• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Climate Change

অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

ASSAMESE SECTION/ Flood

by Anjan Sarma
August 2, 2026
in Climate Change, ASSAM
Reading Time: 6 mins read
0
অসমত বানৰ অকল্পনীয় ধ্বংসলীলা
Share on FacebookShare on TwitterShare on LinkedIn

অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

অঞ্জন শৰ্মা

Anjan Pic
অঞ্জন শৰ্মা

পুৱতি নিশা পানী আছিল মাত্ৰ ছয় ইঞ্চি। ৰাতিপুৱা ১০ বজালৈ সেয়া হৈ পৰিল চাৰি ফুট।

যোৱা ২০ জুলাইৰ পুৱা শিৱসাগৰৰ নৰেন বৰুৱা আৰু তেওঁৰ চুবুৰীয়াৰ বাবে সেয়া আছিল এক ভয়ংকৰ বাস্তৱ। পানীৰ কোনো লেহেমীয়া আগ্ৰাসন নাছিল, নাছিল কোনো আগতীয়া সকিয়নী। ঘৰৰ বয়োজ্যেষ্ঠসকলক নিৰাপদ স্থানলৈ নিবলৈ, পোহনীয়া জীৱ-জন্তু আৰু ভৰালৰ ধানখিনি বচাবলৈ তেওঁলোকৰ হাতত অকণো সময় নাছিল।

১০ বজাৰ ভিতৰতে কেৱল নিজৰ প্ৰাণটো বচাবলৈ ৰাজপথলৈ বুলি সাতুৰিবলৈ বাধ্য হৈছিল গাঁৱৰ মানুহ।

Assam Flood 1

সোঁতে উটুৱাই মৃত্যুৰ ৰাজ্যলৈ লৈ গ’ল একেটা পৰিয়ালৰ চাৰিজনক

এগৰাকী মহিলাই পুত্ৰৰ সৈতে গছ এডালৰ ডালত বহি ৰৈছিল, লোহাৰ জপনাত বহি আছিল অইন এগৰাকী অসহায় মহিলা! এনেকুৱা এক অকল্পনীয় পৰিস্থিতিত, হঠাৎ , অভয়পুৰীয়া গাঁৱত বানৰ কোবাল সোঁতে উটুৱাই মৃত্যুৰ ৰাজ্যলৈ লৈ গ’ল একেটা পৰিয়ালৰ চাৰিজনক – মাতৃ টুটুমণি দুৱৰা, তেওঁৰ জীয়ৰী বিদিশা দুৱৰা, দুই পুত্ৰ বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰাক! কি হৃদয় বিদাৰক! অনেক লোক এতিয়াও সন্ধানহীন। অনেকেই কৰিলে অকালতে মৃত্যুবৰণ!

অসমৰ সন্তান হিচাপে আমি আমাৰ জীৱনকালত বহুবাৰ দেখিছো বানৰ ধ্বংসলীলা, মানুহৰ চকুলো আৰু ৰাজনৈতিক উদাসীনতাৰ অন্তহীন চক্ৰ। কিন্তু এইবাৰ জুলাই মাহত উজনি অসমত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া আমাৰ বাবে কোনো সাধাৰণ বাৰিষাৰ বানপানী নহয়। এইয়া মানৱসৃষ্ট এক ভয়ংকৰ প্ৰলয়, আৰু এনে পৰিস্থিতিত অসমৰ বাবে ভাৰত চৰকাৰৰ তাৎক্ষণিক আৰু অবিভক্ত মনোযোগৰ প্ৰয়োজন। অসমক এতিয়া আকাশী জৰীপৰ প্ৰয়োজন নাই , লাগে এক চিৰস্থায়ী সমাধান।

উজনি অসমত অঘোষিত হাহাকাৰ: মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে, স্থানীয়ভাৱে আৰম্ভ হোৱা এক আকস্মিক বান অসমৰ ৩৫ খন জিলাৰ ভিতৰত ১৬ খন জিলালৈ সম্প্ৰসাৰিত হৈ এক জৰুৰী অৱস্থাত পৰিণত হ’ল। এই ধ্বংসলীলাৰ গতি ইমানেই তীব্ৰ আছিল যে স্থানীয় প্ৰশাসনৰ পৰা আৰম্ভ কৰি নদীৰ পাৰৰ অভিজ্ঞ বাসিন্দালৈকে কোনেও ততকেই ধৰিব নোৱাৰিলে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (ASDMA) চৰকাৰী তথ্যসমূহ ভয়ংকৰ, কিন্তু বাস্তৱৰ ছবিখন তাতোকৈয়ো ভয়ংকৰ আৰু কৰুণ। ৫.৬৪ লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে, ৪৪ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৮৭২ খন গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হৈছে আৰু ২২ জুলাইলৈকে কমেও ৩১ জন লোকে প্ৰাণ হেৰুৱাইছে-ইয়াৰে ২১ জনৰ মৃত্যু হৈছে মাত্ৰ ২৪ ঘণ্টাৰ শোকাবহ সময়ছোৱাত।

Assam flood 2

উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত সৃষ্টি হোৱা এই ধ্বংসলীলাৰ এক ক্ষুদ্ৰ খতিয়ান:

শিৱসাগৰ জিলা: শিৱসাগৰ জিলা হৈছে দুৰ্যোগৰ মূল অভিকেন্দ্ৰ। কেৱল এইখন জিলাতেই ৩.৫৯ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে আৰু এদিনতে ১৩ জনৰ মৃত্যু হৈছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ উপনৈ দিখৌৱে কেৱল বিপদসীমা অতিক্ৰম কৰাই নহয়, ইতিহাসৰ সৰ্বোচ্চ বা সৰ্বাধিক বানৰ স্তৰো অতিক্ৰম কৰি পেলাইছে। চিপাহী গাওঁ, জোলাগাঁও, জয়ানগৰ, গদাধৰ নগৰ, শলগুৰি, কালুগাঁও, সুন্দৰপুৰ, বেতবাৰী, নিমাইজান, ভাধৰা, দগাঁও, কোঁৱৰ গাওঁ, চেঙেলীবাৰী, বেতনিবাম, দুৱৰী গাওঁ, ….. গাঁওৰ পিছত গাওঁ এতিয়া পানীৰ তলত!

Teok Flood

টীয়কৰ জ্যোতি প্রতাপ জ্ঞানমার্গ বিদ্যালয় বানৰ কৱলত

যোৰহাট জিলা: ৮৭,০০০ ৰো অধিক লোকৰ জীৱন বিপন্ন হৈ পৰিছে। ইপিনে ধনশিৰি আৰু বুঢ়ীদিহিং নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। ১৬২ খন গাওঁ এতিয়াও পানীৰ তলত। পানীৰ তলত সোণাৰী গাওঁ, দিচৈকোশ, ৰজতীয়া, খুটিয়া পোতা, টেকেলা গাঁও, ৰংদৈ হাবি গাওঁ, ৰজাহাউলি, পহুমৰা, খঙীয়া, নহতীয়া, কুহুম যোগনীয়া, দুবৰণি পথাৰ, সৰুচৰাই, পৰ্বতীয়া, মালৌখাট, মালৌপাম, শেনচোৱা গায়ন গাঁও, গৰিয়া গাঁও, সৰুমইনাপৰীয়া, বাম কুকুৰাচোৱা, বাৰ্যাগাঁও, চিনামৰা চাহবাগিছা, বাম ঢেকীয়াখোৱা, বৰিগাঁও, চেলেং, ঢুলীয়া, ঠেঙালবাৰী, হাতীমূৰীয়া, শেনচোৱা, নাওবৈচা, বলমাপথাৰ, মুদৈজান, ভৰলুৱা, পিৰাকটা, আৰন্ধৰা, লোণপুৰীয়া, লেটেকুজান, বৰহোলা গ্ৰান্ট, ইকৰাণি, বছাগাঁও, বামুণগাঁও, কুঁৱৰী চুক, দফলাটিং, ঠেঙাল গাওঁ, ৰংদৈ, গটঙা, জকাইচুক, দেৰঘৰীয়া,…. কিমান লেখিব গাওঁৰ নাম! সকলো পানীৰ তলত।

চৰাইদেউ জিলা: ৭২,০০০ ৰো অধিক লোক গৃহহীন হৈছে। এন.ডি.আৰ.এফ. (NDRF) আৰু এছ.ডি.আৰ.এফ.-এ (SDRF) প্ৰায় ৭,০০০ আৱদ্ধ লোকক ছাদৰ ওপৰৰ পৰা আৰু জলমগ্ন ঘাইপথৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিবলগীয়া হৈছে।

 বৰ্তমান ৭১ টা আশ্ৰয় শিবিৰত ১২,২৮৪ জন গৃহহীন, নিৰাশ্ৰয় লোকে ভিৰ কৰিছে আৰু ২০২ টা সাহায্য বিতৰণ কেন্দ্ৰই মানুহৰ এই বিশাল দুৰ্দশাৰ মোকাবিলা কৰিবলৈ হাবাথুৰি খাইছে।

“ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) যোৱা কেইদিনমানত অসম আৰু নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ (cloudburst) হোৱাৰ খবৰ অস্বীকাৰ কৰিছে আৰু উজনি অসমত হোৱা ভয়ংকৰ বানপানীৰ কাৰণ এনে চৰম বতৰৰ পৰিঘটনা বুলি কৰা দাবীসমূহ নাকচ কৰিছে। তথাপিও, পূব অসমৰ এই দুৰ্যোগে অঞ্চলটোৰ জলবায়ু-সহনশীল আন্তঃগাঁথনিৰ অভাৱৰ বিষয়টো পুনৰবাৰ পোহৰলৈ আনিছে, যাৰ ভিতৰত দুৰ্বল মথাউৰি আৰু পথসমূহ অন্তৰ্ভুক্ত। ইয়াৰ লগতে বানপানী প্ৰশমনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জলাহভূমি বা আৰ্দ্ৰভূমিৰ ক্ৰমাগত সংকোচনৰ বিষয়টোও চৰ্চালৈ আহিছে। নাগালেণ্ডৰ এজন IMD বিষয়াই ‘দ্য আছাম ট্ৰিবিউন’ক জানিবলৈ দিয়ে যে ১৯ জুলাইত মন জিলাৰ আবয় (Aboi) ARG ষ্টেচনত ১৩৭ মিলিমিটাৰ বৰষুণ ৰেকৰ্ড কৰা হৈছিল — যিটো এই ঋতুত ৰাজ্যখনত এতিয়ালৈকে সৰ্বাধিক বৰষুণ। অৱশ্যে, বিষয়াগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই পৰিঘটনাটোক ডাৱৰ বিস্ফোৰণ বুলি গণ্য কৰিব নোৱাৰি, যাক সাধাৰণতে এঘণ্টাৰ ভিতৰত কমেও ১০০ মিলিমিটাৰ বৰষুণ হোৱা বুলি সংজ্ঞায়িত কৰা হয়। আন সকলো দিনতে নাগালেণ্ডৰ ষ্টেচনসমূহত দৈনিক বৰষুণৰ পৰিমাণ ১০০ মিলিমিটাৰৰ তলত আছিল।” ( The Assam Tribune, 23rd July, 2026)

ছিন্নভিন্ন যাতায়াত ব্যৱস্থা আৰু অৰ্থনীতি: এই বানে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত ব্যৱস্থাক সম্পূৰ্ণৰূপে পংগু কৰি পেলাইছে। যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াক সংযোগ কৰা প্ৰধান ধমনীস্বৰূপ ৰাষ্ট্ৰীয় ঘাইপথ ২০ জুলাইৰ নিশা টিয়কৰ সমীপত পানীৰ তললৈ যায়। ই কেৱল যাত্ৰীসকলৰ বাবেই সমস্যাৰ সৃষ্টি কৰা নাই, বৰঞ্চ  চাহ আৰু তেল উদ্যোগৰ প্ৰাণকেন্দ্ৰলৈ অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনৰ যোগান সম্পূৰ্ণৰূপে বিছিন্ন কৰি পেলাইছে।

ট্ৰাক, বাছ আৰু জৰুৰীকালীন সেৱাৰ বাহনসমূহ কিলোমিটাৰৰ পিছত কিলোমিটাৰ ধৰি আৱদ্ধ হৈ পৰিছে। একে সময়তে, উত্তৰ-পূব সীমান্ত ৰেলৱেই শিমলুগুৰি শাখাত সকলো ৰেলৰ চলাচল বাতিল কৰিবলৈ বাধ্য হৈছে। ৰেলৰ আলি আৰু ষ্টেচনৰ চৌহদ বানপানীৰ তলত সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰিছে।

যেতিয়া একে পৰিস্থিতিত , ৪৮ ঘণ্টাৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথ বিছিন্ন হয় আৰু ৰেলৰ চলাচল বন্ধ হৈ পৰে, তেতিয়া কেৱল মানুহক আৱদ্ধ কৰাই নহয়, বানাক্ৰান্ত লোকসকলক সাহায্য সামগ্ৰী, চিকিৎসা সেৱা আৰু উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় যোগান ব্যৱস্থাৰ পৰাও বঞ্চিত কৰে। সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰা এই অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাবলৈ ভাৰতীয় সেনাই ‘অপাৰেচন জল ৰাহাত’ আৰম্ভ কৰিবলগীয়া হৈছে।

নতুন দিল্লীয়ে বুজিব লাগিব যে আমি এতিয়া আৰু আশীৰ দশকৰ বানপানীৰ সৈতে যুঁজি থকা নাই। কাৰণ এইবাৰৰ দুৰ্যোগৰ মূল কাৰণ বুলি ঠাৱৰ কৰা হৈছে  কিলোমিটাৰৰ পিছত কিলোমিটাৰ জুৰি অৰণ্য ধ্বংস কৰি টকলা কৰা পাহাৰৰ পৰা  মুষলধাৰে নামি অহা পানীৰ ঢল- যি ঢলে শিৱসাগৰ, যোৰহাট, চৰাইদেউ জিলাত এইবাৰ সৃষ্টি কৰিলে নজীৰবিহীন মহাপ্ৰলয় আৰু অসমলৈ বৈ অহা দিচাং, দিখৌ, জাঁজী, দৰিকা, চফ্ৰাই, ভোগদৈ আদি ব্ৰহ্মপুত্ৰৰ উপনদীবোৰৰ জলস্তৰ অস্বাভাৱিকভাৱে আৰু বিপজ্জনকভাৱে বঢ়াই মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে হাজাৰ হাজাৰ গাওঁ, পথ- দলং, কাৰ্যালয়, শিক্ষানুষ্ঠান, বহুত চাহবাগিছা পানীত ডুবাই দিলে!

ইতিমধ্যে কিছুমান বিজ্ঞ ব্যক্তিয়ে অভিমত আগবঢ়োৱা পৰিলক্ষিত হৈছে, তেওঁলোকে সদৰি কৰিছে যে বিগত সময়ছোৱাত অসম আৰু নাগালেণ্ডত হোৱা পাৰিপাৰ্শ্বিক অৱক্ষয়ৰ বাবেই এনে ঘটনা সংঘটিত হৈছে। পাৰ হৈ যোৱা কেইটামান বছৰত নাগালেণ্ডত ধ্বংস হৈছে ৭৯৫ বৰ্গকিলোমিটাৰ অৰণ্য! এখনৰ পিছত অইনখন পাহাৰ টকলা হৈ পৰিছে নাগালেণ্ডত, ফলত পানী ধৰি ৰাখিব পৰা ক্ষমতা নোহোৱা হৈছে নাগালেণ্ডৰ পাহাৰৰ!  

দিখৌ, দিচাং, আৰু ধনশিৰিৰ দৰে নদীসমূহ পাহাৰৰ পৰা নিগৰি অহা। ঋতু পৰিৱৰ্তনৰ লগে লগে এইবোৰ লাহে লাহে ওফন্দি নুঠে। হঠাৎ হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত, এই নদীসমূহ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে এক শান্ত ৰূপৰ পৰা ভয়ংকৰ প্ৰলয়লৈ ৰূপান্তৰিত হয়।

পৰিৱৰ্তিত পৰিস্থিতিত খহি পৰা মথাউৰি: অসমত কিয় ইমান সঘনাই বানপানী হয় তাক বুজিবলৈ হ’লে আমি নদীৰ তলি আৰু আমাৰ ব্যৰ্থ আন্তঃগাঁথনিৰ ফালে চাব লাগিব।

Brahmaputra River and flood of Assam
Brahmaputra River and flood of Assam

ব্ৰহ্মপুত্ৰই হিমালয়ৰ পৰা এক অভাবনীয় পৰিমাণৰ পলস কঢ়িয়াই আনে। এই পলস জমা হোৱাৰ লগে লগে নদীৰ তলিখন ক্ৰমাগতভাৱে ওপৰলৈ উঠি আহে আৰু পানী ধৰি ৰাখিবলৈ ঠাইৰ অভাৱ ঘটে। ইয়াৰ সৈতে যুঁজিবলৈ অসমে প্ৰধানকৈ ১৯৫০-ৰ দশকত নিৰ্মাণ কৰা ৪২৩ টা মথাউৰিৰ ওপৰত নিৰ্ভৰ কৰে।

এয়া স্পষ্ট যে এই মাটিৰ মথাউৰিবোৰ এনে এখন নদী আৰু জলবায়ুৰ বাবে নিৰ্মাণ কৰা হৈছিল যিখন নদী আৰু জলবায়ু বৰ্তমানৰ পৃথিৱীখনত তথা অসমত আৰু নাই। এই জুলাইত যেতিয়া দিখৌ আৰু দিচাং নদীৰ পানী সৰ্বোচ্চ স্তৰৰ ওপৰেৰে বৈ গৈছিল, তেতিয়া এই পুৰণি গাঁথনিবোৰে সেই হেঁচা সহ্য কৰিব নোৱাৰিলে। বিভিন্ন স্থানত মথাউৰি ছিঙাৰ খবৰ পোৱা গৈছে। আটাইতকৈ পৰিতাপৰ কথাটো হ’ল, যেতিয়া এটা মথাউৰি ছিঙে, তেতিয়া ই প্ৰতিৰোধ কৰিবলগীয়া বানতকৈ বহু গুণে ভয়ংকৰ বানৰ সৃষ্টি কৰে, আৰু মথাউৰিৰ পিছফালে নিৰাপদ বুলি ভাবি ঘৰ-বাৰী সজা মানুহবোৰক তিলতিলকৈ মৃত্যুৰ মুখলৈ, যন্ত্ৰণাৰ মুখলৈ ঠেলি দিয়ে।

২০১৬ চনৰ পৰা ২০২৬ চনৰ ভিতৰত বানপানীয়ে আমাৰ প্ৰায় ৫৭.৫৭ লাখ বিঘা কৃষিভূমি ধ্বংস কৰিছে, আৰু নদীৰ খহনীয়াই প্ৰায় ২.৩১ লাখ বিঘা মাটি গ্ৰাস কৰিছে। একেটা দশকত, অসমত বতৰজনিত দুৰ্যোগৰ ফলত ১,৪০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

flood assam 1

আমাৰ নিজৰ খিলঞ্জীয়া জ্ঞান আৰু প্ৰযুক্তিক আওকাণ: প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমাৰ খিলঞ্জীয়া সম্প্ৰদায়সমূহে-যেনে মিচিং আৰু দেউৰীসকলে- অসমৰ বান পৰিস্থিতিৰ পটভূমিত কেনেকৈ জীৱন নিৰ্বাহ কৰি থাকিব লাগে তাক ভালদৰে জানে।

Chang Ghar
চাং ঘৰ

তেওঁলোকৰ ‘চাং ঘৰ’ কেৱল এক সাংস্কৃতিক ঐতিহ্যই নহয়; বৰঞ্চ এয়া সাধাৰণ বানপানীৰ স্তৰৰ ওপৰত পৰিয়াল আৰু খাদ্য সুৰক্ষিত ৰাখিবলৈ প্ৰস্তুত কৰা এক নিৰ্ভুল, বাস্তৱসন্মত অভিযান্ত্ৰিক সমাধান। কৃত্ৰিম উপগ্ৰহৰ ব্যৱহাৰৰ বহু আগতেই এই জনজাতিসমূহে উজনিৰ মাটিৰ পলস আৰু জৈৱিক ইংগিতসমূহ নিৰীক্ষণ কৰি বানপানীৰ প্ৰাবল্যৰ নিখুত পূৰ্বানুমান কৰিব পাৰিছিল।

Mahabahu Climate Logo

Mahabahu Climate Forum

আজি আমাৰ চৰকাৰে উপগ্ৰহ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে, যিয়ে তাত্ত্বিকভাৱে ৩৬ ৰ পৰা ৪৮ ঘণ্টাৰ আগতীয়া সকীয়নি প্ৰদান কৰে। কিন্তু যদি এটা উপগ্ৰহৰ সতৰ্কবাণী সময়মতে এখন দুৰ্গম গাঁৱলৈ নাযায়, তেন্তে তাৰ মূল্য কি? পানী মাত্ৰ এটা পুৱাতে ভৰিৰ গাঁঠিৰ পৰা চাৰি ফুটলৈকে বৃদ্ধি পাইছিল। আমি এই খিলঞ্জীয়া পৰিস্থিতি – পৰিৱেশ সম্পৰ্কীয় জ্ঞান আমাৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰট’কলত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰিবই লাগিব। এয়া কেৱল স্থানীয় লোককথা নহয়, এয়া হৈছে জীৱনদায়িনী তথ্য।

Flood 5 1

নতুন দিল্লীৰ প্ৰতি আমাৰ স্পষ্ট দাবী: ২০১৬ চনৰ পৰা আবণ্টিত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ ৩,৭৯৩.৬০ কোটি টকা আৰু প্ৰশমন পুঁজিৰ ৯৪৮.৪০ কোটি টকাৰ সিংহভাগেই কেৱল দুৰ্যোগৰ পিছত ক্ষতিপূৰণ আৰু চাফাই অভিযানত ব্যয় কৰা হৈছে। 

ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে নিম্নলিখিত পদক্ষেপসমূহ গ্ৰহণ কৰিব লাগিব: 

১. ভূ-পদাৰ্থবিজ্ঞানভিত্তিক পৰীক্ষা: অসমৰ আটাইকেইটা ৪২৩ টা মথাউৰিৰ এক বিস্তৃত আৰু জৰুৰী বিপদাশংকা মূল্যায়ন কৰিব লাগিব। ২০২৬ চনৰ পৰিস্থিতিত যিবোৰ গাঁথনি ব্যৰ্থ হৈছে, সেইবোৰ বাতিল কৰিব লাগিব আৰু সেই স্থানৰ লোকসকলক নিৰাপদ ঠাইত পুনৰ্সংস্থাপন কৰিব লাগিব। 

২. শেষৰজন ব্যক্তিলৈকে আগতীয়া সকীয়নি ব্যৱস্থা: কেন্দ্ৰীভূত উপগ্ৰহৰ পূৰ্বানুমান আৰু দুৰ্বল সংযোগ ব্যৱস্থা থকা জিলা পৰ্যায়ৰ গাঁৱসমূহৰ মাজত থকা ব্যৱধান আঁতৰাব লাগিব।

 ৩. আন্তঃৰাষ্ট্ৰীয় জলবায়ু পুঁজি: ভাৰতে পেৰিছ চুক্তি আৰু গ্ৰীণ ক্লাইমেট ফাণ্ডৰ অধীনত আন্তঃৰাষ্ট্ৰীয় জলবায়ু অভিযোজন পুঁজি সক্ৰিয়ভাৱে সংগ্ৰহ কৰিব লাগিব, যি কেৱল অসমৰ আন্তঃগাঁথনিৰ ক্ষতিপূৰণৰ সলনি তাক জলবায়ু-প্ৰতিৰোধী কৰাত ব্যৱহাৰ কৰিব পৰা যাব।

 ৪. বান-প্ৰতিৰোধী কৃষি: পূব হিমালয়ৰ থলুৱা বান-প্ৰতিৰোধী আৰু দ-পানীৰ ধানৰ জাতৰ উন্নয়নত অসমে ব্যাপক বিনিয়োগ কৰিব লাগিব, যাতে প্ৰতিটো বানপানীৰ বতৰ এক ভয়ংকৰ খাদ্য সংকটলৈ পৰিণত নহয়।

Flood 7

পানী শুকোৱাৰ পিছত…

নৰেন বৰুৱাৰ গাঁৱৰ পৰা এদিন পানী শুকাব। ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ মুকলি হ’ব, আৰু শিমলুগুৰি শাখাত ৰেলৰ চকা আকৌ ঘূৰিব। শিবিৰত আশ্ৰয় লোৱা ১২,২৮৪ জন লোকে নিজৰ ভাঙি যোৱা ঘৰবোৰলৈ উভতি যাব আৰু সেইবোৰ মেৰামতি কৰোতে মাহৰ পিছত মাহ পাৰ হ’ব।

কিন্তু ২১ জুলাইত যি ৩১ জন লোকে প্ৰাণ হেৰুৱালে, তেওঁলোক আৰু কেতিয়াও উভতি নাহে।

Flood Assam 2

নাগালেণ্ডৰ পাহাৰৰ ওপৰত বা অইন কোনো স্থানত পৰৱৰ্তী ‘কাল্পনিক’ মেঘবিস্ফোৰণ হোৱা বুলি হয়তো  পুনৰ শুনা যাব – যাৰদ্বাৰা অৰণ্য ধ্বংস আৰু ৰাজনৈতিক ব্যৰ্থতাক ঢাকিবলৈ প্ৰচেষ্টা চলিব – যেতিয়াই মেঘে অপৰ্যাপ্ত বৰষুণ ঢালিব ।

অসমত আকৌ বানপানী হ’বনে নহয়, সেয়া এতিয়া আৰু প্ৰশ্ন নহয়। ভাৰত চৰকাৰলৈ আমাৰ প্ৰশ্নটো হৈছে: আৰু কিমানটা সঘনাই ঘটা, ক্ৰমৱৰ্ধমান দুৰ্যোগৰ পিছত বাৰম্বাৰ উদ্ধাৰকাৰী নাও পঠিওৱাৰ পৰিৱৰ্তে এক স্থায়ী আৰু গাঁথনিগত বিনিয়োগৰ প্ৰয়োজনীয়তা আপোনালোকে অনুভৱ কৰিব?

Mahabahu Mirror Ad

MAHABAHU MIRROR

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 
Climate Change

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

by Astha Bharadwaj
August 17, 2026
0

Hakama Beel: A Community’s Effort to Protect a Changing Wetland  Astha Bharadwaj There are places that become part of us...

Read moreDetails
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d