুনৰ যদি অভিযোগ আহে ৰাহুলক সেই মুহূৰ্ততে স্কুলৰ পৰা বহিষ্কাৰ কৰা হব ৷ ৰাহুলৰ মাক-দেউতাকক স্কুললৈ মাতি পঠিয়াই চিঠি এখন লিখিলে ৷
সিদিনা সন্ধিয়া আঠ মান বাজিছে ৷ কাম কৰা মানুহজনীয়ে ৰাতিৰ সাজ বনাই সকলোৰে কাৰণে ডাইনিং টেবুলত সজাই থৈ গৈছে ৷ এইমাত্ৰ কামৰ পৰা ঘৰ আহি পোৱা ৰাহুলৰ দেউতাক বিদ্যুতে সদায় কৰাৰ দৰেই কাপোৰ-কানি নসলোৱাকৈয়ে এক পেগ মদ লৈ বহিছে ৷ ৰাহুল কাষতে বহি আছে, কিন্তু ৰাহুলক তেওঁ এষাৰো মাত দিয়া নাই ৷ আধাঘণ্টা মান আগতে কামৰ পৰা আহি পোৱা ৰাহুলৰ মাক ৰশ্মিয়েও ইতিমধ্যে দ্বিতীয় গিলাচ ৱাইন বাকি লৈছে ৷ ৰাহুলৰ দিনটোৰ বিষয়ে আনকি মাকেও এবাৰো সোধা নাই ৷ তেতিয়াই বিদ্যুতে ৰাহুলক টিভি ৰিমোটটো ক’ত আছে বিচাৰি দিব দিলে ৷ চোফাৰ তলত পৰি থকা ৰিমোটটো ৰাহুলে দেখা নাছিল ৷ বিদ্যুতৰ ধৈৰ্যচ্যুতি ঘটিল ৷ চোফাখনৰ ফালে আঙুলিয়াই দি তেওঁ ৰাহুলক গৰজি উঠিল – ‘চকুৰে নেদেখ নেকি ? ইউ ষ্টুপিড মোৰণ ৷’ ফোনত কিবা চাই থকা মাকে এবাৰ কেৰাহিকৈ চালে ৷ একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি পুনৰ ফোন লৈ ব্যস্ত হৈ পৰিল ৷ একো নমতাকৈ ভয়ে ভয়ে ৰিমোটোটো আনি ৰাহুলে দেউতাকৰ হাতত দিলে ৷
বিদ্যুতৰ ফোনটো বাজি উঠিল ৷ ফোনটো মাকৰ কাষতে আছিল ৷ জিলিকি উঠা নামটো দেখি ৰশ্মিৰ খঙতে একো নাইকিয়া হ’ল ৷ বিদ্যুতৰ অফিচৰ ব্যক্তিগত চেক্ৰেটাৰীৰ ফোন ৷ ‘হোৱাই ইজ দেট ফা… বিটছ কলিং ইউ এট দিছ টাইম ?’ ৰশ্মিয়ে দলিয়াই দিলে ফোনটো বিদ্যুতৰ ফালে ৷ দুটামান কথা পাতি ফোনটো থৈ দিলে বিদ্যুতে আৰু দাঁত কচৰি ৰশ্মিৰ ফালে চাই কৈ উঠিল — ‘দেটছ নান অব ইওৰ বিজনেছ – ব্লাডী হোৰ ৷ ইউ ফাৰ্ষ্ট ষ্টপ শ্লিপিং উইথ দেট চন অব এ বিটছ, দেন লেকছাৰ মি ৷’ সেয়াই আৰম্ভণি ৷ তাৰ পাছত ৰশ্মি আৰু বিদ্যুতে ইজনে সিজনক আৰু লগতে পৰিয়ালকো সাঙুৰি অসমীয়া-হিন্দী-ইংৰাজীত সানমিহলি কৰি গালি গালাজ আৰম্ভ কৰিলে ৷ ৰাহুলে ভয়তে কুচিমুচি এটা চুকত বহি ৰল ৷ এটা সময়ত ৰাহুলৰ ফালে চাই মাকে চিঞৰি উঠিল – ‘হোৱাই ডোণ্ট ইউ গো টু ইওৰ ৰুম এণ্ড ষ্টাডী ৷ গাধ, ইদিয়ত ৷’
নিজৰ ৰুমলৈ দৌৰি গৈ ৰাহুলে দুৱাৰখন বন্ধ কৰি ললে ৷ সেয়া তেওঁলোকৰ ঘৰৰ নিত্য নৈমিত্তিক ঘটনা ৷ বহুত সময় বিদ্যুত আৰু ৰশ্মিৰ কাজিয়া চলি থাকিল ৷ গালি গালাজৰ মাজতে এটা বিশেষ শব্দ ভাহি আহিল ৷ দময়ন্তী খুড়ীয়ে সজাই থৈ যোৱা খানাখিনি আৰু কাঁহীবাতি কোনোবা এজনে যে দলিয়াইছে সেয়া বুজাত ৰাহুলৰ অসুবিধা নহল ৷ এনেকুৱা বহুত ৰাতি ৰাহুলে কান্দি কান্দি একো নোখোৱাকৈ পাৰ কৰিছে ৷ মাক-দেউতাকৰ মাজত যেন মাৰপিট নালাগে তাৰ বাবে সি হাতযোৰ কৰি প্ৰাৰ্থনা কৰিলে ৷
হঠাতে ৰাহুলৰ চকু গল প্ৰিন্সিপাল চাৰে দি পঠোৱা খামটোলৈ ৷ যদি মাক আৰু দেউতাকে চিঠিখন দেখে তাৰ অৱস্থা কি হব ভাবি সি শিয়ৰি উঠিল ৷ আগৰ বাৰ ঘৰলৈ অভিযোগ আহোতে দেউতাকে তাৰ পঢ়াৰ নামত কিমান পইছা খৰচ কৰিছে সেয়া সোঁৱৰাই দি ইমানকৈ পিটিছিল যে দুই-তিনিদিনলৈ তাৰ গা বিষাই আছিল ৷ কোনোবাই দেখাৰ আগতেই সৰু সৰু টুকুৰা কৰি সি চিঠিখন ফালিলে ৷