ফাটিমা পেমান
তনয় চক্ৰৱৰ্তী
অষ্ট্ৰেলিয়াৰ সংসদত চিনেটৰ বাবে লেবাৰ পাৰ্টিৰ পৰা নিৰ্বাচিত হ’ল ২৭ বছৰীয়া প্ৰথম হিজাবধাৰী চিনেটৰ ফাটিমা পেমান।
সোমবাৰে মহাবাহুলৈ প্ৰেৰণ কৰা এক সংবাদযোগে অষ্ট্ৰেলিয়াৰ পৰা ৰীতা চুলতানি আনোৱাৰে জনায় যে আফগান মুছলমান নাৰী ফাটিমা পেমান পশ্চিম অষ্ট্ৰেলিয়াৰ পৰা চিনেটলৈ নিৰ্বাচিত হৈছে।
ফাটিমা পেমানে কৈছে, মই এক নতুন দায়িত্বৰ বাবে নিৰ্বাচিত হ’বলৈ পাই অতিশয় গৌৰৱান্বিত হৈছো। অভিবাসী আৰু সংখ্যালঘু সকলৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে মই সংগ্ৰাম চলাই যাম।

অষ্ট্ৰেলিয়াৰ সংসদত তেৱেঁই হ’ব প্ৰথমগৰাকী হিজাব পৰিধান কৰা মহিলা।
উল্লেখযোগ্য যে ফাটিমা পেমান-এ ৮ বছৰ বয়সতে পিতৃ-মাতৃৰ আৰু তিনিগৰাকী ভাই-ভনীৰ সৈতে অভিবাসী হিচাপে অষ্ট্ৰেলিয়ালৈ আহিছিল। অষ্ট্ৰেলিয়াতেই তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰে। তাৰপিছত তেওঁ ৰাজনৈতিক দল লেবাৰ পাৰ্টিৰ সদস্য হয়।
২০-০৬-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)