• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Spirituality

অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
July 9, 2023
in Spirituality, Spirituality
Reading Time: 5 mins read
0
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?
Share on FacebookShare on TwitterShare on LinkedIn

অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

ৰামকৃষ্ণ মিশ্যনৰ বিখ্যাত সন্ন্যাসী স্বামী সর্ৱপ্রিয়ানন্দই এটা বক্তৃতাত এজন ধনী বেপাৰীয়ে এজন যোগী সাধুৰ ওচৰত যোগ শিকিবলৈ যোৱাৰ কথা কৈছে।

সাধুজনে লাহে লাহে এটা এটাকৈ অষ্টাঙ্গ যোগৰ কৌশল শিকাই থকা দেখি অধৈৰ্য হৈ বেপাৰীয়ে কৈছে, “মহাত্মাজী, মোক সমাধি শিকাওক। এইবোৰ বাৰু হ’ব, এতিয়া মোক সমাধি শিকাওক”।

সাধুৰ উত্তৰ : “তুমি অষ্টাঙ্গ যোগ শিকিব বিচাৰিছা নে বিকলাঙ্গ যোগ?”

চিধাই সমাধি বিচৰা মানে “বিকলাঙ্গ যোগ”। সময়, ধৈৰ্য , প্রয়াস লাগিবই, কোনো short-cuts নাই।

আজিকালি যোগক লৈ বহুত হৈ-চৈ। যোগৰ বিভিন্ন ব্রেণ্ড : পাৱাৰ যোগ (power yoga) অমুক যোগ, তমুক যোগ। যোগ (योग) বুলি কোৱাতো আকৌ fashionable নহয়, yoga (য়’-গা) বুলি যিমান ডাঙৰকৈ মুখ মেলা যায়, সিমান “স্মার্ট” যোগী বুলি ধৰা হয়, লাগিলে সংস্কৃত ভাষাৰ শ্রাদ্ধই হওক বা যিয়েই হওক। হৈচৈ কৰি থকা সকলৰ বেছি ভাগে মূলতে নজনাকৈ হ’লেও অষ্টাঙ্গ যোগৰ মাত্র এটা অংগ “আসন”ৰ অভ্যাস কৰিব খোজে।

তেওঁলোকৰ লক্ষ্য হ’ল বেমাৰত নোভোগাকৈ শৰীৰটো সুস্থ, সবল, সুন্দৰ কৰি ৰখা। বৰ বেছি আধ্যাত্মিকতা-তাধ্যাত্মিকতাকলৈ মূৰ ঘমোৱা তেওঁলোকৰ স্বভাৱ নহয়। অন্য কিছুমানে আকৌ যোগৰ সৈতে আধ্যাত্মিকতাৰ কিবা সম্বন্ধ আছে বুলি জানে, “সমাধি”ৰ কথা শুনিছে, কিন্তু সমাধি মানে কি ঠিক শুদ্ধকৈ নাজানে, বা সেই বেপৰাীজনৰ দ’ৰে চিধাই সমাধি বিচাৰে।

বেচেৰা বেপাৰীৰ মনত এনেকুৱা চিন্তাও থাকিব পাৰে যে সমাধিটো কিবা প্রকাৰে হাচিল কৰি ল’ব পাৰিলে বেপাৰ-বাণিজ্যতো অভাবনীয় লাভ হ’ব। বা অন্য কোনোবা এজনে ভাবিব পাৰে যে সমাধি হ’লে শৰীৰৰ সকলো বেমাৰ আজাৰ চিৰকালৰ বাবে শেষ।

বৃহদাৰণ্যক উপনিষদৰ কাহিনীমতে প্রজাপিতা ব্রহ্মাই অসুৰক দয়াশীল হ’বলৈ, দেৱতাক সংযমী হ’বলৈ আৰু মানুহক নিজৰ স্বার্থ সিদ্ধিৰ বাবে সকলো আত্মসাৎ কৰাৰ বৃত্তি দমন কৰিবলৈ উপদেশ দিয়ে।

দেৱতা, অসুৰ আছে নে নাই বা আছে যদি ক’ত আছে, এইবোৰ প্রশ্নৰ উত্তৰ ভিন ভিন হ’ব পাৰে, কিন্তু মানুহ আছে বুলি আমি সকলোৱে জানো, আৰু মানুহে সংযমী হোৱাৰ, দয়াশীল হোৱাৰ আৰু স্বার্থ-সিদ্ধিৰ বাবে সকলো আত্মসাৎ কৰাৰ বৃত্তিৰ পৰা উদ্ধাৰ পাবৰ প্রয়োজন আছে বুলিও আমি জানো।

আৰু মানুহৰ আটাইতকৈ ভয়ানক বেমাৰটো হ’ল নিজৰ স্বার্থ সিদ্ধিৰ বাবে সকলো আত্মসাৎ কৰাৰ প্রৱণতা। বেপাৰীয়ে যোগ শিকিবলৈ আহি চিধাই সমাধি বিচৰাৰ গুৰিতেও এই প্রৱণতাই কাম কৰিছে।

অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?
স্বামী সর্ৱপ্রিয়ানন্দ

অষ্টাঙ্গ যোগৰ আঠ অংগৰ সহায়েৰে এখোপ এখোপকৈ আগবাঢ়িব পৰাজনেহে প্রকৃততে যোগৰ মর্ম বুজিব পাৰে। যোগে সম্পূর্ণতা দিয়ে। সম্পূর্ণতা থাকিলে মনটোৱে “অমুক লাগে, তমুক লাগে, সমাধি লাগে….. লাগে, লাগে, লাগে” ক’বলৈ এৰি দিয়ে। সকলো আত্মসাৎ কৰাৰ ইচ্ছা শেষ হৈ যায়। নিশ্চয় সমাধিয়েই এই পূর্ণতাৰ চিন, কিন্তু সেইখিনি পাবলৈ যি বাটেৰে যাব লাগে সেই বাটেৰে যোৱাৰ সামর্থ্য কণ থাকিব লাগিব।

ঋষি পতঞ্জলিয়ে যোগ সূত্রত যোগক আঠ অংগেৰে গঠিত, অর্থাৎ “অষ্টাঙ্গ যোগ” বুলি বর্ণনা কৰিছে।

অষ্টাঙ্গ যোগৰ আঠ অংগ হ’ল (১) য়ম (অসমীয়াত ‘যম’ বুলিব পাৰি, কিন্তু সংস্কৃত উচ্চাৰণ “য়ম”), (২) নিয়ম, (৩) আসন, (৪) প্রাণায়াম, (৫) প্রত্যাহাৰ, (৬) ধাৰণা, (৭) ধ্যান, (৮) সমাধি। প্রথম অংগ য়ম আকৌ নিজেই পাঁচ বিধ : অহিংসা, সত্য, অস্তেয়, ব্রহ্মচর্য, আৰু অপৰিগ্রহ। ঠিক সেইদৰে দ্বিতীয় অংগ নিয়মো পাঁচটা : শৌচ, সন্তোষ, তপ, স্বাধ্যায়, ঈশ্বৰ-প্রণিধান।

“ইমানবোৰ স্তৰ পাৰহৈ সমাধি কেতিয়া পামগৈ?” বুলি সেই বেপাৰীৰ দৰে অধৈৰ্য হ’লে অষ্টাঙ্গ যোগত সফল হ’ব নোৱাৰি। লগতে এইটোও ঠিক যে প্রথম দুটা অংগ (য়ম, নিয়ম)ৰ সাধনা ভালদৰে কৰিলে সমাধি বা যিকোনো “চমৎকাৰী” সিদ্ধিৰ ইচ্ছা নিজে নিজে কমি যায়।

অষ্টাঙ্গ যোগৰ প্রথম অংগ য়ম হ’ল পাঁচটা নিষেধ বাণী : সাধকে কি কৰিব নালাগে, সাধকৰ বাবে কি নিষেধ সেয়া ঠিক কৰি দিয়া হৈছে।

প্রথম য়ম অহিংসা। অহিংসাৰ অর্থ হ’ল শৰীৰ, বাণী, মনেৰে কেতিয়াও কাকো কোনোধৰণৰ কষ্ট নিদিয়া। নিজকে যোগৰ ব্রেণ্ড এম্বেছেদৰ বুলি ভবা বহু নামী দামী ৰাজনৈতিক নেতাই যেতিয়া তেওঁলোকৰ ৰাজনৈতিক প্রতিদ্বন্দী সকলৰ কথা কয়, তেতিয়া তেওঁলোকে নিজৰ বক্তব্যত, ভাষাত, কেৱল হিংসাৰ পৰিচয় দিয়ে, আৰু মুখেৰে সেইদৰে অগ্নি বৰষিব এই কাৰণে পাৰে যে তেওঁলোকৰ মনত প্রতিদ্বন্দীৰ পক্ষে দ্বেষৰ বাহিৰে আন একো নাই।

এনে হিংসা, দ্বেষ পূর্ণ মন আৰু বাণীয়ে প্রমাণ কৰে যে তেওঁলোকে অষ্টাঙ্গ যোগৰ প্রথম অংগ য়মৰ এটা অংশ অহিংসাৰ পৰীক্ষাতে বেয়াকৈ অসফল হৈছে। তথাকথিত সামাজিক মাধ্যম সমূহতো এই সকল যোগৰ ব্রেণ্ড এম্বেছেদৰ হ’ব খোজা নেতাৰ প্রতিপক্ষৰ প্রতি কেৱল বিদ্বেষ দেখা যায়। মুঠৰ ওপৰত তেওঁলোক অহিংসাৰ পৰীক্ষাত বেয়াকৈ অসফল। তেওঁলোকে প্রথমে যোগৰ অভ্যাস আৰম্ভ কৰাৰ বাবে যোগ্যতা আহৰণ কৰাৰ প্রয়োজনীয়তা আছে, যোগৰ বিষয়ে বক্তৃতা বা প্রবচন পিছতো দিব পাৰিব।

অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

সম্পূর্ণ অর্থত অহিংস হোৱাতো সাধাৰণ মানুহৰ বাবেও সহজ নহয়। খাদ্যাভাষৰ ক্ষেত্রত যোগীয়ে যিমান পাৰে সিমান হিংসা পৰিহাৰ কৰি চলে। গতিকে সঁচা অর্থত যোগী হ’বলৈ হ’লে শাকাহাৰী, নিৰামিষভোজী হ’ব লাগিব। মাছ-মাংস খোৱাৰ পক্ষে অনেক যুক্তি দিয়া যায়, কোৱা যায় যে শাক-পাচলিৰো প্রাণ আছে, যে বিবেকেনন্দই মাছ-মাংস খাইছিল, ইত্যাদি।

এইটো বিষয়ত আলোচনা দীঘলীয়া নকৰাকৈ কব পাৰি যে শাক-পাচলি আৰু পঠা ছাগলীৰ চেতনাৰ, অনুভূতিৰ পার্থক্য আছে; যে বিবেকানন্দক কেৱল মাছ-মাংস খোৱাত অনুকৰণ কৰি লাভ নাই; লগতে প্রশ্ন কৰিব পাৰি যে বিবেকানন্দ কি আছিল সেয়া আমি বুজি পাওঁনে? তেওঁ কিদৰে নিজকে ৰামকৃষ্ণৰ—আৰু ভৱতাৰিণী কালীৰ—হাতৰ যন্ত্র হিচাপে নিজকে সঁপি দিছিল আমি বুজি পাওঁনে?

কিন্তু মৰুভূমিত বা তুন্দ্রা অঞ্চলত বাস কৰা লোকে, শাক-পাচলি, ফল-মূল পর্যাপ্ত পৰিমাণে নোপোৱা মানুহে মাছ-মাংস নেখাই কি খাব? এই প্রশ্নৰ সঠিক উত্তৰ এইবাবে নাই যে ঋষি পতঞ্জলীৰ যোগসূত্রৰ সৃষ্টি হৈছিল এক বিশেষ দেশ-কালৰ পৰিসীমাত। মানুহৰ সকলো সৃষ্টিৰে দেশ-কালৰ সীমাবদ্ধতা থাকে। আধুনিক কালত প্রাচীন গ্রন্থৰ অন্তত: কিছুমান কথাৰ নির্বচন বা ব্যাখ্যা বেলেগ হ’ব পাৰে; যুক্তি সহকাৰে আগবঢ়োৱা তেনে নির্বচন গ্রহণযোগ্য হ’ব পাৰে।

আহাৰৰ প্রশ্নটো বৰ গুৰুত্বপূর্ণ নহয় বুলিও বহুতে ভাবে, কিন্তু শৰীৰটোক যিহেতু অন্নময় কোষ বুলি কোৱা হৈছে (যি আহাৰ খোৱা যায় তাৰ দ্বাৰাই শৰীৰ গঠন হয়), অন্তত: সাধক হৈ থকাৰ সময়ত, শৰীৰৰ গুৰুত্ব নুই কৰিব নোৱৰা অৱস্থাত, আহাৰৰ গুৰুত্ব নাই বুলিব নোৱাৰি। সিদ্ধ হ’লে কোনো নিয়ম-নীতি শিকাৰ, মনাৰ কথা নাহে।

সিদ্ধৰ, জ্ঞানীৰ, পৰাভক্তৰ কোনো ধৰা-বন্ধা নিয়ম নাই, কিন্তু তেওঁলোকৰ দ্বাৰা কোনো ধৰণৰ ভুল আচৰণ হোৱাটোৱেই অসম্ভৱ। অষ্টাঙ্গ যোগ সাধকৰ বাবেহে, গতিকে অহিংসাদি য়ম সাধকে সম্পূর্ণকৈ মনা উচিত।

অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?
ঋষি পতঞ্জলি

দ্বিতীয় য়ম হ’ল সত্য। এই য়ম মনা মানে কেতিয়াও মিছাৰ আশ্রয় নোলোৱা। লগতে, সঁচা কথা কওঁতে শ্রোতাৰ মনত আঘাত নিদিয়াকৈ কব পৰাটোও “সত্য”ৰ ভিতৰতে পৰে। আমাৰ দেশৰ ৰাজনীতিৰ ক্ষেত্রখনত চকু ফুৰালে অতি সহজে দেখা পোৱা এটা কথা হ’ল যে কিছুমান বৰ বৰ মানুহে অনবৰতে কয় যে তেওঁলোক সদায় সত্যৰ পক্ষত, আৰু তেওঁলোকে কোৱা সকলো কথা সন্দেহাতীত ভাবে সত্য। তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰা সকল কিন্তু সদায় মিথ্যাচাৰী।

এনেকুৱা কথা সঁচা হ’ব পাৰেনে? লাখ, নিযুত মানুহৰ এটা গোট সদায় শুদ্ধ, লাখ, নিযুত মানুহৰ আন এটা গোট সদায় অশুদ্ধ? এনে কথা কোৱা জনে নিজকে পৰম ভক্ত, জ্ঞানী, যোগী বুলি দেখুৱাবলৈ যদি যত্ন কৰে, তেনে সেয়া ভণ্ডামিৰ বাদে আন একো নহয়। ভণ্ডামি, কপটালি, প্রবঞ্চনা সমূলি ত্যাগ কৰি কেৱল সত্যৰ পক্ষে থাকিব পাৰিলেহে প্রকৃত যোগী হ’ব পাৰি।

তৃতীয় য়ম হ’ল অস্তেয়। “স্তেন”ৰ (সংস্কৃত) অর্থ চোৰ। অস্তেয়ৰ অর্থ চুৰি নকৰা। কেৱল সিন্ধি দি, ঘৰ ভাঙি কৰা চুৰিয়েই চুৰি নহয়। এনেয়ো বেচেৰা সিন্ধি দিয়া চোৰৰ দিন উকলিল। পশ্চিমীয়া বৈজ্ঞানিক সভ্যতাৰ জয়গান গোৱা আমাৰ সমাজত বহুতো বুদ্ধিমান লোক চৌর্য-বিদ্যাত পাকৈত। এতিয়া হাই-প্রফাইল চোৰ-চুৰুণীৰ দিন।

চৰকাৰী বিষয়াই দুখীয়াৰ বাবে অহা ধন বা চৰকাৰী সুবিধা দুখীয়াক দিওঁতে যদি নিজে ধন ঘটাৰ বাট উলিয়াই লৈছে, তেন্তে তেওঁ আনৰ ভাগৰ পৰা খাইছে। তেওঁ চোৰ। শিক্ষানুষ্ঠানত ল’ৰা-ছোৱালীক পঢ়ুৱাৰ বাবে শিক্ষকে যদি শ্রেণীত দেৰীকৈ সোমায় বা সোনকালে ওলায়, বা পঢ়ুৱাবলগীবা পাঠৰ কথা নাপাতি শাক খোৱা ভাত খোৱা কথা পাতি এচাম ল’ৰা-ছোৱালীৰ মাজত প্রিয় হ’ব বিচাৰে, তেন্তে তেওঁ পাৰিশ্রমিকৰ বাবে উচিত পৰিশ্রম কৰা নাই, তেওঁ চোৰ।

দৰকাৰতকৈ বেছি চৰকাৰী সা-সুবিধা লৈ আৰাম কৰা সাংসদে নিজৰ ভাগৰ পুঁজিখিনিকে যদি ৰাইজৰ কামত লগাব পৰা নাই, তেন্তে তেওঁ যিমানেই যোগ-দিৱস নামানক কিয়, যোগাসন কৰি থকা ছেল্ফি যিমানেই নলওক কিয়, তেওঁ যোগী নহয়।

অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

চতুর্থ য়ম ব্রহ্মচর্য। ছাত্রাৱস্থাৰ যুৱক-যুৱতী সকলৰ বাবে এইটো “য়ম”ৰ বিশেষ তাৎপর্য। সংযমী, ব্রহ্মচাৰীৰ শৰীৰ-মন শক্তিশালী হয়। শাৰীৰিক, মানসিক সকলো কচৰৎ কৰিব পৰা ক্ষমতা থাকে তেওঁলোকৰ। অসংযমীৰ শৰীৰ-মন দুর্বল হয়, কঠিন কৌশল শিকাৰ সামর্থ্য নাথাকে। বিবাহিত পুৰুষ-নাৰীৰ ক্ষেত্রতো সংযম লাভদায়ক, অতিচাৰ নহয়।

শুনিবলৈ পোৱা যায় যে বৰ বৰ কৰপৰেট হাউছৰ বৰ বৰ লোক, ৰাজনৈতিক নেতা, তথাকথিত বুদ্ধিজীৱী বহুতেই ইন্দ্রিয়জনিত ভোগত বন্দী। আনে তেওঁলোকৰ পৰা বিশেষ কাম আদায় কৰিবলৈও হেনো তেওঁলোকৰ এই দুর্বলতাৰ সুযোগ লয়। এই সকল “মহান” লোক যোগী মুঠেই নহয়, বক্তৃতা আৰু সামাজিক মাধ্যমৰ “আপদেত”ত যোগ-প্রীতিৰ বিষয়ে তেওঁলোকে যিয়েই নকওক কিয়।

পঞ্চম য়ম অপৰিগ্রহ। ওপৰৰ আলোচনাত বৃহদাৰণ্যকৰ কথাৰে মানুহৰ যিটো বিশেষ দুর্বলতাৰ কথা কোৱা হৈছে সেইটো হ’ল ধন-সম্পত্তি, বস্তু গোটোৱাৰ হেঁপাহ। গোটাই ৰখাৰ, সঞ্চয় কৰাৰ হেঁপাহ আৰু অভ্যাস সম্পূর্ণ ত্যাগ কৰাই হ’ল অপৰিগ্রহ। নিবৃত্তি মার্গৰ সন্ন্যাসীয়ে অপৰিগ্রহ সম্পূর্ণকৈ  মানিব লাগে, কিন্তু সাধাৰণ ভাবে ঘৰ-সংসাৰ কৰা মানুহে, বিশেষকৈ আধুনিক সমাজত, সম্পূর্ণ অপৰিগ্রহ মনা প্রায় অসম্ভৱ। কিন্তু সঞ্চয় কৰাটো বেমাৰত পৰিণত হ’ব নালাগে।

সন্ত কবি কবীৰ দাসে কৈছে :

साईं इतना दीजिये, जा मे कुटुम समाय।

मैं भी भूखा न रहूँ, साधु ना भूखा जाय॥

অর্থাৎ “প্রভূ, ধন-বিত ইমানখিনি দিয়া যাতে পৰিয়াল-স্বজনৰ প্রয়োজন পূর্ণ হয়; ময়ো যেন ভোকত থাকিব নালাগে, আৰু ঘৰলৈ অহা সাধু-সন্তয়ো যেন ভোকত ওভতিব নালাগে”।

অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

যোগী হ’বলৈ হ’লে ধন-বিত ঘটিব নালাগে বুলি নিয়ম নাই, অন্তত: সাংসাৰিক মানুহৰ বাবে, কিন্তু (মানসিক) ৰোগী হ’ব নালাগে : এনেকৈ ভাবিব নালাগে যে পিছৰ চৌধ্য পুৰুষে খাব পৰাকৈ গোটাই যাব লাগে। এই অর্থত কোন কোন যোগী নহয় বুজাই কোৱাৰ নিশ্চয় প্রয়োজন নাই। “বিকলাঙ্গ যোগ” কৰিব পাৰে তেওঁলোকে, অষ্টাঙ্গ যোগ নহয়।

যিদৰে য়মসমূহে (অহিংসা, সত্য, অস্তেয়, ব্রহ্মচর্য, অপৰিগ্রহ) নিষেধ কৰে (হিংসা নকৰিবা, মিছাৰ আশ্রয় নলবা, চুৰি নকৰিবা, অসংযমী নহ’বা, সঞ্চয়ৰ বাসনাত বলিয়া নহ’বা), সেইদৰে অষ্টাঙ্গ যোগৰ দ্বিতীয় অংগ “নিয়ম”ত পাঁচ বিধ কাম কৰিবলৈ উৎসাহ দিয়া হৈছে।

প্রথম নিয়ম শৌচ। শৌচৰ অর্থ হ’ল পবিত্রতা—বাহিৰৰ আৰু ভিতৰৰ পবিত্রতা, শৰীৰ-মন শুদ্ধকৈ ৰখা। শৰীৰটো শুদ্ধ, পবিত্র কৰি ৰাখিবলৈ নানা উপায়ৰ কথা কোৱা হয়, আৰু অলপ চেষ্টা কৰিলে শৰীৰটো অন্তত: চাফা কৰি ৰখা বৰ টান নহয়।

টান “আভ্যন্তৰ শৌচম”, অর্থাৎ মনটো, ভিতৰখন পৰিষ্কাৰ কৰি ৰখা। সহজ ভাবে ক’বলৈ গ’লে আমাৰ চিন্তা-ভাবনা, বিভিন্ন বিষয়ত কৰা সিদ্ধান্ত আদিত আমি পৰিষ্কাৰ যুক্তি ব্যৱহাৰ কৰিব লাগে আৰু সেয়া সম্ভৱ তেতিয়াহে হ’ব যেতিয়া মনৰ ভিতৰত আগৰে পৰা থকা ৰাগ-দ্বেষ, পক্ষপাতিত্ব, অযুক্তিকৰ ধাৰণা আদি নোহোৱা হ’ব।

নিৰন্তৰ আত্মবিশ্লেষণৰ দ্বাৰা মনৰ ভিতৰৰ জাবৰ আঁতৰাব পাৰি, কিন্তু মানুহৰ সহজ স্বভাৱ হ’ল অন্য মানুহৰ ক্রিয়াকলাপৰ, চৰিত্রৰ বিশ্লেষণ কৰা, নিজৰ চৰিত্রৰ বিচাৰ নহয়। নির্মোহ আত্মবিশ্লেষেণেৰে পৰিষ্কৃত মনত অসন্তোষ কমি আহে, আৰু তেনে মানসিক অৱস্থাৰে আমি দ্বিতীয় অংগৰ সাধনালৈ সহজে গতি কৰিব পাৰোঁ।

Patanjali Statue
ঋষি পতঞ্জলি

দ্বিতীয় নিয়ম সন্তোষ। ধন ঘটাতকৈ সন্তুষ্ট হোৱা বেছি টান কাম। কামনা-বাসনাৰ পূর্তিত সম্পূর্ণ শান্তি নাই। এটা অভিলাষ পূৰণ হ’লে আন এটা ওলাবহি, শেষ কেতিয়াও নহয়। নিজে ইচ্ছা কৰি সুখী, সন্তুষ্ট হোৱাৰ বাদে উপাই নাই। সেইবাবে অষ্টাঙ্গ যোগৰ সাধনাত সন্তোষক positive virtue হিচাপে দেখুউৱা হয় : নিজে ইচ্ছা কৰি, চেষ্টা কৰিহে সন্তুষ্ট হ’ব পাৰি (সকলো কামনা-বাসনা পূৰণ হৈ সন্তুষ্ট হ’বলৈ ৰৈ থাকিলে অনন্ত কাললৈ ৰৈ থাকিব লাগিব)।

তৃতীয় নিয়ম তপ। কষ্ট সহি চেষ্টা অব্যাহত ৰাখিব পৰা গুণেই হ’ল তপ। আজিকালি আধ্যাত্মিকতাৰো এখন “বজাৰ” আছে। নিজকে মহান যোগী, সিদ্ধ, গুৰু বুলি চিনাকি দিয়া একোজনে দোকান খুলি থৈছে : ইমান টকা দিয়া, অমুক “ব্রেণ্ড”ৰ যোগৰ সাধনাত সিদ্ধ হৈ যোৱা। বহুতে তেনেকুৱা “শিক্ষা” গ্রহণ কৰি, প্রমাণ পত্র লৈ, আমেৰিকালৈ গৈ সেই ব্রেণ্ডৰ যোগৰ গুৰু হৈ ধন ঘটিছে।

কিন্তু “তপ” অষ্টাঙ্গ যোগৰ নিয়মৰ অন্তর্গত হোৱাৰ অর্থ হ’ল যে বহুত কষ্ট সহাৰ অন্তত, নিৰন্তৰ অভ্যাসৰ অনন্ততহে সিদ্ধি লাভ হয়।

চতুর্থ নিয়ম স্বধ্যায়। শাস্ত্র-অধ্যয়নেই মূলতে স্বাধ্যায়, কিন্তু কেৱল পণ্ডিত বুলি চিনাকি পাবৰ বাবে কৰা শাস্ত্র-অধ্যয়ন নহয়, আত্মজ্ঞান লাভৰ লক্ষ্যেৰে বিনম্রতা, শ্রদ্ধাৰে একেৰাহে কৰা শাস্ত্র-অধ্যয়নহে স্বাধ্যায়।

কেৱল পাণ্ডিত্য দেখুৱাবলৈ, নিজৰ “কাৰিক্যুলাম ভিটাই”ৰ দৈর্ঘ্য বঢ়াবলৈ কৰা শাস্ত্র অধ্যয়নেৰে আন মানুহৰ প্রশংসা পোৱাতো সম্ভৱ হ’ব পাৰে, কিন্তু তেনে শাস্ত্র-অধ্যয়ন যোগৰ অন্তর্গত নহয়। শুনিবলৈ ভাল নালাগে, কিন্তু তেনে মানসিকতাৰ পণ্ডিতক কিতাপৰ বোজা কঢ়িওৱা গাধৰ সৈতে ৰিজনি দিয়া যায়। শুদ্ধ স্বাধ্যায়ৰ ফল স্বৰূপে, “স্ব”, অর্থাৎ নিজৰে প্রকৃত স্বৰূপৰ জ্ঞান হয়।

পঞ্চম নিয়ম ঈশ্বৰ প্রণিধান। ঈশ্বৰ বা পৰমাত্মা বা ব্রহ্মত শৰণাগত হোৱাকে ঈশ্বৰ প্রণিধান বুলি কয়। শৰণাগতি তেতিয়া সম্পূর্ণ হয় যেতিয়া নিজৰ ক্ষুদ্র অহংকাৰক ঈশ্বৰত সমর্পিত কৰা যায়, যেতিয়া অহংকাৰৰ কোনো চিন নোহোৱা হৈ যায়।

শৰণাগতি কি বুজা সহজ নহয়। একো নকৰি ঈশ্বৰৰ মুখলৈ চাই থকা শৰণাগতি নহয়, ঈশ্বৰত সমর্পণ বুদ্ধিৰে নিষ্কাম কর্ম কৰাটোহে উচিত। (নিষ্কাম কর্ম বুলিলে কর্মৰ প্রতি অনীহা নুবুজায়, সম্পূর্ণ মনোযোগেৰে, কিন্তু লাভালাভৰ বিষয়ে উদাসীন হৈ কৰা কাম নিষ্কাম কর্ম।)

কোনো মানুহে ঋষি পতঞ্জলীয়ে কোৱা দৰে পাঁচ য়ম আৰু পাঁচ নিয়ম মানিব পাৰিলে তেওঁ সাধাৰণ মানুহ হৈ নাথাকে, আৰু অষ্টাঙ্গ যোগৰ বাকী অংগ বোৰ তেওঁৰ বাবে সহজ হৈ পৰে। য়ম, নিয়ম নামানি সেই বেপাৰীৰ দৰে চিধাই সমাধিলৈ পোনালে সমাধিতো নহ’বই, একোৱেই নহ’ব।

Ramkrishna
ৰামকৃষ্ণ পৰমহংস

প্রথম আৰু দ্বিতীয় অংগ য়ম আৰু নিয়মৰ পিছত তৃতীয় অংগ “আসন”। বহুতে এই তৃতীয় অংগকেই কেৱল যোগ (বা তেওঁলোকে ক’বৰ দৰে “য়’গা”) বুলি ভাবে। আসন মানে ব্যায়াম নহয়, জিম নহয়। প্রতিটো আসনত সহজ ভাবে স্থিৰ হ’ব পাৰিব লাগে। আসনত স্থিৰ হোৱাৰ বাবে প্রথমে কৰা শৰীৰ সঞ্চালন এটা লয়ত হয়। লগতে মনৰ স্থিৰতাও লাগিব (সেই বাবে প্রথমে য়ম, নিয়মত পাকৈত হ’ব লাগে)।

চতুর্থ অংগ প্রাণায়াম কেৱল উশাহৰ ব্যায়াম নহয়, প্রাণ-শক্তিৰ গতিক নির্দিষ্ট ধৰণে নিয়ন্ত্রণ কৰাহে প্রাণায়াম। উশাহ আৰু প্রাণ-শক্তিৰ সম্বন্ধ আছে : উশাহ স্থূল, প্রাণ-শক্তি সুক্ষ্ম। প্রাণায়ামৰ দ্বাৰা উশাহৰ নিয়ন্ত্রণেৰে প্রাণ-শক্তিৰ লগতে মনকো নিয়ন্ত্রণ কৰা যায়।

পঞ্চম অংগ প্রত্যাহাৰ মানে প্রতিটো ইন্দ্রিয়ৰ সৈতে মনৰ সম্বন্ধ ছেদন, ঠিক স্বপ্নহীন গভীৰ নিদ্রাত যিদৰে মন শান্ত হৈ যায়। এনে প্রশান্ত মনেৰেহে ইয়াৰ পিছৰ অংগ দুটাৰ অভ্যাসত সফল হ’ব পাৰি।

ষষ্ঠ অংগ ধাৰণা হ’ল এটা বস্তু বা বিষয়ত মনোযোগ কেন্দ্রীভূত কৰাৰ অভ্যাস, আৰু ধাৰণা যেতিয়া অতি উচ্চ পর্যায়ত উপনীত হয়গৈ, তেতিয়া সি নিজে নিজে সপ্তম অংগ ধ্যানৰ অৱস্থালৈ গতি কৰে। মনোযোগৰ গভীৰতাৰ পার্থক্যতে ধাৰণা আৰু ধ্যানৰ পার্থক্য।

বৰশীৰ পুঙা পানীৰ তললৈ যোৱা দেখি বৰশী বোৱা জনে যিধৰণৰ মনোযোগেৰে পুঙাত দৃষ্টি দিয়ে….. অলিম্পিকছৰ পাকৈত খেলুৱৈ এজনে প্রচণ্ড মনোযোগেৰে যেতিয়া খেলে, তেতিয়া তেওঁৰ মনৰ যি অৱস্থা…… বিছমিল্লাহ খানে চেহনাই বজাওতে বা ভীনসেন যোশীয়ে গাওঁতে সংগীতত যিদৰে তন্ময় হৈ পৰে…..এই ধৰণৰ কার্যকলাপত মনটোৰ শক্তি সমূহ যিদৰে কেন্দ্রীভূত হয়, ধাৰণাত প্রায় তেনে হয়; ধ্যানত মনটোৰ লয় হয়, অর্থাৎ সি স্তব্ধ হৈ যায়—অকণো বতাহ চলাচল নকৰিলে হ্রদৰ পানী যিদৰে স্থিৰ হৈ যায়।

অষ্টম আৰু শেষ অংগ সমাধি। চেতনাৰ সর্বোচ্চ অৱস্থাই সমাধি। মনৰ সাধাৰণ স্বভাৱ হ’ল হেজাৰটা কথা ভবা, মনত পেলোৱা, অস্থিৰ হৈ থকা। সমাধিত এই অস্থিৰতা সম্পূর্ণ শেষ হয় বাবে মনেই শেষ হৈ যায় বুলি ক’ব পাৰি। (“মনোনাশ”, “শুদ্ধ মানস” আদি শব্দ ব্যৱহাৰ কৰি মনৰ এই “আছে-কিন্তু-নাই” অৱস্থাৰ কথা বুজুৱা হয়) অস্থিৰ মনৰ ঠাইত থাকে স্থিৰ, সহজ চেতনা : সৎ-চিত-আনন্দ। সমাধিৰ বিষয়ে ভাষাৰে বুজুৱা সহজ নহয়।

সমাধিৰ বিষয়ে যে ভাষাৰে বুজাব নোৱাৰি ৰামকৃষ্ণ পৰমহংসই তাকে বুজাইছে এটা “সাধু”ৰে : এটা নিমখৰ পুতলাই সাগৰ কিমান গভীৰ জুখিবলৈ গ’ল আৰু সাগৰত ডুব দিলে, কিন্তু সাগৰ কিমান গভীৰ জনাবলৈ নিমখৰ পুতলাটো উলটি নাহিল।

ramana 1
ৰমণ মহর্ষি

ৰামকৃষ্ণ পৰমহংস, ৰমণ মহর্ষি আদি আধ্যাত্মিক গুৰুৰ কোনো তুলনা নাই। আজি কালিৰ কিছুমান হাই প্রফাইল, হাই ফ্লাইং গুৰুৰ চলাহী কথা শুনি যদি মানুহে মৰীচিকা খেদি ফুৰিছে, বা সুখ-শান্তি, ধন সকলো হেৰুৱাইছে, ৰামকৃষ্ণ, ৰমণৰ সহজ সান্নিধ্যত অনেকে সাধনাৰ পৰাকাষ্ঠাত উপনীত হৈছে।

ৰামকৃষ্ণ, ৰমণৰ জীৱন কাহিনী মন কৰিলে দেখা যায় যে পতঞ্জলীয়ে যোগীৰ যিবোৰ গুণৰ কথা কৈছে, তেওঁলোকে কোনো যোগাভ্যাস নকৰাকৈয়ে, সেইবোৰ গুণ তেওঁলোকৰ চৰিত্রত সম্পূর্ণকৈ ফুটি উঠিছে।

ফুল চিঙি থকা মানুহ এগৰাকীক ৰমণে কৈছে, “তুমি নিজকে বাৰে বাৰে জোৰকৈ চিকুটি চোৱাচোন বাৰে বাৰে এপাহ এপাহকৈ ফুলবোৰ চিঙি তুমি গছ জোপাক কিমান কষ্ট দিছা। আৰু তুমি কিয় ভাবি ল’লা যে এই গছজোপাৰ সকলো ফুল তোমাৰ সম্পত্তি? এই বাটেৰে যোৱা কিমান মানুহে এই ফুল বোৰ দেখি আনন্দ পালেহেঁতেন, কিন্তু তুমি তেওঁলোকক সেই আনন্দৰ পৰা বঞ্চিত কৰিলা”।

এয়া প্রকৃত অহিংসা, এই মনোভাব তেওঁৰ, যি জানে যে “অগ নগ খগ তেৰি কায়া”। লগতে অপৰিগ্রহ আৰু নিস্বার্থতাৰ শিক্ষাও আছে মহর্ষিৰ কথাত। ৰামকৃষ্ণই এবাৰ এজোপা আমৰ বৰ সোৱাদ আম এটা খাবলৈ পাই দুই এটা আম সামৰি ল’লে লৈ যাবলৈ। কিন্তু তেওঁ খোজ দিব নোৱাৰিলে। কোনোৱে যেন তেওঁৰ ভৰি দুখন ধৰি থৈছে। আম কেইটা মাটিত পেলাই দিলতহে তেওঁ খোজ দিব পাৰিলে। এয়া প্রকৃত অপৰিগ্রহ।

ৰামকৃষ্ণ, ৰমণৰ দৰে লোকে অষ্টাঙ্গ যোগৰ খলপাৰে নবগোৱাকৈ চিধাই সমাধিত উপনীত হৈছিল, কিন্তু তেওঁলোকে সেই বেপাৰীজনৰ দ’ৰে সমাধি বিচাৰি হাবাথুৰি খোৱা নাছিল; সমাধিয়েহে তেওঁলোকক বিচাৰি আহিছিল। তেওঁলোকৰ কথা সম্পূর্ণ সুকীয়া। তেওঁলোকৰ দৰে মহাপুৰুষৰ বাদে বাকী সকলোৱাই যোগৰ জখলাত এখোজ এখোজকৈহে আগবাঢ়িব পাৰে।

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells
Travel

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

by Pradakshina Sarmah
September 5, 2026
0

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells PRADAKSHINA SARMAH The tinkling sound of thousands of bells makes up...

Read moreDetails
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

August 23, 2026
Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

July 29, 2026
Of Gurus, the True and the False

Of Gurus, the True and the False

July 29, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d