অসমত কোম্পানীৰাজ
হানিদ ৰঞ্জন ভূঁঞা
১৮২৬ চনত ইয়ান্দাবু সন্ধিৰ সুযোগতে অসমভূমি বৃটিছ ইষ্ট ইন্দিয়া কোম্পানীৰ অধীন হোৱাৰ কথা সৰ্বজনবিদিত । মানৰ আক্ৰমণত জুৰুলা হোৱা অসমৰ প্ৰজাই ইংৰাজসকলক ত্ৰাণকৰ্তা হিচাপে ভাবিবলৈ লৈছিল।
বিশেষকৈ মানৰ হাতৰ পৰা উদ্ধাৰ হোৱা মুনিহ-তিৰোতাৰ, আৱাল বনিতাৰ,ফূলকুমলীয়া লৰা-ছোৱালিৰ আদিৰ বাবে গোড়া চিপাহী সমুহ দেৱতুল্য হৈ পৰিছিল। আহোম ৰাজশাসনৰ গৌৰৱময় ইতিহাসৰ সূৰ্য্যাস্থৰ সময় আছিল সেয়া।
অসমৰ প্ৰেক্ষাপটত ভূমুকি মৰা বগা বঙালৰ সতে যূজ দিয়াৰ সাহস গোটাৱাৰ প্ৰশ্নই নুঠিছিল। লঘোনে পিয়াহে পলাই ফুৰা পাইকৰ পৰিয়ালবোৰে জীয়াই থকা বাবে কঠোৰ সংগ্ৰাম কৰিব লগা হৈছিল। সেয়ে হয়তো প্ৰাৰম্ভিক পৰ্য্যায়ত ইংৰাজৰ বিৰুদ্ধে হোৱা বিদ্ৰোহ সমুহত গণসমৰ্থনৰ কিছু অভাৱ ঘটিছিল।
১৮২৮ চনত গোমধৰ কোৱৰ , ১৮৩০ চনত পিয়লি ফুকন, ১৮৫৭ চনৰ মনিৰাম দেৱানৰ দৰে স্বাধীনতা সংগ্ৰামী নেতাৰ প্ৰয়াস সমুহ ইংৰাজে সহজতে মষিমুৰ কৰিবলৈ সক্ষম হৈছিল। কিয়নো এইলানি স্বাধীনতা সংগ্ৰাম অসমৰ আঢ্যৱন্ত ৰাজ পৰিয়াল , ডা-ডাঙৰীয়াসকল আৰু তেওলোকৰ সতিৰ্থসকলৰ মাজতে সীমাবদ্ধ হৈ পৰিছিল । উল্লেখযোগ্য যে প্ৰাৰম্ভিক অৱস্থাত মনিৰাম দেৱানৰ দৰে ব্যক্তিও ইংৰাজ চাহাবসকলৰ সমৰ্থক আছিল। কিন্তু স্বাৰ্থসিদ্ধিৰ পিছত চাহাবসকলে দেৱানক অৱজ্ঞা কৰাৰ লগতে আক্ৰোশমূলক পদক্ষেপ লোৱাৰ হেতু তেওঁ বিদ্ৰোহী হৈ পৰিছিল।
তাৰ বিপৰিতে সাধাৰণ প্ৰজাই বৃটিচৰ কেতবোৰ নীতিক কল্যাণকামী বুলি ভাৱিছিল। উদাহৰণস্বৰূপে ১৮৪৩ চনত গৱৰ্ণৰ লৰ্ড এলেনবোৰৰ দিনত অসমত শিপাই থকা দাসপ্ৰথাৰ বিলোপ ঘটাইছিল। যি একপ্ৰকাৰ তথাকথিত গোলামীৰ পৰা বহু প্ৰজা মুকলি হৈছিল। আনহাতে সম্ভ্ৰান্ত পৰিয়ালসমুহ ইয়াৰ ফলত ক্ৰুধিত হৈছিল। কিয়নো পৰ্য্যাপ্ত কাম কৰা মানুহৰ অভাৱত তেওলোকৰ খেতি বাতি পৰিচালনা কৰাত অসুবিধা হৈছিল। ৰাজপৰিয়ালসমুহে বিদ্ৰোহ কৰাৰ ইয়ো মূখ্য কাৰক আছিল।
কিন্তু ইংৰাজৰ প্ৰতি মোহভংগ হবলৈ অসমৰ ৰাইজৰ বেছি পৰ নালাগিল। ১৮৬০ চনত ইংৰাজ চৰকাৰে আফূ খেতিৰ বাধা আৰোপ কৰে। কিন্তু বহিঃৰাজ্যৰ আফূ / কানিৰ ৰমৰমিয়া বজাৰখন হাতৰ মুঠিত ৰাখিছিল। ১৮৬১ চনত নগাঁওত বাম খেতিৰ মাটিৰ খাজনা বৃদ্ধি কৰাত কৃষকসকলৰ ওপৰত বিৰোপ প্ৰভাৱ পৰে। ১৮৬১ চনত নতুনকৈ পান তামোলৰ ওপৰত কৰ আৰোপ কৰিবলৈ লোৱাৰ বাবে নগাঁওৰ ফূলগুৰি নামৰ লালুং অধ্যুষিত অঞ্চলত ৰাইজ ক্ষোভিত হৈ উঠে।
১৮৬১ চনত চেপ্তেম্বৰ মাহত নগাঁওৰ সদৰত শান্তিপুৰ্ণ ভাৱে আৰম্ভ হোৱা আন্দোলনৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিলে । যাৰ ফলত অক্টোবৰ মাহত কেইবালানি বিক্ষোভ প্ৰদৰ্শন হয়। ২৩অক্টোবৰ তাৰিখে এনে সমদল নিয়ন্ত্ৰণৰ বাবে পুলিচ বাহিনীৰ সতে অহা বৃটিচ বিষয়া লেফটেনেন্ট চিংগাৰৰ ৰাইজৰ লগত হোৱা হতাহতিত মৃত্যূ হোৱাত পৰিস্থিতি গম্ভীৰ হৈ পৰে। বৃটিচ প্ৰশাসনে তেজপুৰ , গুৱাহাটীৰ পৰা মোতায়েন কৰা সহস্ৰ বাহিনীৰ গুলিত বহুসংখ্যক নিহত আৰু আহত হৈছিল।প্ৰতিবাদী অংশ লোৱা বহুজনৰ ফাচী আৰু যাৱজ্জীৱন কাৰাদন্দেৰে দন্দিত হৈছিল। ইতিহাসত এই ঘটনা ফূলগুৰি ধেৱা বুলি জনাজাত।
আহোম যূগত ৰজাৰঘৰত খাটি দিয়াৰ বিনিময়ত পাইকে আধিলৈ খেতিৰ মাটি পোৱাৰ ব্যৱস্থা বাহাল আছিল। যাক গা মাটি বা ৰুপিত মাটি বোলা হয়। কিন্তু ইংৰাজ চৰকাৰে নতুনকৈ কৰ আৰোপ কৰাত সৰ্ব্বসাধাৰণক বিপাঙত পেলাইছিল। কিয়নো উৎপাদিত সামগ্ৰীৰ সৈতে মুদ্ৰা বিনিময় বাবে বজাৰ ব্যৱস্থা তেতিয়ালৈকে সুচল হোৱা নাছিল। মাটিৰ ভোগদখলকাৰি ৰায়তৰ বাবে ৰাজহ আদায় দিয়াটো জটিল হৈছিল।বৃটিচ প্ৰশাসনে ক্ৰমান্বয়ে মাটিৰ খাজনা বঢ়োৱাৰ ফলত অসমৰ সকলো অঞ্চলতে বিৰূপ প্ৰভাৱ পৰিছিল।১৮৬৪ চনলৈকে মাটিৰ খাজনা দুগুনলৈ বৃদ্ধি পাইছিল।
বিভিন্ন ঠাইত ৰাইজমেল যোগে ইবিলাকৰ বিৰূদ্ধে জনমত গঠন হৈছিল। লক্ষীমপুৰ জিলাত( এতিয়াৰ ডিব্ৰুগড় তিনিচুকীয়া জিলাক সামৰি ) ৰাইজে অভীনৱ পন্থাৰে ইয়াৰ বিৰোধীতা কৰে। তেঁওলোকে নিজৰ দখলৰ সৰহসংখ্যক ভূমি চৰকাৰৰ ওচৰত সমৰ্পন কৰিলে। ফলস্বৰূপে ইংৰাজ চৰকাৰে আশাকৰাটকৈ কম নিৰিখত ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তদুপৰি কৃষকে অতিৰিক্ত মাটিত খেতি নকৰাৰ ফলত পয্যাপ্ত খাদ্য সামগ্ৰীৰ উৎপাদন হ্ৰাস পাইছিল। যাৰ ফলত চুবুৰিয়া ৰাজ্যৰ তুলনাত অসমত খাদ্য শস্যৰ মূল্য বৃদ্ধি পাইছিল।
মাটিৰ খাজনা বৃদ্ধিৰ আৰত বৃটিচ চৰকাৰৰ আন এটা উদ্দেশ্য সাঙোৰ খাই আছিল। অসমত প্ৰসাৰিত হোৱা চাহ বাগিচাসমুহত ব্যাপক ৰূপত বনুৱাৰ প্ৰয়োজন হৈছিল। অসমৰ দুখীয়া কৃষকে কৰৰ বোজা সহিব নোৱাৰি বাগিচাসমুহত বনুৱা কাম কৰিবলৈ বাধ্য হব বুলি তেওলোকে ধাৰণা কৰিছিল । কিন্তু মুৰকত সেয়া বাস্তৱায়িত নহল। প্ৰথম অৱস্থাত চীনা লোক, পিছলি ধনশিৰিৰ ফালৰ থলুৱা লোক আৰু অৱশেষত ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা জোৰজোলোম কৰি অনা মুন্দা,চাওতাল আদি আদিবাসী লোকক চাহ বাগিচাসমুহত নিয়োজিত কৰাইছিল।
উপনিৱেশিক নীতিৰে চাহ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে কোম্পানীৰাজ বিশেষভাৱে সফল হৈছিল। অসমত চাহ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে ১৮৩৪ চনতেই টি কমিটি(Tea Committee) গঠন হৈছিল। ইয়াৰ উদ্যোগতেই প্ৰতিষ্ঠা হোৱা পৰীক্ষণমূলক চাহ বাগিচাসমুহে ১৮৩৭ চনত পোনপ্ৰথম ব্যৱসায়ীকভাৱে অসমত চাহ উৎপাদন কৰিবলৈ সক্ষম হৈছিল। অসমলৈ ইংলেণ্ড তথা ইউৰুপীয়ান বিত্তৱানক চাহ খেতিৰ সুযোগ দিয়াৰ অৰ্থে ৱেষ্টলেন্দ ৰোলচ ১৮৩৪(Wasteland Rules 1834) ৰদৰে আইন প্ৰণয়ন হল। যাৰ অনুসৰি চাহ খেতিৰ বাবে পতিত মাটিত ৪৫ বছৰলৈকে লীজত লোৱাৰ সুবিধা পাইছিল।
প্ৰথম অৱস্থাত সৰ্ব্বনিম্ন ১০০একৰ মাটি লীজত লোৱাৰ সুযোগ দিয়া হৈছিল পাছলৈ ২০০একৰ লৈকে বৃদ্ধি হৈছিল(১একৰ=প্ৰায়১.৬১৩ বিঘা ) । ইউৰোপীয়ান সকলে ৫ৰপৰা ২০ বছৰলৈকে ৰাজহ ৰেহাই পোৱাৰ সুবিধাও আছিল। ৱেষ্টলেন্দ চেটেলমেন্ট পলিচিৰ(Wasteland Settlement Policy) দ্বাৰা অতিৰিক্ত ভূমি দখলৰ সুবিধাও প্ৰদান কৰা হল। য’ত চাহ বাগিচাৰ অতিৰিক্ত মাটিত বনুৱাই নিগাজিকৈ ঘৰবাৰি সাজিব পাৰিছিল।
১৮৭১-৭২ চনলৈকে ০.৭ নিযুত একৰ অসমৰ ভূমি চাহ বাগিচাৰ নামত দখল হৈছিলগৈ তাৰে ভিতৰত ৫৭,০০০ একৰ মাটিহে চাহ খেতিৰ বাবে প্ৰয়োগ হৈছিল। পৰিতাপৰ বিষয়টো আছিল যিসময়ত সাধাৰন অসমীয়া কৃষকে প্ৰতি একৰ মাটিৰ বাবদ তেতিয়াৰ নিৰিখত বছেৰেকত ১ৰপৰা ৮ অনা মান মাটিৰ ৰাজহ দিব লাগিছিল। তাৰ তুলনাত চাহ বাগিচাৰ মালিক ৩ৰ পৰা ৯ অনা কিছু ক্ষেত্ৰত ১ৰপৰা ৩অনা খাজনা দিয়েই ৰাজহ নিস্পত্তি হব পাৰিছিল।
এইদৰে চাহখেতিৰ পৰা মুনাফা আদায়ৰ স্বাৰ্থত অসমৰ উৰ্ব্বৰা ভূমি হস্তগত কৰাৰ প্ৰক্ৰিয়া ইংৰাজৰ শাসন কালৰে পৰা তৰান্বিত হল। আৰু তাৰ যোগাত্মক বিয়োগাত্মক দুয়ো দিশৰে পৰা আমি আজিও প্ৰভাৱিত।
পাহৰণিৰ বুকুত হেৰাই যোৱা এচাম সাধাৰণ জনতাৰ জীয়াই থকাৰ সংগ্ৰামে এদিন অসম তথা ভাৰতবৰ্ষৰ স্বাধীনতাৰ আন্দোলনৰ বটবৃক্ষলৈ ৰূপান্তৰিত হৈছিল।
সহায় লৈ:
1)A History of Assam, Sir Edward Gaits.
2) অসমৰ বুৰঞ্জী, পদ্মনাথ গোহাঞীবৰুৱা
৩)Planters raj to Freedom Struggle & Electoral Politics In Assam 1826-1947 , Amalendu Guha
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)