• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

ASSAM / Brahmaputra / Assamese Section

by Anjan Sarma
July 18, 2026
in ASSAMESE SECTION, ASSAM
Reading Time: 14 mins read
0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
Share on FacebookShare on TwitterShare on LinkedIn

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা

অঞ্জন শৰ্মা

Anjan Pic
অঞ্জন শৰ্মা

(এক)

আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ পীঠস্থান, বিভিন্ন ভাষাৰ মিলনভূমি আৰু ৰাজনৈতিক – প্ৰাকৃতিক মানচিত্ৰ হিচাবে পৰিগণিত হোৱাৰ বহু পূৰ্বৰে পৰাই এই ভূখন্ডৰে প্ৰৱাহিত হৈ আছিল অপৰিসীম শক্তিধৰ বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ। ৰঙা নদ ব্ৰহ্মপুত্ৰ – লুইত, লোহিত, এক চলন্ত সমুদ্ৰ, আমাৰ এই ব্ৰহ্মপুত্ৰ।

আকে চুন্ডবৰ্গ (Åke Sundborg) – তেওঁ আছিল চুইডেনৰ বিখ্যাত ভূ-আকৃতিবিজ্ঞানী ( Geomorphologist) আৰু জলবিজ্ঞানী (Hydrologist)- তেওঁ ব্ৰহ্মপুত্ৰক এখন নদী বুলি বিভূষিত নকৰি এখন ‘গতিশীল মহাসাগৰ'( Moving Ocean) বুলি অভিহিত কৰিছিল। উপ্পশালা বিশ্ববিদ্যালয় ( Uppsala University)ৰ এগৰাকী খ্যাতিমান বিজ্ঞানী চুন্ডবৰ্গ-এ ১৯৫৬ চনত তেওঁৰ যুগান্তকাৰী গৱেষণাৰ জৰিয়তে নদীৰ কাৰ্যপ্ৰণালীক বুজি পোৱাৰ ধাৰণাটো সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল।
অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
Åke Olof Fritjof Sundborg

সেই সময়ৰ বেছিভাগ বিজ্ঞানীয়েই নদীক একোটা সুস্থিৰ জলপথ বুলি গণ্য কৰিছিল – যিয়ে হাজাৰ হাজাৰ বছৰ ধৰি শিল কাটি কাটি নিজৰ গতিপথ তৈয়াৰ কৰে বুলি এক অক্ষয় সিদ্ধান্তত অটল হৈ আছিল। কিন্তু চুন্ডবৰ্গ-এ যেতিয়া ব্ৰহ্মপুত্ৰক পৰ্যবেক্ষণ কৰিছিল, তেতিয়া তেওঁ নদীখনক এক জীৱন্ত আৰু অত্যধিক গতিশীল মহাশক্তিধৰ জল-দানৱ হিচাপে হে প্ৰত্যক্ষ কৰিছিল। তেওঁৰ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা গতিশীল মহাসাগৰখনক তিনিটা মূল পৰিঘটনাৰে বুজিব পৰা যায় –

(১) এক পৰিৱৰ্তনশীল সাগৰৰ গঠনশৈলী: এখন নদী আৰু এখন সাগৰ বা মহাসাগৰৰ মাজত থকা আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ’ল – ইয়াৰ এক নিৰ্দিষ্ট বা পূৰ্বানুমান কৰিব পৰা সীমা বা সিপাৰৰ অনুপস্থিতি। চুন্ডবৰ্গ-এ বুজাই দিছিল যে ব্ৰহ্মপুত্ৰ নদীয়ে এখন মহাসাগৰৰ দৰে কাম কৰে – কিয়নো ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰৱল বেগে নদীখনৰ ‘খহনীয়া সীমা’ ( Critical Erosion Threshold) অহৰহ ধ্বংস কৰি থাকে।

অত্যধিক জলপ্ৰৱাহ ( Massive Water Discharge) + হিমালয়ৰ পৰা নামি অহা তীব্ৰ বেগ ( High Himalayan Velocity)

                                                               |

চুন্ডবৰ্গ-ৰ ভাঙোন সীমা অতিক্ৰম ( Sundborg Threshold Shattered)

[ নদীৰ পাৰসমূহ খহি বিলীন হোৱা] ( Liquefaction of Riverbanks)

                                                                 |

ঘূৰি ঘূৰি বৈ যোৱা ‘গতিশীল মহাসাগৰ’ 

( Braided, Shifting ‘Moving Ocean ‘)

যেতিয়া বিশাল জলধাৰা তিব্বতৰ তীব্ৰ ঢাল থকা সুউচ্চ মালভূমিৰ পৰা হুৰহুৰাই তীব্ৰগতিৰে নামি আহে, তেতিয়া নদীখনে পৃথিৱীৰ যিকোনো ডাঙৰ নদীতকৈ প্ৰতি বৰ্গ কিলোমিটাৰত আটাইতকৈ বেছি ‘গেদ’ ( Sediment) কঢ়িয়াই আনে। চুন্ডবৰ্গ-এ গাণিতিকভাৱে প্ৰমাণ কৰিছিল যে যেতিয়া এখন নদীত ইমান প্ৰৱল গতিশক্তি থাকে, তেতিয়া নদীখনে কেৱল মাটি খহাই খহাই ক্ষয় নকৰে, বৰং পানীত দ্ৰৱীভূত কৰি পেলায়। মাত্ৰ এটা নিশাৰ ভিতৰতে একোটা নদী-দ্বীপ বা নদীৰ পাৰ নোহোৱা হৈ যাব পাৰে, আৰু ইয়াৰ অৰ্থ হ’ল নদীখনে অহৰহ ভৌগোলিকভাৱে নতুন নতুন ৰূপ ধাৰণ কৰি থাকে।

২. চিৰ গতিশীল নদীৰ বুকুত চলি থকা পৰিৱৰ্তন 

এখন সাধাৰণ নদীত পানীৰ সোঁত বৈ থাকে যদিও নদীৰ তলিখন তুলনামূলকভাৱে সুস্থিৰ হৈ থাকে। কিন্তু ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত চুন্ডবৰ্গ-ৰ তত্ত্বই দেখুৱাইছে যে নদীৰ সমগ্ৰ তলিখনো গতিশীল। ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশি সমতল ভূমিত প্ৰৱেশ কৰাৰ লগে লগে নদীখনৰ পানীৰ প্ৰৱল বেগ কিছু কমি যায় আৰু চুন্ডবৰ্গ-ৰ গেদ জমা হোৱা সূত্ৰ অনুসৰি নদীখনে লগে লগে ই কঢ়িয়াই অনা গধূৰ শিলবোৰ, বালিবোৰ তলত এৰি যাবলৈ বাধ্য হয়। পানীৰ তলৰ এই বিশাল পৰিৱৰ্তনে পানীভাগক দুয়োকাষে ফালি যাবলৈ বাধ্য কৰে – যাৰ ফলত নদীখন অসংখ্য বহল, একা- বেঁকা উপ-সুঁতিত বিভক্ত হৈ পৰে, গুম্ফিত হৈ পৰে। এজন প্ৰত্যক্ষদৰ্শীৰ বাবে নদীখনে নিজৰ একক পৰিচয়ৰ সলনি দিগন্তজুৰি বিস্তৃত এক মায়াজালত পৰিণত হয় – যেন ধুমুহাজাকৰ পিছৰ অস্থিৰ সাগৰৰ দৰে।

(৩) ব্ৰহ্মপুত্ৰৰ চহৰসমূহৰ জীৱন চক্ৰ ( The life Cycle of Brahmaputra Char)

(ক) বৰ্ষাকালীন বানপানী: তীব্ৰগতিৰে নদীৰ পাৰ খহে।

(খ) গেদ জমা হয়: পানীৰ বেগ কমে আৰু তলত বালি জমা হয়।

(গ) নদী- দ্বীপৰ সৃষ্টি: পানীৰ উপৰিভাগত ‘চৰ’-বোৰে মূৰ ডাঙি উঠে। 

(ঘ) পৰৱৰ্তী ঋতু: সাগৰসদৃশ নদীৰ গতি সলনি হয় আৰু ‘চৰ’ নোহোৱা হৈ পৰে।

চৰ বা বালিময় নদী-দ্বীপসমূহৰ সাঁথৰ: চুন্ডবৰ্গ-ৰ গতিশীল মহাসাগৰৰ তত্ত্বৰ আটাইতকৈ আকৰ্ষণীয় দিশ হ’ল ‘চৰ’সমূহৰ বিষয়ে আগবঢ়োৱা বক্তব্য। অৰ্থাৎ, ব্ৰহ্মপুত্ৰৰ বুকুত সৃষ্টি হোৱা অস্থিৰ আৰু পৰিৱৰ্তনশীল বালিময় চহৰসমূহ। 

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

CLICK THE LINK ABOVE

যিহেতু ব্ৰহ্মপুত্ৰৰ তলিখন প্ৰতি ঘন্টাতে সলনি হৈ থাকে, গতিকে লাখ লাখ খেতিয়ক আৰু খিলঞ্জীয়া মানুহৰ আশ্ৰয়স্থলীস্বৰূপ এনে নদী-দ্বীপবোৰ মাত্ৰ এটা বাৰিষাৰ বানপানীতে সম্পূৰ্ণ জাহ যাব পাৰে বা নতুন নতুন চৰ সৃষ্টি হ’ব পাৰে। চুন্ডবৰ্গ-ৰ তত্ত্বই আধুনিক ভূতত্ত্ববিদ সকলক বুজাত সহায় কৰিলে যে ব্ৰহ্মপুত্ৰক পকী দেৱাল বা স্থায়ী মথাউৰিৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰাটো এক ত্ৰুটিপূৰ্ণ কৌশল। কাৰণ ব্ৰহ্মপুত্ৰই এখন মহাসাগৰৰ দৰে আচৰণ কৰে আৰু ব্ৰহ্মপুত্ৰক আৱদ্ধ কৰিবলৈ গ’লে ই অইন কোনো স্থানত অধিক ভয়ংকৰ জলীয় হেঁচা প্ৰয়োগ কৰি হ’লেও পাৰ ভাঙি ওলাই যাব।

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

( দুই)

বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত শিৰোন্নত হৈ থকা ৰঙা মাটিৰ পাহাৰবোৰ বৰ্ষাই যেতিয়া বোৱাই আনি বিভিন্ন জান, জুৰি, উপনৈ, নৈ আদিৰে ব্ৰহ্মপুত্ৰক তেজৰঙা কৰি তোলে – তেতিয়াই লোহিত, লৌহিত্য, লুইতৰ অৰ্থ বুজিব পাৰি। সেইবাবেই প্ৰাচীন কামৰূপ আৰু অসমৰ খিলঞ্জীয়া মানুহে ব্ৰহ্মপুত্ৰক ‘লুইত’ বুলি অভিহিত কৰিছিল – যি শব্দৰ উৎপত্তি হৈছিল ‘লৌহিত্য’ ৰ পৰা, অৰ্থাৎ ‘ৰঙা নদী ‘। কছাৰী/বড়োসকলে ব্ৰহ্মপুত্ৰৰ নাম দিছিল ‘ভুল্লুং বুথুৰ‘। টাই-আহোমসকলে ‘নাম-তি-লাও’। দুই সহস্ৰাব্দৰ পূৰ্বে গ্ৰীক ভূগোলবিদসকলে ব্ৰহ্মপুত্ৰৰ নামাকৰণ কৰিছিল ‘অইডানেছ‘ আৰু ‘ডায়াৰ্ডেনছ‘। সময়ৰ লগে লগে ইতিহাসে এই বিশাল নদীখনক চল্লিশটাতকৈও অধিক নামেৰে নামাকৰণ কৰিছে। তাৰে কেইটামান নাম ড° যোগেন্দ্ৰনাথ শৰ্মাই তেওঁৰ গ্ৰন্থ ‘ব্ৰহ্মপুত্ৰ‘ত উল্লেখ কৰিছে এনেদৰে – ‘অতীত কালত ভাৰতত ব্ৰহ্মপুত্ৰৰ ভালেমান নাম আছিল, যেনে – লৌহিত্য, হিৰণ্য, দৃষদ্বতী, হ্ৰদিনী, হ্ৰদ্য, অন্ত:শীলা, অন্তৱৰ্লী, খাটাই, ব্ৰমী, চায়ন, ধৌনী, পাৰ্ছিনেছ, চেৰিচিলিছ, খামাউন, কামচ, দুঐনচ, কৰহট্টিকা, কৰকায়া আৰু দিয়ামে।‘( পৃষ্ঠা ১৩-১৪)

ব্ৰহ্মপুত্ৰ নদী : উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান

CLICK THE LINK ABOVE

মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই নদীসমূহে জীৱন, জীৱিকা, আৰু উন্নয়নৰ মূল আধাৰ হিচাপে পৰিগণিত হৈ আহিছে। পানীয় জল, কৃষিকাৰ্য, যাতায়ত, বাণিজ্য, উদ্যোগ আৰু শক্তি উৎপাদনৰ বাবে নদী অপৰিহাৰ্য। পৃথিৱীৰ প্ৰাচীনতম আৰু মহান সভ্যতাসমূহ – নীল নদীৰ পাৰৰ মিচৰীয় সভ্যতা, টাইগ্ৰিছ – ইউফ্ৰেটিছ অৱবাহিকাৰ মেছোপটেমিয় সভ্যতা, সিন্ধু নদীৰ পাৰৰ সভ্যতা, চীনৰ হোৱাংহো নদীকেন্দ্ৰিক সভ্যতা – এই সকলোবোৰ নদীক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছিল। কেৱল অৰ্থনৈতিক দৃষ্টিভংগীৰে নহয়, নদীবোৰে জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ লগতে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, সংস্কৃতিৰ বিকাশ আৰু আধ্যাত্মিক চেতনাৰ উন্মেষতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইবাবেই নদীক মানৱজাতিৰ জীৱনধাৰা বা জীৱনৰেখা বুলি কোৱা হয়।

Brahmaputra1

বিশ্বৰ বিখ্যাত নদীসমূহৰ ভিতৰত এক বিশেষ স্থানৰ অধিকাৰী ব্ৰহ্মপুত্ৰ মাথো এখন নদীয়েই নহয়, তিব্বতৰ উচ্চ মালভূমিত উৎপত্তি হোৱা আৰু অৰুণাচল প্ৰদেশ, অসম, বাংলাদেশৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ এছিয়াৰ অন্যতম বৃহৎ আৰু শক্তিশালী নদী। অসমৰ বাবে ব্ৰহ্মপুত্ৰ ৰাজহাঁড় আৰু সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতিৰ ভেঁটি। ব্ৰহ্মপুত্ৰৰ মুঠ যাত্ৰাপথ ২৮৯৭ কিলোমিটাৰ; তিব্বতৰ সুউচ্চ মালভূমিৰ মাজেৰে ১৬০০+ কিলোমিটাৰ, অৰুণাচল প্ৰদেশৰ মাজেৰে ২০০ কিলোমিটাৰ, অসমৰ মাজেৰে ৭২৪ কিলোমিটাৰ আৰু বাংলাদেশৰ মাজেৰে ৪৬০ কিলোমিটাৰ অতিক্ৰম কৰি বংগোপসাগৰত বিলীন হোৱালৈ। বাৰ্ষিক পানী কঢ়িওৱাৰ ক্ষেত্ৰতো ব্ৰহ্মপুত্ৰ বিশ্বৰ অইন দুখন ডাঙৰ নদী আমাজন, কংগোৰ সৈতে প্ৰথম তিনিটা স্থানত আছে।

পলসৰ বোজা কঢ়িওৱাৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ দ্বিতীয় স্থানত (পৰিৱৰ্তনশীল)। ব্ৰহ্মপুত্ৰই বিভিন্ন দেশৰ মাজেৰে প্ৰায় ৯৩৫০০০ বৰ্গ কিলোমিটাৰ আয়তনৰ অৱবাহিকা বা উপত্যকাৰ পানী নিষ্কাশন কৰে। কিন্তু এনেবোৰ পৰিসংখ্যাই ব্ৰহ্মপুত্ৰক বুজাব নোৱাৰে, ব্ৰহ্মপুত্ৰক হৃদয়ংগম কৰিবলৈ হ’লে ভৰ বাৰিষা ( জুন- জুলাই)ৰ সময়ত নদীখনৰ পাৰত থিয় হ’ব লাগিব আৰু চাব লাগিব নদীখনৰ আনটো পাৰ ক’ত হেৰাই গৈছে তথা নদীখন কিদৰে হৈ পৰিছে এখন ‘গতিশীল মহাসাগৰ’!

আমি উপলব্ধি কৰিব পাৰিব লাগিব আমাৰ চৌপাশৰ সকলোবোৰ বস্তু, ভৰিৰ তলৰ মাটি, পথাৰত থকা ধান, পাহাৰৰ মন্দিৰ, বিভিন্ন সত্ৰ, বিখ্যাত মাজুলী, যোগাযোগৰ পথ, ভাষা, সংস্কৃতি – সকলো জড়িত হৈ আছে এই বিশাল ৰঙা নৈখনৰ লগত। ব্ৰহ্মপুত্ৰই বিভিন্ন জনগোষ্ঠী, খিলঞ্জীয়া সম্প্ৰদায়, ভাষা, সংস্কৃতিক আশ্ৰয় আৰু পুষ্টি যোগাই ব্ৰহ্মপুত্ৰ উপত্যকাক সমৃদ্ধ আৰু বৈচিত্ৰ্যময় সভ্যতাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। অসমৰ সাহিত্য, লোককথা, সংগীত, ধৰ্ম, ধৰ্মীয় পৰম্পৰা, জনজীৱনৰ সৈতে এই নদীখনৰ সম্পৰ্ক অতি নিবিড়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনদীয়ে গঢ় দিয়া জলাহভূমি, বনাঞ্চল, আৰু প্ৰাকৃতিক সম্ভাৰে বিশ্বমানৰ জৈৱবৈচিত্ৰ্য সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

ব্ৰহ্মপুত্ৰৰ উৎপত্তিক লৈও বিভিন্ন কিম্বদন্তি, বিভিন্ন গৱেষণা। তিব্বতী গ্ৰন্থ ‘কাংগ্ৰী কাৰ্চোক‘ৰ মতে নদীখন ‘‘টছ’ মাফাম‘ৰ পৱিত্ৰ হ্ৰদ মানস সৰোবৰৰ পৰা ঘোঁৰাৰ কাণৰ সদৃশ নদী ‘তামচোক খাম্বাব’ হৈ আৱিৰ্ভাৱ হৈছে – যিখন কৈলাস পৰ্বতৰ কাষৰ পৰা পৃথিৱীৰ চাৰিওটা চুকলৈ বৈ যোৱা চাৰিখন নদীৰ ভিতৰত অন্যতম। হিন্দুশাস্ত্ৰই ইয়াৰ উৎপত্তিস্থল ‘ব্ৰহ্মকুন্ড’ বুলি নিৰ্ণয় কৰিছে – যি বৰ্তমানৰ অৰুণাচলত অৱস্থিত আৰু ভগৱান বিষ্ণুৰ এক অৱতাৰ পৰশুৰামে এই ব্ৰহ্মকুন্ডৰ পৱিত্ৰ পানীত স্নান কৰিয়েই মাতৃহত্যাৰ পাপৰ পৰা মুক্তিলাভ কৰাৰ পিছত কুঠাৰেৰে ব্ৰহ্মকুন্ডৰ পাৰ কাটি নদী হিচাপে পৱিত্ৰ জলৰাশি বোৱাই দিছিল। ইয়াৰোপৰি অইন আখ্যানমতে ভগৱান ব্ৰহ্মাই নিজৰ কামভাৱ প্ৰশমিত কৰিব নোৱাৰাত বীৰ্যপাত হোৱাৰ পিছত সেই বীৰ্যৰ পৰাই ব্ৰহ্মাৰ পুত্ৰ হিচাপে ব্ৰহ্মপুত্ৰ সৃষ্টি হোৱাৰ বৰ্ণনাও হিন্দু শাস্ত্ৰত আছে।

Brahmaputra 1

ইয়াৰ বিপৰীতে, ভূতাত্ত্বিক তত্ত্ব – তথ্যসমূহো সমানেই ৰোমাঞ্চকৰ। ব্ৰহ্মপুত্ৰৰ উৎসৰ কৃতিত্বৰ দাবীদাৰ হিচাপে তিনিটা বিশাল হিমবাহে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। ইয়াৰ প্ৰথমটো হ’ল ৫১৫০ মিটাৰ উচ্চতাত অৱস্থিত ‘চেমায়ুংডুং হিমবাহ’ – যাক ১৯৩০ চনত স্বামী প্ৰণৱানন্দই চিনাক্ত কৰিছিল। দ্বিতীয়টো হ’ল – ১৯০০ চনৰ আৰম্ভণিতে চুইডেনৰ অভিযাত্ৰী স্ভেন হেডিনে আঙুলিওৱা ৬২৭১ মিটাৰ উচ্চতাত থকা ‘কুপি হিমবাহ’। তৃতীয়টো হ’ল ৫২১০ মিটাৰ উচ্চতাত থকা ‘আংচি হিমবাহ’ – যিটো হিমবাহ একবিংশ শতিকাৰ আৰম্ভণিতে চীনৰ উপগ্ৰহকেন্দ্ৰিক গৱেষণাৰ সৈতে জড়িত গৱেষকসকলে চিনাক্ত কৰিছিল।

এসময়ত ব্ৰহ্মপুত্ৰতো ঘঁৰিয়ালে গিজগিজাই আছিল!

CLICK THE LINK ABOVE

এই বিতৰ্ক এতিয়াও সম্পূৰ্ণ নিষ্পত্তি হোৱা নাই যদিও চীনৰ গৱেষকসকলে চিনাক্ত কৰা আংচি হিমবাহক লৈ বহুপক্ষ সন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে। নিশ্চিত বা নিষ্পত্তি নোহোৱাৰ মূল কাৰণ হ’ল – নদীখন কেৱল এটা হিমবাহৰ পৰা উৎপত্তি নহয়, বৰং তিব্বতৰ মালভূমিত বিৰাজমান শ শ হিমবাহৰ পৰা উৎপত্তি হোৱা বিভিন্ন নদীৰ পানীৰ পৰাও ই সৃষ্টি হৈছে। যি কি নহওক, হিমবাহৰ পৰা উৎপত্তি হোৱা নদীখনে পূৱ দিশলৈ ঘূৰি ১৬০০+ কিলোমিটাৰ মালভূমিৰ ওপৰেৰে ‘য়াৰলুং চাংপো’ হিচাপে গড়ে ৩৫০০ মিটাৰ উচ্চতাত বৈ থাকে আৰু পৃথিৱীৰ সৰ্ব্বোচ্চ প্ৰধান নদী হিচাপে স্বীকৃত হৈছে।

Brahmaputra Dam

এনেদৰে বৈ যোৱাৰ পিছত হঠাৎ এক বিস্ময়কৰ ঘটনা সংঘটিত হয়। ‘নামচা বাৰৱা’ ( Namcha Barwa) পৰ্বতৰ ওচৰত – ৭৭৮২ মিটাৰ উচ্চতাৰ পূব – তিব্বতৰ শৃংগক কেন্দ্ৰ কৰি য়াৰলুং চাংপোৱে নাটকীয়ভাৱে ঘোঁৰাৰ খুৰাৰ দৰে ২৭০° ভাঁজ লৈ তীব্ৰগতিৰে দক্ষিণলৈ ঘূৰি পৃথিৱীৰ সবাতোকৈ গভীৰ খাদটোত জপিয়াই পৰে। ইয়াক ভূগোলবিদসকলে ‘গ্ৰেট বেন্ড‘( Great Bend) বুলি নামাকৰণ কৰিছে। চাংপোৰ ‘গ্ৰেণ্ড কেনিয়ন’ ৫০৪ কিলোমিটাৰ দীঘল, আৰু ২০০ কিলোমিটাৰ দূৰত্বত এই নদীখনে ৩১৫০ মিটাৰতকৈও অধিক তললৈ নামি যায় – যিটো ঢাল (Slope/Gradient) বা হেলনীয়া আকাৰে পৃথিৱীৰ যিকোনো নদী ব্যৱস্থাতকৈ অধিক জলশক্তি কেন্দ্ৰীভূত কৰে। ইয়াতেই প্ৰচন্ড শক্তি নদীখনে আহৰণ কৰে আৰু অসম পোৱালৈকে নদীখনে নিজৰ জলৰাশিৰ মাজত হিমালয়ৰ শিল, বালি, আৰু পানীৰ পৰ্বতবোৰ কঢ়িয়াই থাকে।

এই বিশাল আৰু মহাশক্তিমান জলৰাশি অৰুণাচল প্ৰদেশত ‘ছিয়াং’ নামেৰে প্ৰৱেশ কৰে আৰু ৯ খন প্ৰধান উপনৈৰ সৈতে সম্পৰ্ক স্থাপন কৰি তললৈ বৈ আহি আহি ‘দিহাং’ হৈ পৰে। তাৰপিছত শদিয়া নগৰৰ ওচৰত ‘কোবো’ত ই ‘দিবাং’ আৰু ‘লোহিত’ৰ সৈতে একত্ৰিত হৈ তিনিখন নদীৰ সংযুক্ত শক্তি আৰু পানী কঢ়িয়াই মহাবাহু ব্ৰহ্মপুত্ৰ হৈ পৰে।

( তিনি)

Brahmaputra sketch

অসমখন হ’ল ব্ৰহ্মপুত্ৰৰ উপহাৰ। ব্ৰহ্মপুত্ৰই হিমালয়ৰ দক্ষিণৰ পৰা নামি আহি সমতল ভৈয়ামত প্ৰৱেশ কৰাৰ লগে লগে নিজৰ প্ৰচন্ড বেগ হেৰুৱাবলৈ ধৰে আৰু বিশাল জলৰাশিয়ে কঢ়িয়াই অনা পৰ্বতসদৃশ গেদবোৰ তললৈ প্ৰৱাহিত হ’বলৈ আৰম্ভ কৰে। হাজাৰ হাজাৰ বছৰ ধৰি এই গেদবোৰে স্তৰৰ পিছত স্তৰৰ দ্বাৰা গঢ়ি তোলে ব্ৰহ্মপুত্ৰ উপত্যকা – প্ৰায় ৪৫০ মাইল দৈৰ্ঘ্যৰ আৰু ৫০ মাইল পৰ্যন্ত বহল সমভূমি। সৃষ্টি কৰে উত্তৰ আৰু দক্ষিণে আৰু পূৱে পাহাৰেৰে আবৃত এক সাৰুৱা ভূখণ্ড – যাৰ নাম সেইসময়ৰ বাসিন্দাসকলে কি দিছিল ইতিহাসো নীৰৱ।

The Brahmaputra: A History of Assam’s Climate Collapse -and What the River Still Remembers

CLICK THE LINK ABOVE

ভূতাত্ত্বিকভাবে ব্ৰহ্মপুত্ৰ পৃথিৱীৰ প্ৰধান নদীসমূহৰ ভিতৰত আটাইতকৈ নুমলীয়া, কম বয়সীয়া – যাৰ বিকাশ ১৫ লাখ বছৰৰ আগতে হৈছিল আৰু পৃথিৱীৰ অন্যতম ভূমিকম্পীয় মন্ডলৰ অস্থিৰতাৰ মাজেৰে প্ৰৱাহিত। ব্ৰহ্মপুত্ৰ অৱবাহিকা ভাৰত উপমহাদেশৰ সৰ্বাধিক ভূমিকম্পীয় মন্ডলৰ পঞ্চম স্থানত থকা বুলি ধৰা হয়।

জীৱন্ত হৈ থকা স্মৃতি অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাত ৮.৫ ৰ ওপৰৰ ৰিখটাৰ স্কেলৰ জোখৰ দুটা প্ৰচন্ড ভূমিকম্পই জোকাৰি পেলাইছিল – ইয়াৰে এটা ১৮৯৭ চনত আৰু আনটো ১৯৫০ চনত। প্ৰতিবাৰেই হাজাৰ হাজাৰ ভূমিস্খলনে ব্ৰহ্মপুত্ৰৰ নদী-ব্যৱস্থাত সতেজ হিমালয়ৰ গেদ-শিল ঢালি দিছিল। কেৱল ১৯৫০ চনৰ ভূমিকম্পৰ ফলতেই ব্ৰহ্মপুত্ৰৰ বিভিন্ন অংশ ৪ কিলোমিটাৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ বহল হৈ পৰিছিল আৰু যথেষ্ট পৰিমাণৰ পলস পৰিছিল। ব্ৰহ্মপুত্ৰ মাথোঁ এই ভূখন্ডৰে বৈ যোৱা এখন নদীয়েই নহয়, ব্ৰহ্মপুত্ৰই এই ভূখন্ড সৃষ্টি কৰিছিল আৰু প্ৰতিটো বাৰিষাত পুনৰ নিৰ্মাণ – পুনৰ ধ্বংস কৰিয়েই আছে।

ব্ৰহ্মপুত্ৰৰ বাৰ্ষিক প্ৰৱাহ ১২৩০৮ বিলিয়ন ঘনমিটাৰ বুলি অনুমান কৰা হয়। ইয়াৰ নিৰ্দিষ্ট উৎপাদন – নিষ্কাষণ ক্ষেত্ৰৰ প্ৰতি এককত পানীৰ পৰিমাণ – বিশ্বৰ যিকোনো নদীৰ ভিতৰত সৰ্বাধিক বুলি ধাৰণা কৰা হয়। ব্ৰহ্মপুত্ৰই ২৪২৮৩ বৰ্গমাইলৰ উপত্যকা জীপাল কৰি ৰাখে আৰু জীৱন প্ৰৱাহত প্ৰত্যক্ষ বা পৰোক্ষভাৱে বৰঙণি আগবঢ়ায়।

The Brahmaputra River: Asia’s Mighty Lifeline Driving Climate Change, Ecology, and Geopolitical Tensions

CLICK THE LINK ABOVE

ব্ৰহ্মপুত্ৰই য’তেই নিজৰ অপৰ্যাপ্ত পলস জমা কৰিছিল, তাতেই সভ্যতাৰ বিকাশ হৈছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত এছিয়া মহাদেশৰ ভিতৰতেই অন্যতম উৰ্বৰ মাটি আছে। সেইবাবেই হাজাৰ হাজাৰ বছৰ ধৰি ধানৰ খেতিৰে অসমৰ পথাৰ সোণোৱালী হৈ আছে, আৰু শত শত প্ৰকাৰৰ বৃক্ষই নিজৰ শাখা-প্ৰশাখা বিস্তৃত কৰি সমগ্ৰ উপত্যকা সেউজ কৰি ৰাখিছে।

Brahmaputra Arpan Uzir
Photo: Arpan Uzir

আজিৰ গুৱাহাটী নামৰ নগৰখন অতীতৰ প্ৰাগজ্যোতিষপুৰ হিচাপে পৰিচিত আছিল আৰু খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দ পৰ্যন্ত প্ৰাচীন কামৰূপৰ ৰাজধানী হিচাপে বৰ্তি আছিল। খ্ৰীষ্টীয় দশম শতিকাৰ কালিকা পুৰাণত লোহিত – লৌহিত্যক ‘ব্ৰহ্মপুত্ৰ’ শব্দৰে নামাকৰণ কৰা হৈছিল আৰু সম্ভৱতঃ এই গ্ৰন্থখনতেই প্ৰথমবাৰৰ বাবে এই নাম ব্যৱহাৰ হৈছিল। গুৱাহাটী নগৰখনৰো মূল আধাৰ আছিল বিশাল নদীখন।

ব্ৰহ্মপুত্ৰ কেৱল উপত্যকাখনৰ পানীৰ উৎসই নাছিল, ই আছিল মূল জলপথ ( ঘাইপথ), ভূগোলৰ শিৰা- উপশিৰাৰে প্ৰৱাহিত ৰক্ত, আধ্যাত্মিক – সাংস্কৃতিক – অৰ্থনৈতিক – ৰাজনৈতিক মেৰুদণ্ড। ব্ৰহ্মপুত্ৰৰ প্ৰতিটো ভাঁজ বা সংগমস্থলত বিভিন্ন নগৰ, মন্দিৰ গঢ় লৈ উঠিছিল। গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত থকা নীলাচল পাহাৰৰ কামাখ্যা দেৱীৰ মন্দিৰ, ক্ষুদ্ৰ শিলাময় নদীদ্বীপ উমানন্দ, শুক্ৰেশ্বৰ দেৱালয় ইত্যাদি নদীখনৰ পাৰতেই আৰু নদীৰ মাজতেই গঢ় লৈ উঠিছিল। 

Brahmaputra Underwater Tunnel: India’s First Sub-River Roadway to Transform Northeast Connectivity

CLICK THE LINK ABOVE

ব্ৰহ্মপুত্ৰ আছিল প্ৰাচীন কামৰূপৰ আৰু অসমৰ মূল বাণিজ্যিক পথ। আজিকালি আমি সততে ব্যৱহাৰ কৰা ৰাষ্ট্ৰীয় ঘাইপথ, অন্যান্য পথ, ৰেলপথ, আকাশীপথ সৃষ্টি হোৱাৰ বহু শতিকা পূৰ্বে নাও চলাচল হৈছিল সামগ্ৰী কঢ়িয়াবলৈ আৰু ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি বিভিন্ন উপনৈৰ দ্বাৰা সমগ্ৰ ভূখণ্ডত বাণিজ্যই পোখা মেলিছিল।

পৰিবহন হোৱা বিভিন্ন উল্লেখযোগ্য সামগ্ৰী আছিল চাউল, ৰেচম, সোণৰ ধূলি (১৬০০০ সোণোৱাল আহোম ৰাজত্বৰ কালত সোৱণশিৰি, ধনশিৰি আদি নদীৰ বালিৰ পৰা সোণ সংগ্ৰহৰ বাবে নিয়োজিত হৈছিল), হাতীদাঁত, কপাহ, ইত্যাদি। ব্ৰহ্মপুত্ৰই বৰ্তমানৰ পূৱ তিব্বতক বৰ্তমানৰ বাংলাদেশৰ অঞ্চলৰ সৈতে বাণিজ্যৰ একক ঘাইপথ হিচাপে সংযোগ কৰিছিল। ব্ৰহ্মপুত্ৰই কাক কঢ়িওৱা নাছিল – পন্ডিত, সাধু, সন্ন্যাসী, ধৰ্মপ্ৰচাৰক, ব্যৱসায়ী, আক্ৰমণকাৰী, ভ্ৰমণকাৰী, সাম্ৰাজ্যবাদী, কোবাল জলৰাশি ফালি ফালি নাও এখনত মুদ্ৰণ যন্ত্ৰ লৈ অসমত মুদ্ৰণ আৰু সাংবাদিকতাৰ সূচনা কৰা নাথান ব্ৰাউন, বিভিন্ন ইতিহাসবিদ, ৰেলপথৰ সামগ্ৰী, ৰেলৰ ইঞ্জিন, আৰু যে কিমান কি! 

Nathan Brown to Assam

১২২৮ চনত চুকাফাৰ নেতৃত্বত এদল টাই আহোম প্ৰব্ৰজনকাৰীয়ে ৰাজনৈতিক কাৰণত তথা জলবায়ু পৰিৱৰ্তনৰ পটভূমিত পাটকাই পৰ্বতমালা পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। সেই দলটোৰ প্ৰধান চুকাফাই এই ভূখণ্ডৰ সৌমাৰ অংশত নিজৰ যি ৰাজত্ব আৰম্ভ কৰিছিল, সেই ৰাজত্ব প্ৰায় ৬০০ বছৰ ধৰি বৰ্তি আছিল।

Against the Current of Brahmaputra: What Nathan Brown’s River Journey Tells Us About Assam’s Climate?

CLICK THE LINK ABOVE

আহোম ৰাজত্বকালৰ আৰম্ভণিৰে পৰাই স্বৰ্গদেউসকলে বুজি পাইছিল যে অসম ভূখণ্ডত ৰাজত্ব কৰি থাকিবলৈ হ’লে ব্ৰহ্মপুত্ৰ আৰু প্ৰধান উপনৈ সমূহ ব্যৱহাৰ কৰিব লাগিব আৰু নদীপথেই হ’ব সবাতোকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকে নদীৰ পাৰতেই গঢ়ি তুলিছিল নিজৰ ৰাজধানী। উল্লেখযোগ্য যে আহোম শক্তি বিশেষভাৱে দক্ষ আছিল নদীভিত্তিক যুদ্ধত, নৌযুদ্ধত। তাৰেই প্ৰমাণ আছিল ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ। হাদিৰাচকী আছিল স্বাধীন অসমৰ শৌৰ্যৰ প্ৰতীক, স্বাভিমানৰ নিদৰ্শন।

অসমত ইংৰাজে প্ৰৱেশ কৰিছিল বেলেগ কৌশলেৰে। মানৰ আক্ৰমণত বিধ্বস্ত অসমত ইংৰাজে প্ৰৱেশ কৰি মানক পৰাস্ত কৰি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধি মৰ্মে অসমক ৰাজনৈতিকভাবে অধিগ্ৰহণ কৰে আৰু অসমক নিয়ন্ত্ৰণত ৰাখিবলৈ সৰ্বাধিক গুৰুত্ব আৰোপ কৰে ব্ৰহ্মপুত্ৰক। ইংৰাজে আৰম্ভণিৰে পৰাই হৃদয়ংগম কৰিছিল যে এই দুৰ্গম ভূখণ্ডৰ বাবে মূল চাবিকাঠি হ’ল ব্ৰহ্মপুত্ৰ।

yandaboo

১৮৪৮ চনত ইংৰাজে কলিকতাৰ পৰা গুৱাহাটীলৈ আহিবলৈ ব্ৰহ্মপুত্ৰৰে ভাপ-জাহাজৰ প্ৰচলন আৰম্ভ কৰে। এইখিনিতে উল্লেখযোগ্য যে দীঘলীয়া দূৰত্বৰ ৰেল যোগাযোগ ব্যৱস্থা হোৱাৰ প্ৰায় ১৫০ বছৰ আগতেই সাগৰৰ পৰা হাজাৰ মাইল দূৰলৈ যাত্ৰা কৰিব পৰা সম্ভৱ কৰিছিল ব্ৰহ্মপুত্ৰই, আৰু অসমত চাহ উদ্যোগৰ প্ৰতিষ্ঠা সম্ভৱ হৈছিল। ১৮৬০ চনত কলিকতাৰ ‘ইন্ডিয়া জেনেৰেল ষ্টীম নেভিগেশ্যন কোম্পানী‘য়ে কলিকতা আৰু অসম উপত্যকাৰ মাজত ছয় সপ্তাহৰ ব্যৱধানত চলাচল কৰিব পৰাকৈ দুখন জাহাজ চলোৱা আৰম্ভ কৰিছিল ( এখনৰ নাম আছিল ‘আসাম‘ আৰু আনখনৰ ‘নাগা‘)।

Brahmaputra’s Dolphins

CLICK THE LINK ABOVE

১৮৮৫ চনৰ ভিতৰত অসমত একমাত্ৰ ৰেলপথ আছিল ইংৰাজে নিৰ্মাণ কৰা ডিব্ৰু- শদিয়া ৰেললাইন ( মিটাৰগেজ) আৰু যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে ( দুফুট গেজ)। এই দুয়োটা ৰেললাইন অসমৰ পূৱ দিশত আছিল যাতে দূৰত থকা চাহবাগিচাবোৰক ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ কৰাব পৰা যায় – যিহেতু সেইসময়ত বিশ্বৰ সৈতে যোগাযোগ কৰিবলৈ ব্ৰহ্মপুত্ৰৰ জলপথৰ বাহিৰে কোনো বিকল্প নাছিল। ব্ৰহ্মপুত্ৰক ভিত্তি কৰিয়েই অসমত আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সাম্ৰাজ্যবাদীয়ে মকৰাজাল বিস্তাৰিত কৰিছিল। ব্ৰহ্মপুত্ৰই সাম্ৰাজ্যবাদীকো প্ৰভুত পৰিমাণে সহায় কৰিছিল আৰু নদীৰ পাৰৰ নগৰসমূহ ইংৰাজৰ বাবে ব্যৱসায়িক কেন্দ্ৰ হৈ পৰিছিল।

Brahmaputra River

(চাৰি)

গুপ্ত মানচিত্ৰকৰৰ কঠিনতম যাত্ৰা

উনবিংশ শতিকাত দশক দশক ধৰি এছিয়াৰ বাবে আৰু ভূ-বিজ্ঞানীসকলৰ বাবে গুৰুত্বপূৰ্ণ ভৌগোলিক ৰহস্য এয়াই আছিল যে তিব্বতৰ য়াৰলুং চাংপোখনেই অসমৰ ব্ৰহ্মপুত্ৰ হৈ পৰিল নেকি! ইতিমধ্যে ভাৰত উপমহাদেশৰ ঋষি – মুনিসকলে কিছুমান ব্যাখ্যা আগবঢ়াইছিল যদিও বিজ্ঞানসন্মতভাৱে জৰীপ কৰা হোৱা নাছিল। জৰীপ কৰা বা মানচিত্ৰ তৈয়াৰ কৰাটোও আছিল ভীষণ কঠিন কাম, একপ্ৰকাৰ অসম্ভৱ কাৰ্য। ১৭৮০ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ জেনেৰেল চাৰ্ভেয়ৰ মেজৰ জেমছ ৰেনেলে তেওঁৰ ‘মেম’য়াৰ অব্ এই মেপ অব্ হিন্দুস্থান’ত দুয়োখন নদী এখন বুলি ডাঙি ধৰিছিল। কিন্তু তিব্বত আছিল ইউৰোপীয় সকলৰ বাবে নিষিদ্ধ ভূখণ্ড আৰু কোনো ইউৰোপীয়ই তিব্বতৰ ভিতৰত প্ৰৱেশ কৰা সম্ভৱ নাছিল।

Brahmaputra survey

১৮০২ চনত আৰম্ভ হোৱা ভাৰতত ইংৰাজৰ ‘গ্ৰেট ট্ৰিগনোমেট্ৰিকেল ছাৰ্ভে ‘(GTS) আছিল ব্ৰিটিছ শাসনকালৰ এক বিশাল বৈজ্ঞানিক অভিযান, যাৰ উদ্দেশ্য আছিল সমগ্ৰ ভাৰত উপমহাদেশক ভূ-জ্যামিতিক (Geodetic) নিখুঁততাৰে মানচিত্ৰত অংকন কৰা।

যিহেতু তিব্বতত ইউৰোপীয় অভিযাত্ৰীসকলৰ প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ আছিল, আৰু ধৰা পৰিলে মৃত্যুদণ্ড বা কঠোৰ নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল- সেইকাৰণে এই ভৌগোলিক ৰহস্য সমাধান কৰিবলৈ, অৰ্থাৎ তিব্বতৰ য়াৰলুং ছাংপো (Yarlung Tsangpo) নদী আৰু অসমৰ ব্ৰহ্মপুত্ৰ একেখনেই নদী নে নহয়-তাৰ উত্তৰ বিচাৰিবলৈ GTS-এ এক গোপন গুপ্তচৰ আৰু মানচিত্ৰ প্ৰস্তুতি কাৰ্যসূচী আৰম্ভ কৰিছিল। এই অভিযানত ব্যৱহাৰ কৰা হৈছিল ভাৰতীয় স্থানীয় অভিযাত্ৰীসকলক, যিসকল “পণ্ডিত” নামে পৰিচিত হৈছিল।ইয়াৰ মূল পৰিকল্পনাকাৰী আছিল ৱাকাৰ আৰু মণ্টগমেৰী।

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আৰু ইয়াৰ মানচিত্ৰ নির্মান

১. কৰ্ণেল জেমছ থমাছ ৱাকাৰ (GTS-ৰ অধীক্ষক): ইতিহাসৰ পৃষ্ঠাত “জেমছ ৱাল্টাৰ” নহয়, কৰ্ণেল জে. টি. ৱাকাৰ (James Thomas Walker) বুলিয়েই তেওঁ অধিক পৰিচিত। তেওঁ গ্ৰেট ট্ৰিগনোমেট্ৰিকেল ছাৰ্ভেৰ অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু পিছত ১৮৭৮ চনত ভাৰতৰ ছাৰ্ভেয়ৰ জেনেৰেল হয়। তেওঁ উপলব্ধি কৰিছিল যে সেই সময়ৰ অতি বৃহৎ আৰু গধুৰ জৰীপ কৰা যন্ত্ৰ- যেনে আধা টন ওজনৰ থিয়োডোলাইট– হিমালয়ৰ উচ্চতা অতিক্ৰম কৰি গোপনে তিব্বতলৈ নিয়া অসম্ভৱ। সেয়েহে তেওঁ গোপনভাৱে প্ৰশিক্ষিত ভাৰতীয় ছাৰ্ভেয়াৰসকলক ট্ৰান্স-হিমালয় অঞ্চললৈ প্ৰেৰণ কৰাৰ এক অতি গোপন কাৰ্যসূচী অনুমোদন কৰিছিল।

২. কেপ্টেইন থমাছ জৰ্জ মণ্টগমেৰী: কেপ্টেইন থমাছ জৰ্জ মণ্টগমেৰী আছিল ৰয়েল ইঞ্জিনিয়াৰছৰ এজন মেধাৱী ব্ৰিটিছ বিষয়া আৰু GTS-ৰ সৈতে জড়িত অন্যতম উদ্ভাৱক।

তেওঁ লক্ষ্য কৰিছিল যে শ্বেতাংগ ইউৰোপীয়সকল তিব্বত সীমান্তত প্ৰৱেশ কৰিলেই ধৰা পৰে। সেয়েহে তেওঁ এক অভিনৱ পৰিকল্পনা আগবঢ়ায়—চিক্কিম, লাডাখ, কুমায়ুন আদি সীমান্তৱৰ্তী অঞ্চলৰ বুদ্ধিমান স্থানীয় লোকসকলক প্ৰশিক্ষণ দি ব্যৱসায়ী, তীৰ্থযাত্ৰী বা বৌদ্ধ সন্ন্যাসী (লামা) ৰূপে তিব্বতলৈ প্ৰেৰণ কৰা। এওঁলোকক ‘পন্ডিত’ বুলি বিভূষিত কৰা হৈছিল।

NainSingh Brahmaputra Survey

“পণ্ডিত”সকলৰ প্ৰশিক্ষণ: ১৮৬০-ৰ দশকৰ আৰম্ভণিতে কেপ্টেইন মণ্টগমেৰীয়ে প্ৰথম দলৰ প্ৰশিক্ষণাৰ্থীসকলক- যাৰ ভিতৰত কিংবদন্তিতুল্য নৈন সিং ৰাৱাত (Chief Pundit বা “No. 1”) আৰু মণি সিং ৰাৱাত আছিল – তেওঁলোকক দেৰাদুনস্থিত GTS-ৰ মুখ্য কাৰ্যালয়লৈ আনে। তেওঁলোকক প্ৰায় দুবছৰ ধৰি অতি কঠোৰ আৰু গোপন প্ৰশিক্ষণ দিয়া হৈছিল।

গোপন জৰীপ ব্যৱস্থা:

১. খোজ গণনা পদ্ধতি (Pacing Method): প্ৰতি মাইলত ঠিক ২,০০০ খোজ। পৰ্বত, পাহাৰ, জলাশয়, হিমবাহ, গিৰিখাদ, বৰফ বা খাৱৈ যিয়েই নহওক, তেওঁলোকৰ খোজৰ দৈৰ্ঘ্য সদায় একে ৰাখিবলৈ প্ৰশিক্ষণ দিয়া হৈছিল।

২. বিশেষ জপমালা (Rosary): সন্দেহৰ উদ্ৰেক নকৰাকৈ খোজ গণনা কৰিবলৈ তেওঁলোকে সাধাৰণ ১০৮টা মণিৰ সলনি ১০০টা মণি থকা বিশেষ বৌদ্ধ জপমালা ব্যৱহাৰ কৰিছিল। প্ৰতি দশম মণি অলপ ডাঙৰ আছিল। এটা মণি আঙুলিৰে সৰকালে ১০০ খোজ আৰু ডাঙৰ মণি এটাৰ অৰ্থ ১,০০০ খোজ বুলি ধৰা হৈছিল।

৩. গোপন প্ৰাৰ্থনা চক্ৰ (Prayer Wheel): ধৰ্মীয় শ্লোকৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰাৰ্থনা চক্ৰৰ ভিতৰত সৰু কাগজ লুকুৱাই ৰখা হৈছিল, য’ত অক্ষাংশ, দ্ৰাঘিমাংশ আৰু দিশ নিৰ্ণায়ক তথ্য লিখা হৈছিল।

৪. ছদ্মবেশী বৈজ্ঞানিক সঁজুলি: সেক্সটেণ্ট, কম্পাছ আৰু থাৰ্মোমিটাৰ আদি যন্ত্ৰসমূহ গোপনে ভ্ৰমণৰ বাকচ, প্ৰাৰ্থনা চক্ৰ, কমন্ডলু আৰু ফোপোলা লাঠিৰ ভিতৰত লুকুৱাই ৰখা হৈছিল। থাৰ্মোমিটাৰৰ সহায়ত পানীৰ উষ্ণতা জুখি উচ্চতা নিৰ্ণয় কৰা হৈছিল।

ছাংপো আৰু ব্ৰহ্মপুত্ৰৰ মহাকাব্যিক জৰীপ: এই প্ৰশিক্ষণৰ পাছত পণ্ডিতসকল উত্তৰ দিশ অভিমুখে বৌদ্ধ ধৰ্মী হিচাপে যাত্ৰা কৰে। তেওঁলোকৰ মুখ্য লক্ষ্য আছিল য়াৰলুং ছাংপো নদীৰ গতিপথ অনুসৰণ কৰা। সেই সময়ত বিশ্বৰ ভূগোলবিদসকলৰ মাজত তীব্ৰ বিতৰ্ক চলি আছিল। বহুতে বিশ্বাস কৰিছিল যে ছাংপো নদী উত্তৰমুখে গৈ ম্যানমাৰৰ ইৰাৱতী (Irrawaddy) নদীত মিলিত হয়। আনহাতে কিছুমানে অনুমান কৰিছিল যে নদীখন হিমালয় কাটি দক্ষিণলৈ আহি অসমৰ ব্ৰহ্মপুত্ৰত পৰিণত হয়।

Brahmaputra1

অসম উপত্যকা: ব্ৰহ্মপুত্ৰ

১. নৈন সিং ৰাৱাতৰ তিব্বত অভিযান (১৮৬৫–১৮৬৬): ১৮৬৫ চনত লাডাখৰ ব্যৱসায়ীৰ ছদ্মবেশ লৈ নৈন সিং তিব্বতত প্ৰৱেশ কৰে। তেওঁ ১,২০০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ছাংপো নদীৰ গতিপথ অনুসৰণ কৰি অভূতপূৰ্ব নিখুঁততাৰে মানচিত্ৰ প্ৰস্তুত কৰে। তেওঁ গোপন সেক্সটেণ্ট ব্যৱহাৰ কৰি নিশাৰ আকাশৰ সহায়ত প্ৰথমবাৰৰ বাবে তিব্বতৰ নিষিদ্ধ ৰাজধানী লাছাৰ সঠিক অৱস্থান আৰু উচ্চতা নিৰ্ধাৰণ কৰে। তেওঁৰ সংগৃহীত তথ্যই স্পষ্টভাৱে দেখুৱাইছিল যে বিশাল ছাংপো নদী হিমালয়ৰ সমান্তৰালভাৱে পূবমুখে বৈ ভাৰতৰ পূবাঞ্চলীয় সিন্টেক্সিছ (Eastern Syntaxis) অঞ্চললৈ আগবাঢ়িছে।

২. ‘কিন্থুপ’ৰ চূড়ান্ত প্ৰমাণ (১৮৮০–১৮৮৪): নৈন সিঙে ওপৰৰ অংশ মানচিত্ৰত অংকন কৰাৰ পিছত, কিন্থুপ (সাংকেতিক নাম K.P.) নামৰ আন এজন পণ্ডিতক নদীখনৰ চূড়ান্ত সংযোগ নিশ্চিত কৰিবলৈ প্ৰেৰণ কৰা হয়। তেওঁক হিমালয়ৰ বিপজ্জনক আৰু অনাবিষ্কৃত গিৰিখাতসমূহৰ মাজেৰে নদীখন অনুসৰণ কৰাৰ দায়িত্ব দিয়া হৈছিল। যাত্ৰাপথত এজন সংগীয়ে বিশ্বাসঘাতকতা কৰি তেওঁক দাস হিচাপে বিক্ৰী কৰি দিয়ে। কিন্তু কিন্থুপে দাসত্বৰ পৰা যথাকালত মুক্তিলাভ কৰি পুনৰ ছাংপোৰ গভীৰ গিৰিখাত অঞ্চলত উপনীত হয়।

GTS-ৰ নিৰ্দেশ অনুসৰি তেওঁ ৫০টা বিশেষভাৱে চিহ্নিত কাঠৰ টুকুৰা প্ৰস্তুত কৰি নিৰ্ধাৰিত তাৰিখত ছাংপো নদীত এৰি দিয়ে। একে সময়তে অসমৰ ব্ৰহ্মপুত্ৰৰ উৎস-মুখত ব্ৰিটিছ পৰ্যবেক্ষকসকলে সেই টুকুৰাবোৰ হৈ বৈ ওলাই আহে নেকি চাবলৈ অপেক্ষা কৰাৰ কথা আছিল। যদিও প্ৰশাসনিক বিভ্ৰান্তিৰ বাবে সেই সময়ত অসমত কোনো পৰ্যবেক্ষক উপস্থিত নাছিল, কিন্থুপৰ জৰীপ নথি, ভ্ৰমণ ডায়েৰী আৰু সংগৃহীত ভৌগোলিক তথ্যই পিছত অকাট্য গাণিতিক প্ৰমাণ দিছিল যে ইয়াৰলুং ছাংপো আৰু ব্ৰহ্মপুত্ৰ একেই নদী।

ঐতিহাসিক গুৰুত্ব

জৰীপৰ আগতে: ছাংপো নদীৰ পৰিচয় সম্পৰ্কে বিভ্ৰান্তি আছিল। বহুতে ভাবিছিল যে ই ইৰাৱতী নদীৰ উপনদী।
পণ্ডিতৰ জৰীপৰ পিছত: ভৌগোলিকভাৱে নিশ্চিত কৰা হ’ল যে ছাংপোই হৈছে ব্ৰহ্মপুত্ৰৰ ঊৰ্ধ্বগামী অংশ।
Yarlung Zangbo Brahmaputra
ছাংপোই হৈছে ব্ৰহ্মপুত্ৰৰ ঊৰ্ধ্বগামী অংশ
মানচিত্ৰ নিৰ্মাণ: আগতে কাল্পনিক আৰু প্ৰাচীন লামা মানচিত্ৰৰ ওপৰত নিৰ্ভৰ কৰা হৈছিল; পিছত লক্ষ লক্ষ গণনা কৰা খোজ আৰু বৈজ্ঞানিক তথ্যৰ ভিত্তিত নিখুঁত মানচিত্ৰ প্ৰস্তুত কৰা হয়।
ভৌগোলিক জ্ঞান: এসময়ৰ নিষিদ্ধ আৰু অজ্ঞাত সীমান্ত অঞ্চল গ্ৰেট ট্ৰিগনোমেট্ৰিকেল ছাৰ্ভেৰ জৰিয়তে বৈজ্ঞানিকভাৱে নথিভুক্ত ভূখণ্ডত পৰিণত হয়।

পণ্ডিতসকলৰ অসীম সাহস, কেপ্টেইন মণ্টগমেৰীৰ দূৰদৰ্শিতা আৰু কৰ্ণেল ৱাকাৰৰ কৌশলগত নেতৃত্বৰ ফলত মানৱ ইতিহাসৰ অন্যতম সৰ্বশ্ৰেষ্ঠ গুপ্তচৰবৃত্তি আৰু মানচিত্ৰ নিৰ্মাণ অভিযান সফল হৈছিল। এই অভিযানেই হিমবাহৰ কোলাত জন্ম লোৱা ব্ৰহ্মপুত্ৰৰ “গতিশীল সাগৰ”ৰ দৰে যাত্ৰাপথক তিব্বতৰ উচ্চভূমিৰ পৰা ভাৰতৰ অন্তঃস্থললৈকে বৈজ্ঞানিকভাৱে উন্মোচন কৰিছিল। 

(পাঁচ)

ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ পটভূমিত জীৱন প্ৰৱাহ

ব্ৰহ্মপুত্ৰই নিজৰ গুম্ফিত একা -বেকা আৰু বিস্তাৰিত সোঁতবোৰৰ মাজে মাজে এক সুকীয়া ভূখণ্ডৰ সৃষ্টি কৰে তথা মাজে মাজে ধ্বংসও কৰে। চৰ আৰু চাপৰি – প্ৰত্যেকবাৰৰ বানৰ সময়ত গঢ় লৈ উঠা আৰু সলনি কিম্বা সংস্কাৰ হোৱা বালি – পলসৰ দ্বীপ তথা নদীৰ পাৰৰ ঘাঁহনিময় অঞ্চল অসমৰ কিছু প্ৰাচীন জনজাতিৰ স্থিতিস্থাপক বাসভূমি।

Mising Indigenous Governance and Hydrological Resilience in the Brahmaputra Basin

CLICK THE LINK ABOVE

এনে স্থানান্তৰিত অঞ্চলবোৰত হাজাৰ হাজাৰ মানুহে বসবাস কৰে আৰু নদীখনে যি দিয়ে – সেইবোৰ পুনৰ নদীখনে ঘূৰাই লোৱাৰ আগতে খেতি-বাতি কৰে। এওঁলোকৰ সৰহভাগৰে বাসগৃহ হ’ল স্থানান্তৰিত কৰিব পৰাকৈ বা নদীখনৰ তান্ডৱৰ সৈতে সহাৱস্থান কৰিব পৰাকৈ কাঠ-বাঁহ- খেৰ -ইকৰা আদিৰে নিৰ্মিত। মানুহ আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ আটাইতকৈ পুৰণি সম্পৰ্কক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে নৈ-পৰীয়া খিলঞ্জীয়া মিছিং লোকসকলে।

Chang Ghar

মিছিং লোকসকলৰ চাং ঘৰ হ’ল বানপানী হ’লে পানীৰ ওপৰৰ স্তৰে চুব নোৱাৰাকৈ নিৰ্মাণ কৰা একপ্ৰকাৰৰ বিশেষ বাসগৃহ। ই কেৱল খিলঞ্জীয়া স্থাপত্য নহয়, ই হ’ল এক দৰ্শন। এই দৰ্শনে সমগ্ৰ বিশ্বক ডাঙি ধৰে সেই সত্য – নদী থাকিব, নদীৰ পানী থাকিব, নদীৰ পানী বাঢ়িব, কিন্তু আমিও থাকিম, আমিও নদীৰ সৈতে মিলি – জুলি থাকিম। এওঁলোকৰ কৃষি- দিনপঞ্জী বানপানীক গুৰুত্ব দি প্ৰস্তুত কৰা হয়, খাদ্যত ব্যৱহাৰ কৰা হয় নদীৰ পাৰৰ ঋতুভিত্তিক প্ৰাকৃতিক উদ্ভিদ। এই খিলঞ্জীয়া লোকসকলৰ সমগ্ৰ জীৱন – সংস্কৃতিৰ ভিত্তি হ’ল ব্ৰহ্মপুত্ৰৰ সৈতে থকা সম্পৰ্ক।

(ছয়)

ব্ৰহ্মপুত্ৰৰ বুকুত থকা দুষ্প্ৰাপ্য শিহু

ব্ৰহ্মপুত্ৰ নদীৰ শিহু হ’ল অসমৰ জলজ পৰিস্থিতিতন্ত্ৰৰ এক অনন্য ধৰণৰ অলুণীয়া পানীৰ স্তন্যপায়ী জীৱ আৰু নদীখনৰ স্বাস্থ্যৰ এক প্ৰধান সূচক। ভাৰতৰ জাতীয় জলচৰ প্ৰাণী হিচাপে স্বীকৃত এই বিৰল জীৱবিধে ব্ৰহ্মপুত্ৰৰ খাদ্য শৃংখলত এক সৰ্বোচ্চ চিকাৰী(Apex Predator)ৰ ভূমিকা পালন কৰি জলজ জৈৱ-বৈচিত্ৰ্যৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে।

 জন্মগতভাৱে দৃষ্টিহীন এই প্ৰাণীবিধে নদীৰ ঘোলা পানীত চলাচল আৰু চিকাৰ কৰিবলৈ এক বিশেষ শব্দ তৰংগৰ (ইকোলোকেচন) আশ্ৰয় লয়, যাৰ বাবে ই বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰতো অত্যন্ত গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত জল প্ৰদূষণ, নদীৰ বৰ্ধিত যাতায়াত আৰু মাছমৰা জালৰ ভাবুকিৰ বাবে এই বিপন্ন প্ৰাণীবিধ তীব্ৰ সংকটৰ মুখত পৰিছে। 

river dolphin in assam

ভাৰত চৰকাৰৰ প্ৰজেক্ট ডলফিন (Project Dolphin) আঁচনিৰ অধীনত অলপতে প্ৰকাশ পোৱা প্ৰথমটো বিস্তৃত গণনা অনুসৰি সমগ্ৰ দেশত ৬,৩২৪ টা শিহু থকাৰ বিপৰীতে কেৱল অসমৰ ব্ৰহ্মপুত্ৰ নদী অববাহিকাত ৫৮৪ টা শিহু সুস্থিৰ অৱস্থাত থকা বুলি জানিব পৰা গৈছে। 

তাৰোপৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ ১০৫ টা বংশৰ ২২২ বিধ প্ৰজাতিৰ মাছৰ আশ্ৰয়স্থলী – এই সংখ্যা উত্তৰ পূৰ্বাঞ্চলৰ সকলো মাছৰ তিনি-চতুৰ্থাংশ।

(সাত)

ব্ৰহ্মপুত্ৰ আৰু বানপানী 

অসমত ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহে সৃষ্টি কৰা বানপানী কোনো নতুন ঘটনা নহয়। প্ৰায় প্ৰত্যেক বছৰে জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে উপত্যকাৰ মাজেৰে তিনি-চাৰিটা বানপানীৰ ঢৌ-ৱে হিলদল ভাঙি গতি কৰে। অসমৰ মুঠ ভূমিৰ প্ৰায় ৩৯.৫৮% – ৩১৫০০ বৰ্গকিলোমিটাৰ হ’ল বানপীড়িত আৰু এই পৰিমাণ সৰ্বভাৰতীয় গড়ৰ চাৰিগুণ (অনুপাত)। ১৯৫০ চনৰ পৰা বানপানী আৰু গৰাখহনীয়াই অসমৰ ৪.২৭ লাখ হেক্টৰ মাটি নিশ্চিহ্ন কৰি পেলাইছে (যাৰ ভিতৰত বিশ্বপ্ৰসিদ্ধ নদীদ্বীপ মাজুলীও আছে) – অৰ্থাৎ, অসমৰ ভৌগোলিক মানচিত্ৰৰ ৭.৪% বিলুপ্ত কৰি পেলাইছে। 

Flood in Assam: A Never Ending problem

কিন্তু এই বানপানীয়েই অসম উপত্যকাক উৰ্বৰ কৰি তুলিছিল। বাৰিষাৰ প্লাৱনৰ সময়ত খেতি পথাৰ সমূহৰ ওপৰত জমা হোৱা ব্ৰহ্মপুত্ৰৰ পলসে আনুমানিক ২০% ৰ পৰা ৩০% মাটি সাৰুৱা কৰি পেলায়। প্ৰাচীন বাওধানৰ খেতি হ’ল বান প্ৰতিৰোধী ধানৰ প্ৰজাতি – বান আৰু পানীৰ মাজত টিকি থাকে বাবে বাওধানৰ প্ৰচলন হৈছিল। তাৰোপৰি প্ৰতিটো বাৰিষাত জলাশয়, বিল, পুখুৰীবোৰলৈ ব্ৰহ্মপুত্ৰৰ পানী তথা উপনৈসমূহে মাছৰ যোগান ধৰিছিল।

অসমৰ মানুহৰ সৈতে ব্ৰহ্মপুত্ৰৰ যি বুজাবুজি আছিল, সেই সম্পৰ্কৰ অৱনতিৰ মূল কাৰণ বানপানী নহয়, কাৰণ হ’ল মথাউৰি নিৰ্মাণ। ১৯৫৪ চনত ভাৰত চৰকাৰে বান ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী ঘোষণা কৰাৰ পিছত অসমত কেৱল ব্ৰহ্মপুত্ৰৰ কাষেৰেই ১০২৩ কিলোমিটাৰতকৈও অধিক মথাউৰি নিৰ্মাণ কৰা হৈছিল। ইয়াৰ ফলত সংকীৰ্ণ হৈ পৰা নদীৰ পলস বিয়পিব পৰা নাছিল আৰু নদীৰ চলিত জমা হৈ হৈ তলিখন ওপৰলৈ উঠি আহিছিল। এনেদৰে উঠি অহাৰ ফলত নদীখনে কেতিয়াবা ভয়ংকৰ ৰূপ লৈ মথাউৰি ছিঙি ভাঙি পেলাই প্ৰলয়ৰ সৃষ্টি কৰিছিল।

ব্ৰহ্মপুত্ৰ, চীন আৰু বান্ধ

নদীখনৰ উৎপত্তি অসমত নহয়। ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিয়ে ‘ব্ৰহ্মপুত্ৰ’ নাম লোৱাৰ পূৰ্বে তিব্বতৰ মাজেদি ১৬০০ কিলোমিটাৰ যাত্ৰা কৰে। ভূ-ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ এই জলৰাশিক লৈ সম্প্ৰতি যি উত্তেজনা আৰম্ভ হৈছে, ইতিপূৰ্বে কেতিয়াও হোৱা নাছিল।

Dam in Brahmaputra by China

২০২৫ চনৰ জুলাই মাহত য়াৰলং চাংপোক কেন্দ্ৰ কৰি চীনে মেডগ জলবিদ্যুৎ কেন্দ্ৰ নিৰ্মাণ কৰা আৰম্ভ কৰে ‘দ্যা গ্ৰেট বেণ্ড’ৰ এনে এক স্থানত- য’ত নদীখনে ৫০ কিলোমিটাৰৰ যাত্ৰাত প্ৰায় ২০০০ মিটাৰ তললৈ হুৰহুৰাই নামি যায়। এনে গুৰুত্বপূৰ্ণ স্থানত চীনে বিচাৰি পাইছে বিশাল পৰিমাণৰ জলবিদ্যুৎ উৎপাদন কৰা সম্ভাৱনা। প্ৰায় ৬০ গিগাৱাটৰ প্ৰকল্প আৰু আনুমানিক ব্যয় ১.২ ট্ৰিলিয়ন ইউয়ান ( প্ৰায় ১৬৭ বিলিয়ন আমেৰিকান ডলাৰ)ৰ অধিক হোৱা হেতুকে ই সম্ভৱতঃ মানৱ ইতিহাসৰ সবাতোকৈ ডাঙৰ আন্ত:গাঁথনি প্ৰকল্প হিচাপে গণ্য হৈছে। ২০৩৩ চনৰ পৰা বাণিজ্যিক উৎপাদনৰ লক্ষ্য লৈ কাম আৰম্ভ কৰা হৈছে।

Brahmaputra -The never-ending metaphor as Media of the valley

CLICK THE LINK ABOVE

অসম আৰু বাংলাদেশৰ বাবে চীনৰ এই বান্ধ হৈ পৰিছে প্ৰচন্ড ভাবুকিৰ কাৰণ। কাৰণ অসম আৰু বাংলাদেশৰ প্ৰায় ১০ কোটিৰো অধিক মানুহ ব্ৰহ্মপুত্ৰৰ প্ৰৱাহৰ ওপৰত নিৰ্ভৰশীল। এসময়ত আহোম সৈন্য আৰু মোগল সৈন্যৰ মাজত হোৱা যুদ্ধৰ পৰিণতি নিৰ্ণয় কৰা নদীখন এতিয়া এছিয়াৰ আটাইতকৈ উত্তেজনাপূৰ্ণ ভূ-ৰাজনৈতিক প্ৰতিযোগিতাৰ মাজত সোমাই পৰিছে। গুৰুত্বপূৰ্ণ হৈ পৰিছে – আজি নদীখনক কোনে নিয়ন্ত্ৰণ কৰিব!

Brahmaputra seen from a SPOT Satellite
Brahmaputra, seen from a SPOT Satellite

নদীখনে কি কয়?

ব্ৰহ্মপুত্ৰক নিয়মীয়াকৈ পানী যোগান ধৰা হিমবাহবোৰ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত দ্ৰুতগতিত গলিবলৈ ধৰিছে। নদীখনৰ অৱবাহিকাৰ ৬১০ টা হিমবাহৰ ভিতৰত সৰহভাগ জলবায়ু পৰিৱৰ্তনৰ বাবে পিছুৱাই গৈছে। চেমায়ুংডুং আৰু আংচি হিমবাহ – এশ বছৰৰ তুলনাত এতিয়া দ্ৰুতহাৰত সংকুচিত হ’বলৈ ধৰিছে। এইবোৰ ভয়াৱহ ভৱিষ্যতৰ আগজাননী!

আমি সচেতন নহ’লে ভয়ংকৰ বিপদ। কাৰণ নদীখনৰ অবিহনে অসম নাই। আজি আমি যি ভূমিত থিয় হৈ আছো- সেই ভূমি হিমালয়ৰ পৰা ব্ৰহ্মপুত্ৰই কঢ়িওৱা। আমাৰ ধাননি পথাৰবোৰৰো মূল মহাবাহু। আমাৰ কৃষি, সংস্কৃতি, অৰ্থনীতি সকলোৰে লগত জড়িত এই নদীখন। ই কেৱল উপত্যকাৰ মাজেৰে বৈ যোৱা এখন নদীয়েই নহয়, ই হ’ল বিভিন্ন সভ্যতা আৰু ইতিহাসক কঢ়িওৱা এক জীৱন্ত মেডিয়া @ ২৪ × ৭ × বহু নিযুত বছৰ( কালাতীত)!
Mahabahu Climate Logo
Mahabahu Climate Forum

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ
Climate Change

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

by Jharna Sarma Dev Choudhury
August 16, 2026
0

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ ঝৰ্ণা শৰ্মা দেৱচৌধুৰী এনে এখন দেশ, যিখন দেশ হয়তো আৰু কেইবছৰমানৰ...

Read moreDetails
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

August 12, 2026
International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

August 11, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d