• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 6, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

অসমত কোনো অসমীয়া মুছলমান নাই

ড০ ৰ‌ক্তিম ৰঞ্জন শইকীয়া

by Anjan Sarma
November 5, 2023
in Politics, Opinion
Reading Time: 3 mins read
0
অসমত কোনো অসমীয়া মুছলমান নাই
Share on FacebookShare on TwitterShare on LinkedIn

অসমত কোনো অসমীয়া মুছলমান নাই

ড০ ৰ‌ক্তিম ৰঞ্জন শইকীয়া

Raktim Ranjan Saikia
ড০ ৰ‌ক্তিম ৰঞ্জন শইকীয়া

ঔপনিৱেশিক আৰু স্বৰাজোত্তৰ অসমীয়া ভাষালৈ বহু নতুন নতুন শব্দৰ আমদানি ঘটিল ৷ যিসমূহৰ বহুতৰে অসমৰ মাটি-পানী, ইতিহাসৰ লগত কোনো সম্পৰ্ক নাই ৷ ‘অসমীয়া মুছলমান’ শব্দ যুগলো অসমৰ ইতিহাস, মাটি-পানীৰ লগত সম্পৰ্কৰহিত এনে বৰ্জনীয় শব্দ ৷

ৰাজনৈতিক নেতা নেতা, ইতিহাসবিদ, শিক্ষাবিদ, জাতীয়তাবাদী সকলোৱে মুখত সম্প্ৰীতি লগা ভাব এটা আনিবলগীয়া হ’লেই ‘অসমীয়া মুছলমান’ শব্দটো আনিবই ৷ অথচ অসমৰ ইতিহাসত নথকা, অসমৰ সমাজত নোহোৱা-নোপোজা শব্দ এটাক বৰপীৰা পাৰি বহুৱাই আমি অসমীয়া সমাজখনৰ জীৱনী শক্তিটোকহে ক্ষতিগ্ৰস্ত কৰিছোঁ ৷ 

 ব্ৰিটিছ শাসকসকলে ১৮৭৪ চনত বংগদেশৰ পৰা পূৰ্বৰ আহোম ৰাজ্যক কাটি আনি তাৰ লগত কছাৰী ৰাজ্য আৰু কোচ ৰাজ্যৰ একাংশ জোৰা লগাই অসম নামৰ ভৌগলিক অৱয়ব এটা সৃষ্টি কৰিছিল৷ আমি আজি যিটো অসমীয়া বুলি জাতিসত্ত্বা গঢ়ি তুলিবলৈ চেষ্টা কৰি আছোঁ, সেইটো হ’ল এই ভূখণ্ডক লৈ তৈয়াৰ কৰিবলৈ যত্ন কৰা এটা বিমূৰ্ত সত্তা মাত্ৰ ৷

পুৰণি কামৰূপৰ ধ্বংসাৱশেষৰ ওপৰত গঢ়ি উঠা কোচ, কছাৰী আহোম ৰাজ্যৰ মাজত মিলতকৈ অমিলেই বেছি থাকিলেও এটা সাংঘাতিক মিলো আছিল ৷ সেইটো হৈছে ৰাজ্যকেইখনত জাত-পাত বিভাজন, বৰ্ণ বিভাজন প্ৰচুৰ পৰিমাণে থাকিলেও কোনো ধৰ্মীয় বিভাজন নাছিল৷ এই তিনি ৰাজ্যত ধৰ্মৰ পৰিবৰ্তে অসংখ্য বৃত্তিয়াল বা সম্প্ৰদায়ৰ বিভাজনহে আছিল৷ ইয়াৰ অৱশে৷ আমি আজিও অসমীয়া সমাজত দেখিবলৈ পাওঁ ৷ 

 প্ৰতাপ সিংহ স্বৰ্গদেউৰ দিনত মোমাই তামুলীয়ে নতুনকৈ গাঁও পাতিছিল–‘তেলী, মালী, ধোবা, চমাৰ, কমাৰ, তাঁতী, সোণাৰী সকলো জাতিৰ মানুহ ফালিলে৷ দুই ভাইৰ এপোৱা চাৰি ভাইৰ দোপোৱা, ছই ভাইৰ তিনিপোৱা, আঠ ভাইৰ চাৰিপোৱা এই ক্ৰমে নৰাৰ পৰা বংগালৰ দো-সীমালৈকে দেশ পাতিলে৷ দৈয়াংগ, বচা পাতিলে’ (দেওধাই অসম বুৰঞ্জীৰ অন্তৰ্গত দাঁতিয়লীয় বুৰঞ্জী, পৃষ্ঠা-৯৫)৷ 

এই গাঁওসমূহত কোন কোন আছিল চাওক– মহামত্যবৰ্লভ ব্ৰাহ্মণ ২ ঘৰ, গণক ২ ঘৰ, কাঠৰ ২ ঘৰ, কলিতাৰ ২ ঘৰ, কেওট ২ ঘৰ, কোচ ২ ঘৰ, চুটিয়া ২ ঘৰ, বুৰুক ২ ঘৰ, বৰীয়া ২ ঘৰ, অহম ২ ঘৰ, গৰিয়া ২ ঘৰ, মৰিয়া ২ ঘৰ, কৈৱৰ্ত ২ ঘৰ, হাৰি ২ ঘৰ–এই ক্ৰমে পাতিলে (দেওধাই অসম বুৰঞ্জীৰ অন্তৰ্গত দাঁতিয়লীয়া বুৰঞ্জী, পৃষ্ঠা ৯৫)৷ 

“এই ভূ-খণ্ডই মধ্যযুগতে ধৰ্মীয় পৰিচয় পৰিহাৰ কৰিছে৷ তেনেস্থলত নতুনকৈ এই শব্দ যুগলৰ আমন্ত্ৰণে জাতিটোৰ স্বকীয়তাক ক্ষতি কৰিছে৷ যিহেতু অসমত ‘অসমীয়া হিন্দু’ বুলি কোনো পৰিচয় নাই, তেন্তে কাৰ স্বাৰ্থ সিদ্ধিৰ বাবে ‘অসমীয়া মুছলমান’ শব্দ দুটা আমদানি কৰা হ’ল, সেয়া চিন্তা কৰিবলগীয়া ৷” 

আজিৰ প্ৰেক্ষাপটত এনে সাম্প্ৰদায়িক শ্ৰেণীকৰণ ভুল হ’লেও এইসমূহেই আছিল তেতিয়াৰ আহোম ৰাজ্যৰ সাধাৰণ সাম্প্ৰদায়িক শ্ৰেণীকৰণ ভুল হ’লেও এইসমূহেই আছিল তেতিয়াৰ আহোম ৰাজ্যৰ সাধাৰণ সাম্প্ৰদায়িক বিভাজন৷ এই বিভাজনত পুৰি খাবলৈও ‘অসমীয়া মুছলমান’ নাই ৷

অসমত কোনো অসমীয়া মুছলমান নাই
[গুৱাহাটীঃ ৰাজ্য চৰকাৰে গঠন কৰা ৭টা উপগোট/সমিতিৰ পৰামৰ্শ অনুসৰি ৫টা অসমীয়া মুছলিম উপগোট গৰিয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে।]

এই তালিকাত গৰিয়া-মৰিয়াসকল আছে । তেনেহ’লে অসমীয়া মুছলমান আকাশৰ পৰা কিয় সৰি পৰিল? কোচ ৰাজ্যৰ ক্ষেত্ৰতো একেই কথা খাটে ৷ দৰং ৰাজবংশাৱলীৰ মতে– ‘কপাসক অনিলন্ত মেঘনাৰায়ণ তাংক দিলা ধোৱা তাঁতী যত জোলাগণ৷’ (দৰং ৰাজবংশালী– পৃ-৫২) 

 ইয়াত জোলা নামৰ ইছলাম ধৰ্ম পালন কৰা তাঁতীসকলৰ বিষয়ে উল্লেখ কৰা হৈছে৷ কিন্তু কোনো ধৰ্মীয় পৰিচয়ৰ বিষয়ে উল্লেখ নাই ৷ কছাৰী ৰাজ্যতো প্ৰজাসকলৰ মাজত বৃত্তি আৰু গোষ্ঠী পৰিচয়ৰহে প্ৰাধান্য আছিল৷

নামনি অসমৰ ‘দেশী’সকলতো সকলো স্বকীয় বৈশিষ্ট্যযুক্ত অসমীয়া জনজাতি যেনহে লাগে৷ যিহেতু মধ্যযুগৰ নথি-পত্ৰত উল্লেখ থকা সেই গৰিয়া, মৰিয়া, জোলা বা দেশীসকল এতিয়াও বৰ্তি আছে, গতিকে তেওঁলোকৰ ওপৰত ‘‘অসমীয়া মুছলমান’’ৰ দৰে শিপাবিহীন পৰিচয় এটা কিয় জাপি দিয়া হ’ল সেইটো লক্ষণীয়৷ 

“পুৰণি কামৰূপৰ ধ্বংসাৱশেষৰ ওপৰত গঢ়ি উঠা কোচ, কছাৰী আহোম ৰাজ্যৰ মাজত মিলতকৈ অমিলেই বেছি থাকিলেও এটা সাংঘাতিক মিলো আছিল ৷ সেইটো হৈছে ৰাজ্যকেইখনত জাত-পাত বিভাজন, বৰ্ণ বিভাজন প্ৰচুৰ পৰিমাণে থাকিলেও কোনো ধৰ্মীয় বিভাজন নাছিল৷ এই তিনি ৰাজ্যত ধৰ্মৰ পৰিবৰ্তে অসংখ্য বৃত্তিয়াল বা সম্প্ৰদায়ৰ বিভাজনহে আছিল৷ ইয়াৰ অৱশে৷ আমি আজিও অসমীয়া সমাজত দেখিবলৈ পাওঁ ৷” 

 আজি অসম বুলি পৰিচিত ভূ-খণ্ডত মধ্যযুগত ৰাজত্ব কৰা ৰজাসকল অধৰ্মী বুলি ক’ব নোৱাৰি ৷ কিন্তু তেওঁলোকৰ বাবে ধৰ্মৰ উপলব্ধি অলপ বেলেগ আছিল ৷ তেওঁলোকে গাখীৰ পোৱাটোতহে গুৰুত্ব দিছিল ৷ সেয়া গাখীৰ ছাগলীৰ নে গৰুৰ নে ম’হৰ নে ঘোঁৰাৰ গাখীৰ সেইটোত তেওঁলোকে বেছি গুৰুত্ব নাছিল ৷

অসমত কোনো অসমীয়া মুছলমান নাই
[News published in social media]

সেয়ে দৈৱশক্তিৰ কৃপা পাবলৈ তেওঁলোকে মন্দিৰ, সত্ৰ, মাজাৰ সকলোতে দক্ষিণা দিছিল ৷ ব্ৰাহ্মণ গোঁসাই পীৰ আদি সেই সময়ৰ ভগৱানৰ লগত যোগাযোগকাৰীসকলৰ সকলোৱেই সমানে মাটিভেটি দান পাইছিল ৷ ৰজাই মাত্ৰ সকলোফালৰ পৰাই কৃপাদৃষ্টি পোৱাটোতহে গুৰুত্ব দিছিল।

দৰং ৰাজবংশাৱলীৰ মতে নৰনাৰায়ণৰ সময়ত……

বৈষ্ণৱে থাকয় নামক ধৰি৷

নটে ভাটে পাকে কীৰ্তন কৰি৷

যবনে ফাচ্চিৰ্ কৰে কোৰাণ

স্বধৰ্মত পৰে নিচিন্তে আন ৷’…(দৰং ৰাজবংশাৱলী, পৃষ্ঠা- ১১৫)

 আহোম ৰজা প্ৰমত্ত সিংহই যিদৰে ৰুদ্ৰেশ্বৰ আৰু শুক্ৰেশ্বৰ দেৱালয় পুনৰ নিৰ্মাণ কৰাইছিল, সেইদৰে গা অসুখ হোৱাত হেনো মক্কাতো পূজা দিবলৈ মানুহ পঠাইছিল ৷ (গুণাভিৰাম বৰুৱাৰ আসাম বুৰঞ্জী, পৃষ্ঠা-৮১)৷ 

অসমত কোনো অসমীয়া মুছলমান নাই
অসমীয়া মুছলমান !!

দেখা গৈছে এই ভূ-খণ্ডই মধ্যযুগতে ধৰ্মীয় পৰিচয় পৰিহাৰ কৰিছে৷ তেনেস্থলত নতুনকৈ এই শব্দ যুগলৰ আমন্ত্ৰণে জাতিটোৰ স্বকীয়তাক ক্ষতি কৰিছে৷ যিহেতু অসমত ‘অসমীয়া হিন্দু‘ বুলি কোনো পৰিচয় নাই, তেন্তে কাৰ স্বাৰ্থ সিদ্ধিৰ বাবে ‘অসমীয়া মুছলমান’ শব্দ দুটা আমদানি কৰা হ’ল, সেয়া চিন্তা কৰিবলগীয়া ৷ 

গতিকে আমি সকলোৱে সোনকালেই ‘অসমীয়া মুছলমান’ শব্দ যুগল পৰিহাৰ কৰি বাকীসকলে অসমীয়া জনগোষ্ঠীৰ দৰে গৰিয়া, মৰিয়া, দেশী, জলহা বা জোলাসকলকো নিজৰ প্ৰাচীন ঐতিহ্যপূৰ্ণ পৰিচয়েৰে চিনাকি দিবলৈ সুবিধা দিব লাগে৷ এই বিষয়ত সংশ্লিষ্ট জনগোষ্ঠীকেইটা আৰু চৰকাৰ সকলোৱেই গুৰুত্ব দিয়া উচিত৷

(লেখক যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
May 31, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
Is this the value of the human being? Passing breaking news?

Is this the value of the human being? Passing breaking news?

May 30, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
The Illusion of Freedom: How Modern Society Controls Your Mind, Attention, and Choices

The Illusion of Freedom: How Modern Society Controls Your Mind, Attention, and Choices

May 25, 2026
Making Mindfulness a Part of the Contemporary Age

Making Mindfulness a Part of the Contemporary Age

May 24, 2026
LESSONS BORN IN PAIN: LESSONS FOR ALL OF US

LESSONS BORN IN PAIN: LESSONS FOR ALL OF US

May 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026
World Environment Day 2026: The Eastern Himalayas at a Crossroads

World Environment Day 2026: The Eastern Himalayas at a Crossroads

June 4, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33724 shares
    Share 13489 Tweet 8431
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14975 shares
    Share 5990 Tweet 3744
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    367 shares
    Share 147 Tweet 92
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3787 shares
    Share 1515 Tweet 947
  • মাধৱদেৱৰ সাহিত্যকৃতি

    682 shares
    Share 273 Tweet 171
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1003 shares
    Share 401 Tweet 251
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6584 shares
    Share 2634 Tweet 1646
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4377 shares
    Share 1751 Tweet 1094
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    259 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d