• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অসমত গড়িয়া জনগোষ্ঠীৰ অৱস্থান

-মিৰজা বৰা

by Anjan Sarma
July 6, 2021
in Special Report
Reading Time: 1 min read
0
অসমত গড়িয়া জনগোষ্ঠীৰ অৱস্থান
Share on FacebookShare on TwitterShare on LinkedIn

-মিৰজা বৰা |

অসমত খিলঞ্জীয়া তথা থলুৱা মুছলমানৰ কেইবাটাও ঠাল-ঠেঙুলি আছে, তাৰ ভিতৰত গড়িয়া মুছলমানসকলো অন্যতম। আমি ইয়াত কেৱল গড়িয়াসকলৰ বিষয়েহে সংক্ষেপে আলোচনা কৰিম। হাজাৰ/ডেৰহাজাৰৰপৰা শব্দৰ ইমান কম পৰিসৰৰ ভিতৰত আঠশ বছৰীয়া ইতিহাস গৰকা গাড়িয়া জনগোষ্ঠী সম্পৰ্কে সকলো দিশ চুই যোৱা মানে ভুৰুকাত হাতী ভৰোৱাৰ লেখীয়া কথা। গতিকে ইতিহাসৰ ব্যাখ্যাতকৈ জনগোষ্ঠীটোৰ সম্পৰ্কত অন্য দুটামান দিশহে উনুকিয়াব বিচাৰিছো।

A History of Assam-E.A. Gaitৰ লিখনিত প্ৰকাশিত যে চাহাবুদ্দিন তালিচে (মিৰজুমলাৰ লগত অহা বিখ্যাত ঐতিহাসিক) প্ৰায় ক্ষোভ প্ৰকাশ কৰিয়েই কৈছিল, ‘Their (অসমৰ মুছলমান) hearts are inclined for more towards mingling with the Assamese than towards association with Muslims’ অৰ্থাৎ তেওঁলোক মানে অসমীয়া মুছলমানসকল ভাৰতৰ অন্যান্য মুছলমানতকৈ কাষৰ হিন্দুসকলৰ (অসমীয়া) লগতহে অধিক সম্বন্ধ আৰু মিলামিছা কৰি ভাল পায়। তেওঁৰ মতে নামটোৰ বাহিৰে তেওঁলোকৰ মন-হৃদয় সকলোবোৰ অসমীয়া জাতিত সমৰ্পিত। মোগলৰ সেনাপতি ৰজা ৰামসিংহই শৰাইঘাট যুদ্ধত পৰাজিত হৈ স্বীকাৰ কৰি গৈছে— ভাৰতবৰ্ষৰ ক’তোৱেই এনে হিন্দু-মুছলমানৰ সন্মিলিত সেনাৰ পৰাক্ৰম দেখা নাছিলো, একেজন সেনাই হিলৈ মৰা, কাঁড় মৰা, বন্দুক মৰা, মাটি খন্দা, নাও চলোৱা ইত্যাদি সকলো কামেই বৰ নিপুণকৈ কৰিব পাৰে। লাচিত বৰফুকনৰ সেই মহান উক্তি “দেশতকৈ মোমাই ডাঙৰ নহয়”ৰ লেখীয়াকৈ সেই সময়ৰ অসমৰ মুছলমান বীৰসকলে দেশতকৈ ধৰ্ম ডাঙৰ নহয় বুলি ভবাৰ কাৰণেহে প্ৰতিবাৰেই মোগলৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰিছিল। সেই অসমীয়া জাতিক আজি কোনো কোনো ধৰ্মৰ ঠিকাদাৰে হিন্দু-মুছলমান সংজ্ঞাৰে ভাগ ভাগ কৰিব বিচাৰে। ই তেতিয়াও সম্ভৱ নাছিল, এতিয়াও সম্ভৱ নহয় আৰু নিশ্চিতভাৱে কেতিয়াও সম্ভৱ নহ’ব।

১২০০ খ্ৰীঃৰ সমসাময়িক সময়ৰেপৰাই অসমত মুছলমানৰ অৱস্থিতিৰ উমান পোৱা যায়। অসমীয়া মুছলমানৰ এটা ঠাল গড়িয়া নামেৰে জনাজাত হোৱাৰ মূলতে ইতিহাসত বিভিন্ন তথ্য আছে। যিকোনো কাৰণতে নামাংকিত নহওক কিয় গড়িয়া বুলি ক’লে সাধাৰণতে সেইসকলকে বুজোৱা হয় যাৰ একমাত্ৰ ধৰ্মটোৰ বাহিৰে ভাষা-সংস্কৃতি, পৰম্পৰা, চিৰি-চেহেৰা, মাত-কথা ইত্যাদি সকলোবোৰ অসমৰ অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ লগত অভিন্ন। তেওঁলোকৰ জীৱনত থলুৱা, সামাজিক প্ৰভাৱ ইমান গভীৰভাৱে বিদ্যমান যে যথাৰ্থতে ধৰ্মই তাক কেতিয়াও উটুৱাই নিব পৰা নাই। অসমৰ বহু খিলঞ্জীয়া জনগোষ্ঠীৰ ৰক্ত গড়িয়াসকলৰ ধমনীত প্ৰৱাহিত, কিন্তু আজি বহুতে নজনাৰ ফলত অসমৰ এই খিলঞ্জীয়া মুছলমানসকলক ধৰ্মৰ নামত স্বদেশী তথা বিদেশী মুছলমানসকলৰ লগত একাকাৰ কৰিব বিচাৰে। সৌ তাহানিতে স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত মোমাই তামুলী বৰবৰুৱাৰ উদ্যোগত ৰাজ্যখনৰ প্ৰজাক বিভিন্ন গাঁৱত সংস্থাপিত কৰোতে অসমৰ পুৰণি জনগোষ্ঠীসমূহৰ লগত দুঘৰকৈ গড়িয়া জনগোষ্ঠীৰ লোককো সমঅধিকাৰ দি যি ধৰ্ম-নিৰপেক্ষ শক্তিশালী অসমীয়া সমাজ গঢ়াৰ চানেকি দাঙি ধৰিছিল সেয়া আজিও প্ৰতিষ্ঠিত। উল্লেখযোগ্য যে সেই সময়ত এইসকল ইছলামধৰ্মীয় লোকক তেওঁলোকৰ সততা, নিষ্ঠা ইত্যাদি গুণৰ বাবে বিভিন্ন ৰাজকীয় বিষয়-বাবো অৰ্পণ কৰা হৈছিল। এনে বহু উদাহৰণ আছে। তাৰ ভিতৰত উল্লিখিত এই উদাহৰণেই প্ৰমাণ নকৰেনে যে গড়িয়াসকল অসমৰ এক খিলঞ্জীয়া জনগোষ্ঠী বুলি? কিন্তু দুখৰ বিষয় এই জনগোষ্ঠীটো আজি অস্তিত্বৰ সংকটত ভুগিছে। মন কৰিবলগীয়া যে পৃথিৱীৰ বহু দেশত সাম্ৰাজ্যবাদ, সম্প্ৰসাৰণবাদ তথা বৃহৎ জাতিসমূহৰ আগ্ৰাসী মনোভাবৰ বাবে অনেক থলুৱা সৰু সৰু জাতি-জনগোষ্ঠী কালৰ গতিত অস্তিত্ব হেৰুৱাই নিশ্চিহ্ন হোৱাৰ পথত। অসমৰ গড়িয়াসকলো সেই একে পথৰে পথিক। বৰ্তমান সময়ত এই জনগোষ্ঠীটোৰ স্বকীয় পৰিচয় সংকটত পৰা বহু কাৰণৰ ভিতৰত আন এক উল্লেখযোগ্য কাৰণ হ’ল ভাৰতৰ সংবিধানৰ আধাৰত গড়িয়া লোকসকল ইছলামধৰ্মী হোৱা হেতুকে তেওঁলোককো ধৰ্মীয় সংখ্যালঘু হিচাপেহে চিহ্নিত কৰা হৈছে। ভাৰতৰ অন্যান্য ইছলামধৰ্মী লোকসকলৰ সৈতে। কিন্তু ইতিহাস সাক্ষী গড়িয়া জনগোষ্ঠীৰ লোকসকলে কেতিয়াও নিজকে ধৰ্মীয় সংখ্যালঘু বুলি পৰিচয় দিব নিবিচাৰে। তেওঁলোকে প্ৰথমে নিজকে জনগোষ্ঠী হিচাপে গড়িয়া, জাতি হিচাপে অসমীয়া, ধৰ্ম ইছলাম, এই ধৰণেৰেহে পৰিচয় দিব বিচাৰে।

অসমৰ গড়িয়া জনগোষ্ঠীৰ লোকসকলৰ ভূমিকা আহোমৰ শাসন কালৰপৰা ব্ৰিটিছৰ সাম্ৰাজ্যবাদলৈকে তথা স্বাধীনতা সংগ্ৰামৰপৰা স্বাধীনোত্তৰ কালৰ সময়ছোৱাৰ বিভিন্ন ঘাত-প্ৰতিঘাতৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ সংকটৰ সময়ত কেনে আছিল সেয়া ইতিহাসৰ পাতে পাতে বা অসমীয়া মানুহৰ স্মৃতিৰ মণিকোঠৰ কোঁহে কোঁহে খোদিত হৈ আছে। সেইসমূহ জাতীয় ঐক্য সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন হিচাপে আজিও জিলিকি আছে। ইয়াক কোনেও উলিয়াই পেলাব নোৱাৰে বা উলাই কৰিব নোৱাৰে, লাগিলে যিমান সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচৰা ধৰ্মান্ধসকলে চেষ্টা নকৰক কিয়। সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া হোৱাৰ আন এক কাৰণ হ’ল—আহোম স্বৰ্গদেউসকলৰ শাসন কালত থলুৱা গীত-মাতৰ আধাৰত সৃষ্টি হোৱা আজান পীৰ চাহাবৰ (শ্বাহ মীৰান) জিকিৰ বা সেই সময়ৰ জাৰিসমূহৰ লগতে, শংকৰদেৱৰ প্ৰিয় শিষ্য চাঁদ খাঁ তথা গিয়াচউদ্দিন আউলিয়াকে প্ৰমুখ্যে কৰি যিসকল ধৰ্মগুৰুৱে অসমত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰি শান্তি-সম্প্ৰীতিৰ লগতে একতাৰ আদৰ্শ দাঙি ধৰিলে সেয়া অসমীয়া সমাজত আজিও এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈ আহিছে আৰু অসমীয়া হিন্দু-মুছলমান সকলোৱে এই আদৰ্শ গ্ৰহণ কৰি আহিছে। তাৰ উপৰি এইটো কথা সৰ্বজনবিদিত যে অসমত সেই সময়ত বাহিৰৰপৰা বিভিন্ন কাৰণ যিমান ইছলামধৰ্মীয় লোক আহি অসমত থিতাপি লৈ অসমীয়া জাতিসত্তাত বিলীন হৈ গৈছিল, ঠিক সেই ধৰণে অসমৰ বিভিন্ন জনগোষ্ঠীৰপৰাও বহু কাৰণত অনেক লোক স্বইচ্ছাই ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্মত দীক্ষিতও হৈছিল। এই সমন্বয়, এই উদাৰতা অসমীয়া জাতিৰ বাদে কোনেও দিঠকততো বাদেই সপোনতো কল্পনা কৰিব নোৱাৰে। এই সমন্বয়ৰে এক প্ৰতিবিম্ব ইছমাইল ছিদ্দিক ওৰফে বাঘ হাজৰিকা যিজনে শৰাইঘাটৰ যুদ্ধত একে ধৰ্মৰ হোৱা সত্ত্বেও অসমৰ হৈ লাচিত বৰফুকনৰ প্ৰধান যোদ্ধা হিচাপে মোগলৰ সৈন্যক কচু কটা দিছিল। ভকুৱা, গেঁঠুৱা ইছলামধৰ্মী হোৱা সত্ত্বেও লাচিত বৰফুকনৰ দেহৰক্ষী হিচাপে আছিল। ঠিক সেইধৰণে আলি মেচকে প্ৰমুখ্য কৰি ধৰ্মান্তৰিত সেই সময়ৰ বহু স্থানীয় লোকৰ লগতে ৰমজান খাঁ, লাইধন খাঁ, কাচিম খাঁ, ফটে খাঁ, গেন্ধেলা গড়িয়া, চুলতান গড়িয়া, চুহাম গড়িয়া আদি বহু বীৰে মোগলসকলক স্বধৰ্মী হোৱা সত্ত্বেও বিভিন্ন ক্ষেত্ৰত তীব্ৰ বিৰোধ কৰিছিল আৰু অসমৰ হকে আন্তৰিকতাৰে সেৱা আগবঢ়াই দেশপ্ৰেমৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল। একে ধৰণে ব্ৰিটিছৰ শাসন কালতো বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলী, বিৰশ্বাভ, লুকী শেনছোৱা বৰুৱা, গুলে বেগম, সোতোৰা মৌলানা, ছাৰ মহম্মদ চাদুল্লা, ফখৰুদ্দিন আলী আহমেদ আদিৰ দৰে বহুতো মহান ব্যক্তিয়ে যিধৰণে অসমক সুৰক্ষিত কৰি ৰাখিবলৈ সাম্ৰাজ্যবাদ বা বিদেশীৰ আগ্ৰাসনৰ বিৰুদ্ধে সমগ্ৰ অসমবাসীৰ লগত কান্ধ মিলাই যে সমানে যুঁজ দিছিল সেয়াও সমন্বয়ৰ এক জলন্ত উদাহৰণ নহয়নে? ইয়াৰ বাহিৰেও স্বাধীনোত্তৰ কালৰ ভাষা আন্দোলন, মাধ্যম আন্দোলন, অসমৰ অস্তিত্ব ৰক্ষা আন্দোলন অৰ্থাৎ বিদেশী বহিষ্কাৰ আন্দোলন ইত্যাদিৰ লগতে অসমৰ সমস্যা জড়িত যিকোনো সংগ্ৰামত অসমৰ খিলঞ্জীয়া অন্যান্য জনগোষ্ঠীৰ লগত গড়িয়াসকলেও সময়ে সময়ে শক্তিশালী ভূমিকা পালন কৰি আহিছে। এয়া সম্ভৱ হৈছিল কেৱল গড়িয়াসকলৰ তীব্ৰ দেশপ্ৰেম আৰু সাতামপুৰুষীয়া ঐক্য-সংহতিৰ এনাজৰীডালৰ বাবেহে। কেতিয়াও কোনো কাৰণতে খিলঞ্জীয়া আন মুছলমানৰ সৈতে অসমৰ গড়িয়াসকলে বৃহত্তৰ অসমীয়া জাতিৰ অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ লগ এৰা নাই। অসমৰ এক থলুৱা শব্দ ‘গড়িয়া’ নামকৰণেৰে স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত গাঁওসমূহত এই খিলঞ্জীয়া লোকসকলক অন্যান্য জনগোষ্ঠীৰ লগত সংস্থাপিত কৰোতেও নিশ্চয় তেওঁলোকৰ সেই সময়ৰ তথা অতীতৰ অসমৰ প্ৰতি থকা সততা, নিষ্ঠা, একাগ্ৰতা তথা স্বৰ্গদেউসকলৰ প্ৰতি থকা বিশ্বাসযোগ্যতা ইত্যাদি গুণসমূহৰ বিচাৰ কৰা হৈছিল। পিছে সুমন্ত চলিহাদেৱেও ‘আধুনিক অসমীয়া শব্দকোষ’ত গড়িয়া নামটোৱে অসমৰ পুৰণি মুছলমানক সূচাইছে বুলি উল্লেখ কৰা এই লোকসকল আজি সুৰক্ষিতনে? এই জনগোষ্ঠীৰ বংশধৰসকলৰ অসমত স্থিতি ক’ত? তেওঁলোকৰ অস্তিত্বই বা ক’ত? তেওঁলোক সকলো ক্ষেত্ৰতে পিছপৰা। সংৰক্ষণৰ অভাৱত অতীতৰ গুণ-গৰিমা থকা দেশপ্ৰেমিক এই জনগোষ্ঠীটো কালৰ গতিত হেৰাই যোৱাৰ উপক্ৰম হৈছে। আমি বিচাৰো এই জনগোষ্ঠীৰ লোকসকলক সেই তাহানিতে মোমাই তামুলী বৰবৰুৱাই কৰাৰ দৰে পুনৰ চৰকাৰীভাৱে লোকপিয়লৰ যোগেদি আছুতীয়াকৈ চিনাক্তকৰণ কৰি সংস্থাপিত কৰক আৰু পিছপৰা শ্ৰেণীৰ জনগোষ্ঠীসমূহৰ দৰে সংবিধানপ্ৰদত্ত অনুসূচিত অন্তৰ্ভুক্ত কৰি সংৰক্ষণৰ সা-সুবিধাসমূহ দি তেওঁলোকৰ প্ৰতি উচিত বিচাৰ কৰক আৰু তেতিয়াহে তেওঁলোকৰ অসমৰ প্ৰতি থকা অৱদানসমূহৰো স্বীকৃতি প্ৰদান কৰা হ’ব। অসমৰ অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসকলে সমগ্ৰ অসমৰে ভাৰসাম্য ৰক্ষা কৰা আধাৰস্বৰূপ গড়িয়াসকল সমন্বিতে খিলঞ্জীয়া মুছলমানৰ অন্তৰ্গত আন জনগোষ্ঠীৰ সন্মিলিত এই শক্তিসমূহক বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াই থাকিব লাগিব। তেতিয়াহে খিলঞ্জীয়া মুছলমানৰ বিভিন্ন জনগোষ্ঠীসমূহৰ লগতে অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰো সামাজিকভাৱে মংগল হ’ব। নহ’লে বিদেশী আৰু বহিৰাগতৰ আগ্ৰাসনত বৃহত্তৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ নিগমে মৰিব লাগিব। পুনৰ কৈছো যদিও বা খিলঞ্জীয়া তথা অসমীয়া বুলি পৰিচয়হে গড়িয়াসকলৰ প্ৰকৃত চিনাকি, ইছলাম তেওঁলোকৰ এটা ধৰ্মীয় বিশ্বাস, দুখৰ বিষয় আজি কিন্তু ‘গড়িয়া’সকলৰ নামটোৱেই অৰ্থ বহন কৰাৰ দৰে অসমত প্ৰকৃততে চৰকাৰীভাৱে অৱহেলিত এক জনগোষ্ঠী হিচাপেহে পৰিচিত হৈছে, অন্য অৰ্থত অবাঞ্ছিত এক জনগোষ্ঠীলৈ পৰ্যৱসিত হৈছে বুলি ক’ব পাৰি। সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত সিঁচৰতি হৈ থকা এই জনগোষ্ঠীটোৰ আজি ৰাজনৈতিকভাৱে কোনো গুৰুত্বই নাই, সেয়েহে অনতিপলমে উচ্চ সদন বা বিধান পৰিষদ গঠন কৰি এই জনগোষ্ঠীটোৰ প্ৰতিনিধি চৰকাৰত অংশ গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ অভাৱ-অভিযোগসমূহ যথাস্থানত উত্থাপন কৰাৰ লগতে সমাধান কৰাৰ বাট প্ৰশস্ত কৰিব পাৰিলেহে তেওঁলোক আংশিকভাৱে হ’লেও লাভৱান হ’ব। লগতে গড়িয়া বসতি থকা অঞ্চলত গাঁও পঞ্চায়ত পৰ্যায়ৰপৰা বিধানসভালৈকে তথা ৰাজ্যসভাৰ সদস্য পদ উপযুক্ত খিলঞ্জীয়া গড়িয়াৰ লোকক দিব পাৰিলেহে এই জনগোষ্ঠীটোৰ অস্তিত্ব বজাই ৰখাত সহায়ক হ’ব।

উল্লেখ কৰা হয়তো নিষ্প্ৰয়োজন, তথাপিও কওঁ এই গড়িয়া জনগোষ্ঠীৰ পূৰ্বপুৰুষৰ একাংশ লোক আছিল তুৰ্কী, মোগল, পাঠান, আফগান, শ্বেখ, চৈয়দ ইত্যাদি। তেওঁলোকৰ ভিতৰত কোনোৱে ধৰ্ম প্ৰচাৰৰ বাবে কোনোবাই বিভিন্ন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ বাবে, কোনোবাই আকৌ যুদ্ধবন্দী হিচাপে নাইবা অন্যান্য বিভিন্ন কাৰণত অসমলৈ আহি অসমক ভাল পাই উভতি নগৈ ইয়াতে থাকি গৈছিল। এনেদৰে বিভিন্ন ক্ষেত্ৰত অহা লোকসকলৰ লগত স্থানীয় মানুহৰ সংমিশ্ৰণৰ যোগেদি সৃষ্টি হোৱা এই গড়িয়া জনগোষ্ঠীৰ (ইয়াত আমি স্থানীয়ভাৱে ধৰ্মান্তৰিত হৈ মুছলমান হোৱা গড়িয়াসকলৰ কথা কোৱা নাই) পূৰ্বপুৰুষৰ বসতিস্থল সেই দেশসমূহৰ লগত থকা সম্পৰ্ক উন্মোচন কৰিব পাৰিলে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিশ্চয় অসমে কিছু হ’লেও প্ৰভাৱ পেলাব পাৰিব বুলি আশা কৰো। পূৰ্বপুৰুষসকলৰ অঙহী-বঙহী ভাৰতৰো বিভিন্ন প্ৰদেশত বৰ্তমানো আছে। এয়া গৱেষণাৰ বিষয়, গতিকে গৱেষকসকলক ইয়াৰ ওপৰত আলোচনা কৰিবলৈ অনুৰোধ কৰিলো। আমাৰ কথা হ’ল যে সংশ্লিষ্ট সেই দেশসমূহৰ বৰ্তমানৰ প্ৰজন্মসকলে বা ভাৰতৰ বিভিন্ন প্ৰদেশত থকা তেওঁলোকৰ বংশধৰসকলেও জনা দৰকাৰ যে তেওঁলোকৰ পিতৃপুৰুষসকলৰ একাংশই অসমলৈ অহাৰ পাছত তেওঁলোকৰ সান্নিধ্যত অসমত এনেকুৱা এটা জনগোষ্ঠীৰ বহু শ বছৰ আগতে সৃষ্টি হৈছিল, যাৰ গড়িয়া নামেৰে অভিহিত কৰা হৈছিল, যিয়ে অসমক প্ৰাণতকৈও আপোন বুলি ভাবে, কাৰণ তেওঁলোকৰ পূৰ্বপুৰুষসকলেও এই আদৰ্শকে বহুবাৰ প্ৰমাণ কৰি থৈ গৈছে। উক্ত দেশসমূহৰ প্ৰজন্মসকলে তেওঁলোকৰ অসমলৈ অহা পূৰ্বপুৰুষসকলৰ বিষয়ে এই কাৰণেও জানিব লাগে যাতে তেওঁলোকৰ পিতৃপুৰুষসকলে এসময়ত অসমলৈ আহি কেনেকৈ হাডে়-হিমজুৱে অসমীয়া হৈছিল আৰু ‘যি দেশত থাকিবা তাক নিজৰ বুলি ভাবি সৰ্বস্ব ত্যাগ কৰিবলৈ কুণ্ঠিত নহ’বা’, ইছলাম ধৰ্মৰ এই বাণী সাৰোগত কৰি তাক আখৰে আখৰে পালন কৰিবলৈ কুণ্ঠিত নহৈছিল।

শেষত সুদূৰ বাগদাদৰপৰা আহি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰা আজানপীৰ চাহাবৰ এফাকি পদেৰে সামৰিব লৈছো। যাৰ গ্ৰহণযোগ্যতা কেৱল মাত্ৰ ইছলামধৰ্মী লোকসকলৰ মাজতেই নহয় সমগ্ৰ অসমীয়া জাতিৰ মাজতেই ই বহুল প্ৰচাৰিত আৰু সমাদৃত।

“মোৰ মনত ভেদ-ভাব নাই অ’ আল্লা।

মোৰ মনত ভিন পৰ নাই অ’ আল্লা,

হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান

মোৰ মনত একেটি ভাব।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমত গড়িয়া জনগোষ্ঠী
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
September 14, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
The Debt Machine: How Your Future Became the World’s Most Profitable Product

The Debt Machine: How Your Future Became the World’s Most Profitable Product

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

September 12, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

September 10, 2026
Why Are 87 Million Indian Youth Not Working, Studying or Training?

Why Are 87 Million Indian Youth Not Working, Studying or Training?

September 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d