• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, October 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

অসমত কোনো অসমীয়া মুছলমান নাই

ড০ ৰ‌ক্তিম ৰঞ্জন শইকীয়া

by Anjan Sarma
November 5, 2023
in Politics, Opinion
Reading Time: 3 mins read
0
অসমত কোনো অসমীয়া মুছলমান নাই
Share on FacebookShare on TwitterShare on LinkedIn

অসমত কোনো অসমীয়া মুছলমান নাই

ড০ ৰ‌ক্তিম ৰঞ্জন শইকীয়া

Raktim Ranjan Saikia
ড০ ৰ‌ক্তিম ৰঞ্জন শইকীয়া

ঔপনিৱেশিক আৰু স্বৰাজোত্তৰ অসমীয়া ভাষালৈ বহু নতুন নতুন শব্দৰ আমদানি ঘটিল ৷ যিসমূহৰ বহুতৰে অসমৰ মাটি-পানী, ইতিহাসৰ লগত কোনো সম্পৰ্ক নাই ৷ ‘অসমীয়া মুছলমান’ শব্দ যুগলো অসমৰ ইতিহাস, মাটি-পানীৰ লগত সম্পৰ্কৰহিত এনে বৰ্জনীয় শব্দ ৷

ৰাজনৈতিক নেতা নেতা, ইতিহাসবিদ, শিক্ষাবিদ, জাতীয়তাবাদী সকলোৱে মুখত সম্প্ৰীতি লগা ভাব এটা আনিবলগীয়া হ’লেই ‘অসমীয়া মুছলমান’ শব্দটো আনিবই ৷ অথচ অসমৰ ইতিহাসত নথকা, অসমৰ সমাজত নোহোৱা-নোপোজা শব্দ এটাক বৰপীৰা পাৰি বহুৱাই আমি অসমীয়া সমাজখনৰ জীৱনী শক্তিটোকহে ক্ষতিগ্ৰস্ত কৰিছোঁ ৷ 

 ব্ৰিটিছ শাসকসকলে ১৮৭৪ চনত বংগদেশৰ পৰা পূৰ্বৰ আহোম ৰাজ্যক কাটি আনি তাৰ লগত কছাৰী ৰাজ্য আৰু কোচ ৰাজ্যৰ একাংশ জোৰা লগাই অসম নামৰ ভৌগলিক অৱয়ব এটা সৃষ্টি কৰিছিল৷ আমি আজি যিটো অসমীয়া বুলি জাতিসত্ত্বা গঢ়ি তুলিবলৈ চেষ্টা কৰি আছোঁ, সেইটো হ’ল এই ভূখণ্ডক লৈ তৈয়াৰ কৰিবলৈ যত্ন কৰা এটা বিমূৰ্ত সত্তা মাত্ৰ ৷

পুৰণি কামৰূপৰ ধ্বংসাৱশেষৰ ওপৰত গঢ়ি উঠা কোচ, কছাৰী আহোম ৰাজ্যৰ মাজত মিলতকৈ অমিলেই বেছি থাকিলেও এটা সাংঘাতিক মিলো আছিল ৷ সেইটো হৈছে ৰাজ্যকেইখনত জাত-পাত বিভাজন, বৰ্ণ বিভাজন প্ৰচুৰ পৰিমাণে থাকিলেও কোনো ধৰ্মীয় বিভাজন নাছিল৷ এই তিনি ৰাজ্যত ধৰ্মৰ পৰিবৰ্তে অসংখ্য বৃত্তিয়াল বা সম্প্ৰদায়ৰ বিভাজনহে আছিল৷ ইয়াৰ অৱশে৷ আমি আজিও অসমীয়া সমাজত দেখিবলৈ পাওঁ ৷ 

 প্ৰতাপ সিংহ স্বৰ্গদেউৰ দিনত মোমাই তামুলীয়ে নতুনকৈ গাঁও পাতিছিল–‘তেলী, মালী, ধোবা, চমাৰ, কমাৰ, তাঁতী, সোণাৰী সকলো জাতিৰ মানুহ ফালিলে৷ দুই ভাইৰ এপোৱা চাৰি ভাইৰ দোপোৱা, ছই ভাইৰ তিনিপোৱা, আঠ ভাইৰ চাৰিপোৱা এই ক্ৰমে নৰাৰ পৰা বংগালৰ দো-সীমালৈকে দেশ পাতিলে৷ দৈয়াংগ, বচা পাতিলে’ (দেওধাই অসম বুৰঞ্জীৰ অন্তৰ্গত দাঁতিয়লীয় বুৰঞ্জী, পৃষ্ঠা-৯৫)৷ 

এই গাঁওসমূহত কোন কোন আছিল চাওক– মহামত্যবৰ্লভ ব্ৰাহ্মণ ২ ঘৰ, গণক ২ ঘৰ, কাঠৰ ২ ঘৰ, কলিতাৰ ২ ঘৰ, কেওট ২ ঘৰ, কোচ ২ ঘৰ, চুটিয়া ২ ঘৰ, বুৰুক ২ ঘৰ, বৰীয়া ২ ঘৰ, অহম ২ ঘৰ, গৰিয়া ২ ঘৰ, মৰিয়া ২ ঘৰ, কৈৱৰ্ত ২ ঘৰ, হাৰি ২ ঘৰ–এই ক্ৰমে পাতিলে (দেওধাই অসম বুৰঞ্জীৰ অন্তৰ্গত দাঁতিয়লীয়া বুৰঞ্জী, পৃষ্ঠা ৯৫)৷ 

“এই ভূ-খণ্ডই মধ্যযুগতে ধৰ্মীয় পৰিচয় পৰিহাৰ কৰিছে৷ তেনেস্থলত নতুনকৈ এই শব্দ যুগলৰ আমন্ত্ৰণে জাতিটোৰ স্বকীয়তাক ক্ষতি কৰিছে৷ যিহেতু অসমত ‘অসমীয়া হিন্দু’ বুলি কোনো পৰিচয় নাই, তেন্তে কাৰ স্বাৰ্থ সিদ্ধিৰ বাবে ‘অসমীয়া মুছলমান’ শব্দ দুটা আমদানি কৰা হ’ল, সেয়া চিন্তা কৰিবলগীয়া ৷” 

আজিৰ প্ৰেক্ষাপটত এনে সাম্প্ৰদায়িক শ্ৰেণীকৰণ ভুল হ’লেও এইসমূহেই আছিল তেতিয়াৰ আহোম ৰাজ্যৰ সাধাৰণ সাম্প্ৰদায়িক শ্ৰেণীকৰণ ভুল হ’লেও এইসমূহেই আছিল তেতিয়াৰ আহোম ৰাজ্যৰ সাধাৰণ সাম্প্ৰদায়িক বিভাজন৷ এই বিভাজনত পুৰি খাবলৈও ‘অসমীয়া মুছলমান’ নাই ৷

অসমত কোনো অসমীয়া মুছলমান নাই
[গুৱাহাটীঃ ৰাজ্য চৰকাৰে গঠন কৰা ৭টা উপগোট/সমিতিৰ পৰামৰ্শ অনুসৰি ৫টা অসমীয়া মুছলিম উপগোট গৰিয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে।]

এই তালিকাত গৰিয়া-মৰিয়াসকল আছে । তেনেহ’লে অসমীয়া মুছলমান আকাশৰ পৰা কিয় সৰি পৰিল? কোচ ৰাজ্যৰ ক্ষেত্ৰতো একেই কথা খাটে ৷ দৰং ৰাজবংশাৱলীৰ মতে– ‘কপাসক অনিলন্ত মেঘনাৰায়ণ তাংক দিলা ধোৱা তাঁতী যত জোলাগণ৷’ (দৰং ৰাজবংশালী– পৃ-৫২) 

 ইয়াত জোলা নামৰ ইছলাম ধৰ্ম পালন কৰা তাঁতীসকলৰ বিষয়ে উল্লেখ কৰা হৈছে৷ কিন্তু কোনো ধৰ্মীয় পৰিচয়ৰ বিষয়ে উল্লেখ নাই ৷ কছাৰী ৰাজ্যতো প্ৰজাসকলৰ মাজত বৃত্তি আৰু গোষ্ঠী পৰিচয়ৰহে প্ৰাধান্য আছিল৷

নামনি অসমৰ ‘দেশী’সকলতো সকলো স্বকীয় বৈশিষ্ট্যযুক্ত অসমীয়া জনজাতি যেনহে লাগে৷ যিহেতু মধ্যযুগৰ নথি-পত্ৰত উল্লেখ থকা সেই গৰিয়া, মৰিয়া, জোলা বা দেশীসকল এতিয়াও বৰ্তি আছে, গতিকে তেওঁলোকৰ ওপৰত ‘‘অসমীয়া মুছলমান’’ৰ দৰে শিপাবিহীন পৰিচয় এটা কিয় জাপি দিয়া হ’ল সেইটো লক্ষণীয়৷ 

“পুৰণি কামৰূপৰ ধ্বংসাৱশেষৰ ওপৰত গঢ়ি উঠা কোচ, কছাৰী আহোম ৰাজ্যৰ মাজত মিলতকৈ অমিলেই বেছি থাকিলেও এটা সাংঘাতিক মিলো আছিল ৷ সেইটো হৈছে ৰাজ্যকেইখনত জাত-পাত বিভাজন, বৰ্ণ বিভাজন প্ৰচুৰ পৰিমাণে থাকিলেও কোনো ধৰ্মীয় বিভাজন নাছিল৷ এই তিনি ৰাজ্যত ধৰ্মৰ পৰিবৰ্তে অসংখ্য বৃত্তিয়াল বা সম্প্ৰদায়ৰ বিভাজনহে আছিল৷ ইয়াৰ অৱশে৷ আমি আজিও অসমীয়া সমাজত দেখিবলৈ পাওঁ ৷” 

 আজি অসম বুলি পৰিচিত ভূ-খণ্ডত মধ্যযুগত ৰাজত্ব কৰা ৰজাসকল অধৰ্মী বুলি ক’ব নোৱাৰি ৷ কিন্তু তেওঁলোকৰ বাবে ধৰ্মৰ উপলব্ধি অলপ বেলেগ আছিল ৷ তেওঁলোকে গাখীৰ পোৱাটোতহে গুৰুত্ব দিছিল ৷ সেয়া গাখীৰ ছাগলীৰ নে গৰুৰ নে ম’হৰ নে ঘোঁৰাৰ গাখীৰ সেইটোত তেওঁলোকে বেছি গুৰুত্ব নাছিল ৷

অসমত কোনো অসমীয়া মুছলমান নাই
[News published in social media]

সেয়ে দৈৱশক্তিৰ কৃপা পাবলৈ তেওঁলোকে মন্দিৰ, সত্ৰ, মাজাৰ সকলোতে দক্ষিণা দিছিল ৷ ব্ৰাহ্মণ গোঁসাই পীৰ আদি সেই সময়ৰ ভগৱানৰ লগত যোগাযোগকাৰীসকলৰ সকলোৱেই সমানে মাটিভেটি দান পাইছিল ৷ ৰজাই মাত্ৰ সকলোফালৰ পৰাই কৃপাদৃষ্টি পোৱাটোতহে গুৰুত্ব দিছিল।

দৰং ৰাজবংশাৱলীৰ মতে নৰনাৰায়ণৰ সময়ত……

বৈষ্ণৱে থাকয় নামক ধৰি৷

নটে ভাটে পাকে কীৰ্তন কৰি৷

যবনে ফাচ্চিৰ্ কৰে কোৰাণ

স্বধৰ্মত পৰে নিচিন্তে আন ৷’…(দৰং ৰাজবংশাৱলী, পৃষ্ঠা- ১১৫)

 আহোম ৰজা প্ৰমত্ত সিংহই যিদৰে ৰুদ্ৰেশ্বৰ আৰু শুক্ৰেশ্বৰ দেৱালয় পুনৰ নিৰ্মাণ কৰাইছিল, সেইদৰে গা অসুখ হোৱাত হেনো মক্কাতো পূজা দিবলৈ মানুহ পঠাইছিল ৷ (গুণাভিৰাম বৰুৱাৰ আসাম বুৰঞ্জী, পৃষ্ঠা-৮১)৷ 

অসমত কোনো অসমীয়া মুছলমান নাই
অসমীয়া মুছলমান !!

দেখা গৈছে এই ভূ-খণ্ডই মধ্যযুগতে ধৰ্মীয় পৰিচয় পৰিহাৰ কৰিছে৷ তেনেস্থলত নতুনকৈ এই শব্দ যুগলৰ আমন্ত্ৰণে জাতিটোৰ স্বকীয়তাক ক্ষতি কৰিছে৷ যিহেতু অসমত ‘অসমীয়া হিন্দু‘ বুলি কোনো পৰিচয় নাই, তেন্তে কাৰ স্বাৰ্থ সিদ্ধিৰ বাবে ‘অসমীয়া মুছলমান’ শব্দ দুটা আমদানি কৰা হ’ল, সেয়া চিন্তা কৰিবলগীয়া ৷ 

গতিকে আমি সকলোৱে সোনকালেই ‘অসমীয়া মুছলমান’ শব্দ যুগল পৰিহাৰ কৰি বাকীসকলে অসমীয়া জনগোষ্ঠীৰ দৰে গৰিয়া, মৰিয়া, দেশী, জলহা বা জোলাসকলকো নিজৰ প্ৰাচীন ঐতিহ্যপূৰ্ণ পৰিচয়েৰে চিনাকি দিবলৈ সুবিধা দিব লাগে৷ এই বিষয়ত সংশ্লিষ্ট জনগোষ্ঠীকেইটা আৰু চৰকাৰ সকলোৱেই গুৰুত্ব দিয়া উচিত৷

(লেখক যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

How Neha Bora and a Disillusioned Generation Are Reimagining Indian Democracy?
Politics

How Neha Bora and a Disillusioned Generation Are Reimagining Indian Democracy?

by PAHARI BARUAH
October 12, 2026
0

The Anatomy of Defiance: How Neha Bora and a Disillusioned Generation Are Reimagining Indian Democracy From the Brahmaputra to the...

Read moreDetails
The beautification of a city, public art and the reshaping of collective memory

The beautification of a city, public art and the reshaping of collective memory

October 12, 2026
Power and Obedience: Why Do People Follow Those They Do Not Trust?

Power and Obedience: Why Do People Follow Those They Do Not Trust?

October 12, 2026
photography of book page

গ্ৰন্থ পঢ়াৰ যুগ এদিন সচাকৈয়ে বিলুপ্ত হৈ পৰিব নেকি?

October 9, 2026
কিতাপ, ছপাশাল, বাতৰিকাকত, কাগজ কলঃ‌ ভয়ংকৰ সংকট সমগ্ৰ বিশ্বত

কাগজৰ চৰম সংকট, পৰ্দাৰ আগ্ৰাসন আৰু বৌদ্ধিক স্থবিৰতা: গ্ৰন্থ সংস্কৃতি বিলুপ্তিৰ দিশে নেকি আমাৰ ভৱিষ্যৎ?

October 9, 2026
Why Indian Youth Are Living With Their Parents Longer: Unemployment, Government Jobs and the Cost of Waiting

Why Indian Youth Are Living With Their Parents Longer: Unemployment, Government Jobs and the Cost of Waiting

October 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

Mamata Banerjee’s Denial Backfires: The Decisive Verdict from West Bengal Voters

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How Neha Bora and a Disillusioned Generation Are Reimagining Indian Democracy?

How Neha Bora and a Disillusioned Generation Are Reimagining Indian Democracy?

October 12, 2026
The beautification of a city, public art and the reshaping of collective memory

The beautification of a city, public art and the reshaping of collective memory

October 12, 2026
Power and Obedience: Why Do People Follow Those They Do Not Trust?

Power and Obedience: Why Do People Follow Those They Do Not Trust?

October 12, 2026
How Much Wealth Does One Need?

How Much Wealth Does One Need?

October 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    41752 shares
    Share 16700 Tweet 10438
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4958 shares
    Share 1983 Tweet 1240
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19824 shares
    Share 7930 Tweet 4956
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4211 shares
    Share 1684 Tweet 1053
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4303 shares
    Share 1721 Tweet 1076
  • From Montreal to Guwahati: Assam’s New Cooling Imperative

    91 shares
    Share 36 Tweet 23
  • NGT’s international conference: Climate Justice Must Move from the Courtroom to the Catchment

    74 shares
    Share 30 Tweet 19
  • দুৰ্গা পূজা পালনৰ ইতিবৃত্ত

    714 shares
    Share 286 Tweet 179
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    1228 shares
    Share 491 Tweet 307
  • World ‘at a crossroad’ as droughts increase nearly a third

    197 shares
    Share 79 Tweet 49
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d