• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

সন্ধিবাত বা অষ্টিঅ’আৰ্থাইটিচ

by Anjan Sarma
February 27, 2024
in Health, Health, Lifestyle, Medical
Reading Time: 3 mins read
0
সন্ধিবাত বা অষ্টিঅ’আৰ্থাইটিচ
Share on FacebookShare on TwitterShare on LinkedIn

সন্ধিবাত বা অষ্টিঅ’আৰ্থাইটিচ

ডাঃ মুকুল শর্মা

Dr Mukul Sarma
মুকুল শৰ্মা

অষ্টিঅ’আৰ্থাইটিচ বা সন্ধিবাত হ’ল এবিধ সন্ধি বা গাঁঠিৰ প্ৰদাহ বা আৰ্থাইটিচ য’ত শৰীৰৰ এটা বা ততোধিক সন্ধি বিকল হয় আৰু শেষলৈ সন্ধিৰ উপাস্থিসমূহ ক্ষয়প্ৰাপ্ত হয়।

উপাস্থি বা cartilage হ’ল কিছুমান প্ৰটিনজাতীয় পদাৰ্থ, যিয়ে গাঁঠিৰ হাড়বিলাকৰ মাজত cushion বা গাদী হিচাপে কাম কৰে।

অষ্টিঅ’আৰ্থাইটিচক বয়সিয়াল মানুহৰ বেমাৰ বুলি কোৱা হয়। বিৰুদ্ধ আহাৰ সেৱন আৰু অশুদ্ধ জীৱনশৈলীৰ প্ৰভাৱত কম বয়সৰ লোকো আজিকালি এই বেমাৰত আক্ৰান্ত হোৱা দেখা যায়।

সাধাৰণতে ৪৫-৫০ বছৰ বয়সৰ আশে-পাশে এই বেমাৰটো হোৱা দেখা যায় আৰু পুৰুষতকৈ মহিলা এই ৰোগত বেছিকৈ আক্ৰান্ত হয়; কাৰণ Menopause বা ৰজোনিবৃত্তিৰ প্ৰভাৱত মাইকী মানুহৰ হাড়বিলাক অধিক দুৰ্বল হৈ পৰে।

সাধাৰণতে হাত, ভৰি, ৰাজহাড় আৰু শৰীৰৰ ওজন বহনকাৰী সন্ধি, যেনে—আঁঠু, উৰু-সন্ধি ইত্যাদি এই বেমাৰৰদ্বাৰা আক্ৰান্ত হোৱা দেখা যায়।

অষ্টিঅ’আৰ্থাইটিচৰ প্ৰকাৰ

অষ্টিঅ’আৰ্থাইটিচ হোৱাৰ কাৰণটো যদি জনা নাযায় তেন্তে ইয়াক প্ৰাথমিক (Primary) অষ্টিঅ’আৰ্থাইটিচ বুলি কোৱা হয় আৰু যদি অষ্টিঅ’আৰ্থাইটিচ হোৱাৰ কাৰণ জনা যায় তেন্তে তাক গৌণ (Secondary) অষ্টিঅ’আৰ্থাইটিচ বুলি কোৱা হয়।

1000069949

প্ৰাথমিক অষ্টিঅ’আৰ্থাইটিচ কোনো বেমাৰ-আজাৰ বা আঘাত ইত্যাদিৰ ফলত সৃষ্টি নহয়। সাধাৰণতে স্বাভাৱিক বয়স বৃদ্ধিৰ ফলত এনে ধৰণৰ অষ্টিঅ’আৰ্থাইটিচৰ উৎপত্তি হয়।

ইয়াৰ ফলত সন্ধিৰ মাজত থকা পিছল গ্ৰীজৰ (grease) নিচিনা synovial fluid, যিয়ে সন্ধিৰ লৰচৰ প্ৰক্ৰিয়াত সহায় কৰে, শুকাই যায় আৰু সন্ধিৰ দুইফালৰ হাড়বিলাক পৰস্পৰে পৰস্পৰৰ কাষ চাপি আহে আৰু সন্ধিৰ মাজত থকা ঠাই কমি যায়।

ইয়াৰ ফলত সন্ধি লৰচৰ কৰাৰ সময়ত দুইফালৰ হাড়ৰ উপাস্থিবিলাকৰ মাজত ঘৰ্ষণৰ সৃষ্টি হয় আৰু বিষ আৰু প্ৰদাহ উৎপন্ন হয়। এই ঘৰ্ষণৰ ফলত কেতিয়াবা সন্ধিৰ দুইফালৰ হাড়বিলাকৰ সূক্ষ্ম তৰপ কিছুমান চকলা চকল হৈ এৰাই যাবলৈ ধৰে।

ইয়াৰ ফলত গাঁঠিবিলাকৰ বিষ হয় আৰু গাঠিবিলাক লৰচৰ কৰিবলৈ অসুবিধাৰ সৃষ্টি হয়। এৰাই যোৱা হাড়বিলাকৰপৰা কোষ বৃদ্ধি হৈ নতুন হাড়ৰ কলাৰ সৃষ্টি হ’বলৈ ধৰে আৰু সেইবিলাক দেখাত জোঙা আকৃতিৰ হয়, যাক osteophyte বুলি কোৱা হয়।

গৌণ অষ্টিঅ’আৰ্থাইটিচ সাধাৰণতে গাঁঠিত হোৱা আঘাত, ধাৰাবাহিক অস্ত্ৰোপচাৰ, মেদবহুলতা বা শৰীৰৰ ওজন বৃদ্ধি, কিছুমান বেমাৰ, যেনে—ৰিউমাটইড আৰ্থাইটিচ্, গাউট, ডায়েবেটিজ বা অন্য হৰম’নজনিত সমস্যা ইত্যাদিৰ পৰিপ্ৰেক্ষিতত হোৱা দেখা যায়।

মেদবহুলতা আৰু অষ্টিঅ’আৰ্থাইটিচক ভাই-ভনী বুলি কোৱা হয়। যি মানুহৰ শৰীৰৰ ওজন অধিক সেই মানুহৰ অষ্টিঅ’আৰ্থাইটিচ হোৱাৰ সম্ভাৱনা থকাই নহয়, হোৱাটো প্ৰায় নিশ্চিত।

আনহাতে অধিক ভাৰ বহনকাৰী কামৰ বাবে বা শৰীৰৰ ভাৰবহনকাৰী গাঠিবিলাকত অধিক চাপ পৰিলেও অষ্টিঅ’আৰ্থাইটিচৰ সৃষ্টি হব পাৰে।

চিনাক্তকৰণ – সাধাৰণ x-rayৰ সহায়ত অষ্টিঅ’আৰ্থাইটিচ চিনাক্ত কৰা হয়।

1000069947

আয়ুৰ্বেদিক দৃষ্টিভংগী – আয়ুৰ্বেদত এই বেমাৰটোক সন্ধিবাতৰ লগত তুলনা কৰা হৈছে।

আয়ুৰ্বেদত কোৱা হৈছে যে বিৰুদ্ধ আহাৰ আৰু অশুদ্ধ জীৱনশৈলী, যেনে—বাহী আহাৰ, প্ৰিজাৰ্ভেটিভযুক্ত খাদ্য, শুকান, ৰুক্ষ আহাৰ, শীতল পানীয় আৰু খাদ্য আদি অধিক সেৱনৰ লগতে ৰাত্ৰি জাগৰণ, মল-মূত্ৰ আদিৰ অধাৰণীয় বেগ অধিক সময়লৈ ধৰি ৰখা ইত্যাদি কাৰকৰ প্ৰভাৱত বাত দোষ প্ৰকূপিত হৈ যদি শৰীৰৰ সন্ধি বা গাঁঠিত গৈ আশ্ৰয় লয়, তাৰ ফলত গাঁঠিবিলাক ক্ষয়প্ৰাপ্ত হ’বলৈ ধৰে আৰু প্ৰকূপিত বাতে গাঁঠিৰ ভিতৰত প্ৰদাহ আৰু ভয়ংকৰ বিষযুক্ত সন্ধিবাতৰ সৃষ্টি কৰে।

সন্ধিবাতৰ লক্ষণ

আয়ুৰ্বেদত কোৱা হৈছে–

”वातपूर्णदृतिस्पंर्शः शोथः सन्धिगतेऽनिले।

प्रसारणाकुञ्चतयोः प्रवृत्तिञ्च संवेदना।।”

অৰ্থাৎ প্ৰকূপিত বাত দোষে শৰীৰৰ সন্ধিবিলাকত তলত দিয়া লক্ষণসমূহ উৎপন্ন কৰে—

আক্ৰান্ত সন্ধি ফুলি উঠে আৰু সন্ধি বা গাঁঠিৰ সংকোচন আৰু প্ৰসাৰণৰ ফলত কট্ কট্ (crapitus) শব্দ হয়, লগতে সংকোচন আৰু প্ৰসাৰণৰ ফলত, ঘৰৰ ছিৰি বগোৱা ইত্যাদি কামৰ সময়ত গাঁঠিত বিষ অনুভূত হয় তেন্তে বুজিব লাগিব যে সন্ধিবাতৰ আৰম্ভণি হৈ গৈছে।

চিকিৎসা

আয়ুৰ্বেদিক চিকিৎসাত ঔষধৰ ব্যৱহাৰৰ উপৰি কিছুমান খাদ্যাভ্যাস আৰু জীৱনশৈলী সলনি কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়।

খাদ্যাভাস

– গৰম আৰু সতেজ খাদ্য সেৱন কৰা উচিত।

– দাইল, মাংস আদিৰ চুপ আদা, জালুক, পিপলি আদি মিহলাই সেৱন কৰিব লাগে।

– সদায় কম পৰিমাণৰ ঘি আৰু তেল খাদ্যৰ লগত গ্ৰহণ কৰা উচিত। ইয়াৰ ফলত গাঁঠিবিলাকৰ শুকাই যাব ধৰা গ্ৰীজৰ নিচিনা পিছল অংশখিনিৰ পৰিপূৰ্তি হয়।

– মছলাযুক্ত, শুকান, ভজা-পোৰা খাদ্য অধিক হাৰত খোৱা অনুচিত।

– নিয়মিত মধ্যমীয়া ধৰণৰ ব্যায়াম কৰা উচিত। গাঁঠিত চাপ বা টান পৰা ব্যায়াম কৰা উচিত নহয়।

1000069948

ঔষধ

বিভিন্ন ধৰণৰ ঔষধী গুণসম্পন্ন তেলেৰে আক্ৰান্ত গাঁঠিবিলাক মালিচ কৰা উচিত।

যেনে—মহাবিষগৰ্ভ তেল, মহানাৰায়ণ তেল, দশমূল তেল ইত্যাদি।

এই তেলবিলাকৰ যি কোনো এবিধ তেল অকণমান গৰম কৰি গাঁঠিৰ চাৰিওফালে দহ মিনিটমান সময় মালিচ কৰিব লাগে। ইয়াৰ ফলত তেল গাঁঠিৰ ভিতৰফালে সোমাই যায় আৰু গাঁঠিৰ শুকাই যোৱা গ্ৰীজৰ নিচিনা পিছল তৰল পদাৰ্থৰ পৰিপূৰ্তি হয়। তদুপৰি তলত দিয়া ঔষধসমূহ ব্যৱহাৰ কৰিব পৰা যায়।

*একক ঔষধী- নিৰ্গুণ্ডি, এৰণ্ড, লসূনা, গুগ্গুল, শিগ্ৰু, ৰাস্না ইত্যাদি।

*যৌগিক ঔষধি – মহাবাত বিধ্বমসন ৰস, মহাযোগৰাজ গুগ্গুল, মহাৰাস্নাদি ক্বাথ ইত্যাদি।

*পেটেন্ট ঔষধি – ৰিঅ’স্থ, ৰুমালয়া ফৰ্ট ইত্যাদি।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অষ্টিঅ’আৰ্থাইটিচ বা সন্ধিবাত
Anjan Sarma

Anjan Sarma

Related Posts

কচু শাকৰ গুণাগুণ
Health

কচু শাকৰ গুণাগুণ

by Editor
August 10, 2026
0

কচু শাকৰ গুণাগুণ (Colocasia) ডাঃ ৰেইনী দেৱী খাটি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া।...

Read moreDetails
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
The fountain of youth

The fountain of youth

July 7, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d