অসমত বান
নেকিব আলি শইকীয়া
অসমত বান পৰিস্থিতি ক্ৰমশঃ ভয়ংকৰ হৈ উঠিছে। এই পৰ্যন্ত কমেও ১৪ জন লোকৰ প্ৰাণহানি হোৱা বুলি সংবাদ সূত্ৰৰ পৰা জানিব পৰা গৈছে আৰু ১৪ লাখ লোক বানৰ কৱলত পৰিছে। ক্ষতিগ্ৰস্ত জিলাৰ সংখ্যা বৃদ্ধি হৈ ২৯ খন জিলা হৈ পৰিছে।
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন অথৰিটিৰ প্ৰতিৱেদন অনুসৰি অসমৰ বানৰ প্ৰভাৱ ২৯ খন জিলাত পৰিছে আৰু তাৰে ভিতৰত থকা নগাঁও, হোজাই, কাছাৰ, দৰঙৰ অৱস্থা সবাতোকৈ শোচনীয় হৈ পৰিছে।
নগাঁও জিলাৰ কমেও ৩,৩৬,০০০ লোক বানৰ কৱলত পৰিছে।
কাছাৰ জিলাত ১,৬৬,০০০ লোক, হোজাই জিলাত ১,১১,০০০ লোক, দৰঙ জিলাত অন্ততঃ ৫২,৭০৯ জন লোক বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে। গৃহত্যাগ কৰিবলগীয়া হৈছে লক্ষ লক্ষ মানুহে। ৰেলৰ আলিত আশ্ৰয় লৈছে কমেও ৫০০ পৰিয়ালে।
যোৱা শুক্ৰবাৰে কাছাৰ, লক্ষিমপুৰ, নগাঁওত দুজন শিশুকে ধৰি চাৰিজনৰ মৃত্যু হৈছে।
শনিবাৰে সেই সংখ্যা বৃদ্ধি হৈ ১৪ জন হয়। সাধাৰণ মানুহে ঘৰ- বাৰী ত্যাগ কৰিবলগীয়া পৰিস্থিতি হোৱাৰ সময়তে ৮০০০০ হেক্টৰ মাটিৰ খেতি ক্ষতিগ্ৰস্ত হৈছে। পানীৰ তলত সোমাই গৈছে ২২৫১ খন গাওঁ।
আশ্ৰয় শিৱিৰত আছে প্ৰায় ৭৫০০০ মানুহ।
তাৰোপৰি ২১০০০ ৰ অধিক মানুহক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ অহা হৈছে। যোৱা দুদিনত কেৱল ডিমা হাচাওৰ পৰাই প্ৰায় ২৭০ জন লোকক উদ্ধাৰ কৰি ভাৰতীয় বায়ু সেনাই শিলচৰলৈ লৈ আহিছে।
৩০ জুন, ২০২২ পৰ্যন্ত বদৰপুৰ – লামডিং অথবা বদৰপুৰ – পাথৰখোলাৰ মাজৰ যাৱতীয় ৰেলগাড়ীৰ চলাচল বন্ধ কৰা হৈছে। গতিকে ত্ৰিপুৰাৰ সৈতেও ৩০ জুন পৰ্যন্ত ৰেল যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। আগৰতলা আৰু ধৰ্মনগৰৰ সৈতে কেৱল শিলচৰ আৰু জিৰিবাম পৰ্যন্ত ৰেলপথৰ সংযোগ থাকিব। মুঠতে, ডিমা হাচাওত প্ৰৱল বৰষুণে সৃষ্টি কৰা পৰিস্থিতিয়ে নিউ হাফলঙ ৰেল ষ্টেচনকে ধৰি ৰেল আলিৰ প্ৰায় ২৬ টা অংশত অকল্পনীয় ক্ষতি কৰা হেতুকে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, দক্ষিণ অসমৰ বিস্তীৰ্ণ অংশ অৱৰুদ্ধ হৈ পৰিছে।
21-05-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.