• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAM

অসমত প্ৰকৃতিৰ নৰসংহাৰ

ASSAMESE SECTION / Assam

by DEBASHIS GOSWAMI
July 26, 2026
in ASSAM, Climate Change
Reading Time: 3 mins read
0
অসমত বানৰ অকল্পনীয় ধ্বংসলীলা
Share on FacebookShare on TwitterShare on LinkedIn

অসমত প্ৰকৃতিৰ নৰসংহাৰ

দেৱাশীষ গোস্বামী

Debashis Goswami
দেৱাশীষ গোস্বামী

পানীৰ মাজত থাকিও এটোপাল খোৱাপানীৰ বাবে হাহাকাৰ বানপীড়িত ৰাইজৰ। অসমত পুনৰ প্ৰকৃতিৰ কালৰূপ। এইবাৰ মৌচুমীৰ সংহাৰী ৰূপে সমগ্ৰ ৰাজ্যখনকে প্ৰায় স্তব্ধ কৰি পেলাইছে। বিশেষকৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন আৰু মোককচাং জিলাৰ উপৰিস্ৰোতত হোৱা ধাৰাবাহিক বৃষ্টিপাতৰ ফলত নামি অহা পাহাৰীয়া ঢলে অসমত সৃষ্টি কৰিছে এক ভয়াবহ জলপ্ৰলয়।

প্ৰথমতে ইয়াক ডাৱৰ বিস্ফোৰণৰ নাম দিয়া গৈছিল যদিও IMD(India Meteorological Department)য়ে ইয়াক নাকচ কৰি অতিপাত বৰষুণ হিচাপে অভিহিত কৰিছে। উজনী অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু ধেমাজি, লখিমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড় জিলা মধ্য অসমৰ নগাওঁ, হোজাই, মৰিগাঁও, কাৰ্বি আংলং নামনি অসমৰ কামৰূপ, নলবাৰী, বৰপেটা, বজালী, গোৱালপাৰা আদি জিলাসমূহৰ লগতে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰী পৰ্যন্ত এই বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।
অসমত প্ৰকৃতিৰ নৰসংহাৰ

দুৰাৰোগ্য কৃত্ৰিম বান আৰু গুৱাহাটী: ৰাজ্যৰ প্ৰধান বাণিজ্য আৰু প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটীত ধাৰাবাহিক বৰষুণৰ ফলত সৃষ্টি হোৱা তীব্ৰ কৃত্রিম বানে জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত কৰি তুলিছে। এজাক বৰষুণতেই সদাব্যস্ত মহানগৰীৰ জনজীৱন স্থবিৰ হৈ পৰে। মহানগৰীৰ আদাবাৰী, মালিগাঁও, অনিল নগৰ, নবীন নগৰ, চানমাৰি, হাতীগাঁও, ৰূপনগৰ, নাৰেংগী, বশিষ্ঠ, ৰুক্মিণীগাঁও, ছয় মাইল আৰু জোৰাবাটৰ দৰে ব্যস্ত অঞ্চলসমূহ পানীৰ তলত বুৰ গৈছে। ইয়াৰ সমান্তৰালভাৱে কামৰূপ মহানগৰ জিলাৰ একাধিক পাহাৰীয়া অঞ্চলত একাধিক ভূমিস্খলন (Landslide) সংঘটিত হৈ পথ যাতায়াত স্তব্ধ হৈ পৰিছে। কৃত্রিম বানৰ পানী ঘৰে ঘৰে সোমাই পৰাৰ ফলত মহানগৰবাসী খোৱাপানী, বিদ্যুৎ আৰু জৰুৰী প্ৰয়োজনীয় সামগ্ৰীৰ তীব্ৰ অভাৱৰ মুখামুখি হৈছে।

অসমত প্ৰকৃতিৰ নৰসংহাৰ

উজনি অসম, বন্যাৰ্তৰ কিৰিলি: এইবাৰৰ বানৰ আটাইতকৈ ভয়াৱহ আৰু কৰুণ ছবিখন প্ৰত্যক্ষ হৈছে উজনী অসমৰ জিলাসমূহত। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পাহাৰীয়া অঞ্চল মন আৰু মোককচাঙ জিলাত হোৱা অতিপাত বৰষুণৰ বাবে পাহাৰৰ পৰা বিপুল পৰিমাণৰ পানী তললৈ বোৱাই আনে। ইয়াৰ ফলত মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহ, যেনে দিচাং, দিখৌ, ধনশিৰি, বুঢ়ীদিহিং আৰু জাঁজী নদী উফন্দি উঠি বিপদসীমাৰ বহু ওপৰেৰে প্ৰবাহিত হ’বলৈ ধৰে।

এই বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ জিলা। জিলাখনৰ প্ৰায় ৩৩৩ খন গাওঁ, ৩.৯২ লাখতকৈও অধিক লোক পানীৰ কৱলত পৰিছে। নাজিৰা, আমগুৰি আৰু দিচাংমুখৰ শতাধিক গাঁও জলমগ্ন হৈ পৰিছে। একেদৰে চৰাইদেউ জিলাতো ১৫২ খন গাঁও পানীৰ কৱলত লগতে ১.১০ লাখৰো অধিক লোক পানীৰ তাণ্ডৱত ঘৰ-বাৰী এৰিবলৈ বাধ্য হৈছে। এই অঞ্চলসমূহত সাধাৰণতে এনেধৰণৰ আকস্মিক আৰু ব্যাপক বান প্ৰায়ে দেখা নাযায়, যাৰ বাবে স্থানীয় লোকসকলে নিজৰ ধন-সম্পত্তি বা পশুধন ৰক্ষা কৰাৰ কোনো সুযোগ নাপালে।

The Wrath of Nature : Floods of Assam

CLICK THE LINK ABOVE

যোৰহাট জিলাত প্ৰায় ৯৭ হাজাৰ আৰু গোলাঘাটত ২৫ হাজাৰৰো অধিক লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে। নিমাটিঘাটত ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰৰূপে বিস্তীৰ্ণ লোকবসতি আৰু কৃষিভূমি প্লাবিত কৰি পেলাইছে। আনফালে, উত্তৰ পাৰৰ ধেমাজি আৰু লখিমপুৰ জিলাতো ধাৰাবাহিক বৰষুণ আৰু নৈ-উপনৈৰ পানী বৃদ্ধি পোৱাৰ ফলত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।

ক্ষয় ক্ষতি: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) আৰু সংবাদ মাধ্যমৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, এই জলপ্ৰলয়ে ৰাজ্যখনত অনাকাংক্ষিত ক্ষয়-ক্ষতিৰ সৃষ্টি কৰিছে। ঘৰ-দুৱাৰ, সা-সম্পত্তি, খেতি-পথাৰ, পশুধনৰ লগতে বিস্তৰ ক্ষতি হোৱা দেখা গৈছে। পানীৰ স্তৰ ক্ৰমাৎ তললৈ নামি অহাত ৰাস্তা-ঘাট ২-৩ ফুট পৰ্যন্ত পলসে পুতি পেলাইছে, বিভিন্ন ঠাইত মানুহৰ লগতে গৰু, ছাগলী, হাঁহ, গাহৰি আদি নানান পোহনীয়া প্ৰাণীৰ মৃতদেহ পৰিলক্ষিত হৈছে। অসমত সৰ্বমুঠ ৭৭তা ৰাজহ চক্ৰৰ ২১০১খন গাঁও শেহতীয়া বানত প্ৰভাৱিত হৈছে।

মানৱ জীৱনৰ ক্ষয় ক্ষতি: বানৰ তীব্র সোঁতত উটি গৈ আৰু পানীত ডুবি সম্প্ৰতি সমগ্ৰ ৰাজ্যত ৬২ গৰাকীৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু এতিয়াও ৮ জন লোক নিৰুদ্দেশ হৈ আছে। ইয়াৰে সৰ্বাধিক লোকৰ মৃত্যু নিশ্চিত হৈছে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত। বহুসংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে, যাৰ বাবে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে।

image 16

পশুধনৰ ক্ষতি: পানীৰ সোঁত ইমান আকস্মিক আৰু প্ৰবল আছিল যে গাঁৱৰ মানুহে নিজৰ পশুধনক নিৰাপদ স্থানলৈ নিবলৈ সময় নাপালে। শেহতীয়া তথ্য অনুসৰি, প্ৰায় ৫.৯৭ লাখ গৃহপালিত পশু-পক্ষী এই বানৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈছে। হাজাৰ হাজাৰ গৰু, ছাগলী আৰু হাঁহ-কুকুৰা পানীত উটি গৈ মৃত্যুমুখত পৰিছে।

সম্পত্তি, যোগাযোগ আৰু চাহ বাগিচাত ধ্বংসলীলা: ৰাজ্যৰ ১১ খনৰো অধিক জিলাৰ ৯০০ ৰো অধিক গাঁও সম্পূৰ্ণভাৱে জলমগ্ন হৈ আছে। ২৪ হাজাৰ হেক্টৰতকৈও অধিক খেতিমাটি পানীৰ তলত বুৰ যোৱাত কৃষকসকলৰ সপোন ছাই হৈ গৈছে। মথাউৰি, ৰাষ্ট্ৰীয় ঘাইপথ, দলং আৰু ৰেলপথসমূহ ফালি পানী যোৱাৰ ফলত উজনী অসমৰ সৈতে যাতায়াত বিচ্ছিন্ন হৈ পৰিছে আৰু বহু ৰেলৰ চলাচল বাতিল বা পথ সলনি কৰিবলগীয়া হৈছে। নাজিৰা আৰু ইয়াৰ আশে-পাশে থকা একাধিক চাহ বাগিচা জলমগ্ন হৈ পৰাত হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ বাসগৃহ আৰু বাগিচাৰ সম্পত্তি ধ্বংস হৈছে।

উদ্ধাৰ অভিযান: পৰিস্থিতিৰ গম্ভীৰতা অনুধাৱন কৰি ভাৰতীয় সেনাক মোতায়েনৰ জৰিয়তে উদ্ধাৰ কাৰ্য চলোৱা হৈছিল(অপাৰেচন জল ৰাহাত)। ইয়াৰ উপৰিও ভাৰতীয় বায়ুগ্ৰহ সেনা (IAF), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু স্থানীয় প্ৰশাসনে দিন-ৰাতি একাকাৰ কৰি উদ্ধাৰ অভিযান চলাই আছে। পানীৰ মাজত আৱদ্ধ হৈ থকা লোকসকলক নাও আৰু হেলিকপ্টাৰৰ জৰিয়তে স্থানান্তৰ কৰা হৈছে। দুৰ্গম আৰু বিচ্ছিন্ন অঞ্চলসমূহত আবদ্ধ হৈ থকা লোকসকলক খোৱাপানী, চাউল আৰু জৰুৰী ঔষধ যোগান ধৰিবলৈ প্ৰথমবাৰৰ বাবে ড্ৰোন (Drone) প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ৰাজ্যজুৰি মুকলি কৰা শতাধিক সাহায্য শিবিৰত লাখ লাখ লোকে আশ্ৰয় গ্ৰহণ কৰিছে। এতিয়ালৈকে শেহতীয়া তথ্য মতে মুঠ ১৩০৮ সাহাৰ্য্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

Flood 5 1

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজে বানপীড়িত অঞ্চলসমূহ ভ্ৰমণ কৰি, “আমি ভবাতকৈ পৰিস্থিতি অধিক ভয়াবহ” বুলি মন্তব্য প্ৰদান কৰা দেখা গৈছে। লগতে তেওঁ জিলা উপায়ুক্তসকলৰ লগত ভিডিও কলযোগে পৰিস্থিতিৰ বুজ লৈছে। লগতে বহুকেইজন কেবিনেট মন্ত্ৰী আৰু স্থানীয় বিধায়কসকল বানবিদ্ধস্ত অঞ্চলসমূহত আছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নাগালেণ্ডত সাধাৰণতে ১২১% বৰষুণ দৃষ্টিগোচৰ হৈ কিন্তু ১৮-২০ তাৰিখৰ ভিতৰত মোককচাং জিলাত ৪৯৩% আৰু মন জিলাত ১০৮% ইয়াৰ লগতে অসমৰ চৰাইদেও জিলাত সাধাৰণতকৈ ৪৩৬% আৰু শিৱসাগৰ জিলাত ১৩৪% অধিক বৰষুণ পৰিলক্ষিত হৈছিল। সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে কয় যে যদিও বান সাহাৰ্য্য দি থকা হৈছে তথাপিও সেয়া পৰ্যাপ্ত নহয়। গতিকে তেওঁ অসমৰ ৰাইজকও সমান্তৰালভাবে সহায়-সাহাৰ্য্য আগবঢ়াবলৈ আহ্বান জনাইছে।

Mahabahu Climate Logo
Mahabahu Climate Forum

অসমৰ বাবে বানপানী এক বাৰ্ষিক দুৰ্যোগ হ’লেও, এইবাৰ উজনী অসমৰ অপ্ৰাথমিক অঞ্চলসমূহত নাগালেণ্ডৰ অতিবৃষ্টিৰ ফলত হোৱা এই অবৰ্ণনীয় তাণ্ডৱে জলবায়ু পৰিৱৰ্তনৰ লগতে অবাধ বন ধ্বংসৰ ভয়াবহ ৰূপকে উদঙাই দেখুৱাইছে। প্ৰভাৱিত পৰিয়ালসমূহৰ ক্ষিপ্ৰ পুনৰ সংস্থাপন, জৰুৰী স্বাস্থ্যসেৱা যোগান আৰু চুবুৰীয়া পাহাৰীয়া ৰাজ্যসমূহৰ সৈতে আন্তঃৰাজ্যিক সমন্বয়মূলক জল ব্যৱস্থাপনা গঢ়ি তোলাটোৱেই এতিয়া এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ দীৰ্ঘমেয়াদী উপায়।

Mahabahu Mirror Ad

MAHABAHU MIRROR

Debashis Goswami: M.A in journalism and communication / writer/ Media and PR / marketing/ content writing/ journalism/SEO/ social media management / Newspaper Layout designer/ communicator / DTP/ Content Analyzer

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
DEBASHIS GOSWAMI

DEBASHIS GOSWAMI

Related Posts

Understanding the Value Chain of Ecological Restoration
Climate Change

Understanding the Value Chain of Ecological Restoration

by Editor
August 18, 2026
0

Understanding the Value Chain of Ecological Restoration DR. LINA GOGOI & DR. BIDYUT SARANIA Due to continuous population growth and...

Read moreDetails
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d