• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

-গৌতম শৰ্মা

by Anjan Sarma
June 26, 2021
in Special Report
Reading Time: 1 min read
0
অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা
Share on FacebookShare on TwitterShare on LinkedIn

-গৌতম শৰ্মা |

সাম্প্ৰতিক বিশ্বত পৰ্যটন উদ্যোগটোৱে ব্যাপকভাৱে প্ৰসাৰতা লাভ কৰিছে। এইক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছপৰি ৰোৱা নাই। বিভিন্ন কাৰণৰ বশৱৰ্তী হৈ এজন লোক পৰ্যটকৰ শাৰীলৈ উন্নীত হ’ব পাৰে। পৰ্যটকসকলৰ ভ্ৰমণৰ উদ্দেশ্যক কেন্দ্ৰ কৰি আমি ইয়াক বিভিন্ন ভাগত যেনে- সাংস্কৃতিক পৰ্যটন, শিক্ষামূলক পৰ্যটন, চিকিৎসা পৰ্যটন, ক্ৰীয়া পৰ্যটন, হেৰিটেজ পৰ্যটন, এডভেন্সাৰ পৰ্যটন, কৃষি পৰ্যটন, স্বাস্থ্য পৰ্যটন, বন্যপ্ৰাণী পৰ্যটন, পৰিৱেশ পৰ্যটন আদিত বিভক্ত কৰিব পাৰো। উল্লেখযোগ্য যে, পৰ্যটনৰ এই বিশেষ ভাগসমূহৰ ভিতৰত সাম্প্ৰতিক বিশ্বত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু লাভজনক হিচাপে বিবেচিত হোৱা পৰ্যটনবিধ হৈছে পৰিৱেশ পৰ্যটন অৰ্থাৎ ‘ইক’টুৰিজিম’। বৈশিষ্ট্য তথা উদ্দেশ্যগত দিশৰ পৰা এই পৰ্যটনৰ প্ৰয়োজনীয়তা তথা ইতিবাচক ভূমিকা যথেষ্ট আছে। এটা কথা বিশেষভাৱে মনকৰিবলগীয়া যে, পৰ্যটন উদ্যোগৰ বিকাশৰ অন্তৰালত প্ৰকৃতিৰ অৱদানেই প্ৰথম তথা সৰহ। বিভিন্ন অধ্যয়ন আৰু গৱেষণাৰ পৰাও এটা কথা দেখদেখকৈ প্ৰমাণিত হৈছে যে ভৌতিক পৰিৱেশৰ ওপৰত পৰ্যটনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে। এতেকে এইসমূহ দিশৰপৰাও ক’বলৈ গ’লে পৰিৱেশ তথা প্ৰকৃতিৰ অবিহনে পৰ্যটন ক্ষেত্ৰখনৰ অস্তিত্বই কল্পনাহীন।

পৰিৱেশ পৰ্যটন  হৈছে পৰ্যটন ক্ষেত্ৰখনত নকৈ সংযোজিত হোৱা এক পৰ্যটন। এই পৰ্যটনৰ প্ৰধান উপাদান তিনিটা হৈছে পৰিৱেশ-প্ৰকৃতি, পৰ্যটন আৰু স্থানীয় বাসিন্দা। বিশ্ব পৰ্যটন সংস্থাই এই পৰ্যটনৰ সংজ্ঞা এনেদৰে দিছে “Ecotourism is that involves travelling to relatively undistributed natural areas with the specified object to studying admiring and enjoying nature and its wild plants and animals as well as existing cultural aspects found in the area.” আকৌ ১৯৯১ চনত ‘Ecotourism Society’ য়ে সদৰী কৰা তথ্য অনুসৰি “Ecotourism is responsible travel to natural areas that conserves the environment and sustain of well being of local people.” উপৰোক্ত সংজ্ঞাসমূহে এটা কথা স্পষ্ট কৰি দেখুৱাইছে যে, পৰিৱেশৰ ওপৰত একোধৰণেৰে ক্ষতিসাধন তথা প্ৰভাৱ বিস্তাৰ নকৰাকৈ পৰিৱেশৰ লগতে ইয়াৰ স্থানীয় লোকসকলৰো যাতে উন্নতি সাধন হয় তাৰ প্ৰতিও লক্ষ্য ৰাখি প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদেৰে চহকী ঠাইসমূহত পৰ্যটকসকলৰ আগমনৰ যোগেদি যি প্ৰকাৰৰ পৰ্যটন গঢ়ি উঠে সেয়াই হৈছে মূলতঃ ইক’ টুৰিজিম অৰ্থাৎ পৰিৱেশ পৰ্যটন। এই শ্ৰেণীৰ পৰ্যটনত অন্তৰ্ভুক্ত পৰ্যটকসকলৰো মূল উদ্দেশ্য হৈছে পৰিৱেশ-প্ৰকৃতিৰ একো অনিষ্ট নকৰাকৈ বৰঞ্চ এইসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ যোগেদি প্ৰকৃতিৰ ৰূপ-ৰস, সৌন্দৰ্য তথা ইয়াৰ নৈসৰ্গিকতাক উপভোগ কৰা।

পূৰ্বে উল্লেখ কৰি অহা হৈছে যে, পৰিৱেশ পৰ্যটন  হৈছে পৰ্যটনৰ এটি নতুন ভাগ। ১৯৯৭ চনত ‘জৈৱ-বৈচিত্ৰৰ বাৰ্লিন ঘোষণা’ৰ যোগেদি এই পৰ্যটনৰ গুৰুত্ব সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এলানি গুৰুত্বপূৰ্ণ আলোচনা হৈছিল। এই আলোচনাৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি ২০০২ চনটোক ‘আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ পৰ্যটন বৰ্ষ’ (International Ecotourism Year) হিচাপে ঘোষণা কৰা হৈছিল। উল্লেখ্য যে, এই ঘোষণাৰ পাছতেই বিশ্বৰ বিভিন্ন দেশসমূহে পৰিৱেশ পৰ্যটনক নিজ নিজ দেশসমূহত থকা বিভিন্ন ইক’ জনসমূহৰ ক্ষেত্ৰত প্ৰয়োগ কৰি এইসমূহক পৰ্যটনৰ সম্ভাৱনাময় ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছে। পৰিৱেশ পৰ্যটনৰ গুৰুত্বতা উপলব্ধি কৰি ভাৰতেও সমগ্ৰ দেশখনতে সিঁচৰতি হৈ থকা ইক’ জনসমূহক মুঠ ৬ টা ভাগত বিভক্ত কৰিছে; তাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল হৈছে এখন উল্লেখযোগ্য ক্ষেত্ৰ। ইয়াত অন্তৰ্ভুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান ঠাইসমূহ হৈছে গুৱাহাটী, কাজিৰঙা, মাজুলী, তেজপুৰ, শিৱসাগৰ, ভালুকপুং, শ্বিলং, চেৰাপুঞ্জী, ক’হিমা আৰু টাৱাং।

সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমখন হৈছে জৈৱ-বৈচিত্ৰতাৰ ক্ষেত্ৰত অত্যন্ত এক চহকী ক্ষেত্ৰ আৰু বহু স্পৰ্শকাতৰ পৰিৱেশতন্ত্ৰৰ আলয় হিচাপে খ্যাত। ৫ খন ৰাষ্ট্ৰীয় উদ্যান, ১৮ খন অভয়াৰণ্য, ৪৬ খন পক্ষীৰ আবাসভূমি আৰু ৩১২ খন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলেৰে ৰাজ্যখনৰ মুঠ মাটিকালিৰ প্ৰায় ৩৫% সেউজীয়া অৰণ্যভূমিয়ে আগুৰি আছে। এই অৰণ্যভূমিৰ লগতে ইয়াৰ নৈসৰ্গিকতা আৰু জৈৱ-বৈচিত্ৰতাই স্থানীয় আৰু দেশী-বিদেশী পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমীসকলকো সদায় আকৰ্ষণ কৰি আহিছে। অৰ্থাৎ আমাৰ ৰাজ্যখনত ইক’ টুৰিজিম তথা পৰিৱেশ পৰ্যটনৰ প্ৰভাৱ আমি ইতিমধ্যেই লক্ষ্য কৰি আহিছোঁ। কিন্তু আমাৰ চৌপাশে উপলব্ধ এই সম্পদৰাজীলৈ চাই ৰাজ্যখনত পৰিৱেশ পৰ্যটনৰ প্ৰসাৰতা যেনেদৰে হ’ব লাগিছিল তেনেদৰে হোৱা নাই যেন আজি আমাৰ অনুভৱ হৈছে। ইয়াৰ বাবে আমাৰ অজ্ঞতা, উপযুক্ত আঁচনি, প্ৰচাৰ আৰু আন্তঃগাঁথনিৰ অভাৱ, পৰিৱেশ-প্ৰকৃতি সুৰক্ষাৰ প্ৰতি থকা অদায়বদ্ধতাই মূলতে জগৰীয়া। আকৌ বানপানী, ভূমিকম্প, ভূমিস্খলন, বৃষ্টিপাত আদি প্ৰাকৃতিক সমস্যাসমূহৰ লগতে প্ৰকৃতিৰ সন্তুলন ৰক্ষা নকৰাকৈ মানুহে জধেমধে গঢ়ি তোলা কৃত্ৰিম সমস্যাবোৰেও অসমত পৰিৱেশ পৰ্যটনৰ বিকাশৰ প্ৰধান অন্তৰায় হিচাপে চিহ্নিত হৈছে।

কিন্তু যদি আমি এই সমস্যাসমূহক সুপৰিকল্পিতৰূপত সমাধানৰ চেষ্টা কৰোঁ তেন্তে নিশ্চিতভাৱে অসমৰ অৰ্থনীতিত পৰিৱেশ পৰ্যটনে এক সুদূৰপ্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব। পৰিৱেশ পৰ্যটনৰ সম্প্ৰসাৰণে প্ৰকৃতিৰ সন্তুলন তথা ভাৰসাম্যতাক নিয়ন্ত্ৰণ কৰাটো যথেষ্ট সহায় কৰিব। লগতে ই পৰিৱেশকো নিকা আৰু প্ৰদূষণমুক্ত কৰি ৰখোৱাত সহায়ক হ’ব। ইয়াৰ অনুৰূপধৰণে এই পৰ্যটনে স্থানীয় অধিবাসীসকলৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক ইত্যাদি দিশসমূহকো সমৃদ্ধিশালী কৰিব বুলি আশা কৰিব পাৰি। যিহেতু ইক’ টুৰিজিম বা পৰিৱেশ পৰ্যটন হৈছে এনে এক বিশেষ ব্যৱস্থা য’ত পৰ্যটকসকলে পৰিৱেশৰ সৈতে এক ভাৰসাম্য বজাই ৰাখিব, পৰিৱেশক উপভোগ কৰিব আৰু পৰিৱেশৰ অলপো ক্ষতি নকৰাকৈ ইয়াৰ উন্নয়নৰ বাবে জ্ঞান আহৰণ কৰি সংৰক্ষণক লৈও চিন্তা-চৰ্চা কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমপৰ্যটন উদ্যোগ
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 12, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d