• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

ASSAMESE SECTION / Assam / History

by Anjan Sarma
February 24, 2026
in ASSAMESE SECTION, ASSAM, History
Reading Time: 4 mins read
0
বুৰঞ্জীবোধ
Share on FacebookShare on TwitterShare on LinkedIn

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

Treaty of Yandabo

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন

অঞ্জন শৰ্মা

Anjan Sarma Pic
অঞ্জন শৰ্মা
[ইয়াণ্ডাবু সন্ধিখনৰ অঞ্জন শৰ্মাৰ দ্বাৰা অসমীয়া ভাঙনি ১৯৮০ চনৰ পৰা প্ৰকাশিত ‘মহাবাহু‘ত প্ৰকাশিত হৈছিল আৰু ড° ৰক্তিম ৰঞ্জন শইকীয়াৰ দ্বাৰা প্ৰকাশিত নতুন গৱেষণামূলক গ্ৰন্থ ‘অসম, ব্ৰহ্মদেশ: সম্পৰ্ক, সংঘাত আৰু মান অসম অভিযান’ অনুসৰি এতিয়ালৈ পোৱা তথ্যৰ ভিত্তিত মহাবাহুতেই পোনপ্ৰথমবাৰৰ বাবে ইয়াণ্ডাবু সন্ধিৰ অসমীয়া ভাঙনি অঞ্জন শৰ্মাই কৰিছিল। সেই লেখাটো ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰ পূৰ্ণ হোৱাৰ বাবে পুনৰ প্ৰকাশ কৰা হ’ল ]

আজিৰ পৰা ২০০ বছৰ আগৰ কথা ৷ চন ১৮২৬, তাৰিখ ২৪ ফেব্ৰুৱাৰী ৷ পৰাধীনতাৰ শিকলি পিন্ধি থকা প্ৰত্যেকজন অসমবাসীৰ বাবে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখটো এক গুৰুত্বপূৰ্ণ তথা স্মৰণীয় দিন ৷ কাৰণ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে বৃটিছ আৰু ব্ৰহ্মদেশে ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমদেশক প্ৰদেশ কৰিছিল, লুপ্ত কৰিছিল অসম দেশৰ স্বাধীনতা !

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন
Mogul Empire’s Map

অসমবাসীৰ কোনো ধৰণৰ সমৰ্থন নথকা সেই চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন ‘মহাবাহু’ৰ পাঠক সমাজৰ জ্ঞাতাৰ্থে তলত হুবহু অনুবাদ কৰি দিয়া হ’ল [সন্ধিপত্ৰখন ইংৰাজী ভাষাত লিপিবদ্ধ কৰা হৈছিল]৷

ইয়াণ্ডাবু সন্ধি

মানৰ বিৰুদ্ধে চলোৱা অভিযানত নেতৃত্ব বহন কৰা আৰু সেই সময়ৰ ‘পেগু’ আৰু ‘আভা’ৰ মুখ্য আয়ুক্ত চাৰ্‌ আৰ্কিবেল্ড কেম্পবেল কে, চি, বি, এণ্ড কে, চি, টি, এচ (K, C, B, & K, C, T, S) আৰু ইষ্ট ইণ্ডিয়া কোম্পানী তথা বৃটিছ ৰাজ্যৰ ইৰাৱতী নদীস্থিত নৌ বাহিনীৰ অধিনায়ক আদিয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ আৰু আনহাতে আভা ৰাজ্যৰ নৃপতিৰ হৈ দুজন বিষয়াই শান্তিৰ চুক্তিপত্ৰত স্বাক্ষৰ দান কৰে; ইং ১৮২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৪ তাৰিখে [আৰু আভা ৰাজ্যৰ– এহেজাৰ এশ সাতাশী ১১৮৭ গৌড়মা বছৰৰ চাৰিদিনীয়া চন্দ্ৰৰ অৱস্থানত] ইয়াণ্ডাবু সন্ধি অনুসৰি এই বিষয়াসকলে আভাৰ ৰাজধানীতে পৰস্পৰে ক্ষমতা হস্তান্তৰ কৰে৷

অনুচ্ছেদ– ১

ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আভা ৰাজ্যৰ নৃপতিৰ মাজত চিৰস্থায়ী শান্তি আৰু বন্ধুত্ব থাকিব৷

অনুচ্ছেদ– ২

আভাধিপতিয়ে অসম আৰু ইয়াৰ কতৃৰ্ত্বাধীন অঞ্চল আৰু লগতে সমীপৱৰ্তী ক্ষুদ্ৰ ৰাজ্য কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত থকা সকলো দখলীস্বত্ত্ব এৰি দিব আৰু তদুপৰি এই কেইখন ৰাজ্যৰ শাসন ব্যৱস্থাৰ ওপৰত ভৱিষ্যতে হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব৷ মণিপুৰৰ ক্ষেত্ৰত এনেদৰে বুজাবুজি হ’ল যে যদি গম্ভীৰ সিং স্বদেশলৈ ঘূৰি আহিবলৈ ইচ্ছুক, তেন্তে আভা ৰাজ্যৰ নৃপতিয়ে তেওঁক ৰজা হিচাপে স্বীকৃতি দিব৷

অনুচ্ছেদ– ৩

ভৱিষ্যতে দুয়োটা জাতিৰ মাজত সীমা বিবাদ নহ’বৰ কাৰণে চুক্তি কৰা হ’ল যে পূৰ্বচৰ্ত আভা ৰাজ্যৰ শাসনাধীন আৰাকান, ৰাম্‌ৰী, ছিদুৱা, ছান্দৱেকে ধৰি সমস্ত আৰাকান প্ৰদেশ [যুদ্ধ কালত যিখিনি অঞ্চল বৃটিছৰ অধীনত আছিল]ৰ দখল বৃটিছ চৰকাৰৰ হাতত থাকিব৷ আন্নৌপেক্টামি বা আৰাকান পৰ্বতমালা [আৰাকান ভাষাত ইওমাটুও বা পোখিং গ্লুং নামে প্ৰচলিত] ই এতিয়াৰ পৰা পৰৱৰ্তী কাললৈ দুয়োটা জাতিৰ মাজত সীমা হৈ থাকিব, আৰু এই সীমা সম্পৰ্কত সৃষ্টি হোৱা যিকোনো মতভেদৰ মীমাংসা উভয় চৰকাৰৰ উক্ত কাৰণৰ বাবে নিয়োজিত আয়ুক্তৰ মাজত হ’ব৷ এই ক্ষেত্ৰত দুয়োজন আয়ুক্ত সম-অধিকাৰ সম্পন্ন হ’ব৷

অনুচ্ছেদ– ৪

চালৱীন নৈক সীমা হিচাপে লৈ আভা ৰাজ্যৰ নৃপতিয়ে ইয়েহ, টেভয়, মাৰ্গুই আৰু টেনাছেৰিমকে ধৰি সৰু সৰু দ্বীপ আৰু নিৰ্ভৰশীল ক্ষুদ্ৰ ৰাজ্যসমূহ বৃটিছ চৰকাৰক হস্তান্তৰ কৰে৷ এই সীমা সম্পৰ্কীয় যিকোনো মতভেদ [৩] ৰ শেষত উল্লিখিত নিয়মানুযায়ী মীমাংসা কৰা হ’ব৷

অনুচ্ছেদ– ৫

দুয়োটা জাতিৰ শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত বাৰ্মা চৰকাৰৰ অকপটতাৰ প্ৰমাণ স্বৰূপে আৰু যুদ্ধৰ ক্ষতি পূৰণ হিচাপে বৃটিছ চৰকাৰক এক কোটি টকা দিবলৈ আভা ৰাজ্যৰ নৃপতি মান্তি হয়৷

অনুচ্ছেদ– ৬

যুদ্ধত অংশ গ্ৰহণ কৰাৰ দোষত দোষী সাব্যস্ত কৰি কোনো ব্যক্তিকে [স্বদেশীয়েই হওক বা বিদেশীয়েই হওক] কোনো পক্ষৰে লোকে এতিয়াৰ পৰা অত্যাচাৰ কৰিব নোৱাৰিব৷

অনুচ্ছেদ– ৭

ইতিমধ্যে দুয়োখন দেশৰ মাজত গঢ়ি উঠা শান্তি আৰু সম্প্ৰীতি উন্নত কৰাৰ উদ্দেশ্যে, পঞ্চাশজনলৈ পালি-প্ৰহৰীৰে সৈতে উভয় দেশৰ মন্ত্ৰী পৰ্যায়ৰ প্ৰতিনিধি দল আৰু পক্ষৰ দৰবাৰত অৱস্থান কৰিব; যদি তেওঁলোকে ইচ্ছা কৰে তেন্তে স্থায়ীভাৱে ঘৰ সাজিব বা কিনিবও পাৰিব; এই দুই উচ্ছ ক্ষমতাসম্পন্ন প্ৰতিনিধি শক্তিয়ে উভয় দেশৰ সুবিধাৰ্থে এখন বাণিজ্যিক চুক্তি সম্পাদন কৰিব৷

অনুচ্ছেদ– ৮

যুদ্ধৰ আগৰ, দুয়োটা চৰকাৰৰ মাজত বা দুয়ো দেশৰ প্ৰজাৰ মাজত হোৱা সকলো ৰাজহুৱা বা ব্যক্তিগত ঋণ সম্পৰ্কীয় চুক্তি পাৰস্পৰিক শ্ৰদ্ধা আৰু সদিচ্ছাৰ এনে মনোভাবেৰে স্বীকৃতি দিব আৰু খণ্ডন কৰিব লাগে যেন দুয়োপক্ষৰ মাজত শত্ৰুতা নাছিলেই আৰু কোনো পক্ষই ঋণ সম্পৰ্কীয় চুক্তি সম্পাদন হোৱাৰ পৰা অতিবাহিত হৈ যোৱা সময়খিনিৰ বা যুদ্ধৰ ফলাফলৰ কোনো সুবিধা ল’বলৈ প্ৰয়াস কৰিব নালাগে; আৰু আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত আইন অনুসৰি এইটো প্ৰণিধানযোগ্য যে, সৰ্বশক্তিমান ইংলেণ্ডৰ সম্ৰাটৰ শাসনাধীন ৰাজ্যক্ষেত্ৰৰ ভিতৰত যদি কোনোবা ইংৰাজ নাগৰিকৰ মৃত্যু হয় তেনেহ’লে তেওঁৰ সম্পত্তি হস্তান্তৰিত কৰিব৷ সেই একে ধৰণে, যদি কোনোবা ব্ৰহ্মদেশীয় প্ৰজাৰ বৃটিছ শাসিত অঞ্চলৰ কোনো এঠাইত মৃত্যু হয় তেনেহ’লে তেওঁৰ সম্পত্তি মাননীয় ব্ৰহ্মদেশীয় ৰজাই সৰ্বোচ্ছ ভাৰত চৰকাৰলৈ প্ৰতিনিধিত্ব কৰিবলৈ পঠোৱা মন্ত্ৰী বা কতৃৰ্পক্ষৰ হাতত অৰ্পণ কৰিব৷

অনুচ্ছেদ– ৯

যিদৰে ব্ৰহ্মদেশীয় জাহাজ বা তৰীয়ে বৃটিছ বন্দৰত কোনোধৰণৰ কৰ দিব নালাগে, তেনেদৰে বৃটিছ জাহাজ বা তৰীয়েও ব্ৰহ্মদেশীয় বন্দৰত দিবলগা কৰ আভা ৰাজ্যৰ নৃপতিয়ে উঠাই ল’ব, আকৌ ইউৰোপ বা ভাৰতবাসী বৃটিছ নাগৰিকৰ কোনো জাহাজ বা তৰী ৰেঙ্গুন নদী বা ব্ৰহ্মদেশীয় আন বন্দৰত সোমাই জাহাজৰ পৰা বন্দুক বাৰুদ নমাব নোৱাৰিব আৰু জাহাজৰ ৰাডাৰ [জাহাজৰ গতি নিৰ্দ্ধাৰক]খুলিব নোৱাৰিব, একেদৰে বৃটিছ বন্দৰত ব্ৰহ্মদেশীয় জাহাজৰ ক্ষেত্ৰতো সি প্ৰযোজ্য হ’ব৷

অনুচ্ছেদ– ১০

গত যুদ্ধত বৃটিছ চৰকাৰৰ লগত যুগ্মভাৱে অংশ গ্ৰহণ কৰা শ্যাম দেশৰ ৰজা ও প্ৰজা সমন্বিতে সম্পূৰ্ণভাৱে উপৰিউক্ত চুক্তিৰ অন্তৰ্গত হ’ব৷

অনুচ্ছেদ– ১১

ব্ৰহ্মদেশীয় কতৃৰ্পক্ষৰ যথোপযুক্ত সূত্ৰই এই চুক্তি গ্ৰহণ কৰি বৃটিছ যুদ্ধবন্দী [ইউৰোপীয়, দেশীয় বা আমেৰিকান]ক আৰু অইন বন্দীৰে সৈতে বৃটিছ আয়ুক্তক (British Commissioner) হস্তান্তৰিত কৰিব; আনহাতে বৃটিছ আয়ুক্তয়ো [মাননীয় গৱৰ্নৰ জেনেৰেলে গ্ৰহণ কৰা বুলি ধৰি লৈ] চুক্তিখন গৃহীত কৰি চাৰি মাহ বা সম্ভৱ হ’লে তাৰ আগতে আভা ৰাজ্যৰ নৃপতিলৈ পঠাব আৰু লগতে বংগদেশৰ পৰা আহি পোৱা মাত্ৰেই ব্ৰহ্মদেশীয় বন্দীসকলক তেওঁলোকৰ নিজা চৰকাৰলৈ প্ৰেৰণ কৰিব৷

          Largeen Meonja                   Archibald Campbell

          Woonghee                         T. C. Robertson

          Seal of the Lotoo                 Civil Commissioner

          Shwagum Woon                  HY. D. Chads

          Atawoon                           Captain, Royal Navy

অতিৰিক্ত অনুচ্ছেদ

বৃটিছ আয়ুক্তই শান্তিৰ প্ৰতি তেওঁলোকৰ আন্তৰিক আকাংক্ষা স্পষ্ট কৰি উপৰিউক্ত পঞ্চম অনুচ্ছেদৰ চৰ্তসমূহ অতি সোনকালেই পূৰণ কৰিবলৈ আশা প্ৰকাশ কৰে; আভা ৰাজ্যৰ নৃপতিৰ অসুবিধা আৰু কষ্টৰ কথা মনত ৰাখি উক্ত ধন তলত দিয়া ধৰণে কিস্তি অনুসৰি দিবলৈ অনুমতি দিয়া হয়; যেনে পঁচিশ লাখ টকা বা মুঠ ধনৰ এক-চতুৰ্থাংশ ধন আদায় দিলে [লগতে বাকী অনুচ্ছেদবিলাকৰ চৰ্তসমূহ পূৰণ হ’লে] বৃটিছ সৈন্যবাহিনী ৰেঙ্গুনলৈকে অপসাৰণ কৰা হ’ব৷ সেই তাৰিখৰ পৰা এশ দিনৰ ভিতৰত যদি বাকী ধন সেই ঠাইত আদায় দিয়ে তেন্তে বৃটিছ সৈন্যবাহিনীয়ে সম্ভৱপৰ অতি কম সময়ৰ ভিতৰত আভা ৰাজ্যৰ নৃপতিৰ সাম্ৰাজ্য পৰিত্যাগ কৰিব৷ বাকী ধন দুটা কিস্তিত আজি এই ১৮২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ২৪ তাৰিখৰ পৰা দুবছৰৰ ভিতৰত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ হৈ আভা বা পেগুত থকা কন্‌চালৰ জৰিয়তে দিব লাগিব৷

          Largeen Meonja                   Archibald Campbell

          Woonghee                         T. C. Robertson

          Seal of the Lotoo                 Civil Commissioner

          Shwagum Woon                  HY. D. Chads

          Atawoon                           Captain, Royal Navy

আজি ইং এহেজাৰ আঠশ ছাব্বিশ চনৰ এপ্ৰিল মাহৰ একাদশ দিনত বঙ্গৰ ফ’ৰ্ট উইলিয়ামত পৰিষদৰ গৱৰ্নৰ জেনেৰেলৰ দ্বাৰা গৃহীত৷

Amherst

Combermere

J.H. Harington

W.B. Bayley

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades
Climate Change

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

by Pranamika Bhuyan
August 12, 2026
0

How Prepared Are We, Really? Assam's Climate Promises Meet Its Worst Flood in decades DR. PRANAMIKA BHUYAN In Sonari, ration...

Read moreDetails
International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

International Day of the World’s Indigenous Peoples observed at Tihu College by Mahabahu Climate Forum

August 11, 2026
Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

August 11, 2026
কচু শাকৰ গুণাগুণ

কচু শাকৰ গুণাগুণ

August 10, 2026
বান, পাহাৰ, মানুহ আৰু এক অস্বস্তিকৰ সত্য

বান, পাহাৰ, মানুহ আৰু এক অস্বস্তিকৰ সত্য

August 10, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d