• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Culture

অসমীয়াৰ অগ্রগতি আৰু অসমীয়া আহাৰ

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
September 21, 2023
in Culture, food, Lifestyle
Reading Time: 5 mins read
0
অসমীয়াৰ অগ্রগতি আৰু অসমীয়া আহাৰ
Share on FacebookShare on TwitterShare on LinkedIn

অসমীয়াৰ অগ্রগতি আৰু অসমীয়া আহাৰ

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

(লেখাটোত মোৰ পোনপটীয়া ব্যক্তিগত অভিজ্ঞতা থকা ক্ষেত্রৰ বাহিৰলৈ যাবলৈ প্রয়াস কৰা নাই; গতিকে “অসমীয়া”ৰ আহাৰ বা ৰীতি-নীতিৰ কথা কওঁতে হিন্দু অসমীয়া সকলৰ কথাহে কোৱা হৈছে; মুছলিম, খ্রীষ্টান বা অন্য ধর্ম মনা অসমীয়া সকলৰ কথা কোৱা হোৱা নাই। তাৰ অর্থ এইটো নহয় যে তেওঁলোক অসমীয়া নহয়।)

এটা সময় আছিল, প্রায় সকলো অসমীয়া মানুহে ল’ৰা-ছোৱালীৰ জন্ম-দিনত নামঘৰত শৰাই এখন আগবঢ়াইছিল, চাকি দিছিল, বা ঘৰতে গোঁসাইৰ ওচৰত শৰাই-বন্তি লৈ মূৰ দোঁৱাইছিল। এতিয়া সেই দিন নাই।

তেতিয়া এনেয়ো সন্ধিয়া গাঁৱৰ বা সৰু চহৰ এখনৰ বাটেৰে খোজ কাঢ়ি যাওঁতে ধূপ-ধূনাৰ গোন্ধ পোৱা হৈছিল, ঘৰে ঘৰে প্রার্থনা কৰা শুনা গৈছিল। এতিয়া সেই দিন নাই।

এটা সময় আছিল, ৰাতি ফৰিংফুটা জোনাকত চোতালত বহি ককা-আইতাই সাধু কৈছিল, নাতি-নাতিনীহঁতে শুনিছিল। এতিয়া সেই পৰিবেশেই সাধুকথা হৈ পৰিল।

এতিয়া সন্ধিয়া তেনে বাটেৰে যাওঁতে আপুনি টিভি বা মোবাইলৰ শব্দ শুনিব, তলমূৰকৈ মোবাইলত মগন হৈ থকা ল’ৰা-ছোৱালী, ডেকা-বুঢ়া দেখিব। এতিয়া জন্মদিন বুলিলে মাহ-প্রসাদ নহয়, “অর্ডাৰ” দি অনা কে’ক থাকিব; চাকি-বন্তি জলোৱাৰ সলনি মমবাতি ফু মাৰি নুমুৱা হ’ব। নিশ্চয় এয়া বিশ্বায়নৰ যুগত অসমীয়া জাতিৰ অগ্রগতিৰ চিন।

এই অগ্রগতিয়ে যিদৰে বিভিন্ন “সুবিধা” আনি হাততে দিলে (জন্মদিনত মাহ-প্রসাদৰ বাবে বুট, মগু, কল, নাৰিকল, কুঁহিয়াৰ আদি গোটোৱা, বুট-মগু ধোৱা, তিওৱা, কল নাৰিকল কটা আদি কাম কৰিব নালাগে; কে’ক অর্ডাৰ দিয়ক, কাম শেষ। ছুইগী, জমাট’ৰ সুবিধা আছে যদি এখোজো নোযোৱাকৈও এই কাম কৰিব পাৰি) সেইদৰে বিভিন্ন বস্তু নোহোৱা কৰিলে। এই প্রক্রিয়াত ক্রমাৎ দুষ্প্রাপ্য হৈ অহা এটা বস্তু হ’ল অসমীয়া আহাৰ।

মই কোনো আহাৰ বিশেষজ্ঞ নহয়, “ফুডী” (অর্থাৎ সকলো খাই ফুৰা খকুৱা নেকি বাৰু? টিভিত ওলোৱা একোজন ফুডীক দেখিলে তেনে ভাব হয়। ইমান কেনেকৈ খায়?) নহয়, কিন্তু মই ভাবো যে অসমীয়াই নিজৰ আহাৰ-সংস্কৃতি হেৰুৱাবলগীয়া হ’লে বৰ দুখৰ কথা হ’ব।

নিজৰ পৰম্পৰাগত খাদ্যাভ্যাস—যদি অস্বাস্থ্যকৰ খাদ্যাভাস নহয়—প্রতিটো জাতি, জনগোষ্ঠীৰ গৌৰৱৰ বস্তু। হিমালয়ৰ পাদদেশৰ শ শ কিলোমিটাৰ জোৰা এক বৃহৎ অঞ্চলত সাধাৰণ গঞা মানুহে খোৱা এবিধ সেইজীয়া পাত হ’ল বিচ্ছু বুটী। (হিমাচলত সাধাৰণতে এই পাত বিধক বিচ্ছু বুটী বুলি কয়, অসমীয়াত “নগা চোৰাত”।) চালত লাগিলেই বিছাই ডকাৰ দৰে ডকা এই পাত বিধ অসমত পোৱা যায় যদিও তাক খোৱা নাযায় (গঞা নগা লোকে ইয়াৰ সুস্বাদু ব্যঞ্জন ৰান্ধে)।

মাহ প্রসাদ

পৰম্পৰাগত ভাবে হিমাচলৰ পাহাৰত ভেড়া, ছাগলী পুহি আৰু কিছু পৰিমানে খেতি কৰি জীৱন নির্বাহ কৰা গদ্দী জনগোষ্ঠীৰ এঘৰ মানুহৰ “হ’ম ষ্টেই”ত দুদিন মান থাকোতে তেওঁলোকক কৈ আমি বিচ্ছু বুটী ৰন্ধাই খাইছিলোঁ। আমি বিচ্ছু বুটীৰ বিষয়ে আগ্রহ দেখুৱাত তেওঁলোকে পৰম আনন্দৰে আমাৰ অনুৰোধ ৰক্ষা কৰি কাষৰ পাহাৰৰ পৰা পাত বুটলি আনি ৰান্ধি খুৱাইছিল। লগতে সেই পাত বিধৰ ঔষধি গুণৰ বিষয়েও কৈছিল।

সেই গাঁৱৰ ওচৰৰে নদ্দি নামৰ ঠাইত এদিন হোটেলত থাকোতে আকৌ আমি পুৱাৰ আহাৰৰ সময়ত সুধিলো যে সেই অঞ্চলৰ মানুহে খোৱা ৰ’দ’দেন্দ্রন ফুলৰ চাটনি খাবলৈ পোৱা যাব নেকি। সেই সময়ত ৰ’দ’দেন্দ্রন ফুলি শেষ হৈছে, কাচিৎ এজোপা দুজোপা গছতহে দুই এপাহ ফুল আছিল, কিন্তু হোটেলৰ কর্মচাৰীয়ে আমাৰ অনুৰোধ ৰক্ষা কৰি ৰ’দ’দেন্দ্রন ফুল আনি চাটনি কৰি নিশাৰ আহাৰত পৰিবেশন কৰিছিল।

গাঁৱৰ মানুহ ঘৰত আৰু হোটেলখনত প্রমাণ পাইছিলো যে তেওঁলোক নিজৰ খাদ্য-সংস্কৃতিৰ প্রতি শ্রদ্ধাবান মানুহ।

একেটা কথা বাৰু আমি আজিৰ অসমীয়া মানুহৰ বিষয়ে ক’ব পাৰোনে? আমাৰ পুৰণি গাঁৱলীয়া খাদ্য আমাৰ কিমান প্রিয়? নিজৰ অসমীয়াত্বৰ বিষয়ে সজাগ, সচেতন বুলি কৰা আমাৰ দাবী আমাৰ খাদ্যাভ্যাসৰ ক্ষেত্রত কিমান দূৰ সঁচা?

একোটা জাতি বা জনগোষ্ঠীৰ মানুহে যুগ যুগ ধৰি যি ধৰণে খাদ্য প্রস্তুত কৰে আৰু গ্রহণ কৰে তাৰ পৰাই তেওঁলোকৰ খাদ্য-সংস্কৃতিৰ সৃষ্টি হয়। সাধাৰণতে মানুহে পূর্বৰ পৰা কৰি অহা কাম, মানি অহা ৰীতি-নীতি আদি ভাল বুলিয়েই ভাবে, কিন্তু কেতিয়াবা জ্ঞান-বিজ্ঞানৰ অগ্রগতিৰ লগে লগে কিছুমান ৰীতি-নীতি, আচাৰ ব্যৱহাৰৰ অপকাৰিতা বুজিলৈ সেইবোৰ ত্যাগ কৰে।

খাদ্যাভাষৰ ক্ষেত্রতো এইদৰে সময়ৰ লগে লগে সাল সলনি হয়। অধিক মিঠাতেল দি বেছি দেৰীলৈকে ভাজি “সোৱাদ” কৰা মাছ অসমীয়া আৰু বাঙালী মানুহৰ প্রিয় খাদ্য যদিও, সেই ৰন্ধন প্রকৰণ স্বাস্থ্যৰ বাবে হানি কাৰক বুলি জানি বহুতে তেনেকৈ মাছ খোৱা এৰিছে বা কমাইছে। কিন্তু যিবোৰ অতি উৎকৃষ্ট খাদ্যাভাস, সেইবোৰ এৰি জাবৰ-জোঁথৰ (“সোৱাদ” junk food) খাবলৈ ধৰিলে তেনে মানুহৰ বিষয়ে কি ক’ব?

অসমত আমি বিচ্ছু বুটী বা ৰ’দ’দেন্দ্রন নাখাওঁ, কিন্তু সোৱাদ, পুষ্টি আৰু বৈচিত্রৰ ক্ষেত্রত পুৰণি গাঁৱলীয়া অসমীয়া আহাৰ অতি উৎকৃষ্ট। সম্পূর্ণ উত্তৰ-পূবাঞ্চলৰ খাদ্যৰ বৈচিত্রৰ কথা কৈ শেষ কৰিব নোৱাৰি। সমস্ত উত্তৰ-পূবাঞ্চলৰ কথা নক’লেও, কেৱল অসমীয়া মানুহৰ পুৰণি গাঁৱলীয়া খাদ্যাভ্যাস কম বৈচিত্রপূর্ণ নহয়।

অসমীয়াৰ অগ্রগতি আৰু অসমীয়া আহাৰ
মাটি-কান্দুৰী শাক

ব’হাগ বিহুৰ সময়ত (দিনটো আৰু শাকৰ সংখ্যা ঠাই বিশেষে বেলেগ বেলেগ হয়) যে অনেক বিধ বন শাক খোৱা যায়, এতিয়া বাৰু কিমানে প্রকৃততে কষ্ট কৰি শাক বুটলি খায়? গুৱাহাটীত আৰু কিছুমান চহৰত দুই এজন বেপাৰীয়ে সান-মিহলি শাক আনি নগৰীয়া সকলক বিহু পাতিবলৈ সুবিধা কৰি দিয়ে, কিন্তু বহুতে সেইবোৰ নিকিনে কাৰণ “ক’ত কি শাক আছে খাই মৰিলেহে হ’ব?”

গাঁৱতে বহুতে সেইদিনা শাক বুটলিবলৈ এৰিলে। সময় লাগে ইমানবোৰ শাক বুটলিবলৈ। বহুতে আকৌ সেই সান-মিহলি শাক খাবলৈ বেয়া বুলিয়েই নাখায়। আচলতে তেওঁলোকে সান-মিহলি শাক গোটোৱাৰ প্রকৃত কৌশল নাজানে, শিকিবলৈ যত্ন নকৰে। কিন্তু বুটলিব জানিলে অসমীয়াৰ সেই সানমিহলি শাকৰ অপূর্ব সোৱাদ খোৱাজনৰ জিভাত সদায় লাগি থাকিব।

তেনেই কম বয়সতে মাৰ সৈতে বিহুৰ সান মিহলি শাক বুটলিছিলোঁ। মায়ে শাক ডাল তুলি দেখুৱাই কয়, “চোৱা। এইডাল মাটি কান্দুৰি, এইডাল সৰু মানি মুনি, এইডাল বৰ মানিমুনি, এইডাল পৌণনৌৱা (সংস্কৃতত পুর্ণণৱা), এইডাল লাই জাবৰি….জিভা বেজালি, কেহেঁৰাজ, পাতে গজা, মধু সোলেং, সৰু টেঙেচি, বৰ টেঙেচি, ভেদাই লতা, ভূই আমলখি, ব্রাহ্মী, মহাভৃঙ্গৰাজ, দোৰোণ, ভেদাই লতা, মচন্দৰী, …..”।

কিছুমান ফল আৰু ফুলৰ গছৰ কোমল পাত, কোঁহ সেই শাকৰ সৈতে যোগ হয় : আম, ডালিম, মধুৰী, গোলাপ, জবা, তগৰ, চজিনা, মহানিম, নৰসিংহ….।

অসমীয়াৰ অগ্রগতি আৰু অসমীয়া আহাৰ

গৰু ধুৱাবলৈ ব্যৱহাৰ কৰা চাকৰ পাচলিও ব্যৱহাৰ হয়। কিছুমান বিশেষ শাক বেছিকৈ দি অন্য কিছুমান কমকৈ দিয়া যায়। তিতা, কেঁহা, টেঙা স্বাদৰ শাক, পাছলি কমকৈ দি ভাল স্বাদৰ শাক, পাছলি বেছিকৈ দিয়া যায়। পাছলি নাম-মাত্রহে থাকে, শাকেই বেছি। কোনটো বস্তু কিমান পৰিমাণে দিব লাগে জানিব লাগে। উচিত ধৰণে সান মিহলি কৰি ৰান্ধিলে “খাবাৰ বেলা মুণ্ড নোতোল” অৱস্থা হ’ব, কিন্তু পৰিমাণৰ হিচাব খেলিমেলি কৰিলে অসমীয়া সংস্কৃতিক দোষ দি লাভ নাই।

এতিয়া এনে অৱস্থা হৈছে যে শাকেই চিনি নাপায় অসমীয়াই। গুৱাহাটীৰ শাকৰ বেপাৰীসকলৰ ওচৰত অলপ পৰ ৰ’লেই দেখিব অসমীয়াৰ শাক-জ্ঞানৰ নমুনা। মানিমুনি মুঠিলৈ দেখুৱাই ক’ব, “হেৰা, সেইটো দিয়া চোন, সেইটো—কি শাক কয়, সেইটো?”। বা মাটি-কান্দুৰি মুঠি দেখি ক’ব “এইটো কি শাক হে? মানিমুনি নেকি?” এই অৱস্থা কেৱল গুৱাহাটীতেই নহয়। নৰসিংহ পাতক মচন্দৰী বুলি কোৱা গাঁৱৰ হাটতো দেখিছো।

চেংমৰা, তেলীয়া কচু, নৰা টেঙা চিনি নোপোৱা মানুহৰ কথা নক’লোৱেইবা। মায়ে যে শাক চিনিবলৈ শিকালে, এতিয়া যেনিয়ে যাওঁ শাককে দেখোঁ। ইমান যে বিচিত্র আমাৰ ঠাইখন!

গুৱাহাটীৰ ফুট-পাথৰ কাষত দেখোঁ শুকলতিৰ পুলি লহপহ কৰি বাঢ়িছে; দুদিন পিছত দেখোঁ ধুনীয়া শুকলতিৰ পাত বোৰত কোনোৱে পিকাই চাব নোৱৰা কৰি থৈছে; বাটৰ কাষৰ নলাৰ বোকা সোপা পৌৰ নিগমৰ কর্মীয়ে উলিয়াইথৈ নিবলৈ পাহৰিলে দুই এদিনতে তাত বিভিন্ন শাক গজিবলৈ ধৰে; গাড়ীৰে কিছু দূৰলৈ গ’লে য’তে ৰওঁ তাতে কিবা নহয় কিবা শাক গজি থকা দেখোঁ..…সঁচাই বৰ বিচিত্র ঠাইৰ বিচিত্র নিবাসী আমি।

অসমীয়াৰ অগ্রগতি আৰু অসমীয়া আহাৰ

অসমীয়া মানুহে আহাৰ নবনায়, ৰান্ধে। আমি ঘৰ সাজোঁ, সা-সজুলি সাজোঁ বা বনাওঁ, কিন্তু আহাৰ ৰান্ধোঁ। পিছে সেই বিশ্ব-বিখ্যাত জন্মদিনৰ কে’কটো সঁচাকৈ বনায়। এবাৰ দেখিছিলোঁ তেনেকুৱা কে’ক পোৱা দোকান এখনত ল’ৰা এটাই কে’ক বনাই থকা। চাই থাকোতে মোৰ ভাৱ হৈছিল যে তেওঁ কাঠ মিস্ত্রী আৰু ৰাজ মিস্ত্রীৰ কৌশল প্রয়োগ কৰি কে’কটো বনাইছে।

আগেয়ে সাজু কৰি ৰখা কোমল কিন্তু ইটাৰ দৰে কে’কৰ টুকুৰা কিছুমান কাটি লৈ এটা বিশেষ আকৃতি দিলে — ইটুকুৰাৰ ওপৰত সিটুকুৰা দি (পকা মিস্ত্রীয়ে ইটাৰ ওপৰত ইটা দিয়াৰ দৰে), চকলেত পাউডাৰ আদিৰে কিছুমান টুকুৰাৰ ৰং সলনি কৰিলে (গতিকে ৰঙৰ মিস্ত্রীৰ কৌশলো আছে), ট্যুব এটাৰে আইছিং এসোপা দিলে, ধৰালৈ সেইদিনা আগমন ঘটা ল’ৰা, ছোৱালী, ডেকা, গাভৰু, বুঢ়া বা বুঢ়ীলৈ বুলি জন্মদিনৰ শুভেচ্ছা লিখিলে, আৰু তৈয়াৰ জন্মদিনৰ কে’ক  এখন সৰু “ডিছপ’যেবল” কটাৰীৰে সৈতে এটা ধুনীয়া বাকচত ভৰাই গ্রাহকক দি দিলে।

চিন্তা নকৰিব। অতি গুৰুত্বপূর্ণ ফু মৰা পর্বৰ বাবে প্রয়োজন মমবাটিও লগাই দিয়ে বা তাৰ ব্যৱস্থা কৰি দিয়ে। গোঁসাইৰ ওচৰত প্রসাদ আগ বঢ়ালে যিবোৰ বস্তু দিয়া যায় – বুট, মগু, কল, কুঁহিয়াৰ, ফল-মূল, পায়স – সেই বোৰৰ তুলনাত এই কে’কৰ পুষ্টি গুণ তুলনা কৰি চাওক চোন। পুষ্টি কি আছে এই কে’কত?

ময়দা, চেনি, লেপালেপ আইছিঙৰ পুষ্টি? বেছিকৈ “হেপী বার্থডে’”ৰ জ্বৰত আক্রান্ত সকলে আকৌ আইছিং সোপা গালে মুখে সানিহে তত পায়। (সাধাৰণ ভাবে ঘৰত অ’ভেনত তৈয়াৰ কৰা কে’কটো অৱশ্যে পুষ্টি আৰু সোৱাদ দুয়োটাতে উৎকৃষ্ট হ’ব পাৰে।)

অসমীয়াৰ অগ্রগতি আৰু অসমীয়া আহাৰ

এই সর্বজন সমাদৃত কেক যে কাঠমিস্ত্রী, ৰাজ মিস্ত্রীৰ কৌশল প্রয়োগ কৰি তৈয়াৰ কৰাৰ কথা ক’লোঁ, তাৰ পৰা মনত পৰিল মায়ে বিহুত আৰু কেতিয়াবা এনেয়ে ৰন্ধা “অসমীয়া কে’ক” চেৱা-পিঠালৈ। বহুত বছৰ হ’ল, মা ও নাই, তেনে চেৱা পিঠাও খাবলৈ পোৱা নাই। আনে ৰন্ধা চেৱা পিঠা কেতিয়াবা এদিন খাইছো, কিন্তু মাৰ হাতৰ জুতিটো ক’ত?

এটা চৰুত পানী উতলোৱা হয়, আৰু তাৰ ওপৰত থকা অন্য এটা চৰুলৈ বিশেষ ভাবে কটা কল পতুৱাৰ “চাকনি”ৰ মাজেৰে গৰম বাষ্প গৈ পিঠাগুৰি, গুৰ, তিলৰ তৰপবোৰ লাহে লাহে সিজায়। কিমান সময়ত পিঠাটো ভালদৰে তৈয়াৰ হয় সেইতো জানিব লাগিব।

ভালদ’ৰে তৈয়াৰ হোৱা চেৱা পিঠাটো কে’ক কটা দৰেই কাটি খোৱা যায়। এই অসমীয়া কে’ক আজিৰ মিস্ত্রী-ৰান্ধনিৰ কে’কতকৈ বহুত বেছি গুণ সোৱাদ আৰু পুষ্টিকৰ, কিন্তু বোধকৰো এতিয়া বহুত অসমীয়াৰ বাবে চেৱা পিঠাৰ “চেৱা”টো মাত্র এটা অচিনাকি শব্দ।

শাক, চেৱা পিঠা চিনি নোপোৱা অনেক অসমীয়াই মাছ খাই ভাল পায়, কিন্তু মাছ দুবিধ বুলিয়েই জানে : “লোকেল” আৰু চালানি। এলেং মাছ চাগৈ বহুতে দেখিয়েই পোৱা নাই, কৌৰাং মাছ দেখিছে যদিও চাগৈ চিনি নাপায়। কচ আৰু আৰিৰ পার্থক্য তেওঁলোকে জানে জানো – যিসকলে, খলিহনা, গেদগেদী আৰু কাৱৈৰ পার্থক্য নাজানে বা কান্দুলী, খৰিয়া, চিটলৰ পার্থক্যকে ধৰিবলৈ টান পায়?

অসমীয়াৰ অগ্রগতি আৰু অসমীয়া আহাৰ

গুৱাহাটীত আকৌ গ্রাছ ক্রাপকে পিঠীয়া বুলি বেচাই বেচি আছে, খোৱাই খাই আছে। কাঠ মাছ, কুচিয়া আদিৰে তৈয়াৰ কৰা বিশেষ তৰকাৰী নৰিয়াত পৰি দুর্বল হোৱা মানুহৰ ঔষধ হিচাপে ব্যৱহাৰ হয়, কিন্তু শুনিবলৈ পাইছো যে অসমৰ বাহিৰত অতি অস্বাস্থ্যকৰ, লেতেৰা ঠাইত কাঠ মাছ পুহি অসমৰ বজাৰলৈ পঠাই থকা হৈছে।

কোমল চজিনা পাতেৰে ৰন্ধা ডৰিকণা মাছৰ জোল কেইদিন মান খালেই ইমান বেছি ভিটামিন এ পোৱা যায় যে কুকুৰীকণা ৰোগ ভাল হয়, কিন্তু ডৰিকণা মাছ এতিয়া কিমান পোৱা যায়? অনেক থলুৱা মাছে ইতিমধ্যে আমাৰ অসমৰ পৰা মেলানি মাগিছে। তাৰ ঠাইত আহিছে মূলতে আফ্রিকাৰ জাম্বেছি নিবাসী পিৰানহাৰ দৰে ভয়ানক প্রজাতিৰ মাছ (নতুন, ধুনীয়া নাম লৈ : ৰূপচন্দা!), আৰু ফিছাৰিৰ পৰা বাগৰি গৈ বিল, নদীত স্থানীয় প্রজাতিৰ মাছ নোহোৱা কৰিছে।

বাটৰ কাষত যিদৰে বেমাৰৰ উৎস পার্থেনিয়ামৰ অৰণ্য লহপহকৈ বাঢ়িছে, নতুনকৈ যিদৰে পাম অইলৰ খেতি আৰম্ভ কৰা হৈছে, সেইদৰে আমাৰ জলাশয় সমূহত স্থানীয়ক আঁতৰাই বহিৰাগতসকলে (পিৰানহা, থাইলেণ্ডৰ মাগুৰ, বিগ হেড, কার্প জাতীয় বাহিৰৰ মাছ) সকলে আধিপত্য স্থাপন কৰিছে।

আজি ভালেমান দিন হ’ল, মাছ-মাংস খাবলৈ এৰিলোঁ (এক্কেবাৰে অনা-আসমীয়া কাম!), গতিকে মোৰ মৎস্য পুৰাণ ইমানতে সামৰা ভাল হ’ব। (কাণত ৰামকৃষ্ণ পৰমহংসই এটা বিশেষ প্রসংগত কোৱা এটা কথা বাজি আছে : “তুই মাছ খাবি না; মাছেৰ বাজাৰে যাবি কেন?”)

অসমীয়াৰ অগ্রগতি আৰু অসমীয়া আহাৰ
ৰূপচন্দা (পিৰানহা)

কেৱল এটা ফল—কলৰ—যিমান বিভিন্ন প্রজাতি আমাৰ অসমত আছে, দেখিছেনে ভাৰতৰ অন্য কোনো প্রদেশত? দক্ষিণ ভাৰতৰ কিছুমান ঠাইৰ বাহিৰে আমাৰ উত্তৰ-পূবাঞ্চলৰ দৰে কলৰ বিভিন্ন বিচিত্র প্রজাতি ক’তো নাই। আমাৰ থলুৱা ফলবোৰ আজিকালি বজাৰত পোৱা বৰ টান। গাঁৱৰ বা গুৱাহাটীৰ হাটত কেতিয়াবা কম পৰিমাণে লেটেকু, পনিয়ল, গোলাপী জামু, গৰখীয়া জামু, পানী জামু, পৰামলখি, আদি ওলায়, কিন্তু এই গছ বোৰেই লাহে লাহে নোহোৱা হৈছে।

এটা সময়ত অসমীয়া মানুহৰ ডাঙৰ বাৰী আছিল, আৰু এটা কাঠনিৰ দৰে অংশত বনৰীয়া ফলমূলৰ গছ বহুত আছিল। এতিয়া গাঁৱৰ মানুহৰে বাৰী সীমিত। সৰু সৰু চহৰ একোখনৰ বাটৰ কাষৰ আটাইতকৈ বেছি দামী মাটি খিনি (prime land) এতিয়া কাৰ, বা কাক অসমীয়াই সেই মাটি বিক্রী কৰিছে খবৰ ল’লেই গম পোৱা যাব যে লাহে লাহে অসমৰ ভূমি-পুত্র বুলি নিজৰ চিনাকি দি ভাল পোৱা বহুতেই এতিয়া প্রায় ভূমিহীন।

সকলো জাতিৰে ভাল গুণ থাকে, বেয়া গুণো থাকে। এডৱার্ড গেইটে তেওঁৰ বুৰঞ্জীত যে কৈছে যে আহোমৰ দৰে এটা সাহসী, কর্মঠ জাতিকো তন্দ্রালস ব্রহ্মপুত্র উপত্যকাই (sleepy hollow of the Brahmaputra valley) এলেহুৱা, সোৰোপা কৰি পেলালে। (তেওঁ ব্যৱহাৰ কৰা শব্দটো “decay”, জহি যোৱা, গেলি যোৱা।) ।

সন্দেহ নাই যে আহোম ৰাজত্বৰ শেষৰ ফালে এই অদম্য সাহসী জাতিটোৰ ৰাজত্ব চলাই যাব পৰা শক্তি ক্ষীণ হৈ পৰিছিল, কিন্তু গেইটৰ ভাষাই ঔপনিৱেশিক শাসন-তন্ত্রৰ অহংকাৰ আৰু “শ্বেতাঙ্গ সকলৰ বোজা”ৰ(!) কথাতহে গুৰুত্ব দিছে, কাৰণ তেওঁ লগতে কৈছে যে ইংৰাজ সকলেহে আহি আহোম সকলক, আৰু অসমক বচালে। অসমৰ ত্রাণকর্তা ইংৰাজ! এইটো “সাধু”কে তেওঁলোকে আফ্রিকাতো কয়, এছিয়াতো কয়।

কিন্তু কেতিয়াবা, বিশেষকৈ একোটা অসতর্ক, অসাৱধান মুহুর্ত্তত, মনলৈ ভাব আহে, “গেইটে বাৰু নিজৰ উচ্চাত্মিকাবোধৰ বাবে তেনেকৈ ক’লে…..কিন্তু আমি অসমীয়াবোৰ এলেহুৱা বুলি কেৱল অনা-অসমীয়াইহে বা অ-ভাৰতীয়ইহে কয় নেকি?” ভালেমান বছৰ আগতে এবাৰ এজন বন্ধুৱে কৈছিল যে তেওঁ কিছুদিন ৰেলত কাম কৰিছিল, আৰু দেখিছিল যে অসমীয়া যুৱকক ৰেলত চাকৰি নিদিয়াৰ বাবে কিবা কিবি আন্দোলন হৈ আছিল।

কিন্তু তেওঁ লগতে কৈছিল যে তেওঁ দেখাত অন্তত: টান কাম বোৰ কৰাত (ৰেলৰ ট্রেক্ বহুৱাৰ দৰে কাম) অসমীয়া মানুহ বৰ ভাল নহয়। তেওঁ কোৱা কথাৰ প্রমাণ হিচাপে বন্ধুৱে ধেমালীৰ সুৰত কৈছিল যে এগালমান মানুহে গধুৰ বস্তু এটা বৰ জোৰেৰে ডাঙি কিবা এটা কাম কৰোঁতে যে শ্রমিকসকলে কেতিয়াবা মুখেৰে শব্দ কৰে (“হেইয়া!…হেইচ্ছা!”—এনেদৰে), অসমীয়া শ্রমিকে হেনো সেই শব্দবোৰকে খৰকৈ, শুদ্ধ ছন্দত নকয়, কাম ক’ত হ’ব খৰকৈ?

নাজানো, মোৰ এই অসমীয়া বন্ধুৰ কিবা অসমীয়া-বিদ্বেষ আছিল নে তেওঁ সঁচা কথাকে কৈছিল, কিন্তু এটা কথা ঠিক : নিজৰ অসমীয়াত্বক লৈ গৌৰৱ কৰা অসমীয়াই অকণমান সুবিধা পালেই (বা অকণমান অসুবিধা পালেই) যুগ যুগ ধৰি মানি অহা নিজৰ ৰীতি-নীতি জলাঞ্জলি দিবলৈ কুন্ঠাবোধ নকৰে।

থলুৱা আহাৰ পোৱা হোটেল-ৰেষ্টুৰেন্ট কিছুমান হৈছে, গতিকে তেওঁলোকে চাগৈ কিছু পৰিমানে অসমীয়া আহাৰ জীয়াই ৰাখিব—ৰঙালী বিহু যিদৰে জীয়াই ৰাখিব জেঠ আহাৰলৈকে “ফাংশন” পতা বিহু কমিটী সকলে, টিভিত বিচাৰক সকলৰ সমুখত হোৱা প্রদর্শনবোৰে, গাঁৱৰ ডেকা-বুঢ়াই চোতালত গোৱা হুঁচৰিয়ে নাৰাখে।

অসমীয়াৰ অগ্রগতি আৰু অসমীয়া আহাৰ

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Understanding Visual Culture: Its Evolution and Social Influence
Culture

Understanding Visual Culture: Its Evolution and Social Influence

by Pradakshina Sarmah
July 19, 2026
0

Understanding Visual Culture: Its Evolution and Social Influence PRADAKSHINA SARMAH In an increasingly image-driven world, visual culture plays a crucial...

Read moreDetails
The fountain of youth

The fountain of youth

July 7, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

June 29, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d